-মহাবাহু |
চাও-পাওলো : আমাজন অৰণ্যৰ ৮০% দগ্ধ হৈ গ’ল সাম্প্ৰতিক অগ্নিকাণ্ডত। এতিয়াও জ্বলি আছে আমাজন। ‘জি-৭ সন্মিলন’ৰ মাজতেই ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাক্ৰোঁই এই তথ্য প্ৰকাশ কৰাৰ পিছতেই ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী বৰিচ জনছনে ১ কোটি পাউণ্ড আৰ্থিক সাহায্যৰ বিষয়ে ঘোষণা কৰিছিল। কিন্তু ব্ৰাজিলৰ ৰাষ্ট্ৰপতিয়ে তেনে সাহায্য প্ৰত্যাখ্যান কৰিছে এনেদৰে কৈ যে ‘জি-৭ সন্মিলন’ত ব্ৰাজিলক উপলুঙা কৰা হৈছে।
যি কি নহওক, তিনিসপ্তাহ ধৰি আমাজনৰ জংগলত হোৱা অগ্নিকাণ্ডৰ ফলত বহু লক্ষ প্ৰাণীৰ মৃত্যু হোৱা বুলি আন্তৰ্জাতিক সন্মিলনত আলোচনা কৰা হয়। উল্লেখযোগ্য যে পৃথিৱীৰ হাঁওফাঁও নামেৰে পৰিচিত আমাজনৰ জংগলৰ সিংহভাগ ব্ৰাজিলত থাকিলেও বলিভিয়া, পাৰাগুৱে আৰু পেৰুতো আমাজন জংগলৰ ২০% আছে। সমগ্ৰ বিশ্বৰ ৯০০০ প্ৰজাতিৰ প্ৰাণীৰ বাসভূমি এই আমাজন জংগল। আশ্চৰ্যৰ কথা এয়েই যে ব্ৰাজিলৰ অন্তৰ্গত ৮০% জংগল অগ্নিদগ্ধ হৈছে যদিও অইন তিনিখন দেশত থকা ২০% জংগলত কোনো হানি-বিঘিনি হোৱা নাই। নাছাই প্ৰকাশ কৰা উপগ্ৰহ চিত্ৰতো দেখা গৈছে যে ব্ৰাজিলৰ ভিতৰত থকা আমাজনৰ আধাতকৈও বেছি অংশ নিঃশ্চিহ্ন হৈ পৰিছে। সেই নিঃশ্চিহ্ন অংশৰ বিভিন্ন স্থানত য’তে-ত’তে পৰি আছে অলেখ প্ৰাণীৰ দগ্ধ মৃতদেহ। ইউৰোপীয় ইউনিয়নৰ তৰফৰপৰা বিশ্বৰ বিভিন্ন বনাঞ্চলত দাবানল ৰোধ কৰিবলৈ গুৰুত্বপূৰ্ণ ‘মাৰকোজাৰ’ চুক্তি প্ৰায় চূড়ান্ত হোৱাৰ পথত। ব্ৰাজিলসহ দক্ষিণ আমেৰিকাৰ দেশবোৰৰ সৈতে এনে চুক্তি অত্যন্ত তাৎপৰ্যপূৰ্ণ বুলি আন্তৰ্জাতিক সন্মিলনৰ সভাপতি ডোনাল্ড ট্ৰাম্পে ব্যাখ্যা কৰিছে। তেওঁ কৈছে যে এই চুক্তি সম্পূর্ণ হ’লে ব্ৰাজিলৰ এনে বিপৰ্যয় ৰোধ কৰিব পৰা গ’লহেঁতেন। উল্লেখযোগ্য যে ২০০৩ চনতো আমাজনৰ দক্ষিণ-পূৰ্বাঞ্চলত এনে ধৰণৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল। এইবাৰৰ অগ্নিকাণ্ড ৰোধ কৰিবলৈ ব্ৰাজিলৰ চৰকাৰে কিয় অলপো উদ্যোগ গ্ৰহণ নকৰিলে, তাকে লৈ তীব্ৰ আলোড়ন হৈছে। সেইবাবেই ব্ৰাজিলক প্ৰত্যক্ষভাৱে আক্ৰমণৰ লক্ষ্য কৰি তুলিছে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাক্ৰোঁ আৰু জাৰ্মানীৰ চেঞ্চেলৰ এঞ্জেলা মৰ্কেলে। ‘জি-৭ সন্মিলন’ চলি থাকোতে মাক্ৰোঁই আমাজনৰ অগ্নিকাণ্ডৰ ঘটনাক লৈ অত্যন্ত সৰব হৈ পৰে। আন্তৰ্জাতিক মহলৰ মতে ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ আসোঁৱাহপূৰ্ণ ভূমিনীতিৰ বাবেই ভূ-মাফিয়াই আমাজনৰ জংগল দখল কৰিবলৈ এনে কাৰ্যত লিপ্ত হৈছে। নাছাৰ উপগ্ৰহ-চিত্ৰত দেখা গৈছে যে হাজাৰ হাজাৰ গছৰ গুৰিত কটা হৈছে, ট্ৰেক্টৰ চলাই আমাজনৰ ভিতৰৰ মাটি চহ কৰা হৈছে। এনেবোৰ ছবিয়ে ব্ৰাজিলৰ ৰাষ্ট্ৰপতিক বিভ্ৰাট কৰি তুলিছে। পৰিৱেশবিদ আৰু উদ্ভিদ বিজ্ঞানীসকলেও বিশ্বৰ সৰ্ববৃহৎ বৰ্ষাৰণ্যৰ প্ৰকৃতি ব্যাখ্যা কৰি কৈছে যে আমাজনৰ বৃক্ষ আৰু ভূমিৰ যেনে প্ৰকৃতি—তেনে পটভূমিত অগ্নি এনেদৰে কোনোপধ্যেই বিয়পি পৰিব নোৱাৰে। তাকো তিনি সপ্তাহ ধৰি! কাৰণ সমগ্ৰ বছৰজুৰি হৈ থকা বৰষুণেৰে আমাজন চিৰসেউজ হৈ থাকে। তাৰে মাজতেই জুনৰপৰা ছেপ্টেম্বৰ মাহ পৰ্যন্ত আমাজনৰ পৰিৱেশ কিছু শুকান হ’লেও দাবানল সংঘটিত হ’ব পৰা পৰিস্থিতি কোনোপধ্যেই হ’ব নোৱাৰে। পৃথিৱীক ২০% অক্সিজেন যোগান ধৰা আমাজনৰ এনে অৱস্থা দেখি শিহৰিত হৈ পৰিছে বিশ্বৰ সচেতন মানুহ। লক্ষ লক্ষ প্ৰাণীৰ মৃত্যুৰ বতৰাই, দগ্ধ প্ৰাণীৰ ছবিয়ে কন্দুৱাইছে লক্ষজনক।