-মানস প্রতিম দত্ত |
কাকত-আলোচনীৰ পাতত, বিশেষকৈ গ্রীষ্ম ঋতুৰ সময়ছোৱাত প্রতি বছৰে আলোচনাৰ মজিয়ালৈ অহা বিষয়টোৱেই হ’ল প্রকৃতি। প্রতি বছৰে তাপমাত্রাৰ অত্যাধিক বৃদ্ধিয়ে জলবায়ুক প্রভাৱিত কৰি আহিছে। ইয়াক কেন্দ্র কৰি বিভিন্ন সময়ত বিজ্ঞানী আৰু প্রকৃতিবিদসকলে মানুহক দায়বদ্ধতা সোঁৱৰাইভথাকিবলগীয়া হোৱাটো অতিকৈ লজ্জাজনক কথা। বিগত সময়ছোৱাত চর্চা লাভ কৰা এটি অন্যতম বিষয় হ’ল গণ অৱলুপ্তিৰ ধাৰণাটো। আজিৰ পৰা কেইবছৰমান পূর্বে মাছাচুছেটছ ইনষ্টিটিউট অফ্ টেকন’লজি নামৰ সংস্থাটোৰ বিজ্ঞানীসকলে পৃথিৱীত গণঅৱলুপ্তি হ’ব বুলি অৱগত কৰিছিল । এই গণ অৱলুপ্তিয়ে জীৱকুলক নি:শেষ কৰাৰ লগতে পৃথিৱীৰ বিনন্দীয়া ৰূপ নাশ কৰিব বুলি সন্দেহ প্রকাশ কৰিছিল। সম্প্রতি আমাজন বর্ষাৰণ্যত সংঘটিত অনিবার্পিত বনজুয়ে যেন ইয়াৰেই ইংগিত প্রদান কৰিছে। আমাজন বর্ষাৰণ্যই ব্রাজিলৰ সর্বাধিক অংশ (৫৮.৪%) আৱৰি থকাৰ উপৰিও পেৰু, গিয়ানা,বলভিয়া,কলম্বিয়া, ফ্রান্স গিয়ানা,ভেনিজুৱালা আদি দেশৰো একো একোটা অংশ আৱৰি আছে। পৃথিৱীৰ জীৱকুললৈ আমাজনেই ২০% অক্সিজেন উপহাৰ দিয়াৰ উপৰিও অকলে ৫% কার্বন-ডাই-অক্সাইড গেছ অৱশোষণ কৰি লয়। এনে এক স্থানত অনিবার্পিত বনজুইৰ তাণ্ডৱ দেখি চিন্তিত হৈ পৰিছে বিশ্বৰ চিন্তিত মহল। আমাজনত প্রায় ত্রিশ হাজাৰ গছ-গছনি,পাঁচ শতাধিক সৰীসৃপ আৰু স্তন্যপায়ী প্রাণীৰ উপৰিও বিভিন্ন পোক-পতংগ, মত্স্য প্রজাতিয়ে বসবাস কৰে। আমাজানত আৰম্ভ কৰিব খোজা দ্রুত উদ্যোগীকৰণ , খাৰুৱা তেলৰ সন্ধান আৰু অন্যান্য কাৰণত এই বনজুইক প্রাকৃতিক বুলিব নোৱাৰি। আমাজনৰ বনজুইয়ে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ জনগোষ্ঠীয় লোক-পৰম্পৰাৰ প্রতিও ভাবুকি কঢ়িয়াই আনিছে। এই বনজুইক মানৱসৃষ্ট বুলিব খোজাৰ মূল কাৰণসমূহ বিশ্লেষণ কৰি চালে দেখা যায় যে, পুঁজিবাদৰ পৃষ্ঠপোষক চৰকাৰে আমাজনৰ বহু অংশত খাৰুৱা তেলৰ সন্ধান চলাবলৈ বহুজাতিক কোম্পানীক অনুমতি প্রদান কৰিছিল। যেতিয়াই কোনো দেশত একনায়কত্ববাদী শাসন আৰম্ভ হয়, তেতিয়াই সংকটৰ সন্মুখীন হয় প্রকৃতি। ভাবুকি আহে সমাজ-সভ্যতা-সংস্কৃতিলৈ। বর্ষাৰণ্যৰ এই দুর্যোগৰ সময়ত মাৰ বান্ধি ঠিয় হৈছে বর্ষাৰণ্যৰ জনগোষ্ঠীসকল। তেনে এক জনগোষ্ঠী হ’ল ৱাঅ’ৰানি, হোআঅ’ৰানি নামৰ আমেৰিণ্ডিয়ানচ্ জনগোষ্ঠীটো। এই জনগোষ্ঠীয়ে বনভূমিত খাৰুৱা তেলৰ সন্ধানৰ বাবে বহুজাতিক কোম্পানীক গতাই দিয়াৰ বিৰোধিতা কৰি আদালতৰ দ্বাৰস্থ হয়। সুদীর্ঘ আইনী যুঁজৰ অন্তত জনগোষ্ঠীটো সপক্ষে আদালতে ৰায় প্রদান কৰে। এই ৰায়ৰ কেইদিনমানৰ পাছতেই (আগষ্ট,২০১৯) আমাজনক হঠাৎ বনজুয়েয়আগুৰি ধৰা কার্যক প্রাকৃতিক বুলি গ্রহণ কৰিব পৰা নাই প্রকৃতিপ্রেমী সকলে। ইয়াৰ উপৰিও, এই ক্ষেত্রত জ্বলা জুইত ঘীউ ঢালিছে ব্রাজিলৰ ৰাষ্ট্রপতিয়ে। যি বনজুই নিয়ন্ত্রণত সবাতোকৈ বেছি সক্রিয় ভূমিকা ল’ব লাগিছিল, তেওঁ আজি আমাজনৰ কাষৰীয়া কৃষক শ্রেণীক আমাজনৰ ভূমিক কৃষিক্ষেত্র হীচাপে গ্রহণ কৰিবলৈ উচতনি দিছে। অদ্ভুট যুক্তি দি কৈছে যে পৃথিৱীৰ সুৰক্ষাৰ দায়িত্ব কেৱল ব্রাজিলৰ নহয়। ব্রাজিলক সুৰক্ষা দিব পৰাকৈ অৰণ্যাঞ্চল আজিও আছে, গতিকে অন্যান্য দেশসমূহে ব্রাজিলৰ কথাত মূৰ নঘমাই নিজ দেশৰ প্রাকৃতিক সম্পদৰ সংবর্ধনৰ কথা চিন্তা কৰাহে উচিত। ৰাষ্ট্রপতি জেইৰ ব’লছ’নাৰ’-এ আকৌ কৈছে, “The North American cavarly were the competent ones because they decimated their indigenous people in the ppast and today, they donot have this problem in their country.” ৰাষ্ট্রপতিৰ এনোবোৰ মন্তব্যই সমগ্র বিষয়টোক ৰহস্যঘন কৰি তুলিছে।
আমাজনৰ দৰেই ক্রমান্বয়ে অসমৰ লগতে ভাৰতবর্ষৰ অন্যান্য ৰাজ্যতো বনজ সম্পদৰ প্রতি কৰি অহা নৃশংসতা আমি চকুৰ সন্মুখত দেখি আহিছো। টাইমছ অফ ইণ্ডিয়াৰ এটা প্রতিবেদনত প্রকাশ পোৱা অনুসৰি ভাৰতবর্ষত উন্য়ন আৰু ঔদ্যোগীকৰণৰ নামত প্রতি বছৰে প্রায় শতকৰা ৮০ ভাগ গছ-গছনি ধ্বংস কৰি আহিছে। যোৱা ৩৫ বছৰত ভাৰতবর্ষই ২৩,৭১৬টা প্রকল্পৰ নামত প্রায় সমগ্র হাৰিয়ানা ৰাজ্যসম অৰণ্য হেৰুৱাইছে। উন্নয়ন আৰু ঔদ্যোগীকৰণৰ নামত হোৱা এনে অৱক্ষয় কেতিয়াও মানি ল’ব নোৱাৰি। বহুসময়ত এনেকুৱাও হৈছে যে , চৰকাৰী আঁচনিৰ নামত আৱন্টিত গছ-পুলি ৰোপনৰ বাবে কোনো কাৰণ নোহোৱাকৈ সেই ঠাইৰ অন্য গছ-গছনি কাটি পেলোৱা হৈছে। ইয়াৰ বাদেও, গছপুলি ৰোপনৰ বাবে কেৱল গ্রীষ্ম কালতহে প্রকৃতি প্রেম জাগ্রত হোৱা কাণ্ডটোও ভাবিবলগীয়া।
অসমত পৰিৱেশ সচেতনতা আৰু লোক-জীৱনৰ সৈতে ইয়াৰ সম্পর্ক অতি সুদৃঢ়। এই সম্পর্কে ধাৰণা দিবলৈ গৈ ড০ নৱ কুমাৰ চমুৱাই অসমৰ সেউজ সংৰক্ষণ চেতনা আৰু সাহিত্য নামৰ গ্রন্থখনত লিখিছে- অসমৰ জাতীয় জীৱনত পৰিৱেশ সচেতন গুণ মনকৰিবলগীয়া। অসমৰ প্রায়সমূহ উত্সৱেই প্রকৃতিৰ সৈতে সম্পর্কিত হোৱা বাবে পৰোক্ষভাৱে হ’লেও ই প্রকৃতি সংৰক্ষণ চেতনা বর্তাই ৰাখিছে। এই সম্পর্কে তেওঁ ৰাভা জনগোষ্ঠীৰ উদ্ধৃতি দি লিখিছে, ‘ …অসমৰ ৰাভা জনগোষ্ঠীৰ লোকসকলে বিশেষত: প্রত্যেক পৰিয়ালেই একো একোটা প্রজাতিৰ বন্যপ্রাণীক তেওঁলোকৰ বংশধৰ হিচাপে বিশ্বাস কৰে আৰু সেই প্রজাতিৰ প্রাণী হত্যা বা মাংস ভক্ষণ নকৰে।’ অসমত পৰিৱেশ আন্দোলনৰ প্রথম সু-ফল আছিল চক্রশিলাই অভয়াৰণ্য হিচাপে স্বীকৃতি পোৱাৰ লগতে সোণালী বান্দৰ সংৰক্ষণ প্রক্রিয়াই স্বীকৃতি লাভ কৰাটো। অসমত পৰিৱেশ সচেতনতা বৃদ্ধিৰ বাবে আয়োজন কৰা বিভিন্ন সজাগতা সভা, প্রকৃতি শিবিৰ আদিয়ে বিশেষ ভূমিকা পালন কৰে। অসমৰ প্রকৃতি সুৰক্ষাতো প্রকৃতিপ্রেমী সংগঠনৰ ভূমিকা আৰু কার্যপ্রণালী অতিশয় গুৰুত্বপূর্ণ । অসমৰ পৰিৱেশ সংৰক্ষণ আন্দোলনক গণমুখী কৰাত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰা সংগঠন সমূহৰ ভিতৰত আছাম ভেলী ৱাইল্ড লাইফ চচাইটি, কাজিৰঙা ৱাইল্ড লাইফ চচাইটি, নেচার্চ বেকন, আৰণ্যক প্রাকৃতিক সংঘ, আর্লি বার্ডছ, মেগামিক্স প্রকৃতি সংঘ, নেচার্চ ফষ্টাৰ আদি অন্যতম।
অসমৰ বর্ষাৰণ্য আন্দোনৰ ইতিহাসৰ সংগ্রামী পৃষ্ঠা লুটিয়াই চালে গম পাওঁ যে বর্ষাৰণ্যসমূহত থকা প্রচুৰ পৰিমাণৰ কাঠ, অর্কিড, বনৌষধি , বন্যপ্রাণী আদিৰ পৰা আর্থিক লাভৰ আশাতেই এচামে চলাই আহিছিল ৰমৰমীয়া চোৰাং বেহা। অসমত বর্ষাৰণ্য আন্দোলনত প্রথম নেতৃত্ব প্রদান কৰিছিল নেচার্চ বেকনে। প্রায় দহবছৰযোৰা সংগ্রামৰ ফলশ্রুতিত দিহিং-পাটকায়ে পাইছিল অভয়াৰণ্যৰ স্বীকৃতি। এই সংগ্রামৰ সময়ছোৱাত বহু ৰাজনৈতিক হেঁচা , দুষ্ট চক্রৰ বাধা অতিক্রম কৰিবলগীয়া হৈছিল। ৰেডিঅ’ আৰু কাকতযোগে আৰম্ভ কৰা হৈছিল সজাগতা অভিযান। আয়োজন কৰা হৈছিল বর্ষাৰণ্য বিষয়ক অনুষ্ঠানৰ। লাহে লাহে সজাগ হৈছিল গাঁওবাসী। দাঁতিকাষৰীয়া গাঁওবাসীৰ অকুণ্ঠ সহযোগত এই আন্দোলন হৈ পৰিছিল গণমুখী। নেচার্চ বেকনে ইতিমধ্যে জয়পুৰ-দিৰকআৰু আপাৰ দিহিঙৰ ৫০০ বর্গ কি:মি: অঞ্চলক জয়দিহিং অভয়াৰণ্য হিচাপে স্বীকৃতি দিবলৈ দাবী জনাইছিল যদিও ই আজিকোপতি স্বীকৃতি লাভ কৰা নাই । ইয়াৰ উপৰিও ধেমাজি জিলাৰ জোনাইত অৱস্থিত পবা বর্ষাৰণ্যক অভয়াৰণ্য হিচাপে স্বীকৃতি দিবলৈ জনোৱা দাবীও আজি দাবী হৈয়ে আছে। ইছৰ’ৰ জৰীপ অনুসৰি ১৯৮৮-৮৯ চনত অসমত থকা ২১.৯৮% বনাঞ্চল ধ্বংসৰ কৱলত পৰি ২০০৬ চনত ২১.০২% হৈছিলগৈ। ইয়াৰ উপৰিও বহু সময়ত কৃষি ভূমি চৰকাৰে কর্পৰেট গোষ্ঠীক গতাই দিয়াৰ ফলত উপায়হীন হৈ কৃষকে বনাঞ্চল ধ্বংসৰ দৰে অসাংবিধানিক কাম কৰিবলৈয়ো ভয় নকৰা হৈছে। চাহ-বাগান গঢ়াৰ নামত বন ধ্বংসৰ বাতৰিও বিভিন্ন সময়ত পঢ়িবলৈ পোৱা গৈছে।
বর্ষাৰণ্যসমূহ সুৰক্ষিত কৰি তুলিবলৈ ইয়াক অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়াটো জৰুৰী। কিয়নো এই স্বীকৃতি লাভ নকৰাৰ হেতু বর্ষাৰণ্যসমূহে হেৰুৱায় লগা হৈছে বৃহৎ পৰিমাণৰ অর্কিড, ৰেইন ট্রী আৰু আন্যান্য সমল। সেয়েহে বর্ষাৰণ্যসমূহক অভয়াৰণ্য হিচাপে ঘোষণা কৰিবলৈ কর্তৃপক্ষক বাধ্য কৰিবৰ বাবে জনসাধাৰণ আগবাঢ়ি নাহিলে আমাজনৰ দৰেই সমস্যা অসমতো উদ্ভৱ নহ’ব বুলি ক’ব নোৱাৰি। ইতিমধ্যে বৃহৎ সংখ্যক জলাশয়, আদ্রভূমি, নদীৰ অপমৃত্যু ঘটা আমি চকুৰ আগতেই দেখা পাইছো। খৰাং পৰিস্থিতি আৰু অন্যান্য কাৰণত অসমৰ বনভূমিত দেখাপোৱা বনৌষধিৰ পৰিমাণো হ্রাস পাই আহিছে। গতিকে বর্ষাৰণ্য আৰু অন্যান্য অৰণ্য সুৰক্ষাৰ বাবে আমি একগোট হৈ উলাই অহাৰ উপৰিও ক্ষুদ্র বনাঞ্চল সৃষ্তীৰ কথাও চিন্তা কৰাৰ সময় সমাগত। অন্যথা আমাজনৰ দৰে, ভয়ংকৰ পৰিস্থিতি, তাপমানৰ অত্যাধিক বৃদ্ধিয়ে মানুহক কোঙা কৰি পেলোৱাৰ উপৰিও গণ অৱলুপ্তিৰ দিশেলৈ যে আগবঢ়াই নিব সেয়া ধুৰূপ।