• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, September 15, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

আমাৰ অতীত অতিশয় উজ্জ্বল আৰু গৌৰৱপূৰ্ণ

-কনকলাল বৰুৱা

by Anjan Sarma
June 25, 2021
in Special Report
Reading Time: 1 min read
0
Share on FacebookShare on TwitterShare on LinkedIn

-কনকলাল বৰুৱা |

২০২০ চনৰ জানুৱাৰীত প্ৰকাশ পাব কনকলাল বৰুৱাৰ “Early History of Kamrupa”ৰ  অসমীয়া ভাঙনি “প্ৰাচীন কামৰূপৰ ইতিহাস। কনকলাল বৰুৱাৰ কালজয়ী গ্ৰন্থখন সকলোৱে আত্মানুসন্ধানৰ বাবে তথা আত্মাভিমানী আৰু গৌৰৱোজ্জল সত্বাক আলিঙ্গন কৰাৰ বাবে পাঠ কৰা প্ৰয়োজন।

এইখিনিতে ইতিহাসবিদ পন্ডিত কনকলাল বৰুৱাৰ কেইষাৰমান অত্যন্ত গুৰুত্বপূৰ্ণ বাক্য ডাঙি ধৰিলো- যিবোৰে আজিৰ “কা” বিৰোধিতাক মুক্তকন্ঠে সমৰ্থন কৰে । কনকলাল বৰুৱাই কৈছিলঃ

“……. ইয়াৰ পূৰ্বে মই কৈছো যে আমাৰ জাতীয় আৰু দেশীয় বুৰঞ্জী উদ্ধাৰ কৰা কাৰ্য আমি নকৰিলে কোনে কৰিব? এই কাৰ্যত অসমীয়াৰ কৰ্তব্য পোনপ্ৰথম, তাৰ পিছতহে আনৰ। যি জাতিয়ে এই কৰ্তব্য ভালকৈ সমাধা কৰিব পাৰিছে সেই জাতিয়েহে আজিকালি জগতত সভ্য আৰু শিক্ষিত বোলাব পাৰিছে। এই কৰ্তব্য পালন কৰাত যেয়ে পিছপৰা সেয়ে নিজক প্ৰকৃতপক্ষে সভ্য আৰু শিক্ষিত বোলাব নোৱাৰে। অলপতে গুৱাহাটী চহৰতে বহা গুৱাহাটী বঙ্গীয় সাহিত্য পৰিষদ আৰু প্ৰবাসী বঙালী ছাত্ৰ সন্মিলনীৰ যুটীয়া বৈঠকত কলিকতা বিশ্ববিদ্যালয়ৰ ডক্টৰ নীহাৰৰঞ্জন ৰায়ে কৈ গৈছে যে অসমৰ প্ৰকৃত বুৰঞ্জী সংকলনত বঙালীৰ যথেষ্ট কৰ্তব্য আছে, কাৰথ তেওঁৰ মতে আজিলৈকে অসমত যিবোৰ বুৰঞ্জী লিখা গৈছে সেইবোৰ নিৰ্ভুল নহয়। আৰু অসমৰ ইতিহাস জগতত আমি হেনো সৰহ দূৰ অগ্ৰসৰ হব পৰা নাই। এইখিনিতে মোৰ বক্তব্য এই যে এতিয়ালৈকে আমাৰ পুৰণি ইতিহাসৰ যিবিলাক তথ্য নিৰূপণ কৰা হৈছে তাত কাৰো আসোঁৱাহ থাকিলে তেওঁ আমাৰ জাৰ্ণেলত প্ৰৱন্ধ লিখি সেইবিলাক ভুল শুধৰাবলৈ চেষ্টা কৰিব পাৰে, আৰু যদি আমাৰ জাৰ্ণেলত লিখিবলৈ তেওঁলোকে বেয়া পায় তেন্তে Indian Culture, Indian Historical Quarterly নাইবা I.R.A.S.B.ত লিখিলেও আমি ভাল পাম, কাৰণ আমাৰ উদ্দেশ্য হৈছে ঐতিহাসিক সত্য উদ্ধাৰ কৰা। ডক্টৰ ৰায়ে পন্ডিত বিদ্যাবিনোদৰ খুব সুখ্যাতি কৰি কৈছে যে তেওঁৰ যত্ন আৰু পুৰুষাৰ্থৰ ফলত কামৰূপৰ বুৰঞ্জীৰ যিবিলাক তথ্য ওলাইছে সেইবিলাক অসমীয়া বুৰঞ্জীলৈ বঙালীৰ দান। পন্ডিত বিদ্যাবিনোদক আমি অসমৰ মানুহ বুলি ধৰোঁ আৰু তেওঁ আদিৰেপৰা কামৰূপ অনুসন্ধান সমিতিৰ এজন গুৰিয়াল আৰু আজি পৰ্যন্ত এজন বিশিষ্ট সভ্য। এওঁৰ অনুসন্ধান আমি সমিতিৰ অনুসন্ধানৰে ভিতৰুৱা বুলিহে বিবেচনা কৰোঁ আৰু নতশিৰে দুইহাত আগবঢ়াই গ্ৰহণ কৰিছোঁ। আমাৰ জাৰ্ণেলত যিসকল বঙালী লিখকে লিখি আমাৰ বুৰঞ্জী চহকী কৰিছে তেওঁলোকৰ ওচৰত আমাৰ কৃতজ্ঞতা আমি জনাওঁ। ডক্টৰ ৰায়ক আমি জনাওঁ যে আজি ৪০০ বছৰৰ পূৰ্বে জলপাইগুৰি, ৰংপুৰ, কোচবিহাৰ আৰু পূৰ্ব মৈমনসিংহৰ অধিবাসীবিলাক প্ৰায় ১৫০০ বছৰ কামৰূপী আছিল। সমস্ত উত্তৰ বঙ্গ, মধ্যবঙ্গ প্ৰায় ১৫০০ বছৰ কামৰূপভুক্ত আছিল। সেইবাবে সেই ঠাইৰ বঙালীবিলাকক আমি প্ৰবসুৱা বুলিব নোৱাৰো। তেওঁলোক আদিতে কামৰূপী আছিল বুলিহে আমি দাবী কৰোঁ। আমি জানো যে ৰংপুৰ, মৈমনসিংহ, জলপাইগুৰি আৰু কোচবিহাৰৰ কলিতাবিলাক বঙালী কায়স্থ হোৱা আজি বেছি দিন হোৱা নাই। আজি প্ৰায় ১২০ বছৰৰ আগেয়ে ডক্টৰ বুকাননে এইবিলাক জিলাত বিস্তৰ কলিতা মানুহ দেখিছিল। সেই কলিতাবিলাকৰ তিৰোতাই মেখেলা পিন্ধিছিল আৰু তেওঁলোক তাঁত বোৱাত পটু আছিল। এই ১২০ বছৰৰ ভিতৰতে এই অসমীয়া মানুহবিলাকৰ কোনো চিন-চাব নোহোৱা হ’ল। ই আমাৰ পক্ষে অৱশ্যে বৰ বেজাৰৰ কথা; কিন্তু যিসকলে অসমক বঙ্গদেশৰ ভিতৰত সুমুৱাই বৃহত্তৰ বঙ্গ সৃষ্টি কৰিব খোজে তেওঁলোকৰ পক্ষে বৰ আনন্দৰ কথা হ’ব পাৰে। অসমীয়াৰ স্ব-জাতীয়তাবোধ আৰু স্বাতন্ত্ৰ্যবোধ দেখি ডক্টৰ ৰায়ে বেয়া পাব নালাগে।  আমি স্বতন্ত্ৰ হৈও বঙ্গদেশৰ আৰু অসমৰ বুৰঞ্জী অনুসন্ধান কৰাত সহায় কৰিম, কিন্তু কামৰূপ আৰু অসমৰ পূৰ্বৰ গৌৰৱ আমি পাহৰিব নোৱাৰোঁ। আমাৰ জাতীয় আৰু দেশীয় বুৰঞ্জী চিৰকাল পৰাধীনতাৰ মলিন ছায়াৰ তলত পৰি থকা হ’লে পূৰ্বস্মৃতি মচি পেলাবলৈ কিজানি অলপ-অচৰপ যত্ন কৰিলোঁহেঁতেন; কিন্তু আমাৰ অতীত যে অতিশয় উজ্জ্বল আৰু গৌৰৱপূৰ্ণ, এনে অতীতৰ স্মৃতি কোন সতেৰে পাহৰিম? ভাৰতবৰ্ষীয় জাতীয়তাৰ সোঁতত বুৰ মাৰি নিজৰ স্বতন্ত্ৰতা একেবাৰে হেৰুৱাম?

       “কামৰূপৰ প্ৰান্তৱৰ্তী উত্তৰ বঙ্গ আৰু পূৰ্ব বঙ্গৰ সৈতে কামৰূপৰ ভাষাগত, কৃষ্টিগত আৰু জাতিগত সাদৃশ্য বহুত আছে আৰু থাকিবৰে কথা। কিন্তু সেইবুলি অসমীয়া বা কামৰূপী ভাষা বঙ্গ ভাষাৰ ঠেঙুলি, আৰু অসমীয়া বা কামৰূপী কৃষ্টি বঙালী সভ্যতাৰ নকল আৰু অসমীয়া জাতিৰ ব্ৰাহ্মণ, কায়স্হাদি উচ্চবৰ্গ সকলো বঙ্গদেশৰ পৰা আদিতে অহা, এনে দাবী কৰা অন্যায়। অসমীয়া ‘ডাকপুৰুষ’ বঙালী, অসমীয়া অনন্ত কন্দলী বঙালী, অসমীয়া সুকনান্নী ৰচনা কৰা সুকবি নাৰায়ন বঙালী, অসমীয়া কন্যাৰ বাৰমাহী গীত বঙালী ‘বাৰমাস্যা গীত’ – এনে বুলি দাবী কৰা আৰু অন্যায়। ইফালে আমি দাবী কৰোঁ যে উত্তৰ বঙ্গৰ অধিবাসীবিলাকৰ অধিক ভাগ মূলতে অসমীয়া কলিতা আৰু বাকীবিলাক অসমীয়া কোচ বা ৰাজবংশী, উত্তৰ বঙ্গৰ ভাষা কামৰূপী ভাষাৰে ঠেঙুলি আৰু উত্তৰ বঙ্গৰ সভ্যতাৰ মূল কামৰূপী সভ্যতা – তেনেহ’লে এই দাবী কোনেও ঐতিহাসিক সত্যৰ ওপৰত নিৰ্ভৰ কৰি একেবাৰে দলিয়াই পেলাব নোৱাৰে।……”

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: Early History of Kamrupa
Anjan Sarma

Anjan Sarma

Related Posts

নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…
Health

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

by Sanghamitra Kashyap
September 14, 2026
0

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা সংঘমিত্ৰা কাশ্যপ আমাৰ সমাজখন বিজ্ঞান প্ৰযুক্তি আৰু স্বাস্থ্য সম্বন্ধীয় বহু ক্ষেত্ৰত আজি আগবাঢ়ি গৈছে।...

Read moreDetails
The Debt Machine: How Your Future Became the World’s Most Profitable Product

The Debt Machine: How Your Future Became the World’s Most Profitable Product

September 13, 2026
ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

September 13, 2026
Community Support in Mental Health Recovery: Mind X’s Efforts amidst Limited Resources

Community Support in Mental Health Recovery: Mind X’s Efforts amidst Limited Resources

September 12, 2026
অসমৰ বানপানী আৰু গৰাখহনীয়া

অসমৰ বানপানী আৰু গৰাখহনীয়া

September 10, 2026
Why Are 87 Million Indian Youth Not Working, Studying or Training?

Why Are 87 Million Indian Youth Not Working, Studying or Training?

September 10, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
“Once Upon a Time”- Revisiting Oral Traditions of Assam

“Once Upon a Time”- Revisiting Oral Traditions of Assam

September 14, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

September 14, 2026
The Indigenous Guardians of the Death Zone

The Indigenous Guardians of the Death Zone

September 14, 2026
Tofu: The Humble Champion of Protein

Tofu: The Humble Champion of Protein

September 14, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40937 shares
    Share 16374 Tweet 10234
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    19186 shares
    Share 7674 Tweet 4797
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4303 shares
    Share 1721 Tweet 1076
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    955 shares
    Share 382 Tweet 239
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    155 shares
    Share 62 Tweet 39
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4118 shares
    Share 1647 Tweet 1030
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    398 shares
    Share 159 Tweet 100
  • Attending RAI’S Class

    101 shares
    Share 40 Tweet 25
  • Afghanistan Five Years under the Taliban: Economic Collapse at the Household Level and a Deepening Human Crisis

    95 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d