-দশৰথ দাস |
আজি দুটা বছৰ আগৰ কথা, ১৯৮০ চনৰ জানুৱাৰী মাহত উত্তৰ কামৰূপৰ এক ব্যাপক অঞ্চলত ভাৰতীয় সৈন্যবাহিনী, চি.আৰ.পিৰ অসমীয়া জনসাধাৰণৰ ওপৰত যি পাশৱিক অত্যাচাৰ তথা অবাধ ধৰ্ষণ কাৰ্য চলিল, সেই হৃদয়বিদাৰক কাহিনী আমি কেতিয়াও পাহৰি যাব নোৱাৰো। সেই একেই ভাৰতীয় সৈন্যবাহিনীৰ মইমতালিত সৌ সিদিনা নাদুৱা গোহাঁইগাঁৱৰ লোকসকল নিজৰ দেশতে ভগনীয়া হোৱাৰ উপক্ৰম হৈছে। যদি আমি ভাৰতীয় শাসকগোষ্ঠীৰ ৰক্ষাকাৰী সৈন্যবাহিনী, চি.আৰ.পিৰ বৰ্বৰতাৰ কথা পাহৰি যাওঁ, তেনেহ’লে সিহঁতৰ সেই বৰ্বৰতা কোনো দিনে বন্ধ নহ’ব। বাঢ়িহে যাব। আমি পাহৰি যোৱা উচিত নহ’ব উত্তৰ কামৰূপত ভাৰতীয় সৈন্যবাহিনীৰ নিৰ্যাতনত জুৰুলা-জুপুৰা হোৱা ৮ বছৰীয়া ৰীণা হাজৰিকাহঁতৰ কথা। প্ৰতিটো সময়তেই আমি উপলব্ধি কৰিব লাগিব। সেই বৰ্বৰতাৰ কথা আৰু বৰ্বৰতাৰ স্মৃতি কেতিয়াও সাধুকথাত পৰিণত হ’ব দিব নালাগিব।
পৰম পৰিতাপেৰে, গভীৰ উদ্বিগ্নতাৰে আমি লক্ষ্য কৰিছো, যি সময়ত অসভ্য ভাৰতীয় সৈন্যবাহিনীৰ বৰ্বৰ অত্যাচাৰৰ কথা পাহৰি এচাম মানুহে ভাৰতীয় সৈন্যবাহিনীৰ জাগুৱাৰ বিমানৰ অপূৰ্ব (!) নৃত্য কৌশল চাই অৰ্ধোন্মাদ হৈছে, তাৰেই পটভূমিত সেই জাগুৱাৰ বিমানৰ নৃত্য কৌশল দেখুওৱা ভাৰতীয় সৈন্যবাহিনীৰ পাশৱিক অত্যাচাৰত জুৰুলা-জুপুৰা হোৱা ৰীণা হাজৰিকাহঁতৰ কথা পুনৰ দোহৰাৰ প্ৰয়োজন অনুভৱ কৰিছো। আমি আশা ৰাখিছো যিসকল লোকে ভাৰতীয় সৈন্যবাহিনীৰ বৰ্বৰতাৰ কথা লাহে লাহে পাহৰি যাবলৈ চেষ্টা কৰিছে, সেইসকল লোকে নিম্নোক্ত নিৰ্যাতনৰ কথা পুনৰ উপলব্ধি কৰিব।
(সাক্ষাৎকাৰখিনি ‘সাপ্তাহিক নীলাচল’ৰপৰা উদ্ধৃত কৰা হ’ল)
বীণা হাজৰিকা
(বয়স ৮ বছৰ)
প্ৰঃ নাম কি ভণ্টি তোমাৰ?
উঃ ৰীণাবালা হাজৰিকা।
প্ৰঃ কিমান বয়স হৈছে তোমাৰ?
উঃ ‘ক’ মানত।
প্ৰঃ ‘ক’ মানত পঢ়া। বয়স কিমান হৈছে? (মোক ক’লে-৮ বছৰ মান হৈছে)
উঃ বাৰু কোৱাচোন, সেইদিনা কি কৰিছিল তোমাক?
উঃ খুচি দিছিল পিতিৰ (দেউতা) লগত ঘুমে থাকোতে।
প্ৰঃ কোন সময়ত বাৰু?
উঃ আন্ধাৰ থাকোতেই।
প্ৰঃ কোৱাচোন দেউতাৰ লগতে শুই থাকোতে কি হৈছিল, ভয় কৰিব নালাগে। কোৱা কি হৈছিল। তোমাক ক’ত কোবাইছিল।
উঃ এগ্লাখেনত (আঁঠুৰ ওপৰৰ অংশ দেখুৱাই দি কৈছিল) খুঁচি দিছিল।
প্ৰঃ কিহেৰে খুঁচি দিছিল?
উঃ জোতাইদি খুঁচি দিছিল।
প্ৰঃ আৰু মাৰিছে নেকি তোমাক?
উঃ ওঁ।
প্ৰঃ তোমাৰ পিতাক কি কৰিলে?
উঃ পিতিক মিলিটাৰীয়ে টানি লৈ গেল।
(এয়া আছিল মিলিটাৰীৰ অত্যাচাৰত আহত ৰীণাৰ কাহিনী। ৰীণাৰ সোঁভৰিখন বেঁকা হৈ আছে।)
এগৰাকী মহিলা
(বয়স ২০ বছৰমান)
প্ৰঃ বয়স কিমান হৈছে?
উঃ নাজনু ২০ বছৰমান হৈছি।
প্ৰঃ ল’ৰা-ছোৱালী আছে?
উঃ আপি এটা আছে। ১১/২ বছৰ হৈছি।
প্ৰঃ ১১ জানুৱাৰীৰ পুৱতি নিশা আপোনাৰ ঘৰত কি কি অত্যাচাৰ হ’ল কওকচোন।
উঃ ৰাতিপুৱা ৫টা মান বজাত মই বাগাৰ দিছ্লু, আপিটোৰ লোগোত। সৰু আপিটোৰ লোগোত তামচা কৰি বাগাৰ দি আছুতো। তাৰ পিছত এটা মিলিটেৰী আইহ্ছি।
প্ৰঃ আপোনাৰ স্বামী তেতিয়া ক’ত আছিল?
উঃ বাহিৰত পেচাব কৰ্বা গেইছিল। বেপাৰত থাকে। মোক ভাত ৰান্ধবাৰ কাৰণে জগাইছি। তাৰ পিছত হেৰি কৰছি, মিলিটেৰীটুই দৰজাখেন খুলি ফেলে কৈছি ‘‘মতা কাহা হ্যায়’’? মই বুজি পোৱা নাছ্লু। পাছত বুজি পাই কলু—স্বামী নাই। এনকে কৈ থাকোতে ভাই ওলাই আইছি। ভাই আহি মোক বাহিৰত যাবা কৈছি। সেনকে কওঁতে ভাইক বান্ধি লৈ গুচি গেইছি। বান্ধি লৈ যাই চ’কত থৈ আহি পেলাই সেই মিলিটেৰীটো আকৌ আইহছি। আহি পেলাই…তেইতে মই বিছনাৰপৰা মাটিত আছলু।
প্ৰঃ মিলিটেৰীৰ লগত বন্দুক আছিল নেকি?
উঃ আছিল। বন্দুকোৰ খাপ চাপ দিছিলো মা’ৰবাক লাগি! তাৰ পিছত হেৰি কৰছি, মিলিটেৰী আহি ফেলে মোক কৈছি তাত যাবা লাগে।
প্ৰঃ তাত মানে ক’ত?
উঃ বিছনাত যাবা কৈছি। তাৰ পিছত বিছনাৰ ওপৰোত মোক ফেলে দি আপিটুক বুকুৰ মাজৰপৰা কাঢ়ি নি মোৰ সতীত্ব নষ্ট কৰছি।
প্ৰঃ আপুনি কেনে ধৰণে বাধা প্ৰদান কৰিছিল বাৰু?
উঃ আমাৰ ঘৰত তেইতে কোনো নাছিলতো। মই হেৰি কৰছু। কৈছু মোৰ সৰু আপিটো আছে, একো নকৰবো। তাৰ পিছত একো নামানে। চিঞৰ মাৰছু। এনেতে হাত দুখেনত খামচা মাৰি ধৰছি আৰু সতীত্ব নষ্ট কৰছি।
শ্ৰীমতী দৈব্য ডেকা
(বয়স ৮৫)
প্ৰঃ নামটো কি বাৰু আইতা আপোনাৰ?
উঃ দৈব্য ডেকা।
প্ৰঃ বয়স কিমান হৈছে বাৰু আপোনাৰ?
উঃ চাইৰ্কুৰি মান হৈছে নেকি। পুথিপাঁজিও নাই আমাৰ।
প্ৰঃ বাৰু আপুনি কৈ যাওকচোন সিদিনা যে ঘটনাবোৰ হৈ গ’ল, কোন সময়ত হ’ল বাৰু?
উঃ ঘৰ আন্ধাৰেই আছে। দৰজাখেন গোটেই গুইৰে ফেলে ভাঙি দিছি।
প্ৰঃ খিলি নাছিল?
উঃ খিলি চিলি ছিটকি গেইছি গোটেই।
প্ৰঃ কোনে ভাঙিছিল বাৰু?
উঃ এক মিলিকটাৰীয়ে।
প্ৰঃ হাতত বন্দুক আছিল নেকি সিহঁতৰ?
উঃ অ, বন্দুকো আছে। মাহ্নু ভালেগিলা আছে গোটেই।
প্ৰঃ কিমান আছিল মানুহ?
উঃ মাহ্নু বাৰ তেৰজনমান আছিল। চাইৰোফালে ঘেৰি ধৰি আছে গোটেই।
প্ৰঃ কি পোছাক পিন্ধি আছে বাৰু?
উঃ এই মিলিকটাৰী পছক, টুপীও আছে। ভাঙি ফেলাই, মই হতি নাইতাটুও আছিল, নাইতাটুক টানি আনছি। মোৰ উপাৰদি আনছি। অ’ সেহতে তাক আনলাক, মই দাউৰি আইহলু উঠি।
প্ৰঃ আপোনাৰ নাতিক টানি আনিছে? কিমান বয়স আপোনাৰ নাতিৰ। ল’ৰা নে ছোৱালী?
উঃ অ’ পোন্ধৰ ষোল্লমান হ’বো। অ’ ল’ৰা।
প্ৰঃ তাৰ পিছত?
উঃ তাৰ পিছত বাপাক আন্ছি। বাপা আছিল ভিতাৰে পলিৰ দেখি। বাপাক আন্ছি। আনি ফেলে বাপা আৰু নাতি দুয়োকে বাৰাণ্ডাত বান্ধবা ধৰছি!
প্ৰঃ বাপাৰ নাম কি?
উঃ বাপুচন্দ্ৰ। তাৰ ফেৰে দুয়োকো বান্ধবা ধৰাতে মই বুলু জানো কবাত কিবা খাবা পাৰে। অলপ পইচা দিবা আন্লু। অ’ দুৱাৰদলি নাপ্লুৱে। মোক গইল্তে নিলাক; নি ফেলে দিলাক। এন্কে গইল্তে ফেলে দিয়াত হাতখেন ভাঙি গেল। এই ফিকি আছে এগলাখেন। গোটাই গৰম পানীদি সেকছু। বিহ নকমে। হাতখেন ডাঙবা নৰু, চুলি বান্ধবা নৰু।
প্ৰঃ বাৰু কিমানদিন হ’ল এই ঘটনাটোৰ?
উঃ এই যোৱা শুকুৰবাৰে বাপা। ( জানুৱাৰী , ১৯৮০ চনৰ মহাবাহুৰ পৰা পুনৰ্মুদ্ৰণ)