• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, August 17, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

আমি সাধাৰণতে পোৱা আৰু খোৱা শাক পাচলি সমূহৰ গুণ

-সংগ্ৰহ: মিহিৰ বিক্ৰম চৌধুৰী

by Anjan Sarma
May 13, 2022
in Health
Reading Time: 4 mins read
0
green vegetables and fruit in a bowl

Photo by Daria Shevtsova on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

শাক পাচলি সমূহৰ গুণ

সংগ্ৰহ: মিহিৰ বিক্ৰম চৌধুৰী

১) সৰু মানিমুনি – স্মৰণ শক্তি বৰ্দ্ধক, গ্ৰহণী নাশক ।

২) বৰ মানিমুনি – পেটৰ ৰোগ নাশক, স্নায়ুসবল কাৰক ।

৩) মচন্দৰী – গ্ৰহণী নাশক, জ্বৰ, নিউমোনিয়া ৰোগত উপকাৰী ।

৪) নৰসিংহ – চকুৰ দৃষ্টিশক্তি বৰ্দ্ধক, পেটৰ বিষ নাশক ।

৫) তিতা ভেঁকুৰী – ক্ৰিমি নাশক, তেজ পৰিষ্কাৰক, হাঁইফাই নাশক ।

৬) পনৌনৌৱা – ৰক্তবৃদ্ধি কাৰক, শোথনাশক, ঘাঁ শুকুৱায় ।

৭) ভেদাইলতা – শক্তিদায়ক, বাত, গ্ৰহণী নাশক ।

৮) ঢেঁকীয়া – পেট পৰিষ্কাৰক, ৰক্তবৰ্দ্ধক, শুক্ৰবৰ্দ্ধক ।

৯) তিতামৰা – ক্ৰিমি, পেলু, বহুমূত্ৰ, জ্বৰ নাশক ।

১০) টেঙেচি – স্মৰণ শক্তি বৃদ্ধিকাৰক, গ্ৰহণী নাশক ।

১১) চজিনা – কুকুৰীকণা প্ৰতিৰোধক, বায়ুনাশক ।

১২) কালমেঘ – যকৃত শক্তি দায়ক, মেলেৰীয়া, বহুমূত্ৰ নাশক, ৰক্ত পৰিষ্কাৰক।

১৩) জিলমিল – ভোক বৃদ্ধি কাৰক, বায়ু, পিত্ত, ক্ৰিমি নাশক ।

১৪) কচুঠুৰি – ৰক্তবৰ্দ্ধক, তেজ পৰিষ্কাৰক, শুক্ৰবৰ্দ্ধক ।

১৫) কলমৌ শাক – স্তনত গাখীৰ বৃদ্ধি কৰে, শুক্ৰবৰ্দ্ধক ।

১৬) কেহৰাজ – চুলি ক’লা কৰে, জণ্ডিচত উপকাৰী ।

১৭) খুতুৰা শাক – ভোক লগায়, পিত্ত, কফ, বিষ নাশক ।

১৮) কাটা খুতুৰা – গ্ৰহণী আৰু বিষ নাশক।

১৯) গাজৰ – কৰ্কট ৰোগ প্ৰতিৰোধক, কুকুৰীকণা ৰোগীৰ সুপথ্য, শুক্ৰ বৰ্দ্ধক।

২০) লাইজাবৰি – কফ নাশক, চাইনাচাইটিচত উপকাৰী।

২১) শুকলতি – গ্ৰহণী, প্ৰসূতি ৰোগ নাশক, গাঁঠিৰ বিষ উপশম কৰে।

২২) দহিকচু – ফিটাপেলু নাশক, কোষ্ঠকাঠিন্য নাশক।

২৩) ওলকচু – কেঁচুমূৰীয়া, সঞ্চিতগ্ৰহণী নাশক।

২৪) টিকনিবৰুৱা – শক্তিদায়ক।

২৫) ধনিয়া পাত– চকুৰ দৃষ্টিশক্তি বৰ্দ্ধক, প্ৰজনন শক্তি বৃদ্ধিকাৰক, যক্ষ্মা, দন্তক্ষয়, পেটৰ শব্দ নাশক।

২৬) চুকাশাক – বায়ু নাশক।

২৭) দোৰোণবন – বাতশ্লেষ্মা নাশক, হজমী কাৰক, অৰ্শ, শোথৰ সুপথ্য।

২৮) নেফাফু – উচ্চ ৰক্তচাপ নিয়ন্ত্ৰিত।

২৯) পদিনা – গাৰ দুৰ্গন্ধ নাশক, ৰক্ত বৃদ্ধি কাৰক, পেটৰ বিষ নাশক, বাধক বেদনা নাশক।

৩০) পুৰৈশাক – পুষ্টিকৰ, কুকুৰীকণা নাশক, এলাৰ্জিত উপকাৰী, স্মৃতি শক্তি বৰ্দ্ধক।

৩১) পালেংশাক – ৰক্ত, পিত্ত, বিষ দোষ নাশক, শিশুৰ পয়াঁলগা ৰোগ ভাল কৰে, ছাল নিমজ কৰে।

৩২) পাতেগজা – প্ৰস্ৰাৱৰ ৰোগ নাশক, বৃক্কৰ পাথৰ নাশক, জণ্ডিচ ৰোগৰ সুপথ্য।

৩৩) পানীটেঙেচি – ত্ৰিদোষ নাশক, অগ্নিবৰ্দ্ধক, নিদ্ৰাকাৰক, গ্ৰহণী ৰোগত উপকাৰী।

৩৪) ব্ৰাহ্মীশাক – স্মৰণ শক্তি বৃদ্ধিকাৰক, মৃগী ৰোগ নাশক, মাত পৰিষ্কাৰ কৰে, বায়ু সবল কৰে।

৩৫) বাহক তিতা – কফ বাহিৰ কৰে, যক্ষ্মাৰোগ নাশক, প্ৰমেহ, কুষ্ঠ নাশক।

৩৬) ভাঙৰ পাত – ভোক লগায়, কামভাৱ জাগৃত কৰে, নিদ্ৰাজনক।

৩৭) মহাভৃংগৰাজ – চুলিৰ টনিক, পাণ্ডুৰোগ নাশক।

৩৮) মটৰ মাহ – স্তনত গাখীৰ বৃদ্ধি কৰে।

৩৯) মহানিম – তেজ পৰিষ্কাৰক, মেলেৰীয়া, বহুমূত্ৰ ৰোগ নাশক, বীজাণু আৰু কীটাণু নাশ কৰিব পাৰে।

৪০) মেথিশাক – বহুমূত্ৰ ৰোগ নিয়ন্ত্ৰক, মাজু আইত উপকাৰী।

৪১) মাটিকাঁদুৰি – পেটৰ ৰোগৰ কাৰণে উপকাৰী।

৪২) মূলা – পাথৰি ৰোগৰ কাৰণে উপকাৰী।

৪৩) মালভোগ শাক – পিত্তৰোগ নাশক, অগ্নিবৰ্দ্ধক, অৰ্শ নাশক।

৪৪) মৰিচা শাক – স্মৰণ শক্তি বৰ্দ্ধক, শৌচ স্বাভাৱিক কৰে, কৰ্কট ৰোগৰ পথ্য।

৪৫) মানকচু – ৰক্ত পিত্ত আৰু শোথ নাশক।

৪৬) সৰিয়হ শাক – বায়ু, পিত্ত, কফ নাশক, চকুৰ কাৰণে উপকাৰী।

৪৭) কাচকল – ক্ৰিমি, গ্ৰহণী নাশক, ৰক্তবৰ্দ্ধক।

৪৮) বনজালুক – ছালৰ ৰোগ, পেটৰ ৰোগ নাশক।

৪৯) টেঙামৰা – গ্ৰহণী নাশক।

৫০) তিতাফুল – হাঁইফাই, পেলুনাশক, তেজ বৰ্দ্ধক।

৫১) চেংমৰা – কেঁচুমূৰীয়া নাশক, প্ৰসূতি ৰোগ নাশক।

৫২) মধুসোলেং – গ্ৰহণী আৰু পেটৰ ৰোগ নাশক।

৫৩) তিতা কেৰেলা – ৰক্ত পৰিষ্কাৰক, বহুমুত্ৰ ৰোগ নিয়ন্ত্ৰক, ৰক্তবৰ্দ্ধক, খজুৱতি নাশক।

৫৪) কপৌঢেঁকীয়া – শক্তিদায়ক।

৫৫) বেতগাজ – ক্ৰিমি নাশক, ৰক্তবৰ্দ্ধক।

৫৬) তেজপাত –সুগন্ধিদায়ক, হৃদযন্ত্ৰ শক্তি দায়ক।

৫৭) তিয়ঁহ – পিত্ত পাথৰি ৰোগ নাশক, চকু উজ্জ্বল কৰে।

৫৮) চিৰতা – মেলেৰিয়া, বহুমূত্ৰ, তেজৰ ৰোগ নাশক।

৫৯) কেঁচা জলকীয়া – স্মৰণ শক্তি বৰ্দ্ধক, ডিঙি, মুখ, খাদ্যনলীৰ বীজাণু নাশক, চকুৰ কাৰণে উপকাৰী।

৬০) কালজিৰা – গৰ্ভাশয় ৰোগত উপকাৰী,

৬১) উৰহী – শুক্ৰকাৰক, বলকাৰক।

৬২) পচলা – শৌচ স্বাভাৱিক কৰে, যক্ষ্মাৰোগ নাশক।

৬৩) কঁঠাল – বলকাৰক, গুটি – শুক্ৰবৰ্দ্ধক।

৬৪) অমিতা – হজম কাৰক, যকৃত টনিক, কৰ্কটৰোগ, কুকুৰীকণা নাশক, পেটৰ ঘা শুকুৱায়।

৬৫) ৰঙালাউ – চকুৰ দৃষ্টি শক্তি বৰ্দ্ধক, পাতে হাড়, দাঁত মজবুত কৰে, গুটিয়ে শুক্ৰ বৃদ্ধি কৰে।

৬৬) মৰলীয়া – পেট পৰিষ্কাৰক, পেটৰ ঘা, বদহজম, গ্ৰহণী, অনিদ্ৰা নাশক, বুদ্ধিকাৰক, মেদ নিবাৰিত কৰে।

৬৭) বাবৰিশাক – ক্ৰিমি নাশক, ছালৰ কমনীয়তা বৰ্দ্ধক, বীৰ্যবৰ্দ্ধক, চকুৰ বাবে উপকাৰী।

৬৮) হেলচি শাক – স্নায়ু সবল কৰে, গনোৰিয়া, চিফিলিচ ৰোগৰ পথ্য, শুক্ৰ গাঢ় কৰে।

৬৯) শুহনিবন – জিভাৰ আৰু মুখৰ ভিতৰত ঘা নাশক, কফ বাহিৰ কৰে।

৭০) তিতাফুল – মেলেৰিয়া, কলাজ্বৰ, ক্ৰিমি, অৰুচি নাশক, বাতবিষত উপকাৰী, জণ্ডিচত সুপথ্য।

৭১) মোৱা আলু – মহিলাৰ স্তনত গাখীৰ বৃদ্ধি কৰে।

৭২) বকফুল – ক্ৰিমি, ৰক্ত পিত্ত নাশক, স্মৰণ শক্তি বৰ্দ্ধক, মৃগী ৰোগীৰ সুপথ্য।

৭৩) ভাতকেৰেলা – পুষ্টিকাৰক।

৭৪) আদা – হজমিকাৰক, কাহ, বমি, বীজাণু নাশক।

৭৫) হালধি – কৰ্কট ৰোগ প্ৰতিৰোধক, তেজ পৰিষ্কাৰক, বিসনাশক, পিত্ত, এলাৰ্জি নাশক।

৭৬) ভূতমলা – পালজ্বৰ নাশক।

৭৭) ফুটকলা – মুখৰ ভিতৰৰ ঘা শুকায়, ৰক্তবৰ্দ্ধক(ফল), গ্ৰহণী নাশক।

৭৮) জেতুলীপকা – ৰক্তবৰ্দ্ধক।

৭৯) কলডিল – ৰক্ত বৃদ্ধিকাৰক, নিম্ন ৰক্তচাপৰ সুপথ্য।

৮০) বিলাহী – তেজবৰ্দ্ধক, ছাল নিমজ কাৰক।

৮১) চয়াবিন– যকৃতৰ টনিক, পিত্ত, কৰ্কট ৰোগ প্ৰতিৰোধক।

৮২) নহৰু– মহৌষধি, বীজাণুনাশক, স্নায়ুসবল কাৰক, হজমিকাৰক, বহুমূত্ৰ ৰোগত উপকাৰী।

৮৩) পিয়াঁজ– মুখৰ আৰু খাদ্যনলীৰ বীজাণুনাশক, ৰক্তবৰ্দ্ধক, যক্ষ্মাৰোগৰ বীজাণু নাশক, শুক্ৰবৰ্দ্ধক।

৮৪) জালুক– বীজাণু নাশক, গা বিষ নাশক।

৮৫) ৰঙাআলু– ৰক্তবৰ্দ্ধক, শুক্ৰবৰ্দ্ধক।

৮৬) আলু– পুষ্টিকাৰক, জুইয়ে পোৰা ঘা শুকুৱায়।

৮৭) পানীলাউ– পুষ্টিকৰ, শীত বীৰ্য, শুক্ৰবৰ্দ্ধক।

৮৮) ৰঙা মৰিচা– স্মৰণ শক্তি বৰ্দ্ধক, কোষ্ঠকাঠিন্য নাশক।

৮৯) ভোট জলকীয়া– পেটৰ ঘা নাশক, বীজাণু নাশক।

৯০) কাজিনেমু– ছাল নিমজ কৰে, খাদ্য হজম কৰে, উচ্চ ৰক্তচাপ নিয়ন্ত্ৰক।

৯১) শেৱালি ফুল– ক্ৰিমি নাশক, জ্বৰ নাশক।

৯২) বেঙেনা– ৰক্তবৰ্দ্ধক।

৯৩) জিকা – পুষ্টিকৰ, গুটি চাইনাচাইটিচ নাশক।

৯৪) ভোল – পুষ্টিকাৰক।

৯৫) ফেচবিন – শৰীৰ বাঢ়নত সহায় কৰে ।

৯৬) ভেন্দি – পুষ্টিকৰ, বগাস্ৰাৱ নাশক ।

৯৭) মানধনিয়া – হজমিকাৰক, সুগন্ধিদায়ক, ৰুচিকৰ ।

৯৮) লেচেৰামাহ – পুষ্টিকৰ খাদ্য ।

৯৯) হাতীভেঁকুৰি – ৰক্ত পৰিষ্কাৰক, পেটৰ ৰোগৰ সুপথ্য ।

১০০) ভুঁই আমলখি – জণ্ডিচ ৰোগ নাশক, যকৃত শক্তিশালী কৰে ।

১০১) ধঁপাত তিতা – ক্ৰিমি নাশক, মেলেৰিয়া জ্বৰ নাশক ।

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: খোৱা শাক পাচলি সমূহৰ গুণ
Anjan Sarma

Anjan Sarma

Related Posts

কচু শাকৰ গুণাগুণ
Health

কচু শাকৰ গুণাগুণ

by Editor
August 10, 2026
0

কচু শাকৰ গুণাগুণ (Colocasia) ডাঃ ৰেইনী দেৱী খাটি অসমীয়া পৰম্পৰাগত খাদ্য সম্ভাৰ সমূহৰ ভিতৰত কচু শাকৰ বিভিন্ন ব্যঞ্জন লেখত লবলগীয়া।...

Read moreDetails
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

July 29, 2026
The fountain of youth

The fountain of youth

July 7, 2026
Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

June 30, 2026
Millets: Rediscovering the Super Food!

Millets: Rediscovering the Super Food!

June 30, 2026
ক্ৰম’জমৰ খেল : ‘ডাউন চিণ্ড্ৰোম’

ক্ৰম’জমৰ খেল : ‘ডাউন চিণ্ড্ৰোম’

June 11, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Can Technology Truly Preserve Our Heritage? Unearthing the Soul of Northeast

Social Media Addiction Among Youth: The Invisible Parasite Hijacking Young Minds

August 17, 2026
Hakama Beel: A Community’s Effort to Protect a Changing Wetland 

Hakama Beel: A Community’s Effort to Protect a Changing Wetland 

August 17, 2026
প্ৰকৃতিৰ বাণিজ্যিকীকৰণৰ পৰা ব্যক্তিগতকৰণলৈ: সংকট আৰু দুৰ্ভাৱনা

প্ৰকৃতিৰ বাণিজ্যিকীকৰণৰ পৰা ব্যক্তিগতকৰণলৈ: সংকট আৰু দুৰ্ভাৱনা

August 16, 2026
টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ

টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ

August 16, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39758 shares
    Share 15903 Tweet 9939
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18619 shares
    Share 7448 Tweet 4655
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3766 shares
    Share 1506 Tweet 942
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    275 shares
    Share 110 Tweet 69
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4185 shares
    Share 1674 Tweet 1046
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    140 shares
    Share 56 Tweet 35
  • FREEDOM FIGHTERS OF ASSAM

    5107 shares
    Share 2043 Tweet 1277
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    108 shares
    Share 43 Tweet 27
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    97 shares
    Share 39 Tweet 24
  • অসমত বানৰ অকল্পনীয় ধ্বংসলীলা

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d