• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, March 11, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News World

আমেৰিকাই ৰাছিয়াৰ গেছত যদি নিষেধাজ্ঞা আৰোপ কৰিব পাৰে, ম্যানমাৰতো পাৰে

থিনজাৰ শ্বুনলেই ই

by Anjan Sarma
July 20, 2022
in World
Reading Time: 2 mins read
0
myanmar
Share on FacebookShare on TwitterShare on LinkedIn

ম্যানমাৰ

থিনজাৰ শ্বুনলেই ই

thinzar
থিনজাৰ শ্বুনলেই ই

ম্যানমাৰৰ আধুনিক ইতিহাসত ঔপনিৱেশিক শোষণ, সামৰিক দমন, হিংসাৰ জয়জয় ময়ময় হোৱাৰ লগতে বাৰম্বাৰ গণতন্ত্ৰক অস্বীকাৰ কৰা হৈছে। ম্যানমাৰৰ এতিয়াৰ গণতন্ত্ৰপ্ৰেমী বহু তৃণমূল পৰ্যায়ৰ কৰ্মী আৰু পূৰ্বৰ হাজাৰ হাজাৰ লোকে পৰিস্থিতি সলনি কৰিবলৈ জীৱন উৎসৰ্গা কৰিছে আৰু নিজস্ব ব্যক্তিগত নিৰাপত্তাক ত্যাগ কৰিছে। কিন্তু যোৱা এটা বছৰত ম্যানমাৰলৈ আৰু অধিক গভীৰ আন্ধাৰ নামি আহিছে।

২০২১ চনৰ ফেব্ৰুৱাৰী মাহত ম্যানমাৰৰ নিৰ্বাচিত নেতাসকলক উৎখাত কৰাৰ পিছৰে পৰা দশক দশক ধৰি ক্ষমতা দখল কৰি অহা নিষ্ঠুৰ আৰু দুৰ্নীতিগ্ৰস্ত সামৰিক বাহিনীয়ে প্ৰতিবাদকাৰীক গুলীয়াই হত্যা কৰিছে, বিৰোধীক অত্যাচাৰ কৰিছে আৰু ম্যানমাৰক বিশৃংখলতাত ডুবাই পেলাইছে।

RelatedPosts

Musk

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!

March 10, 2026
How is this Middle-East War 2026 different?

How is this Middle-East War 2026 different?

March 9, 2026
Can Aurora Borealis Trigger Dangerous Solar Storms on Earth?

Can Aurora Borealis Trigger Dangerous Solar Storms on Earth?

March 9, 2026

আমেৰিকাই সঠিকভাৱে সামৰিক জুন্টাক গৰিহণা দি কিছু শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু ৱাশ্বিংটনে এনে এটা সহজ পদক্ষেপ লোৱাৰ পৰা বিৰত আছে যিয়ে জেনেৰেলসকলৰ নিজৰ জনসাধাৰণৰ বিৰুদ্ধে যুদ্ধ কৰাৰ ক্ষমতাক দুৰ্বল কৰি তুলিব পাৰে, আৰু সেয়া হ’ল ম্যানমাৰৰ লাভজনক গেছৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা।

বৰ্তমান জুন্টাৰ নিয়ন্ত্ৰণত থকা চৰকাৰী মালিকানাধীন ম্যানমাৰ অইল এণ্ড গেছ এণ্টাৰপ্ৰাইজ বা ‘এম অ’ জি ই’য়ে অফশ্ব’ৰ ফিল্ডৰ পৰা আহৰণ কৰা প্ৰাকৃতিক গেছ বিক্ৰীৰ জৰিয়তে বছৰি কমেও ১.৫ বিলিয়ন ডলাৰৰ আনুমানিক ৰাজহ সংগ্ৰহ কৰে। ইয়াৰ দ্বাৰা নিৰীহ সাধাৰণ নাগৰিকৰ বিৰুদ্ধে ব্যৱহৃত গুলী আৰু সৈন্যৰ বাবে সামৰিক বাহিনীয়ে ব্যয় কৰিব পৰা প্ৰয়োজনীয় মুদ্ৰাৰ প্ৰায় আধাখিনি লাভ কৰে। আমেৰিকাৰ নিষেধাজ্ঞাই ম্যানমাৰৰ জনসাধাৰণৰ ওপৰত বহুদিন ধৰি চলি থকা দমনক ৰোধ কৰাত সহায় কৰাৰ উপৰিও এক জটিল ৰাজহৰ ধাৰাক কৰ্তন কৰি বহুতৰে জীৱন ৰক্ষা কৰিব।

আমেৰিকাই ৰাছিয়াৰ গেছত যদি নিষেধাজ্ঞা আৰোপ কৰিব পাৰে, ম্যানমাৰতো পাৰে

ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ অন্ত পৰাৰ লগে লগে ১৯৪৮ চনত ম্যানমাৰ স্বাধীন হয়, কিন্তু ‘তাৎমাদৌ’ নামেৰে পৰিচিত সামৰিক বাহিনীয়ে ১৯৬২ চনত ক্ষমতা দখল কৰে। এছিয়াৰ আন ঠাইত লাখ লাখ লোকক উন্নত কৰা অৰ্থনৈতিক বিকাশৰ পৰা ম্যানমাৰৰ জনসাধাৰণক বঞ্চিত কৰা হয় আৰু আত্মবিচ্ছিন্নতা জাপি দিয়া হয়। 

জনস্বাস্থ্যৰ মানদণ্ড হ্ৰাস হয়, ভয়ংকৰভাবে দুৰ্নীতি বৃদ্ধি পায়, ড্ৰাগছ সৰবৰাহ আৰু অন্যান্য অপৰাধমূলক কাৰ্যকলাপৰ প্ৰচলন হয়। সংখ্যালঘু জনগোষ্ঠীসমূহে দশক দশক ধৰি শাসকৰ দ্বাৰা মানৱ অধিকাৰ উলংঘাৰ সন্মুখীন হৈছে, আৰু প্ৰায় অহৰহ গৃহযুদ্ধৰ অৱস্থাত ইয়াক প্ৰতিহত কৰিবলৈ জনগোষ্ঠীয় সংগঠনসমূহে অস্ত্ৰ গ্ৰহণ কৰিছে। ম্যানমাৰৰ নতুন প্ৰজন্মই আৰু জুন্টাৰ বাবে থিয় নহ’ব।

নতুন প্ৰজন্মই আশা কৰিছিল যে ২০১৫ চনৰ নিৰ্বাচন সকলোৰে বাবে মঙ্গলময় হ’ব। সেয়েহে জনসাধাৰণে গণতন্ত্ৰৰ বাবে আশান্বিত হৈ ভোটদান কৰিছিল, ভাবিছিল সেয়া ম্যানমাৰৰ গণতান্ত্ৰিক পৰিৱৰ্তনৰ ক্ষেত্ৰত এক প্ৰকৃত পদক্ষেপ হ’ব। নিৰ্বাচনৰ পিছত গণতান্ত্ৰিক চৰকাৰৰ দিনত ইণ্টাৰনেটৰ ব্যৱহাৰ মাত্ৰ গড় ব্যক্তিৰ বাবে সুলভ হৈ পৰিছিল, আৰু ম্যানমাৰৰ মানুহে বাহিৰৰ জগতখনৰ প্ৰতিও অধিক সচেতন হৈ পৰিছিল আৰু বিশ্ব গণতন্ত্ৰৰ আন্দোলনৰ সৈতে সংযোগ স্থাপন কৰিছিল।

আমেৰিকাই ৰাছিয়াৰ গেছত যদি নিষেধাজ্ঞা আৰোপ কৰিব পাৰে, ম্যানমাৰতো পাৰে

পৰৱৰ্তী কেইবছৰমানৰ ভিতৰত ম্যানমাৰৰ বহুতো সংখ্যালঘু জনগোষ্ঠীৰ লগত কৰা অবিচাৰ, অসভ্য ব্যৱহাৰৰ বিষয়েও নতুন প্ৰজনমই অধিক জানিব পাৰিলে। ২০১৫ চনৰ নিৰ্বাচনৰ পিছত ম্যানমাৰৰ সেনাৰ বিৰুদ্ধে ৰোহিংগীয়া জনসাধাৰণৰ বিৰুদ্ধে গণহত্যাৰ অভিযোগ উত্থাপন হৈছিল। জনসাধাৰণে ভোট দিয়া আং ছান ছুকিৰ নেতৃত্বত থকা অসামৰিক চৰকাৰখনে যেতিয়া এই অবিচাৰবোৰক ৰক্ষা কৰিবলৈ তেতিয়া ম্যানমাৰৰ গণতান্ত্ৰিক মানুহে মনোবল হেৰুৱাই পেলাইছিল। সামৰিক বাহিনীয়ে যথেষ্ট ক্ষমতাৰে মহাশক্তিশালী হৈ পৰিছিল! কিন্তু গণতান্ত্ৰিক ব্যক্তিসকলে বহুত দূৰলৈ আগবাঢ়ি যোৱাত তেওঁলোকৰ অশান্তি হৈছিল, যাৰ বাবে পুনৰ পিঞ্জৰাত সোমাবলৈ নিৰ্দেশ দিয়া হৈছিল। তাৰ পিছতেই আহিল যোৱা বছৰৰ অভ্যুত্থান৷

জুন্টা মুৰব্বী জ্যেষ্ঠ জেনেৰেল মিন আং হিলাইঙৰ নেতৃত্বত গণতন্ত্ৰ সমৰ্থক গোটসমূহৰ আন এক গুৰুত্বপূৰ্ণ নিৰ্বাচনী জয়ৰ পিছত এই অভ্যুত্থান হ’ল। এক অহিংস তথা দেশব্যাপী হোৱা আন্দোলনক মষিমূৰ কৰিবলৈ আৰম্ভ কৰা অভিযানত নিৰ্বিচাৰ হত্যা, নিৰ্যাতন, বলপূৰ্বকভাৱে নিৰুদ্দেশ কৰোৱা, মানুহক মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰা আৰু অন্যান্য সন্ত্ৰাসবাদী কৌশলৰ সন্মুখীন হ’বলগীয়া হ’ল। ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি ১৯০০ৰো অধিক লোকৰ মৃত্যু হৈছে, য’ত কমেও ১৪২টা শিশু আছে আৰু ১৩,৫০০ৰো অধিক লোকক জন্টাৰ বিৰোধিতা কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে।

ম্যানমাৰৰ ৫ কোটি ৪০ লাখ জনসাধাৰণে এতিয়া মুক্ত পতনৰ দিশে গৈ আছে। ১০ লাখ লোক আভ্যন্তৰীণভাৱে স্থানচ্যুত হৈছে, আৰু আনুমানিক ১ কোটি ৪০ লাখ লোকক মানৱীয় সাহায্যৰ জৰুৰী প্ৰয়োজন। ৰাজ্যিক প্ৰতিষ্ঠান আৰু ইতিমধ্যে দুৰ্বল হৈ পৰা স্বাস্থ্য ব্যৱস্থাৰ পতন ঘটিছে। গণতন্ত্ৰৰ হৈ যুঁজি থকাসকলে দেশজুৰি বিভিন্ন ধৰণে প্ৰতিৰোধ কৰি আছে। সংখ্যালঘু জনগোষ্ঠীয় প্ৰতিৰোধ সংগঠনৰ সমৰ্থনৰ ওপৰত নিৰ্ভৰ কৰি লাখ লাখ লোকে জংগলত অস্ত্ৰ তুলি লৈছে, যিবোৰে তেনে প্ৰতিৰোধৰ বাবে বিনিময়ত বিমান আক্ৰমণ আৰু আৰ্টিলাৰী বোমাবৰ্ষণৰ সন্মুখীন হৈছে। দুখ লগাকৈ পশ্চিমীয়া প্ৰতিক্ৰিয়া ম্যানমাৰৰ বাবে সীমিত হৈ আহিছে।

আমেৰিকাই ৰাছিয়াৰ গেছত যদি নিষেধাজ্ঞা আৰোপ কৰিব পাৰে, ম্যানমাৰতো পাৰে
Protesters take part in a demonstration against the military coup in Yangon on February 6, 2021. (Photo by YE AUNG THU / AFP)

বাইডেন প্ৰশাসনে ম্যানমাৰ চৰকাৰৰ ১ বিলিয়ন ডলাৰৰ পুঁজি নিষিদ্ধ কৰি ম্যানমাৰৰ বহু জেনেৰেলৰ ওপৰত, আৰু তেওঁলোকৰ বেংক একাউণ্ট পূৰ্ণ কৰা ৰত্ন, কাঠ আৰু মুকুতা উদ্যোগৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে। কিন্তু MOGEৰ সৈতে যৌথ উদ্যোগত জড়িত চেভ্ৰনে লবি কৰাৰ পিছত আমেৰিকান ৰাষ্ট্ৰপতি বাইডেনে গেছৰ ৰাজহক লক্ষ্য কৰি লোৱাৰ পৰা বিৰত থাকে।

কিন্তু গেছৰ ক্ষেত্ৰত আমেৰিকাই এনে নিষেধাজ্ঞা আৰোপ কৰিলে ‌সামৰিক জুন্টা বিত্তীয় ক্ষেত্ৰত এক গধুৰ আঘাতৰ সন্মুখীন হ’ব। MOGE’s কাৰ্য্যকলাপ ৰাজ্যখনৰ বাবে ৰাজহৰ একক বৃহত্তম উৎস। তাৰ বহুখিনি আহে চেভ্ৰন আৰু ফ্ৰান্সৰ টোটেল এনাৰ্জিজ এম’জিই আৰু থাইলেণ্ডৰ এটা শক্তি কোম্পানীৰ সৈতে চলোৱা প্ৰধান গেছ ক্ষেত্ৰখনৰ পৰা। 

চেভ্ৰন আৰু টোটেল এনাৰ্জি দুয়োটাই যুক্তি দিছে যে তেনে নিষেধাজ্ঞাই ম্যানমাৰৰ নাগৰিকসকলক ইতিমধ্যে বৃদ্ধি পোৱা বিদ্যুৎ কৰ্তনৰ সৈতে অধিক জুৰুলা কৰিব, কাৰণ ম্যানমাৰৰ বিদ্যুতৰ এটা অংশ উৎপাদনৰ বাবে প্ৰাকৃতিক গেছ প্ৰয়োজন। 

কিন্তু নিষেধাজ্ঞাই গেছ বন্ধ কৰাৰ প্ৰয়োজন নাই, আৰু জনসাধাৰণৰ স্বাধীনতা আৰু সুৰক্ষাক কেইঘণ্টামান বিদ্যুতৰ বাবে ব্যৱসায় কৰাৰ পৰামৰ্শটোৱে ক্ষুব্ধ কৰিছে। এম অ’ জিৰ ওপৰত নিষেধাজ্ঞা আৰোপৰ আহ্বানৰ নেতৃত্ব বিদেশৰ পৰা দিয়া নাই, দিছে ম্যানমাৰৰ ভিতৰৰ পৰা সামৰিক বাহিনীৰ বিৰুদ্ধে শান্তিপূৰ্ণ প্ৰতিৰোধত অংশগ্ৰহণ কৰা শতাধিক নাগৰিক সমাজৰ সংগঠন, কৰ্মী সংগঠন আৰু সংঘই।

এই বছৰ টোটেল এনাৰ্জিজ আৰু চেভ্ৰনে ম্যানমাৰৰ পৰা ব্যৱসায় প্ৰত্যাহাৰ কৰাৰ পৰিকল্পনা ঘোষণা কৰিছিল যদিও, কিন্তু তেনে কৰিলেও জুন্টাই MOGEৰ জৰিয়তে গেছৰ ৰাজহ কুক্ষিগত কৰিবলৈ সক্ষম হ’ব। ইউৰোপীয় সংঘই MOGE ৰ ওপৰত কিছু নিষেধাজ্ঞা আৰোপ কৰিছিল যদিও তাত এনেকুৱা ফুটা আছে যিবোৰেৰে শোষণ কৰিব পাৰি। ম্যানমাৰৰ গণতন্ত্ৰ প্ৰেমীসকলৰ বাবে প্ৰকৃততে আমেৰিকাৰ নেতৃত্বত নিষেধাজ্ঞাৰ প্ৰয়োজন, যেনে – ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ কৰাৰ ৰাছিয়াৰ ক্ষমতা সীমিত কৰিবলৈ নিয়োগ কৰা নিষেধাজ্ঞা।

আমেৰিকাই ৰাছিয়াৰ গেছত যদি নিষেধাজ্ঞা আৰোপ কৰিব পাৰে, ম্যানমাৰতো পাৰে

ইয়াৰ দ্বাৰা ম্যানমাৰত দশক দশক ধৰি চলি অহা সামৰিক আধিপত্য আৰু অপশাসনৰ মাজেৰে গঢ় লৈ উঠা সকলো সমস্যাৰ সমাধান নহ’ব ৷ কিন্তু গণতান্ত্ৰিক ব্যক্তিসকলে আৰম্ভ কৰিব লাগিব বিমান, বোমা, গুলী, জেট ইন্ধন, চোৰাংচোৱাগিৰিৰ সঁজুলি আৰু অন্যান্য আমদানিকৃত দমনৰ সঁজুলিৰ সুবিধা সুবিধা কৰ্তন কৰাৰ বাবে যুঁজ দি। জুন্টাবিৰোধী গণতন্ত্ৰ প্ৰেমীসকলে বিচাৰে, ম্যানমাৰৰ সকলো জনগোষ্ঠীৰ বাবে শান্তি, সমৃদ্ধি আৰু প্ৰকৃত গণতান্ত্ৰিক ভৱিষ্যত, যিয়েই নহওক কিয়, সামৰিক আধিপত্যৰ পৰা চিৰদিনৰ বাবে মুক্ত হ’ব লাগে।

কিন্তু যেতিয়ালৈকে গেছৰ ৰাজহ জুন্টালৈ প্ৰবাহিত হৈ থাকিব, তেতিয়ালৈকে ম্যানমাৰৰ জনসাধাৰণৰ তেজো বৈ থাকিব।

[নিউয়ৰ্ক টাইমছত অতিথি স্তম্ভ হিচাপে ম্যানমাৰ সম্পৰ্কে লেখিবলৈ আমন্ত্ৰিত, ওপৰোক্ত লেখাটোৰ লেখক থিনজাৰ শ্বুনলেই ই গণতান্ত্ৰিক প্ৰমূল্যৰ বাবে ম্যানমাৰত অবিৰত সংগ্ৰাম কৰি থকা নতুন প্ৰজন্মৰ প্ৰতিনিধি তথা Sisters2Sisters নামৰ সংগঠনৰ প্ৰতিস্থাপক , ২৩ জুন, ২০২২]

04-07-2022

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

Musk
Tech

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!

by Anjan Sarma
March 10, 2026
0

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!! অঞ্জন শৰ্মা আমেৰিকান চিনেমা পৰিচালক ৰিচাৰ্ড লেষ্টাৰে (Richard Lester) ১৯৭৯ চনত ‘কিউবা’ নামেৰে এখন চিনেমা...

Read moreDetails
How is this Middle-East War 2026 different?

How is this Middle-East War 2026 different?

March 9, 2026
Can Aurora Borealis Trigger Dangerous Solar Storms on Earth?

Can Aurora Borealis Trigger Dangerous Solar Storms on Earth?

March 9, 2026
Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

March 7, 2026
“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

March 3, 2026
Trump Confirms: Iran’s Ayatollah Khamenei Killed in Major Strikes

Will the US-Israel-Iran War and Iran’s Gulf Attacks Trigger a Major Crisis for India’s Oil, Trade, and Economy?

March 3, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Air Quality Management System Handed Over to Bajali HS School by Forest Department, Bajali District Administration & Mahabahu Climate Forum

Air Quality Management System Handed Over to Bajali HS School by Forest Department, Bajali District Administration & Mahabahu Climate Forum

March 10, 2026
বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

March 10, 2026
Musk

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!

March 10, 2026
How is this Middle-East War 2026 different?

How is this Middle-East War 2026 different?

March 9, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    28373 shares
    Share 11349 Tweet 7093
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11354 shares
    Share 4542 Tweet 2839
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    119 shares
    Share 48 Tweet 30
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    110 shares
    Share 44 Tweet 28
  • Mahabahu and HCI in Shillong: NEHU Geography Students Rise to the Challenge of Climate Action

    105 shares
    Share 42 Tweet 26
  • Manipur Sees Fresh Ethnic Tensions: Prohibitory Orders in Ukhrul’s Litan

    91 shares
    Share 36 Tweet 23
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3521 shares
    Share 1408 Tweet 880
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    79 shares
    Share 32 Tweet 20
  • Hundreds of Food Paradoxes : One best solution

    75 shares
    Share 30 Tweet 19
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d