আমেৰিকাত আগ্নেয়াস্ত্ৰ
নেকিব আলি শইকীয়া
আমেৰিকাত আগ্নেয়াস্ত্ৰ নিয়ন্ত্ৰণৰ বাবে দাবী !
আমেৰিকাৰ টেক্সাচৰ এখন প্ৰাথমিক বিদ্যালয়ত বন্দুকধাৰীৰ আক্ৰমণত কমেও ১৯ জন শিক্ষাৰ্থীকে ধৰি সৰ্বমুঠ ২১ জনৰ মৃত্যু হোৱা ঘটনাৰ লগতে বহুজন আহত হোৱা ঘটনাই সমগ্ৰ আমেৰিকাক আলোড়িত কৰি তোলাৰ লগতে বিশ্ববাসীক স্তম্ভিত কৰি তুলিছে।
টেক্সাচৰ স্থানীয় সময় অনুসৰি মঙলবাৰে (২৪-০৫-২০২২) সংঘটিত হোৱা এনে ঘটনাত পুলিচৰ সৈতে হোৱা সংঘৰ্ষৰ ফলত ঘটনাস্থলীতেই অভিযুক্ত কিশোৰ বন্দুকধাৰীৰ মৃত্যু হয় আৰু সমগ্ৰ ঘটনাৰ বিষয়ে বিবৃতি জাৰী কৰে টেক্সাচৰ গৱৰ্ণৰ গ্ৰেগ অ্যাবট-এ।
আমেৰিকাৰ সংবাদ মাধ্যমৰ মতে টেক্সাচৰ ইতিহাসত এনে ধৰণৰ আক্ৰমণ আগতে হোৱা নাই। আনকি, বিগত এক দশকৰ ভিতৰত আমেৰিকাত এনে ঘটনা হ’ল অন্যতম বৃহৎ আক্ৰমণ!
আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন-এ শোকবিহ্বল হৈ কৈছে, ‘ঈশ্বৰৰ নাম লৈ কওক, আৰুনো কেতিয়ালৈ আমি লৰচৰ কৰিবলৈ আগ্ৰহী হ’ম? জাতি হিচাবে আমি আজি নিজকে প্ৰশ্ন কৰিব লাগিব, আমি কোনদিনা বন্দুক লবীৰ সৈতে মোকাবিলা কৰিম?”
আমেৰিকাৰ যিসকল লোক আগ্নেয়াস্ত্ৰ নিয়ন্ত্ৰণৰ বিৰোধী, তেওঁলোকক বন্দুক-লবী বুলি কোৱা হয়। টেক্সাচৰ ভয়ংকৰ ঘটনাই পুনৰ এবাৰ আগ্নেয়াস্ত্ৰ নিয়ন্ত্ৰণৰ প্ৰশ্নটো আলোচনাৰ মাজলৈ লৈ আহিল। ইতিপূৰ্বে ডেম’ক্ৰেট শিৱিৰে বহুবাৰ আগ্নেয়াস্ত্ৰ সংক্ৰান্তীয় আইন সংস্কাৰৰ দাবী উত্থাপন কৰিছিল যদিও বাৰম্বাৰ বন্দুক-লবীৰ হেঁচাত পিছুৱাই আহিবলগীয়া হৈছে। ৰিপাব্লিকানৰ এক বৃহৎ অংশ বন্দুক-লবীৰ সৈতে আছে। তেওঁলোকৰ যুক্তি, ব্যক্তিগত নিৰাপত্তা আৰু ব্যক্তিগত সম্পত্তিৰ নিৰাপত্তাৰ সৈতে আগ্নেয়াস্ত্ৰ ৰখাৰ অধিকাৰৰ প্ৰশ্ন জড়িত হেতুকে কোনো ধৰণৰ নিয়ন্ত্ৰণৰ দ্বাৰা এনে ব্যক্তিস্বাধীনতা তথা ব্যক্তিসুৰক্ষাত হাত দিবলৈ দিয়া নহ’ব।
বন্দুক লবীৰ বিৰোধীপক্ষৰ যুক্তি হ’ল, অবাধে আগ্নেয়াস্ত্ৰ কিনা-বেচা হৈ থাকিলে ব্যক্তি-নিৰাপত্তাৰ দোহাই দি গণ- নিৰাপত্তাক বিপদৰ সন্মুখলৈ ঠেলি দিয়া হয়। আমেৰিকাৰ ধাৰাবাহিক গুলিচালনাই তাকেই প্ৰমাণ কৰিছে। আগ্নেয়াস্ত্ৰ নিয়ন্ত্ৰণৰ বাবে কাম কৰি থকা আমেৰিকাৰ এক সংস্থাৰ প্ৰতিবেদন অনুসৰি, ২০০৯ চনৰ পৰা আমেৰিকাত 288 টা বন্দুকধাৰীৰ আক্ৰমণ হৈছে আৰু ১৫৩৬ জনৰ মৃত্যু হৈছে। আমেৰিকাৰ এনে বন্দুকবাজ সকলৰ ভিতৰৰ বহুতেই মানসিকভাবে সুস্থ নহয় বুলিও কোৱা হৈছে।
কিন্তু মানসিকভাৱে অসুস্থতাৰ বিষয়ে উল্লেখ কৰি আমেৰিকাৰ কানেটিকাটৰ ডেম’ক্ৰেট চিনেটৰ ক্ৰিছ মাৰ্ফিয়ে কৈছে, ‘অনুগ্ৰহ কৰি মানসিক অসুস্থতাৰ বিষয়বোৰ উল্লেখ নকৰিব। পৃথিৱীৰ ভিতৰত কেৱল আমেৰিকাই একমাত্ৰ দেশ নহয়, য’ত মানসিকভাবে অসুস্থ লোকসকল থাকে। বৰং পৃথিৱীৰ ভিতৰত আমেৰিকা একমাত্ৰ দেশ, য’ত অবাধে অলেখ আগ্নেয়াস্ত্ৰ লাভ কৰাৰ সুযোগ পোৱা যায় – যি কোনো অপৰাধী, যি কোনো অসুস্থ- বিকৃত ব্যক্তিয়েও আমেৰিকাত আগ্নেয়াস্ত্ৰ কিনিব পাৰে! মূল তফাৎ তাতেই।’
26-05-2022
[ Images: Collected from different sources]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.