আমেৰিকান ‘ট্ৰেক মিউজিক এৱাৰ্ডচ্ ২০২৩‘ : ‘Best International Song Category’ ত অসমীয়া গানক স্বীকৃতি
জনপ্ৰিয় কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক নিশান্ত নিতুলে শাৰদীয় বতৰত অসম তথা ভাৰতলৈ কঢ়িয়াই আনিছে “আমেৰিকান ট্ৰেক মিউজিক এৱাৰ্ডচ্ ২০২৩”ৰ বিজয়ীৰ সন্মান।
চলিত বৰ্ষৰেই আগষ্ট মাহত তেখেতে ‘সময়’ নামৰ এটি নতুন গীত শ্ৰোতা দৰ্শকলৈ আগবঢ়াই দিছিল।
চিন্তাশীল সংগীতপ্ৰেমীৰ মাজত যথেষ্ট সমাদৰ লাভ কৰা উক্ত গীতটিয়ে লাভ কৰিছে “আমেৰিকান ট্ৰেক মিউজিক এৱাৰ্ডচ্ ২০২৩” ৰ Best International Song শিতানত বিজয়ৰ খিতাপ।
মানৱ জীৱনৰ অতি স্পৰ্শকাতৰ কিছুমান অনুভুতিক উপাদান হিচাবে লৈ অতি সহজ আৰু সাৱলীলভাৱে সৃষ্টি কৰা গীতটিৰ কথা, সুৰ, কণ্ঠ আৰু সংগীত নিশান্ত নিতুলৰ নিজৰ।
সংগীত ব্যৱস্থাপনা সুনিপুন সংগীত শিল্পী ৰাকেশ বড়োৰ আৰু সংগীত সংমিশ্ৰণ সুপ্ৰসিদ্ধ চাউণ্ড ইঞ্জিনিয়াৰ ইবচন লাল বৰুৱাৰ। গীতটিৰ সংগীত অলংকৰণ দিপাংক শইকীয়াৰ আৰু প্ৰচ্চদ অলংকৰণ দিপাংক শৰ্মাৰ।
বিশিষ্ট গীতিকাৰ, সংগীতজ্ঞ দিগন্ত ভাৰতী, ইবচন লাল বৰুৱা আৰু দিপাংক শইকীয়াৰ আশীষ স্নেহেৰে ভৰপূৰ নিশান্ত নিতুলে তেখেত সকলক কৃতজ্ঞতা জনোৱাৰ লগতে গানটোৰ লগত জড়িত প্ৰতিজন শিল্পী, কলা-কুশলী আৰু নিতুলৰ জীৱনলৈ অহা বিশেষ ব্যক্তি সকল, গুৰু সকল, পিতৃ-মাতৃ, পত্নী, কন্যা কৃতি, আত্মীয়-স্বজন, শ্ৰোতা ও সংগীতপ্ৰেমী জনতা আৰু প্ৰতিগৰাকী সংবাদসেৱীলৈ এই বঁটাটি উচৰ্গা কৰিছে।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলছত ৩০ চেপ্তেম্বৰ, ২০২৩ ত এই বঁটা প্ৰদান কৰা হয়।
T.S. Symphony ৰ বেনাৰত আৰু প্ৰযোজনাত নিৰ্মাণ হোৱা ‘সময়’ গীতটি ইতিমধ্যে নিশান্ত নিতুলৰ অফিচিয়েল ইউটিউব চেনেল @neeshanttnitulmusic ৰ লগতে Spotify, Amazon Music, Gaana, Jio-Saavn, Instagram Music, Facebook Music, Sound Cloud আদি সকলো ডিজিটেল প্লেটফৰ্মটো উপলব্ধ হৈছে।
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)