কুখ্যাত বাছাৰ নূৰজা
আমেৰিকাৰ কাৰাগাৰৰ পৰা মুক্তি পালে কুখ্যাত বাছাৰ নূৰজাই!
তালিবানে ঘোষণা কৰে যে তেওঁলোকৰ দলটোৰ বিখ্যাত (পঢ়ক -‘কুখ্যাত‘) চোৰাং ব্যৱসায়ী বাছাৰ নূৰজাইক আমেৰিকাৰ এখন কাৰাগাৰৰ পৰা মুকলি কৰি দিছে।
গুৱান্টানামোৰ তালিবানৰ শেষৰজন বন্দী বাছাৰ নূৰজাইক ১৭ বছৰ কাৰাবাসৰ অন্তত যোৱাকালি কাবুলত তালিবানৰ হাতত গতাই দিয়া হয়।
বাছাৰ নূৰজাই আছিল তালিবানৰ প্ৰাক্তন নেতা, দক্ষিণ আফগানিস্তানৰ অন্যতম বৃহৎ ড্ৰাগছ সৰবৰাহকাৰী আৰু ১৯৯০ চনৰ তালিবানৰ অন্যতম বৃহৎ সমৰ্থক মোল্লা মহম্মদ ওমৰৰ আত্মীয়।
২০০৫ চনত আমেৰিকাৰ নিউয়ৰ্কত হেৰ’ইনকে ধৰি ড্ৰাগছ উৎপাদন আৰু ব্যৱসায়ত ভূমিকা লোৱাৰ বাবে তেওঁক “আজীৱন কাৰাদণ্ড”ৰ শাস্তি প্ৰদান কৰা হৈছিল।
২০০৯ চনত নিউয়ৰ্কৰ অভিযুক্তৰ কাৰ্যালয়ৰ ঘোষণাত বাছাৰ নূৰজাই বিশ্বৰ অন্যতম বৃহৎ আৰু বিপজ্জনক ড্ৰাগছ সৰবৰাহকাৰী হিচাপে উল্লেখ কৰা হৈছিল, যিয়ে ড্ৰাগছ উৎপাদনৰ এক বৃহৎ নেটৱৰ্কৰ নেতৃত্ব দিয়া, হেৰ’ইন উৎপাদন কাৰখানা স্থাপন কৰাত মুখ্য ভূমিকা পালন কৰিছে আৰু লগতে কান্দাহাৰ প্ৰদেশৰ বৃহৎ পপি খেতিৰ পথাৰসমূহ ব্যৱহাৰ কৰি এইদৰে তালিবানক বিত্তীয় সাহায্য প্ৰদান কৰা।
“কিছুমানে হাজী বাছাৰক কেৱল উচ্চ পদস্থ তালিবান হিচাপে চিনাকি কৰাই দিবলৈ চেষ্টা কৰিছে, আৰু তালিবানৰ নেতাসকলক ড্ৰাগছ সৰবৰাহৰ লগত জড়িত হোৱাৰ পৰা মুক্ত কৰিবলৈ চেষ্টা কৰিছে ! আনহাতে ২০০৫ চনত নিউয়ৰ্কত হাজী বাছাৰক গ্ৰেপ্তাৰ কৰা হৈছিল; যদি হাজী বাছাৰ কেৱল মোল্লা ওমৰৰ ঘনিষ্ঠ সমৰ্থক আছিল; গতিকে নিউয়ৰ্কত তেওঁ কি কৰি আছিল? যদি তেওঁ কেৱল ড্ৰাগছ সৰবৰাহকাৰী আছিল, তেন্তে তেওঁক মুক্ত কৰিবলৈ তালিবানে ইমান চেষ্টা কিয় কৰিছিল আৰু তেওঁৰ মুক্তিৰ বাবে তেওঁলোক ইমান সুখী কিয়!? তালিবান নেতা আৰু ড্ৰাগছ সৰবৰাহৰ মাজত থকা গভীৰ সংযোগটো এটা অবিচ্ছেদ্য/অস্বীকাৰ কৰিব নোৱাৰা বিষয়, তেওঁলোকক ক’লাৰ পৰা বগা কৰিব নোৱাৰি!”
তালিবানৰ বৈদেশিক মন্ত্ৰী আমিৰ খান মোট্টাকিয়ে কয় যে, “হাজী বাছাৰ নুৰ্জাইৰ মুক্তি হৈছে “আমেৰিকা-আফগানিস্তানৰ সম্পৰ্কৰ এক নতুন অধ্যায়” আৰু ইয়াৰ পৰা দেখা যায় যে বল প্ৰয়োগ কৰাৰ পৰিৱৰ্তে আলোচনাৰ জৰিয়তে সমস্যা আৰু সমস্যা সমাধান কৰিব পৰা যায়।”
বাছাৰ নূৰজাই আজি কাবুলত এখন সংবাদমেলত কয় যে,” তালিবানৰ সহযোগিতা অবিহনে মোৰ মুক্তি সম্ভৱ নহ’লহেতেন আৰু এই পদক্ষেপে আফগানিস্তান আৰু আমেৰিকাক একেলগে ঘনিষ্ঠ কৰি তুলিব।”
ইফালে তালিবানে বাৰে বাৰে আমেৰিকাক “দখলকাৰী” বুলি অভিহিত কৰি আহিছে।

আৰু ২০ বছৰৰ পিছত আফগানিস্তান দখল কৰাটো আমেৰিকাৰ বিৰুদ্ধে এই গোটৰ মহান জেহাদৰ ফল বুলি অভিহিত কৰে।
“২০০৯ চনত নিউয়ৰ্কৰ অভিযুক্তৰ কাৰ্যালয়ৰ ঘোষণাত বাছাৰ নূৰজাই বিশ্বৰ অন্যতম বৃহৎ আৰু বিপজ্জনক ড্ৰাগছ সৰবৰাহকাৰী হিচাপে উল্লেখ কৰা হৈছিল, যিয়ে ড্ৰাগছ উৎপাদনৰ এক বৃহৎ নেটৱৰ্কৰ নেতৃত্ব দিয়া, হেৰ’ইন উৎপাদন কাৰখানা স্থাপন কৰাত মুখ্য ভূমিকা পালন কৰিছে আৰু লগতে কান্দাহাৰ প্ৰদেশৰ বৃহৎ পপি খেতিৰ পথাৰসমূহ ব্যৱহাৰ কৰি এইদৰে তালিবানক বিত্তীয় সাহায্য প্ৰদান কৰা।”
আনহাতে, আয়মান আল জাৱাহিৰীৰ হত্যা আৰু আল কায়দাৰ সৈতে তালিবানে সহযোগিতা কৰাৰ পিছত তেওঁৰ মুক্তিক প্ৰশ্নবোধক বুলি অভিহিত কৰা হৈছে আৰু নুৰজাইৰ মুক্তিৰ সন্দৰ্ভত ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

ৰাষ্ট্ৰীয় নিৰাপত্তা সঞ্চালকালয়ৰ প্ৰাক্তন সঞ্চালক “ NDS” ৰ প্ৰাক্তন সঞ্চালক ৰহমতুল্লাহ নাবিলে টুইটাৰত আমেৰিকাক প্ৰশ্ন কৰি লিখিছে: “কিছুমানে হাজী বাছাৰক কেৱল উচ্চ পদস্থ তালিবান হিচাপে চিনাকি কৰাই দিবলৈ চেষ্টা কৰিছে, আৰু তালিবানৰ নেতাসকলক ড্ৰাগছ সৰবৰাহৰ লগত জড়িত হোৱাৰ পৰা মুক্ত কৰিবলৈ চেষ্টা কৰিছে ! আনহাতে ২০০৫ চনত নিউয়ৰ্কত হাজী বাছাৰক গ্ৰেপ্তাৰ কৰা হৈছিল; যদি হাজী বাছাৰ কেৱল মোল্লা ওমৰৰ ঘনিষ্ঠ সমৰ্থক আছিল; গতিকে নিউয়ৰ্কত তেওঁ কি কৰি আছিল? যদি তেওঁ কেৱল ড্ৰাগছ সৰবৰাহকাৰী আছিল, তেন্তে তেওঁক মুক্ত কৰিবলৈ তালিবানে ইমান চেষ্টা কিয় কৰিছিল আৰু তেওঁৰ মুক্তিৰ বাবে তেওঁলোক ইমান সুখী কিয়!? তালিবান নেতা আৰু ড্ৰাগছ সৰবৰাহৰ মাজত থকা গভীৰ সংযোগটো এটা অবিচ্ছেদ্য/অস্বীকাৰ কৰিব নোৱাৰা বিষয়, তেওঁলোকক ক’লাৰ পৰা বগা কৰিব নোৱাৰি!”
ৰোস্তম আকবাৰীয়ে কৈছে: “নিঃসন্দেহে নূৰজাৰ মুক্তি আমেৰিকাই তালিবানক দিয়া অন্যতম উপহাৰ। কাৰণ তালিবানে আমেৰিকাক জাৱাহিৰীৰ স্থান দেখুৱাই দিলে আৰু আমেৰিকাই জাৱাহিৰীক আক্ৰমণ কৰাত সফল হ’ল। নুৰজাৰ মুক্তি “প্ৰতিৰক্ষাৰ ভাৰপ্ৰাপ্ত মন্ত্ৰী” মোল্লা ইয়াকুব আৰু দক্ষিণ তালিবানৰ বাবে এক প্ৰচণ্ড বিশেষ সুবিধা। সঁচাকৈয়ে এই অপৰাধীজনক মুকলি কৰি দিয়াৰ পিছত হাক্কানীসকলৰ পৰা ‘আফটাৰশ্বক’ আহিব।”
ইফালে আমেৰিকাৰ কৰ্তৃপক্ষই এই বাতৰি সন্দৰ্ভত এতিয়াও একো কোৱা নাই।
[মহাবাহুৰ বাবে এই লেখা প্ৰেৰণ কৰা অৰুজ হাকিমি এগৰাকী বিশিষ্ট আফগান সাংবাদিক]
20-09-2022
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)