আলাবৈ
অঞ্জন শৰ্মা
এটোপোলা আফুগুটি লাচিতলৈ পঠিয়াই
কৈছিল ৰামসিংহই-
“বৰফুকনে এৰি দিয়ক গুৱাহাটী, টোপোলাত
পোস্তৰ গুটি যিমান
আমাৰ সৈন্যও সিমান।”
লাচিতে প্ৰত্যুত্তৰ দিছিল-
“পোস্তৰ গুটি পটাত বতিলে পানী হ’ব, মই
পঠিয়ালো বালি এচুঙা
আমাৰ সৈন্যৰ এনয় লক্ষণ।”
[আ:, কি ঐতিহাসিক উক্তি লাচিতৰ!]
আলাবৈ!
শৰাইঘাটৰ পূৰ্বৰ আলাবৈ
ৰক্তৰঞ্জিত আলাবৈ
এক অযুত অসমসেনাৰ বধ্যভূমি আলাবৈ
ক’ত, আলাবৈ ক’ত, আলাবৈ!
ৰামসিংহ অকলে নাছিল, আছিল ৰছিদ-খাঁ
আছিল মনচুৰ-খাঁ, লতিফ-খাঁ, কপিদান;
আছিল আলি আকবৰ, ইন্দ্ৰমইন, জয়নাৰায়ণ,
মাৰুল খাঁ, ঘনশ্যাম বক্সি,…..
আছিল পোন্ধৰহাজাৰ কাড়ী-বাৰুৱতী।
লাচিতৰ স’তেও আছিল দিখৌমুখীয়া ৰাজখোৱা,
নামদৈয়ঙ্গীয়া ৰাজখোৱা, ওপৰ দৈয়ঙ্গীয়া ৰাজখোৱা, বাঘ হাজৰিকা
আছিল চাৰিঙ্গীয়া পেলন ফুকন,…..।
অসমৰ স্বাধীনতা ৰক্ষাৰ ৰণ
আলাবৈ
তেজৰ নৈ বৈ যোৱা আলাবৈ
দহহাজাৰ অসমসেনাই প্ৰাণ হেৰুওৱা আলাবৈ
আত্মোৎসৰ্গা আৰু দেশপ্ৰেমৰ স্থান
আলাবৈ
মদনাৱতীৰ ঘোঁৰাৰ খুৰাৰ শব্দ
তৰোৱালৰ ঝনঝননি, আৰ্তনাদ, কিৰিলী
গৰ্ভধাৰণ কৰি নিশ্চল হৈ পৰি থকা
আলাবৈ
মোগল সেনাৰে তয়াময়া ৰণৰ সাক্ষী
আলাবৈ ক’ত, আলাবৈ!!
ক’তেই বা আন্ধাৰুবালি আৰু ইটাখুলি!
আলাবৈ!
কিয়নো পৰিল মনত, কিয়ই বা
সুধিলো তোমাক-সিও এক প্ৰশ্ন।
এনেয়ে সুধিলো প্ৰাক্তন সহযাত্ৰী বুলি
যদিও মই সুধিবই নালাগিছিল
সুগভীৰ নিদ্ৰাৱেশত পূৰ্ণ সংজ্ঞাহীন তুমি
তুমি যে নাজানা
মই জানো নাজানো!! এক প্ৰগাঢ়
স্তব্দ্ধতাত তুমি মহালীন
কি যে এক অদ্ভুত ৰূপান্তৰ, অদ্ভুত
আশ্চৰ্যকৰ পৰিৱৰ্তন তোমাৰ দেহ-মনৰ
ইতিহাসৰ প্ৰতি কি এক মাৰ্জিত অৱহেলা
তোমাৰ
উজ্জ্বল তামৰঙী দেহৰ বৰণ
এতিয়া উজ্জ্বল গেৰুৱা
তুমি এতিয়া গেৰুৱাপুৰৰ সুন্দৰ কোৱঁৰ
তুমি ব্যস্ত এতিয়া মাৰণ-বশীকৰণত
তোমাৰ বাবে আজি অবান্তৰ ইতিহাস
ইতিহাসৰ ৰূপ ৰং গন্ধ ষ্পৰ্শ অবান্তৰ
দিগ্বলয়ত মিলি গৈছে লাচিতৰ শৌৰ্য
দুদিন আগৰ মহাশত্ৰু এতিয়া মহামিত্ৰ
শ্ৰীকৃষ্ণৰ মোহিনী ৰূপেৰে ৰূপহ ৰামসিংহ
আৰু ইতিহাসৰ পৃষ্ঠা লুটিওৱা আমিবোৰ
অসুৰ
নৰকাসুৰ,….। আৰু দেৱত্ব লভি
অমৃতৰ ভাগ পোৱা তুমি
মীৰজুমলা-ৰামসিংহৰ সহানুভূতিৰ কঙাল
তুমি
আঠু লৈ আছা দিল্লীশ্বৰৰ দৰবাৰত! ছি: ছি: ছি:, তুমি আমাকো কৰিলা লজ্জাহীন
তুমি
মৰ্মপীড়াহীন
তুমিনো কিদৰে শুনিবা আলাবৈৰ ভূমিষ্পন্দন
তোমাৰ বাবে তামাদী অসম ইতিহাস
তুমি কিদৰে দেখিবা কামৰূপৰ দলিবাৰীৰ
আলাবৈ
শৰাইঘাটৰ পূৰ্বেই য’ত অসমৰ স্বাধীনতা
শৌৰ্য-বীৰ্য ৰক্ষাৰ বাবে
মোগলৰে যুজঁত দহহাজাৰ অসমসেনাই দিছিল
স্ব-আহুতি!
তুমি কিদৰে শুনিবা লাচিতৰ সেই উক্তি-
“আমাৰ একোটা সৈন্য একোটা হাতী
মই আজি তেনে দহহাজাৰ সৈন্য
একেদিনাই হেৰুৱালো!”
তথাপিও লাচিতে নেৰিলে গুৱাহাটী
শৰাইঘাট তাৰেই সাক্ষী।।
আলাবৈৰ নাম কোনেও নোলোৱা হ’ল
আন্ধাৰুবালি লুইতত জাহ গ’ল
মোমাইকটা গড়ত মীৰজুমলাৰ ঘৰ হ’ল
অসমৰ শাসন মীৰজুমলা-ৰামসিংহৰ হ’ল
আমিনগাওঁত বণিয়াৰ ভূমি চাই চাই
ফাচীবজাৰৰ গেলাপট্টিলৈ চাই চাই
চিলাৰায়-লাচিতৰ চকুলো শুকাই গ’ল!
কিহৰ আলাবৈ!
কিয়ই বা আলাবৈ!
আলাবৈ, আন্ধাৰুবালি, ইটাখুলি, শৰাইঘাট
উচ্চাৰণ কৰাই যেন ভুল, স্বয়ং
ঔৰংজেৱৰ চকুত এতিয়া লাচিত হিন্দুবীৰ
তোমাকো নোসোধো আৰু…
তুমিও আঘাত পোৱা
তোমাক সুধিলেও আঘাত পায় বহুজনে!
[ হে লাচিত, তুমি নুবুজিবা!
কিছুমান আঘাত শিৱতকৈও অত্যাধিক
‘সতী’ৰ বাবে!! ]
আলাবৈ!
অসমসেনাৰ সহস্ৰ কংকাল সাৱটি থকা আলাবৈ
তোমাক কোটি কোটি প্ৰণাম।
হে সুহৃদ পাঠক,
আপোনাকেই সোধো সমাপ্তিৰ পূৰ্বে একাষাৰ:
স্বদেশৰ স্বাধীনতা ৰক্ষাৰ হেতু
আপুনিও কাহানিবা শুনিছেনে, ক’ৰবাত
একেদিনাই দহহাজাৰ দেশপ্ৰেমীয়ে দিছিল প্ৰাণ বিসৰ্জন?
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)