• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, March 11, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Literature History

আলাবৈ ৰণৰ সাক্ষী আতন বুঢ়াগোহাঁই

ASSAMESE SECTION / History

by Editor
August 5, 2025
in History, Remembrance, Special Report
Reading Time: 4 mins read
0
অসমৰ বুৰঞ্জী
Share on FacebookShare on TwitterShare on LinkedIn

আলাবৈ ৰণৰ সাক্ষী আতন বুঢ়াগোহাঁই

পৰেশ বৈশ্য

Paresh Baishya
 পৰেশ বৈশ্য
আলাবৈ ৰণৰ সাক্ষী আতন বুঢ়াগোহাঁই
( আলাবৈ ৰণৰ স্মৃতি দিৱস উপলক্ষে)

আহোম ৰজা জয়ধ্বজ সিংহই ৰাজ্যৰ  ৰণচালিৰ দায়িত্ব ল’বলৈ বাচনি কৰিছিল বাঁহগৰীয়া আতন গোহাঁইক। পাছলৈ তেওঁ বুঢ়াগোহাঁই বাব পায়। ১৬৬২ চনৰ পৰা ১৬৭৯ চনলৈকে প্ৰায় ১৭ বছৰ কাল তেওঁ এই পদত অধিষ্ঠিত হৈ আছিল। আহোম জাতিৰ ভাগ্য নি‌য়ন্ত্ৰণত তেখেতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

আতন  বুঢ়াগোহাঁয়ে এই সময় চোৱাত আহোম ৰাজ্যৰ ভালেমান উত্থান পতন প্ৰত্যক্ষ কৰিছিল। চক্ৰধ্বজ সিংহৰ মৃত্যু পাছত ৰাজনৈতিক ক্ষমতাৰ খোৱা কামোৰা লাগিছিল। চক্ৰধ্বজৰ মৃত্যুৰ ১১ বছৰৰ ভিতৰত  ৭ জনক আহোম ৰাজপাটত বহুৱাই পাছত হত্যা কৰা হৈছিল। এই দুৰ্যোগৰ সময়ত দেশপ্ৰেমিক আতন বুঢ়াগোহাঁয়ে নিজৰ বুদ্ধি আৰু বিবেচনাৰে ৰাজ্যখন আগুৱাই নিয়াত বিশেষ বৰঙণি যোগাইছিল।

RelatedPosts

Why Should Women and Not Men Live With And Serve Their in-laws?

Why Should Women and Not Men Live With And Serve Their in-laws?

March 8, 2026
Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

March 7, 2026
The Brahmaputra River: A Transboundary Titan of Geomorphology, Ecology, and Geopolitics

A Historical Inquiry into Climate and Environment in Assam

March 5, 2026

উল্লেখযোগ্য যে ৰজা জয়ধ্বজ সিংহই প্ৰথমতে  আতন বুঢ়াগোহাঁইক খনিকৰ বৰুৱা পাতি আহোম ৰাজ্যৰ কোঁঠ,গড় আদিৰ নিৰ্মাণ আৰু মেৰামতিৰ দায়িত্ব দিছিল।  আতন বুঢ়াগোহাঁই আছিল আহোম ৰাজ্যৰ প্ৰধানমন্ত্ৰী।  

মীৰজুমলাৰ অসম আক্ৰমণৰ সময়ত তেওঁ আছিল আহোমৰ ডিভিজনেল কামাণ্ডাৰ স্বৰূপ। তেওঁ মীৰজুমলাৰ লগত যুঁজ কৰিছিল। মীৰজুমলাৰ লগত আহোম ৰজাৰ হোৱা ঘিলাধাৰী চুক্তিত আতন বুঢ়াগোহাঁয়ে ৰজাৰ হৈ প্ৰতিনিধিত্ব কৰিছিল।  

জয়ধ্বজ সিংহৰ মৃত্যুৰ পাছত চক্ৰধ্বজ সিংহ ৰাজপাটত বহে। ৰজাই ১৬৬৫ চনত মোমাই তামূলী বৰবৰুৱাৰ পুত্ৰ লাচিতক সেনাপতি পাতি মোগলক ভেটিবলৈ কলিয়াবৰলৈ পঠিয়ায়। লগত  প্ৰধানমন্ত্ৰী আতন বুঢ়াগোহাঁয়ো আহে। কলিয়াবৰৰ পৰা মোগলক খেদি তেওঁলোক গুৱাহাটী পায় আৰু ১৬৬৭ চনত মোগলৰ হাতৰ পৰা গুৱাহাটী উদ্ধাৰ কৰে । আহোম সৈন্যই মোগলক মানাহ নদী পাৰ কৰি পঠিয়ায়। ইফালে লাচিত বৰফুকনে গুৱাহাটীত মূখ্য কাৰ্যালয় পাতে।

          পাছত আকৌ ঔৰংজেৱৰ নিৰ্দেশত ৰামসিংহই নেতৃত্বত মোগল সেনাই অসম আক্ৰমণ কৰিবলৈ আহে। ৰামসিংহই মোগলৰ লগত যুদ্ধ নকৰাকৈয়ে হাজো- শুৱালকুছি অঞ্চল দখল কৰে। এনে পৰিস্থিতিত লাচিতে গুৱাহাটীৰ চৌপাশৰ সুৰক্ষাৰ চিন্তা কৰে। লাচিতে গুৱাহাটী অঞ্চলক দুটা ভাগত ভগাই নিজে গুৱাহাটীৰ দক্ষিণ ফালৰ দায়িত্বত থাকি উত্তৰ পাৰৰ দায়িত্ব দিয়ে  আতন বুঢ়াগোহাঁইক। লগত দিয়ে সৈন্য বাহিনী আৰু চোৰাংচোৱা।

Lachit1

আতন বুঢ়াগোহাঁয়ে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ লথিয়া পৰ্বতত শিবিৰ পাতি ৰণ পৰিচালনা কৰিছিল। ৰামসিংহই আহোম লগত নানা চল -চাতুৰি কৰিও গুৱাহাটী দখলৰ সুবিধা কৰিব নোৱাৰাত আলাবৈ পাহাৰৰ সমীপৰ দক্ষিণৰ বিশাল সমতলত  মোগলে আহোমৰ লগত যুঁজ দিয়ে।  লাচিতে অৱশ্যে এই যুদ্ধখন কৰিব বিচৰা নাছিল। লাচিতে বুজি পাইছিল যে  মোগলসকল আছিল বেছি সুবিধাজনক স্থিতিত। কিন্তু স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ নিৰ্দেশত লাচিতে অনিচ্ছা সত্বেও এই যুঁজত নামে।

প্ৰথম অৱস্থাত এই স্থল যুদ্ধত আহোম সেনা জয়ী হয়। কিন্তু যুদ্ধ শেষ কৰি নিজৰ শিবিৰলৈ গৈ থকা অৱস্থাত অতৰ্কিতে  মোগলে অসমীয়া সৈন্যৰ ওপৰত  আক্ৰমণ কৰে। সেইদিনা আছিল ১৬৬৯ চনৰ ৫ আগষ্ট।  এই আক্ৰমণত ক্ষন্তেকৰ যুদ্ধত ১০ হাজাৰ অসমীয়া সৈন্যই প্ৰাণ বিসৰ্জন দিব লব লগা হয়।  এয়াই হ’ল ইতিহাস প্ৰসিদ্ধ আলাবৈ ৰণ।

এই আলাবৈ ৰণৰ জীয়া সাক্ষী আছিল আতন বুঢ়াগোহাঁই। আলাবৈ ৰণৰ  প্ৰধান দায়িত্বত আছিল আতন বুঢ়াগোহাঁই।আতন বুঢ়াগোঁহায়ে সেনাপতি লাচিতৰ লগত লগ লাগি মোগলক প্ৰতিহত কৰাৰ ৰণ কৌশল ৰচনা কৰিছিল।আলাবৈ ৰণত হাৰি লাচিত বিচলিত হৈছিল। তেতিয়া মহামন্ত্ৰী আতন বুঢ়াগোহাঁইয়ে এই বুলি বুজনি দিছিল: ” বাৰীৰ ভিতৰত পুখুৰী সিচোঁতেও আঠোটা- দহোটা মানুহক শিঙ্গিয়ে বিন্ধে। এইটো ৰণহে। এইজানি দুই- চাৰিলোক কিয় নপৰিব? “

Alaboi Mountain
আলাবৈ পাহাৰ আৰু ৰণক্ষেত্ৰ

আতন বুঢ়াগোহাঁইৰ বুদ্ধিদীপ্ত যুক্তি আৰু উদ্দীপনামূলক বচনে লাচিতক দুগুণ উৎসাহেৰে  পৰৱৰ্তী সময়ত মোগলৰ বিৰুদ্ধে যুঁজিবলৈ  লাচিতক সাহস যোগাইছিল। যাৰ পৰিণতিত আলাবৈ ৰণৰ প্ৰায় দুবছৰ পাছত হোৱা ১৬৭১ চনৰ শৰাইঘাটৰ ৰণত আহোমসকলে মোগলক পৰাস্ত কৰি বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল।

         প্ৰসংগত উল্লেখযোগ্য যে আলাবৈ ৰণৰ পাছত ১৬৭০ চনত ৰজা চক্ৰধ্বজ সিংহৰো মৃত্যু হয়। তেওঁৰ পাছত উদয়াদিত্য সিংহ আহোম ৰাজপাটত উঠে। তেওঁৰ দিনতেই ঐতিহাসিক শৰাইঘাটৰ ৰণ সংঘটিত হয়।

শৰাইঘাটৰ ৰণ জয়ৰ কিছুদিন পাছত লাচিত বৰফুকনৰ মৃত্যু হোৱাত তেওঁৰ ভাতৃ লালুকসোলাক  বৰফুকনৰ দায়িত্ব দিয়া হয় । লাচিতৰ মৃত্যুৰ পাছত কিছুদিনলৈকে লালুকসোলা আৰু আতন বুঢ়াগোহাঁই গুৱাহাটীতে আছিল।

Atan Buragohain

 কিন্তু লাচিতে উদ্ধাৰ কৰা গুৱাহাটীখন লালুকসোলা বৰফুকনে  ক্ষমতাৰ খঁকত পুনৰ মোগলক সোধায়। পাছলৈ লালুকসোলা আৰু তেওঁৰ সমৰ্থকসকলে আহোম ৰাজ্যত অৰাজকতা সৃষ্টি কৰিবলৈ উঠি পৰি লাগে।

ৰাজ্যৰ সংকটৰ সময়ত ডা -ডাঙৰীয়া সকলে আতন বুঢ়াগোহাঁইক ৰাজপাটত বহুৱাব খুজিছিল যদিও তেওঁ সেয়া গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। তেওঁ পৰ্বতীয়া ফৈদৰ খামচেও কোঁৱৰক ৰজা পাতে।

ৰজা হৈ তেওঁ চুদৈফা নাম লয়। ৰজাই যাতে তেওঁৰ নিৰ্দেশ মতে চলে তাৰ ব্যৱস্থা হিচাপে আতনে নিজৰ কন্যাক চুদৈফালৈ বিয়া দিয়ে।

পাছত লালুকসোলা আৰু তেওঁৰ সমৰ্থকসকলে চুদৈফাক হত্যা কৰি চুলিকফাক ৰাজপাটত বহুৱায়।  মহামন্ত্ৰী আতন বুঢ়াগোহাঁইক শত্ৰু জ্ঞান কৰি বন্দী কৰি ৰাখি পাছত হত্যা কৰে।

05-08-2023

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Editor

Editor

Related Posts

Why Should Women and Not Men Live With And Serve Their in-laws?
Special Report

Why Should Women and Not Men Live With And Serve Their in-laws?

by Kakali Das
March 8, 2026
0

Why Should Women and Not Men Live With And Serve Their in-laws? KAKALI DAS In India, we are  often told...

Read moreDetails
Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

March 7, 2026
The Brahmaputra River: A Transboundary Titan of Geomorphology, Ecology, and Geopolitics

A Historical Inquiry into Climate and Environment in Assam

March 5, 2026
Holi2

Holi in Barpeta, Assam: A Symphony of Colors, Culture, and Devotion

March 4, 2026
“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

March 3, 2026
Trump Confirms: Iran’s Ayatollah Khamenei Killed in Major Strikes

Will the US-Israel-Iran War and Iran’s Gulf Attacks Trigger a Major Crisis for India’s Oil, Trade, and Economy?

March 3, 2026
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d