• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, March 11, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Literature History

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

পঙ্কজ কলিতা

by Editor
August 4, 2025
in History, ASSAMESE SECTION
Reading Time: 4 mins read
0
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত
Share on FacebookShare on TwitterShare on LinkedIn

আলাবৈ ৰণ

পঙ্কজ কলিতা

Lachit Phukan1

প্ৰস্তাৱনা

RelatedPosts

বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

March 10, 2026
কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

March 8, 2026
সাগৰ দেখিলোঁ—মন্দাৰমণি!

সাগৰ দেখিলোঁ—মন্দাৰমণি!

March 8, 2026

      জীৱনৰ মৃত্যুঞ্জয়ী আকুল আহ্বানে

           বাৰে বাৰে মাতিছে আমাক,

                 তেজেৰে আমাৰ

পাণিপথ, হলদীঘাট, পলাচীৰ, শৰাইঘাটৰ

মাটি সেমেকাই

আমি তাক  কৰিছোঁ গ্ৰহন। 

ফাঁছিকাঠে মাতিছে আমাক, 

আমি তাৰ নিমন্ত্রণ প্ৰত্যাখ্যান কৰা নাই...

(দেৱকান্ত বৰুৱা)

       পৰাধীনতাৰ গধূৰ শিকলিয়ে যেতিয়া জননীৰ উচ্চ শিৰ শত্ৰুৰ সমুখত নত কৰিবলৈ বাধ্য কৰে, যেতিয়া বিদেশী শত্ৰুৰ নিৰ্যাতনে স্বদেশীৰ জীৱন দুৰ্ব্বিসহ কৰি তোলে, তেতিয়া জননীৰ হাতৰপৰা পৰাধীনতাৰ শিকলি ছিঙি দি স্বাধীনতাৰ মাণিকখটোৱা মুকুটেৰে জননীৰ শিৰ পুনৰ সুশোভিত কৰিবলৈ অসংখ্য দেশপ্ৰেমিকৰ বিপ্লৱী ৰক্তই টগবগাই উঠে।

স্বতন্ত্ৰতাৰ বাবে যেতিয়াই এইসকল দেশপ্ৰমিকে নিজৰ প্ৰাণকো তুচ্ছজ্ঞান কৰি আগবাঢ়ি আহিছে, তেতিয়াই যুগে যুগে সৃষ্টি হৈছে অজস্ৰ ৰক্তক্ষয়ী সংগ্ৰামৰ। এনে এক ৰক্তক্ষয়ী সংগ্ৰামেই আছিল ১৬৬৯ চনৰ আলাবৈৰ ৰণ– মাতৃভূমিক বিদেশী শত্ৰুৰ বন্ধনৰ পৰা মুক্ত কৰি স্বতন্ত্ৰতাৰ বৰমল্য পিন্ধাই দিয়াৰ স্বাৰ্থত অসমীয়া সেনাৰ বীৰত্ব আৰু প্ৰাণত্যাগৰ এক চূড়ান্ত নিদৰ্শন।

শৰাইঘাটৰ যুদ্ধৰ পটভূমিত আলাবৈ ৰণ

পটভূমি

স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাজত্বকালত মোগল সেনাপতি মিৰজুমলাৰ নেতৃত্বত মোগল সেনাই অসমৰ মাটিত ৰণশিঙা ঝঙ্কাৰিত কৰে। ১৬৬২ চনৰ জানুৱাৰী মাহৰপৰা ১৬৬৩ চনৰ আৰম্ভণিলৈকে প্ৰায় এটা বছৰজোৰা যুদ্ধত আহোম সেনাৰ বাৰাম্বাৰ পৰাজয় ঘটে। আনকি খোদ স্বৰ্গদেৱেও ৰাজধানী এৰি পাহাৰলৈ পলাই যাব লগা অৱস্থা হয়।

এনে পৰিস্থিতিত অৱশেষত ১৬৬৩ চনত জয়ধ্বজ সিংহই অসন্মানজনক ঘিলাধাৰীঘাটৰ সন্ধিত স্বাক্ষৰ কৰিবলৈ বাধ্য হয়। ইয়াৰ লগে লগেই ভৰলী নদীৰ সিপাৰৰ, আহোম ৰাজ্যৰ অধীনস্থ গুৱাহাটীসহ সম্পূৰ্ণ নামনি অসম মোগলৰ অধীনলৈ গৈছিল। তাৰোপৰি স্বৰ্গদেউ জয়ধ্বজ সিংহই সোণ-ৰূপ-হস্তীসহ বৃহৎ অংকৰ ক্ষতিপূৰণ মোগল সম্ৰাটক বহন কৰিব লগা হৈছিল।

       চ্যুকাফা প্ৰমুখ্যে পূৰ্বজ ‘পুলিন-পোথাও’ সকলৰ ঐকান্তিক প্ৰচেষ্টাত গঢ় লৈ উঠা আহোম সাম্ৰাজ্যৰ এনে দুৰ্গতি দেখি জয়ধ্বজ সিংহ শোক আৰু আত্মগ্লানিত একপ্ৰকাৰ ভাগি পৰিছিল। কিন্তু তাৰ পিছতো তেওঁ নিৰুৎসাহ নহ’ল, বৰঞ্চ  চুবুৰীয়া কোচ, কছাৰী, জয়ন্তীয়া আদি ৰাজ্যৰ ৰজাসকলৰ সৈতে মিত্ৰতা কৰি তেওঁলোকৰ সহায়ত জীৱনৰ অন্তিম মূহুৰ্তলৈকে চলাই গ’ল মোগলৰ হাতৰপৰা অসমক স্বাধীন কৰাৰ বাবে নিৰন্তৰ প্ৰস্তুতি।

অৱশ্যে পৰাজয়ৰ গ্লানি শিৰত লৈ তেওঁ বেছিদিন জীয়াই নাথাকিল, ১৬৬৩ চনৰ শেষৰ ফালে তেওঁ স্বৰ্গগামী হ’ল। মৃত্যুৰ পূৰ্বে তেওঁৰ উত্তৰাধিকাৰী চক্ৰধ্বজ সিংহক দি গ’ল তেওঁৰ অপূৰ্ণ সপোনক সাকাৰ ৰূপ দিয়াৰ গধুৰ দ্বায়িত্ব।

      স্বৰ্গদেউ চক্ৰধ্বজ সিংহও তেওঁৰ পূৰ্বজ সকলৰ দৰেই অত্যন্ত স্বাধীনতাপ্ৰিয় নৃপতি আছিল। তেওঁ বিশ্বাস কৰিছিল, “বঙালৰ অধীন হৈ থাকিবতকৈ মৰণেহে যুগুত।” মোগলক বিতাড়িত কৰি অসমৰ অখণ্ডতা পুনৰ অক্ষুণ্ণ ৰখাৰ স্বপ্নই সিংহাসনত আৰোহণ কৰাৰ সময়ৰেপৰাই তেওঁৰ হৃদয়ত দোলা দি আছিল। কিন্তু মিৰজুমলাৰ আক্ৰমণে জুৰুলা কৰা আহোম ৰাজ্য তেতিয়া মোগলৰ বিৰূদ্ধে যুঁজ দিব পৰাকৈ প্ৰস্তুত নাছিল।

সেয়ে ৰাজমন্ত্ৰী আতন বুঢ়াগোহাঁইৰ পৰামৰ্শ অনুসৰি স্বৰ্গদেৱে মুখেৰে মিত্ৰতাৰ কথা কৈ, দিব লগা কৰ কাটলৰো কিছু অংশ পৰিশোধ কৰি ভিতৰি যুদ্ধৰ প্ৰস্তুতি চলালে। যাৱতীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি ১৬৬৭ চনৰ ২০ আগষ্টৰ দিনা, অসীম সাহসী বীৰ লাচিত বৰফুকনৰ নেতৃত্বত এটি বৃহৎ সৈন্যদল ব্ৰহ্মপুত্ৰইদি ভটিয়াই গুৱাহাটীৰ দিশে যুদ্ধযাত্ৰা আৰম্ভ কৰে আৰু এনেদৰেই ইতিহাস প্ৰসিদ্ধ শৰাইঘাট মহাসমৰৰ সূত্ৰপাত ঘটে।

     খুব সোনকালেই আহোম সেনাই তদানীন্তন মোগল ফৌজাদাৰ চৈয়দ ফিৰোজ খাঁক যুদ্ধত হৰুৱাই ক্ৰমান্বয়ে বাঁহবাড়ী গড়, কাজলী গড়, সোণাপুৰ গড়, পানীখাইতী গড় আদি মোগল অধিকৃত দুৰ্গসমূহ এফালৰ পৰা নিজৰ দখললৈ আনে। একে সময়তে অসমৰ চুবুৰীয়া  কেইবাখনো মিত্ৰ ৰাজ্যৰ সেনা আহি অসমীয়া সৈন্যদলৰ সৈতে একত্ৰিত হোৱাত তেওঁলোকৰ শক্তি আৰু বৃদ্ধি পায়।

ইয়াৰ পিছৰ পৰ্যায়ত, ৪ নৱেম্বৰৰ দিনা বুদ্ধিমান ‘চোৰবচা’ অসমীয়া সৈন্যই মোগল অধিকৃত ইটাখুলি দুৰ্গৰ ওপৰৰ কামান-হিলৈবোৰত পানী ভৰাই সেইবোৰ ব্যৱহাৰৰ অযোগ্য কৰি তুলিছিল, যাৰ বাবে এদিনীয়া যুদ্ধৰ অন্তত দুৰ্লংঘনীয় ইটাখুলিৰ দুৰ্গও আহোম সেনাৰ হাতলৈ আহে। এই বাৰ্তা পাই সম্ৰাট ঔৰংগজেৱে চৈয়দ চানা আৰু চৈয়দ ফিৰোজ নামৰ দুজন সেনাপতিৰ নেতৃত্বত আন এদল সৈন্য অসমলৈ প্ৰেৰণ কৰে।

কিন্তু বৰফুকন নেতৃত্বাধীন অসমীয়া সেনাই এই দলটোকো চূড়ান্তভাৱে পৰাজিত কৰে আৰু দুয়োজন মোগল সেনাপতিকে বন্দী কৰি গড়গাঁৱলৈ প্ৰেৰণ কৰে।

       এনে ভীষণ পৰাজয়ৰ বাতৰিত তীব্ৰ অপমানিত হৈ ঔৰংগজেৱে ১৬৬৯ চনত ৭৮ সহস্ৰ সৈন্যসহ অম্বৰাধিপতি জয়সিংহৰ পুত্ৰ ৰামসিংহক অসম আক্ৰমণৰ বাবে প্ৰেৰণ কৰে। এই বাহিনীটো অসমৰ মাটিত ভৰি দিয়াৰ আগতেই অসমীয়া সেনাৰ একান্ত কৰ্তব্যনিষ্ঠা, লাচিতৰ সবল নেতৃত্ব তথা আপোন মাতুলৰ কটা শিৰৰ বিনিময়ত আমিনগাঁৱৰ সমীপত এটা নিশাৰ ভিতৰতে গঢ় লৈ উঠে দুৰ্ভেদ্য ‘মোমাই কটা গড়’।

এই গড় নিৰ্মাণৰ পিছত লাচিত বৰফুকন নেতৃত্বাধীন অসমীয়া সেনাই দুগুণ উৎসাহেৰে যুদ্ধৰ প্ৰস্তুতি আৰম্ভ কৰে। ইতিমধ্যে অসমত বাহৰ পতা ৰামসিংহই বাৰে বাৰে কটকী পঠিয়াই সন্ধিৰ প্ৰস্তাৱ দিও ব্যৰ্থ হয়। আনহাতে সেই সময়ত জল-স্থল উভয়তে হোৱা কেইবাখনো যুদ্ধত অসমীয়া সেনাৰ কৌশলী আক্ৰমণত মোগল সেনাৰ অৱস্থা শোচনীয় হৈ পৰে।

এনে পৰিস্থিতিত ৰামসিংহই স্বৰ্গদেউ চক্ৰধ্বজ সিংহক দ্বন্দ্বযুদ্ধৰ প্ৰস্তাৱ দিয়ে। এনে প্ৰস্তাৱত ভীষণ ক্ৰোধান্বিত হৈ স্বৰ্গদেৱে লাচিতক মোগলৰ ওপৰত আক্ৰমণ চলাবলৈ নিৰ্দেশ দিয়ে। ফলস্বৰূপে অনিচ্ছা স্বত্বেও লাচিতে দলিবাৰীৰ ওচৰৰ আলাবৈ পথাৰত মোগলৰ সৈতে সমুখ সমৰত লিপ্ত হয়। এই সমৰেই বুৰঞ্জীৰ লিপিবদ্ধ হৈ ৰৈছিল  আলাবৈৰ ৰণ নামেৰে।

শৰাইঘাটৰ যুদ্ধৰ পটভূমিত আলাবৈ ৰণ

আলাবৈৰ ৰণ

ৰামসিংহৰ দ্বন্দ্বযুদ্ধৰ প্ৰস্তাৱত ধৈৰ্যচ্যুত হৈ স্বৰ্গদেউ চক্ৰধ্বজ সিংহই শীঘ্ৰেই মোগলক আক্ৰমণ কৰিবলৈ বৰসেনাপতি লাচিত বৰফুকনক নিৰ্দেশ দিয়ে  অন্যথা মহিলাৰ পোছাক পিন্ধি নিজকে কাপুৰুষ বুলি পৰিচয় দিবলৈও বৰফুকনক উপদেশ দিয়ে। ফলস্বৰূপে ১৬৬৯ চনৰ ৫ আগষ্টৰ দিনা প্ৰায় ৪০০০০ অসমীয়া সৈন্যসহ বৰসেনাপতি লাচিত বৰফুকনে আলাবৈ পথাৰত মোগলৰ বিৰুদ্ধে পোনপটীয়া সমৰত লিপ্ত হয়।

প্ৰকৃতাৰ্থত বৰফুকন এনে এখন যুদ্ধৰ প্ৰতি আগ্ৰহী নাছিল। কাৰণ ইতিমধ্যে ৰামসিংহই হাজোৰ পৰা আগবাঢ়ি আহি দলিবাৰীৰ ওচৰৰ আলাবৈত কোঠ মাৰি বহিছিল। মোগলৰ কোঠ আছিল পাহাৰৰ ওপৰত, এনে এখন ঠাইত সমুখ সমৰত লিপ্ত হ’লে পাহাৰৰ ওপৰৰ পৰা আক্ৰমণ কৰাত যে মোগলৰ বাবেই সুচল হব, সেয়া লাচিতে পূৰ্বানুমান কৰিব পাৰিছিল।

কিন্তু ইতিমধ্যে যুদ্ধৰ বাবে আদেশ কৰা স্বৰ্গদেউ নিজৰ সিদ্ধান্তত অলৰ-অচৰ আছিল, আৰু ৰাজ-আজ্ঞা অমান্য কৰাটো বৰফুকনৰ বাবে সম্ভৱপৰ নাছিল। ফলস্বৰূপে ৫ আগষ্টৰ দিনা অসমীয়া সৈন্য যুদ্ধৰ বাবে মুকলিকৈ ওলাই আহে। ৰামসিংহয়ো এই সুযোগৰ বাবেই অপেক্ষা কৰি আছিল, তেওঁৰ দ্বন্দ্বযুদ্ধৰ প্ৰত্যাহ্বানৰো উদ্দেশ্য আছিল অসমীয়া সেনাক উত্তেজিত কৰি অসুচল ৰণভূমি আলাবৈলৈ মুকলিকৈ উলিয়াই অনা।

সেয়ে সুযোগ সন্ধানী মোগল সেনাই তেওঁলোকৰ ওপৰত তীব্ৰ আক্ৰমণ চলায়।

Alaboi Mountain
আলাবৈ পাহাৰ আৰু ৰণক্ষেত্ৰ

প্ৰবাদমতে এই যুদ্ধত মোগলসকলৰ নেতৃত্ব দিছিল মদনাৱতী নামৰ  এগৰাকী ৰাজপুত নাৰীয়ে। প্ৰথমাৱস্থাত মোগল সেনাই আহোমক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল যদিও আহোম সেনাই পিছত চাতুৰ্যতাৰে পূৰ্বে খান্দি থোৱা খাৱৈত পেলাই তেওঁক হত্যা কৰে। এনে পৰিস্থিতিত অসমীয়া সেনাৰ বিজয় নিশ্চিত যেন দেখি ৰামসিংহই মীৰ নবাব নেতৃত্বাধীন ‘তুৰক চোঁৱাৰী’ (অশ্বাৰোহী) বাহিনীক যুদ্ধ চলাবলৈ নিৰ্দেশ দিয়ে সেইমতে তেওঁলোকেও প্ৰচণ্ড বেগেৰে আক্ৰমণ চলাই অসমীয়া সেনাক কচুকটা দিয়ে।

মাত্ৰ এদিনৰ যুদ্ধতে প্ৰায় দহ হেজাৰ অসমীয়া সৈন্যৰ মৃত্যু ঘটে, অসংখ্যজন চিৰদিনৰ বাবে ঘুণীয়া হয়। এনে নিদাৰুণ ঘটনাত শোকত ভাগি পৰি বৰফুকনে দহ সহস্ৰ সৈন্যৰ মৃত্যুৰ খবৰ স্বৰ্গদেৱলৈ পঠোৱাৰ যো-জা কৰিছিল। কিন্তু বিচক্ষণ প্ৰধানমন্ত্ৰী আতন বুঢ়াগোহাঁয়ে অশেষ বুজনিৰে তেওঁক শান্ত কৰিছিল। অৱশ্যে ১৬৬৯ চনৰ শেষৰ ফালে এই খবৰ স্বৰ্গদেউৰ কাণত পৰিছিল আৰু তেঁৱো মৰ্মান্তিক বেজাৰ পাইছিল। আনকি কোনো কোনো ইতিহাসবিদৰ মতে এই দুখতে কিছুদিন পিছত চক্ৰধ্বজ সিংহৰ মৃত্যু হয়।

       সামৰিক দৃষ্টিকোণৰপৰা চাবলৈ গ’লে আলাবৈ ৰণত অসমীয়াৰ বিপৰ্যয়ৰ প্ৰধান কাৰণ আছিল যথোপযুক্ত পৰিকল্পনা তথা প্ৰস্তুতিৰ অভাৱ। ইয়াৰ মূলতেই আছিল স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ যুদ্ধৰ বাবে বিবেচনাবিহীন তাৎক্ষণিক আদেশ। আলাবৈৰ দৰে এখন মুক্ত পথাৰ মোগলৰ সৈতে যুদ্ধ কৰাৰ বাবে কোনো দিশৰপৰা সুচল নাছিল।  তাৰোপৰি এখন যুদ্ধত জয়ী হবৰ বাবে যি সুনিৰ্দিষ্ট পৰিকল্পনাৰ প্ৰয়োজন, আলাবৈৰ ৰণত তাৰ অভাৱ আছিল।

এইখিনিতে আমি প্ৰসিদ্ধ সাহিত্যিক লিউ টলষ্টয়ৰ বিখ্যাত “ৱাৰ এণ্ড পিছ” উপন্যাসত বৰ্ণিত অষ্টাৰলিজৰ যুদ্ধলৈ লক্ষ্য কৰিব পাৰো। অষ্টাৰলিজৰ পৰিৱেশো একপ্ৰকাৰ আলাবৈৰ দৰেই আছিল। সেয়ে এনে এখন ঠাইত যুদ্ধ কৰাটো সঠিক সিদ্ধান্ত নহব বুলি ৰাছিয়াৰ প্ৰধান সেনাপতি কুটুজভে পূৰ্বানুমান কৰিছিল।

কিন্তু অষ্ট্ৰিয়াৰ আত্মগৌৰৱী সেনাপতিসকলৰ অবিবেচকী যুদ্ধাদেশৰ বাবেই অষ্ট্ৰিয়া-ৰাছিয়াৰ সন্মিলিত বৃহৎ সৈন্যদলে ফৰাচী সেনাপতি নেপোলিয়নৰ হাতত পুতৌজনক ভাৱে পৰাজয়বৰণ কৰিছিল।

শৰাইঘাটৰ যুদ্ধৰ পটভূমিত আলাবৈ ৰণ

একেই কাহিনী, সদৃশ পটভূমি আলাবৈৰ ক্ষেত্ৰতো। পাহাৰৰ ওপৰৰ পৰা আক্ৰমণ চলোৱা মোগলৰ অশ্বাৰোহী সেনাক প্ৰতিহত কৰাটো সেই সময়ৰ অসমীয়াৰ বাবে বাবে প্ৰায় অসম্ভৱ আছিল। মধ্যযুগৰ অসমত পৰ্যাপ্ত পৰিমাণে হাতী পোৱা গৈছিল, কিন্তু ঘোঁৰা তেওঁলোকৰ বাবে এবিধ দুৰ্লভ  তথা ভয়ংকৰ প্ৰাণী আছিল।

মিৰজুমলাৰ লগত অহা মোগল পৰিব্ৰাজক চিহাবুদ্দিন  তালিছে তেওঁৰ “ফাতিহা-ই-ইব্ৰিয়া” গ্ৰন্থত উল্লেখ কৰিছিল যে দহজন মোগল সেনাক অকলে বলাব পৰা অসমীয়া সেনাসকলে কিন্তু এজন অশ্বাৰোহী দেখিলেই পিছ হুঁহুকি গৈছিল।

চতুৰ সেনাপতি ৰামসিংহয়ো এইটো দুৰ্বলতাৰে সুযোগ লৈছিল। অৱশ্যে হাবিতলীয়া পৰিৱেশত যুদ্ধ হলে অসমীয়া সেনাই কৌশলেৰে অশ্বাৰোহী সৈন্যকো ফান্দত পেলাই পৰাস্ত কৰাত সিদ্ধহস্ত আছিল। কিন্তু আলাবৈৰ দৰে মুকলি ঠাইত তেনে কোনো কৌশল প্ৰয়োগ কৰাৰ অৱকাশ নাপালে। সেয়ে আলাবৈৰ ৰণত মোগলৰ জয়ত তেওঁলোকক আলাবৈৰ অৱস্থিতিয়ে পূৰ্ণ সহযোগ কৰিছিল বুলি কব পাৰি।

এক কথাত এয়া কেৱল সামৰিক নহয়, বৰঞ্চ তেওঁলোকৰ এটা কুটনৈতিক সফলতা আছিল।

আলাবৈ ৰণৰ ফলাফল

 আলাবৈ ৰণত অসমীয়াৰ বিস্তৰ তথা অভূতপূৰ্ব ক্ষতি হৈছিল। মাত্ৰ এটা দিনৰ যুদ্ধত দহ হাজাৰ সৈন্যৰ মৃত্যুৰ  অসমৰ বুৰঞ্জীত হয়তো এয়াই প্ৰথম আছিল। আলাবৈৰ ৰণে অসমীয়াৰ হৃদয়ত কাহানিও নুশুকোৱা এটুকুৰা ঘাঁৰ সৃষ্টি কৰি থৈ গ’ল।

       অন্যহাতেদি, এই যুদ্ধত মোগল সেনাৰো বিশেষ লাভ হোৱা নাছিল। তেওঁলোকৰো মৃত সৈন্যৰ সংখ্যা নিচেইকৈ কম নাছিল। মদনাৱতীকে ধৰি অনেক মোগল সেন্য তথা সেনা বিষয়া অসমীয়াৰ হেংদানৰ আঘাতত মৃত্যুৰ কোলাত ধলি পৰিছিল। উল্লেখ্য যে সেইদিনা অসমীয়া সেনাৰ এনে দু্ৰ্দশা কৰিও মোগলে কিন্তু গুৱাহাটী দখল কৰাত ব্যৰ্থ হৈছিল। আলাবৈ ৰণৰ পিছতো গুৱাহাটীৰ আহোম ৰাজ্যৰ অধীনস্থ হৈয়েই আছিল।

     আলাবৈৰ যুদ্ধই প্ৰধানমন্ত্ৰী আতন বুঢ়াগোহাঁই আৰু সেনাপতি লাচিত বৰফুকনৰ ধৈৰ্য তথা বিচক্ষণতাৰ পুনৰবাৰ প্ৰমাণ দিছিল। দহ হাজাৰ সৈন্যৰ মৃত্যুত মিয়ম্ৰাণ হৈ যেতিয়া বৰফুকনে স্বৰ্গদেউলৈ খবৰ পঠিয়াবলৈ সাজু হৈছিল, সেই মূহুৰ্তত বুঢ়াগোহাঁয়ে কৈছিল, “বাৰীৰ ভিতৰত পুখুৰী খান্দিলেও আঠোটা-দহোটা মানুহক শিঙিয়ে বিন্ধে। এয়া ৰণহে হৈছে, গতিকে দুই চাৰি লোক কিয় নপৰিব?”

লাচিতেও বুঢ়াগোহাঁইৰ কথা বিবেচনা কৰি নিজৰ সিদ্ধান্ত সলাই পুনৰ উৎসাহেৰে পৰৱৰ্তী যুদ্ধৰ বাবে সাজু হৈছিল। বিচক্ষণতাৰে সিদ্ধান্ত গ্ৰহণ আৰু ক্ষিপ্ৰতাৰে তাক কাৰ্যকৰী কৰাত বৰফুকন আৰু বুঢ়াগোহাঁই দুয়ো অদ্বিতীয় আছিল। প্ৰকৃতাৰ্থত এনেবোৰ গুণৰ সমাৱেশেই আছিল শৰাইঘাটৰ ৰণৰ বিজয়ৰ মূল অস্ত্ৰ।

      আলাবৈৰ ৰণে অসমীয়াক যুদ্ধত প্ৰাকৃতিক পৰিৱেশৰ সহায় লোৱাৰ অপৰিহাৰ্যতা সম্পৰ্কে সোঁৱৰাই দিছিল। পূৰ্বৰে পৰা অসমীয়া সেনাই যুদ্ধত অস্ত্ৰৰ সমানে অসমৰ প্ৰতিকূল জলবায়ু, নদ-নদী আদিৰ সুবিধা লৈছিল। কিন্তু আলাবৈ পথাৰত মুকলিকৈ হোৱা যুদ্ধত অসমীয়া বাহিনীয়ে প্ৰকৃতিৰ সহায় লোৱাত ব্যৰ্থ হৈছিল, যাৰ বাবে যুদ্ধৰ ফলাফল তেওঁলোকৰ বিপৰীতে গৈছিল।

     আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ’ল, এই যুদ্ধই লাচিত বৰফুকন প্ৰমুখ্যে অসমীয়া বাহিনীক মোগলৰ সামৰ্থ তথা কুটনীতিৰ সৈতে ভালকৈ পৰিচিত কৰাই দিছিল। চকুৰ সমুখতে দহ সহস্ৰ জ্ঞাতি-কুটুম্বৰ সংহাৰলীলা দেখি অসমীয়া সেনাৰ হৃদয়ত কেৱল শোক নহয়, প্ৰতিশোধৰ দাৱানলো টগবগাই জ্বলি উঠিছিল। এই প্ৰতিশোধ পূৰ্ণ হৈছিল শৰাইঘাটৰ অন্তিম যুদ্ধত মোগলৰ পতনৰ যোগেদি।

সেইদিনা নিশাৰ যুদ্ধত মোগলৰ ৰক্তৰে লুইতৰ বুকুত আহুতি দি অসমীয়াই আলাবৈৰ ক্ষতি সম্পূৰ্ণৰূপে পূৰ্ণ কৰিছিল। সেয়ে প্ৰকৃতাৰ্থত আলাবৈৰ ৰণ অসমীয়াৰ পৰাজয় নহয়, সেয়া আছিল শেষ বিজয়ৰ বাবে দেশপ্ৰেমী অসমীয়া সেনাৰ এক মহাত্যাগ।

উপসংহাৰ: আলাবৈৰ ৰণ কেৱল ১০০০০ অসমীয়া সৈন্যৰ সাহস আৰু আত্মত্যাগৰ সাক্ষী নহয়, এয়া জননীস্বৰূপ মাতৃভূমিৰ প্ৰতি সন্তানৰ প্ৰেম তথা দ্বায়িত্ববোধৰো এক অদ্বিতীয় নিদৰ্শন। সম্প্ৰতি সৰ্বত্ৰ গণ-হতাশা, সুবিধাবাদী তথা বিভাজনমুখী ৰাজনৈতিক পৰিস্থিতিলৈ চাই  প্ৰতিজন অসমীয়াই আলাবৈৰ পৰা শিক্ষা লোৱাৰ থল আছে বুলি গণ্য কৰিব পাৰি।

তাহানিৰ আলাবৈ আজি নাই, কিন্তু আলাবৈ ৰণৰ ত্যাগৰ কাহিনী আজিও আদৰ্শ হৈ আছে।

[ অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়ে ঐতিহাসিক আলাবৈ ৰণৰ পটভূমিত আয়োজন কৰা অসম ভিত্তিক ৰচনা প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰপ্ৰাপ্ত পঙ্কজ কলিতাৰ ‘শৰাইঘাটৰ যুদ্ধৰ পটভূমিত আলাবৈ ৰণ’ মহাবাহুৰ পাঠকসমাজৰ বাবে ৫ জুলাই, ২০২০ চনত আলাবৈ ৰণৰ ৩৫১ বছৰ পূৰ্ণ হোৱা উপলক্ষে আগবঢ়োৱা হ’ল। লেখক যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ। তেওঁলৈ আমাৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলো।- সম্পাদক, মহাবাহু]

05-07-2020

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: আলাবৈ ৰণদেৱকান্ত বৰুৱাশৰাইঘাটৰ যুদ্ধ
Editor

Editor

Related Posts

বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 
Climate Change

বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

by Editor
March 10, 2026
0

বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 'বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী' অৰ্পণ বজালী জিলা আয়ুক্তৰ বিশেষ প্ৰচেষ্টা মহাবাহু ক্লাইমেট ফোৰামৰ প্ৰশংসনীয় পদক্ষেপ অসম...

Read moreDetails
কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

March 8, 2026
সাগৰ দেখিলোঁ—মন্দাৰমণি!

সাগৰ দেখিলোঁ—মন্দাৰমণি!

March 8, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

March 8, 2026
নাৰীৰ মানসিক স্বাস্থ্য 

নাৰীৰ মানসিক স্বাস্থ্য 

March 8, 2026
স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

March 7, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Air Quality Management System Handed Over to Bajali HS School by Forest Department, Bajali District Administration & Mahabahu Climate Forum

Air Quality Management System Handed Over to Bajali HS School by Forest Department, Bajali District Administration & Mahabahu Climate Forum

March 10, 2026
বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

March 10, 2026
Musk

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!

March 10, 2026
How is this Middle-East War 2026 different?

How is this Middle-East War 2026 different?

March 9, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    28401 shares
    Share 11360 Tweet 7100
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11381 shares
    Share 4552 Tweet 2845
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    119 shares
    Share 48 Tweet 30
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    110 shares
    Share 44 Tweet 28
  • Mahabahu and HCI in Shillong: NEHU Geography Students Rise to the Challenge of Climate Action

    105 shares
    Share 42 Tweet 26
  • Manipur Sees Fresh Ethnic Tensions: Prohibitory Orders in Ukhrul’s Litan

    91 shares
    Share 36 Tweet 23
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3521 shares
    Share 1408 Tweet 880
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    81 shares
    Share 32 Tweet 20
  • WSDS 2026 Concludes in New Delhi: Urgent Call for Energy Justice, Climate Finance Reform

    68 shares
    Share 27 Tweet 17
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d