• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, August 17, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Cultural Poetry

আলাবৈ ক’ত, আলাবৈ!!

ASSAMESE SECTION / History / Poem

by Anjan Sarma
August 5, 2025
in ASSAMESE SECTION, Poetry
Reading Time: 6 mins read
0
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত
Share on FacebookShare on TwitterShare on LinkedIn

আলাবৈ

অঞ্জন শৰ্মা

Anjan Sarma
অঞ্জন শৰ্মা

এটোপোলা আফুগুটি লাচিতলৈ পঠিয়াই

কৈছিল ৰামসিংহই-

“বৰফুকনে এৰি দিয়ক গুৱাহাটী, টোপোলাত

পোস্তৰ গুটি যিমান

আমাৰ সৈন‍্যও সিমান।”

লাচিতে প্ৰত‍্যুত্তৰ দিছিল-

“পোস্তৰ গুটি পটাত বতিলে পানী হ’ব, মই

পঠিয়ালো বালি এচুঙা

আমাৰ সৈন্যৰ এনয় লক্ষণ।”

[আ:, কি ঐতিহাসিক উক্তি লাচিতৰ!]

আলাবৈ!

শৰাইঘাটৰ পূৰ্বৰ আলাবৈ

ৰক্তৰঞ্জিত আলাবৈ

এক অযুত অসমসেনাৰ বধ‍্যভূমি আলাবৈ

ক’ত, আলাবৈ ক’ত, আলাবৈ!

ৰামসিংহ অকলে নাছিল, আছিল ৰছিদ-খাঁ

আছিল মনচুৰ-খাঁ, লতিফ-খাঁ, কপিদান;

আছিল আলি আকবৰ, ইন্দ্ৰমইন, জয়নাৰায়ণ,

মাৰুল খাঁ, ঘনশ‍্যাম বক্সি,…..

আছিল পোন্ধৰহাজাৰ কাড়ী-বাৰুৱতী।

লাচিতৰ স’তেও আছিল দিখৌমুখীয়া ৰাজখোৱা,

নামদৈয়ঙ্গীয়া ৰাজখোৱা, ওপৰ দৈয়ঙ্গীয়া ৰাজখোৱা, বাঘ হাজৰিকা

আছিল চাৰিঙ্গীয়া পেলন ফুকন,…..।

অসমৰ স্বাধীনতা ৰক্ষাৰ ৰণ

আলাবৈ

তেজৰ নৈ বৈ যোৱা আলাবৈ

দহহাজাৰ অসমসেনাই প্ৰাণ হেৰুওৱা আলাবৈ

আত্মোৎসৰ্গা আৰু দেশপ্ৰেমৰ স্থান

আলাবৈ

মদনাৱতীৰ ঘোঁৰাৰ খুৰাৰ শব্দ

তৰোৱালৰ ঝনঝননি, আৰ্তনাদ, কিৰিলী

গৰ্ভধাৰণ কৰি নিশ্চল হৈ পৰি থকা

আলাবৈ

মোগল সেনাৰে তয়াময়া ৰণৰ সাক্ষী

আলাবৈ ক’ত, আলাবৈ!!

ক’তেই বা আন্ধাৰুবালি আৰু ইটাখুলি!

আলাবৈ ক'ত, আলাবৈ!!

আলাবৈ!

কিয়নো পৰিল মনত, কিয়ই বা

সুধিলো তোমাক-সিও এক প্ৰশ্ন।

এনেয়ে সুধিলো প্ৰাক্তন সহযাত্ৰী বুলি

যদিও মই সুধিবই নালাগিছিল

সুগভীৰ নিদ্ৰাৱেশত পূৰ্ণ সংজ্ঞাহীন তুমি

তুমি যে নাজানা

মই জানো নাজানো!! এক প্ৰগাঢ়

স্তব্দ্ধতাত তুমি মহালীন

কি যে এক অদ্ভুত ৰূপান্তৰ, অদ্ভুত

আশ্চৰ্যকৰ পৰিৱৰ্তন তোমাৰ দেহ-মনৰ

ইতিহাসৰ প্ৰতি কি এক মাৰ্জিত অৱহেলা

তোমাৰ

উজ্জ্বল তামৰঙী দেহৰ বৰণ

এতিয়া উজ্জ্বল গেৰুৱা

তুমি এতিয়া গেৰুৱাপুৰৰ সুন্দৰ কোৱঁৰ

তুমি ব‍্যস্ত এতিয়া মাৰণ-বশীকৰণত

তোমাৰ বাবে আজি অবান্তৰ ইতিহাস

ইতিহাসৰ ৰূপ ৰং গন্ধ ষ্পৰ্শ অবান্তৰ

দিগ্বলয়ত মিলি গৈছে লাচিতৰ শৌৰ্য

দুদিন আগৰ মহাশত্ৰু এতিয়া মহামিত্ৰ

শ্ৰীকৃষ্ণৰ মোহিনী ৰূপেৰে ৰূপহ ৰামসিংহ

আৰু ইতিহাসৰ পৃষ্ঠা লুটিওৱা আমিবোৰ

অসুৰ

নৰকাসুৰ,….। আৰু দেৱত্ব লভি

অমৃতৰ ভাগ পোৱা তুমি

মীৰজুমলা-ৰামসিংহৰ সহানুভূতিৰ কঙাল

তুমি

আঠু লৈ আছা দিল্লীশ্বৰৰ দৰবাৰত! ছি: ছি: ছি:, তুমি আমাকো কৰিলা লজ্জাহীন

তুমি

মৰ্মপীড়াহীন

তুমিনো কিদৰে শুনিবা আলাবৈৰ ভূমিষ্পন্দন

তোমাৰ বাবে তামাদী অসম ইতিহাস

তুমি কিদৰে দেখিবা কামৰূপৰ দলিবাৰীৰ

আলাবৈ

শৰাইঘাটৰ পূৰ্বেই য’ত অসমৰ স্বাধীনতা

শৌৰ্য-বীৰ্য ৰক্ষাৰ বাবে

মোগলৰে যুজঁত দহহাজাৰ অসমসেনাই দিছিল

স্ব-আহুতি!

তুমি কিদৰে শুনিবা লাচিতৰ সেই উক্তি-

“আমাৰ একোটা সৈন্য একোটা হাতী

মই আজি তেনে দহহাজাৰ সৈন্য

একেদিনাই হেৰুৱালো!”

তথাপিও লাচিতে নেৰিলে গুৱাহাটী

শৰাইঘাট তাৰেই সাক্ষী।।

আলাবৈ ক'ত, আলাবৈ!!

আলাবৈৰ নাম কোনেও নোলোৱা হ’ল

আন্ধাৰুবালি লুইতত জাহ গ’ল

মোমাইকটা গড়ত মীৰজুমলাৰ ঘৰ হ’ল

অসমৰ শাসন মীৰজুমলা-ৰামসিংহৰ হ’ল

আমিনগাওঁত বণিয়াৰ ভূমি চাই চাই

ফাচীবজাৰৰ গেলাপট্টিলৈ চাই চাই

চিলাৰায়-লাচিতৰ চকুলো শুকাই গ’ল!

কিহৰ আলাবৈ!

কিয়ই বা আলাবৈ!

আলাবৈ, আন্ধাৰুবালি, ইটাখুলি, শৰাইঘাট

উচ্চাৰণ কৰাই যেন ভুল, স্বয়ং

ঔৰংজেৱৰ চকুত এতিয়া লাচিত হিন্দুবীৰ

তোমাকো নোসোধো আৰু…

তুমিও আঘাত পোৱা

তোমাক সুধিলেও আঘাত পায় বহুজনে!

[ হে লাচিত, তুমি নুবুজিবা!
কিছুমান আঘাত শিৱতকৈও অত‍্যাধিক
‘সতী’ৰ বাবে!! ]

আলাবৈ!

অসমসেনাৰ সহস্ৰ কংকাল সাৱটি থকা আলাবৈ

তোমাক কোটি কোটি প্ৰণাম।

হে সুহৃদ পাঠক,

আপোনাকেই সোধো সমাপ্তিৰ পূৰ্বে একাষাৰ:

স্বদেশৰ স্বাধীনতা ৰক্ষাৰ হেতু

আপুনিও কাহানিবা শুনিছেনে, ক’ৰবাত

একেদিনাই দহহাজাৰ দেশপ্ৰেমীয়ে দিছিল প্ৰাণ বিসৰ্জন?

আলাবৈ ক'ত, আলাবৈ!!
আলাবৈ পাহাৰ আৰু ৰণক্ষেত্ৰ

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: আলাবৈ
Anjan Sarma

Anjan Sarma

Related Posts

টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ
Climate Change

টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ

by Jharna Sarma Dev Choudhury
August 16, 2026
0

টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ ঝৰ্ণা শৰ্মা দেৱচৌধুৰী এনে এখন দেশ, যিখন দেশ হয়তো আৰু কেইবছৰমানৰ...

Read moreDetails
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

August 14, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

August 13, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

July 29, 2026
দ্যা ডিক্লাইনিং ডেম’ক্ৰেচি: সোনম ৱাংচুকৰ আঁত ধৰি

দ্যা ডিক্লাইনিং ডেম’ক্ৰেচি: সোনম ৱাংচুকৰ আঁত ধৰি

July 23, 2026
দেশে দেশে ফুটবল

দেশে দেশে ফুটবল

July 19, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Can Technology Truly Preserve Our Heritage? Unearthing the Soul of Northeast

Social Media Addiction Among Youth: The Invisible Parasite Hijacking Young Minds

August 17, 2026
Hakama Beel: A Community’s Effort to Protect a Changing Wetland 

Hakama Beel: A Community’s Effort to Protect a Changing Wetland 

August 17, 2026
প্ৰকৃতিৰ বাণিজ্যিকীকৰণৰ পৰা ব্যক্তিগতকৰণলৈ: সংকট আৰু দুৰ্ভাৱনা

প্ৰকৃতিৰ বাণিজ্যিকীকৰণৰ পৰা ব্যক্তিগতকৰণলৈ: সংকট আৰু দুৰ্ভাৱনা

August 16, 2026
টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ

টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ

August 16, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39798 shares
    Share 15919 Tweet 9949
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18648 shares
    Share 7459 Tweet 4662
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3794 shares
    Share 1518 Tweet 949
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    286 shares
    Share 114 Tweet 72
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4188 shares
    Share 1675 Tweet 1047
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    140 shares
    Share 56 Tweet 35
  • FREEDOM FIGHTERS OF ASSAM

    5109 shares
    Share 2044 Tweet 1277
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    108 shares
    Share 43 Tweet 27
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    97 shares
    Share 39 Tweet 24
  • অসমত বানৰ অকল্পনীয় ধ্বংসলীলা

    94 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d