আল্পচ পৰ্বতৰ শিখৰ
তনয় চক্ৰৱৰ্তী
আল্পচ পৰ্বতৰ শিখৰত একেবাৰে অকলশৰীয়াকৈ থকা এটা ঘৰ।
এতিয়া নিৰ্মাণ কৰা নহয়, কমেও ১০০ বছৰ আগতেই নিৰ্মাণ কৰা হৈছিল ঘৰটো। কিন্তু বিগত ৯ দশক ধৰি ঘৰটোত থকা দূৰৈৰ কথা, ঘৰটোলৈ যোৱাৰ বিষয়েও কোনেও সপোনতো ভাবিব পৰা নাছিল। অথচ এতিয়াও সেই দুৰ্গমৰো দুৰ্গম ঘৰটোৰ ভিতৰত আছে কমেও ২০ খন ওক কাঠেৰে তৈয়াৰ কৰা চকী।
অলপতে সেই ৰহস্যময় ঘৰটোলৈ বুলি অভিযান চলোৱা এক অভিযাত্ৰীৰ দলে আল্পচ পৰ্বতৰ শিখৰত থকা ‘বাফা-দ্য- পিয়ৰো‘ নামৰ ঘৰটোত প্ৰৱেশ কৰি কেইদিনমানৰ বাবে থাকিবলৈও সক্ষম হ’ল। সেই দলটোৰ সৈতে এজন সাংবাদিকো আছিল। সেই সাংবাদিক গৰাকীয়ে সমস্ত ঘটনা পোহৰলৈ আনিলে।
সেই ঘৰটো কোনে নিৰ্মাণ কৰিছিল সেয়া জানিবলৈ হ’লে ১০০ বছৰৰ ইতিহাসলৈ চকু দিব লাগিব। ইটালীৰ বুদ্ধিমান সৈন্যসকলে সামান্য বিশ্ৰামৰ আশাৰে মানুহৰ চকুত নপৰিবলৈ আল্পচৰ শিখৰত সেই কাঠৰ ঘৰটো সাজিছিল। অষ্ট্ৰেলিয়াৰ সৈতে যেতিয়া হাঙ্গেৰীৰ যুদ্ধ হৈছিল, তেতিয়া ইটালীয়ে হাঙ্গেৰীলৈ সহায়ৰ হাত আগবঢ়াইছিল।
সেয়া ১৯০৭ চনৰ কথা। সেই সময়ৰ কিছু বছৰ পিছত প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হয়। ঐতিহাসিক সকলৰ দাবী যে অস্ট্ৰো – হাঙ্গেৰিয়ানসকলৰ যুদ্ধ হৈছিল প্ৰায় ১৬ মাহ। সেই যুদ্ধ শেষ হওঁতেই – নৌহওঁতেই আৰম্ভ হৈছিল প্ৰথম বিশ্বযুদ্ধ। দীৰ্ঘদিন ধৰি যুদ্ধ কৰি কৰি ক্লান্ত হৈ বুদ্ধিমান কিছু সৈনিকে সাময়িক বিশ্ৰামৰ বাবে আল্পচ পৰ্বতৰ শিখৰকেই বাচি লৈছিল। এতিয়া প্ৰশ্নৰ উদ্ৰেক হয়ঃ বিশ্ৰামৰ বাবে ইমান উচ্চতা কিয় প্ৰয়োজন হৈছিল?
ইয়াৰ উত্তৰত ইটালীৰ ঐতিহাসিক সকলে কৈছে যে ৯০০০ মিটাৰ ডল’মাইটৰ স্তৰ অতিক্ৰম কৰি ওপৰলৈ উঠোতে সৈন্যসকলৰ প্ৰায় ১ সপ্তাহ লাগিছিল। সেইসময়ত কোনোৱে তেনে পথ অতিক্ৰম কৰাৰ অৰ্থ আছিল নিশ্চিত মৃত্যুৰ মুখত পৰা। ডল’মাইটৰ স্তৰ অতিক্ৰম কৰি, ৯০০০ মিটাৰ উচ্চতা অতিক্ৰম কৰা সহজ কথা নহয়। সেই সৈন্যসকল শাৰীৰিক ভাবে অতি ক্লান্ত হৈ পৰিছিল।
কিন্তু তেওঁলোকৰ ক্লান্তি আতৰ কৰিবলৈ সেই ঘৰটোত কোনো বিছনাৰ ব্যৱস্থা নাছিল, বৰং কাঠৰ চকীৰ ব্যৱস্থা কৰা হৈছিল – ভৰি দীঘল কৰি বিশ্ৰাম ল’বলৈ। বিশ্ৰামৰ সময়তো সৈনিকসকলক সজাগ কৰি ৰাখিবলৈ বিছনাৰ ব্যৱস্থা কৰা নাছিল। অবিশ্বাস্য সেই স্থাপত্যৰ স্থলীস্বৰূপ ‘বাফা – দ্য – পিয়ৰো’ত উপনীত হ’বলৈ কেৱল ৰছীৰ জখলা তথা অস্থায়ী ‘কেবল কাৰ্ট’ ব্যৱহাৰ কৰা হৈছিল বুলি অনুমান কৰা হৈছে।
কিন্তু ইটালীৰ সকলো সৈন্যই সেই ঘৰটো ব্যৱহাৰ কৰা নাছিল, বৰং কিছুমান সাহসী সৈনিকেহে সেই বিশ্ৰামাগাৰটো ব্যৱহাৰ কৰিছিল। ইয়াৰ কাৰণ হিচাপে কোৱা হৈছে যে ইমান উচ্চতা অতিক্ৰম কৰাৰ তথা সেই ঘৰটোত থকাৰ বাবে প্ৰয়োজনীয় শাৰীৰিক তথা স্নায়বিক শক্তি সকলো ইটালীয় সৈনিকৰ নাছিল।
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)