• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, July 19, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Media

‘আসাম বিলাসিনী’: নৱপ্ৰজন্মৰ দৃষ্টিৰে এক মূল্যায়ন

175 Years of Media in Assam & Beyond

by Anjan Sarma
May 31, 2023
in Media, History, Journalism, News, Newspaper
Reading Time: 9 mins read
0
অসমীয়া বাতৰি-কাকতৰ ইতিহাস : ‘অৰুনোদই’
Share on FacebookShare on TwitterShare on LinkedIn

175 Years of Media in Assam & Beyond

‘আসাম বিলাসিনী’: নৱপ্ৰজন্মৰ দৃষ্টিৰে এক মূল্যায়ন

মৃণাল কুমাৰ মিশ্ৰ

Screenshot 20230527 213558
মৃণাল কুমাৰ মিশ্ৰ

১৮৪৬ চনত ভাৰতৰ পূৰ্বাকাশত ভূমুকি মৰা ‘অৰুনোদই’ আছিল প্ৰকৃতাৰ্থত অসমৰ পঢ়ুৱৈসকলৰ বাবে ছপা আখৰত প্ৰকাশ পোৱা প্ৰথমখন সংবাদপত্ৰ।

আমেৰিকাৰ বেপ্টিষ্ট মিছনেৰীসকলৰ প্ৰচেষ্টাৰ ফলত অসমবাসীয়ে লাভ কৰা প্ৰথমখন সংবাদপত্ৰ অৰুণোদয় অকল সংবাদপত্ৰৰ পৰিচয় লৈয়েই ভূমিষ্ঠ হোৱা নাছিল। ই আছিল এখন সংবাদপত্ৰৰ লগতে এখন আলোচনীৰ থাকিবলগা সকলো গুণেৰে বিভূষিত সাহিত্য-সংস্কৃতি-সংবাদৰ এক অপূৰ্ব সমাহাৰ।

সেই আৰম্ভণিৰপৰা এতিয়ালৈ অসমৰ সংবাদপত্ৰৰ প্ৰকাশে প্ৰায় ডেৰশতিকা অতিক্ৰম কৰি এশ পয়সত্তৰ বছৰত ভৰি দিলে। বহু ঘাত-প্ৰতিঘাত অতিক্ৰম কৰি অসমীয়া বাতৰি-কাকত-আলোচনীয়ে আজি এক সাফল্যৰ বিশেষ স্থানত উপনীত হোৱাৰ মুহূৰ্তত আমি আলোচনা কৰিব বিচাৰিছো– অৰুণোদয়ৰ জন্মৰ পাছৰ পৰ্যায়ত অসমত প্ৰকাশৰ মুখ দেখা দ্বিতীয়খন সংবাদপত্ৰ ‘আসাম বিলাসিনী’ৰ কিছু কথা।

নিবন্ধৰ শিৰোনামত উল্লেখ কৰাৰ সূত্ৰ ধৰি, নতুনৰ অৰ্থাৎ আমাৰ প্ৰজন্মৰ দৃষ্টিৰে আলোচনা কৰিবলৈ চেষ্টা কৰিম মাজুলীৰপৰা যোৰহাটলৈ ‘আসাম বিলাসিনী’ৰ উত্তৰণৰ লগতে অধোগমনৰ পৰ্যায়সমূহ, অসমীয়া ভাষা আৰু সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনত ইয়াৰ প্ৰভাৱ ইত্যাদি।

১৮৭১ চনত মাজুলীৰ বুকুৰপৰা ঐতিহাসিক আউনীআটী সত্ৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত জন্ম গ্ৰহণ কৰা ‘আসাম বিলাসিনী’ক অসমীয়া সংবাদপত্ৰৰ জগতখনত, অসমীয়াই প্ৰকাশ কৰা প্ৰথমখন সংবাদপত্ৰৰূপে অভিহিত কৰিব পাৰি, যিটো স্বৰূপাৰ্থতে ই আছিল এক মাইলৰ খুঁটি । আনহাতে মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰৰ গৌৰৱোজ্জ্বল ইতিহাসৰ মুখ্য এক অংশ আগুৰি আছে ‘আসাম বিলাসিনী’ৰ কথাৰে।

পণ্ডিত তীৰ্থনাথ শৰ্মাদেৱে সেয়েহে ‘আউনীআটী সত্ৰৰ বুৰঞ্জী’ নামৰ গ্ৰন্থখনত সঠিকভাৱে উল্লেখ কৰিছে এইদৰে -‘‘আউনীআটী সত্ৰৰ যাউতি যুগীয়া সাহিত্য খ্যাতি পাবলগা কাম হ’ল সংবাদ-পত্ৰ সাহিত্যৰ সৃষ্টি। ১৭৯৩ শকৰ পৰা ১৮০৫ শকলৈকে অসমীয়া লোকে প্ৰকাশ কৰা প্ৰথম সাময়িক ‘আসাম বিলাসিনী’ নামৰ সাময়িক পত্ৰিকা প্ৰকাশ হৈছিল দত্তদেৱ প্ৰভূৰ নেতৃত্বত আউনীআটী সত্ৰৰ পৰাই” (আউনীআটী সত্ৰৰ বুৰঞ্জী, পৃষ্ঠা-৪৫১)।

Assam Bilasini

আঠ পিঠিৰ ‘আসাম বিলাসিনী’ পত্ৰিকাখনৰ কাগজৰ আকাৰ আছিল ১১”×৮”। শেষৰ পৃষ্ঠাৰ তলৰ অংশত এইকথাখিনি লিখা আছিল ‘‘এই ‘আসাম বিলাসিনী’ পত্ৰিকা আসাম যোড়হাটৰ অন্তৰ্গত মোং মাজালীৰ আউনীআটী সত্ৰত ধৰ্ম প্ৰকাশ যন্ত্ৰে প্ৰতি মাসে মুদ্ৰিত হয়, বাৰ্ষিক অগ্ৰিম মূল্য ১।। [ডেৰ] টাকা।”

ইয়াৰপৰাই অনুমান কৰিব পাৰি, যিহেতু পত্ৰিকাখন মাহেকীয়া আছিল, প্ৰতিটো সংখ্যাৰ মূল্য হয়তো দুইঅনা ধাৰ্য কৰা হৈছিল।

এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে ‘আসাম বিলাসিনী’ৰ বিষয়ে আলোচনা কৰিবলৈ আমাৰ হাতত পৰ্যাপ্ত আৰু উপযুক্ত তথ্য সম্ভাৰৰ অভাৱ।পত্ৰিকাখনৰ যি কোনো সংখ্যা এটা লাগিলেই বিচাৰি পোৱাটো একেবাৰে ই অসম্ভৱ। সেয়েহে আমাৰ অগ্ৰজসকলে লেখি থৈ যোৱা কিতাপ আৰু গৱেষণা-পত্ৰসমূহৰ ওপৰত নিৰ্ভৰ কৰি এক চমু আলোচনা আগবঢ়াবলৈ চেষ্টা কৰিম।

‘আসাম বিলাসিনী’ প্ৰকাশৰ উদ্দেশ্য আৰু সেই সময়ৰ প্ৰেক্ষাপট

‘অৰুনোদই’ প্ৰকাশৰ প্ৰায় পঁচিছ বছৰ পাছত কি উদ্দেশ্য আৰু লক্ষ্য লৈ ‘আসাম বিলাসিনী’ মাজুলীৰপৰা প্ৰকাশ কৰিবলগা হ’ল তাক জানিবলৈ আমি প্ৰথমেই দৃষ্টি নিবদ্ধ কৰিব বিচাৰিছো ‘আসাম বিলাসিনী’ৰ প্ৰথম পৃষ্ঠাত থকা নক্সাটোলৈ।

আঠ পৃষ্ঠাৰ পত্ৰিকাখনৰ প্ৰথম পৃষ্ঠাত থকা এটা উপবৃত্তীয় মোহৰৰ (ব্লক) মাজত ‘আসাম বিলাসিনী’ বুলি লেখা নামটোৰ চাৰিওফালে দুটা সংস্কৃত ভাষাৰ শ্লোক লেখা আছে।

অসমীয়া লিপিৰে লিখা এই শ্লোক দুটিয়ে পত্ৰিকাখনৰ নিজৰ পৰিচয়ৰ লগতে ইয়াৰ নীতিৰ বিষয়ে ও সুন্দৰকৈ প্ৰকাশ কৰিছে। অন্তৰ্ভাগৰ শ্লোকৰ পূৰ্ণ পাঠ এনে ধৰণৰ-

“সম্বাদ সন্দোহ জুসাং জনানা।

নাখ্যায়ি কায়াঞ্চ কৃত স্পৃহানাং

তোষায় সদ্বত্তৱতাঞ্চ পুংসাৎ ভূয়াৎ

সদানাম বিলাসিনীয়ং।

আৰু বহিৰ্ভাগৰ শ্লোকৰ পাঠ আছিল এনে ধৰণৰ–

“যা শ্ৰীমজ্জগদীশ সদগুণ গুণালঙ্কাৰ সম্ভুষিণী

বাৰ্ত্তাব্ৰাতবিকাশিনী জনমনঃ শৰৎ সুধাবৰ্ষিনী

নানাখ্যান সুভাষিণী গুণৱতী স্বেয়াং শুভাণ্বেষিণী

সৈষ্ম সাম বিলাসিনী বিনমতি শ্ৰীদত্ত হৃতোসিনী।।

শ্লোকদুটিৰ সুন্দৰ ব্যাখ্যা আগবঢ়াইছিল ব্যাকৰণ শাস্ত্ৰী অধ্যাপক তৰুণচন্দ্ৰ শৰ্মাই এনেদৰে -‘‘জগদ্দীশ্বৰ কৃপাৰ অনুসাৰে যি সদগুণৰ অলঙ্কাৰযুক্ত বাৰ্তা বহন আসাম বিলাসিনী কাকতখনে জনগণৰ মনত শৰৎ কালৰ চন্দ্ৰ কিৰণৰ সদৃশ আনন্দ বিধান কৰক।’’

দেশৰ বা-বাতৰি প্ৰকাশ কৰা আখ্যানমূলক প্ৰবন্ধাদিৰে জনসাধাৰণৰ আনন্দ বর্দ্ধন কৰা এই ‘আসাম বিলাসিনী’ কাকতখনিয়ে জ্ঞানী-গুণীসকলৰ মনক সন্তোষিত কৰা কাৰণে শ্ৰীদত্ত দেৱ গোস্বামীয়ে নিজ হস্তে প্ৰচাৰ কৰে।’’ (প্ৰফুল্ল চন্দ্ৰ বৰুৱাৰ গ্ৰন্থ ‘অসমৰ বাতৰি কাকতঃ এটি ৰূপৰেখা’, পৃষ্ঠা ৪৯)

ইয়াৰপৰা অনুমান কৰিব পাৰি যে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীদত্তদেৱ গোস্বামীয়ে সম্পাদনা কৰি ‘আসাম বিলাসিনী’ কাকতখন প্ৰকাশ কৰিছিল। অৱশ্যে পণ্ডিত তীৰ্থনাথ শৰ্মাদেৱে উল্লেখ কৰামতে শ্ৰীদত্তদেৱ গোস্বামীৰ সম্পাদনা হ’লেও পত্ৰিকাখনৰ সকলো কাম সত্ৰৰে এজন বিশিষ্ট বহুগুণী বৈষ্ণৱ শ্ৰীধৰ ওজাৰ জৰিয়তেহে সম্পন্ন হৈছিল।

Auniati satra
আউনীআটী সত্ৰত প্ৰতিষ্ঠা কৰা ছপাশালৰ নাম দিয়া হৈছিল ‘ধৰ্ম প্ৰকাশ যন্ত্ৰ’

সি যি নহওক, এটা কথা স্বীকাৰ কৰিবই লাগিব যে অসমৰ প্ৰথমটো ছপাশাল (অৰুণোদয়ৰ জৰিয়তে) স্থাপন হোৱাৰ পঁচিছ বছৰ পাছত মাজুলীৰ দৰে এখন ঐতিহাসিক ঠাইত অসমৰ দ্বিতীয়টো ছপাশাল স্থাপন কৰি সত্ৰাধিকাৰ শ্ৰীদত্তদেৱ গোস্বামীয়ে এক নজিৰ প্ৰতিষ্ঠা কৰিছিল। কলিকতাৰপৰা আনি আউনীআটী সত্ৰত প্ৰতিষ্ঠা কৰা ছপাশালৰ নাম দিয়া হৈছিল ‘ধৰ্ম প্ৰকাশ যন্ত্ৰ’।

নামটোৰ মাজেৰে ই যেন জনাব বিচৰা হৈছিল যে এই ছপাশাল ধৰ্মৰ প্ৰকাশ আৰু প্ৰসাৰৰ বাবেই ব্যৱহৃত হ’ব। অতি প্ৰয়োজনীয় আৰু উল্লেখযোগ্য কথা এইটোৱেই যে অৰুণোদয় ছপা হোৱা শিৱসাগৰৰ মিছন প্ৰেছ অসমৰ প্ৰথমটো ছপাশাল হ’লেও সেইটো প্ৰতিষ্ঠা কৰিছিল মিছনেৰীসকলে।

সেয়েহে অসমত অসমীয়াই প্ৰতিষ্ঠা কৰা প্ৰথমটো ছপাশাল আছিল এই ধৰ্ম প্ৰকাশ যন্ত্ৰ, য’ত ছপা হৈ ওলাইছিল অসমৰ দ্বিতীয়খন তথা অসমীয়াই প্ৰকাশ কৰা প্ৰথমখন সংবাদ-পত্ৰিকা ‘আসাম বিলাসিনী’। অন্য অৰ্থত, শ্ৰীদত্তদেৱ গোস্বামী হৈছে অসমত ছপাশাল প্ৰতিষ্ঠা কৰা প্ৰথমজন স্বদেশী প্ৰতিষ্ঠাতা আৰু ধৰ্ম প্ৰকাশ যন্ত্ৰ হৈছে অসমীয়াই প্ৰতিষ্ঠা কৰা প্ৰথমটো ছপাশাল।

ঊনবিংশ শতিকাৰ শেষার্ধত, অসমীয়া ভাষাত প্ৰথমখন ছপা আলোচনী অথবা পত্ৰিকা প্ৰকাশ হোৱাৰ পঁচিছ বছৰ পাছত দ্বিতীয়খন পত্ৰিকা ‘আসাম বিলাসিনী’ প্ৰকাশৰ ঐতিহাসিক প্ৰেক্ষাপট বৰ্তমানৰ দৃষ্টিৰে বিচাৰ কৰি চাবলৈ আমি অপাৰগ। সেয়েহে বিভিন্ন ইতিহাসবিদে উল্লেখ কৰি যোৱা তথ্যসূত্ৰসমূহৰ সহায়ত এই বিষয়ে আলোচনা কৰি চাবলৈ প্ৰয়াস কৰিছো ।

এই কথা অনস্বীকাৰ্য যে অসমীয়া ভাষা আৰু সাহিত্যৰ বাবে অৰুণোদয়ৰ প্ৰকাশ এক কালজয়ী আৰু ঐতিহাসিক শুভাৰম্ভ আছিল। এখন বাৰ্তালোচনীৰ গুণেৰে সমৃদ্ধ অৰুণোদয়ে অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ উত্তৰণৰ বাবে যি অৰিহণা যোগাই গ’ল, সেয়া বিতৰ্কৰ ঊর্ধ্বত। তাৰ মাজতে এইটো কথাও স্বীকাৰ কৰিব লাগিব যে খ্ৰীষ্টান মিছনেৰীসকলে ধৰ্ম প্ৰচাৰ সংক্ৰান্তীয় কামৰ বাবেহে অসমলৈ ছপাশাল আনি পত্ৰিকা প্ৰকাশৰ বাবে প্ৰচেষ্টা হাতত লৈছিল।

কিন্তু মিছনেৰীসকলৰ মহানুভৱতাৰ পৰিচয় এইখিনিতেই যে তেওঁলোকে পৃথিৱীৰ আন মূৰৰ এখন দেশৰ পৃথক ভাষা-সংস্কৃতিৰ লোক হৈও অসমৰ সেই সময়ৰ ভাষাৰ অৰাজক আৰু দুৰৱস্থাৰ বিভীষিকাৰ মাজৰপৰা অসমীয়া ভাষাক উদ্ধাৰ কৰিয়েই নহয় তাত সাৰ-পানী যোগাই, প্ৰতিপালন কৰি ভাষাটোৰ বিকাশৰ বাবে প্ৰয়োজনীয় ভেটিটো নিৰ্মাণ কৰি থৈ গ’ল।

অসমীয়া ভাষাৰ চৰ্চাৰ বাবে এখন মঞ্চ তৈয়াৰ কৰি ভাষাটোৰ শ্ৰীবৃদ্ধিৰ হকে অৱদান যোগাই যোৱাৰ সমান্তৰাল ভাবে কিন্তু তেওঁলোকে মিছনেৰীৰ মুখপত্ৰ হোৱাৰ সুবাদত খ্ৰীষ্টান ধৰ্মৰ সাৰকথাৰ প্ৰচাৰো চলাই গ’ল অৰুণোদয়ৰ মাজেৰে। খ্ৰীষ্টধৰ্মৰ সহজবোধ্য প্ৰচাৰৰ বাট মুকলি কৰাই আছিল অৰুণোদয়ৰ প্ৰথম আৰু প্ৰধান উদ্দেশ্য।

সময় বাগৰাৰ লগে লগে এই কথাবোৰে অসমৰ সনাতন বৈষ্ণৱ ধৰ্মীয় দৰ্শনত বিশ্বাসীসকলৰ মনত এক সন্দেহৰ বাতাৱৰণ তৈয়াৰ কৰিবলৈ ল’লে। বিশেষকৈ একশৰণীয়া সত্ৰীয়াসকল অৰুণোদয়ৰ এই ভূমিকাত শংকিত হৈ পৰিছিল।

এই বিষয়ে বিশিষ্ট গৱেষক পণ্ডিত লক্ষ্মীনাথ তামুলীদেৱৰ ‘ভাৰতৰ স্বাধীনতা সংগ্ৰামত অসমৰ অৱদান’ শীৰ্ষক গ্ৰন্থৰ ২২৮নং পৃষ্ঠাত উল্লেখ কৰিছে এনেদৰে – ‘‘বৃটিছ প্ৰশাসনে মিছনেৰিসকলৰ ‘ত্যাগী’ প্ৰচেষ্টাৰে ‘অৰুণোদয়’ৰ যোগেদি খ্ৰীষ্ট ধৰ্ম প্ৰচাৰৰ অৰ্থে ব্ৰহ্মপুত্ৰত যি খলকনিৰ সৃষ্টি কৰিছিল, তাৰ উৎপাতত সনাতন ধৰ্মৰ ৰখীয়াস্বৰূপ সত্ৰানুষ্ঠানসমূহৰ শান্তি আৰু টোপনি ভাঙি গৈছিল”।

ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই তেখেতৰ ‘ডেৰশ বছৰীয়া অসমীয়া সংস্কৃতিত এভূমুকি’ নামৰ গ্ৰন্থতো ‘অৰুণোদই’য়ে  হিন্দু তীৰ্থসমূহক তীক্ষ্ণ সমালোচনা কৰিছিল বুলি উল্লেখ কৰিছে।

175 B 2

১৯৮৩ চনত ‘প্ৰকাশ’ নামৰ আলোচনীখনৰ বিশেষ ‘অৰুণোদয়’ সংখ্যাৰ মাজত প্ৰকাশিত এটা বিশেষ প্ৰবন্ধ ‘অৰুনোদয়– যুগত শিৱসাগৰ জিলাৰ সাংস্কৃতিক অৱস্থা’ৰ যোগেদি যতীন্দ্ৰনাথ গোস্বামীয়ে লেখিছিল এনেদৰে – ‘‘অৰুনোদই কাকতৰ জৰিয়তে খ্ৰীষ্টান ধৰ্মৰ বাণী প্ৰচাৰ হোৱাত তাৰ প্ৰতিক্ৰিয়া স্বৰূপে আউনীআটী সত্ৰৰ পৰা ওলোৱা আসাম-বিলাসিনী (১৮৭১-৮৩) কাকতে সনাতন হিন্দু ধৰ্মৰ তত্ত্বকথা আলোচনা কৰে।”

এনে ধৰণৰ বিভিন্ন তথ্যসমূহ ফঁহিয়াই চাই এই কথাটো অনুমান কৰিব পাৰি যে ‘অৰুণোদয়’ৰ ক্ৰমাগত প্ৰসাৰৰ জৰিয়তে সৰ্বসাধাৰণ ৰাইজৰ মাজত খ্ৰীষ্টধৰ্মৰ প্ৰতি আকৰ্ষণ বাঢ়ি আহিছিল আৰু জনজাতীয় লোকৰ মাজৰ বহুতেই হয়তো এই ধৰ্মত দীক্ষা লভিবলৈ আগবাঢ়ি আহিছিল। তেনে এক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীদত্তদেৱ গোস্বামী চিন্তিত হোৱাই স্বাভাৱিক।

সেয়ে হয়তো এক সম্পূৰ্ণ নিজস্ব ছপাশাল যন্ত্ৰ প্ৰতিষ্ঠা কৰি তাৰপৰা এখন নতুন সংবাদপত্ৰ প্ৰকাশ কৰি অৰুণোদয়ৰ জৰিয়তে বিয়পি পৰা খ্ৰীষ্টধৰ্মৰ প্ৰসাৰক বাধা দিবলৈ তেওঁ সংকল্প ল’লে। তাৰেই ফলশ্ৰুতিত অসম আৰু অসমীয়াই লাভ কৰিলে অসমত স্বদেশীয়ে স্থাপন কৰা প্ৰথমটো ছপাশাল ‘ধৰ্ম প্ৰকাশ যন্ত্ৰ’ আৰু অসমীয়া ভাষাৰ দ্বিতীয়খন সংবাদপত্ৰ ‘আসাম বিলাসিনী’।

এক কথাত এই সমগ্ৰ কৰ্ম কাণ্ডকে অসমৰ সংবাদপত্ৰৰ ইতিহাত এক যুগান্তকাৰী পদক্ষেপ বুলি অভিহিত কৰিব পাৰি।

এই কথাখিনিকে পণ্ডিত তীৰ্থনাথ শৰ্মাদেৱে তেখেতৰ ‘আউনীআটী সত্ৰৰ বুৰঞ্জী’ত ২৫১নং পৃষ্ঠাত বৰ্ণনা কৰিছে এনেদৰে – ‘‘খ্ৰীষ্টীয় পাদুৰীবিলাকে ছপাশাল পাতি অৰুনোদয় কাকত আৰু বিভিন্ন খ্ৰীষ্টধৰ্মীয় পুস্তক প্ৰকাশ কৰি ধৰ্ম প্ৰচাৰ কৰাৰ কৌশল প্ৰভুৱে স্বচক্ষে দেখা পাইছিল। ছপাশাল নতুনকৈ সোমোৱা সভ্যতাৰ এটি মহৎ দান। তাৰ সুযোগ লৈ অসমীয়া ভাষাত সাপ্তাহিক সংবাদ উলিওৱা আৰু আমাৰ দেশত পুৰণি ধৰ্ম গ্ৰন্থ ছপাই অসমীয়াৰ মাজত স্বধৰ্ম প্ৰকাশ কৰাৰ কাৰ্য্য-কল্পনা গ্ৰহণ কৰাটো ইংৰাজী শিক্ষাৰ লগত সম্পৰ্ক নথকা প্ৰাচীন সংস্কৃতিৰ বাহক পুৰুষ এজনৰ পক্ষে কালাগ্ৰপ্ৰসাৰিণী চিন্তা বুলি ক’ব লাগিব। বিদেশীয়ে প্ৰকাশ কৰা অৰুনোদয়ৰ পাছতে আসমীয়া (অসমীয়া) লোকে উলিওৱা প্ৰথম সংবাদপত্ৰ হ’ল প্ৰভু দত্তদেৱৰ মোহনীয় কীৰ্তি আসাম-বিলাসিনী।”

175 Years Of Media SpEd

‘আসাম–বিলাসিনী’ত প্ৰকাশিত লেখাসমূহৰ বিষয়ে দুআষাৰ

মাজুলীৰ আউনীআটী সত্ৰত প্ৰতিষ্ঠিত ‘ধৰ্ম প্ৰকাশ যন্ত্ৰ’ৰ পৰা প্ৰকাশিত ‘আসাম বিলাসিনী’ৰ মাজত অতি স্বাভাৱিকভাৱে ই অসমৰ সনাতন বৈষ্ণৱ ধৰ্মীয় কথাৰ প্ৰচাৰে ঠাই পাইছিল যদিও মাজে-সময়ে ইয়াত জ্ঞান-বিজ্ঞানৰ বতৰাও প্ৰকাশ হৈছিল। সংবাদপত্ৰৰ পৰিচয় অটুট ৰাখি ‘সম্বাদাবলী’ শিৰ নামৰ এটা শিতানৰ জৰিয়তে বিবিধ বিষয়ৰ বা-বাতৰি নিয়মিত ৰূপত প্ৰকাশ হৈছিল। ডিমাই আকাৰৰ দুখিলা পাতৰ ‘আসাম বিলাসিনী’ আঠ পিঠিৰ আছিল।

ইয়াৰ প্ৰতি পিঠিৰ স্তম্ভ তিনিটা। অসমীয়া ‘ৰ’ৰ পৰিবৰ্তে সৰ্বত্ৰ বঙালী ‘ৰ’ ব্যৱহৃত হৈছিল। ‘আসাম বিলাসিনী’ৰ যুগত অসমীয়া ভাষাৰ আখৰ-জোঁটনি বহু পৰিমাণে অনিশ্চিত অৱস্থাত আছিল। ১৮৬৭ চনত প্ৰকাশিত মাইল্চ ব্ৰন্সনৰ অসমীয়া-ইংৰাজী অভিধানখনো নিৰ্ভৰযোগ্য নাছিল। তেনে পৰিৱেশত ‘আসাম বিলাসিনী’য়ে সত্ৰীয়া পৰিৱেশৰ শুদ্ধতা মানি নিজ পদ্ধতিৰে আগুৱাব লগা হৈছিল।

সেয়েহে ‘আসাম বিলাসিনী’ৰ ছপা সুন্দৰ আছিল যদিও বৰ্ণাশুদ্ধিৰ দিশত কিছু সমস্যাও ৰৈ গৈছিল। ভাষা, বাক্য-গাঁথনি আদি উচ্চ খাপৰ আছিল। পণ্ডিত তীৰ্থনাথ শৰ্মাদেৱে তেখেতৰ ‘আউনীআটী সত্ৰৰ বুৰঞ্জী’ত এই কথা সুন্দৰকৈ লেখিছে এনেদৰে—‘‘প্ৰথম সাময়িক পত্ৰৰ দায়িত্ব আৰু কৰণীয় বহুত। নতুন আৰম্ভ হোৱা পৰিৱৰ্তিত যুগ এটাৰ ভাব, অভাৱ, অভিযোগ মূৰ্ত হোৱাকৈ ভাষাক পোনাই পজৰাই ল’ব লগা হৈছিল। আৰম্ভ যুগৰ এই দায়িত্ব আসাম বিলাসিনীয়ে প্ৰশংসাৰ্হৰূপে সম্পাদন কৰিছিল।”

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে তেখেতৰ গ্ৰন্থ ‘মোৰ জীৱন সোঁৱৰণ’ৰ এঠাইত লিখিছে —আউনীআটীৰ সত্ৰৰ অধিকাৰ অশেষ গুণ-সম্পন্ন, প্ৰগাঢ়পণ্ডিত, পৰম বৈষ্ণৱ দত্তদেৱ পুৰুষৰ ‘আসাম বিলাসিনী’ এটি সুকীৰ্তি। কিন্তু আসাম বিলাসিনীৰ বাক্যবিন্যাস প্ৰণালী, বিষয় নিৰ্বাচন আদি কাৰ্যই উঠি অহা শিক্ষিত ডেকা তৰপৰ মন হৰণ কৰিব পাৰিছিল বুলি ক’ব নোৱাৰি। তাত অনেক সময়ত ব্যক্তিগত আক্ৰমণে ঠাই পোৱাত প্ৰাচীনসকলৰ মনতো যে সি যথোচিত সমাদৰৰ ঠাই অধিকাৰ কৰিব পাৰিছিল এনে নহয়।”

সাহিত্যৰথীৰ কথাৰ আঁত ধৰি এইটো অনুমান কৰিব পাৰি যে ‘আসাম বিলাসিনী’ৰ মাজত প্ৰকাশিত বিভিন্ন লেখাৰ মাজত নতুন পুৰুষক আকৰ্ষিত কৰিব পৰা সমলৰ হয়তো কিছু অভাৱ আছিল। ‘অৰুনোদই’ৰ খ্ৰীষ্টধৰ্মৰ প্ৰচাৰৰ সমান্তৰালকৈ ‘আসাম বিলাসিনী’য়ে প্ৰচাৰ কৰিছিল সনাতন বৈষ্ণৱ (হিন্দু) ধৰ্মৰ বাণী। ইয়াকে কৰিবলৈ যাওঁতে সমালোচনাত্মক লেখাও ‘আসাম বিলাসিনী’ৰ মাজত প্ৰকাশ হৈছিল যিয়ে স্বাভাৱিকভাৱে ই এচাম পঢ়ুৱৈক অসন্তুষ্ট কৰি তুলিছিল।

Mahabahu 1

‘আসাম বিলাসিনী’ত প্ৰকাশিত লেখাসমূহৰ সম্পৰ্কে আৰু কেইগৰাকীমান প্ৰসিদ্ধ ইতিহাসবিদৰ মতামতো এইক্ষেত্ৰত প্ৰণিধানযোগ্য বিশিষ্ট সাহিত্যিক তথা ইতিহাসবিদ ডিম্বেশ্বৰ নে ওগদেৱৰ গ্ৰন্থ ‘অসমীয়া সাহিত্যৰ বুৰঞ্জী’ৰ এঠাইত এনেদৰে লিখিছে– ‘‘এই ধৰ্ম বিষয়ক অসমীয়া মাহেকীয়া কাকতখনি আউনীআটী সত্ৰাধিকাৰৰ মুখপাত স্বৰূপে শিৱসাগৰৰ মাজুলীৰ ধৰ্ম প্ৰকাশ যন্ত্ৰৰ পৰা ১৮৭১ত পোনতে ওলায়। ইয়াত সাধাৰণ জ্ঞান বিষয়ক দুই-এটা কথায়ো ঠাই পাইছিল। বাৰ বছৰকাল চলাৰ পিছত, এই সত্ৰ এখন নতুন ঠাইলৈ লৰোৱাৰ লগে লগে, ১৮৮৩ত এই কাকত ওলাবলৈ এৰে। এই কাকত পৰম বৈষ্ণৱ সুপণ্ডিত ৺দত্তদেৱ গোস্বামীৰ এটি সুকীৰ্তি। তথাপি ইয়াৰ বাক্যবিন্যাস প্ৰণালী আৰু প্ৰবন্ধ বাছনি আদিয়ে সৰ্ব সাধাৰণৰ ঘাইকৈ ডেকা তৰপৰ মনত সন্তোষ দিব পৰা নাছিল, আৰু ব্যক্তিগত আক্ৰমণৰ প্ৰবন্ধই ঠাই পোৱাত বয়সীয়াসকলৰ মনতো এই কাকতৰ প্ৰতি কুষাৰিয়ে ঠাই পাইছিল। গতিকে এই কাকতে স্বভাৱতে পৰৱৰ্তী ‘আসাম-নিউচ’ আদি কাকতলৈ ঠাই এৰি দিব লগা হৈছিল।”

আন এগৰাকী ইতিহাসবিদ ড০ হেৰম্বকান্ত বৰপূজাৰীৰ মত আছিল আকৌ এনে ধৰণৰ–- ‘‘এই কাকতবোৰৰ ভিতৰত ১৮৭১ চনত শিৱসাগৰ জিলাৰ আউনীআটী সত্ৰৰ পৰা প্ৰকাশিত কাকতখনত ধৰ্মমূলক কথা থাকিলেও ইয়াত লাগতিয়াল জ্ঞান আৰু সংবাদ আছিল (“Of these The Assam Bilasshini, published in 1871 from the Dharmaprakash Press, Auniati Satra, District of Sibsagar, though devoted to religious matters contained useful knowledge and information” -Political History of Assam Vol. I)

একেদৰেই ইতিহাসবিদ দেবেন্দ্ৰনাথ বেজবৰুৱাই তেখেতৰ গ্ৰন্থ ‘অসমীয়া ভাষা আৰু সাহিত্যৰ বুৰঞ্জী’ত লিখিছিল এনেদৰে-– ‘‘মাজুলীৰ আউনীআটী ধৰ্ম – প্ৰকাশ ছপাখানাৰ পৰা ‘আসাম বিলাসিনী’ নামে এখন ধৰ্মপত্ৰিকা ১৮৭১ চনৰ পৰা ১৮৮৩ চনলৈকে ওলাইছিল। এই কাকতত অকল ধৰ্ম সম্পৰ্কীয় কথাই নাছিল, মাজে-সময়ে দুই-এটা সৰ্বসাধাৰণৰ উপযোগী প্ৰবন্ধইও ইয়াত ঠাই পাইছিল।”

উপৰিউক্ত বিভিন্ন মতামতৰপৰা এই কথা সহজেই অনুমান কৰিব পাৰি যে ‘আসাম বিলাসিনী’ৰ মুখ্য উদ্দেশ্য অসমীয়া সনাতন বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ হ’লেও এখন সংবাদপত্ৰৰ ধৰ্ম অক্ষুণ্ণ ৰাখি সকলো ধৰণৰ লেখা ইয়াৰ মাজত প্ৰকাশ হৈছিল। বাতৰি, প্ৰবন্ধ, আদিৰ উপৰি ‘আসাম বিলাসিনী’ৰ মাজত কবিতাও প্ৰকাশ হৈছিল। বিজ্ঞাপনৰ প্ৰচাৰো আছিল ‘আসাম বিলাসিনী’ৰ মাজত। অসমীয়া সাহিত্য-সমালোচনাৰো আৰম্ভণি ‘আসাম বিলাসিনী’ৰ পাততে হোৱা বুলি ক’ব পাৰি।

অসমীয়া সাহিত্যৰ বিশিষ্ট কাণ্ডাৰীসকলৰ ভিতৰৰ অন্যতম ভোলানাথ দাস, লম্বোদৰ বৰা আদিয়ে ‘আসাম বিলাসিনী’ৰ মাজেৰেই সাহিত্যিক জীৱনৰ পাতনি মেলিছিল। ভোলানাথ দাসৰ অমিত্ৰাক্ষৰ ছন্দত ৰচনা কৰা ‘সীতাহৰণ কাব্য’ ‘আসাম বিলাসিনী’ত প্ৰকাশ হোৱাৰ পাছত ইয়াৰ শব্দচয়নক লৈ বিৰূপ সমালোচনাও হৈছিল ‘আসাম বিলাসিনী’ৰ মাজত।

এনেদৰেই ১৮৭১ চনৰপৰা ১৮৮৩ চনলৈকে ভিন্নধৰ্মী লেখা প্ৰকাশ কৰিও ‘আসাম বিলাসিনী’য়ে নিজৰ পৃষ্ঠাৰ মাজত সংৰক্ষণমূলক ধৰ্মীয় প্ৰচাৰৰ ধাৰা অটুট ৰাখিবলৈ চেষ্টা কৰিছিল।

auniati satra1

মাজুলীৰপৰা অস্তমিত ‘আসাম বিলাসিনী’

১৮৭১ চনত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ দত্তদেৱ গোস্বামীৰ তীব্ৰ ইচ্ছাশক্তি আৰু একাগ্ৰতাৰ বলত মাজুলীৰ নিচিনা অসুচল স্থানৰপৰা নতুন ছপাশাল প্ৰতিষ্ঠা কৰি সংবাদ পত্ৰিকা ‘আসাম বিলাসিনী’ প্ৰকাশ হৈছিল আৰু অসমৰ সনাতন বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে এই কাকতে আত্মনিয়োগ কৰিছিল।

গোস্বামীদেৱৰ এই মহৎ সপোনে সংবাদপত্ৰিকাখনক ১৮৮৩ চনলৈকে সুদীৰ্ঘ ১২ বছৰ কাল জীয়াই ৰাখি সংবাদপত্ৰ আৰু ছপাশাল শিল্পৰ লগত অসমীয়াক জড়িত হ’বলৈ সাহস যোগালে। সেই ক্ষেত্ৰত ‘আসাম বিলাসিনী’ এক মাইলৰ খুঁটি বুলি একমুখে স্বীকাৰ কৰিব পাৰি।

এক মহৎ উদ্দেশ্য থকাৰ পাছতো ‘আসাম বিলাসিনী’ৰ প্ৰকাশ বন্ধ হৈ যোৱাৰ মুখ্য কাৰণ হিচাপে ইয়াৰ সংস্কাৰবিমুখ মনোভাৱকে জগৰীয়া কৰিব পাৰি। ‘অৰুনোদইৰ’ জৰিয়তে মিছনেৰীৰ খ্ৰীষ্টধৰ্ম প্ৰচাৰ-প্ৰক্ৰিয়াৰ স্বাভাৱিক প্ৰতিক্ৰিয়া হিচাপে ই ‘আসাম বিলাসিনী’ৰ জন্ম হৈছিল যদিও সেই সময়ত অসমত গা কৰি উঠা সংস্কাৰমূলক ভাবধাৰাৰপৰা ই আঁতৰত আছিল।

অন্য অৰ্থত সংস্কাৰবিমুখ হোৱাৰ বাবেই হয়তো সেই সময়ৰ নশিক্ষিত অসমীয়াক ‘আসাম বিলাসিনী’য়ে আকৃষ্ট বা প্ৰভাৱিত কৰিব পৰা নাছিল। তদুপৰি সেই সময়ত আৱিৰ্ভাৱ হোৱা জাতীয়তাবাদী ভাৱধাৰাৰ ‘আসাম বিলাসিনী’ৰ দৰে ধৰ্মালোচনীৰ আকৰ্ষণ কমাই আনিছিল। আন কিছুমানৰ মতে ‘আসাম বিলাসিনী’ত ধৰ্ম সম্পৰ্কীয় প্ৰবন্ধাদিৰ উপৰি ৰাজনীতি চৰ্চা কৰা বুলি তেতিয়াৰ শিৱসাগৰৰ জিলাধিপতি এ. চি. কেম্পবেলে ভাবুকি দি কাকতখন বন্ধ কৰিবলৈ চেষ্টা কৰিছিল।

যিয়েই নহওক, সুদীৰ্ঘ বাৰ বছৰকাল প্ৰকাশ হোৱাৰ পিছত, সত্ৰত আৰম্ভ হোৱা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ বাবে সত্ৰ স্থানান্তৰিত কৰিব লগা হোৱাত ১৮৮৩ চনত মাজুলীৰ পৰা প্ৰকাশিত অসমৰ দ্বিতীয়খন সংবাদপত্ৰিকা ‘আসাম বিলাসিনী’ৰ প্ৰকাশ স্তব্ধ হৈ পৰে।

‘আসাম বিলাসিনী’ৰ পুনৰ্জন্ম—যোৰহাটৰপৰা

মাজুলীৰপৰা প্ৰকাশিত ‘আসাম বিলাসিনী’ৰ প্ৰকাশ বন্ধ হৈ যোৱাৰ প্ৰায় ডেৰকুৰি বছৰ পাছৰ কথা। ঊনবিংশ শতিকা শেষ হৈ বিংশ শতিকাৰ আৰম্ভণি হৈছে। সেই সময়ৰ যোৰহাটৰ এগৰাকী সৰবৰহী ব্যক্তিৰ নাম আছিল কৃষ্ণকান্ত ভট্টাচার্য। কাছাৰীত পেস্কাৰৰ কাম কৰাৰ সূত্ৰে দুৰ্দান্ত সাহসী আৰু জাতীয়তাবাদী ভাবধাৰাৰ ভট্টাচার্য সকলোৰে মাজত ‘কৃষ্ণ পেস্কাৰ’ নামেৰেহে জনাজাত আছিল।

অসমীয়াৰ জাতীয় স্বাৰ্থক সদায় আগস্থান দিয়া কৃষ্ণ পেস্কাৰে এদিন সিদ্ধান্ত ল’লে যে অসমীয়াৰ স্বাৰ্থৰ হকে মাত মাতিবলৈ এখন বাতৰি-কাকত উলিয়াব। কিন্তু চৰকাৰী আমোলা হৈ এখন জাতীয় ভাবাপন্ন বাতৰি-কাকত, তাকো নিজৰ প্ৰেছ নোহোৱাকৈ  উলিয়াবলৈ যোৱাটো বৰ সহজ কাম নাছিল। কিন্তু কৃষ্ণ পেস্কাৰ মানুহজন আছিল আনতকৈ বেলেগ।

আউনীআটী সত্ৰৰ পৰি থকা ধৰ্ম প্ৰকাশ যন্ত্ৰ আনিবলৈ তেওঁ সত্ৰাধিকাৰ প্ৰভুৰ কাষ পালেগৈ আৰু একপ্ৰকাৰ জোৰ কৰিয়েই ইয়াক যোৰহাটলৈ লৈ আহিলে। কৃষ্ণ পেস্কাৰে অৱশ্যে সত্ৰাধিকাৰ প্ৰভুক কথা দিবলগীয়া হৈছিল যে প্ৰেছটোৰ নাম পূৰ্বৰ দৰেই ‘ধৰ্ম প্ৰকাশ যন্ত্ৰ’ই থাকিব লগতে উলিয়াবলগা কাকতখনৰ নামো শ্ৰীশ্ৰীদত্তদেৱ গোস্বামীৰ সোঁৱৰণত ‘আসাম বিলাসিনী’য়েই হ’ব।

এনেদৰেই ১৯১৩ চনত যোৰহাটৰপৰা ‘আসাম বিলাসিনী’য়ে সাদিনীয়া বাতৰি-কাকতৰ ৰূপত পুনৰজনম লাভ কৰিলে। কাকতখনৰ শিৰোনামা একেই আছিল যদিও শীৰ্ষ নামাটোৰ তলত দুশাৰী বাক্যৰে এনেদৰে লিখা আছিল, ‘সাদিনীয়া বাতৰিকাকত’, ‘SECOND SERIES’।

চৰকাৰী কৰ্মচাৰী হোৱাৰ বাবে সম্পাদকৰ বাব কৃষ্ণকান্ত ভট্টাচাৰ্যই নলৈ তেখেতৰ ভায়েক ঘনকান্ত ভট্টাচাৰ্যক দিছিল। কাকতখনৰ প্ৰকাশক আৰু মুদ্ৰক আছিল ক্ৰমে শিৱনাথ ভট্টাচার্য আৰু জগন্নাথ শৰ্মা বৰঠাকুৰ। এইখিনিতে উল্লেখ কৰিব পাৰি যে, মাজুলীৰ ‘আসাম বিলাসিনী’তকৈ যোৰহাটৰ ‘আসাম বিলাসিনী’ৰ আকৃতিৰ লগতে প্ৰকৃতি ও সম্পূৰ্ণ বেলেগ আছিল।

নতুন ‘আসাম বিলাসিনী’ মাহেকীয়া ধৰ্মালোচনী নহৈ সাদিনীয়া ৰাজনৈতিক তথা জাতীয়তাবাদী বাৰ্তালোচনীৰ ৰূপ ল’লে। স্বাভাৱিকভাৱেই সেই সময়ৰ ৰাজনৈতিক বাতাৱৰণৰ বাবে এই কাকত হৈ উঠিল প্ৰতিষ্ঠানবিৰোধী। ইংৰাজ চৰকাৰৰ অপশাসনৰ বিৰোধিতা হৈ পৰিল নতুন ‘আসাম বিলাসিনী’ৰ মুখ্য উদ্দেশ্য।

চৰকাৰ-বিৰোধী কাকত কাৰণে এইখন হকাৰৰ সলনি আন বিভিন্ন ধৰণে পঢ়ুৱৈৰ ওচৰ পোৱাৰ ব্যৱস্থা কৰা হৈছিল। কাকতখনৰ মূল্য আছিল এক অনা আৰু বছৰেকীয়া বৰঙণি আঢ়ৈ টকা।

175 C

নতুন ‘আসাম বিলাসিনী’ৰ সূর্যাস্ত

বিংশ শতিকাৰ আৰম্ভণিৰপৰাই ক্ৰমাত তীব্ৰতৰ হৈ অহা ইংৰাজ-বিৰোধী ভাবধাৰাই নতুন ‘আসাম বিলাসিনী’ক ভালদৰেই প্ৰভাৱান্বিত কৰিছিল। ব্যৱসায়িক দৃষ্টিভংগীৰে প্ৰকাশ নোহোৱাৰ বাবে ‘আসাম বিলাসিনী’ৰ বাবে জাতীয় জাগৰণৰ বাণী প্ৰচাৰ কৰিবলৈ সহজ হৈ পৰিছিল। কৃষ্ণকান্ত ভট্টাচার্যৰ ‘আসাম বিলাসিনী’য়ে সেই সময়ৰ সমসাময়িক পত্ৰিকাতকৈ কিছুমান ক্ষেত্ৰত অধিক আগৰণুৱাহে আছিল।

ইংৰাজক সমালোচনা কৰা আৰু কংগ্ৰেছক সমৰ্থন কৰাৰ অপৰাধত ১৯১৮ চনৰপৰা ১৯২০ চনলৈ ‘আসাম বিলাসিনী’ৰ প্ৰকাশ বন্ধ ৰাখিব লগা হৈছিল। প্ৰথম অৱস্থাত ইংৰাজ চৰকাৰে গুৰুত্ব নিদিলেও পাছলৈ কথাবোৰ গুৰুত্ব সহকাৰে লৈ ‘আসাম বিলাসিনী’ৰ আঁৰৰ মূল ব্যক্তি কৃষ্ণকান্ত ভট্টাচার্যক চাকৰিৰপৰা একপ্ৰকাৰ বাধ্যতামূলক অৱসৰ দিছিল।

ইয়াৰ পাছত আৰু অধিক সক্ৰিয় হৈ মুকলিকৈ সম্পাদকৰ বাব লৈ কৃষ্ণকান্ত ভট্টাচাৰ্যই ‘আসাম বিলাসিনী’ৰ পাতত ইংৰাজ চৰকাৰৰ প্ৰত্যক্ষ বিৰোধিতা কৰিবলৈ ল’লে।

এই সম্পৰ্কে বেণুধৰ শৰ্মাদেৱে তেখেতৰ গ্ৰন্থ ‘অৰ্ঘাৱলী’ত সুন্দৰকৈ লেখিছে এনেদৰে—‘‘ছৰ্কাৰী কাম কৰোঁতে ই তেওঁ বৃটিছ কৰ্মচাৰীবিলাকৰ ব্যৱহাৰত যিবোৰ তিতা-কেঁহা পাইছিল আৰু তেওঁবিলাকৰ যিবোৰ সন্ধি-অভিসন্ধি তেওঁ নিজ চকুৰেই দেখি আহিছিল, সেইবোৰকে এতিয়া কাৰ্যৰ ভাও বুজি প্ৰকাশ কৰিবলৈ ধৰিলে আৰু কোনো কৰ্মচাৰীয়ে নীতিবিৰুদ্ধ কাম কৰি অসমীয়াৰ হকত বাধা জন্মালে খঙত টিঙিৰিতুলা হৈ বিলাসিনীৰ পিঠিত সেই দুৰাচাৰৰ কীৰ্তি-কলাপ সকলো ভোঁহাৰি পেলোৱাত লাগিল।…. ‘আসাম বিলাসিনী’ অকল জাতীয়তাবাদী কাকতেই নাছিল, আমোলাতন্ত্ৰৰ অধীনত থকা নিচেই তল খাপৰ কৰ্মচাৰীৰপৰা ৰাজধানীত থকা বিষয়াসকললৈকে — সকলোৰে নিমিত্তে সৌকাজৰা বেজস্বৰূপ আছিল অৰ্থাৎ সৌকাজৰা বেজে যেনেকৈ খেদি খেদি চোৰ ধৰা পেলাইছিল, ‘বিলাসিনীয়ে ও’ তেনেকৈ দুৰন্ত-দুৰ্নীতিপৰায়ণ কৰ্মচাৰীবিলাকৰ দোষ খুঁচৰি উলিয়াইছিল। যি সময়ত ইংৰাজ এজন দেখিলেই মানুহে ‘মানুহ নহয়, চাহাব’ বুলি ভয়তে কোঁচমোচ খাইছিল, সেই সময়ত ইংৰাজ বিষয়াসকলৰ দোষ আঙুলিয়াই মুখলৈ নোচোৱাকৈ বাতৰি-কাকতত সমালোচনা কৰা বাবেই ‘আসাম বিলাসিনীক’ সকলোৱে আদৰ কৰিছিল। চেনি বন্ধা কাগজতে ই ‘বিলাসিনী’ ছপা হৈছিল আৰু খবৰো নিচেই তাকৰ ওলাইছিল, তথাপি যেয়ে-সেয়ে ‘বিলাসিনী’ বুলিলে আতোল-তোলকৈ হাতত তুলি লৈছিল আৰু বৰ হেঁপাহেৰে পঢ়িছিল।” [পৃষ্ঠা -১০২]

এনেদৰে পঢ়ুৱৈৰ মাজত জনপ্ৰিয় হৈ পৰিলেও সেই সময়ৰ ইংৰাজ চৰকাৰৰ ভালকৈয়ে ৰোষত পৰিবলগা হয় কৃষ্ণ পেস্কাৰৰ নতুন ‘আসাম বিলাসিনী’য়ে। পৰিস্থিতি এনে পর্যায় পালেগৈ যে সেই সময়ৰ প্ৰেছ আইনৰ আওতাত পৰি ১৯২১ চনৰ এপ্ৰিল মাহত কাকতখন হঠাতে বন্ধ কৰি দিবলগীয়া হয়। প্ৰচলিত আইনৰ গণ্ডিৰ মাজতেই অনেক যুঁজ-বাগৰৰ মূৰত ১৯২৩ চনত ‘আসাম বিলাসিনী’ পুনৰ প্ৰকাশ পায়।

অৱশ্যে এই পুনঃপ্ৰকাশো বেছিদিন স্থায়ী হ’ব নাপালে। তীব্ৰ চৰকাৰ-বিৰোধী মনোভাব, দেশৰ সেই সময়ৰ স্বাধীনতা আন্দোলনৰ প্ৰভাৱে মানুহৰ মনত গঢ়ি তোলা অসহযোগ আন্দোলনৰ প্ৰভাৱ আদিয়ে ‘আসাম বিলাসিনী’ৰ প্ৰকাশত গুৰুতৰ প্ৰভাৱ পেলালে। নিয়মিত ৰূপত ‘আসাম বিলাসিনী’ৰ পাতত প্ৰকাশ পাবলৈ ল’লে ইংৰাজৰ লগত অসহযোগ কৰাৰ উদগনি যোগোৱা প্ৰবন্ধ, চৰকাৰ-বিৰোধী সভা-সমিতিৰ বিৱৰণ আদি।

175 book launch

ইয়াৰ ফলত ৰাইজৰ মাজত ইংৰাজ-বিৰোধী সচেতনতা গা কৰি উঠিল যদিও সম্পাদকৰূপে কৃষ্ণকান্ত ভট্টাচার্যই ‘আসাম বিলাসিনী’ৰ বাবে অলেখ কষ্ট মূৰ পাতি ল’ব লগা হ’ল। জীৱিকাৰ একমাত্ৰ সম্বল পেন্সনটোও চৰকাৰে বন্ধ কৰি দিয়াৰ বাবে আৰ্থিক দুৰৱস্থাৰ সন্মুখীন হৈ চকুৰে ধোঁৱাকোৱা দেখিলে কৃষ্ণকান্ত ভট্টাচাৰ্যই। দৰমহা দিব নোৱাৰাৰ বাবে ধৰ্ম প্ৰকাশ যন্ত্ৰৰ কৰ্মচাৰীসকল এটা এটাকৈ নোহোৱা হ’ল।

এনে অৱস্থাতো আৰ-তাৰ পৰা ধাৰ কৰি, নিজে ই প্ৰেছত আখৰ বাছি কাকতখন উলিয়াবলৈ আন্তৰিক প্ৰচেষ্টা অব্যাহত ৰাখিছল। অৱশেষত চৰকাৰৰ হেঁচাত ‘আসাম বিলাসিনী’ৰ বিপত্তিয়ে সীমা চেৰাই যোৱাত কৃষ্ণ পেস্কাৰে ধৰ্ম প্ৰকাশ যন্ত্ৰও বিক্ৰী কৰিবলৈ বাধ্য হৈ পৰিল। লগে লগে ১৯২৪ চনত যোৰহাটৰপৰা প্ৰকাশিত নতুন ‘আসাম বিলাসিনী’ৰ প্ৰকাশ চিৰদিনৰ বাবে বন্ধ হৈ গ’ল। ইংৰাজ চৰকাৰে ‘আসাম বিলাসিনী’ বন্ধ কৰিহে এৰিলে।

কেৱল কাকতখন বন্ধ কৰাতে ই চৰকাৰৰ আক্ৰোশ শেষ হোৱা নাছিল। এই আক্ৰোশৰ ফলশ্ৰুতিত স্বাধীনতাৰ আগলৈকে পেস্কাৰৰ পৰিয়ালৰ কোনেও চৰকাৰী চাকৰি পোৱা নাছিল। কৃষ্ণকান্ত ভট্টাচার্যৰ দেশ তথা দহৰ স্বাৰ্থৰ হকে দিয়া অমূল্য অৱদান ‘আসাম বিলাসিনী’ৰ মৃত্যুৰ লগে লগে অথলে যোৱা যেন লাগিলেও প্ৰকৃততে সেয়া নাছিল।

স্বাধীনতা আন্দোলনৰ তীব্ৰতা অসমত বঢ়াই তুলিবলৈ ‘আসাম বিলাসিনী’ৰ পাতত যি নিষ্ঠা আৰু সততাৰে কৃষ্ণকান্ত ভট্টাচাৰ্যই সেৱা আগবঢ়াই গ’ল, সেয়া ইতিহাসৰ পাতত স্থায়ী হৈ ৰ’ল।

১৯১৩ চনত যোৰহাটৰপৰা নতুনকৈ মূৰ তুলি থিয় দিবলৈ চেষ্টা কৰা ‘আসাম বিলাসিনী’ৰ ১৯২৪ চনত ইংৰাজ চৰকাৰৰ তীব্ৰ আক্ৰোশৰ বলি হৈ অকালমৃত্যু হ’ল যদিও এই কথা স্বীকাৰ কৰিবই লাগিব যে ভাৰতৰ স্বাধীনতা আন্দোলনৰ জুইকুৰা অসমত দপদপকৈ জ্বলাই তোলাৰ ক্ষেত্ৰত ‘আসাম বিলাসিনী’ৰ অৱদান নিঃসন্দেহ অতুলনীয় আছিল।

জাতীয় ভাবধাৰাই পৰিচালনা কৰা ‘আসাম বিলাসিনী’ক কৃষ্ণকান্ত ভট্টাচাৰ্যই প্ৰদান কৰিছিল এক নতুন স্বকীয়তা, কাকতখনৰ মাজেৰে ই বিলাবলৈ যত্ন কৰিছিল জাতীয় চেতনাৰ উন্মেষ, দলপতিৰ ৰূপত সকলো দুখ-কষ্টৰ বোজা মূৰত লৈ একপ্ৰকাৰ অকলেই অগ্ৰসৰ হৈছিল সমাজৰপৰা ইংৰাজৰ সকলো অন্যায়-অনীতি আঁতৰাবলৈ। এইক্ষেত্ৰত তেওঁক আমি পৰাজিত যোদ্ধাৰ ৰূপত নহয়, এজন প্ৰকৃত জাতীয় বীৰৰ ৰূপতহে চাবলৈ ভাল পাম।

এইখিনিতে ই আৰু এটা কথা উল্লেখযোগ্য যে নৱপ্ৰজন্মৰ প্ৰতিনিধি ৰূপে আমি ‘আসাম বিলাসিনী’ৰ সকলো দিশ চালি-জাৰি চাবলৈ আমাৰ হাতত তথ্যসূত্ৰসমূহৰ বৰ অভাৱ। ইয়াৰ বাবে ঘাইকৈ আমি নিৰ্ভৰ কৰিবলগীয়া হৈছে আমাৰ অগ্ৰজসকলে লিখি থৈ যোৱা সীমিত সংখ্যক পুথি তথা তথ্যসমূহৰ ওপৰত।

স্বাভাৱিকভাৱে ই আমাৰ আলোচনা এক সীমি ত পৰিসৰত আবদ্ধ হৈ ৰ’বলৈ বাধ্য। ইয়াৰ বাবে আমি সকলোৰেই ওচৰত ক্ষমাপ্ৰাৰ্থী। অসমীয়াৰ স্বাভিমান ৰূপে অভিহিত কৰিব পৰা, অসমীয়াই প্ৰতিষ্ঠা কৰা প্ৰথমটো ছপাশালৰপৰা প্ৰকাশিত প্ৰথমখন সংবাদপত্ৰ ‘আসাম বিলাসিনী’ৰ

প্ৰকাশৰ সময়ৰপৰা ইতি মধ্যে প্ৰায় ডে ৰশতি কা পাৰ হৈ গ’ল। কাকতখন আৰম্ভণিৰ উদ্যম আৰু একাগ্ৰতাৰে নিয়মীয়াকৈ প্ৰকাশ হৈ থাকিলে আমি কি জানি অসম বুৰঞ্জীৰ কিছু অংশ বেলেগ ধৰণে পঢ়ি বলগা হ’লহেঁতেন। কিন্তু সেয়া হৈ নুঠিল। যিয়েই নহওক, এটা কথা আমি একমুখে ক’ব পাৰো যে এই নিবন্ধৰ মাজত আলোচিত দুয়োখন ‘আসাম বিলাসিনী’য়ে ই আছিল অসমীয়া জন-জীৱনৰ কিছু জটিল সন্ধিক্ষণৰ যেন এক নিঃসংগ বাটকটীয়া।

সেয়েহে অসমীয়াৰ মনত ‘আসাম বিলাসিনী’ এক সন্মানীয় ব্যতি ক্ৰমৰূপে সদায় স্থায়ী হৈ জিলিকি ৰ’ব। মাজুলী আৰু যোৰহাটৰপৰা প্ৰকাশিত দুয়োখন সংবাদপত্ৰই অসমৰ সংবাদপত্ৰৰ উত্তৰণৰ ইতিহাসৰ এক উজ্বল নক্ষত্ৰ, এক অবিস্মৰণীয় অগ্ৰদূত।

বিৰল ব্যক্তিত্ব তথা উদ্যমৰ যোগেদি অসমৰ সংবাদপত্ৰৰ ইতিহাসত নিজৰ নাম সোণালী আখৰেৰে খোদিত কৰা ‘আসাম বিলাসিনী’ৰ আঁৰৰ সেই দুজন মহান অসমীয়া ক্ৰমে শ্ৰীশ্ৰীদত্তদেৱ গোস্বামী আৰু কৃষ্ণকান্ত ভট্টাচার্যদেৱক প্ৰতিজন অসমীয়াই শ্ৰদ্ধাৰে মনত ৰখা উচিত।

Assam Bilasini

প্ৰসংগ :

১) শৰ্মা, তীৰ্থ নাথ ; ‘আউনীআটী সত্ৰৰ বুৰঞ্জী’।

২) বৰুৱা, প্ৰফুল্ল চন্দ্ৰ ; ‘অসমৰ বাতৰি কাকতঃ এটি ৰূপৰেখা’।

৩) তামুলী, লক্ষ্মীনাথ ; ‘ভাৰতৰ স্বাধীনতা সংগ্ৰামত অসমৰ অৱদান’।

৪) ড০ ভট্টাচার্য , বীৰেন্দ্ৰ কুমাৰ ; ‘ডেৰশ বছৰৰ অসমীয়া সংস্কৃতিত এভূমুকি ’।

৫) গোস্বামী, যতীন্দ্ৰনাথ ; ‘অৰুনোদই’ যুগত শিৱসাগৰ জিলাৰ সাংস্কৃতিক অৱস্থা ’, প্ৰকাশ

(অৰুনোদই সংখ্যা) ১৯৮৩।

৬) নেওগ, ডিম্বেশ্বৰ ; ‘অসমীয়া সাহিত্যৰ বুৰঞ্জী’ ।

৭) বৰপূজাৰী, হেৰম্বকান্ত ; Political History of Assam, Vol.I

৮) শৰ্মা, বেণুধৰ ; ‘অৰ্ঘাৱলী’।

This article is published in the Mahabahu‘s historical book 175 Years of media in Assam & Beyond

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

Understanding Visual Culture: Its Evolution and Social Influence
Culture

Understanding Visual Culture: Its Evolution and Social Influence

by Pradakshina Sarmah
July 19, 2026
0

Understanding Visual Culture: Its Evolution and Social Influence PRADAKSHINA SARMAH In an increasingly image-driven world, visual culture plays a crucial...

Read moreDetails
Walking Safely Is a Fundamental Right: Why India’s Cities Must Put Pedestrians First

Walking Safely Is a Fundamental Right: Why India’s Cities Must Put Pedestrians First

July 19, 2026
প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ

প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ

July 19, 2026
The Loneliness Epidemic: Can Rebuilding Community End it?

The Loneliness Epidemic: Can Rebuilding Community End it?

July 18, 2026
The world needs you: Nobel Laureates seek a new movement against nuclear war

The world needs you: Nobel Laureates seek a new movement against nuclear war

July 18, 2026
Cockroaches, Comedians, and Criminals

Cockroaches, Comedians, and Criminals

July 18, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
দেশে দেশে ফুটবল

দেশে দেশে ফুটবল

July 19, 2026
ukraine1 4

 Putin simply couldn’t care less about any peace talks!

July 19, 2026
Understanding Visual Culture: Its Evolution and Social Influence

Understanding Visual Culture: Its Evolution and Social Influence

July 19, 2026
পৰিৱেশ সংৰক্ষণত নাৰী

পৰিৱেশ সংৰক্ষণত নাৰী

July 19, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37661 shares
    Share 15064 Tweet 9415
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    17089 shares
    Share 6836 Tweet 4272
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2321 shares
    Share 928 Tweet 580
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    242 shares
    Share 97 Tweet 61
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    144 shares
    Share 58 Tweet 36
  • Bhattadev University and Climate Justice Classroom

    111 shares
    Share 44 Tweet 28
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6754 shares
    Share 2702 Tweet 1689
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  • Mahabahu Climate Forum Experience: Seven Days of Climate Learning

    110 shares
    Share 44 Tweet 28
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d