–মানস প্ৰতিম কলিতা |
গুৱাহাটী মহানগৰীৰ আৱৰ্জনা চন্দ্ৰপুৰত পেলাব খোজা চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদৰত ‘গণতন্ত্ৰপ্ৰেমী’ স্থানীয় ৰাইজক ‘গণতন্ত্ৰ’ৰক্ষাকাৰী আৰক্ষীয়ে বেধুম পিটি মাথা লাল কৰি দিয়াৰ ঘটনা দেখিবলৈ পোৱা গৈছে। ইয়াৰ মাজতে দুই এজাঁই গুলীও চলি যাব পৰাৰ সম্ভাৱনালৈ লক্ষ্য ৰাখি ৰাইজক আৰক্ষী আৰু ন্যায় ব্যৱস্থাৰ ওপৰত গভীৰ আস্থা ৰাখিবলৈ অনুৰোধ জনালোঁ। এইক্ষেত্ৰত সকলোৱে গান্ধীজীৰ আদৰ্শেৰে বাট বুলিব লাগে। বেলেগ নহ’লেও কৰযোৰে মিনতি, কাতৰ অনুৰোধ শব্দাদি সংলগ্ন স্মাৰকপত্ৰ খনচেৰেক সচিবালয়ৰ দ্বাৰৰক্ষীৰ হাতত দি থৈ অহাৰ ব্যৱস্থা কৰিব লাগে।
পিছে, এই আৱৰ্জনা আৰু তাৰ নিষ্কাষণৰ পদ্ধতি সম্পৰ্কেও বিশদ আলোচনা হোৱা উচিত। স্কেন্দীনেভিয়ান দেশত আৱৰ্জনা নিষ্কাষণ কৰি শক্তি উৎপাদনেৰে আৱৰ্জনা শেষ কৰি পেলোৱাৰ কথা পঢ়িবলৈ পোৱা যায়। আমাৰ চৰকাৰেও তেনে এটা ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰিছে। চৰকাৰ আৰু ব্যৱস্থাৰ ওপৰত আস্থা ৰখা সমূহ নাগৰিকে, বিশেষকৈ মধ্যবিত্ত শ্ৰেণীয়ে চৰকাৰৰ প্ৰতিশ্ৰুতিত বিশ্বাস কৰা উচিত। তেনেকুৱাই হ’ব। এই নিষ্কাষণ কেন্দ্ৰৰ বাবে বৃহৎ পুঁজি আৱণ্টন দিয়া হ’ব। শুকান আৰু ভিজা আৱৰ্জনা ভাগ কৰি পৃথকে ৰখাৰ সুব্যৱস্থা কৰা হ’ব। গুৱাহাটীৰ ঘৰে ঘৰে ডাষ্টবিন থাকিব, ডাষ্টবিনত আৱৰ্জনা পৃথকে পৃথকে পেলাবলৈ নাগৰিকক উদ্ধুদ্ধ কৰি তোলা হ’ব। যিয়ে এনে নকৰে, আৱৰ্জনা সংগ্ৰহ কৰিবলৈ যোৱা কৰ্মীয়ে লগে লগে পৌৰসভাক অৱগত কৰিব আৰু বিধিমতে শাস্তি হ’ব। কোনো সাৰি যাব নোৱাৰিব।
আৱৰ্জনা সংগ্ৰহ কৰা কৰ্মীসকলে গ্লাভচ আৰু গামবুট পিন্ধি আৱৰ্জনা সংগ্ৰহ কৰিব। আৱৰ্জনা সংগ্ৰহ কৰা গাড়ীকেইখন ট্ৰেফিক জামত ফচি দুৰ্গন্ধোৎপাদন কৰিব নোৱাৰিব। আৱৰ্জনাকৰ্মীক মেটৰ বুলি হঁহা বৰ্ণবাদীলোকক ৰাজহুৱা স্থানত কাণৰ লটি চেপা দিয়া হ’ব।
গুটখা, তামোল খাই ৰাস্তাই ঘাটে ফুল বাচি ফুৰাৰ উপৰিও সৰু সৰু পেকেটবোৰ কোনে পেলাই থৈ যায়, চিচিটিভিয়ে পৰীক্ষা কৰি থাকিব। আলপিন কিনিবলৈও পলিথিন বিচৰা লোকক তিনিমাহৰ সশ্ৰম কাৰাদণ্ড বিহা হ’ব। চিঙ্গল য়ুজ পলিথিন বিক্ৰীৰ ক্ষেত্ৰত সম্পূৰ্ণ নিষেধাজ্ঞা আগৰ দৰেই বাহাল থাকিব। পলিথিন ব্যৱহাৰৰ সলনি মৰাপাটৰ অত্যাধুনিক প্ৰযুক্তি সম্বলিত মোনা ব্যৱহৃত হ’ব। অসমত পানী যথেষ্ট হয় আৰু মৰাপাট উৎপাদন কৰিবলৈ বেছি টকা পইচা নালাগে। এনেকি, এক্সপোৰ্ট কৰিবলৈ ৰ মেটেৰীয়েল থাকি যাব। এই সম্পৰ্কে কৃষি বিভাগৰ কৰিৎকৰ্মা মন্ত্ৰীৰ সৈতে বৈঠক অনুষ্ঠিত কৰা হ’ব।
এই সকলো কামেই চৰকাৰে কৰিব। ভুকুতে কল নপকে। সময় লাগে। বৰাগাৱঁৰ হিমালয়খন একেদিনাই সজা হোৱা নাই। চৰকাৰৰ ওপৰত আস্থা নৰখা সকল এনাৰকিষ্ট। দে আৰ বেড এলিমেণ্টছ অৱ ছ’ছাইটি। ৰাষ্ট্ৰৰ কল্যাণকামী চৰিত্ৰ সম্পৰ্কে পঢ়ক। ৰাষ্ট্ৰৰ একমাত্ৰ কাম দুষ্টক দমন আৰু সন্তক পালন। সেয়েহে দুষ্টামী নকৰিব।
আস্থা ৰাখক, বিশ্বাস কৰক, ধৈৰ্য ধৰক।