• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, August 13, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

আহক, আকৌ এবাৰ টিলিঙা বজাও

-দিলীপ দৈমাৰী

by Anjan Sarma
June 21, 2021
in Special Report
Reading Time: 1 min read
0
Share on FacebookShare on TwitterShare on LinkedIn

-দিলীপ দৈমাৰী |

সংসদৰ অধিৱেশন ঘোষণা কৰা হৈছে, কিন্তু কৰ’না সংক্ৰমণৰ নামত এইবাৰ ৰসতে নাম থোৱাৰ দৰেই হ’ব আগন্তুক অধিৱেশন। কৰ’নাই আমাক সকলোকে শাৰীৰিকভাৱেই নহয়, মানসিক, আৰ্থিক, সাংবিধানিক ভাৱেও পৰ্যুদস্ত কৰিছে। আমাৰ মৌলিক অধিকাৰ খৰ্ব কৰা হৈছে সংক্ৰমণৰ নামত। সংবিধানৰ ১৯ নম্বৰ ধাৰাত বৰ্ণিত স্বাধীনতাৰ অধিকাৰৰ লগতে ২১ নং ধাৰাত বৰ্ণিত ব্যক্তিগত স্বাধীনতাৰ অধিকাৰৰ  ভিত্তিত আমি যি জীৱন নিৰ্বাহ কৰো, যি আমাৰ অভ্যাসত পৰিণত হৈছে, কৰ’না সংক্ৰমণৰ প্ৰতিৰোধ কৰাৰ নামত আমাৰ সেই অভ্যাসত বাধা প্ৰদান কৰা হৈছে। ১৮৯৭ চনত বৃটিছে তৈয়াৰ কৰা ‘এপিডেমিক ডিজিজ এক্ট’ আৰু ২০০৫ চনৰ ‘ডিজাস্টাৰ মেনেজমেন্ট এক্ট’ – এই দুখন আইনৰ দ্বাৰা খিচিৰি ৰান্ধি লক-ডাউনৰ দীঘলীয়া ৫/৬ মাহৰ সময়ছোৱাত আমাৰ সাংবিধানিক অধিকাৰসমূহক সংকুচিত কৰি ৰখা হ’ল – যদিও  ই সংবিধানৰ ১৩ নং ধাৰাৰ বিৰোধী।   ১৩ নং ধাৰাৰ মতে  কোৱা হৈছে যে ভাৰতত সংবিধান প্ৰণয়ন কৰাৰ আগতে ভাৰতত যিবোৰ আইন চালু হৈ আছিল, সেইবোৰে যদি সংবিধানত বৰ্ণনা কৰা মৌলিক অধিকাৰ সমূহক কিবা কাৰণত খৰ্ব কৰে – তেনেহলে সেইবোৰ শুন্য বা অস্তিত্বহীন বুলি ধৰি লব লাগিব। কিন্তু মোডী চৰকাৰে বৃটিছ আমোলৰ এপিডেমিক ডিজিজ এক্ট অনুসৰি লক-ডাউন জাপি দি মৌলিক অধিকাৰ খৰ্ব কৰি সংবিধানৰ ১৩ নং ধাৰাক অৱমাননা কৰিছে। ২০০৫ চনৰ ডিজাস্টাৰ মেনেজমেন্ট এক্ট অনুসৰি প্ৰাকৃতিক বিপৰ্যয়ৰ বা অইন বিপৰ্যয়ৰ ক্ষেত্ৰত হে ব্যৱস্থা লোৱাৰ কথা থাকিলেও সেই ধাৰাৰে কৰ’না বিপৰ্যয়ক সিঙুৰিব নোৱাৰি। ডোনাল্ড ট্ৰাম্পৰ প্ৰেমত মত্ত হৈ বিমানবন্দৰ সমূহত লক-ডাউন কৰিলে, বা গুজৰাটৰ ষ্টেডিয়ামত গণ-সমাৱেশ নাপাতিলে হয়তো ভাৰতভূমিত কৰ’নাৰ প্ৰৱেশ নহলহেতেন। গতিকে এই বিপৰ্যয় মোডী চৰকাৰে নিজে আহ্বান কৰা বিপৰ্যয়, প্ৰাকৃতিক বিপৰ্যয় নহয়। হিমালয়ৰ উচ্চতা পাৰ হৈ বতাহৰ কোলাত কৰ’না ভাৰতলৈ অহা নাই। বিমানবন্দৰৰ দায়িত্ব কাৰ? সাগৰৰ বন্দৰৰ দায়িত্ব কাৰ? বিমানবন্দৰ আৰু জাহাজৰ বন্দৰত আগতেই লক-ডাউন কৰি সমগ্ৰ ভাৰত খুলি থৈ দিলেও এনে অৱস্থা নহ’লহেতেন। কাৰণ মাৰ্চ মাহৰ ২৪ তাৰিখে যেতিয়া মাত্ৰ ৪ ঘন্টাৰ সময় দি  মোডীয়ে নাটকীয় ভাৱে বিমুদ্ৰাকৰণৰ দৰে  লক-ডাউন ঘোষণা কৰাৰ সময়ত ভাৰতত মাত্ৰ ৫০০ মানুহৰ কৰ’না হৈছিল; গতিকে জানুৱাৰীত বা ফেব্ৰুৱাৰীত যদি বিমানবন্দৰ আৰু জাহাজৰ বন্দৰত তলা লগালেহেতেন , আজিৰ এই অৱস্থা নহয়। কিন্তু গুজৰাটী আই-এ-এছ, গুজৰাটী বেপাৰীৰ মতেহে আজি ভাৰতৰ চৰকাৰ চলে – সেইকথা মুৰলী মনোহৰ যোশী বা সুৰেশ প্ৰভু বা আদৱানীক সোধাৰো দৰকাৰ নাই! মাত্ৰ ৫০০ মানুহ আক্ৰান্ত হৈছিল ২৪ মাৰ্চ তাৰিখে; ১৩০ কোটি মানুহৰ মাজত ৫০০ মানুহ! প্ৰাকৃতিক দুৰ্যোগ কিদৰে হ’ব পাৰে? অসমৰ বানপানীৰ বেলিকা প্ৰাকৃতিক দুৰ্যোগ কিয় নহয়? কিন্তু ৫০০ মানুহৰ গইনা লৈ প্ৰাকৃতিক বিপৰ্যয়ৰ নাম লোৱা হ’ল আৰু মানুহৰ সাংবিধানিক মৌলিক অধিকাৰ খৰ্ব কৰা হ’ল। ভাৰতৰ সংবিধানৰ ৩৫২ ধাৰাত কোৱা হৈছে যে কোন কোন সময়ত মৌলিক অধিকাৰ অকাৰ্যকৰ হ’ব পাৰে। ভাৰতৰ নিৰাপত্তা বিঘ্নিত হলে, যুদ্ধ বা বৈদেশিক আগ্ৰাসন হলে, বা সশস্ত্ৰ বিদ্ৰোহ হলে চৰকাৰে জাননী জাৰি কৰি মৌলিক অধিকাৰ হৰণ কৰিব পাৰে। ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল নিজৰ গাদীৰ স্বাৰ্থত, সেয়ে সেই দিনবোৰক ক’লা দিন বুলি আজিও কোৱা হয়। ইন্দিৰা গান্ধীক সেইসময়ত ফখৰুদ্দিন আলি আহমেদ, দেৱকান্ত বৰুৱাই যিদৰে সমৰ্থন দিছিল- তাৰবাবে আজিও অসম লজ্জিত। এইবাৰো মৌলিক অধিকাৰ খৰ্ব কৰা হৈছে। এইবাৰ জৰুৰী অৱস্থা জাৰি নকৰিও কৰ’নাৰ নামত মানুহৰ সমাৱেশ, যাতায়তৰ অধিকাৰ, জীৱন-জীৱিকাৰ অধিকাৰ কাঢ়ি নিলে মোডী চৰকাৰে। এই সিদ্ধান্তৰ দ্বাৰা শ্ৰমিক, খেতিয়ক, কাৰিকৰ, ব্যৱসায়ী, দোকানী, কোম্পানী ইত্যাদিৰ পেটতো লঠিওৱা হ’ল। কৰ’নাৰ প্ৰৱেশৰ আগতেই ভাৰতত তীব্ৰ আৰ্থিক সংকট হৈছিল, নিবনুৱা হু হু কৈ বাঢ়িছিল, তাতে মোডী চৰকাৰক কম্পিত কৰি তুলিছিল ‘কা’ বিৰোধী আন্দোলনে। সেয়েহে প্ৰচন্ড চাপত পৰি মাত্ৰ ৪ ঘন্টাৰ সময় দিয়াটো হৈ পৰিল মোডীৰ ব্ৰহ্মাস্ত্ৰ। ই কোনো অপৰিকল্পিত সিদ্ধান্ত নাছিল। শ্ৰমিকসকলক কোনো সময় দিয়া নহ’ল আৰু তেওঁলোকৰ অবৰ্ণনীয় যাত্ৰাপথত অত্যাচাৰ কৰিবলৈ পুলিচক ৰাংকুকুৰৰ দৰে জাপি দিয়া হ’ল। এওঁলোকৰ আশ্ৰয়ৰ ব্যৱস্থা, খাদ্যৰ ব্যৱস্থা, জীৱিকাৰ ব্যৱস্থা – একো ভবা নহ’ল; শ্ৰীৰামে ৭০০০ বছৰ পিছত অযোধ্যাত আশ্ৰয় পালেই হ’ল। অৰ্থনৈতিক সংকট আৰু ‘কা’ বিৰোধী আন্দোলনৰ পৰা ৰক্ষা পাবলৈ কৰ’নাৰ বৰ্ম পৰিধান কৰি সকলোৰে মৌলিক অধিকাৰ খৰ্ব কৰি মোডী চৰকাৰে কাঁহী-বাতি- ঘন্টা- টিলিঙা বজাবলৈ ধৰিলে, বিমানেৰে ফুল ছটিয়াবলৈ ধৰিলে, চাকি জ্বলাবলৈ ধৰিলে,….সেই সময়ত ৰেলৰ চকাই শ্ৰমিকক কাটিলে, পথত ভাৰতমাতাৰ সন্তান শ্ৰমিক-মহিলা ঢলি পৰিল, প্ৰসৱ কৰিলে, মৃত্যু হ’ল অসংখ্য জনৰ, হাজাৰ হাজাৰ কিলোমিটাৰ খোজ কাঢ়িলে লক্ষ লক্ষ জনে। মোডীৰ বাসভৱনত তেতিয়া ময়ুৰে পেখম মেলি নৃত্য কৰি আছিল! সেই নৃত্যৰ তালে তালে ৰাজ্য চৰকাৰসমূহেও জাগ্ৰত হৈ মৌলিক অধিকাৰ খৰ্ব কৰা কামত মনোনিবেশ কৰিলে। কোটি কোটি মানুহ কৰ্মহীন, কপৰ্দকহীন হৈ পৰিল। লক-ডাউন হৈ পৰিল শাসকৰ অস্ত্ৰ। ৫০ কোটি মানুহৰ জীৱিকা প্ৰত্যক্ষভাৱে ক্ষতিগ্ৰস্ত হ’ল, ৫০ কোটি পৰোক্ষভাৱে বিধ্বস্ত হ’ল; আৰু এই আতংক বাহাল ৰাখিবলৈ মাহিলী দৰমহা আৰু পেঞ্চন পাই থকা সকলক আশ্ৰয় কৰি এক সামাজিক ভিত্তি তৈয়াৰ কৰা হ’ল, আদানী-আম্বানী আছেই, আমোলা- বিষয়া আছেই, মেডিয়া আছেই!! গতিকে আজি জি-ডি-পি ঋণাত্মক ২৪ হৈ পৰিলেও কাৰো সাৰসুৰ নাই! মানসিক খাদ্য যোগান ধৰি আছে সুশান্ত সিং ৰাজপুত, ৰিয়া চক্ৰৱৰ্তী, কংকণা ৰাণাউট, অতুল বৰা, প্ৰফুল্ল কুমাৰ মহন্ত, কেশৱ মহন্ত, সোণোৱাল, হিমন্ত বিশ্ব, অৰ্ণৱ গোস্বামী ইত্যাদিয়ে; ইয়াৰ লগতে শাৰীৰিক সুস্থতাৰ বাবে কিছু নিৰ্দিষ্ট মানুহৰ কিছুমানক মাহে চাউল-দালি, বেংকত অলপ বিমুদ্ৰাকৃত ধন ভৰাই দিলেই সকলো গৰালত সোমাই থাকিব! অভ্যাসৰ নৰ, কৰ্ণপথে এৰে শৰ। মানুহ অভ্যাসৰ দাস। মৌলিক অধিকাৰ খৰ্ব হোৱাটো এতিয়া স্বাভাৱিক হৈ পৰিল, অভ্যাস হৈ পৰিল! এইবছৰ এনেদৰেই যাব। গতিকে সংসদৰ আগন্তুক অধিৱেশনো আতংকৰ মাজেৰেই পাৰ হ’ব। ঋণাত্মক জি-ডি-পি আছেই, মানুহৰ চিন্তা ভাৱনা, আশা আকাংক্ষা আদিও জি-ডি-পিৰ দৰে বা শ্ৰীৰামচন্দ্ৰৰ পত্নী সীতাৰ দৰে পাতালত প্ৰৱেশ কৰিছে। তাকেই বিচাৰি আছিল ভাৰত ৰাষ্ট্ৰযন্ত্ৰই। কৰ’নাতংক!!

     আহক সকলোৱে‌ আকৌ এবাৰ টিলিঙা বজাও, শংখ বজাও, আৰু সমস্বৰে ধ্বনি দিও – ” হৰ হৰ মোডী, ঘৰ ঘৰ মোডী”!

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: সংসদৰ অধিৱেশন
Anjan Sarma

Anjan Sarma

Related Posts

The River That Became a Drain: Bharalu and the Death of a Memory
Environment

The River That Became a Drain: Bharalu and the Death of a Memory

by RAHUL ROAHN PAUL
August 13, 2026
0

The River That Became a Drain: Bharalu and the Death of a Memory RAHUL ROHAN PAUL There is a photograph...

Read moreDetails
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

August 13, 2026
অসমৰ বানপানী আৰু গৰাখহনীয়া

অসমৰ বানপানী আৰু গৰাখহনীয়া

August 12, 2026
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

August 10, 2026
Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

August 6, 2026
The Great Indian Obsession – Government Jobs

The Great Indian Obsession – Government Jobs

August 1, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
অষ্টাঙ্গ যোগ নে বিকলাঙ্গ যোগ?

The Art of Spiritual Evolution in Human Lives-A Modern Day Approach

August 13, 2026
The River That Became a Drain: Bharalu and the Death of a Memory

The River That Became a Drain: Bharalu and the Death of a Memory

August 13, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

August 13, 2026
How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

August 13, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39378 shares
    Share 15751 Tweet 9844
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18384 shares
    Share 7354 Tweet 4596
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3542 shares
    Share 1417 Tweet 886
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4177 shares
    Share 1671 Tweet 1044
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    134 shares
    Share 54 Tweet 34
  • Mahabahu Mirror: A Bold New Chapter in Climate Journalism

    101 shares
    Share 40 Tweet 25
  • FREEDOM FIGHTERS OF ASSAM

    5085 shares
    Share 2034 Tweet 1271
  • Cockroaches, Comedians, and Criminals

    99 shares
    Share 40 Tweet 25
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    98 shares
    Share 39 Tweet 25
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    96 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d