আহিবিনে ঘূৰি
…… সি কথাৰ মাজতে সুধিছিল এদিন…..
“স্কুলৰ কথা বোৰ মনত পৰেনে তোৰ,,তই যে চুৰকৈ চাইছিলি মোক “..
” ধেৎ, কি যে আছিলো ন তেতিয়া,, একদম পাগলী,, “… মই কৈছিলো..
আন এদিন দুচকুত চকু থৈ সুধি পেলাইছিল সি,
“মই নোহোৱাকৈ সুখী হ’ব পাৰিবিনে,, পাৰিবিনে হাঁহি থাকিব,, ” ।
মৌন হৈ গৈছিলো হঠাতে.. ।
সচাঁই পাৰিনে সুখী হ’ব, পাৰিছোনে , এনেকৈ সুখী হোৱা যায়নে,, যায়নে এনেকৈ.. ।
আজিকালি বুকুখন বিষাই থাকে অনবৰতে,, উশাহ ল’বলৈ কষ্ট হয়…।
তই চিন্তা নকৰিবি । তই আহিবি নহয় । আমি আকৌ স্কুললৈ যাম এনেকৈ,
মই চুৰকৈ চাম তোক, তই কবি, “কিতাপ খনলৈ চা বান্দৰী ।”
ক’ত হেৰাই গ’লি অ তই,, । গুচি আহ । বাদদে,, নালাগে বন্ধুকেৰে অনা স্বাধীনতা । আমাৰ গাৱৰ লৰা ছোৱালীহঁতক তই পঢ়াবি,, মই নাচ শিকাম,, আবেলি সকলো মিলি ফুলৰ খেতিত লাগিম… ।
স্বাধীনতা টো আমাৰ জন্মস্বত্ব । আজুৰি আনিব কেলৈ লাগিছে… ।
শুনচোন,,, আহিবিনে ঘূৰি ………….
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.