• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, March 15, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Literature History

আহোম, ব্ৰিটিছ আৰু ভাৰতৰ গণতান্ত্ৰিক …

মৃণাল বড়া

by Anjan Sarma
May 24, 2022
in History
Reading Time: 2 mins read
0
আহোম, ব্ৰিটিছ আৰু ভাৰতৰ গণতান্ত্ৰিক …
Share on FacebookShare on TwitterShare on LinkedIn

আহোম, ব্ৰিটিছ আৰু ভাৰত

মৃণাল বড়া

বুৰঞ্জীয়ে কয়, অসম ভাৰতৰ অংগ ৰাজ্য নাছিল। কেৱল অসমেই নহয়, চুবুৰীয়া পাহাৰীয়া ছখন ৰাজ্যও ভাৰত জিনি থকা পৰাক্ৰমী ৰজাই ভাৰতৰ মানচিত্ৰৰ ভিতৰত সুমুৱাব পৰা নাছিল। সেই সময়ত বৰ্তমান ভাৰতবৰ্ষৰ মানচিত্ৰৰ ভিতৰত থকা বহু ৰাজ্যৰ এলেকাত স্বাধীন দেশ আছিল আৰু ৰজাৰ শাসনত প্ৰজাগণে জীৱন নিৰ্বাহ কৰিছিল। অসমকে ধৰি চুবুৰীয়া ছখন ৰাজ্যও সেই সময়ত স্বাধীনচিতীয়া আছিল।

RelatedPosts

The Brahmaputra River: A Transboundary Titan of Geomorphology, Ecology, and Geopolitics

A Historical Inquiry into Climate and Environment in Assam

March 5, 2026
The Treaty of Yandaboo (1826): Two Centuries of Assam’s Changing Identity

১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

February 24, 2026
The Treaty of Yandaboo (1826): Two Centuries of Assam’s Changing Identity

The Treaty of Yandaboo (1826): Two Centuries of Assam’s Changing Identity

February 24, 2026

১২২৮ খ্ৰীষ্টাব্দৰ ১৫ আঘোণত টাই কোঁৱৰ চাওলুং ছুকাফাই সৌমাৰপীঠত ভৰি দি ‘মুঙ ডুন চুন খাম’ (সোণালী শস্যৰ দেশ) বুলি চিঞৰি উঠিছিল। প্ৰায় পঁচিছ বছৰ অ’ত-ত’ত দুই-তিনি বছৰকৈ থাকি উজনিৰ গোটেই ভূখণ্ড পৰ্যৱেক্ষণ কৰি বিভিন্ন জনগোষ্ঠীৰ লগত সমন্বয়েৰে ১২৫৩ খ্ৰীষ্টাব্দত ‘চে ৰায় দয়’ অৰ্থাৎ পৰ্বতত জিলিকি থকা নগৰেৰে টাই দেশ আৰু শাসন পদ্ধতিৰ পাতনি মেলিছিল।

তেতিয়াৰেপৰা স্বৰ্গদেউ ছুকাফাকে প্ৰমুখ্য কৰি পৰৱৰ্তী ৰজাসকলে বিচক্ষণতা আৰু সুদক্ষতাৰে সাতৰাজ সামৰি একৰাজ কৰি দেশ শাসনৰ তীক্ষ্ণ বুদ্ধিমত্তাৰ পৰিচয় দিছিল। যাৰ ফলস্বৰূপে সোতৰবাৰকৈ দিল্লীৰ প্ৰবল পৰাক্ৰমী মোগল সৈন্যক পৰাভূত কৰিবলৈ সক্ষম হৈছিল। সেই বল-বিক্ৰমৰ সোঁত অসমীয়াৰ তেজৰ ৰন্ধ্ৰে ৰন্ধ্ৰে আজিও প্ৰৱাহিত হৈ আছে। যাৰ ফলস্বৰূপে অসমৰ জাগ্ৰত প্ৰহৰীসকলে স্বদেশ আৰু স্বজাতিৰ হকে, অসমৰ কৃষ্টি-সংস্কৃতিৰ হকে আৰু নিজৰ সম্পদ ৰক্ষাৰ হকে আত্মবলিদান দি আহিছে।

আহোম ৰাজত্ব কালৰেপৰা এই ভূমি, এই সম্পদ ৰক্ষাৰ বাবে অজস্ৰ দেশপ্ৰেমিক শ্বহীদ হৈছে। অসমৰ বীৰ সন্তানসকলে স্বদেশ আৰু স্বজাতিৰ হকে কৰা আত্মবলিদানক যুগে যুগে সুঁৱৰি থাকিব লাগিব। বহু জাতি-উপজাতি, জনগোষ্ঠীৰে ভৰা এই অসম দেশ এখন স্বতন্ত্ৰৰীয়া দেশ বুলিয়ে ঘোষণা কৰে। এই অসম দেশত বসবাস কৰা প্ৰতিটো জাতি-জনগোষ্ঠীয়ে স্বকীয় ভাষা-দোৱান, কৃষ্টি-সংস্কৃতি, ধৰ্ম-আচাৰ, ৰীতি-নীতি আদি চলাই আহিছে। নিৰ্দিষ্ট সুচল, নিৰ্ধাৰিত জীৱন-জীৱিকাৰ স’তে সুসংহত ব্যৱস্থাৰে বাস কৰা অঞ্চলত স্বকীয় সংস্কৃতি জীয়াই ৰাখি সমন্বয়ৰ এনাজৰীডাল সুদৃঢ় কৰি আহিছে। সকলো জাতি-জনগোষ্ঠীৰ এই কাৰ্যক আহোম স্বৰ্গদেউসকলেও আদৰি লৈছিল আৰু নিজা ভাষা, ৰীতি-নীতি জোৰকৈ জাপি নিদি তেওঁলোকৰ ভাষা-কৃষ্টিক স্বীকৃতি দি এক উদাৰ আৰু মহানতা প্ৰদৰ্শন কৰিছিল।

“ভাষা আন্দোলন, তেল শোধনাগাৰ আন্দোলন, অস্তিত্ব ৰক্ষাৰ আন্দোলন, বিদেশী বহিষ্কাৰ আন্দোলন, শোষণ-লুণ্ঠন, দমন, আগ্ৰাসন আৰু সামৰিক শাসনৰ বিৰুদ্ধে আন্দোলন হৈছে। মূল্য বৃদ্ধি, অতিৰিক্ত কৰ-কাটল বৃদ্ধি, মজুৰি বৃদ্ধিৰ বাবে আৰু অন্যান্য সা-সুবিধাৰ বাবে আন্দোলন কৰিব লগা হৈছে। কিন্তু আন ৰাজ্যৰ বাসিন্দাসকলে প্ৰাপ্যৰ বাবে অসমৰ তুলনাত একো বাদ-প্ৰতিবাদ, আন্দোলন কৰিব লগা হোৱা নাই। দিল্লী চৰকাৰৰ হেমাহি, শোষণ-লুণ্ঠন, বঞ্চনা আৰু দমন নীতিৰ ফলস্বৰূপে ক্ষুণ্ণ হৈ অসমৰ জাতীয়, জনগোষ্ঠীয় সংগঠন আৰু ৰাইজে ধাৰাবাহিকভাৱে আন্দোলন কৰিব লগা হৈছে। কিন্তু চৰকাৰ নিজা সিদ্ধান্তত অলৰ-অচৰ। আমি আৰু কিমান সংগ্ৰাম কৰিম? অসমৰ জাগ্ৰত প্ৰহৰীসকলে আন্দোলনেই কৰি থাকিব লাগিব নেকি?”

আহোম শাসনলৈ দৃষ্টি নিক্ষেপ কৰিলে আমি দেখা পাম যে ৰাজ্য শাসন ব্যৱস্থা অতি কটকটীয়া আছিল আৰু প্ৰজায়ো ৰজাৰ আদেশ আখৰে আখৰে মানি চলিছিল। এনে মহান দেশ শাসনৰ নিদৰ্শনৰ মাজতো নিকৃষ্ট, চতুৰ, চক্ৰান্তকাৰী আৰু স্বাৰ্থপৰ ডা-ডাঙৰীয়া, উচ্চ পদৱীধাৰী বিষয়া, পণ্ডিত, শাক্ত আৰু গুৰিয়াল সত্ৰীয়াসকলৰ কুমন্ত্ৰণাত অভ্যন্তৰীণ বিবাদৰ সূত্ৰপাত ঘটি এক ধৰ্মযুদ্ধত বহু লোকৰ মৃত্যু হৈ অসমৰ জনসংখ্যা কমি গৈছিল আৰু লাহে লাহে আহোম ৰাজত্বৰ বেলি মাৰ গৈছিল।

পৰৱৰ্তী সময়ত ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পাছৰেপৰা ক্ৰমান্বয়ে অসম ব্ৰিটিছ শাসনৰ আওতাত সোমাই পৰিল আৰু অসমৰ উজ্জ্বল আকাশ ক’লা ডাৱৰেৰে ছানি ধৰিলে। ইংৰাজে নিজা নীতিৰে অসম শাসন কৰাত অসমৰ মানুহ ক্ষুণ্ণ হৈ পৰিছিল আৰু বিদ্ৰোহ কৰিবলৈ বাধ্য হৈছিল। ব্ৰিটিছসকলে স্বেচ্ছাচাৰী আৰু দমন নীতিৰে অসমত শাসন আৰম্ভ কৰিলে। ব্ৰিটিছে আহোম যুগৰ বহু অমূল্য সম্পদ নিজ দেশলৈ লৈ গৈছিল। ব্ৰিটিছে এক প্ৰকাৰ সংস্কাৰৰ নামত অসমত ভাৰতৰ বিভিন্ন ৰাজ্যৰ মানুহ আনি সংস্থাপন দিলে।

এই অচিলাতে অসমলৈ বহিৰাগতৰ সোঁত বলে। অনিয়ন্ত্ৰিত জন্মহাৰৰ লগে লগে বহিৰাগতৰপৰাই জনসংখ্যা বিস্ফোৰণ ঘটিবলৈ ধৰিলে। যাৰ বাবে অসমীয়া জাতি আৰু সংস্কৃতিৰ ভেটি সোলোক-ঢোলোক হৈ পৰিল। পৰিণতিত অসমত ভাৰতৰ বিভিন্ন ভাষা-ভাষী লোকৰ সংমিশ্ৰণত এক বাৰেৰহণীয়া সংস্কৃতিও গঢ়ি উঠিল আৰু থলুৱা কৃষ্টি-সংস্কৃতিৰ ওপৰত ইয়াৰ বিৰূপ প্ৰভাৱ পৰিল।

ব্ৰিটিছে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে ব্যৱসায়-বাণিজ্য, ৰাস্তা-ঘাট, শিক্ষানুষ্ঠান গঢ়াৰ উপৰি বিজ্ঞান-প্ৰযুক্তিৰ প্ৰয়োগ ঘটালে। ফলস্বৰূপে অসমৰ সম্যক উন্নয়ন হ’ল যদিও শোষণ আৰু শাসনৰ জৰিয়তে বহু সম্পদ লুণ্ঠনেৰে অপূৰণীয় ক্ষতি সাধন কৰি থৈ গ’ল। সেয়ে ব্ৰিটিছৰ ছকুৰি বছৰীয়া স্বেচ্ছাচাৰী শাসনক অসমৰ জাগ্ৰত আৰু চেতনাসম্পন্ন ব্যক্তিসকলে কেতিয়াও বখানিব নিবিচাৰে। কিয়নো ইংৰাজে যি স্বেচ্ছাচাৰী শাসন ব্যৱস্থা চলাইছিল সেই শাসনৰ প্ৰতিবাদত ভাৰতৰ লগতে সমগ্ৰ অসমতো স্বাধীনতা আন্দোলনে গা কৰি উঠিছিল। স্বাধীনতা আন্দোলনত অসমৰ বহু লোকে যোগ দিলে।

এই অচিলাতে ভাৰতৰ অন্য ৰাজ্যৰ বাসিন্দাৰ লগত অসমীয়াৰ পৰিচয় তথা সমন্বয়ৰ সূত্ৰপাত ঘটিল। এই আন্দোলনত বহু সংগ্ৰামী আৰু বিপ্লৱী বীৰ শ্বহীদ হ’ল। কালক্ৰমত ব্ৰিটিছৰ শাসনৰ অৱসান ঘটিল। দেশ স্বাধীন হ’ল। কিন্তু দেশ স্বাধীন হোৱাৰ নামত অসম নামৰ ভূখণ্ডকো ভাৰতৰ অংগ হিচাপে সামৰি পেলোৱা হ’ল। চৰকাৰ গঠন আৰু দেশ শাসনৰ অজুহাতত অসমৰ বহু অধিকাৰ কৰ্তন কৰা হ’ল।

সেই তেতিয়াৰেপৰা আজিৰ অসমৰ জাতি-জনগোষ্ঠী, ধৰ্মভেদে গণতন্ত্ৰৰ নামত কুটিল ৰাজনীতি কৰা লোকে অসমৰ এক শক্তিক খণ্ড-বিখণ্ড কৰি অসমৰ সাৰ্বভৌমত্ব, ভৌগোলিক অখণ্ডতাকো ফালি ছিৰাছিৰ কৰি পেলালে। স্বাধীনতাৰ পাছৰেপৰা ভাৰতৰ অংগ ৰাজ্য হিচাপে অসমক ভাৰতৰ মানচিত্ৰত ভৰাই লোৱাৰেপৰা অসমলৈ বহু ভাষা-ভাষী তথা ধৰ্মাৱলম্বী লোকৰ প্ৰব্ৰজন ঘটিল আৰু আজি এই ঔপনিৱেশিকতাৰ ফলস্বৰূপে অসমলৈ দুগুণ সমস্যা আৰু গভীৰ সংকট নামি আহিল।

“আৰু অসমৰ ইতিহাস— যি ইতিহাসে বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰি আছে আৰু যি ইতিহাসে মনোবল দিয়ে, চেতনা দিয়ে আৰু পৰিচয় দিয়ে— তেনে ইতিহাসক দিল্লীশ্বৰে মচি পেলাব খুজিছে। তেনে প্ৰচেষ্টাক প্ৰতিহত কৰিবলৈ আমি সংগ্ৰাম অব্যাহত ৰাখিব লগা হৈছে। আনফালে সময়ে সময়ে বেলেগ বেলেগ ৰাজনৈতিক দলে চৰকাৰ গঠন কৰাৰ ফলত চৰকাৰী নীতি সলনি কৰাৰ ফলত অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়াসকলৰ অধিকাৰ খৰ্ব কৰিব বিচৰা কাৰ্যক আৰু অসমৰ প্ৰকৃত ভূখণ্ডক ভাগ ভাগ কৰিব বিচৰা কাৰ্যৰ বিৰুদ্ধে আন্দোলনৰ, বিদ্ৰোহৰ জুই দিনক দিনে জ্বলিব ধৰিছে।”

আমি যদি অলপ দকৈ ভাবি চাওঁ তেন্তে দেখিবলৈ পাম যে, আহোম ৰাজত্বৰ পতন ঘটি অসমলৈ বৃহৎ ভাবুকি নামি আহি আজিৰ এই দুৰৱস্থাত উপনীত হৈছেহি। বিচক্ষণ আহোম ৰজা আৰু ডা-ডাঙৰীয়াসকলে মেটমৰা স্বকীয় ধৰ্ম-পৰম্পৰা, ৰীতি-নীতি, কৃষ্টি-সংস্কৃতি, কলা-কৌশল, ভাষা আৰু পুথি-পাঁজি লৈ অহাৰ পাছতো আহোম ৰাজত্বৰ শেষৰ ফাললৈ ৰাজকীয় কৰ্মত অন্য ধৰ্ম আৰু ৰীতি-নীতিক আতিথ্য দিয়াৰ পৰিণতিতেই আহোম ৰাজত্বৰ অৱসান ঘটিছিল বুলিও বহুলোকে ক’ব খোজে। অন্যহাতে ৰজাই পৰধৰ্মৰ শৰণাপন্ন হৈ বেলেগ এটা এটা ধৰ্মৰ প্ৰতি কৰা অসৎ আচৰণৰ ফলস্বৰূপেই দেশত বিদ্ৰোহৰ সূত্ৰপাত ঘটিছিল।

মুঠতে কেইবাটাও গুৰুতৰ কাৰণত আহোম ৰাজত্বৰ শেষলৈ মোগলৰ সৈতে হোৱা যুদ্ধ আৰু চুবুৰীয়া দেশৰ সৈতে হোৱা ৰণ, মোৱামৰীয়া বিদ্ৰোহ, মানৰ আক্ৰমণ আদিৰ ফলত বহু অসমীয়া মানুহৰ মৃত্যু হৈছিল আৰু এই যুদ্ধসমূহত মৃত্যুবৰণ কৰা মানুহ, জীৱ-জন্তুৰ মৰাশৰপৰা বিয়পা অচিন ৰোগৰ ফলত হোৱা হাজাৰ হাজাৰ লোকৰ মৃত্যুৰ বাবেও অসমৰ থলুৱা লোকৰ সংখ্যা হ্ৰাস পাই আহিল। এনে কাৰণতেই ব্ৰিটিছে অসম দখল কৰিবলৈ সক্ষম হ’ল আৰু আসমলৈ কাল-অমানিশা নামি আহিল।

বৰ্তমান অসমত যোৱা বহুবছৰে দিল্লীৰ নিৰ্দেশত উঠা-বহা কৰা চৰকাৰে ৰাজ্যৰ শাসনভাৰ চলাই আছে। অসমৰ চৰকাৰে দেশৰ সুৰক্ষাৰ নামত নিজা সিদ্ধান্ত মতে আইন প্ৰণয়ন কৰিব নোৱাৰে। যদিওবা ৰাজনৈতিক ব্যক্তিসকলৰ স্বতন্ত্ৰৰীয়া চিন্তা-চৰ্চা কৰাৰ অধিকাৰ আছে তথাপিও তাক ৰূপায়ণ কৰাৰ অধিকাৰ দিল্লীশ্বৰে দিয়া নাই। আজি আমি অধিকাৰ বিচাৰি আন্দোলন কৰিব লগা হৈছে। যোৱা ষাঠি বছৰে অসমৰ জনসাধাৰণে ন্যায্য অধিকাৰ বিচাৰি আন্দোলন কৰিব লগা হৈছে।

কিন্তু আন ৰাজ্যৰ বাসিন্দাসকলে প্ৰাপ্যৰ বাবে অসমৰ তুলনাত একো বাদ-প্ৰতিবাদ, আন্দোলন কৰিব লগা হোৱা নাই। দিল্লী চৰকাৰৰ হেমাহি, শোষণ-লুণ্ঠন, বঞ্চনা আৰু দমন নীতিৰ ফলস্বৰূপে ক্ষুণ্ণ হৈ অসমৰ জাতীয়, জনগোষ্ঠীয় সংগঠন আৰু ৰাইজে ধাৰাৱাহিকভাৱে আন্দোলন কৰিব লগা হৈছে। কিন্তু চৰকাৰ নিজা সিদ্ধান্তত অলৰ-অচৰ। আমি আৰু কিমান সংগ্ৰাম কৰিম? অসমৰ জাগ্ৰত প্ৰহৰীসকলে আন্দোলনেই কৰি থাকিব লাগিব নেকি? চৰকাৰৰ ভুল নীতিৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আমি হয়তো এচাম আন্দোলনকাৰীৰ জন্ম দি থাকিব লাগিব। সময়ে সময়ে অসমৰ পৰিস্থিতি অগ্নিগৰ্ভা হৈ উঠে, অসমত জুই জ্বলে। বিগত ষাঠি বছৰে অসমত জুই জ্বলিয়ে আছে।

ভাষা আন্দোলন, তেল শোধনাগাৰ আন্দোলন, অস্তিত্ব ৰক্ষাৰ আন্দোলন, বিদেশী বহিষ্কাৰ আন্দোলন, শোষণ-লুণ্ঠন, দমন, আগ্ৰাসন আৰু সামৰিক শাসনৰ বিৰুদ্ধে আন্দোলন হৈছে। মূল্য বৃদ্ধি, অতিৰিক্ত কৰ-কাটল বৃদ্ধি, মজুৰি বৃদ্ধিৰ বাবে আৰু অন্যান্য সা-সুবিধাৰ বাবে আন্দোলন কৰিব লগা হৈছে। কিন্তু আন ৰাজ্যৰ বাসিন্দাসকলে প্ৰাপ্যৰ বাবে অসমৰ তুলনাত একো বাদ-প্ৰতিবাদ, আন্দোলন কৰিব লগা হোৱা নাই। দিল্লী চৰকাৰৰ হেমাহি, শোষণ-লুণ্ঠন, বঞ্চনা আৰু দমন নীতিৰ ফলস্বৰূপে ক্ষুণ্ণ হৈ অসমৰ জাতীয়, জনগোষ্ঠীয় সংগঠন আৰু ৰাইজে ধাৰাবাহিকভাৱে আন্দোলন কৰিব লগা হৈছে। কিন্তু চৰকাৰ নিজা সিদ্ধান্তত অলৰ-অচৰ। আমি আৰু কিমান সংগ্ৰাম কৰিম? অসমৰ জাগ্ৰত প্ৰহৰীসকলে আন্দোলনেই কৰি থাকিব লাগিব নেকি?

চৰকাৰৰ ভুল নীতিৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আমি হয়তো এচাম আন্দোলনকাৰীৰ জন্ম দি থাকিব লাগিব। অসমৰ ৰাইজে নিবিচৰা আইন চৰকাৰে জোৰ-জুলুমকৈ অসমৰ ওপৰত জাপি দিছে। সেয়ে অসমৰ ৰাইজ জাঙুৰ খাই উঠিছে, অসমৰ খিলঞ্জীয়া লোকে জংগী আন্দোলন কৰিবলৈ বাধ্য হৈছে। সম্পদৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ, ভাষিক অধিকাৰ আদি মৌলিক অধিকাৰসমূহ বিচাৰি অসমৰ খিলঞ্জীয়াই সংগ্ৰাম কৰিব লগা হৈছে। অসমত আজি থলুৱা জাতি-জনগোষ্ঠীয়ে সুখ-শান্তি, উন্নতি আৰু নিৰাপত্তাৰে থাকিবলৈ নোপোৱা হৈছে। বিদেশী আৰু বহিঃৰাজ্যৰ নাগৰিকেৰে ভৰি পৰিল এই অসম ভূমি। থলুৱা লোকৰ সমস্যা কুলাই-পাচিয়ে নধৰা হ’ল। অবাধ হাৰত মাদক দ্ৰব্য আৰু নিচাযুক্ত দ্ৰব্যৰ প্ৰচলন কৰি, ৰাসায়নিক দ্ৰব্যযুক্ত খাদ্য খুৱাই অসমীয়াক কোঙা কৰিব বিচৰা হ’ল।

আৰু অসমৰ ইতিহাস— যি ইতিহাসে বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰি আছে আৰু যি ইতিহাসে মনোবল দিয়ে, চেতনা দিয়ে আৰু পৰিচয় দিয়ে— তেনে ইতিহাসক দিল্লীশ্বৰে মচি পেলাব খুজিছে। তেনে প্ৰচেষ্টাক প্ৰতিহত কৰিবলৈ আমি সংগ্ৰাম অব্যাহত ৰাখিব লগা হৈছে। আনফালে সময়ে সময়ে বেলেগ বেলেগ ৰাজনৈতিক দলে চৰকাৰ গঠন কৰাৰ ফলত চৰকাৰী নীতি সলনি কৰাৰ ফলত অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়াসকলৰ অধিকাৰ খৰ্ব কৰিব বিচৰা কাৰ্যক আৰু অসমৰ প্ৰকৃত ভূখণ্ডক ভাগ ভাগ কৰিব বিচৰা কাৰ্যৰ বিৰুদ্ধে আন্দোলনৰ, বিদ্ৰোহৰ জুই দিনক দিনে জ্বলিব ধৰিছে।

ভোটৰ লালসাত, চৰকাৰ গঠনৰ লালসাত, গাদী ৰক্ষাৰ স্বাৰ্থত জাতি সত্তাৰ সৰ্বস্ব বিসৰ্জন দিয়া, দিল্লীৰ নিৰ্দেশ নতশিৰে মানি লোৱা অসমৰ এচাম ধুৰন্ধৰ ৰাজনীতিকে অসমৰ অতীত, অসমৰ গৌৰৱ আৰু খিলঞ্জীয়াৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে। যাৰ ফলত ভয় আৰু আশংকাত, নিজৰ সৰ্বস্ব হেৰুওৱাৰ শংকাত, ভৱিষ্যৎ বিপদৰ অশনি সংকেতত বিদ্ৰোহৰ অগনি দপদপকৈ জ্বলিব ধৰিছে। অসমৰ চৌদিশে আজি তীব্ৰ প্ৰতিবাদ, ধৰ্ণা, অৱৰোধ, জোঁৰ সমদল, অনশন।

শোষণ-বঞ্চনাৰ প্ৰতিবাদত, কেন্দ্ৰীয় চৰকাৰৰ কুমন্ত্ৰণাত ৰাজ্য চৰকাৰৰ সেওমনা নীতিৰ প্ৰতিবাদত, জনস্বাৰ্থ বিৰোধী আইনৰ প্ৰতিবাদত, উন্নয়নলৈ পিঠি দি লুণ্ঠন আৰু বিভাজন নীতি গ্ৰহণ কৰাৰ প্ৰতিবাদত অসমৰ জনসাধাৰণে আন্দোলন কৰি আছে আৰু কৰি থাকিব লাগিব।

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: অসমটাই কোঁৱৰ চাওলুং ছুকাফাসৌমাৰপীঠ
Anjan Sarma

Anjan Sarma

Related Posts

The Brahmaputra River: A Transboundary Titan of Geomorphology, Ecology, and Geopolitics
Climate Change

A Historical Inquiry into Climate and Environment in Assam

by Anjan Sarma
March 5, 2026
0

A Historical Inquiry into Climate and Environment in Assam ANJAN SARMA Assam’s environmental history is inseparable from the life of...

Read moreDetails
The Treaty of Yandaboo (1826): Two Centuries of Assam’s Changing Identity

১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

February 24, 2026
The Treaty of Yandaboo (1826): Two Centuries of Assam’s Changing Identity

The Treaty of Yandaboo (1826): Two Centuries of Assam’s Changing Identity

February 24, 2026
বুৰঞ্জীবোধ

অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

February 24, 2026
নাম শুনিলেই যাৰ….

Yandabo to 2026 Crossroads : Lost Sovereignty, Broken Accords, and Fading Regional Dreams!

February 24, 2026
Brahmaputra -The never-ending metaphor as Media of the valley

Brahmaputra -The never-ending metaphor as Media of the valley

February 22, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
How the Iran Conflict is Triggering an LPG Shortage in India?

How the Iran Conflict is Triggering an LPG Shortage in India?

March 14, 2026
ice

Why Is Greenland Moving and What Does It Mean for Global Sea Levels?

March 14, 2026
U.S.-Israel Strikes on Iran Ignite Fears of a Regional War

মধ্যপ্ৰাচ্যৰ সংকটত অশান্ত বিশ্ব

March 14, 2026
India’s 7th National Report to the CBD

India’s 7th National Report to the CBD

March 12, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    28441 shares
    Share 11376 Tweet 7110
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11419 shares
    Share 4568 Tweet 2855
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    120 shares
    Share 48 Tweet 30
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    110 shares
    Share 44 Tweet 28
  • Mahabahu and HCI in Shillong: NEHU Geography Students Rise to the Challenge of Climate Action

    105 shares
    Share 42 Tweet 26
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3522 shares
    Share 1409 Tweet 881
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    81 shares
    Share 32 Tweet 20
  • WSDS 2026 Concludes in New Delhi: Urgent Call for Energy Justice, Climate Finance Reform

    68 shares
    Share 27 Tweet 17
  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    237 shares
    Share 95 Tweet 59
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d