আহোম ৰাজতন্ত্ৰত পশ্চিম অসমৰ চৌধুৰী-তন্ত্ৰ
দিগন্ত কুমাৰ গগৈ
পৃষ্ঠভূমি
প্ৰাচীন কালৰ ঐতিহাসিক সূত্ৰৰ মতে ভাৰতবৰ্ষৰ পূৰ্ব দিশত অৱস্থিত কামৰূপ এখন সমৃদ্ধিশালী আৰু শক্তিশালী ৰাজ্য আছিল। ইয়াৰ বিস্তৃতি আছিল কৰতোৱা নদীৰ পৰা শদিয়ালৈকে।
বৰ্তমান কালৰ ব্ৰহ্মপুত্ৰ উপত্যকা, ভূটান, পশ্চিম বংগৰ কোচবিহাৰ, জলপাইগুৰি আৰু আলিপুৰ দুৱাৰ জিলাকেইখন, বাংলাদেশত স্থিত ৰংপুৰ জিলা, চিলেট জিলা আৰু মৈমনসিং জিলাৰ উত্তৰ পূব অঞ্চল প্ৰাচীন কামৰূপ ৰাজ্যৰ অন্তৰ্গত আছিল।
ভাৰতীয় নেপোলিয়ন বুলি খ্যাত গুপ্ত সাম্ৰাজ্যৰ দিগ্বিজয়ী সম্ৰাট, সমুদ্ৰগুপ্তৰ প্ৰশস্তিত তেওঁৰ মন্ত্ৰী ও ৰাজ কবি হৰিসেনৰ দ্বাৰা লিখিত উত্তৰ প্ৰদেশৰ এলাহাবাদ ও প্ৰয়াগত স্থিত এলাহাবাদ স্তম্ভৰ শিলালিপিত কামৰূপ ৰাজ্যৰ কথা উল্লেখ কৰা আছে।
খ্ৰীষ্টিয় ত্ৰয়োদশ শতিকাৰ আগভাগত, বিভিন্ন ঐতিহাসিক কাৰণবশতঃ প্ৰাচীন কামৰূপ ৰাজ্যখন কেইবাখনো সৰু ডাঙৰ ৰাজ্যত ভাগ হয়। এই নৱ গঠিত ৰাজ্য কেইখনৰ ভিতৰত, বৰ্তমান কালৰ পশ্চিম বংগত অৱস্থিত কৰতোয়া নদীৰ পৰা অসমৰ কামৰূপ আৰু দৰং জিলাৰ সীমাত অৱস্থিত বৰনদীলৈকে বিস্তাৰিত, কমতা ৰাজ্য আকাৰত বিশাল আৰু ঐতিহাসিক ভাবে উল্লেখ যোগ্য আছিল।
১৪৯৮ খৃঃত গৌড়ৰ চুলতান হুছেইনছাহে কমতা ৰাজ্যৰ ৰাজধানী কমতাপুৰ দখল কৰি কমতা ৰাজ্যৰ অন্তিম ৰজা নীলাম্বৰক সিংহাসনচ্যুত কৰিছিল।
কমতাপুৰৰ পতনৰ পিছত কমতা ৰাজ্য কেতবোৰ মুখীয়াল লোকৰ নেতৃত্বত ক্ষুদ্ৰ ক্ষুদ্ৰ স্বাধীন ৰাজ্য গঢ়ি উঠিছিল। ইয়াৰ কেইবছৰমান পিছত কোচ ৰজা বিশ্ব সিংহই এই ক্ষুদ্ৰ ৰাজ্যবোৰ জয় কৰি পশ্চিমে কৰতোৱা নদী আৰু পূবে বৰনদীলৈকে সীমা বিস্তাৰ কৰি ১৫১৫ খৃঃত কোচবিহাৰ ৰাজ্য স্থাপন কৰিছিল। ১৫৮১ খৃঃত বিশ্ব সিংহৰ পুত্ৰ মহাৰাজ নৰনাৰায়ণ আৰু নৰনাৰায়ণৰ ভাতৃ দিগ্বিজয়ী সেনাপতি মহাবীৰ চিলাৰায়ৰ পুত্ৰ ৰঘূদেৱ নাৰায়ণৰ মাজত কোচ ৰাজ্য দুভাগত বিভক্ত হৈছিল।
কৰতোৱা নদীৰ আৰু সোণকোষ নদীৰ মাজত থকা খণ্ডক কোচবিহাৰ ৰাজ্য আৰু সোণকোষ নদী আৰু বৰনদীৰ মাজত কোচ হাজো ৰাজ্য ৰূপে জনাজাত হৈছিল। কোচ হাজো ৰাজ্যত ৰঘূদেৱ নাৰায়ণ আৰু ৰঘূদেৱ নাৰায়ণৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ পৰীক্ষিত নাৰায়ণ ৰজা হৈছিল।
চৌধুৰী-তন্ত্ৰৰ সূত্ৰপাত
১৬১৫ চনত কোচ ৰজা পৰীক্ষিত নাৰায়ণক পৰাস্ত কৰি কোঁচ হাজোৰ ৰাজ্য মোগলসকলে অধিকাৰ কৰাৰ পিছত মোগল সকলে সুস্থিৰ প্ৰশাসনৰ স্বাৰ্থত কোচ হাজো ৰাজ্যখন চাৰিটাকৈ খণ্ডত বিভক্ত কৰিছিল। প্ৰত্যেকটো খণ্ডক ‘চৰকাৰ’ বুলি অভিহিত কৰিছিল, আৰু ক্ৰমে এই চাৰিটা খণ্ডক ১) চৰকাৰ কামৰূপ, ২) চৰকাৰ ঢেকেৰী, ৩) চৰকাৰ দক্ষিণ কূল আৰু ৪) চৰকাৰ বঙ্গালভূম ।
প্ৰত্যেকটো চৰকাৰ কেইবাটাও পৰগনা ও মোহল বা মহলত ভাগ কৰিছিল আৰু এই পৰগনা ও মোহল কেইটা হ’ল ঃ
১) চৰকাৰ কামৰূপ :- কোৱৰভাগ, পাতি দৰং, বনভাগ, বামা, বৰদৰং, বাঁহবাৰি, সাতৰজীয়া, ছৌৰাহা-খাতা, কাচিমপুৰ, বৰভাগ, দেহোৰ, ক্ষেত্ৰীভাগ, বজালী, বাহেৰ-খাতা, বাঁউসী, বৰনগৰ, পাতকটা, বৰপেটা, বেজিনী, ফুলগুৰি, বাস্কা, কসবে হাজো, কসবে গুৱাহাটী, ৰিকাব-মোহল, পেছকছ, পানদৰিবাৰি, বৰগ-মোহল, পুস্বা-মোহল, গুদৰা উমানন্দ, হেমা মোহল, মাকি মোহৰ, চেতলবাজী ফৰোইয়াত, খেদা-হাথী, আগাধুবি, নিকাহী-মোহল, পাইকান-মোহল, কছাৰী-মোহল, চুটিয়া-মোহল আৰু কাৰখানা।
২) চৰকাৰ ঢেকেৰী :– খুটাঘাট, গুমা, পৰ্ব্বতজোৱাৰ, কসবে ধুবুৰী, জামিৰা, টাৰীয়া, ঘুৰলা, জলকৰ-মোহল, ঘিলা, চাপগড়, ৰেছম-তাঁতী, কোকলাৰ, খুমাৰ, কাঠ-মোহল, কটোৱালী, ডিম্যালী-মোহল, ধামাদি মোহল, চুলহট, দস্তক মোহৰ।
৩) চৰকাৰ দক্ষিণ কূল :- সাম্ভোৰ পৰগনা আৰু ইয়াৰ অন্তৰ্গত বগৰিবাৰী, চামুৰীয়া, বেকেলী, হালজাল ওজাখেলী আৰু তিশিমপুৰ, পাণ্ডু পৰগনা আৰু ইয়াৰ অন্তগৰ্ত বঙ্গেশ্বৰ, মঝিয়লি, ছয়নীয়া, বেলতলা আৰু ভড়ুৱা কটা, ডুমুৰীয়া পৰগনা, বাড়ন্তী পৰগনা, মেচপাৰা পৰগনা, কালমলুৱা পাৰা পৰগনা, কড়ৈবাৰী পৰগনা, পুষ্যাতলে পৰগনা, গাড়ো-মহল পৰগনা, গোড়কাটী পৰগনা।
৪) চৰকাৰ বঙ্গালভূম:- বাহেৰবন্ধ পৰগনা, ভিতৰবন্ধ পৰগনা, গয়বাৰী পৰগনা, চকীবৰেতলা পৰগনা আৰু চান্দিয়ানী পৰগনা।
এই সকলো পৰগনাত মোগল প্ৰশাসনে, বৰুৱা, চৌধুৰী, পাটোৱাৰী, তালুকদাৰ আৰু ঠাকুৰীয়া আদি পদত বিষয়া নিযুক্ত কৰিছিল আৰু নৱ অধিকৃত কোচ হাজো ৰাজ্যত মোগল সাম্ৰাজ্যৰ স্থিতি সুদৃঢ় কৰিছিল।
মোগলৰ পৰা আহোম ৰাজশাসনলৈ চৌধুৰী তন্ত্ৰৰ হস্তান্তৰ
পৰৱৰ্তী কালত, মোগল সাম্ৰাজ্য আৰু আহোম ৰাজ্যৰ মাজত পূৰ্বৰ কোঁচ হাজো ৰাজ্যখনত আধিপত্য স্থাপনক লৈ সংঘৰ্ষ আৰম্ভ হ’ল। এই সময়ছোৱাত যুদ্ধৰ ফলাফল অনুসাৰে উপৰুক্ত অঞ্চলৰ দখল কেইবাবাৰো মোগল আৰু আহোমৰ মাজত সালসলনি হৈছিল।
অৱশেষত ১৬৮২ চনত স্বৰ্গদেউ গদাধৰ সিংহই অন্তিমবাৰৰ বাবে গুৱাহাটীৰ পৰা মোগলক বিতাড়িত কৰি, পশ্চিম অসমৰ মানাহ নদী লৈকে ৰাজ্য বিস্তাৰ কৰি, মানাহ আৰু ব্ৰহ্মপুত্ৰৰ সংযোগ স্থলী, বৰ্তমান কালৰ গোৱালপাৰা নগৰৰ বিপৰীত পাৰত অৱস্থিত, হাদিৰাত সীমান্ত চকী স্থাপন কৰিছিল।
আৰম্ভণি কালত আহোম ৰাজ শাসন কামৰূপত স্থাপন হওঁতে কামৰূপৰ নিম্ন লিখিত অঞ্চল সমূহ পানীফুকনৰ অধীনত আছিল:
১. চাৰিদুৱাৰ ২. চুটীয়াকোঁৱৰ ৩. দৰঙ্গ ৪. কৰিয়াপাৰ ৫. গড়খলা ৬. বেজিনী ৭. বাহকা ৮. নদুৱাৰ ৯. ৰাণী ১০. বেলতলা ১১. সাতৰজা ১২. মায়ঙ্গ ১৩. ঘূগুৱা ১৪ পাণবাৰী।
লাঙ্গী বৰফুকনৰ দিনত, এই ব্যৱস্থা সলনি হল আৰু ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ অঞ্চল সমূহৰ প্ৰশাসন নিজৰ অধীনত আনিলে।
মহাবীৰ লাচিত বৰফুকনৰ নেতৃত্বত ১৬৬৭ খৃষ্টাব্দত, অসমীয়া সেনাই গুৱাহাটী আৰু পশ্চিম অসমৰ মানাহ নদী লৈকে মোগলসকলক বিতাড়িত কৰাৰ পিছত আহোম ৰজা স্বৰ্গদেউ চক্ৰধ্বজ সিংহই ৰাজমন্ত্ৰী আতন বুঢ়াগোহাঁই আৰু সেনাপতি লাচিত বৰফুকনক কামৰূপত আহোম ৰাজশাসন সুদৃঢ় কৰিবলৈ আদেশ দিলে আৰু সেই অনুসৰি মোগল শাসনৰ প্ৰথা বাহাল ৰাখি কামৰূপৰ পৰগনা সমূহৰ পৰা ৰাজহ ও জায়গিৰি ধন সংগ্ৰহ কৰিবলৈ চৌধুৰী আৰু পাটোৱাৰী নিযুক্তি দিয়া হৈছিল।
প্ৰত্যেকটো পৰগনা আকাৰ আৰু প্ৰয়োজন অনুসাৰে দুখনৰ আৰু ছখনলৈ তালুক আছিল, প্ৰতি তালুকত ছখনলৈ লাট আছিল, প্ৰতি লাটৰ ভিতৰত তিনিখনৰ পৰা ছখনলৈ গাওঁ আছিল। প্ৰত্যেকটো পৰগনা একোজন চৌধুৰীৰ অধীনত আছিল, প্ৰত্যেকটো তালুকত এজন তালুকদাৰ, প্ৰত্যেকটো লাটত এজন ঠাকুৰীয়া, আৰু তাৰ তলত কাকতি আৰু গাওঁবাৰিক বা গাওঁ বুঢ়া আছিল।
স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ দিনত, আহোম ৰাজ প্ৰশাসনে পৰগনা সমূহৰ প্ৰশাসন আৰু নিৰাপত্তাৰ দায়িত্বত নিম্ন লিখিত ধৰণে একোজন আহোম ৰাজ বিষয়া অধীনত দিছিল ঃ-
বৰ ফুকনৰ অধীনত : পাতিদৰঙ্গ, বৰভাগ আৰু বাঙ্গসৰ।
পানীফুকনৰ অধীনত : খাতা আৰু বনভাগ।
দুৱৰা ফুকনৰ অধীনত : পূবপাৰ আৰু পশ্চিম পাৰ।
ডেকাফুকনৰ অধীনত : সৰু বংশৰ আৰু কছাৰীমহল।
চেটিয়া ফুকনৰ অধীনত : ৰামচা আৰু সৰুক্ষেত্ৰি।
দৈয়ঙ্গীয়া ৰাজখোৱাৰ অধীনত – বৰক্ষেত্ৰি।
তৰ – শলগুৰীয়াৰ অধীনত – চয়নিয়া ও ছয়ানি।
গজপুৰীয়া ৰাজখোৱাৰ অধীনত – বাঢ়ন্তি।
দিখৌ মুখীয়া ৰাজখোৱাৰ অধীনত – চামুৰীয়া।
পানী- শলগুৰীয়া ৰাজখোৱাৰ অধীনত – নগৰবেৰা।
পানী-দিহিঙ্গীয়া ৰাজখোৱাৰ অধীনত – বগৰীবাৰী।
তৰুৱা-দিহিঙ্গীয়া ৰাজখোৱাৰ অধীনত – বৰপেটা।
নামডিঙ্গীয়া ৰাজখোৱাৰ অধীনত – বৰনগৰ।
পানী-অভয়পুৰীয়া ৰাজখোৱাৰ অধীনত – বজালী।
বৰ অভয়পুৰীয়া ৰাজখোৱাৰ অধীনত – বেকেলি।
সৰু অভয়পুৰীয়া ৰাজখোৱাৰ অধীনত – বাউসী।
সেই কালৰ কামৰূপ অথবা পশ্চিম অসমৰ মানাহ নদীলৈকে থকা অঞ্চলত, এই শাসন ব্যৱস্থা আহোম ৰজা স্বৰ্গদেউ গদাধৰ সিংহৰ(১৬৮১- ১৬৯৬ খৃঃত) দিনলৈ চলি আছিল।
গদাধৰ সিংহৰ দিনত, কামৰূপৰ পৰগনা সমূহৰ প্ৰশাসনৰ দায়িত্বত থকা ফুকন আৰু ৰাজখোৱাসকলে মিলি গুৱাহাটীৰ সন্দিকৈ বৰফুকনৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ অপৰাধত, স্বৰ্গদেউ গদাধৰ সিংহই কামৰূপৰ ফুকন আৰু ৰাজখোৱাসকলক পদচুত্য কৰি কামৰূপৰ পৰগনা সমূহৰ প্ৰশাসন আৰু পৰগনা সমূহৰ ৰাজহ সংগ্ৰহৰ দায়িত্বত থকা চৌধুৰী আৰু পাটোৱাৰীসকলক গুৱাহাটীৰ বৰফুকনৰ অধীনলৈ আনিলে।
বৰফুকনৰ আমোলত চৌধুৰী তন্ত্ৰ
বৰফুকনৰ আমোলত পৰগনা সমূহত প্ৰচলিত চৌধুৰী তন্ত্ৰই কামৰূপত ( পশ্চিম অসমৰ মানাহ নদীলৈকে থকা অঞ্চলত) আহোম ৰাজশাসন সুদৃঢ় ভাৱে স্থাপন হোৱাত বিশেষ অৰিহণা যোগাইছিল। নিজ নিজ পৰগনাৰ পৰা চৌধুৰীসকলে ৰাজহ সংগ্ৰহ কৰি ৰাজভঁৰাললৈ পঠিয়াইছিল।
উজনি অসমত প্ৰজাসকলক খেলত ভাগ কৰা হৈছিল, আৰু খেলৰ প্ৰজাসকলৰ পৰা ৰাজহ সংগ্ৰহ আৰু ৰাজকীয় কায্যত পাইক(বনুৱা) পঠোৱাৰ দায়িত্ব খেলৰ ফুকন, বৰুৱা আদিয়ে পালন কৰিছিল। কামৰূপৰ প্ৰজাসকলৰ পৰা ৰাজহ সংগ্ৰহ আৰু ৰাজকীয় কায্যত পাইক(বনুৱা) পঠোৱাৰ দায়িত্ব নিজ নিজ পৰগনাৰ চৌধুৰীয়ে কৰিছিল।
উজনি অসমৰ দৰে কামৰূপতো প্ৰতিজন পাইকে দুই পুৰা ৰূপিত মাটি বিনা কৰে পাইছিল (১, এক পুৰা মাটি=৪, চাৰি বিঘা মাটি)। ইয়াতকৈ বেছি মাটি দখল বা ব্যৱহাৰ কৰিলে পাইকে প্ৰতি পুৰা মাটিত এটাকৈ কৰ শোধাব লগাত পৰিছিল। বাসস্থান আৰু বাৰী মাটিৰ কাৰণে পাইকে প্ৰয়োজন অনুসাৰে মাটি লৈছিল, আৰু তাৰ বাবে ঘৰমুৰী বা চৰুমুৰী (মাটিত নিৰ্মাণ কৰা ঘৰৰ সংখ্যা অনুসৰি বা এঘৰত ব্যৱহাৰ হোৱা চৰুৰ সংখ্যা অনুসৰি) বছৰি এটকাকৈ কৰ দিব লগা হৈছিল।
সেই কালৰ কামৰূপ বা পশ্চিম অসমত আহোম ৰজাসকলে প্ৰাচীন মঠ মন্দিৰ আৰু তীৰ্থস্থান বোৰত দান-দক্ষিণা, ভূমিদান, আদি সংস্কাৰ মূলক কামবোৰ গুৱাহাটী আৰু পশ্চিম অসমত আহোম ৰাজশাসনৰ প্ৰতিনিধি বৰফুকনৰ যোগেদি কৰিছিল, আৰু বৰফুকনসকলে পৰগনাৰ চৌধুৰীসকলৰ যোগেদি ৰাজ-আজ্ঞা পালন কৰিছিল।
এই ক্ষেত্ৰত গুৱাহাটীৰ কামাখ্যা দেৱীৰ মন্দিৰ আৰু হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ আহোম ৰজাসকলে আগবঢ়োৱা অনুদান উল্লেখযোগ্য, যাৰ প্ৰমাণ স্বৰূপ মন্দিৰবোৰত থকা শিলালিপি আৰু তাম্ৰপত্ৰ বিদ্যমান। তলত আহোম ৰজাসকলে কামৰূপ ও পশ্চিম অসমত প্ৰদান কৰা তাম্ৰলিপিৰ উদাহৰণ দিয়া হৈছে:-
১. ১৬৮৬ খৃঃত স্বৰ্গদেউ গদাধৰ সিংহৰ আজ্ঞাত বৰপাত্ৰ গোহাঁই মন্ত্ৰী ডাঙৰীয়াই গুৱাহাটীত শৰাইঘাটৰ গড় চাবলৈ যাওঁতে মাধৱ চৌধুৰীক কোৱৰভাগ পৰগনাৰ বাৰী মাটি কিনি দিয়াৰ তথ্য তাম্ৰপত্ৰত উল্লেখ আছে।
২. ১৭২৪ খ্রীঃত স্বৰ্গদেউ শিৱসিংহৰ আজ্ঞাৰে ৰাজমন্ত্ৰী কেন্দুগুৰিয়া বৰপাত্ৰগোহাঁয়ে ২৫ ৰূপ লৈ হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰলৈ মুঠ ৬ পুৰা মাটি তাম্রপত্রৰে স্থায়ী কৰি দিছিল। তাম্ৰ পত্ৰত উল্লেখ আছে যে ৰাজমন্ত্ৰী কেন্দুগুৰিয়া বৰপাত্ৰগোহাঁয়ে ৩৬ ৰূপ লৈ ৩৬ খন মনুষ্য ক্ৰয় পত্ৰৰ জৰিয়তে ৩৬ জন লোকক হয়গ্ৰীৱ মাধৱ মন্দিৰৰলৈ উচৰ্গা কৰিছিল।
৩. স্বৰ্গদেউ প্রমত্ত সিংহই তৰুণ দুৱৰা বৰফুকনৰ যোগেদি শ্রীহয়গ্রীর-মাধৱ মন্দিৰৰ চাকি জলোৱাৰ অৰ্থে কোঁৱৰভাগ আৰু পূৱপাৰ পৰগণাৰ মাধৱদাস আঠপৰীয়াক তাম্রপত্র প্ৰদান কৰিছিল।
৪. ১৭৬০ খ্রীঃত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ আজ্ঞাত বৰফুকনৰ যোগেদি বজালী পৰগণাৰ(বৰ্তমান কালৰ বজালী জিলা) নৰনাৰায়ণ ন্যায়বাগীশ ভট্টাচার্য্যক মজিয়া-বিৰকলা গাঁৱৰ ৰোপিত, বাৰী মাটি মুঠ ১৩১ পুৰা মাটি পূজাৰী ব্রাহ্মণক কৰবিহীনভাবে পুত্র-পৌত্রাদিক্রমে ভোগ কৰি থাকিবলৈ তাম্রপত্র কৰি দিয়ে।
৫. ১৭৮৬ খ্রীঃত স্বৰ্গদেউ গৌৰীনাথ সিংহই বৰ্তমান কালৰ নলবাৰী জিলাৰ বৰভাগ পৰগণাৰ শ্রীদিফুলৰ শিৱচন্দ্র বাপুক ১০০ পুৰা হাবি, দলনি আৰু বাৰী মাটি পৌত্র-পৌত্রাদিক্রমে ভোগ কৰি স্বর্গদেউ পুণ্যার্থে আশীর্বাদ কৰি থাকিবলৈ দান দিয়ে।
৪. ১৮১৫ খ্রীঃত স্বর্গদেউ চন্দ্রকান্ত সিংহই কামৰূপৰ ছয়ানি পৰগণাৰ চৌধুৰী আৰু পাটোৱাৰীক কামাখ্যা গোসানীৰ শৰতকালীন পূজাৰ দায়িত্ব আৰু লগতে চৌধুৰী আৰু পাটোৱাৰী বিষয়বাব দি পুত্র-পৌত্রাদিক্রমে ভোগ কৰি থাকিবলৈ তাম্রপত্র কৰি দিয়ে।
৫. বৰ্তমান কালৰ বৰপেটা জিলাৰ অন্তৰ্গত বাউসী পৰগনাৰ অন্তিমজন চৌধুৰী, অতিৰাম এজন ঐতিহাসিকভাৱে উল্লেখযোগ্য ব্যক্তি। বৃটিছ মেজৰ আদম হোৱাইটে নিজৰ প্ৰতিবেদনত তেখেতক বাউসী পৰগনাৰ ভূতপূৰ্ব চৌধুৰী বুলি উল্লেখ কৰিছিল, যদিও সম্ভৱতঃ ভুলতে অতিৰাম নামটো অলিৰাম বুলি লিখিছিল।
অতিৰামে আহোম ৰাজ প্ৰশাসনৰ ওচৰত আবেদন কৰিছিল যে মোগলৰ দিনৰ পৰা বাউসী পৰগনা তেওঁৰ পৰিয়ালে চলাইছিল, কিন্তু মাজতে সেই বাব চলাব নোৱাৰাত অন্য এজনে সেই বাব ল’বলৈ চেষ্টা কৰিছিল। ১৮১৬ খ্রীঃত স্বৰ্গদেউ চন্দ্রকান্ত সিংহই ৰাজমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঞিৰ যোগেদি অতিৰাম চৌধাৰীৰ পুৰণি ফার্চিব মহজৰ-পত্র পৰীক্ষা কৰি তথ্য খিনি শুদ্ধ পাই, অতিৰামক বাউসী পৰগনাৰ ‘চৌধাৰী’ আৰু ‘পাটোৱাৰী’- এই দুই বিষয়ত নিযুক্ত কৰি তাম্রপত্র প্ৰদান কৰিছিল।
তাম্রপত্রত অতিৰাম চৌধুৰীক বাউসী পৰগণাৰ পৰা ছয় মাহত ৬৫০ টকা আৰু বছৰত ১৩০০ টকা স্থলাধিকাৰৰ নিকটত সোধাবলৈ নির্দেশ দিছিল।
আহোম ৰাজ শাসনৰ সামৰিক অভিযানত চৌধুৰী তন্ত্ৰৰ অৱদান
আহোম ৰাজশাসনৰ কালচোৱাত, আহোম স্বৰ্গদেউৰ আৰু পশ্চিম অসমত আহোম ৰাজপ্রতিনিধি গুৱাহাটীৰ বৰফুকনৰ আদেশত কামৰূপৰ চৌধুৰীসকলে সামৰিক অভিযানবোৰত সৈন্য আৰু অৰ্থ যোগান ধৰিছিল। ১৭০৬ খৃঃত স্বৰ্গদেউ ৰুদ্ৰ সিংহই কছাৰী ৰাজ্যক দুই ফালৰ আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল। উজনিৰ ফালৰ পৰা বৰবৰুৱাৰ অধীনত ৩৭০০০ সৈন্য লৈ ধনশিৰি উপত্যকা ফালে কছাৰী ৰাজ্যত প্ৰৱেশ কৰিছিল।
আনফালে, গুৱাহাটী স্থিত পানীফুকনে কামৰূপৰ চৌধুৰীসকলৰ সহযোগিতাত ৩৪০০০ সৈন্য সংগ্ৰহ কৰি ৰহা আৰু কপিলী উপত্যকা ফালে কছাৰী ৰাজ্যত প্ৰৱেশ কৰিছিল।
পৰৱৰ্তী বৰ্ষত, ১৭০৭ খৃঃত, স্বৰ্গদেউ ৰুদ্ৰ সিংহই জয়ন্তীয়া ৰাজ্যৰ বিৰুদ্ধে চলোৱা অভিযানত, উজনি ফালৰ পৰা বৰবৰুৱাই ৪৩০০০ সৈন্য লৈ কপিলী উপত্যকা হৈ কছাৰী ৰাজ্যৰ মাজেৰে জয়ন্তীয়া ৰাজ্যৰ ফালে ৰাওনা হৈছিল, আৰু গুৱাহাটীৰ বৰফুকনে কামৰূপৰ চৌধুৰীসকলৰ সহযোগিতাত এক বিশাল সৈন্যবাহিনী সংগ্ৰহ কৰি জাগী চকীৰ পৰা আগবাঢ়ি গোভা ৰাজ্যৰ মাজেৰে গৈ জয়ন্তীয়া ৰাজ্যত প্ৰৱেশ কৰিছিল।
বুৰঞ্জী তথ্য মতে জয়ন্তীয়া ৰাজ্যৰ বিৰুদ্ধে কৰা সামৰিক অভিযানত গুৱাহাটী অঞ্চলৰ ১০০৯ জন, ঢেকেৰি দেশৰ ২৮০ জন আৰু সোণাপুৰ অঞ্চলৰ ১০৫ জন সৈনিক নিহত হৈছিল। এই তথ্যৰ পৰা কামৰূপ তথা পশ্চিম অসমৰ চৌধুৰীসকলে আহোম সামৰিক বাহিনীৰ বাবে সৈন্য সংগ্ৰহ কৰা কথাটো জানিব পাৰি।
১৭৮৮ খৃঃত স্বৰ্গদেউ গৌৰীনাথ সিংহই, উজনি অসমত মোৱামৰীয়া বিদ্ৰোহৰ ফলত ৰাজধানী ৰংপুৰ ত্যাগ কৰি গুৱাহাটীত বাহৰ পাতে। গৌৰীনাথ সিংহৰ আদেশত বৰফুকনে কামৰূপৰ চৌধুৰীসকলৰ সহযোগিতাত ৩০০০০ সৈন্য সংগ্ৰহ কৰিলে আৰু গৌৰীনাথ সিংহৰ আদেশত পানীফুকন আৰু ঢেকিয়াল ফুকনৰ নেতৃত্বত এই সৈন্যবাহিনী উজনি অসমত মোৱামৰীয়া বিদ্ৰোহ দমন কৰিবলৈ ৰাওনা হৈছিল।
পৰৱৰ্তী ৰজা স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ ৰাজত্ব কালত, ১৭৯৫-৯৬ খৃঃত উত্তৰ কামৰূপত, দুই ভাতৃ হৰদত্ত চৌধুৰী আৰু বীৰদত্ত চৌধুৰীয়ে আহোম ৰাজ প্ৰশাসনৰ বিৰূদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল। সমসাময়িক সূত্ৰ সমূহে এই বিদ্ৰোহক, ডুমডুমীয়া বা দুন্দীয়া দ্ৰোহ বুলি উল্লেখ কৰিছে। গুৱাহাটীৰ নৱ নিযুক্ত কলীয়া ভোমোৰা বৰফুকনে এই বিদ্ৰোহ দমন কৰি উত্তৰ কামৰূপত আহোম ৰাজ শাসন পুনৰ প্ৰতিষ্ঠিত কৰিছিল।
বিদ্ৰোহ দমন কৰি কলীয়া ভোমোৰা বৰফুকনে কামৰূপৰ চৌধুৰীসকলৰ লগত যোগাযোগ স্থাপন কৰি, কামৰূপ আৰু পশ্চিম অসমৰ চৌধুৰী তন্ত্ৰৰ ওপৰত আহোম প্ৰশাসনৰ ভেটি সুদৃঢ় কৰিছিল।
১৮১৭ চনৰ পৰা ১৮২৬ চনলৈ অসমত চুবুৰীয়া দেশ ম্যানমাৰৰ পৰা তিনিবাৰকৈ আক্ৰমণৰ সন্মুখীন হৈছিল। ১৮২১ খৃঃত, আহোম ৰজা স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই, মানৰ তৃতীয় আক্ৰমণৰ সময়ত, ৰাজধানী যোৰহাটৰ পৰা পিছুৱাই আহি গুৱাহাটীত বাহৰ পাতিলে।
আক্ৰমণকাৰী মানৰ পৰা দেশ উদ্ধাৰৰ অৰ্থে সেই সময়ত চন্দ্ৰকান্ত সিংহক, বৰ্তমান কালৰ বৰপেটা জিলাৰ বাউসী পৰগনাৰ অতিৰাম চৌধুৰী প্ৰমুখ্যে কামৰূপ ও পশ্চিম অসমৰ বৰুৱা – চৌধুৰীসকলে অৰ্থ সংগ্ৰহ কৰি সহযোগ কৰিলে। এই অৰ্থৰ জৰিয়তে চন্দ্ৰকান্ত সিংহই চুবুৰীয়া বৃটিছ শাসনাধীন বংগ প্ৰদেশৰ পৰা কিছু সংখ্যক ভেৰোনীয় সৈনিক গোটাবলৈ সক্ষম হৈছিল।
এই ভেৰোনীয় সৈনিকৰ লগতে চন্দ্ৰকান্ত সিংহই কামৰূপৰ বৰুৱা – চৌধুৰীসকলৰ সহায়ত তেওঁৰ সৈন্যবাহিনীত কামৰূপৰ স্থানীয় লোককো অন্তৰ্ভুক্ত কৰিছিল। এইদৰে প্ৰায় ২০০০ সৈনিক গোটাই চন্দ্ৰকান্ত সিংহই মানক গুৱাহাটীৰ পৰা বিতাড়িত কৰি, মান সৈন্যক খেদি ৰাজধানী যোৰহাটৰ ওচৰত মহগড়ত কোঠ পাতিলে। মান ৰজা বাগ্যিদাওয়ে, মান সেনাপতি মিঙ্গিমহা বন্দুলাৰ নেতৃত্বত প্ৰায় ২০০০০ সেনাক চন্দ্ৰকান্ত সিংহক আক্ৰমণ কৰিবলৈ পঠিয়ায়।
১৮২২ চনৰ এপ্ৰিল মাহত, মহগড়ত হোৱা তুমুল ৰণত চন্দ্ৰকান্ত সিংহ পৰাস্ত হয় আৰু তেওঁ পিছুৱাই আহি প্ৰথমে গুৱাহাটীত, আৰু তাৰ পিছত বৰ্তমানৰ গোৱালপাৰা নগৰৰ বিপৰীত পাৰত অৱস্থিত, মানাহ আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থলীত স্থিত আহোম ৰাজ্যৰ পশ্চিম সীমান্ত চকী , হাদিৰাত বাহৰ পাতিলে। মান সেনাই চন্দ্ৰকান্ত সিংহৰ পিচে পিচে খেদি আহি গুৱাহাটী অধিকাৰ কৰিলে।
গুৱাহাটী অধিকাৰ কৰি মান সৈন্য দুইভাগ হৈ, এভাগ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰেদি আৰু এভাগ দক্ষিণ পাৰেদি হাদিৰাচকী অভিমুখে আগবাঢ়িলে।
মান সেনা আগবাঢ়ি অহা গম পাই বৰ্তমান কালৰ বৰপেটা জিলাৰ চেঙা অঞ্চলৰ শ্যামনাথ চৌধুৰী , জয়নন্দ চৌধুৰী আৰু শ্ৰীনাৰায়ণ চৌধুৰীয়ে কিছু যুঁজাৰু লোক গোটাই, শুভাত মান সৈন্যৰ অগ্ৰগতি ৰোধ কৰাৰ চেষ্টা কৰিছিল, কিন্তু মান সেনাৰ উগ্ৰ আক্ৰমণ আৰু সংখ্যাধিক্যৰ বাবে তিষ্ঠিব নোৱাৰি, তেওঁলোক পিছুৱাই চেঙাৰ ওচৰত চাউল খোৱা নদীৰ পাৰত কোঠ পাতিছিল।
মান সেনাই চেঙাৰ কোঠত, বামেদি আৰু নদীয়েদি, দুয়ো ফালে আক্ৰমণ কৰি চৌধুৰী কেইজনৰ সৈন্যক পৰাস্ত কৰিলে আৰু চেঙাৰ কোঠ অধিকাৰ কৰে। চৌধুৰী কেইজন তাৰ পৰা পলায়ন কৰি বৃটিছ অধিকৃত অঞ্চলত আশ্ৰয় ললে। ইয়াৰ পিছত, ২১ জুন, ১৮২২ চনত, মিঙ্গিমহা তিলোৱাৰ নেতৃত্বাধীন মান সেনাই হাদিৰাচকী আক্ৰমণ কৰি চন্দ্ৰকান্ত সিংহৰ সেনা বাহিনীক পৰাস্ত কৰিলে।
চৌধুৰী তন্ত্ৰৰ যৱনিকা
হাদিৰাচকীৰ ৰণত চন্দ্ৰকান্ত সিংহৰ পৰাজয়ৰ লগতে, আহোম ৰাজ্য মানৰ সম্পূৰ্ণ দখলত আহে, আৰু অসমত স্বাধীন আহোম ৰাজ্যৰ বেলি মাৰ গ’ল। আহোম ৰাজ্যৰ পতনৰ লগতে কামৰূপ ও পশ্চিম অসমত আহোম ৰাজ প্ৰশাসনৰ চৌধুৰী তন্ত্ৰৰো অন্ত পৰিল।
অসম বৃটিছ শাসনৰ অধীনলৈ যোৱাৰ পিছত, বৃটিছ প্ৰশাসনে কামৰূপৰ আহোম ৰাজপ্ৰশাসনৰ পূৰ্বৰ বিষয়া, বৰুৱা আৰু চৌধুৰীৰ বংশৰ লোকক মৌজাদাৰ, প্ৰশাসনিক সেৱাত জড়িত বিষয়াৰ, আদি পদত নিযুক্তি দিছিল। ১৫ আগষ্টত, ১৯৪৭ চনত ভাৰতবৰ্ষৰ অংশ ৰূপে অসমেও বৃটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিলে।
স্বাধীনোত্তৰ কালচোৱাত বিভিন্ন ৰাজনৈতিক বা প্ৰশাসনিক কাৰণ বশতঃ আহোম যুগৰ কামৰূপ দেশ বা অবিভক্ত কামৰূপ জিলাখন পৰৱৰ্তী কালত বৰপেটা,নলবাৰী, কামৰূপ(নগৰ), কামৰূপ(গ্ৰাম্য), বাক্সা, বজালী আৰু তামুলপুৰ জিলাত ভাগ হ’ল। ছশ বছৰীয়া গৌৰৱময় আহোম ৰাজত্বৰ কালচোৱাত, অবিভক্ত কামৰূপ জিলাৰ বা পশ্চিম অসমৰ চৌধুৰীসকলৰ ভূমিকা অসম বুৰঞ্জীৰ এক গুৰুত্বপূৰ্ণ অধ্যায় ৰূপে চিৰদিনলৈ চিহ্নিত হৈ থাকিব।
দিগন্ত কুমাৰ গগৈ, দাৰ্জিলিং, diganta1.gogoi@gmail.com
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.