• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, July 16, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

আৰম্ভ কৰক কেঞ্চাৰ,কিডনী ৰোগ বিৰোধী যুজঁ

by Anjan Sarma
December 13, 2023
in Health, Lifestyle
Reading Time: 4 mins read
0
sign typography display business

Photo by Anna Tarazevich on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

আৰম্ভ কৰক কেঞ্চাৰ,কিডনী ৰোগ বিৰোধী যুজঁ

ডাঃ মনোজ শইকীয়া

Dr Monoj Saikia
ডাঃ মনোজ শইকীয়া

আমাৰ অসমীয়া মানুহক ঔষধ আৰু আন কোম্পানীয়ে গিণিপিগৰ দৰে ব্যৱহাৰৰ কৰাৰ বাবে দূৰাৰোগ্য কেঞ্চাৰ আৰু কিডনী ফেইলাৰ ৰোগ বৃদ্ধি হব ধৰিছে আৰু আমাৰ পিছৰ প্ৰজন্মৰ কফিনত শেষ গজালটোহে মাৰিবলৈ বৰ্তমান বাকী আছে।

ইয়াৰ পৰা ৰক্ষা পাবলৈ আমি এতিয়া সচেতন হবৰ হল। ১৭ বাৰকৈ মোগলক পৰাক্ৰম কৰা অসমীয়া সকল এতিয়া ভেজাল খাদ্য আৰু ঔষধ খাই দেশৰ ভিতৰতে ৰূগীয়া হোৱাৰ পথত।

আমি নিজে নিজকে ৰক্ষা কৰিব লাগিব অন্যথা জাতিটো জীয়াই নাথাকিবগৈ। ইংৰাজ অহাৰ পিছত অসমতো প্ৰচলন হবলৈ ধৰিলে পশ্চিমীয়া চিকিৎসা পদ্ধতি‌ । আমি সকলো পদ্ধতিৰ পাৰ্শ্বক্ৰিয়া বিহীন চিকিৎসা আদৰি লোৱাৰ পক্ষপাতি, কিন্তু পাৰ্শ্বক্ৰিয়া থকা ঔষধ খোৱাৰ পক্ষপাতি নহয়‌।

(১) কিডনী ফেইলাৰ আৰু দূৰাৰোগ্য কেঞ্চাৰ ৰোগ কাৰক গেষ্ট্ৰিকৰ ঔষধ পেন্টোপ্ৰাজল, ৰবিপ্ৰাজল টেবলেত আৰু কেপচুল সম্পূৰ্ণ ভাৱে বৰ্জন কৰক। এই ঔষধৰ পৰা ৩৩% কিডনী ফেইলাৰ আৰু দুই তৃতীয়াংশৰ পাকস্হলী কেঞ্চাৰ হোৱাৰ সম্ভাৱনা। ফাৰ্মাছীৰ পৰা আনি নিজেও নাখাব আৰু আনকো খাবলৈ মানা কৰক।

(২)  কিছুমান চিকিৎসকে জধেমধে লিখা থাইৰক্সিন হৰমন ঔষধ  দুবছৰতকৈ অধিক সময় খালে মহিলাৰ স্বনত আৰু জৰায়ুত টিউমাৰ হোৱাৰ সম্ভাৱনা থাকে আৰু পিছলৈ কেঞ্চাৰলৈ ৰূপান্তৰিত হয়। তাৰোপৰি গৰ্ভাশয়ত চিষ্ট হোৱাৰ পৰিপ্ৰেক্ষিতত বিবাহিত মহিলাই গৰ্ভধাৰণ ক্ষমতা চিৰদিনৰ বাবে হেৰুৱাব লগীয়া হয়।

RelatedPosts

When Summers Stopped Being Fun: How Climate Change Stole Our Childhood

When Summers Stopped Being Fun: How Climate Change Stole Our Childhood

July 16, 2025
Sikhna Jwhwlao Puts Assam Second in Protected Areas Race

Sikhna Jwhwlao Puts Assam Second in Protected Areas Race

July 16, 2025
THE HERITAGE OF CAPTAIN HUNT

Unexplored Northeast: 10 Must-Visit Places in Assam & Meghalaya

July 15, 2025

 (৩) ইতিমধ্যে নিমেচুলাইড ঔষধ খোৱা বাবে অসমত ভালেমান লোক আজি কিডনী ৰোগত আক্ৰান্ত হৈ আছে। নিমেচুলাইডৰ লগত একেলগে পেৰাচিটামল আৰু ক্ল’ৰজক্সাজন থকা ঔষধ আৰু ক্ষতিকাৰক যদিও অসমৰ বজাৰত এই ঔষধ এতিয়াও উভৈনদী । সেয়েহে এই ঔষধ জধেমধে নাখাব ।

(৪) অসমত কেইবছৰমানৰ পৰা হঠাতে বৃদ্ধি পাইছে কেঞ্চাৰ আৰু কিডনী ফেইলাৰ ৰোগী। ইয়াৰ বাবে একাংশ ধনলোভী চিকিৎসক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে দায়ী। কিছুবছৰ আগতে নিমেছুলাইড নামৰ ঔষধ জ্বৰ আৰু বিষ নাসক হিচাবে  প্ৰয়োগ কৰাৰ বাবে অসমৰ বহুত মানুহৰ কিডনী ফেইলাৰ হৈছে। এতিয়া গেষ্ট্ৰাইটিচৰ ঔষধে অসমৰ মানুহক দেশৰ ভিতৰতে সৰ্বাধিক কিডনী ফেইলাৰ আৰু কেঞ্চাৰ ৰোগী কৰিব।

patient lying on hospital bed
Photo by Tima Miroshnichenko on Pexels.com

(৫) কেঞ্চাৰ ৰোগ সৃষ্টিকাৰক পশ্চিমৰ ৰাজ্যৰ চাউল, ঘেহু আদি বৰ্জন কৰক। সেউজ বিপ্লৱৰ নামত পাঞ্জাৱ, হাৰিয়ানা, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড আদি ৰাজ্যত অত্যাধিক ৰাসায়নিক সাৰ আৰু কীটনাশক প্ৰয়োগ কৰা হয় । এই ৰাসায়নিক সাৰ আৰু কীটনাশক ৫%- ৭%  শস্যত সঞ্চিত হয়। তাৰোপৰি চাউল, ঘেহু ইত্যাদি খাদ্য শস্য নপচিবলৈ আৰু পোকে নাখাবলৈ ডি ডি টি, মালাথিয়ান ,ফুৰাদন আদি কৰি স্বাস্থ্য খতিকাৰক বিষাক্ত ৰাসায়নিক পদাৰ্থ মিহলাই দিয়া হয়।

চাউলতকৈও বেছি খতিকাৰক ৰঙা চাকি আটা। মনত ৰাখিব , চাউল ধূলে কম পৰিমাণে হলেও বিষাক্ত পদাৰ্থ আতৰ হয়। কিন্তু আটা ধূই খাব নোৱাৰি আৰু আটা বনোৱাৰ আগতেও ঘেহু ধূই পৰিস্কাৰ নকৰে। সেয়েহে সৰু লৰা-ছোৱালী , বৃদ্ধ আৰু ডায়েবেটিচ ৰোগীৰ বাবে ৰঙা চাকি আটা খোৱাটো বেছি বিপদজনক।

উল্লেখযোগ্য যে আমি খাদ্যৰ নামত এই বৰবিহ খোৱাৰ বিপৰীতে আমেৰিকাই অসমৰ পৰা সাধাৰণ চাউলতকৈ প্ৰায় তিনি গুণ পুষ্টিকৰ ৰঙা বাওঁ আৰু বৰা চাউল ক্ৰয় কৰি খাইছে। মোৰ সাধাৰণ জ্ঞানৰ কথাবোৰ বিবেচনা কৰি চাওক।

(৬) ৰাস্তাৰ কাষত পৰি থকা গেলি-পচিব ধৰা মৃতদেহতকৈও দূষিত আৰু বিষাক্ত চালানী মাছ বৰ্জন কৰক। চালানী মাছ নাখালে মানুহ নমৰে। মানুহৰ বিষ্ঠা, মৰা জীৱ-জন্তু, নাড়ী আদি খুৱাই ডাঙৰ কৰা চালানী মাছত ফিটা পেলু থাকে। ডেডবডী সংৰক্ষণৰ কাৰণে ব্যৱহাৰ কৰা , কেঞ্চাৰ তথা কিডনী ফেইলাৰ ৰোগ কাৰক বিষাক্ত ফৰ্মেলিন সানি অসমীয়া সকলক দূৰাৰোগ্য কেঞ্চাৰ আৰু কিডনী ফেইলাৰ ৰোগত আক্ৰান্ত কৰিব বিছৰা  চালানী মাছ সম্পূৰ্ণ বৰ্জন কৰক।

kidney cancer spelled with scrabble tiles on a blue surface
Photo by Anna Tarazevich on Pexels.com

এই চালানী মাছৰে অন্নপ্ৰাশন, শ্ৰাদ্ধৰ ভোজ, আলহীক আপ্যায়ন, বিয়া-সবাহ আৰু অন্যান্য উৎসৱ পাৰ্বনত খুৱাৰ মানসিকতা দূৰ কৰক, নিজেও নাখাব আৰু আনকো খাবলৈ মানা কৰক। প্ৰয়োজন সাপেক্ষে আলুপিটিকা আৰু পইতা ভাত খাওক, অন্তত নিৰোগী হৈ থাকিব পাৰিব।

(৭) কাৰ্বাইদ দি পকোৱা কল বৰ্জন কৰিলে কল বেপাৰীয়ে কলত কাৰ্বাইদ দিয়া বন্ধ কৰিবলৈ বাধ্য হব।

(৮) প্লাষ্টিকৰ বাচন-বৰ্তন ব্যৱহাৰ নকৰিব। ননষ্টিক টাৱা , কেৰাহী ব্যৱহাৰ নকৰিব। সাতাম পুৰুষে ব্যৱহাৰ কৰি অহা লোহাৰ কেৰাহী , কাহৰ বাচন ব্যৱহাৰ কৰক।

(৯) ফাষ্টফুড বিশেষকৈ মমো, শীতল পানীয় , পেকেজি‌ঙ খাদ্য বৰ্জন কৰক। শীতল পানীয় বা কল্ড ড্ৰিঙ্কচত থকা বি ভি অ কেঞ্চাৰ ৰোগকাৰক। ইয়াৰ পৰিৱৰ্তে তেততলি, ভীমকল, নেমুচৰ্বত , ডাবৰ পানী খাই সুস্বাস্থ্য অটুট ৰাখক।

(১০) ধপাত সেৱন বন্ধ কৰক। ধপাত খোৱাৰ কাৰণে চকুত চানি পৰা, গৰ্ভস্থ সন্তানৰ ওজন হ্ৰাস,নপুংসতা,হৃদৰোগৰ উপৰিও ওঠৰ কেঞ্চাৰ, মুখগহ্বৰ কেঞ্চাৰ, হাওঁফাওঁৰ কেঞ্চাৰ, জৰায়ু আৰু পেটৰ কেঞ্চাৰ হয়। নৱ প্ৰজন্মক গুটকা নাখাবলৈ উপদেশ দিয়ক।

mustard Oil
সৰিয়হ বা তিলতেল খাওক

(১১) ৰিফাইন তেলৰ পৰিৱৰ্তে সৰিয়হ বা তিলতেল খাওক।

(১২) অত্যাধিক পৰিমাণে ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰা শাক-পাচলি , ফল-মূল বৰ্জন কৰক। অৱশ্যে এই ধৰণৰ শাক-পাচলি কেবাঘন্টা সময় নিমখ পানীত ডুবাই ৰাখি খালে বিষাক্ত পদাৰ্থ কিছু কমে।

 (১৪) পৰম্পৰাগত আমাৰ সাতাম পুৰুষীয়া খাদ্য খাওক। অসমৰ থলুৱা শাক-পাচলি খাওক।

(১৫) অপ্ৰিয় সত্য, অসমৰ একাংশ চিকিৎসকে

 ৰোগীক কমিচনৰ ধান্দাত জধেমধে সঘনাই এক্সৰে, আলট্ৰা চনগ্ৰাফী, এম আৰ আই, চি টি স্কেন কৰিবলৈ বাধ্য কৰে। এই বিলাক বেছি কৰিলেও ৰেডিয়েচন কাৰণেও কেঞ্চাৰ হব পাৰে। কিন্তু প্ৰয়োজন সাপেক্ষে কৰিলে কমকৈ খতি কৰে বাবে বিশেষ চিন্তনীয় নহয় ।

a mri machine inside a hospital
জধেমধে সঘনাই এক্সৰে, আলট্ৰা চনগ্ৰাফী, এম আৰ আই, চি টি স্কেন কৰিবলৈ বাধ্য কৰে Pexels.com

(১৬) আতাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে, অনাৱশ্যক ভাৱে বেছিকৈ ঔষধ প্ৰেছক্ৰাইব কৰা আৰু বেছিকৈ লেবৰেটৰীত পৰীক্ষা কৰিবলৈ বাধ্য কৰিব বিছৰা চিকিৎসকক সম্পূৰ্ণ বৰ্জন কৰক। এই ধৰণৰ চিকিৎসকে আপোনাৰ লগতে আন দহজনৰো শাৰীৰিক, মানসিক আৰু আৰ্থিক খতিসাধন কৰে।

 (১৭)অপ্ৰিয় সত্য যে,ঔষধ কোম্পানীৰ মেডিকেল ৰিপ্ৰেজেন্টেটিভ সকলৰ নিৰ্দেশ মানি কমিচনৰ লোভত একাংশ চিকিৎসকে স্বাস্থ্য হানিকাৰক ঔষধ লিখাৰ ফলত অসমীয়া সকলৰ মাজত দিনক দিনে বৃদ্ধি পাইছে কিডনী ফেইলাৰ, কেঞ্চাৰ আদিৰ দৰে দূৰাৰোগ্য ব্যাধি। লগে লগে এই ৰোগ নিৰাময়ৰ নামত গঢ়ি উঠিছে অন্য এক ব্যক্তিগত খণ্ডৰ ৰমৰমীয়া ভটিয়নী উদ্যোগ ডায়েলাইছিচ আৰু কেঞ্চাৰ হস্পিতেল ।

সামান্য ক্ৰিয়েটিনিন বাঢ়িলেও আৰম্ভ কৰি দিয়ে ডায়েলাইছিচ, কিন্ত অসমত ডায়েলাইছিচ কৰা কিমান জন ৰোগী ভাল হৈছে??? বৰং ডায়েলাইছিচ কৰাৰ পিছত সেই ৰোগীৰ মৃত্যুৰ সময় চমু চাপি আহে।

      আমাৰ ফকৰা যোজনা আছে ” সাচি খাবা জাগি শুবা ” !

সদায় ভাবিচিন্তি খাব , বয়বস্তু কিনিব আৰু চিকিৎসা কৰিব।

kidney diseases

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: কিডনী ৰোগ বিৰোধী যুজঁ
Anjan Sarma

Anjan Sarma

Related Posts

When Summers Stopped Being Fun: How Climate Change Stole Our Childhood
Climate Change

When Summers Stopped Being Fun: How Climate Change Stole Our Childhood

by Kakali Das
July 16, 2025
0

When Summers Stopped Being Fun: How Climate Change Stole Our Childhood Kakali Das Kakali Das Close your eyes for a...

Read moreDetails
Sikhna Jwhwlao Puts Assam Second in Protected Areas Race

Sikhna Jwhwlao Puts Assam Second in Protected Areas Race

July 16, 2025
THE HERITAGE OF CAPTAIN HUNT

Unexplored Northeast: 10 Must-Visit Places in Assam & Meghalaya

July 15, 2025
RACHNA NATH from ASSAM Selected for Analog Astronaut Mission

Rachna Nath in conversation with Mahabahu

July 13, 2025
Deroi Tea: Brewing the next Tea Revolution with Carbon-Free dried tea

SURJYA & SUDARSHAN: Carbon-Free DEROI Tea Revolution from Assam!

July 12, 2025
A powerful musical tribute to Assam’s anti-witch hunting activist Birubala

A powerful musical tribute to Assam’s anti-witch hunting activist Birubala

July 9, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 15, 2024
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
When Summers Stopped Being Fun: How Climate Change Stole Our Childhood

When Summers Stopped Being Fun: How Climate Change Stole Our Childhood

July 16, 2025
বিৱর্তনৰ ধামখুমীয়াত বিয়া

বিৱর্তনৰ ধামখুমীয়াত বিয়া

July 16, 2025
Sikhna Jwhwlao Puts Assam Second in Protected Areas Race

Sikhna Jwhwlao Puts Assam Second in Protected Areas Race

July 16, 2025
World War III: Could Water Be the Spark?

World War III: Could Water Be the Spark?

July 15, 2025

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    12804 shares
    Share 5121 Tweet 3201
  • Sikhna Jwhwlao Puts Assam Second in Protected Areas Race

    597 shares
    Share 239 Tweet 149
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    1620 shares
    Share 648 Tweet 405
  • ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

    1282 shares
    Share 513 Tweet 321
  • ড্ৰাগছ : এক সামাজিক ব্যাধি

    3232 shares
    Share 1293 Tweet 808
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    5670 shares
    Share 2268 Tweet 1418
  • জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

    2262 shares
    Share 905 Tweet 566
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    994 shares
    Share 398 Tweet 249
  • মিচিং সমাজ আৰু সংস্কৃতি

    2997 shares
    Share 1199 Tweet 749
  • ছাৰ ধীৰেন্দ্ৰ তালুকদাৰক সদায় পাই থাকিম ‘বজালীৰ শব্দকোষ’ৰ পৃষ্ঠাসমূহত

    104 shares
    Share 42 Tweet 26
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges—From Climate Change and Gender Equality to Economic Upliftment.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d