• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, August 19, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

আৰ্দ্ৰভূমিৰ সুৰক্ষা আৰু পানীদিহিং পক্ষী অভয়াৰণ্যৰ ভবিষ্যৎ

-গৌতম শৰ্মা

by Anjan Sarma
June 25, 2021
in Opinion, Special Report, World
Reading Time: 1 min read
0
আৰ্দ্ৰভূমিৰ সুৰক্ষা আৰু পানীদিহিং পক্ষী অভয়াৰণ্যৰ ভবিষ্যৎ
Share on FacebookShare on TwitterShare on LinkedIn

-গৌতম শৰ্মা |

প্ৰকৃতিৰ নানান আপুৰুগীয়া সম্পদেৰে সমৃদ্ধিশালী অসমখন । ৰাজ্যখনৰ কেউপ্ৰান্তত সিঁচৰতি হৈ থকা ৱেটলেণ্ড তথা আৰ্দ্ৰভূমিবোৰ হৈছে এই প্ৰকৃতিয়েই অনবদ্য দান । সাধাৰণতে এই ৱেটলেণ্ডবোৰ হৈছে নদীৰ গতিপথে সৃষ্টি কৰা এক নিদিষ্ট দ-ভূভাগ ৷ য’ত অনবৰতে অৰ্থাৎ বছৰৰ বাৰমাহেই বা সৰহদিনেই পানী থকা বাবে এক সেমেকা বাতাবৰণ বিৰাজ কৰে; আৰু সেইবাবেই ইয়াক আমি আৰ্দ্ৰভূমি, জলাহভূমি, জলাশয় বা বিল আদি নামেৰে জানো । ১৯৭১ চনৰ ইৰাণৰ ৰামছৰত বহা বিখ্যাত Ramsar Convention on Wetlands of International Importance especially as Waterfowl Habitat সন্ধিৱে দিয়া সংজ্ঞা অনুসৰি “Wetlands are areas of marsh, fen, peatland or water, whether natural or artificial, permanent or temporary, with water that is static or flowing, fresh, brackish or salt, including areas of marine water the depth of which at low tide does not exceed six metres.” অসমত উপলব্ধ এনে ৱেটলেণ্ডসমূহ মূলতঃ ব্ৰহ্মপুত্ৰ, বৰাক আৰু ইয়াৰ উপনৈসমূহে সৃষ্টি কৰা । Assam Remote Sensing Application Centre, Guwahati আৰু Space Application Centre, Ahmadabad ৱে কৃত্ৰিম উপগ্ৰহৰ প্ৰযুক্তি প্ৰয়োগেৰে সদৰী কৰা তথ্য মতে অসমত এতিয়ালৈকে সৰ্বমুঠ ৩৫১৫ টা ৱেটলেণ্ড পোৱা গৈছে । সেই অনুসৰি, ধেমাজি জিলাখনত ১৩৯ টা, তিনিচুকীয়া জিলাত ৭৪ টা, শোণিতপুৰ জিলাত ২০৬ টা, শিৱসাগৰ জিলাত ১০৯ টা, বৰপেটা জিলাত ৯৭ টা, বঙাইগাঁও জিলাত ১০০ টা, কাছাৰ জিলাত ৩৪০ টা, দৰং জিলাত ১০৩ টা, ধুবুৰী জিলাত ২৩৩ টা, ডিব্ৰুগড় জিলাত ৮৬ টা, গোৱালপাৰা জিলাত ১৬৫ টা, গোলাঘাট জিলাত ৩৩০ টা, হাইলাকান্দি জিলাত ৪৭ টা, যোৰহাট জিলাত ১০৯ টা, কামৰূপ জিলাত ৩৫২ টা, কাৰ্বিআংলং জিলাত ৭৭ টা, কোকৰাঝাৰ জিলাত ৮৫ টা লক্ষীমপুৰ জিলাত ১৫১ টা, উত্তৰ কাছাৰ জিলাত ১০ টা, নলবাৰী জিলাত ৬৮ টা, মৰিগাঁও জিলাত ১৮৩ টা আৰু নগাঁও জিলাত ৩৭৯ টা ৱেটলেণ্ড পোৱা গৈছে ।

        অন্যহাতে, চৰকাৰী সমীক্ষা অনুসৰি অসমত এতিয়ালৈকে ৪৩০ টা চৰকাৰী পঞ্জীয়নভুক্ত ৱেটলেণ্ড আছে । পঞ্জীয়ন নোহোৱা প্ৰায় ৭০ শতাংশ অঞ্চল খেতি কৰিব পৰা এলেকাৰ ভিতৰত পৰে । অসমত ৱেটলেণ্ড তথা আৰ্দ্ৰভূমিয়ে আগুৰা মুঠ মাটিকালি প্ৰায় ১,৩৪,১৩৭ হেক্টৰ, এই অসংখ্য আৰ্দ্ৰভূমি তথা বিল, জলাশয়সমূহ হৈছে জৈৱবৈচিত্ৰ্যতাৰ প্ৰধান আধাৰ । তদুপৰি এইবোৰ নানান জলজ উদ্ভিদ যেনে-  মেটেকা, কচু, নলখাগৰি, তৰা, বেত, পাটিদৈ আৰু নানা বনৌষধি জলজ উদ্ভিদ আদিৰে ভৰপূৰ; যিবোৰে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । আৰ্দ্ৰভূমিসমূহত থকা ফাইটপ্লাবকবোৰে যি পৰিমাণৰ অক্সিজেন গেছ এৰি দিয়ে সি গছতকৈ কোনোগুণে কম নহয় । তদুপৰি এই জলজ উদ্ভিদবোৰে পানিত হোৱা প্ৰদূষণ ৰোধতো সহায় কৰে । অসমৰ থলুৱা মাছৰ ভঁৰালস্বৰূপ এই আৰ্দ্ৰভূমিৰ ওপৰত নিৰ্ভৰ কৰিয়েই বহু মৎসজীৱী পৰিয়াল আজিকোপতি বৰ্তি আছে । অসমৰ আৰ্দ্ৰভূমিসমূহৰ প্ৰধান আকৰ্ষণ ইয়াত উপলব্ধ পক্ষীকূল । অক্টোবৰ মাহৰপৰা প্ৰবজন কৰা বহু প্ৰজাতিৰ চৰাইবোৰে আৰ্দ্ৰভূমিসমূহক সমৃদ্ধ কৰি গঢ়ে । উল্লেখযোগ্য যে অসমত থকা প্ৰায় ১৮৫ বিধ জলচৰ পক্ষীৰ ১০৭ বিধেই পৰিভ্ৰমী, আকৌ ভাৰতবৰ্ষত পোৱা ১২৮৮ বিধমান প্ৰজাতিৰ ভিতৰত অসমত প্ৰায় ৮১৪ বিধ পক্ষী পোৱা যায় । পক্ষীকূলৰ এই পৰিভ্ৰমণ সিহঁতৰ অনুপযোগী পাৰিপাৰ্শ্বিকতা, খাদ্য আৰু প্ৰজননৰ লগত বিশেষভাৱে সম্বন্ধ আছে । ঋতু পৰিবৰ্তনৰ ফলত সৃষ্টি হোৱা শীত বা গৰমৰ বাবে আৰু খাদ্যবস্তুৰ সন্ধানত পক্ষীবোৰে সৰীসৃপ, পোক-পতঙ্গ আদি খায়; যদিও মাছ ইহঁতৰ প্ৰধান খাদ্য । সেয়েহে সিহঁতে বিল, পিটনিবোৰত ভিৰ কৰে আৰু সেইসমূহকেই প্ৰজননৰ কেন্দ্ৰৰূপেও বাছি লয় । অক্টোবৰৰপৰা নানা বিধ পক্ষী এই আৰ্দ্ৰভুমিবোৰলৈ আহি মধুৰ কলৰৱেৰে এক অপূৰ্ব তথা নান্দনিক পৰিবেশৰ সৃষ্টি কৰেহি ।

        যোৰহাটৰ ককিলামুখ, মালৌপথাৰ, মাজুলী, শিৱসাগৰৰ পানীদিহিং, জয়সাগৰ পুখুৰী, লখিমপুৰৰ খাৰলি, বৰদৈপাম, ঢকুৱাখনা, ডিব্ৰুগড়ৰ লেজাই, কলাখোৱা, কটহা, ঘোঁৰামৰা, কাজিৰঙাৰ মিহিমুখ, গুৱাহাটীৰ দিপৰ বিলকে ধৰি অসমৰ সকলোতে বিস্তীৰ্ণ হৈ থকা সৰু-বৰ আৰ্দ্ৰভূমিবোৰ সেয়েহে প্ৰতি ঋতুতে পক্ষীৰ কাকলিৰে মুখৰিত হৈ থাকে । উপলব্ধ আৰ্দ্ৰভূমিবোৰত মাছ হৈছে মুখ্য আবাসিক প্ৰাণী; নানা ধৰণৰ আৰু বৰণৰ থলুৱা মাছেৰে এই আৰ্দ্ৰভূমিবোৰ ভৰি আছে, স্থানীয় বায়ুশ্বাসী মাছৰ লগতে আলংকৰিক, বহু দুষ্পাপ্য আৰু বিপদাপন্ন মাছেৰে পূৰ্ণ এই বিলবোৰত পলুভক্ষী আৰু ঔষধি গুণসম্পন্ন মাছো প্ৰচুৰ পৰিমাণে পোৱা যায় । এই আৰ্দ্ৰভূমিবোৰে বানপানী প্ৰতিৰোধ কৰাতো বিশেষ সহায় কৰি আহিছে; ই অতিৰিক্ত পানী ভাগ ধৰি ৰাখে আৰু ইয়াৰ আশে-পাশে থকা ঠাইবোৰ প্লাৱিত হোৱাৰপৰা ৰক্ষা কৰে । তদুপৰি ইয়াত থকা বিভিন্ন জলজ উদ্ভিদে পানীৰ সোঁত প্ৰতিৰোধ কৰে আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলবোৰত বানপানীৰ ভয়াবহতা কম কৰাত, গৰাখহনীয়া ৰোধ কৰাত সহায় কৰি আহিছে । জৈৱবৈচিত্ৰতাৰ সংৰক্ষণৰ লগতে নান্দনিক, অৰ্থনৈতিক, বৈজ্ঞানিক ইত্যাদি সকলো দিশৰ পৰা অত্যন্ত গুৰুত্বপূৰ্ণ কেইখনমান আৰ্দ্ৰভূমি হৈছে উজনি অসমৰ শিৱসাগৰ জিলাত অৱস্থিত পানীদিহিং পক্ষী অভয়াৰণ্যক সমৃদ্ধ কৰি ৰখোৱা আৰ্দ্ৰভূমিকেইখন । যিসমূহ আৰ্দ্ৰভূমিয়ে এই পক্ষী অভয়াৰণ্যৰ বুকুলৈ আজি প্ৰচুৰ সম্ভাৱনা কঢ়িয়াই আনি ইয়াক সৰ্বমুঠ ২৬৭ বিধৰো অধিক ভিন্ন প্ৰজাতিৰ দেশী-বিদেশী পক্ষীৰ আৰ্দশ বাসস্থান আৰু পৰিভ্ৰমণথলী হিচাপে গঢ়ি তুলিছে । কিন্তু এই প্ৰচুৰ সম্ভাৱনাময় এই পানীদিহিং পক্ষী অভয়াৰণ্যখনৰ লগতে ইয়াৰ আভ্যন্তৰত উপলব্ধ আৰ্দ্ৰভূমিসমূহে আজি যি গভীৰ অস্তিত্বৰ সংকটত ভুগিছে তাকলৈহে আজি আমি অতিশয় চিন্তিত হৈছোঁ ।

       উল্লেখযোগ্য যে, পানীদিহিং পক্ষী অভয়াৰণ্যখন হৈছে মূলতঃ এখন বনাঞ্চল; যিখন বনাঞ্চলক ক্ৰমে ১৯৯৬ চনত বন্যপ্রাণী অভয়াৰণ্য আৰু ১৯৯৯ চনৰ আগষ্ট মাহত পক্ষী উদ্যান হিচাপে ঘোষণা কৰা হৈছিল । সেইদিন ধৰি পানীদিহিং বনাঞ্চলখন পানীদিহিং পক্ষী অভয়াৰণ্য ৰূপেই সকলোৰে মাজত জনাজাত হৈ আহিছে । বৰ্তমান উজনি অসমৰ শিৱসাগৰ নগৰৰ পৰা মাত্ৰ ২২ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই পানীদিহিং অৰণ্যখন শিৱসাগৰ জিলাৰ প্ৰায় ৬০-৭০ বৰ্গ কিলোমিটাৰ অঞ্চলজুৰি বিস্তৃত হৈ আছে । কিন্তু ইয়াৰে ৩৩.৯৩ বৰ্গকিলোমিটাৰহে বন্যপ্ৰাণী অভয়াৰণ্য নামেৰে স্বীকৃতিপ্ৰাপ্ত । বিশেষকৈ ইয়াৰ ভৌগোলিক অৱস্থিতিয়ে পক্ষী অভয়াৰণ্যখনক এক সুকীয়া মাত্ৰা প্ৰদান কৰিছে । উত্তৰ-পশ্চিমত ব্ৰহ্মপুত্ৰ আৰু দক্ষিণ দিশত অৱস্থিত দিচাং নদীয়ে এই অৰণ্যখনক সমৃদ্ধিশালী কৰি গঢ়িছে । পানীদিহিঙৰ জলবায়ু সেমেকা ক্ৰান্তীয়, বছৰি গড় তাপমাত্ৰা সৰ্বনিম্ন ৮ ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বোচ্চ ৩৫ ডিগ্ৰী চেলচিয়াছৰ আশে-পাশে থাকে । বাৰ্ষিক বৰষুণৰ পৰিমাণ প্ৰায় ৩২০০ মিলিমিটাৰ আৰু ইয়াৰ আপেক্ষিক আৰ্দ্ৰতা ৬৫-৮৫% হোৱা দেখা যায় । আমি পূৰ্বেই উল্লেখ কৰি আহিছোঁ হে পানীদিহিং পক্ষী অভয়াৰণ্যখনক ইয়াৰ আভ্যন্তৰত উপলব্ধ আৰ্দ্ৰভূমিসমূহেহে ইয়াক চহকী কৰি আহিছে, এই আৰ্দ্ৰভূমিসমূহেই পানীদিহিং পক্ষী অভয়াৰণ্যখনক এক বিশেষ আকৃতি প্ৰদান কৰিছে । গড়াজান বিল, জর্জৰীয়া বিল, উজানতলী বিল, কটায়নী বিল, কান্ধুলীজান বিল, ফুলাই বিল, দীঘলী বিল, ললিতাংকুৰ বিল, তাকীয়া বিল, গেলাডিমৌ বিল, চেগুণপৰা বিল, মৰিদিচাং বিল, গাইগোমা বিল আদি আৰ্দ্ৰভূমিসমূহে পানীদিহিঙক সমৃদ্ধ কৰি ৰাখিছে । এই বিল তথা আৰ্দ্ৰভূমিসমূহৰ দাঁতিকাষৰীয়া ভূমিভাগৰ ব্যৱহাৰৰ বৈশিষ্ট্যগত দিশৰ পৰা সেইসমূহক আমি কৃষি উপযোগী, বসবাসৰ উপযোগী, বাণিজ্যিক আৰু মুক্ত ঠাই হিচাপে নামকৰণ কৰিব পাৰোঁ । বিশেষকৈ এই বিলসমূহৰ দাঁতিকাষৰীয়া গৰিষ্ঠসংখ্যক ভূমি কৃষিকৰ্মৰ বাবে ব্যৱহৃত হৈ আহিছে । বহুতেই এই বিলসমূহৰ চৌপাশৰ বসবাসৰ উপযোগী কৰি ঠাইখনক লাহে লাহে গাঁও আৰু বাণিজ্যিক কেন্দ্ৰলৈ পৰিণত কৰিছে । বিলসমূহৰ পূব অংশ বনভূমিয়ে আগুৰা; যিখন বনভূমিক পানীদিহিং সংৰক্ষিত বনাঞ্চল হিচাপে জনা যায় । অন্যহাতেদি, কেতবোৰ ঠাই এতিয়াও উন্মুক্ত তথা মুকলি পথাৰসদৃশ হৈ আছে; যিবোৰ ঠাইত বহু লোকে তৃণভোজী তথা ঘৰচীয়া জীৱ-জন্তুৰ চৰণীয়া পথাৰ হিচাপে ব্যৱহাৰ কৰি অহাটো দৃষ্টিগোচৰ হৈ আহিছে ।

        পানীদিহিঙৰ এই আৰ্দ্ৰভূমিসমূহ কেৱল পশু-পক্ষী তথা বন্যজন্তুৰ বাবেই নহয়; ই ইযাৰ চাৰিওপিনে বসবাস কৰা সাধাৰণ লোকসকলৰো জীৱন ৰেখা ৷ পানীদিহিঙৰ গাতে লাগি আছে ইতিহাসপ্ৰসিদ্ধ চৰগুৱা, বলমা, আলিচিগা, মিলনপুৰ আদি বহুকেইখন অসমীয়া লোকৰ গাঁও; আৰু আমি জনাত ইয়াৰে গৰিষ্ঠসংখ্যক লোক জনজাতীয় সম্প্ৰদায়ৰ । যিসমূহ গাঁৱৰ লোকসকলে অভাৱৰ দিনত ১২, ১৩, ১৪ নম্বৰী জালেৰে এই আৰ্দ্ৰভূমিসমূহত সৰু-সুৰা মাছ ধৰি জীৱন নিৰ্বাহ কৰি আহিছে । যেতিয়া পথাৰৰ ধান দাবলৈ হয় তেতিয়া হাতী ওলায় ৷ উভৈনদীৰ দিনতো ৰাইজে তাত ২০, ৩০, ৪০ নম্বৰীয়া জাল পাতে, ৬০০-৭০০ ফুট দীঘল ফাচী জাল, ঢেঁকী জাল আদি পাতে । আকৌ এইবোৰ উভতি পাতিও কুচিয়া ধৰে ৷ ৪, ৫, ৬, ৭ নম্বৰী বৰশী পাতি বৰালি, গৰৈ, শাল, শ’ল, আদি ধৰে ৷ বেপাৰী আহে, মাছৰ দৰদাম চলে, ৪০ টকাৰ পৰা আৰম্ভ কৰি ১০০, ২০০ লৈকে মাছ চাই সেইসমূহৰ দাম হয়; আৰু সেইবোৰ চহৰলৈ নি বেপাৰীবোৰে অধিক দামত বিক্ৰী কৰেগৈ । সৰু মাছৰ সৰু দাম, ডাঙৰ মাছৰ ডাঙৰ দাম ৷ টুলুঙা নাওবোৰ জালৰ ওচৰলৈ যায়, জালৰ ওচৰৰ পৰা আহে, গৰু খুটি ম’হ খুঁটিলৈ যায়, গৰুখুটি ম’হখুঁটিৰ পৰা আহে ৷ মাছমৰীয়াসকলে ফুটগধূলিতে জাল পাতে, কাহিলীপুৱাতে চাবলৈ যায়; আৰু এনেকৈয়েই ইয়াৰ লোকসকলে মাছৰ দিনত দিনটোত ৩০০ -৪০০ পৰা হাজাৰ টকালৈকে উপাৰ্জন কৰে ৷ বহুত লোকৰে গৰুৰ খুঁটি আছে, কিছুলোকৰ ম’হৰ পাল আছে ৷ পানীদিহিঙৰ গাতে লাগি থকা ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰিত ৰাইজে খেতি কৰে । খৰালী শাক-পাচলিৰ খেতি কৰে, কিন্তু বেছিভাগ শস্যকেই অৰণ্যৰ পৰা ওলাই অহা বন্যহস্তীয়ে নষ্ট কৰে, হাতীয়ে আলুও খান্দি খায় ৷ উত্তৰ পাৰৰ গাওঁবোৰৰ অলপকৈ ধাননি পথাৰ আছে যদিও সেইবোৰো হাতীয়ে নষ্ট কৰে ৷ মুঠতে আমি জনাবলৈ পোৱাত পানীদিহিঙৰ দাঁতিকাষৰীয়া এই গাঁৱবোৰত বাৰ মাহেই হাতী থাকে ৷ আকলশৰীয়া হাতীবোৰে মানুহ মাৰে, মানুহ-হাতী উভয়ে মুঠতে জীৱন আৰু খাদ্য সংকট আৰু শংকাত দিন কটায় ৷ এককথাত এয়াই পানীদিহিং পাৰৰ মানুহৰ এক জীৱনচিত্ৰণ ।

        পানীদিহিঙক সমৃদ্ধ কৰি ৰখোৱা বিল তথা আৰ্দ্ৰভূমিসমূহত প্ৰচুৰ পৰিমাণে কলমৌ, পুনি, মেটেকা, কচু, পদুম, ভেট, হেলচি, শিঙৰি আদি জলজ উদ্ভিদবোৰ পোৱাৰ লগতে এইসমূহত চেঙা, বৰচেঙা, চেঙেলী, গৰৈ, চেনীপুঠী, কান্ধুলী আদি থলুৱা মাছবোৰো পৰিমাণে পোৱা গৈছে । অন্যহাতেদি, বহু বন্যপ্ৰাণীয়েও পানীদিহিঙৰ বনভূমিক সমৃদ্ধ কৰিছে । তাৰ ভিতৰত অসমীয়া বান্দৰ, টুপীমূৰীয়া বান্দৰ, দল-হৰিণ, বন-ৰৌ, বাদুলি, মলুৱা বান্দৰ, লাজুকী বান্দৰ, গাহৰি-নেজীয়া বান্দৰ, ছাগলী পহু, শিয়াল, শৰপহু, সুগৰী পহু, হলৌ বান্দৰ আদিয়েই প্ৰধান । এই সকলোবোৰৰ উৰ্দ্ধত পানীদিহিঙৰ আকর্ষণৰ মূল কেন্দ্ৰবিন্দু হৈছে ইয়াৰ পক্ষীকুল; আৰু সেইবাবেই পানীদিহিং বনাঞ্চল তথা বন্যপ্ৰাণী অভয়াৰণ্যখনক সম্প্ৰতি সমগ্ৰ বিশ্ববাসীয়ে এখন পক্ষী অভয়াৰণ্য বুলিহে জানে । শীতৰ আগমনৰ লগে-লগে অলেখ পৰিভ্রমী চৰাইৰ জাক আহি পানিদিহিঙৰ বুকু জাতিষ্কাৰ কৰি তোলে । সৰু-বৰ বহু খাল-বিল, জলাশয় তথা আৰ্দ্ৰভূমিসমূহত বছৰৰ বাৰমাহেই পানীৰে পৰিপূৰ্ণ হৈ থাকে বাবে ইয়াত মাছৰো অভাৱ নহয় । সেয়েহে পৰিভ্রমী আৰু চিকাৰী চৰাইবোৰে খাদ্যৰ বাবে পানিদিহিং ভিৰ কৰি ঠাইখনক সৌন্দৰ্য্যশালী কৰি গঢ়ে । পানীদিহিঙত উপলব্ধ ২৬৭ বিধ ভিন্ন প্ৰজাতিৰ চৰাইৰ ভিতৰত প্ৰায় ৭০ টা প্ৰজাতিৰ চৰায়েই পৰিভ্ৰমী বুলি পক্ষীবিদসকলে মতপোষণ কৰিছে; আৰু এই চৰাইবোৰ প্ৰায় ৪০ টা ভিন্ন পৰিয়ালত অন্তৰ্ভুক্ত । ইয়াত দেখিবলৈ পোৱা তথা চিনাক্ত হোৱা কেতবোৰ চৰাই হৈছে – বালিমাহী, শেন, ঈগল, শগুণ, ডঁৰিক, ডাউক, মাছোৰোকা, কুলি, গংগা চিলনী, পাৰ, ভাটৌ, মাহদলা, হঁয়কলি, কাঠ শালিকা, কামচৰাই, কিকি হাঁহ, কুটুম চৰাই, আমৰ’লীয়া হাঁহ, ইটাগুৰীয়া, হাইঠা, উকহ, উলূম’ৰা, ক’লা আকুহী বগ, কণামুছৰি, কাকৈশিৰা, কুৰুলী ফেঁচা, ফেঁচু, কুৰুৱা, কেঁচুখাটী, কেতেকী, মৌপিয়া, কাকৈশিৰা, ঘুটলুক, ভৰতপক্ষী, তেলটুপী, এৰাখাঁটী, মইনা, ঢাপলিকা, কৈলাঙী, কোকলোঙা, ক’লা টুনি, খন্তীয়া হাঁহ, চাকৈ-চকোৱা, চাতক, চিলনী, কমলা-বুকুৰ হাইঠা, কলীমূৰী হাঁহ, কাকলি হাঁহ, গো-বগ, ঘিলা হাঁহ, শালিকা, চুটীয়া শালিকা, বিহুৱতী চৰাই, বুলবুলি, বৰ বগ, বৰটোকোলা, বৰবালি বগুৱা, দলপুঙা, দলমৰা, দহিকতৰা, দিনকণা, দীঘলনেজী, দেওৰাজ হাঁহ, দৈকলা, বৰমূগী হাঁহ, শৰালি, বৰহাইঠা, পেলিকান, কাউৰী, পানীকাউৰী, মনীয়ৰী, কণুৱা, সাৰেং ইত্যাদি ।

        অতবোৰ জৈৱ আৰু সেউজ সম্পদেৰে চহকী পানীদিহিং পক্ষী অভয়াৰণ্য আৰু ইয়াৰ আৰ্দ্ৰভূমিসমূহে আজি বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লগা হৈছে । বিগত দুটা দশকৰ আগৰ পৰাই ক্ৰমশঃ বহু সমস্যাই ভাৰাক্ৰান্ত কৰি তোলা এই পক্ষী অভয়াৰণ্যখন সেয়েহে সম্প্ৰতি অস্তিত্বৰ গভীৰ সংকটত ভুগিব লগা হৈছে । যাৰ মূলতে একমাত্ৰ মানুহৰ অবিবেচকী কাৰ্যকলাপেই একমাত্ৰ দায়ী । বিশেষকৈ বৰ্দ্ধিত জনবিস্ফোৰণ, বৃহৎ মাত্ৰাত অৰণ্যৰ ভূমি বেদখল, অবৈধ জীৱ-জন্তু আৰু মাছ চিকাৰ, পক্ষীকূলৰ হত্যা আদিয়ে আজি পানীদিহিঙলৈ মহাসংকট নমাই আনিছে । অবৈজ্ঞানিক কৃষিকৰ্ম, অভয়াৰণ্যখনৰ চৌপাশে গঢ়ি উঠা পাইপলাইন আৰু ইটা উদ্যোগসমূহেও পানিদিহিঙক প্ৰদূষণ ঘটোৱাৰ লগতে ইয়াত থকা আৰু ইয়ালৈ অহা পশু-পক্ষীসমূহক খাদ্য সংকটত পেলাইছে । পোহনীয়া গৰু-ম’হৰ চৰণীয়া পথাৰ হিচাপে অৰণ্যভূমিক ব্যৱহাৰ কৰা কাৰ্য, বনাঞ্চলৰপৰা ওলাই অহা বান্যহাতীৰ সৈতে অৰণ্যৰ দাঁতিকাষৰীয়া মানুহৰ সংঘাত আৰু শেহতীয়াকৈ বনৰীয়া কলমৌ জাতীয় এবিধ অপকাৰী বৃক্ষইয়ো সমগ্র অভয়াৰণ্যখনক চানি ধৰাৰ ফলত পানীদিহিঙৰ অস্তিত্ব সংকটাপন্ন হোৱাৰ লগতে সৌন্দৰ্য্যও বহু হ্ৰাস পাইছে । তদুপৰি বিগত দুই-তিনি বছৰমানৰ পৰা অভয়াৰণ্যখনত বছৰটোৰ বেছিভাগ সময়ে ইয়াৰ আৰ্দ্ৰভূমিসমূহ শুকাই যোৱাত ইয়ালৈ পক্ষীৰ আগমন সাংঘাটিকভাৱে হ্রাস পোৱাও পৰিলক্ষিত হৈছে। প্ৰধানকৈ, এই আৰ্দ্ৰভূমি তথা বিলবোৰৰ পৰা কৃত্ৰিমভাৱে খাল খান্দি ইয়াৰ জলভাগ ব্রহ্মপুত্রলৈ বোৱাই দিয়াৰ কাৰণেই ইয়াৰ আৰ্দ্ৰভূমিসমূহ বছৰৰ বেছিভাগ সময় শুকান হৈ পৰে । যিবোৰ কাৰ্যই পানীদিহিঙৰ বুকুলৈ প্ৰত্যক্ষ আৰু পৰোক্ষ দুয়োধৰণেই ব্যাপক নেতিবাচক পৰিৱৰ্তন কঢ়িয়াই আনিছে । এই সমস্যাসমূহৰ সমান্তৰালকৈ বিভাগীয় কৰ্তৃপক্ষৰ অসদিচ্ছা, উপযুক্ত প্ৰচাৰ আৰু প্ৰসাৰৰ অভাৱ, দুৰ্গম যাতায়ত ব্যৱস্থা আদিয়ে  পানীদিহিং পক্ষী অভয়াৰণ্যখনক আৱৰি ৰখোৱাৰ লগতে বৰ্হিবিশ্বৰ পৰাও বহু নিলগাই ৰাখিছে ।

       অৱশ্যে অলেখ সমস্যা তথা প্ৰত্যাহ্বানে পানীদিহিঙক ভাৰাক্ৰান্ত কৰিছে যদিও বহু সম্ভাৱনাও এই পক্ষী অভয়াৰণ্যখনৰ বুকুত উহ্য আছে । যিহেতু বহু দুষ্পাপ্য লগতে বহু বিপদাপন্ন জৈৱবৈচিত্ৰ্যতাক সুৰক্ষা প্ৰদান কৰিব পৰা সক্ষমতাৰ লগতে সাম্প্ৰতিক বিশ্বৰ অতিকৈ লাভজনক ব্যৱসায় তথা উদ্যোগ হিচাপে পৰিচিত পৰ্যটন ক্ষেত্ৰখনক চহকী কৰিব পৰাকৈ অদ্যাপী পানীদিহিঙৰ বুকুত অজস্ৰ সম্পদ লুকাই আছে । মাত্ৰ ইয়াৰ বাবে প্ৰয়োজন সুপৰিকল্পিত এখন আঁচনি, যোগাযোগ, পৰিবহণ আদি আন্তঃগাঁথনিৰ উন্নয়ন, উপযুক্ত প্ৰচাৰ কাৰ্য চলোৱা আৰু লগতে অলপ সু-প্ৰশিক্ষণপ্ৰাপ্ত মানৱ সম্পদ গঢ়ি তোলা । ইয়াৰ অনুৰূপধৰণে পক্ষী অভয়াৰণ্যৰ অভ্যন্তৰত থকা আৰ্দ্ৰভূমিৰ সুৰক্ষাইহে পানীদিহিং পক্ষী অভয়াৰণ্যক এককথাত দীৰ্ঘজীৱন দান কৰিব । সেয়েহে পানীদিহিং পক্ষী অভয়াৰণ্যখনৰ দীৰ্ঘস্থায়িত্বৰ হেতু ইয়াত উপলব্ধ বিল তথা আৰ্দ্ৰভূমিসমূহৰ নিৰাপত্তাৰ বাবেও কেতবোৰ সংৰক্ষণমূলক ব্যৱস্থা কটকটীয়া ৰূপত গ্ৰহণ আৰু ৰূপায়ণ কৰাটো আজি খুবেই জৰুৰী হৈ পৰিছে । বিলসমূহৰ সীমা স্থায়ীৰূপত নিৰ্ধাৰণ কৰি সেইসমূহক কটকটীয়া নিৰাপত্তা দিবই লাগিব । লগতে ইয়াৰ সেইসমূহক নতুনকৈ খন্দোৱাই, ব্রহ্মপুত্রলৈ ওলাই যোৱা পানী বন্ধ কৰিব লাগিব । দ্বিতীয়তে, তাত অবৈধ পশু-পক্ষী চিকাৰ, অত্যাধিক হাৰত মাছ ধৰা আদি কাৰ্যবোৰ নিষেধ কৰি চোৰাং চিকাৰী ৰোধ কৰিবলৈ ঠায়ে-ঠায়ে নিৰীক্ষণ চকী বহুৱাই পূৰ্বৰ পৰিবেশ ঘূৰাই আনিব লাগিব । বিশেষকৈ অবৈধভাৱে বাণিজ্যক লাভালাভৰ বাবে ব্যাপক হাৰত মাছ ধৰা কাৰ্যক যেনেকৈ নহ’লেও অতিশীঘ্ৰে বন্ধ কৰিব পাৰিবই লাগিব; যিহেতু পানিদিহিঙৰ মূল সম্পদ তথা আকর্ষণৰ কেন্দ্ৰ হৈছে ইয়াৰ পক্ষীকূল; যিয়ে ইয়াৰ বিলসমূহত উপলদ্ধ মাছ খায়েই জীৱন নিৰ্বাহ কৰি আহিছে । তৃতীয়তে, ইয়াৰ দাঁতিকাষৰীয়া লোকসকলৰ মাজত পৰিবেশ, প্ৰকৃতি তথা আৰ্দ্ৰভূমিসমূহৰ প্ৰয়োজনীয়তা সম্পৰ্কে জনসজাগতা সৃষ্টি কৰিব পাৰিব লাগিব । চতুৰ্থতে, পানিদিহিঙত উপলব্ধ দুষ্পাপ্য আৰু বিপদাপন্ন সকলো উদ্ভিদ, প্ৰাণী আৰু চৰাই প্ৰজাতিসমূহ চিনাক্ত কৰি সেইসমূহ কেনেকৈ জীয়াই ৰাখিব পাৰি তাৰ বিষয়ে চিন্তা-চৰ্চা আৰু সময়োচিত কাৰ্যপন্থা হাতত ল’ব লাগিব । তেতিয়াহে পানিদিহিং পক্ষী অভয়াৰণ্য সুৰক্ষিত, সংৰক্ষিত হ’ব, লগতে সুৰক্ষিত আৰু সংৰক্ষিত হ’ব ইয়াৰ অলেখ জৈৱবৈচিত্ৰ্যতা ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: আৰ্দ্ৰভূমিৰ সুৰক্ষা আৰু পানীদিহিং পক্ষী অভয়াৰণ্য
Anjan Sarma

Anjan Sarma

Related Posts

Legal profession takes a heavier toll on Female Advocates
Opinion

Legal profession takes a heavier toll on Female Advocates

by Pradakshina Sarmah
August 18, 2026
0

Legal profession takes a heavier toll on Female Advocates Pradakshina Sarmah The Legal profession has long been associated with prestige...

Read moreDetails
How the Education System Trains You for the Rat Race: The Truth No One Talks About

How the Education System Trains You for the Rat Race: The Truth No One Talks About

August 18, 2026
Can Technology Truly Preserve Our Heritage? Unearthing the Soul of Northeast

Social Media Addiction Among Youth: The Invisible Parasite Hijacking Young Minds

August 17, 2026
Supreme Court Stands Firm Against Wealthy Silencing Media!

India’s Judicial Transparency In the path of Transition

August 15, 2026
The River That Became a Drain: Bharalu and the Death of a Memory

The River That Became a Drain: Bharalu and the Death of a Memory

August 13, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

August 13, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Understanding the Value Chain of Ecological Restoration

Understanding the Value Chain of Ecological Restoration

August 18, 2026
Legal profession takes a heavier toll on Female Advocates

Legal profession takes a heavier toll on Female Advocates

August 18, 2026
How the Education System Trains You for the Rat Race: The Truth No One Talks About

How the Education System Trains You for the Rat Race: The Truth No One Talks About

August 18, 2026
Afghan women2

Afghanistan Five Years under the Taliban: Economic Collapse at the Household Level and a Deepening Human Crisis

August 18, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39811 shares
    Share 15924 Tweet 9953
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18659 shares
    Share 7464 Tweet 4665
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3806 shares
    Share 1522 Tweet 952
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    289 shares
    Share 116 Tweet 72
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4188 shares
    Share 1675 Tweet 1047
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    140 shares
    Share 56 Tweet 35
  • FREEDOM FIGHTERS OF ASSAM

    5109 shares
    Share 2044 Tweet 1277
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    109 shares
    Share 44 Tweet 27
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    97 shares
    Share 39 Tweet 24
  • অসমত বানৰ অকল্পনীয় ধ্বংসলীলা

    94 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d