• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, July 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

আৰ্দ্ৰভূমি আৰু মানৱ কল্যাণ

ASSAMESE SECTION / Climate Change

by Manas Pratim Dutta
April 14, 2026
in ASSAMESE SECTION, Climate Change, Environment, Nature
Reading Time: 4 mins read
0
আৰ্দ্ৰভূমি আৰু মানৱ কল্যাণ
Share on FacebookShare on TwitterShare on LinkedIn

আৰ্দ্ৰভূমি আৰু মানৱ কল্যাণ

মানস প্ৰতিম দত্ত

Manas Pratim Dutta
মানস প্ৰতিম দত্ত

অসম আৰু অসমীয়াৰ জীৱন আৰু জীৱিকাৰ সৈতে এৰাব নোৱৰা প্ৰাকৃতিক সম্পদসমূহৰ ভিতৰত বিল, জলাশয় তথা আৰ্দ্ৰভূমিসমূহ অন্যতম।

আৰ্দ্ৰভূমিসমূহ বিশুদ্ধ পানী আৰু বিভিন্ন উদ্ভিদৰ আবাসভূমি। আৰ্দ্ৰভূমিসমূহক প্ৰাকৃতিক দুৰ্যোগ শোষক বুলিবও পাৰি। কাৰণ, ইহঁতে বৰষুণ আৰু ধুমুহাৰ প্ৰভাৱ কম কৰাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্ৰায় সকলো বিশুদ্ধ পানী পোনপটীয়াকৈ জলাশয়ৰ পৰা আহৰণ কৰা হয়।

আৰ্দ্ৰভূমি আৰু মানৱ কল্যাণ

জলাশয়সমূহে পানী বিশুদ্ধকৰণ, সংৰক্ষণ আৰু বান নিয়ন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

পিতনিসমূহে প্ৰচণ্ড বৰষুণৰ সময়ত অতিৰিক্ত পানী শোষণ কৰে আৰু খৰাঙৰ সময়ত লাহে লাহে এৰি দিয়ে। ই ঠিক স্পঞ্জৰ দৰে কাম কৰে। জলাশয়বোৰ জলচক্ৰৰ মূল উপাদান। জলাশয় অবিহনে বিশুদ্ধ পানীৰ অভাৱে দেখা দিব। ফলত জলসংকটৰ সূচনা হ’ব।

জলাশয়ৰ অবিহনে সমান্তৰালভাৱে সাপ, ভেকুলী, কাম চৰাইকে আদি কৰি বিভিন্ন জলজ জীৱপ্রজাতিলৈ ভয়ংকৰ দুর্যোগ নামি আহিব। এনে সমস্যাসমূহৰ পৰা যাতে সমগ্র বিশ্বক সুৰক্ষিত কৰি ৰাখিব পাৰে সেই উদ্দেশ্যেৰে প্রতি বছৰে ২ ফেব্রৱাৰী তাৰিখে বিশ্ব আর্দ্রভূমি দিৱস উদযাপন কৰা হয়।

ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাই ৰামছাৰ সন্মিলন সচিবালয় আৰু ইটালীৰ পৰিৱেশ আৰু শক্তি সুৰক্ষা মন্ত্ৰালয়ৰ সহযোগত ২০২৪ চনৰ ২ ফেব্ৰুৱাৰীত বিশ্ব জলাশয় দিৱস উদযাপনৰ অনুষ্ঠান আয়োজন কৰিছে।

উল্লেখযোগ্য যে, জলাশয়সমূহক সুৰক্ষিত কৰাৰ উদ্দেশ্যে ১৯৭১ চনৰ ২ ফেব্ৰুৱাৰিত  ইৰাণৰ ৰামছাৰ চহৰত ২১ খন দেশৰ প্ৰতিনিধিৰ উপস্থিতিত এখন সন্মিলন আয়োজন কৰা হয়। এই সন্মিলনক ‘আন্তৰ্জাতিক আৰ্দ্ৰভূমি সুৰক্ষা সন্মিলন’ নামেৰেও জনা যায়।

    পৃথিৱীৰ আৰ্দ্ৰভূমি/জলাহভূমিসমূহ সংৰক্ষণৰ সুবিবেচিত কাৰ্যপন্থা হাতত ল’ব পৰা এক আন্তৰ্জাতিক চুক্তি স্বাক্ষৰিত হয়। ১৯৭৫ চনৰ ২১ ডিচেম্বৰৰ পৰা কাৰ্যকৰী কৰা এই চুক্তিৰ আধাৰত গুৰুত্বপূৰ্ণ জলাহভূমিসমূহক ‘ৰামছাৰ অঞ্চল’ হিচাপে চিহ্নিত কৰা হয়।

ভাৰতবৰ্ষই ১৯৮২ চনৰ ১ ফেব্ৰুৱাৰিৰ পৰা এই চক্তিৰ অংশীদাৰ হয়। ইয়াৰ মুখ্য কাৰ্যালয় চুইজাৰলেণ্ডৰ গ্লেণ্ড চহৰত অৱস্থিত।

আৰ্দ্ৰভূমি আৰু মানৱ কল্যাণ
জলাশয়সমূহক সুৰক্ষিত কৰাৰ উদ্দেশ্যে ১৯৭১ চনৰ ২ ফেব্ৰুৱাৰিত ইৰাণৰ ৰামছাৰ চহৰত ২১ খন দেশৰ প্ৰতিনিধিৰ উপস্থিতিত এখন সন্মিলন আয়োজন কৰা হয়। এই সন্মিলনক ‘আন্তৰ্জাতিক আৰ্দ্ৰভূমি সুৰক্ষা সন্মিলন’ নামেৰেও জনা যায়।

১৯৭৪ চনত স্বীকৃতি দিয়া অষ্ট্রেলিয়াৰ ক’বৌৰ্গ পেনিচুলা (Cobourg Peninsula) হ’ল বিশ্বৰ প্ৰথমখন স্বীকৃত ৰামছাৰ ক্ষেত্ৰ। বিশ্বৰ আটাইতকৈ ডাঙৰ ৰামছাৰ ক্ষেত্ৰখন হৈছে দক্ষিণ আমেৰিকাৰ বলিভিয়াৰ লেন’চ ড্য মেক্সচ (Llanos de Moxos)।

ৰামছাৰ চুক্তিয়ে বাৰ্ড লাইফ ইণ্টাৰণেশ্যনেল , আই ইউ চি এন ( International Union for Conservation of Nature), ইণ্টাৰণেশ্যনেল ৱাটাৰ মেনেজমেণ্ট ইনষ্টিটিউট (International Water Management Institute), ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰ (World Wide Fund for Nature), ৱাইল্ডফ’ল এণ্ড ৱেটলেণ্ডচ্ ট্ৰাষ্ট (Wildfowl & Wetlands Trust)ৰ সহযোগত  আৰ্দ্ৰভূমি সংৰক্ষণৰ উপায় সম্পর্কে কাম কৰে।

আৰ্দ্ৰভূমি আৰু মানৱ কল্যাণ

এই দিৱসৰ মূল লক্ষ্য হৈছে সজাগতা বৃদ্ধি কৰা, স্বাস্থ্য আৰু খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত জলাশয়ৰ অৱদানৰ ওপৰত আলোকপাত কৰা, কৃষকসকলে সন্মুখীন হোৱা সমস্যাসমুহৰ আলোচনা আৰু সমাধানসূত্ৰ নিৰ্ণয়, আৰু জলাশয় সংৰক্ষণৰ বাবে কাম কৰাৰ লগতে সংৰক্ষণ যাত্ৰাৰ অংশীদাৰ হিচাপে সেৱা আগবঢ়াবলৈ অনুপ্ৰাণিত কৰা।  

        ২০২৪ বৰ্ষত জলাশয় দিৱসৰ মূল বিষয় হৈছে – আর্দ্রভূমি আৰু মানৱ কল্যাণ। দৰাচলতে আর্দ্রভূমিসমূহক বহুসহায়কাৰী সম্পদ বুলিব পাৰি। জলবায়ু পৰিৱর্তন ৰোধত জলাশয়সমূহে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।

পবিত্র কুঞ্জ আৰু সাগৰীয় ঘাঁহৰ ঘাঁহনিয়ে দাঁতি-কাষৰীয়া অঞ্চলসমূ্ক ধুমুহাৰ ঢৌ আৰু সাগৰৰ জলপৃষ্ঠ বৃদ্ধিৰ পৰা ৰক্ষা কৰে। আন গ্রীষ্মমণ্ডলীয় অৰণ্যতকৈ ইহঁতে চাৰিগুণ বেছি কাৰ্বন জমা কৰে বুলি অনুমান কৰা হৈছে। 

অসমৰ জীৱন জীৱিকাৰ ক্ষেত্রত মাছে গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে। মাছৰ প্রাকৃতিক আৱাসভূমি বুলিলে আমি আর্দ্রভূমিসমূহৰ কথাই প্রথমে ক’ব লাগিব। এনে অঞ্চলসমূহ মাছৰ লগতে বিভিন্ন উদ্ভিদ প্লাৱক, জলজ উদ্ভিদ আৰু পৰিভ্রমী চৰাইৰ খাদ্য আৰু জিৰণীস্থল। জল সংকট দূৰ কৰাত আর্দ্রভূমিহে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব পাৰে।

wetland3

উজানৰ সময়ত পোনা মাছ ধৰি খোৱাৰ ফলতো মাছৰ প্রজাতিৰ সংখ্যা দ্রুত গতিত হ্রাস পাইছে। মাছে পোৱালি জগোৱা সময়ছোৱাত বিল-জলাশয়সমূহত মৎস্য চিকাৰ কৰা এক অপৰাধ যদিও বনবিভাগ আৰু প্রশাসন কঠোৰ নোহোৱাৰ সুযোগ লৈ বহুতো লুভীয়া লোকৰ গ্রাসত পৰি থলুৱা মৎস্য প্রজাতিসমূহ বিলুপ্তিৰ দিশেৰে গতি কৰিছে।

অসমীয়া ৰাইজে নল, খাগৰি, ইকৰা, পাটীদৈ আদিৰ পৰা বিভিন্ন নিত্য-প্রয়োজনীয় সামগ্রী প্রস্তুত কৰে। জলাশয় অঞ্চলত বর্তি থকা এনে উদ্ভিদ বৈচিত্র্যৰ ব্যৱহাৰেৰে গ্রাম্য অর্থনীতিক টনকীয়াল কৰি ৰাখিছে।

জলাশয়সমূহে ইয়াৰ দাঁতি-কাষৰীয়া অঞ্চলসমূহৰ পৰিৱেশ নির্মল কৰি ৰখাৰ লগতে মানুহৰ সুস্বাস্থ্য বর্তাই ৰখাত সহায় কৰে।  জলাশয় আৰু ইয়াৰ ওচৰে-পাজৰে কটোৱা সময়ে মানসিক স্বাস্থ্য সবল কৰে, শাৰীৰিক সুস্থতা বৃদ্ধি কৰে। পুৰণি দিনৰে পৰা জলাশয়ত বাস কৰা উদ্ভিদসমূহ লোক-ঔষধ হিচাপে ব্যৱহৃত হৈ আছে। 

wetland1

মানুহৰ প্রতি জলাশয়ৰ সেৱা গণনা কৰি শেষ কৰিব নোৱাৰি। কিন্তু ইমানৰ পাছতো পৃথিৱীৰ আটাইতকৈ বিপন্ন পৰিৱেশ তন্ত্ৰ হিচাপে জলাশয়সমূহ চিনাক্ত হোৱাটো মানৱ জাতিৰ বাবে দুর্ভাগ্যজনক কথা। অৰণ্যতকৈ তিনিগুণ বেছি দ্ৰুতগতিত জলাশয়ৰ পৰিমাণ হ্রাস হৈ আহিছে। পানী নিষ্কাশন, বান্ধ নিৰ্মাণকে আদি কৰি মানৱসৃষ্ট কাৰ্য্যকলাপে সমগ্র বিশহবতে জলাশয়সমূহক খণ্ডিত আৰু ক্ষতিগ্ৰস্ত কৰিছে।

এনেদৰে জলাশয়সমূহৰ অৱক্ষয় ঘটিলে মানৱ কল্যাণৰ পৰিৱর্তে মানুহৰ জীৱনশৈলীত ক্ৰমাৎ বিৰূপ প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিব, বিশুদ্ধ পানীৰ অভাৱ ঘটাৰ লগতে জীৱিকাও ব্যাঘাত কৰিব।

অৱশ্যে আমাৰ সঠিক পদক্ষেপ গ্রহণে আমাৰ ভৱিষ্যত সুৰক্ষিত কৰিব পাৰিব। জলাশয়ৰ বহনক্ষম ব্যৱহাৰত বিনিয়োগ কৰা মানে মানৱতাৰ ভৱিষ্যতত বিনিয়োগ কৰা। জলবায়ু-জৈৱ বৈচিত্ৰ্যৰ সংকট দূৰ কৰিবলৈ আৰু বহনক্ষম উন্নয়নৰ লক্ষ্যৰ লগতে বিশ্বব্যাপী জৈৱ বৈচিত্ৰ্যৰ কাঠামো প্ৰদানৰ বাবে জলাশয় পুনৰোদ্ধাৰ অতি প্ৰয়োজনীয়।

manas pratim2

বৰ্তমান কৃষিক্ষেত্ৰৰ বাবে জলাহভূমি ভাঙি খেতি কৰিবলৈ আৰম্ভ কৰাৰ ফলত বহু জলাহভূমিৰ মাটিকালি দ্ৰুত সংকোচন ঘটিছে। কৃষিক্ষেত্ৰত প্ৰয়োগ কৰা অত্যধিক কীটনাশকেও বৰষুণৰ পানীৰ সৈতে আহি জলপ্ৰদূষণ বৃদ্ধি কৰা পৰিলক্ষিত হৈছে।

জলাহভূমিয়ে বান নিয়ন্ত্ৰণতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বানৰ সময়ত পানী ধৰি ৰাখি বানৰ প্ৰাৱল্য হ্ৰাস কৰাৰ লগতে ভূ-জলো পৰিপূৰ্ণ কৰি ৰাখে। প্ৰাকৃতিক ক্ষেত্ৰ উপৰিও জলাশয়সমূহে অৰ্থনৈতিক সকাহো দিয়ে।

বৰ্তমান সময়ত জলাহভূমিসমূহলৈ নামি অহা সংকট নিৰাময়ৰ বাবে জনসচেতনতা বৃদ্ধিৰ উদ্যোগ লোৱাৰ লগতে স্থানীয় সম্প্ৰদায়ক প্ৰত্যক্ষভাৱে সংৰক্ষণ কাৰ্যত জড়িত কৰিব পাৰিলেহে জলাহভূমি সমূহ সুৰক্ষিত কৰি ৰখাটো সম্ভৱ হৈ উঠিব।

manas pratim3
মানস প্ৰতিম আৰু …

তথ্য উৎসঃ 

১। https://www.worldwetlandsday.org

২। দত্ত, মানস প্ৰতিম. কোলাহল আৰু নীৰৱতাৰ সিপাৰে, পাঞ্চজন্য বুক্ ছ, গুৱাহাটী, ডিচেম্বৰ ২০২৩

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Manas Pratim Dutta

Manas Pratim Dutta

Related Posts

Bhattadev University and the Mahabahu Climate Forum in Manas National Park
Climate Change

Bhattadev University: A Comprehensive Journey through the Climate Justice 101

by Debashis Giswami
July 15, 2026
0

Bhattadev University: A Comprehensive Journey through the Climate Justice 101 Debashis Goswami From June 18th to 24th 2026, the Bhattadev...

Read moreDetails
Adaptation Without Agency Is Not Resilience

Adaptation Without Agency Is Not Resilience

July 15, 2026
The Dangote Effect and Nigeria’s Energy Transition

The Dangote Effect and Nigeria’s Energy Transition

July 15, 2026
A Day with the Brahmaputra’s Climate Refugees

A Day with the Brahmaputra’s Climate Refugees

July 14, 2026
Mahabahu Climate Forum Experience: Seven Days of Climate Learning

Bhattadev University-Where Learning Met Purpose : ‘CLIMATE JUSTICE 101’ Internship Ends, A Responsibility Begins

July 13, 2026
The Air Quality Leadership We Lack

The Air Quality Leadership We Lack

July 10, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Bhattadev University and the Mahabahu Climate Forum in Manas National Park

Bhattadev University: A Comprehensive Journey through the Climate Justice 101

July 15, 2026
Adaptation Without Agency Is Not Resilience

Adaptation Without Agency Is Not Resilience

July 15, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026
From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

July 15, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37507 shares
    Share 15002 Tweet 9377
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    17001 shares
    Share 6800 Tweet 4250
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2235 shares
    Share 894 Tweet 559
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    241 shares
    Share 96 Tweet 60
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    144 shares
    Share 58 Tweet 36
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6748 shares
    Share 2699 Tweet 1687
  • Bhattadev University and Climate Justice Classroom

    110 shares
    Share 44 Tweet 28
  • জ্যোতি সঙ্গীত-পঞ্চম খণ্ড

    312 shares
    Share 125 Tweet 78
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d