আৰৱ বিশ্বৰ সন্মিলিত নিন্দা
দিলীপ দৈমাৰী
এইবাৰ চৌদি আৰৱ!
ভাৰতীয় জনতা পাৰ্টীৰ দুজন মুখপাত্ৰৰ অতি প্ৰৰোচনামূলক সাম্প্ৰদায়িক মন্তব্যক কেন্দ্ৰ কৰি মোডী চৰকাৰৰ ৮ বছৰীয়া কূটনীতি খালত বাগৰি পৰাৰ উপক্ৰম হৈছে।
যোৱা দেওবাৰে(০৫-০৬-২০২২) কুৱেইট, বাহৰিন, ইৰাণ, কাতাৰৰ দৰে দেশসমূহে কঠোৰ ভাষাৰে সমালোচনা কৰিছে বিজেপিৰ দুজন মুখপাত্ৰই হজৰত মহম্মদ সম্পৰ্কে কৰা অসন্মানসূচক মন্তব্যক আৰু একেসুৰে ভাৰত চৰকাৰকো তেওঁলোকৰ অসন্তুষ্টি অৱগত কৰাইছে। সেই দেশবোৰে তেওঁলোকৰ দেশত থকা ভাৰতৰ বৈদেশিক বিভাগৰ অধীনস্থ ৰাষ্ট্ৰদূত সকলক তলব কৰি দেশবোৰৰ ক্ষোভ ব্যক্ত কৰিছে।
ভাৰতৰ ৰাষ্ট্ৰদূতসকলে সেই দেশসমূহৰ ওচৰত দু:খ প্ৰকাশ কৰি এনেদৰে ক’বলগীয়া হৈছেযে তেনেবোৰ মন্তব্যৰ সৈতে ভাৰত চৰকাৰৰ কোনো সম্পৰ্ক নাই আৰু দুজন ৰাজনৈতিক ব্যক্তিয়ে নিজৰ নিজৰ ব্যক্তিগত মতামত হে ডাঙি ধৰিছে। সেইবাবে বিজেপি দলেও তেওঁলোক দুজনৰ ওপৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁলোকক দলৰ পৰা বহিষ্কাৰ কৰা হৈছে।
কিন্তু ভাৰতৰ চিন্তা বৃদ্ধি কৰিছে যোৱা সোমবাৰে (০৬-০৬-২০২২) চৌদি আৰৱে অইন দেশকেইখনৰ দৰেই প্ৰৱল নিন্দাসূচক বিবৃতি জাৰী কৰিছে আৰু জনাইছে, এনেধৰণৰ মন্তব্যই ধৰ্মীয় পৰিৱেশ কলুষিত কৰি ধৰ্মীয় আস্থাক প্ৰচন্ড ঢকা মাৰে। এনেধৰণৰ ঘটনাৰ প্ৰতি সতৰ্ক হৈ থকা উচিত। ভাৰতৰ পৰা এনে ধৰণৰ আচৰণ আশা কৰা নাযায়।
এনেদৰে মধ্যপ্ৰাচ্যৰ আৰৱ দেশবোৰে আৰু সম্প্ৰতি ইৰাণেও সন্মিলিত হৈ ভাৰতৰ বিৰুদ্ধে নিন্দামূলক বিবৃতি প্ৰকাশ কৰাত গভীৰভাৱে অস্বস্তিত পৰিছে ভাৰত চৰকাৰ। কাৰণ আন্তৰ্জাতিকভাবে এনে ঘটনা অতি অসন্মানজনক। এনে সময়তে পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰিছে পাকিস্তানেও।
পাকিস্তানৰ চৰকাৰেও সোমবাৰে কঠোৰ বিবৃতি প্ৰকাশ কৰিছে ভাৰত চৰকাৰৰ বিৰুদ্ধে। আনকি তালিবানৰ চৰকাৰেও আফগানিস্তানৰ পৰা ভাৰতৰ বিৰুদ্ধে প্ৰতিবাদমূলক বিবৃতি জাৰী কৰিছে!
ভাৰতৰ চিন্তা বৃদ্ধি হৈছে উপসাগৰীয় দেশবোৰৰ সন্মিলিত বিবৃতিয়ে – যি বিবৃতিয়ে পশ্চিমীয়া দেশবোৰৰ সন্মুখতো ভাৰতৰ ভাৱমূৰ্তিক মলিয়ন কৰি তুলিছে। এছিয়াৰ চীন আৰু পাকিস্তানৰ সৈতে ভাৰতৰ সম্পৰ্ক আগতেই বেয়া যদিও আৰৱ ৰাষ্ট্ৰবোৰৰ লগত সম্পৰ্ক ভালেই; তাৰোপৰি কেৱল কূটনৈতিক সম্পৰ্ক বুলিয়েই নহয়, বাণিজ্যিক সম্পৰ্কৰ ক্ষেত্ৰতো এই ৰাষ্ট্ৰবোৰৰ লগত ভাৰতৰ আমদানি-ৰপ্তানিৰ পৰিমাণো গুৰুত্বপূৰ্ণ।
এই ৰাষ্ট্ৰসমূহত কৰ্মসূত্ৰেও আছে ভাৰতৰ লক্ষ লক্ষ নাগৰিক। তেনে নাগৰিকৰ স্বাৰ্থৰক্ষাৰ কথাও আছে। সেইকাৰণে বিজেপিৰ নেতা-নেত্ৰী নবীন কুমাৰ জিন্ডাল আৰু নুপুৰ শৰ্মাৰ বাবে কঠোৰ ব্যৱস্থা লৈছে যদিও তেনে ব্যৱস্থাই আশ্বস্ত কৰিব পৰা নাই বহুতকে।
গতিকে এতিয়া আৰৱ ৰাষ্ট্ৰৰ নাগৰিকসকলৰ বহুতেই ভাৰতীয় পণ্য বৰ্জনৰ আহ্বান জনাইছে হেতুকে মোডী চৰকাৰৰ উদ্বেগ অতিশয় বৃদ্ধি পাইছে বুলি ভু ৰখা মহলে জানিবলৈ দিছে।
০৮-০৬-২০২২
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.