• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, July 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Education

ইংৰাজী আৰু আমি

সঞ্জীৱ কুমাৰ নাথ

by Anjan Sarma
November 7, 2023
in Education, Opinion, Special Report
Reading Time: 6 mins read
0
ইংৰাজী আৰু আমি
Share on FacebookShare on TwitterShare on LinkedIn

ইংৰাজী আৰু আমি

সঞ্জীৱ কুমাৰ নাথ

Sanjeev Nath
সঞ্জীৱ কুমাৰ নাথ

আমি ভাৰতীয়সকলৰ সৈতে ইংৰাজীৰ সম্বন্ধ কৈ শেষ কৰিব নোৱাৰি।

ইংৰাজ শাসনৰ সময়ত ভাৰতত খোপনি পতা এই ভাষা ইংৰাজৰ প্রস্থানৰ পিছতো থাকি গ’ল। এছিয়া আৰু আফ্রিকা মহাদেশৰ বিভিন্ন দেশকে ধৰি বিশ্বৰ অনেক ঠাইত ইংৰাজ ঔপনিৱেশিক শাসন চলাৰ সময়ত ইংৰাজী ভাষাই সেই ঠাইবোৰত প্রবেশ কৰে আৰু প্রায় আটাইবোৰ ঠাইতে ইংৰাজ শাসন অন্ত পৰাৰ পিছতো ভাষাটো থাকি গ’ল।

অৱশ্যে এসময়ৰ ইংৰাজ উপনিবেশবোৰত সকলোতে ইংৰাজীৰ মর্যদা সমান নহয়। ইউৰোপীয় ঔপনিৱেশিক শাসনে উপনিৱেশসমূহত চলোৱা অত্যাচাৰ, উৎপীড়ন, লুণ্ঠনক ন্যায্যতা দিবলৈ তেওঁলোকে সাধাৰণতে কৈছিল যে “অসভ্য” “কম সভ্য”, “অজ্ঞানী” জাতিবোৰক তেওঁলোকে ইউৰোপীয় জ্ঞান-বিজ্ঞানৰ পোহৰ বিলাবলৈ আহিছে।

ইংৰাজী আৰু আমি

অনেক সময়ত খ্রীষ্টান মিছনেৰীসকলেও ঔপনিৱেশিক শাসকসকলক তেওঁলোকৰ এই কামত সহায় কৰিছিল। কেনিয়াৰ লেখক ঙুগি ৱা থিঅংগৰ ভাষাত ক’বলৈ গ’লে পশ্চিমৰ শ্বেতাংগ সকলে আফ্রিকালৈ (আৰু সেইদৰে এছিয়া বা বিশ্বৰ অন্য প্রান্তলৈও) আহিছিল এখন হাতত এটা বন্দুক আৰু আনখন হাতত এখন বাইবেল লৈ।

ইতিহাসৰ এই বৃহৎ অধ্যায়ৰ অধ্যয়ন বিভিন্ন ধৰণে হৈছে, ইয়াত তাৰ চর্চা কৰিবলৈ লোৱা হোৱা নাই; মাত্র ইংৰাজী ভাষাৰ সৈতে ভাৰতীয় সকলৰ সম্বন্ধৰ বিষয়ে দুই এটা কথা কোৱা যাব, আৰু যথাসম্ভৱ বিদ্যায়তনিক আলোচনাৰ বাগাড়ম্বৰ বাদ দি সাধাৰণ মানুহৰ অভিজ্ঞতাৰ ভিতৰৰ কথাৰেই বিষয়-বস্তুটো উপস্থাপন কৰিবলৈ যত্ন কৰা হ’ব।

        গুৱাহাটীৰ এখন কাপোৰৰ দোকানত কাপোৰ চাই আছো। এজন কর্মচাৰীয়ে আমাক কাপোৰ দেখুৱাই আছে। ওচৰতে অন্য এজন কর্মচাৰীয়ে এহাল ডেকা মানুহ আৰু তেওঁলোকৰ সাত-আঁঠ বছৰীয়া ল’ৰাটোক কাপোৰ দেখুৱাই আছে। সৰু ল’ৰাটোৱে এটা সময়ত আমনি পাই আঁতৰি গৈছে, আৰু দেউতাকে চিঞৰিছে, “No! Rohan! Don’t go that way. Come Here!” পুণৰ তেওঁ দোকানৰ কর্মচাৰীৰ সৈতে অসমীয়াত কথা পাতিছে।

উচ্চাৰণৰ পৰা বুজা যায় যে তেওঁ অসমীয়া মানুহ। কিন্তু তেওঁ যে হঠাৎ অলপ আগতে ইংৰাজীত চিঞৰ মাৰি উঠিছিল—কিয়? দোকানখনত যিমান সময় থাকিলো তেওঁক কেবাবাৰো এনেকৈ ভাষা সলনি কৰা শুনিলোঁ: দোকানৰ কর্মচাৰীৰ সৈতে অসমীয়া, পত্নীৰ সৈতে অসমীয়া আৰু ইংৰাজী, আৰু পুত্রৰ সৈতে কেৱল ইংৰাজী।

বোধকৰোঁ অন্য বহুতো পিতৃ-মাতৃৰ দৰে তেওঁ বিশ্বাস কৰে যে ল’ৰা-ছোৱালীক ইংৰাজী ক’বলৈ যিমানে শিকোৱা যায়, সিমানে ভাল। এজন কর্ত্তব্যপৰায়ণ পিতৃ হিচাপে তেওঁ নিজৰ সন্তানৰ ভৱিষ্যত উজ্বল কৰিবলৈ এতিয়াৰে পৰা অনবৰতে ইংৰাজী ব্যৱহাৰ কৰাৰ অভ্যাস কৰাইছে।

‘এই আলোচনা সম্পূর্ণ বিদ্যায়তনিক আলোচনা নহয়। গতিকে আলোচ্য বিষয় কিছু “লঘূ” হ’ব পাৰে। যেনে—কুকুৰৰ সৈতে ইংৰাজীত কথা পতাৰ বিষয়টো। আমাৰ ইয়াত কুকুৰৰ প্রশিক্ষণ ইংৰাজী ভাষাত হয়। এই বিষয়ে মোৰ জ্ঞান সীমিত, গতিকে ইংৰাজী মাধ্যমেই কুকুৰ-শিক্ষাৰ শ্রেষ্ঠ মাধ্যম হয় নে নহয় সেই বিষয়ে একো মতামত দিব নোৱাৰিম। বিদেশী জাতৰ কুকুৰ এটাৰ যেতিয়া অসমত বা পশ্চিম বঙ্গত জন্ম হয় তেতিয়া তাক ইংৰাজীতহে প্রশিক্ষণ দিব পাৰিনে নে স্থানীয় ভাষাতো প্রশিক্ষণ দিব পাৰি সেইটো বিষয়ে কুকুৰ-প্রশিক্ষক সকলে ভালদৰে জানিব, কিন্তু এটা কথা ঠিক, কুকুৰটোৰ পূর্বপুৰুষৰ মূল “দেশ” ইংলেণ্ড হওক বা জার্মানি, আৰু তাৰ জন্ম কলিকতাতেই হওক বা গুৱাহাটীত, তাৰ প্রশিক্ষণৰ বাবে ব্যৱহাৰ কৰা যায় ইংৰাজী। কেতিয়াবা আকৌ আমাৰ স্থানীয় কুকুৰ একোটাকো দামী কলাৰ, চেইন আদি পিন্ধাই এক প্রকাৰে জাতত উঠোৱা হয়, আৰু তেতিয়া প্রায়ে গিৰীহঁতে তাৰ লগত ইংৰাজীতেই কথা বতৰা পাতে।”

        আজিৰ পৃথিৱীত ইংৰাজী ভাষাৰ প্রয়োজনীয়তাৰ বিষয়ে সকলোৱে জানে। ইংৰাজী ভালদৰে শিকিব লাগে, কিন্তু সেই বাবে নিজৰ মাতৃভাষাৰ ব্যৱহাৰেই বন্ধ কৰি দিব লাগে জানো? মাতৃভাষা অর্থাৎ প্রথম শিকা (ইংৰাজী-প্রেমৰ জ্বৰত আক্রান্ত কোনো অসমীয়াই যদি প্রথমৰে পৰা নিজৰ শিশুক কেৱল ইংৰাজীহে শুনিবলৈ, শিকিবলৈ দিয়ে, তেন্তে সেই শিশুৰ প্রথম ভাষা ইংৰাজীয়েই হ’ব) ভাষাৰ সহায়তে শিশুৰ মন-মগজুৰ বিকাশ হয়।

ইংৰাজী আৰু আমি

সেইবাবে শিশুৰ সর্বাঙ্গীন উন্নতি আৰু বিকাশৰ বাবে মাতৃভাষা শিকাব লাগে, এইটো কেৱল এটা জাতি-ভাষা সম্বন্ধীয় আবেগৰ বিষয় নহয়। ৰাষ্ট্রসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থাই (UNESCO) মাতৃভাষাৰে শিশুৰ বিদ্যাৰম্ভ হোৱাটো বিচাৰে কাৰণ মাতৃভাষাৰে শিক্ষাৰম্ভ কৰিলে শিশুৱে বিভিন্ন বিষয় সহজে আয়ত্ত কৰিব পাৰে। ভাষাতত্ত্ব আৰু শিক্ষাৰ সৈতে জড়িত পণ্ডিত সকলৰ মতেও মাতৃভাষাই শিশুৰ শিক্ষাৰ মাধ্যম হিচাপে শ্রেষ্ঠ।

ইংৰাজীৰ গুৰুত্ব বুজি, ভালদৰে ইংৰাজী শিকা খুবেই ভাল কথা, কিন্তু নিশ্চয় সেইবাবে এনে কোনো নিয়ম নাই যে মাক দেউইতাকেও নিজৰ শিশু সন্তানৰ সৈতে কেৱল ইংৰাজীতহে কথা পাতিব লাগে।

১৯৬২ চনত আফ্রিকাৰ ইবাদানত হোৱা এখন ইংৰাজী ভাষা শিক্ষণ বিষয়ক অধিবেশনত ইংৰাজী কেনেকৈ শিকিব বা শিকাব লাগে তাৰ বিষয়ে সেই ইংৰাজী ভাষা শিক্ষণৰ (English Language Teaching) পণ্ডিতসকলে কেইটামান কথা কৈছিল : যে ইংৰাজী শিক্ষণৰ সময়ত কেৱল ইংৰাজীহে ব্যৱহাৰ কৰিব লাগে, যে ইংৰাজী শিকাবলৈ ইংৰাজ শিক্ষক (অর্থাৎ যি শিক্ষকৰ মাতৃভাষা ইংৰাজী) শ্রেষ্ঠ, যে যিমান বেছিকৈ ইংৰাজী শিকাব পৰা যায় সিমান ভাল, যিমান সৰুৰে পৰাই ইংৰাজী শিকাব পৰা যায় সিমান ভাল, ইত্যাদি।

বহুতে ভাবে যে সেই কথাখিনিৰ পৰা তেওঁলোকৰ পাণ্ডিত্যতকৈ একালৰ সম্রাজ্যবাদী ইংলেণ্ডৰ প্রতি সেই পণ্ডিতসকলৰ অন্ধ আনুগত্যহে প্রকাশ পাইছে। “অন্য ভাষাতকৈ ইংৰাজী শ্রেষ্ঠ”, “ইংৰাজী শিকিলেহে প্রকৃত সভ্য মানুহ হ’ব পাৰি” আদি ধাৰণাৰ পৰা তেওঁলোক মুক্ত হ’ব পৰা নাছিল।

ইংৰাজী আৰু আমি

ঙুগিয়ে তেওঁৰ “ডিক’ল’নাইজিং দি মাইণ্ড” নামৰ বিখ্যাত ৰচনাত কৈছে যে ১৯৫২ চনত কেনিয়াত জৰুৰীকালীন অৱস্থাৰ ঘোষণা হোৱাৰ পিছত সকলো বিদ্যালয়ৰ পৰিচালনা ঔপনিবেশিক শাসন তন্ত্রৰ হাতলৈ গ’ল, আৰু কেনিয়াৰ জিলা শিক্ষা বর্ড বোৰে ইংৰাজ বিষয়াৰ তত্বাৱধানত বিদ্যালয় সমূহ চলাবলৈ ধৰিলে। এই বিদ্যালয়বোৰত ইংৰাজীৰ বাহিৰে অন্য ভাষা ব্যৱহাৰ কৰাটো অপৰাধ বুলি ধৰা হৈছিল।

ইংৰাজীৰ সলনি মাতৃভাষাত কথা কৈ ধৰা পৰা ছাত্রৰ পেন্ট খুলিবলৈ দি টিকাত বেট দিয়া হৈছিল বা “মই মূর্খ” বা “মই গাধ” জাতীয় কথা লিখা একোটা লকেট পিন্ধিবলৈ দিছিল। তাৰোপৰি মাতৃভাষাত কথা কৈ ধৰা পৰা ছাত্রক এটা বুটাম জাতীয় বস্তু দিয়া হৈছিল। সেই ল’ৰাজনে যেতিয়া আন কোনো ল’ৰাই মাতৃভাষা কোৱা শুনিব তেতিয়া সেই বুটামটো এই নতুন ল’ৰাটোক দিয়াৰ নিয়ম আছিল।

এইদৰে যিমানে দিনটোৰ ভিতৰত বুটাম ধাৰণ কৰিছিল, সেই গোটাইখিনিকে উলিয়াই সন্ধিয়া শাস্তি দিয়া হৈছিল। ঙুগিয়ে কৈছে যে এই সমস্ত কার্য ব্যৱস্থাৰ দ্বাৰা ছাত্র সকলৰ মনত মাতৃভাষাৰ সম্বন্ধে এক প্রকাৰৰ হীনমন্যতা সৃষ্টি কৰোৱা হৈছিল, আৰু ইজনে সিজনক ধৰাই দিয়াৰ প্রথা প্রচলন কৰি বিভিন্ন জনগোষ্ঠীৰ ছাত্রসকলৰ মাজত অবিশ্বাস সৃষ্টি কৰা হৈছিল।

বিদ্যালয়ত ইংৰাজী কোৱা বাধ্যতামূলক কৰা আৰু সেই নিয়ম ভঙাসকলক দিয়া শাস্তিৰ ধৰণ মন কৰিলে বুজা যায় যে এই সকলোবোৰ নিয়ম-নীতি ঔপনিবেশিক শাসকে অনবৰতে কৰি থকা দুটা কামৰ অন্তর্গত : (১) স্থানীয় জনগোষ্ঠী সকলৰ নিজৰ কলা, কৃষ্টি, ধর্ম, ভাষাতকৈ বিদেশী ঔপনিবেষিক কলা, কৃষ্টি, ধর্ম, ভাষা বেছি ভাল বুলি পতিয়ন নিয়াবলৈ যত্ন কৰা, আৰু (২) স্থানীয় জনগোষ্ঠী সমূহৰ মাজত একতা গঢ়িবলৈ নিদি তেওঁলোকৰ মাজত বিভিন্ন বিভেদৰ বীজ সিঁচা (divide and rule policy).

ইংৰাজী আৰু আমি

        আমাৰ ইয়াতো কিছুমান ইংৰাজী বিদ্যালয়ত এনে নিয়ম (কেৱল ইংৰাজী হে ব্যৱহাৰ কৰিব লগীয়া নিয়ম) নাই জানো? সাধাৰণতে শিশুৰ কেবাটা ভাষা শিকাৰ সামর্থ্য থাকে, আৰু মাতৃভাষা ভালদৰে শিকিলে আন ভাষা (আৰু অন্যান্য বিষয়) শিকিবলৈ সুবিধা হয়। কিন্তু মাতৃ-ভাষা শিক্ষণক কম গুৰুত্ব দি ইংৰাজীক বেছি গুৰত্ব দিলে শিশুৰ চিন্তা-শক্তিৰ বিকাশে পূর্ণতা পোৱাত অসুবিধা হয়।

“কেতিয়াবা আকৌ মদৰ নিচাত একোজন মানুহে খুব ইংৰাজী কয়। মদ দেশীয় হ’ব পাৰে, দেশত উৎপাদিত বিদেশী মদো হ’ব পাৰে, কিন্তু তাৰ নিচাৰ বাবে কিছুমান মানুহৰ জিভাত ইংৰাজী লম্ভে। তেওঁলোকে সেই সময়ত ইংৰাজীতে গালি দিয়ে, আৰু মানুহজন অসমীয়া হ’লে তেওঁ ইংৰাজীৰ “ননসেন্স” শব্দটোৰ ভুল প্রয়োগেৰে আক তাক গালি পৰাৰ পূর্ণ সম্ভাৱনা থাকে : “চাল্লা ননসেন্স!”—এনেকুৱা। কোনো ইংৰাজে “ননসেন্স” শব্দটোৰ এনে অভিনৱ, সৃষ্টিশীল ব্যৱহাৰ নকৰে কাৰণ “ননসেন্স”ৰ অর্থ হ’ল “অর্থহীন”। “চাল্লা অর্থহীন”টো কেনেকুৱা গালি? ইংৰাজী কোৱা অসমীয়া মদাহীৰ গালি।”

দুখৰ কথা যে এতিয়াও এছিয়া বা আফ্রিকা মহাদেশত এনে মানুহৰ সংখ্যা কম নহয় যি ভাবে যে তেওঁৰ মাতৃভাষাতকৈ ইংৰাজী বেছি উন্নত ভাষা, আৰু ইংৰাজীত কথা পাতিব পৰা জনে সমাজৰ উচ্চ স্তৰত স্থান পাব পাৰে।

ঙুগিৰ বিৰুদ্ধে যুক্তি দিয়া আফ্রিকীয় লেখক অনেক। তেওঁলোকে ক’ব খোজে যে বহু ভাষিক আফ্রিকাত এটা জনগোষ্ঠীয়ে আন এটা জনগোষ্ঠীৰ সৈতে নিজৰ ভাষাত বার্ত্তালাপ কৰা প্রায় অসম্ভৱ। তেনে স্থলত ইংৰাজীৰ দৰে একোটা ইউৰোপীয় ভাষাৰ মাধ্যমেৰে তেওঁলোকে নিজৰ মাজত কথা বতৰা হোৱাত সুবিধা হয়। ভাৰততো এই যুক্তি খাটে বুলি কোৱা হয়। দক্ষিণ ভাৰতলৈ যোৱা অন্য ভাৰতীয়সকলে ইংৰাজী ব্যৱহাৰ কৰিবলগীয়া হয়।

কিন্তু লগতে এইটোও ঠিক যে আমাৰ দেশত কেৱল ইংৰাজী হে ব্যৱহাৰ কৰা এক বিশেষ “উচ্চ” শ্রেণীৰ সৃষ্টি হ’ল। এই শ্রেণীৰ মানুহৰ অনেকে নিজকে ঠিক ভাৰতীয় বুলি নাভাবে, যেন ভাৰতীয় হোৱাতো তেওঁলোকৰ পক্ষে গৌৰৱৰ কথা নহয়, লাজৰ কথাহে।

কেৱল বিদ্যায়তনিক আলোচনা কৰিলে কিছুমান কথা ক’বলৈ অসুবিধা হয়; গহীন গম্ভীৰ শব্দ ব্যৱহাৰ কৰি বিশেষ কিছুমান কথাহে ক’ব পাৰি। সেই বাবে কৈছিলোঁ যে এই আলোচনা সম্পূর্ণ বিদ্যায়তনিক আলোচনা নহয়। গতিকে আলোচ্য বিষয় কিছু “লঘূ” হ’ব পাৰে। যেনে—কুকুৰৰ সৈতে ইংৰাজীত কথা পতাৰ বিষয়টো।

ইংৰাজী আৰু আমি

আমাৰ ইয়াত কুকুৰৰ প্রশিক্ষণ ইংৰাজী ভাষাত হয়। এই বিষয়ে মোৰ জ্ঞান সীমিত, গতিকে ইংৰাজী মাধ্যমেই কুকুৰ-শিক্ষাৰ শ্রেষ্ঠ মাধ্যম হয় নে নহয় সেই বিষয়ে একো মতামত দিব নোৱাৰিম।

বিদেশী জাতৰ কুকুৰ এটাৰ যেতিয়া অসমত বা পশ্চিম বঙ্গত জন্ম হয় তেতিয়া তাক ইংৰাজীতহে প্রশিক্ষণ দিব পাৰিনে নে স্থানীয় ভাষাতো প্রশিক্ষণ দিব পাৰি সেইটো বিষয়ে কুকুৰ-প্রশিক্ষক সকলে ভালদৰে জানিব, কিন্তু এটা কথা ঠিক, কুকুৰটোৰ পূর্বপুৰুষৰ মূল “দেশ” ইংলেণ্ড হওক বা জার্মানি, আৰু তাৰ জন্ম কলিকতাতেই হওক বা গুৱাহাটীত, তাৰ প্রশিক্ষণৰ বাবে ব্যৱহাৰ কৰা যায় ইংৰাজী।

কেতিয়াবা আকৌ আমাৰ স্থানীয় কুকুৰ একোটাকো দামী কলাৰ, চেইন আদি পিন্ধাই এক প্রকাৰে জাতত উঠোৱা হয়, আৰু তেতিয়া প্রায়ে গিৰীহঁতে তাৰ লগত ইংৰাজীতেই কথা বতৰা পাতে। স্থানীয় কুকুৰ অতি বুদ্ধিমান আৰু সাহসী হয়; সিহঁতক এৰি কোনো কেনেলৰ পৰা টম বা জেকক আনি বিশেষ আহাৰ খুৱাই বিশেষ আবদাৰ কিয় কৰিব লাগে সেইটো সেই কুকুৰৰ সৈতে ইংৰাজী কোৱা ভদ্রলোক সকলেহে জানিব।

English

ইংৰাজী আৰু আমি

        কেতিয়াবা আকৌ মদৰ নিচাত একোজন মানুহে খুব ইংৰাজী কয়। মদ দেশীয় হ’ব পাৰে, দেশত উৎপাদিত বিদেশী মদো হ’ব পাৰে, কিন্তু তাৰ নিচাৰ বাবে কিছুমান মানুহৰ জিভাত ইংৰাজী লম্ভে। তেওঁলোকে সেই সময়ত ইংৰাজীতে গালি দিয়ে, আৰু মানুহজন অসমীয়া হ’লে তেওঁ ইংৰাজীৰ “ননসেন্স” শব্দটোৰ ভুল প্রয়োগেৰে আক তাক গালি পৰাৰ পূর্ণ সম্ভাৱনা থাকে : “চাল্লা ননসেন্স!”—এনেকুৱা।

কোনো ইংৰাজে “ননসেন্স” শব্দটোৰ এনে অভিনৱ, সৃষ্টিশীল ব্যৱহাৰ নকৰে কাৰণ “ননসেন্স”ৰ অর্থ হ’ল “অর্থহীন”। “চাল্লা অর্থহীন”টো কেনেকুৱা গালি? ইংৰাজী কোৱা অসমীয়া মদাহীৰ গালি।

কেতিয়াবা আকৌ সাধাৰণ গাঁৱলীয়া অসমীয়া মানুহ এজনে হঠাতে ইংৰাজী ক’বলৈ আৰম্ভ কৰি দিব পাৰে। এনে ঘটনাৰ সাধাৰণতে দুটা কাৰণ থাকে : তেওঁ কাৰোবাক দেখুৱাব খুজিছে যে তেওঁ কিমান পানীৰ মাছ, বা কাৰোবাক তোষামোদৰ উদ্দেশ্যে তেওঁ তেনে কৰিছে। হঠাতে তেনেকৈ ইংৰাজী ক’বলৈ আৰম্ভ কৰা মানুহজনে ভাষাটো কিছু পৰিমানে জানে; হ’ব পাৰে তেওঁ বেচ ভালদৰেই ইংৰাজী শিকিছিল।

এটা সময়ত বিদ্যালয়, মহাবিদ্যালয়ত ইংৰাজী ব্যাকৰণ ভালদৰে শিকোৱা হৈছিল। অসম্ভৱ নহয় যে এতিয়া ব্যাকৰণৰ কোনো নিয়ম নিশিকাকৈ ভাটৌৱে কোৱা দৰে ইংৰাজী কৈ, শিক্ষকে শিকোৱা কথা মুখস্থ কৰি ইংৰাজী শিকা কিছুমান বিদ্যার্থীতকৈ সেই গাঁৱলীয়া মানুহজনে বেছি শুদ্ধ ইংৰাজীয়েই ক’ব।

ইংৰাজী আৰু আমি

কেতিয়াবা এনে অভিজ্ঞতা মোৰো হৈছে। বহুত দিনৰ মূৰত গাঁৱৰ মানুহ এজনক লগ পাই মাত দিবলৈহে পালোঁ তেওঁ আৰম্ভ কৰি দিলে ইংৰাজীত। মই অসমীয়াতে তেওঁৰ প্রশ্নৰ উত্তৰ দি থকা শুনিও তেওঁ পিছ হুঁহুকিব নোখোজে; যি ইংৰাজীত ধৰিলে আৰু নেৰে। বৰ অস্বস্তিকৰ!

ছাত্র-ছাত্রীক ভাটৌক শিকোৱা পদ্ধতিৰে ইংৰাজী শিকোৱা চাৰ, মেমসকলৰ আকৌ কেতিয়াবা বৰ ভেম হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ এজন অতি বিশিষ্ট শিক্ষক, ইংৰাজীৰ প্রাধ্যাপক। বহুত বছৰ আগতে যেতিয়া তেওঁৰ কনমানি ছোৱালীজনী গুৱাহাটীৰ এখন আগশাৰীৰ ইংৰাজী (মিছনেৰী) বিদ্যালয়ত পঢ়ি আছিল, তেতিয়াৰ কথা:

এদিন আমাৰ এই ছাৰজনে মন কৰিলে যে ছোৱালীজনীয়ে শুদ্ধকৈ লিখা ব্যাকৰণৰ উত্তৰ এটা কাটি শিক্ষয়ত্রীয়ে ভুল উত্তৰ এটাহে শুদ্ধ বুলি লিখি দিছে। বিদ্যালয়ত ছোৱালীজনী থ’বলৈ যাওঁতে ছাৰে সেই শিক্ষয়ত্রীক ক’লে যে বাইদেউ, এই প্রশ্নটোৰ উত্তৰ ছোৱালীজনীয়ে শুদ্ধকৈ লিখিছিল, কিন্তু এইটো ভুল বুলি চিন দিয়া হৈছে, আৰু ভুল উত্তৰ এটা শুদ্ধ বুলি দেখুৱা হৈছে।

ইংৰাজী মেডামৰ দম্ভালি ভৰা উত্তৰ : “তাইৰ শিক্ষয়ত্রী মই, আপুনি নহয়”।

আমাৰ ছাৰ : “আচলতে ময়ো শিক্ষকেই”।

ইংৰাজী মেডাম : “কি বিষয়ৰ শিক্ষক আপুনি?”

ছাৰ : “ইংৰাজী”।

ইংৰাজী মেডাম : “ক’ত পঢ়ুৱাই আপুনি?”

ছাৰ : “গুৱাহাটী বিশ্ববিদ্যালয়ত”

দীঘলীয়া সাক্ষাতকাৰ লৈ ছাৰক বলে নোৱৰা যেন দেখিহে সেই দাম্ভিক বাইদেৱে নিজৰ ভুল শুধৰাব লাগিব বুলি বুজিলেগৈ, কিন্তু তেওঁৰ সেই দম্ভৰ মূল কাৰণ হ’ল ইংৰাজী ভাষাটো। তেওঁ ইংৰাজী জানে বাবে (বা তেওঁ নিজকে ইংৰাজী জনা বুলি ভাবে বাবে) তেওঁ নিজকে আন সকলো মানুহতকৈ, বিশেষকৈ ইংৰাজী নজনাসকলতকৈ বহুত বেছি শ্রেষ্ঠ বুলি ভাবে।

ইংৰাজী আৰু আমি

ইংৰাজী ভালকৈ জনা লোকৰ আকৌ কিছুমানে ভাবে যে তেওঁলোকে একেবাৰে “শুদ্ধ” ইংৰাজী উচ্চাৰণ কৰিব লাগে। তেওঁলোকে “ৰাণীৰ ইংৰাজী” (Queen’s English! এতিয়া ৰজাৰ ইংৰাজী নেকি?) বা অক্সফোর্ড ইংৰাজী বা বি বি চি ইংৰাজী বা পাব্লিক স্কুল ইংৰাজী কয়।

ইংলেণ্ডত নহ’লেও দেশৰ ভিতৰতে আগশাৰীৰ এখন পাব্লিক স্কুলত পঢ়াৰ সুযোগ পাইছিলোঁ, আৰু ইংলেণ্ডত ইংৰাজী শিক্ষণৰ প্রশিক্ষণ লৈ অহা এগৰাকী অতি নিষ্ঠাপৰায়ণা, ভাল শিক্ষয়ত্রীৰ মুখতে প্রথম এই বিশেষ “শুদ্ধ” ইংৰাজী শুনিছিলো। সেই উচ্চাৰণ তেওঁৰ পৰা শিকাৰ পিছত উচ্চ শিক্ষা গ্রহণৰ সময়ত নিজে সেই বিষয়ে কিছু পঢ়া শুনা কৰিলোঁ, কিন্তু শেষত সেই “শুদ্ধ” ইংৰাজীৰ সলনি সাধাৰণতে সকলোৱা বুজিপোৱা মোটামুটি শুদ্ধ উচ্চাৰণেই ঠিক বুলি ল’লোঁ।

এইটো কিছু পৰিমাণে ব্যক্তিগত কথাও হ’ব পাৰে : সকলোৰে নিজৰ নিজৰ পচন্দ থাকে। কিন্তু তেনে “শুদ্ধ” ইংৰাজী কোৱাতো প্রায় নিজৰ ধর্মৰ দৰে ভবা বহুতে বোধকৰোঁ ইংলেণ্ডতে কিমান বিধ ইংৰাজী উচ্চাৰণ চলে তাৰ খবৰ নাৰাখে।  আৰু ইংৰাজী মানে কি? কেৱল বি বি চি ইংৰাজীয়েই ইংৰাজী নেকি? পূর্বৰ সাম্রাজ্যবাদী ইংলেণ্ডৰ এই ভাষাটোৰ যিদৰে গোলকীকৰণ বা বিশ্বায়ন বা গ্লোবেলাইজেছন হ’ল সেইদৰে তাৰ স্থানীয়কৰণ বা লোকেলাইজেছন ও হ’ল।

ভাষাটো বিয়পি পৰা বিভিন্ন ঠাইৰ বিভিন্ন ভাষাৰ প্রভাৱত তাৰ অনেক সালসলনি ঘটি ঠায়ে ঠায়ে বিভিন্ন ইংৰাজী হ’ল। কেৱল ইংলেণ্ডৰ পাব্লিক স্কুল আৰু অক্সফোর্ডত পঢ়া ইংৰাজৰ মুখৰ ইংৰাজী বা তেনে ইংৰাজৰ মুখৰ ইংৰাজীক অনুকৰণ কৰা ভাৰতীয়ৰ ইংৰাজীয়েই ইংৰাজী নহয়।

ভালেমান বছৰ আগতে যোৰহাট চহৰৰ ২০০ বছৰৰ ইতিহাস সামৰি যোৰহাট প্রশাসনে বিভিন্ন লিখকৰ ৰচনাৰে সমৃদ্ধ এখন গ্রন্থ প্রকাশ কৰিছিল। তাত দা ছেন্তিনেল কাগজৰ পূর্বৰ সম্পাদক ধীৰেণ বেজবৰুৱা ছাৰে যোৰহাটৰ চৰকাৰী বিদ্যালয় এখনত তেওঁ সৰুতে পঢ়াৰ কথা শুৱঁৰিছে।

ৰচনাখনত তেওঁ কৈছে যে তেওঁলোকে সেই বিদ্যালয়ত পঢ়া সময়ত তেওঁলোকক ইংৰাজী শিকোৱা শিক্ষক সকলৰ উচ্চাৰণ বিলাতী উচ্চাৰণ মুঠেই নাছিল, কিন্তু তেওঁলোকে ইংৰাজী ব্যাকৰণ অতি সুন্দৰকৈ জানিছিল আৰু ছাত্র সকলক খুব ভালদৰে শিকাইছিল। বেজবৰুৱা ছাৰৰ নিজৰ ইংৰাজী ভাষাৰ জ্ঞান যিহেতু সঁচাকৈ ইর্ষনীয়, তেওঁ কোৱা কথাষাৰৰ নিশ্চয় বিশেষ মূল্য আছে।

ইংৰাজী আৰু আমি

মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় পর্যায়ত আমি নিজেও এনে শিক্ষক পাইছো যাৰ ইংৰাজী উচ্চাৰণ চহা অসমীয়াৰ উচ্চাৰণ, কিন্তু তেওঁলোকৰ জ্ঞান-গর্ভ বক্তৃতা শুনিবলৈ পাই নিজকে ধন্য মানিছিলোঁ। এনে শিক্ষকো নথকা নহয় যি খুব চেষ্টা কৰি সদায় অক্সফোর্ড ইংৰাজী কবলৈ যত্ন কৰে, কিন্তু বক্তৃতাৰ সাৰমর্ম প্রায় শূন্য বুলি কব পাৰি।

        ৰামায়ণ কথাকাৰ মুৰাৰী বাপুৱে এবাৰ আমেৰিকাৰ এখন চহৰত “ৰামায়ণ সপ্তাহ”ৰ বাবে গৈছিল। তাত উপস্থিত দর্শক-শ্রোতাসকলক দুই এটা প্রশ্ন কৰাৰ সুযোগ দিওঁতে এজনী ছোৱালী ঠিয় হ’ল প্রশ্ন কৰিবলৈ।

মুৰাৰী বাপুৱে নিজৰ মাতৃভাষা গুজৰাটীত কথা কয়, আৰু হিন্দীতো কয়। ভাৰতীয় মূলৰ (বোধকৰোঁ গুজৰাটী) সেই মার্কিন ছোৱালীজনীয়ে নিজৰ প্রশ্নটো হিন্দীতে কৰে, কিন্তু বাপুৱে একো বুজি নাপাই তেওঁৰ সহায়ক সকলক শুধিলে, “বচ্চী ক্যা বোল ৰহী হেয়?” (ছোৱালীজনীয়ে কি কৈছে নো?)।

তেওঁ নুবুজাৰ কাৰণ হ’ল যে ছোৱালীজনী ভাৰতীয় মূলৰ হ’লেও আমেৰিকাত থাকি তাইৰ হিন্দী উচ্চাৰণ আমেৰিকান ইংৰাজীৰ দৰে হৈ গৈছে; বাপুৱে কি বুজিব তাইৰ উচ্চাৰণ? সেই ছোৱালীজনীৰ অসুবিধাটো বুজিব পাৰি। অনবৰতে কেৱল ইংৰাজী ভাষাৰ হে প্রয়োগ কৰাৰ ফলত তাইৰ মুখৰ হিন্দী উচ্চাৰণো মার্কিন ইংৰাজীৰ দৰে হৈ পৰিছে।

কিন্তু মই এনে ল’ৰা-ছোৱালীও লগ পাইছো যাৰ মাতৃ ভাষা অসমীয়া, যি অসমতে থাকে, কিন্তু ইংৰাজী-প্রীতি আৰু মাতৃভাষাৰ প্রতি অনীহাৰ বাবে চাগৈ, তেওঁলোকৰ অসমীয়া শুনিলে এনে লাগে যেন কোনো ইংৰাজে নতুনকৈ অসমীয়া ক’বলৈ শিকিছে।

        ইংৰাজী-মাধ্যমেৰে শিক্ষা সম্পূর্ণ কৰা ছাত্র-ছাত্রীৰ এটা সুবিধা হ’ল যে তেওঁলোকে সাধাৰণতে ইংৰাজী খৰকৈ ক’ব পাৰে। অসমীয়া বা অন্য মাতৃভাষা মাধ্যমত পঢ়া অনেক ছাত্র-ছাত্রীয়ে ইংৰাজী ক’বলৈ সংকোচ কৰে। আচলতে  ইংৰাজী “শুনা” আৰু “কোৱা”ৰ কিছুদিন অভ্যাস কৰিলেই কথা কোৱাৰ কৌশল আয়ত্ত কৰিব পাৰি। একমাত্র হেঙাৰ হ’ল লাজ বা ভয়।

বিভিন্ন মাধ্যমৰ বিদ্যালয়ৰ ছাত্র-ছাত্রী কিছুমানক এবাৰ ইংৰাজী ক’বলৈ প্রশিক্ষণ দিওঁতে মন কৰিছিলো যে শুদ্ধ পদ্ধতিৰে শিকালে আৰু অভ্যাস কৰালে তেওঁলোকে সোনকালেই ইংৰাজী ক’ব পৰা হয়। আৰু কেতিয়াবা অসমীয়া মাধ্যমত পঢ়া ল’ৰা-ছোৱালীৰ ইংৰাজী ব্যাকৰণৰ জ্ঞান ইংৰাজীত পঢ়া সকলতকৈ বেছিহে ভাল হয়।

ইংৰাজী আৰু আমি

ইংৰাজী মাধ্যমত শিক্ষা গ্রহণ কৰা সকলৰ কিছুমানে আকৌ ইংৰাজীত কথা কওঁতে শব্দৰ মাজে মাজে অ’ত ত’ত একোটা অপ্রাসঙ্গিক বা অর্থহীন কথা বাৰে বাৰে ব্যৱহাৰ কৰে। তেওঁলোকে এনেকৈ নিজৰ বক্তব্যৰ মাজে মাজে সিঁচি দিয়া সেই শব্দ সমূহৰ ভিতৰত বোধকৰোঁ আটাইতকৈ বেছি জনপ্রিয় শব্দটো হ’ল “লাইক্” (like)।

বাক্যৰ মাজত অদৰকাৰী “লাইক” এসোপা নকলে তেওঁলোকে কথা ক’ব নোৱাৰে : I went there like to meet him, but I wasn’t like sure if he would be there; so I thought may be, like…..

        ভাৰতবর্ষৰ কোনো ইংৰাজী শিক্ষকে এৰাব নোৱৰা এটা সমাজ সেৱাৰ কাম হ’ল আনৰ বাবে ইংৰাজীত আবেদন লিখি দিয়া। এই সমাজ সেৱাৰ কামত ব্রতী হৈ এটা কথা মন কৰিলোঁ যে আমাৰ দেশৰ মানুহ ইংৰাজ ঔপনিবেশিক শাসনৰ সময়ৰ “বাবু ইংৰাজী”ৰ মোহৰ পৰা মুক্ত হোৱা নাই।

ইংৰাজ শাসনৰ সময়ত কার্যালয়ৰ কামকাজৰ বাবে প্রয়োজনীয় ইংৰাজী শিকিলৈ যিসকলে চাকৰি পাইছিল, তেওঁলোকৰ বহুতেই অনবৰতে চাহাবৰ তোষামোদ কৰা ভাষা ব্যৱহাৰ কৰিছিল। গতিকে পেটৰ বিষত ভূগি কার্যালয়লৈ আহিব নোৱাৰিলে তেওঁলোকে লিখিব যে “I have the honour to inform you that I had stomach ache…”। পেটৰ বিষৰ সৈতে সন্মানৰ কি সম্বন্ধ সেইটো তেওঁলোকেহে জানিব।

ইংৰাজ যোৱাৰ ইমান বছৰ পিছতো কিন্তু “বাবু ইংৰাজী” থাকি গ’ল। পেটৰ বিষেই হওক বা পেট চলক, “I have the honour to” বুলি আবেদন আৰম্ভ নকৰিলে নহ’ব। আৰু এটা কথা। ইংৰাজীত কিয় লিখিব লাগে আবেদন খন? অসমীয়াত লিখিলে নহ’ব জানো? আবেদন খন যি পঢ়িব সেই কর্মচাৰী/বিষয়া যদি অসমীয়া হয়, তেন্তে আবেদনখন অসমীয়াত লিখাৰ আপত্তি কি?

ইংৰাজীত আবেদনখন লিখি দিবলৈ ইংৰাজী শিক্ষকক কৰা আবেদনত বহুতে কয় যে অসমীয়াত লিখাতকৈ ইংৰাজীত লিখিলে আবেদনখন বেচি শক্তিশালী হয়। গাঁৱৰ বিয়াৰ সু-সজ্জিত প্রবেশ দ্বাৰৰ ওপৰত ধুনীয়া ফুলেৰে লিখা আছে “Wellcome”. ইংৰাজী মাষ্টৰে দেখি ক’লে, “শব্দটোত দুটা ‘এল’ নাই। Welcome হে হ’ব লাগিছিল”।

ইংৰাজী আৰু আমি

লগে লগে এজনৰ উত্তৰ : “হয়, এটা ‘এল’ দিলেও হয়; কিন্তু দুটা দিলে মজবুত হয়”। ঠিক সেইদৰে বহুতে বিশ্বাস কৰে যে অসমীয়া আবেদনতকৈ ইংৰাজী আবেদন বেছি মজবুত।

        মহাত্মা গান্ধীয়ে ভাবিছিল যে এজন ভাৰতীয় শিক্ষার্থীয়ে ইংৰাজী শিকাৰ নামত বহুত বেছি কষ্ট কৰিবলগীয়া হয়। তেওঁৰ কোনো ইংৰাজী-বিদ্বেষ নাছিল, কিন্তু অযুত-নিযুত গাঁৱলীয়া ভাৰতীয় শিশুৱে বাস্তৱত মুখামুখি হোৱা এটা অসুবিধাৰ কথা তেওঁ কৈছিল। মাতৃভাষাত খৰকৈ, সহজে শিকিব পৰা বিষয় এটা ইংৰাজীত বহু কষ্ট কৰিহে শিকিব পাৰি।

মাতৃভাষাৰ শিক্ষণৰ লগতে শিশুৱে সহজে আয়ত্ত কৰিব পৰা বিধৰ ইংৰাজী ভাষাৰ কৌশলও (মূলতে শুনা, কোৱা, পঢ়া, লিখা : এই চাৰি কৌশল) সৰুৰে পৰা শিশুক শিকাব পৰা ব্যৱস্থা হ’লে বিদ্যার্থীসকলৰ লাভ হ’ব। ৰাষ্ট্রসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থাই কৈছে যে মাতৃভাষাই শিশুৰ শিক্ষাৰ শ্রেষ্ঠ মাধ্যম, আৰু ভাষাতত্ত্ববিদ, শিক্ষাবিদ সকলৰো একে মত।

ইংৰাজী নিশিকাবলৈ কোনোৱে কোৱা নাই; আজিৰ পৃথিৱীত ইংৰাজীৰ গুৰুত্ব নুই কৰিব নিশ্চয় নোৱাৰি। সৰুতে মাতৃভাষাৰ লগতে ইংৰাজীও শিকিবলৈ পোৱাটো নিশ্চয় ভাল কথা। কিন্তু ইংৰাজী শিকাওঁতে শিশুৰ ওপৰত বোজা জাপিব নালাগে। যিমানে সৰু শিশু হয় সিমানে খেলাৰ চলেৰেহে শিক্ষা হোৱা উচিত। লগতে মাতৃভাষাৰ আৰু মাতৃভাষা-শিক্ষণৰ গুৰুত্ব লাঘৱ নকৰাকৈ ইংৰাজী শিকোৱা উচিত।

(Sanjeev Kumar Nath, English Department, Gauhati University, sanjeevnath21@gmail.com)

[Images from different sources]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

Matcha from Japanese Ritual to Global Obsession
Special Report

Matcha from Japanese Ritual to Global Obsession

by Pradakshina Sarmah
July 15, 2026
0

Matcha from Japanese Ritual to Global Obsession PRADAKSHINA SARMAH Matcha is deeply rooted in Japanese Culture, as well as Zen...

Read moreDetails
The Dangote Effect and Nigeria’s Energy Transition

The Dangote Effect and Nigeria’s Energy Transition

July 15, 2026
Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

July 12, 2026
The Lingering Ghost of Racism: Ignorance or Deliberate Hate?

The Lingering Ghost of Racism: Ignorance or Deliberate Hate?

July 6, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

July 6, 2026
Land of Missed Opportunities!

Land of Missed Opportunities!

July 5, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

July 16, 2026
Bhattadev University and the Mahabahu Climate Forum in Manas National Park

Bhattadev University: A Comprehensive Journey through the Climate Justice 101

July 15, 2026
Adaptation Without Agency Is Not Resilience

Adaptation Without Agency Is Not Resilience

July 15, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37518 shares
    Share 15007 Tweet 9379
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    17015 shares
    Share 6806 Tweet 4254
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2247 shares
    Share 899 Tweet 562
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    241 shares
    Share 96 Tweet 60
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    144 shares
    Share 58 Tweet 36
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6748 shares
    Share 2699 Tweet 1687
  • Bhattadev University and Climate Justice Classroom

    111 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3938 shares
    Share 1575 Tweet 985
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d