• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, March 7, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Education

ইংৰাজী উচ্চাৰণৰ বিষয়ে যৎকিঞ্চিৎ – ২

সঞ্জীৱ কুমাৰ নাথ

by Sanjeev Kumar Nath
July 29, 2024
in Education, Special Report
Reading Time: 8 mins read
0
ইংৰাজী উচ্চাৰণৰ বিষয়ে যৎকিঞ্চিৎ – ২
Share on FacebookShare on TwitterShare on LinkedIn

ইংৰাজী উচ্চাৰণৰ বিষয়ে যৎকিঞ্চিৎ – ২

(৫ টা দীর্ঘ স্বৰ ধ্বনি আৰু ৮ টা দ্বিস্বৰ)

সঞ্জীৱ কুমাৰ নাথ

Sanjeev Nath
সঞ্জীৱ কুমাৰ নাথ

ইংৰাজী উচ্চাৰণৰ বিষয়ে ইয়াৰ আগৰ লেখাটোত (ইংৰাজী উচ্চাৰণৰ বিষয়ে যৎকিঞ্চিৎ—১) ইংৰাজীৰ ৭টা হ্রস্ব স্বৰ ধ্বনিৰ কথা কোৱা হ’ল। এতিয়া দীর্ঘ স্বৰ ধ্বনি সমূহৰ বিষয়ে আলোচনা কৰা হ’ব।

ইংৰাজীৰ দীর্ঘ স্বৰ ধ্বনি পাঁচটা : ১) ঈ, ২) ঊ, ৩) আ, ৪) অ, আৰু ৫) ɜ: । পঞ্চম স্বৰটো IPA চিনেৰে দেখুৱা হৈছে কাৰণ ইয়াৰ দৰে স্বৰ ধ্বনি অসমীয়াত নাই।

১) দীর্ঘ ঈ স্বৰ : ইংৰাজীৰ knee, knead, bee, beat, see, sea আদি শব্দৰ স্বৰ ধ্বনিটোৱেই হ’ল এই দীর্ঘ ঈ স্বৰ। এই শব্দবোৰৰ বা দীর্ঘ ঈ স্বৰ থকা অন্য শব্দ (যেনে receive conceive, retrieve আদি শব্দৰ দ্বিতীয় স্বৰ ধ্বনিটো)ৰ দীর্ঘ ঈ স্বৰটোৰ উচ্চাৰণ স্পষ্টকৈ দীঘল। দীর্ঘ উচ্চাৰণ নকৰি হ্রস্ব উচ্চাৰণ কৰিলে শব্দবোৰ শুনোতাৰ বাবে অর্থহীন হৈ পৰিব।

ইংৰাজী উচ্চাৰণ

sick আৰু seek, pit আৰু peat, lid আৰু lead, fit আৰু featৰ উচ্চাৰণৰ পার্থক্য কেৱল হ্রস্ব আৰু দীর্ঘ স্বৰৰ পার্থক্য (প্রথম শব্দটোৰ স্বৰ চুটি, দ্বিতীয়টোৰ স্বৰ দীর্ঘ), কিন্তু সিমানতে অর্থ সম্পূর্ণ বেলেগ হৈ পৰে। sick = বেমাৰী, ৰোগী, কিন্তু seek = বিচৰা, pit = গাঁত কিন্তু peat = কয়লা বা কয়লা মিহলি এবিধ মাটি; lid = ধাকনি কিন্তু lead = বাট দেখুৱাই নিয়া (leader-এ lead কৰে); fit = সু্স্থ কিন্তু feat = বিশেষ কৃতিত্ব (যেনে পবর্তাৰোহনত সফল হোৱাৰ feat)। কেৱল স্বৰ ধ্বনিটোৰ উচ্চাৰণৰ (হ্রস্ব বা দীর্ঘ) পার্থক্যৰ বাবেই অর্থৰ সম্পূর্ণ পৰিবর্ত্তন হয় বাবে উচ্চাৰণৰ এই পার্থক্য বিশেষ ভাবে মন কৰিব লগীয়া।

RelatedPosts

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

March 7, 2026
Holi2

Holi in Barpeta, Assam: A Symphony of Colors, Culture, and Devotion

March 4, 2026
“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

March 3, 2026

“দ্বিস্বৰ “আই” : পৰিবর্ত্তন কামী জনতাই আগৰ আই (অসমীয়া “আই”=mother) জনীক এতিয়া “মামা” (Mama/ Mamma) কৰি পেলালে; “মামা” বা “মম” (Mom). অসমীয়া “আই” শব্দটোৰ উচ্চাৰণেই ইংৰাজী দ্বিস্বৰ “আই”। ইংৰাজী “I” (মই) আৰু “eye” (চকু) শব্দ দুটাৰ উচ্চাৰণ একেই; আৰু উচ্চাৰণটো হ’ল এই দ্বিস্বৰটো (আই)। আগেয়ে কিবা অঘটন ঘটিলে কোৱা হৈছিল “হায়! হায়!”। এতিয়া বাটে পথে চিনাকী কাৰোবাক দেখিলে পৰিবর্ত্তন কামী সকলে কয় “Hi!”। কাৰোবাৰ পৰা বিদায় লওঁতে আকৌ কোৱা হয় “Bye”. মাত ফুটিবলৈ ধৰা শিশুকো “bye দিবলৈ” (“Bye দিয়া, bye দিয়া!”) শিকোৱা হয়। Hi, bye আটাইবোৰতে “আই” দ্বিস্বৰ ব্যৱহাৰ হয়। এইটো দ্বিস্বৰৰ উচ্চাৰণ সহজ —“জয় আই অসম” কোৱা যিদৰে সহজ।”

হ্রস্ব আৰু দীর্ঘ ই/ঈ ধ্বনি থকা শব্দ কিছুমান লৈ উচ্চাৰণৰ অভ্যাস কৰিব পাৰি –

ইংৰাজী উচ্চাৰণ

ওপৰত দেখুৱা দৰে দীর্ঘ ঈ আৰু হ্রস্ব ই ধ্বনিৰ পার্থক্য বুজি লৈ দীর্ঘ ঈ ধ্বনি থকা শব্দ উচ্চাৰণ কৰাৰ অভ্যাস কৰা উচিত : see, read, bean, keen, fee, feet, plead, deal, seal, meal, kneel, receive, conceive, believe.

২) দীর্ঘ ঊ স্বৰ : আগৰ লেখাত হ্রস্ব উ ধ্বনিৰ কথা কোৱা হৈছে। সেই ধ্বনিৰে দীর্ঘ উচ্চাৰণ কৰিলে দীর্ঘ ঊ হ’ব। অসমীয়াত এই ক্ষেত্রতো দীর্ঘ আৰু হ্রস্বৰ সঠিক পার্থক্য লেখাত আছে, উচ্চাৰণত নাই। অসমীয়াত উকা, উকি, উক্ত, উগ্র, উঘা আদি শব্দৰ উ ধ্বনি আৰু ঊণ, ঊনাশী, ঊৰু, ঊষা, ঊহ্য আদি শব্দৰ ঊ ধ্বনিৰ মাজত পার্থক্য নাথাকে; গতিকে লিখোঁতে কোনটো শব্দত উ আৰু কোনটোত ঊ ব্যৱহাৰ হ’ব তাৰ নিয়ম জনা প্রয়োজন।

ইংৰাজীত বানান মতে উচ্চাৰণ বুজিব নোৱাৰি যদিও, হ্রস্ব উ আৰু দীর্ঘ ঊ ৰ উচ্চাৰণৰ পার্থক্য স্পষ্ট। গতিকে Too good to be true বুলিলে Tooত দীর্ঘ ঊ, goodত হ্রস্ব উ আৰু trueত দীর্ঘ ঊ ৰ উচ্চাৰণ স্পষ্ট।

        ইংৰাজী ভাষাত বানান আৰু উচ্চাৰণৰ প্রায়ে সামঞ্জস্য নথকাৰ বাবে উচ্চাৰণ, বানান আৰু অর্থৰ বিষয়ে বিশেষ সাবধান হ’ব লাগে বুলি আগৰ লেখাত কোৱা হৈছে। এতিয়া হ্রস্ব উ আৰু দীর্ঘ ঊ স্বৰৰ উচ্চাৰণৰ প্রসঙ্গতো দুটামান উদাহৰণেৰ এই কথা বুজাব পাৰি। ইংৰাজী lose আৰু loose শব্দ দুটাৰ বানানৰ পার্থক্য একমাত্র “o” আখৰটোৰ সংখ্যাত—loseত এটা “o” আৰু looseত দুটা “o”ৰ ব্যৱহাৰ হয়।

বানানৰ এই পার্থক্য থাকিলেও শব্দ দুটাৰ উচ্চাৰণত পার্থক্য নাই, কিন্তু অর্থত পার্থক্য ধেৰ। এই শব্দ দুটাত থকা “s” আখৰটোৰ উচ্চাৰণ কোমল “য”, zoo শব্দটোৰ zৰ উচ্চাৰণৰ দৰে (judge শব্দৰ কঠোৰ “জ”ৰ দৰে নহয় : জাজ্), আৰু “o” ৰ আৰু “oo”ৰ উচ্চাৰণ হ’ল দীর্ঘ ঊ স্বৰ, zooৰ বা chooseৰ দীর্ঘ স্বৰৰ দৰে। কিন্তু “oo”ৰ উচ্চাৰণ সদায় দীর্ঘ নহয়। Foot, book, took (takeৰ past tense)ৰ “oo”ৰ উচ্চাৰণ হ্রস্ব উ।

ইংৰাজী উচ্চাৰণ

Lose শব্দটো সদায় ক্রিয়াপদ (verb) হিচাপে ব্যৱহাৰ হয়। ইয়াৰ অতীত কালৰ (past tense) ৰূপ হ’ল lost. বিশ্বনাথন আনন্দৰ সৈতে যদি মই দবাখেলত বহোঁ, তেন্তে সেই খেলত মই হাৰিম—I will lose the game to him বা I will lose to him বা I will lose. পাকিস্তানক ভাৰতে যুদ্ধত পৰাস্ত কৰিছিল। Pakistan lost and India won.

কেতিয়াবা বিশেষ কাৰণত মানুহ এজনে মাটি এটুকুৰা বা ঘৰ এটাৰ মালিকীস্বত্ত্ব হেৰুৱাব লগীয়া হ’ব পাৰে। He may lose ownership of his land or house. He may lose possession of his land or house.

কঠোপনিষদৰ কাহিনীত নচিকেতাই যেতিয়া যজ্ঞস্থলীত ব্রাহ্মণ সকলক গো দান কৰি থকা দেউতাকক তিনিবাৰ একেটা প্রশ্নকে কৰে (“দেউতা, মোক তুমি কাক দিবা?”) তেতিয়া দেউতাকে তেওঁৰ খং নিয়ন্ত্রণ কৰিব নোৱাৰিলে আৰু কৈ পেলালে যে “তোক মই মৃত্যুক (যমক) দিলোঁ”। Nachiketa’s father lost his temper.

ইংৰাজী উচ্চাৰণ
“তোক মই মৃত্যুক (যমক) দিলোঁ”

অসমীয়াত যিদৰে হিতাহিত জ্ঞান হেৰুৱাৰ কথা কোৱা যায়, ইংৰাজীত সেইদৰে temper হেৰুৱা (অর্থাৎ lose কৰা)ৰ কথা কোৱা যায় – The sage Vajasravasa lost his temper with his son Nachiketa. ঘোচ দিবলৈ অহা ঠিকাদাৰক কোঠাৰ পৰা বাহিৰ কৰা সৎ অভিযন্তা এজনে ক’ব পাৰে যে “I lost my temper with him and told him to get out”. এই উদাহৰণ সমূহত দেখুৱাদৰে lose শব্দটোৰ ব্যৱহাৰ কেৱল ক্রিয়াপদ হিচাপেই হয়।

কিন্তু loose শব্দটোৰ ব্যৱহাৰ বিভিন্ন ধৰণে হ’ব পাৰে। বিশেষণ হিচাপে looseৰ অর্থ হ’ব ধিলা : I don’t like this shirt. It’s too loose. (এই চোলাটো মোৰ ভাল লগা নাই। বৰ বেচি ধিলা।) This knot is too loose; even a child can open it (এই গাঁঠিটো অতি ধিলা; শিশু এটিয়েও খুলিব পাৰিব)। বিশেষণ হিচাপেই আকৌ looseৰ অন্য অর্থ থাকিব পাৰে।

মানুহ এগৰাকীৰ বিষয়ে যদি কোৱা হয় যে She is a loose woman তেন্তে তাৰ অর্থ হ’ল যে মানুহ গৰাকীৰ যৌন-সঙ্গী অনেক। পুৰুষৰ ক্ষেত্রত যে loose man কোৱা নাযায়, তাৰ পৰা বুজা যায় যে লিংগ বৈষম্যৰ ক্ষেত্রত ইংৰাজী ভাষাও পিচ পৰা বিধৰ নহয়! অৱশ্যে অন্য এটা অর্থত loose বিশেষণ নাৰী, পুৰুষ উভয়ৰ ক্ষেত্রতে ব্যৱহাৰ হ’ব পাৰে—He/She is a loose talker.

ইংৰাজী উচ্চাৰণ

আগপিচ নাভাবি যিকোনো কথা কোৱা মানুহক loose talker বোলা হয়। He is a loose talker বুলি কোৱাৰ দৰে ক’ব পাৰি যে What he says is all rubbish. It’s just loose talk. অসমীয়াত যি দৰে কোৱা যায় যে “কথাত কটা যায়, কথাত বটা পায়” সেইদৰে দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত (বিশেষকৈ আমেৰিকাত) প্রচলিত এষাৰ কথা আছিল যে Loose lips can sink ships বা Loose lips might sink ships.

যুদ্ধৰ সময়ত কোনে কি কথা পাতে চোৰাংচোৱাই শুনি থকাৰ সম্ভাৱনা থাকে, আৰু চোৰাংচোৱাই দিয়া প্রতিবেদনৰ ভিত্তিত শত্রু পক্ষই কৰা আক্রমণত জাহাজ ডুবিব পাৰে। তেনেকৈয়ে, “loose lips” অর্থাৎ loose talkerৰ loose talkএ জাহাজ ডুবাব পাৰে।

উচ্চাৰণৰ বিষয়ে প্রশিক্ষণ ল’বৰ সুযোগ পালে নিশ্চয় এনেবোৰ কথা (হ্রস্ব আৰু দীর্ঘ স্বৰৰ পার্থক্য) শিকা সহজ, কিন্তু ভাল ইংৰাজী অভিধানত প্রতিটো শব্দৰ বিষয়ে থকা উচ্চাৰণ সম্বন্ধীয় তথ্য চাই আৰু শুদ্ধ উচ্চাৰণ কৰা লোকে (যেনে ইংৰাজী বাতৰি পৰিবেশন কৰা লোকে) কৰা উচ্চাৰণৰ ভিত্তিত উচ্চাৰণ শিকিবলৈ যত্ন কৰিলেও হয়।

৩) দীর্ঘ আ স্বৰ : এই স্বৰ ধ্বনিৰ উচ্চাৰণৰ সময়ত মুখখন সম্পূর্ণকৈ মেল খায়। Arm শব্দটো উচ্চাৰণ কৰোঁতে “ar”ৰ উচ্চাৰণ দীর্ঘ “আ”। আচলতে ইংৰাজীৰ “arm” উচ্চাৰণ কৰা  অসমীয়াত “আম” উচ্চাৰণ কৰাৰ দৰে, মাত্র “আ” স্বৰ ধ্বনিটো বেছ দীঘল কৰিব লাগিব। তেন্তে ইংৰাজী farm শব্দটোৰ উচ্চাৰণ দীঘল “আ”ৰে “ফাম” নেকি? হয় আৰু নহয়। হয় এইবাবে যে দীঘল “আ” ধ্বনিৰে “আম” ইংৰাজী farm শব্দৰ উচ্চাৰণত আছে, কিন্তু নহয় এইবাবে যে ইংৰাজী “f” উচ্চাৰণ অসমীয়া “ফ” উচ্চাৰণতকৈ বহুত বেলেগ (এই বিষয়ে ব্যঞ্জন উচ্চাৰণৰ আলোচনাত কোৱা হ’ব).

ইংৰাজী উচ্চাৰণ

সম্পূর্ণ “শুদ্ধ” ইংৰাজী উচ্চাৰণত arm, farm, charm, আদি শব্দৰ “r” উচ্চাৰিত নহয়; “ar” গোটটোৰ উচ্চাৰণ হ’ল দীর্ঘ “আ” স্বৰ। কিন্তু বিশ্বৰ কিছুমান প্রান্তত এই “r” উচ্চাৰিত হয়, আৰু সেইবাবেই ইংৰাজীৰ দৰে এটা বিশ্ব ভাষাৰ উচ্চাৰণৰ শুদ্ধতাৰ বিষয়ে বৰ আঁকোৰগোজালি নকৰা ভাল। মাত্র এটা কথা নিশ্চিত কৰিব পাৰিব লাগে যে ইংৰাজী শিকাৰুজনে ইংৰাজী ক’লে বিশ্বৰ বিভিন্ন প্রান্তৰ মানুহে বুজি পাব লাগে। এক প্রকাৰৰ international intelligibilityৰ বাবে যত্নপৰ হ’ব লাগে, আৰু তাৰ বাবে শব্দ একোটাৰ স্বৰ ধ্বনি বোৰৰ কোনটো হ্রস্ব কোনটো দীর্ঘ সেইটো জনা নিতান্তই প্রয়োজন।

দীঘল “আ” স্বৰ থকা অন্য শব্দৰ উদাহৰণ—calm, balm, palm, আদি। এই শব্দবোৰৰ মাজত থকা “l” উচ্চাৰিত নহয়। Calm আৰু come শব্দ দুটাৰ উচ্চাৰণৰ পার্থক্য ইমানেই যে calmত দীর্ঘ আৰু comeত হ্রস্ব “আ”ৰ ব্যৱহাৰ হয়, কিন্তু শব্দ দুটাৰ অর্থৰ কোনো মিল নাই। Calm বিশেষণৰ অর্থ “শান্ত” আৰু come ক্রিয়াপদে “অহা” বুজায়। ঠিক সেইদৰে pslam শব্দটোৰ উচ্চাৰণত p আৰু l উচ্চাৰণ নহয়, কিন্তু দীর্ঘ “আ”ৰে সৈতে “ছাম”। some, sum দুয়োটা শব্দৰ উচ্চাৰণ একেই : হ্রস্ব “আ”ৰে “ছাম”। pslamৰ অর্থ এবিধ খ্রীষ্টিয়ান প্রার্থনা; some = কিছুমান, অলপ পৰিমাণৰ; sum = অঙ্ক, যোগফল, সংখ্যা (ৰাশি)

৪) দীর্ঘ “অ” স্বৰ—অসমীয়া মানুহৰ বাবে ইংৰাজী দীর্ঘ “অ” স্বৰ উচ্চাৰণ কৰা মুঠেই কঠিন নহয়। “নগেন”, “ৰমেন” আদি শব্দৰ প্রথম ব্যঞ্জনটোৰ সৈতে থকা স্বৰটো দীঘল কৰি দিলেই ইংৰাজী দীর্ঘ “অ” স্বৰ হৈ যায়। “বল”, “কল”, ‘চল”, “কৰ” “ধৰ” আদি শব্দৰ প্রথম ব্যঞ্জনটোৰ সৈতে থকা স্বৰ ধ্বনিটো দীঘল কৰি দিলেই ইংৰাজী দীর্ঘ “অ” স্বৰ হৈ যায়।

পৰিস্থিতি অনুযায়ী কেতিয়াবা এটা স্বৰ ধ্বনি দীঘল বা চুটিকৈ উচ্চাৰিত হ’ব পাৰে। খঙৰ ভমকত যদি খৰকৈ কোৱা যায় যে “Nor do I want to see him any more!” তেতিয়া “nor” কওঁতে চুটি “অ” ব্যৱহাৰ হ’ব। খৰকৈ নকৈ কেৱল “nor” শব্দটোত বেছিকৈ জোৰ দিয়ো একেই ভাৱ প্রকাশ কৰিব পাৰি; কিন্তু তেতিয়া “nor” উচ্চাৰণ কৰোঁতে “অ”টো দীঘল হ’ব। saw, draw, raw আদি শব্দৰ “a” আৰু “w”ৰ পৃথক উচ্চাৰণ নাই, কিন্তু “aw”ৰ উচ্চাৰণ দীর্ঘ “অ”।

“Call”, “ball”, “hall” আদি শব্দৰ দুটা “l” দুবাৰ উচ্চাৰণ নহয়; আৰু “অ”টো দীঘল স্বৰ। “Cord” বা “Ford” উচ্চাৰণ কৰোঁতে “r” আখৰটোৰ উচ্চাৰণ নাই, কিন্তু “অ” স্বৰটো দীঘল। 

ইংৰাজী উচ্চাৰণ

৫) ɜ: (দীর্ঘ স্বৰ)। ইংৰাজী “Girl” শব্দটো অসমীয়া আখৰত লিখিব লগীয়া হ’লে চাগৈ “গার্ল” লিখিব লাগিব, কিন্তু অসমীয়া আকাৰ ডালে (া) এই শব্দটোত ব্যৱহাৰ হোৱা ɜ: স্বৰটো নুবুজায়; এইটো স্বৰ অসমীয়াত নায়। Girl, bird, shirt, third আদি শব্দত ব্যৱহাৰ হোৱা এই স্বৰ ধ্বনি উচ্চাৰণ কৰোঁতে মুখ খন খুব কম মেল খায় (অসমীয়া ধৰণে “গার্ল” উচ্চাৰণ কৰিলে মুখখন বেছিকৈ মেল খায়)।

সঠিক উচ্চাৰণটো শুনি অভ্যাস কৰিলে সোনকালে এই স্বৰ ধ্বনি উচ্চাৰণৰ কৌশল আয়ত্ত হ’ব। ইন্টাৰনেটত উচ্চাৰণ শিকোৱা অনেক ৱেবছাইট আছে, কিন্তু কেৱল উচ্চাৰণৰ বাবে খুব ভাল এটা ৱেবছাইট হ’ল forvo.com

৮ টা দ্বিস্বৰ :

১) দ্বিস্বৰ “এ’ই”/ei : অতীজত অসমীয়াই জন্মদিনত নামঘৰত শৰাই দিয়াৰ বা মন্দিৰত চাকি এগছি জ্বলোৱাৰ নিয়ম আছিল। এতিয়া সেই নিয়মৰ পৰিবর্ত্তন(!) হ’ল। এতিয়া জন্মদিন হ’লগৈ birthday আৰু চাকি জ্ৱলোৱাৰ ঠাইত মম নুমুৱা হয়।

Birthday শব্দটোৰ প্রথম স্বৰটোৰ উচ্চাৰণ( ɜ: দীর্ঘ স্বৰ; ওপৰত আলোচিত পঞ্চমটো দীর্ঘ স্বৰ) শুদ্ধকৈ নকৰি মুখ খন মেলি দীর্ঘ আ উচ্চাৰণ কৰিলেও, দ্বিতীয় ব্যঞ্জনটো (th আখৰ কেইটাৰ ঠাইত) উচ্চাৰণ কৰোঁতে জিভাৰ আগেৰে ওপৰ পাৰি দাঁতত কোমলকৈ স্পর্শ কৰি কৰা শুদ্ধ ইংৰাজী উচ্চাৰণ নকৰি অসমীয়া “থ” উচ্চাৰণতে সন্তুষ্ট থাকি, শেষৰ স্বৰটো দ্বিস্বৰ হিচাপে উচ্চাৰণ নকৰাৰ ভুল কৰি হ’লেও, আৰু “happy birthday”ৰ “happy”ৰ “প” উচ্চাৰণ ভুলকৈ “প্প” কৰি হ’লেও, happy birthday পাতিব লাগিবই।

ইংৰাজী উচ্চাৰণ

ইংৰাজীৰ birthday শব্দটোৰ অন্তিম স্বৰ ধ্বনিটো, বা day শব্দটোৰ একমাত্র স্বৰ ধ্বনিটো এটা দ্বিস্বৰ। অর্থাৎ এটা স্বৰতে দুটা স্বৰ আছে। day, say, ray, play আদি শব্দত ব্যঞ্জন স্বৰৰ লগত থকা স্বৰটো এটা দ্বিস্বৰ—এটাৰে আৰম্ভহৈ আন এটা স্বৰত শেষ হয়। এইটোৱেই দ্বিস্বৰ বোৰৰ স্বৰূপ—আৰম্ভ এক ধৰণে, শেষ অন্য এক ধৰণে।

এই শব্দ কেইটাৰ ক্ষেত্রত দ্বিস্বৰটো আৰম্ভ হয় bed, red আদি শব্দৰ e (এ’) উচ্চাৰণেৰে আৰু শেষ হয় sit, bit আদি শব্দৰ i (হ্রস্ব ই) উচ্চাৰণেৰে। অর্থাৎ দ্বিস্বৰটো হ’ল e + i = ei (এ’ই)। এই লেখাত IPA (International Phonetic Alphabet) ব্যৱহাৰ নকৰাকৈ উচ্চাৰণৰ বর্ণনা দিবলৈ যত্ন কৰা হৈছে, কিন্তু কাকতালীয় ভাবে এই বিশেষ দ্বিস্বৰটোৰ IPA চিহ্ন ও হ’ল ei

সাধাৰণতে ভাৰতীয় মানুহে এই দ্বিস্বৰবোৰৰ দুয়োটা স্বৰ উচ্চাৰণ নকৰাৰ প্রৱণতা থাকে। গতিকে ray শব্দটোৰ বাবে ৰে’ই/rei নকৈ ৰে’/re কোৱাৰ প্রৱণতা থাকিব পাৰে; gate শব্দটোৰ বাবে গেইট/geit নকৈ গে’ট/get কোৱাৰ প্রৱণতা থাকিব পাৰে। কিন্তু অলপ সাৱধান হ’লেই এনে উচ্চাৰণ আয়ত্ত কৰিব পাৰি। ইংৰাজীৰ কোনো দ্বিস্বৰেই অসমীয়া মানুহৰ বাবে কঠিন নহয়; কেৱল বুজি ল’ব লাগে যে কেনেকৈ এটা স্বৰেৰে আৰম্ভ কৰি অন্য এটাত শেষ কৰিব লাগে। সন্দেহ থাকিলে forvo.com আছেই।

  এই দ্বিস্ৱৰ ব্যৱহাৰ হোৱা শব্দৰ উদাহৰণ – eight, freight, straight, cake, make, take, rake, sake, snake, date, late, rate, bait, sail, nail, rail, fail, jail, tail.

২) দ্বিস্বৰ “আই” : পৰিবর্ত্তন কামী জনতাই আগৰ আই (অসমীয়া “আই”=mother) জনীক এতিয়া “মামা” (Mama/ Mamma) কৰি পেলালে; “মামা” বা “মম” (Mom). অসমীয়া “আই” শব্দটোৰ উচ্চাৰণেই ইংৰাজী দ্বিস্বৰ “আই”। ইংৰাজী “I” (মই) আৰু “eye” (চকু) শব্দ দুটাৰ উচ্চাৰণ একেই; আৰু উচ্চাৰণটো হ’ল এই দ্বিস্বৰটো (আই)।

ইংৰাজী উচ্চাৰণ

আগেয়ে কিবা অঘটন ঘটিলে কোৱা হৈছিল “হায়! হায়!”। এতিয়া বাটে পথে চিনাকী কাৰোবাক দেখিলে পৰিবর্ত্তন কামী সকলে কয় “Hi!”। কাৰোবাৰ পৰা বিদায় লওঁতে আকৌ কোৱা হয় “Bye”. মাত ফুটিবলৈ ধৰা শিশুকো “bye দিবলৈ” (“Bye দিয়া, bye দিয়া!”) শিকোৱা হয়। Hi, bye আটাইবোৰতে “আই” দ্বিস্বৰ ব্যৱহাৰ হয়। এইটো দ্বিস্বৰৰ উচ্চাৰণ সহজ —“জয় আই অসম” কোৱা যিদৰে সহজ।

“আই” দ্বিস্বৰ থকা ইংৰাজী শব্দৰ উদাহৰণ : Tie, fie, die, buy, bye, kite, site, cite, fight, tight, sight, slight, night, right, bright, bike, hike, dyke.

৩.দ্বিস্বৰ “অই” : ইংৰাজী got, not আদি শব্দৰ যিটো স্বৰ ধ্বনি (অসমীয়া নাম ৰমেন, নৰেন, নগেন উচ্চাৰণ কৰোঁতে প্রথম ব্যঞ্জনটোৰ সৈতে যিটো স্বৰ ধ্বনি আছে), সেইটোৰে আৰম্ভ কৰি ইংৰাজী sit, bit আদি শব্দৰ স্বৰ ধ্বনিটোলৈ গতি কৰিলে এই দ্বিস্বৰ “অই” হয়।

মন কৰিবলগীয়া যে অসমীয়া ঐ (ৈকাৰ)ৰ উচ্চাৰণ আৰু ইংৰাজী “অই” দ্বিস্বৰ একে নহয়। পার্থক্যটো আছে প্রধম স্বৰ ধ্বনিটোত। “সি ক’ত আছে?” বাক্যটোৰ “ক’ত” শব্দটোৰ যিটো স্বৰ আৰু অসমীয়া ঐ বা ৈকাৰক দ্বিস্বৰ বুলিলে যিটো প্রথম স্বৰ এই দুয়োটা ধ্বনি একেই, কিন্তু এইটো ইংৰাজীৰ “অই” দ্বিস্বৰৰ প্রথম স্বৰ নহয়।

“কত যে ভাল দিন আহিল!” বাক্যটোৰ “কত” শব্দটোৰ দুয়োটা স্বৰেই কিন্তু ইংৰাজী “অই” দ্বিস্বৰৰ প্রথম স্বৰটো। এই দ্বিস্বৰটোৰ প্রথম স্বৰ অর্থাৎ হ্রস্ব “অ”ৰ পিছত ইংৰাজীৰ sit, bit আদি শব্দৰ স্বৰটোলৈ গতি কৰিলেই দ্বিস্বৰটো (অই) সম্পূর্ণ হয়।

“অই” দ্বিস্বৰ থকা শব্দৰ উদাহৰণ : boy, soy (soy sauce নহ’লে পৰিবর্ত্তিত ৰন্ধন প্রকৰণ অসম্পূর্ণ হৈ ৰয়), toy, coy, soil, toil, boil, broil.

৪. দ্বিস্বৰ “আও” : “আও, ইয়াৰ দেখোন বৰ বৰ কথা!” বাক্যটোৰ প্রথম শব্দটোৱেই (আও) এই ইংৰাজী দ্বিস্বৰ। টেমছুলা আও বাইদেউৰ নামৰ “আও” শব্দটোও এই দ্বিস্বৰ। এই দ্বিস্বৰৰ অভ্যাস কৰাবলৈ ব্যৱহাৰ কৰা এটা বাক্য (বাক্যটোৰ অর্থৰ বিষয়ে বোধকৰোঁ বৰ বেছি গৱেষণা কৰাৰ প্রয়োজন নাই) হ’ল “How now, brown cow?” এই বাক্যৰ প্রতিটো শব্দতে এই দ্বিস্বৰ আছে।

মন কৰিব লগীয়া যে শব্দ এটাত “ow” থাকিলেও “আও” দ্বিস্বৰ নাথাকিব পাৰে – sow (শষ্যৰ গুটি সিঁচা), row (বঠা বোৱা), bow, low, flow, Moscow.

ইংৰাজী উচ্চাৰণ

এই দ্বিস্বৰ থকা শব্দৰ উদাহৰণ : now, how, allow, endowment, vow, thou, out, cloud, round, bound, clout, found, sound, ground.

৫. দ্বিস্বৰ ǝʊ : IPA চিহ্ন ব্যৱহাৰ নকৰো বুলি কোৱা অসমীয়াকো ব্যৱহাৰ কৰিবলৈ বাধ্য কৰোৱা এই দ্বিস্বৰটোৰ প্রথম যিটো স্বৰ উচ্চাৰণ হয় সেইটো হ’ল এই বিষয়ৰ আগৰ লেখাত (“ইংৰাজী উচ্চাৰণৰ বিষয়ে যৎকিঞ্চিৎ-১”) বর্ণিত সপ্তম হ্রস্ব স্বৰ। হিন্দী ভাষী এজনে যদি “অন্ত” শব্দটো কয়, তেন্তে তেওঁ যিটো স্বৰ ধ্বনিৰে শব্দটোৰ উচ্চাৰণ আৰম্ভ কৰিব, প্রায় সেই স্বৰটোএই হ’ল ইংৰাজীৰ ǝ স্বৰ। আৰু এই স্বৰৰ পৰা “উ” স্বৰলৈ গতি কৰিলে ǝʊ দ্বিস্বৰ হয়।

এই দ্বিস্বৰ থকা ইংৰাজী শব্দৰ উদাহৰণ : go, no, slow, hope, rope, soap, home, Rome, dome, throne, bone, known.

মনত ৰখা উচিত যে এই দ্বিস্বৰ অসমীয়া “ঔ”ৰ দৰে হয়, কিন্তু সঠিক “ঔ” নহয়। ওপৰত দিয়া উদাহৰণ সমূহৰ দুই এটা শব্দ Forvo.comৰ search bar অত দি শুনি ল’লে পার্থক্যটো বুজা যাব, আৰু উচ্চাৰণটো শিকিব পৰা যাব।

৬. এই ষষ্ঠ দ্বিস্বৰৰ পৰা অষ্টম দ্বিস্বৰলৈকে তিনিটা দ্বিস্বৰৰ প্রত্যেকটোতে যিটো স্বৰত উচ্চাৰণটো সম্পূর্ণ হয় (অর্থাৎ প্রথম স্বৰৰ পৰা যিটো দ্বিতীয় স্বৰলৈ উচ্চাৰণে গতি কৰে) সেই স্বৰটো হ’ল আমাৰ আগৰ লেখাত বর্ণিত সপ্তম হ্রস্ব স্বৰ। অসমীয়াৰ বাবে কিছু আহুকলীয়া (কিন্তু মুঠেই অসম্ভৱ নহয়) এই সপ্তম হ্রস্ব স্বৰ ǝ ৰ উচ্চাৰণ আয়ত্ত কৰা বৰ প্রয়োজন।

অসমীয়া এজনে “অন্ত”, “অনেক”, “অনন্ত” আদি যি দৰে কয় হিন্দী ভাষী এজনে সেইদৰে নকয়। হিন্দী ভাষী জনে এই শব্দবোৰৰ প্রথম স্বৰটো যিদৰে কয় ǝ ৰ উচ্চাৰণ তাৰ উচৰা উচৰি।

English8

প্রথমে হ্রস্ব “ই” উচ্চাৰণ কৰি তাৰ পিছত লগে লগে ǝ ৰ উচ্চাৰণ কৰিলেই এই ষষ্ঠ (ইǝ) দ্বিস্বৰ হয়।

উদাহৰণ : near, rear, (কিন্তু bear নহয়), clear, steer, beer, here, hear, cheer, deer. মন কৰিব লগীয়া যে শুদ্ধ ব্রিটিছ উচ্চাৰণত এই শব্দবোৰৰ “r” ব্যঞ্জনৰ উচ্চাৰণ নাই। বিশ্বৰ বিভিন্ন প্রান্তত কিন্তু এই “r” ব্যঞ্জনৰ উচ্চাৰণ হয়। চাহাবৰ সৈতে বা চাহাবী কায়দাৰ ভাৰতীয়ৰ সৈতে কথা পাতোতে “r” উচ্চাৰণ নকৰা আৰু অন্য সময়ত কৰা মানুহো পোৱা যায়।

আপুনি কি কায়দা ভাল পায় আপোনাৰ কথা। কিন্তু কিছুমান নৈষ্ঠিক বিশুদ্ধবাদী পণ্ডিতে এই “r” শুনিলে বৰ দুখ পায়। (আফ্রিকাত ঔপনিৱেশিক শাসনৰ সময়ত হীনমন্যতাত ভোগা আফ্রিকীয় লোকে পেৰিছলৈ গৈ ফৰাচী ভাষা শিকি উচ্চাৰণ কৰিব লগীয়া “r” উচ্চাৰণ নকৰি, উচ্চাৰণ নকৰিব লগীয়া “r” উচ্চাৰণ কৰি আনক “আনন্দ” প্রদান কৰিছিল। প্রসঙ্গ: “The Negro and Language” in Black Skin, White Masks by Frantz Fanon)

English 7

৭. ইংৰাজী bet, set, red, net আদি শব্দৰ স্বৰ ধ্বনিৰে আৰম্ভ কৰি ǝ ৰ উচ্চাৰণত শেষ কৰিলে যিটো দ্বিস্বৰ সৃষ্টি হয় সেইটো থকা শব্দৰ উদাহৰণ—hair, hare, Clare (মহিলাৰ নাম), rare, flare, share, pair. ইয়াতো সম্পূর্ণ “শুদ্ধ” ব্রিটিছ কায়দাত “r” উচ্চাৰণ কৰা নাযায়। (চাহাবৰ দেশতে কিন্তু উচ্চাৰণৰ প্রকাৰৰ অন্ত নাই।)

৮. ব্রিটিছ ইংৰাজী উচ্চাৰণত pure শব্দটোত এই অষ্টম দ্বিস্বৰটো  (ʊǝ) ব্যৱহাৰ হয়। কিন্তু প্রথমে “প্য” উচ্চাৰণ কৰি তাৰ পিছত এই দ্বিস্বৰ (প্রথমে “উ” + ǝ = ʊǝ) ব্যৱহাৰ হয়।

ইংৰাজী উচ্চাৰণৰ বিভিন্নতা আৰু নৈষ্ঠিক বিশুদ্ধবাদী সকলৰ মাথা ব্যথাৰ অযৌক্তিকতা বুজিবলৈ forvo.comলৈ যাওক আৰু বিভিন্ন প্রান্তৰ মানুহে কৰা বিভিন্ন উচ্চাৰণ শুনক : sure, pure, tour, poor. একেটা শব্দৰে কোনোৱে দ্বিস্বৰত উচ্চাৰণ কৰে কোনোৱে মাত্র এটা স্বৰ ব্যৱহাৰ কৰে। কেৱল sure শব্দটোৰে ৩১টা মান ৰেকর্ডিং শুনিবলৈ পাব। তাৰে কিছুমানৰ মাজত থকা পার্থক্য আচৰিত হ’ব লগীয়া।

আমাৰ বিদ্যালয়ত ভাৰতৰ বিভিন্ন ল’ৰা-ছোৱালী আছিল। মোৰ এটা বিহাৰী বন্ধুৱে সেই বিদ্যালয়ৰ ইংৰাজীৰ কায়দা শিকিব পৰা নাছিল। সি বেচেৰাই বিহাৰৰ ভিতৰুৱা গাঁৱৰ বিদ্যালয়ৰ পৰা গৈ সেই কায়দা শিকোঁতে অলপ বেছি সময় লৈছিল। what, when, where আদি “wh” থকা শব্দবোৰ “ভাত, ভেৰ, ভেন” এনকৈ উচ্চাৰণ কৰিছিল। ইংলেণ্ডত প্রশিক্ষণ লৈ অহা অতি পাৰদর্শী শিক্ষয়ত্রী আৰু ইংলেণ্ডৰ পৰা অহা (বগা চাহাব) শিক্ষকেও মোৰ বন্ধুৰ উচ্চাৰণ ঠিক কৰিব পৰা নাছিল।

পিছত তাৰ সৈতে কথা পাতোতে লাহে লাহে, মৰমেৰে, তাক এটা এটা কৰি উচ্চাৰণ বোৰ শিকাইছিলোঁ। সি পুৰা চাহাবী কায়দাৰ ইংৰাজী ক’ব নোৱাৰিলেও সকলোৱে বুজিব পৰা ইংৰাজী ক’ব পৰা হৈছিলগৈ। আৰু প্রকৃততে প্রয়োজন সিমানেই।

মোৰ ইংৰাজী উচ্চাৰণ ইমান সুকীয়া (exclusive) হ’ব নালাগে যে আনে বুজিব নোৱাৰে : অর্থাৎ অতি “অ-ইংৰাজী” হ’ব নালাগে আৰু অতি চাহাবী হোৱাৰো প্রয়োজন নাই। ইয়াৰ পিছৰ লেখাত ইংৰাজী ব্যঞ্জনবর্ণৰ উচ্চাৰণৰ আলোচনা কৰা হ’ব।

(Sanjeev Kumar Nath, English Department, Gauhati University, sanjeevnath21@gmail.com)

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Sanjeev Kumar Nath

Sanjeev Kumar Nath

Related Posts

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict
World

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

by Nariman ALLOUSH
March 7, 2026
0

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict NARIMAN ALLOUSH Lebanon is currently experiencing...

Read moreDetails
Holi2

Holi in Barpeta, Assam: A Symphony of Colors, Culture, and Devotion

March 4, 2026
“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

March 3, 2026
Trump Confirms: Iran’s Ayatollah Khamenei Killed in Major Strikes

Will the US-Israel-Iran War and Iran’s Gulf Attacks Trigger a Major Crisis for India’s Oil, Trade, and Economy?

March 3, 2026
Trump Confirms: Iran’s Ayatollah Khamenei Killed in Major Strikes

Trump Confirms: Iran’s Ayatollah Khamenei Killed in Major Strikes

March 1, 2026
Why Did America and Iran Become Enemies? A History of Conflict, Oil, and Revolution

U.S.-Israel Strikes on Iran Ignite Fears of a Regional War

March 1, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Intersectionality and the Spectrum of Autonomy !

Intersectionality and the Spectrum of Autonomy !

March 7, 2026
স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

March 7, 2026
Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

March 7, 2026
Village Rockstars 2 : Rima Das’s Sequel is a Must Watch

Village Rockstars 2 : Rima Das’s Sequel is a Must Watch

March 6, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    27988 shares
    Share 11195 Tweet 6997
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11053 shares
    Share 4421 Tweet 2763
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    110 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3506 shares
    Share 1402 Tweet 877
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    104 shares
    Share 42 Tweet 26
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4148 shares
    Share 1659 Tweet 1037
  • Manipur Sees Fresh Ethnic Tensions: Prohibitory Orders in Ukhrul’s Litan

    91 shares
    Share 36 Tweet 23
  • মিচিং সমাজ আৰু সংস্কৃতি

    3492 shares
    Share 1397 Tweet 873
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    75 shares
    Share 30 Tweet 19
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d