• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, May 17, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

ইংৰাজী উচ্চাৰণৰ বিষয়ে যৎকিঞ্চিত – ১

ASSAMESE SECTION

by Sanjeev Kumar Nath
April 22, 2026
in ASSAMESE SECTION
Reading Time: 8 mins read
0
ইংৰাজী উচ্চাৰণৰ বিষয়ে যৎকিঞ্চিত – ১
Share on FacebookShare on TwitterShare on LinkedIn

RelatedPosts

গছে সলায় পাত, পক্ষীয়ে লগায় মাত

গছে সলায় পাত, পক্ষীয়ে লগায় মাত

May 14, 2026
পৃথিৱীৰ অন্যতম আকৰ্ষণীয় অনন্য বটল গছঃ বাওবাব

পৃথিৱীৰ অন্যতম আকৰ্ষণীয় অনন্য বটল গছঃ বাওবাব

May 11, 2026
bihu2

ব’হাগ আৰু অসমৰ অৰ্থনীতি

May 8, 2026

ইংৰাজী উচ্চাৰণৰ বিষয়ে যৎকিঞ্চিত – ১

(সাতটা হ্রস্ব স্বৰ ধ্বনি)

সঞ্জীৱ কুমাৰ নাথ

Sanjeev Nath
সঞ্জীৱ কুমাৰ নাথ

এই লেখাৰ আৰম্ভণিতে আমাৰ সমাজত বদ্ধমূল এক ধাৰণাৰ বিষয়ে দুই এটা কথা কৈ লোৱা ভাল হ’ব।

বহুতে (অনেক ইংৰাজী শিক্ষকেও) ভাবে যে ইংৰাজী শিকাবলৈ ইংৰাজী মাধ্যমেই ব্যৱহাৰ কৰিব লাগে; শিকাৰুৰ মাতৃভাষাৰ ব্যৱহাৰ মুঠেই কৰিব নালাগে।

আচলতে ইংৰাজ ঔপনিবেশিক শাসনৰ সময়ত ইংৰাজসকলে তেওঁলোকৰ উপনিবেশ সমূহৰ স্থানীয় ভাষা-সাহিত্য-সংস্কৃতিতকৈ তেওঁলোকৰ নিজৰ ভাষা-সাহিত্য-সংস্কৃতিৰ স্থান বহু উচ্চ বুলি যি ধাৰণাৰ প্রচাৰ চলাইছিল, উপনিবেশ সমূহৰ বহুতো স্থানীয় লোকে ইংৰাজৰ সেই ধাৰণাক শুদ্ধ বুলি মানি লৈছিল, আৰু তেনে ধৰণৰ নীচাত্মিকাবোধৰে ফচল আছিল ১৯৬৩ চনত আফ্রিকাৰ ইবাদানত হোৱা ইংৰাজী ভাষা শিক্ষা (English Language Teaching বা ELT)ৰ এক আন্তর্জাতিক সন্মিলনত গৃহীত হোৱা প্রস্তাৱ সমূহ, যথা : ইংৰাজী শিকোৱাৰ বাবে শ্রেষ্ঠ শিক্ষক হ’ল ইংৰাজ শিক্ষক (যাৰ মাতৃ ভাষা ইংৰাজী); ইংৰাজী শিকাওঁতে অন্য কোনো ভাষাৰ ব্যৱহাৰ কৰিব নালাগে; ইংৰাজী যিমান শিকোৱা যায়, সিমানেই ভাল……ইত্যাদি।  

ইংৰাজী উচ্চাৰণ

    আচৰিত কথা যে আজিও ভাৰতকে ধৰি এছিয়াৰ অনেক দেশত আৰু আফ্রিকাত এনে ইংৰাজী শিক্ষক আছে যি ইংৰাজী ভাষাটো এক প্রকাৰে পূজা কৰে বুলি ক’ব পাৰি। ইংৰাজী শিকোৱাৰ বা ব্যৱহাৰ কৰাৰ সময়ত অন্য ভাষা ব্যৱহাৰ কৰাটো তেওঁলোকৰ বাবে যেন দেৱভোগ অশুচি কৰাৰ দৰে কাম!

        তেওঁলোকৰ এই ধাৰণা ইংৰাজী ভাষা শিক্ষণৰ বিষয়ে চলি থকা এটা অশুদ্ধ ধাৰণাহে। আচলতে মাতৃভাষাৰ সঠিক ব্যৱহাৰেৰে যিকোনো অন্য ভাষা সহজে শিকিব পাৰি।

শিকিবলৈ লোৱা ভাষাটোৰ ব্যাকৰণ, উচ্চাৰণ আদি মাতৃভাষাতকৈ কি দৰে পৃথক সেই কথা ভালদৰে আয়ত্ত কৰিলে নতুন ভাষা শিকা সহজহে হয়। শৈশৱত মাতৃভাষা ভালদৰে শিকা লোকে অন্য ভাষা সহজে শিকিব পাৰে, আৰু সাধাৰণতে তেওঁলোক অন্য কামকাজতো সফল হোৱাৰ সম্ভাৱনা বেছি কাৰণ শৈশৱত ভালদৰে মাতৃভাষা শিকোঁতে তেওঁলোকৰ চিন্তা কৰিব পৰা শক্তিৰ, বুজিব পৰা শক্তিৰ সুস্থ বিকাশ হয়।

        ইংৰাজীৰ উচ্চাৰণৰ ক্ষেত্রতো আমাৰ সমাজত বিভিন্ন জনৰ বিভিন্ন মত আছে। কোনোৱে ভাবে যে ইংৰাজে কোৱাৰদৰে ইংৰাজী ক’ব নোৱাৰিলে ভাষাটো শিকা অসম্পূর্ণ হৈ থাকে। কিন্তু তেওঁ লোকে জনা উচিত যে ইংলেণ্ডৰ ইংৰাজসকলেই ইংৰাজী বহুত বেলেগ বেলেগ ধৰণে উচ্চাৰণ কৰে। ঠাই অনুযায়ী, সমাজত নিজৰ স্থান অনুযায়ী, বিভিন্ন জনে বিভিন্ন ধৰণৰ উচ্চাৰণ কৰে।

চহৰত কাম কৰি খোৱা মানুহৰ ইংৰাজী উচ্চাৰণ আৰু অক্সফর্ড–কেমব্রিজত পঢ়া ধনী চামৰ ইংৰাজী উচ্চাৰণৰ তফাৎ বহুত।

“কুইনজ ইংলিশ”, “ৰিচিভদ্ প্রনানশিয়েশন”, “বি বি চি ইংলিশ” আদি নামেৰে যি ধৰণৰ তথা কথিত উচ্চ খাপৰ ইংৰাজী উচ্চাৰণৰ কথা কোৱা যায়, সেয়া ভাৰতীয় এজনে শিকিব নোৱৰাৰ কোনো কাৰণ নাই; কিন্তু শিকি লৈ নিজকে এক বিশেষ সুবিধা ভোগা ক্ষুদ্র অল্প সংখ্যকৰ (privileged minority, যাৰ সংখ্যা ইংলণ্ডতো নগণ্য)) সদস্য হিচাপে চিনাকি দি ভাল পাব নে বেয়া পাব সেয়া প্রত্যেকৰে নিজৰ বিচার্য্য বিষয়।

ইংৰাজী উচ্চাৰণ

আৰু এটা বিশ্ব ভাষা (World Language) হিচাপে ইংৰাজীৰ বিভিন্নতাৰ কথা ক’বলৈ গ’লেতো উচ্চাৰণৰ বিভিন্নতাৰ কথা কৈ শেষ কৰিব নোৱাৰি।

কিন্তু আমি ইংৰাজী উচ্চাৰণৰ বিষয়ে একোকে নিশিকি নিজৰ মতে ইংৰাজী কৈ গ’লে হ’ব জানো? ইংৰাজী উচ্চাৰণৰ বিষয়ে বিশেষ প্রশিক্ষণ নথকা অসমীয়া বা অন্য ভাৰতীয় মানুহে যেতিয়া ইংৰাজীৰ father শব্দটো উচ্চাৰণ কৰে, তেতিয়া কেইটা ভুল কৰিব পাৰে বাৰু?

পাঁচটা ভুল কৰিব পাৰে—এটা শব্দৰ উচ্চাৰণ কৰোঁতে পাঁচটা ভুল হোৱা সম্ভৱ!

english3

father শব্দটোত দুটা syllable আছে, আৰু প্রতিটো syllableৰ দুটাকৈ phoneme আছে। (syllable আৰু phonemeৰ চুটি আলোচনা তলত আছে)।

প্রথম syllable টো হ’ল অতি কোমল phoneme f আৰু দীর্ঘ স্বৰ “আ”। ভাৰতীয় ভাষা সমূহত সাধাৰণতে ‘ফ’ উচ্চাৰণ কৰোঁতে ওঁঠ দুখন বন্ধ কৰি তাৰ পিছত জোৰত খুলি শব্দ কৰা হয়; কিন্তু ইংৰাজীৰ f উচ্চাৰণ কৰিবলৈ তলৰ ওঁঠত ওপৰ পাৰি দাঁতেৰে স্পর্শ কৰি ওঁঠ আৰু দাঁতৰ মাজেৰে ঘঁহনি খাই বায়ু ওলাই যাবলৈ দি উচ্চাৰণ কৰা যায়। ফলত এটা অতি কোমল  ধ্বনি উৎপন্ন হয়।

এই কোমল phoneme f আৰু দীর্ঘ স্বৰ আ মিলি হয় প্রথম syllable “fa/ফা”. ভুল উচ্চাৰণ কৰা ভাৰতীয় জনে প্রথম ভুল কৰে কোমল “f” টো দুই ওঁঠেৰে উচ্চাৰণ কৰা (কিছু কঠোৰ) ধ্বনি “ফ” হিচাপে উচচাৰণ কৰি।

দ্বিতীয় ভুল কৰে এই syllableৰ “আ” স্বৰটো চুটি কৰি। ইংৰাজীত “আ” স্বৰটো দীর্ঘ মানে দীর্ঘ। ইয়াক চুটিকৈ উচ্চাৰণ কৰা ভুল।

english4

তৃতীয় ভুল হ’ব পাৰে দ্বিতীয় syllableৰ ব্যঞ্জন ধ্বনিটো উচ্চাৰণ কৰোঁতে। father শব্দটোৰ th আখৰ কেইটাই বুজুৱা এই ব্যঞ্জন ধ্বনিটো শুদ্ধকৈ উচ্চাৰণ কৰোঁতে জিভা খন দাঁত দুপাৰিৰ মাজত থাকে আৰু জিভাৰ আগেৰে ওপৰ পাৰি দাঁতত লাহেকৈ স্পর্শ কৰি এই উচ্চাৰণ কৰা যায়। এইটোও এটা অতি কোমল ব্যঞ্জন উচ্চাৰণ। ইয়াক অসমীয়াৰ “দ”ৰ দৰে উচ্চাৰণ কৰা (ফাদাৰ) ভুল।

উত্তৰ আৰু পশ্চিম ভাৰতৰ (পাঞ্জাবী, ৰাজস্থানী আদি) বহু লোকৰ মুখত আকৌ এই “দ”ৰ উচ্চাৰণ অসমীয়া “দ”তকৈয়ো বহু গুণে কঠোৰ হয়।

চতুর্থ ভুল হ’ব পাৰে father শব্দটোৰ শেষত “ৰ” উচ্চাৰণ কৰি। অন্ত:ত ইংৰাজে এই শেষৰ syllable “ৰ” উচ্চাৰণ নকৰে (বা এনেকৈ কৰে যে তাক শুনা নাযায়!)।

আৰু পঞ্চম ভুল হ’ব পাৰে এই শব্দটোৰ শেষত কৰিব লগীয়া অতি ক্ষুদ্র স্বৰৰ উচ্চাৰণ নকৰি তাৰ ঠাইত সাধাৰণ “আ” উচ্চাৰণ কৰা। “father”ৰ “ৰ” (বা “er”ৰ) ঠাইত তেনেই চুটি এটা স্বৰ উচ্চাৰণ কৰা হয় (ইয়াৰ বর্ণনা তলত দিয়া হ্রস্ব স্বৰ ধ্বনিৰ আলোচনাৰ আটাইতকৈ শেষত দিয়া হৈছে। ই ইংৰাজীৰ আটাইতকৈ চুটি স্বৰ ধ্বনি)।

        অসমীয়া বা অন্য ভাৰতীয় মানুহৰ ভুল ইংৰাজী উচ্চাৰণৰ বিষয়ে অনভিজ্ঞ কিন্তু নিজে শুদ্ধকৈ ইংৰাজী ব্যৱহাৰ কৰা বিশ্বৰ যিকোনো মানুহ এজনে আমি অতি ভুলকৈ (পাঁচটা ভুলেৰে) উচ্চাৰণ কৰা “ফাদাৰ” শব্দটো বুজি নাপাব পাৰে। অতি সাধাৰণ এই শব্দটোকে যদি বুজিবলৈ টান হয় তেন্তে ইংৰাজীত কথোপকথন কেনেকৈ সম্ভৱ হ’ব?

english5

মোল্লা নাছিৰুদ্দিনৰ এটা গল্প–

মোল্লা নাছিৰুদ্দিনক তেওঁৰ এজন অনাখৰী বন্ধুৱে আহি ক’লে : “বন্ধু, মোক এখন চিঠি লিখি দিয়াচোন। মই কৈ যাম, তুমি লিখিবা”।

মোল্লা নাছিৰুদ্দিন : “বেয়া নাপাবা ভাই, মোৰ ভৰিত বিষ হৈ আছে; মই নোৱাৰিম”।

মোল্লাৰ বন্ধু : “ভৰিত বিষ হৈছে বাবে লিখিব নোৱাৰা? কি কথা কৈছা? তুমি ভৰিৰে লিখা নেকি?”

মোল্লা নাছিৰুদ্দিন : “কিয় খং কৰিছা? মই মিছাকৈ কোৱা নাই। মোৰ ভৰিত বৰ বিষ হৈ আছে। মই তোমাৰ চিঠি লিখি দিব পাৰিম, কিন্তু সেইখন মোৰ বাদে আৰু কোনেও পঢ়ি বুজিব নোৱাৰিব কাৰণ মোৰ হাতৰ আখৰ আন কোনেও বুজি নাপায়। সেইখন পঢ়ি বুজাবলৈতো ময়েই (খোজ কাঢ়ি) যাব লাগিব !”

যিকোনো ভাষাৰ উচ্চাৰণৰ আটাইতকৈ বেছি গুৰুত্বপূর্ণ দিশটো হ’ল বোধগম্যতা (intelligibility)। মোল্লা নাছিৰুদ্দিনে চিঠি লিখি দিব পাৰে, কিন্তু তেওঁ লিখা চিঠিৰ বোধগম্যতা নাই; তাক আন কোনোৱে পঢ়ি বুজিব নোৱাৰে। আমি কোৱা কথা যদি আনে বুজিয়েই নাপায়, আমাৰ কথিত ভাষাৰ যদি কোনো বোধগম্যতা নাই, তেন্তে কথা কোৱাৰ লাভ আছে জানো?

ভাৰতীয় মানুহ এজনে ইংৰাজী ক’লে ইংৰাজী জনা আন ভাৰতীয় এজনে বুজি পাব লাগে, বাংলাদেশ বা অষ্ট্রেলিয়া বা ইংলেণ্ডৰ মানুহ এজনেও বুজি পাব লাগে। এক প্রকাৰৰ আন্তর্জাতিক বোধগম্যতাৰ (international intelligibility) প্রয়োজন।

english6

হাতৰ আখৰ যিদৰে কেৱল নিজে বুজিলেই নহ’ব, আনেও বুজিব লাগিব, সেইদৰে আমি কোৱা ইংৰাজী সকলোৱে বুজি পাব লাগিব। এই ধৰণৰ সার্বজনীন বোধগম্যতাৰ বাবে মূলতে আমি প্রথমে ইংৰাজী ভাষাত সম্ভৱ প্রতিটো স্বৰ আৰু ব্যঞ্জন ধ্বনি শুনিলে বুজিব লাগিব আৰু নিজে উচ্চাৰণ কৰিব পাৰিব লাগিব।

প্রকৃততে উচ্চাৰণৰ কথা উচ্চাৰণেৰে শিকোৱা আটাইতকৈ শ্রেষ্ঠ উপায়। মৌখিক মাধ্যমেৰে উচ্চাৰণ শিকোৱা সহজ আৰু সুগম। যিকোনো ভাষাৰ উচ্চাৰণৰ বিষয়ে লিখাতকৈ মৌখিক পদ্ধতিৰে দিয়া শিক্ষা যে বেছি কার্যকৰী হ’ব তাত কোনো সন্দেহ নাই, কিন্তু লিখাৰ মাধ্যমেৰেও কিছু প্রয়োজনীয় কথা প্রকাশ কৰিব পাৰি। উচ্চাৰণৰ শুদ্ধ কৌশল আয়ত্ত কৰিব খোজা ইচ্ছুক পঢ়ুৱৈয়ে পঢ়ি বুজি পোৱা কথাবোৰ নিজে অভ্যাস কৰি চালেহে প্রক্রিয়াটো সম্পূর্ণ হ’ব।

শুদ্ধ উচ্চাৰণ কৰিব পৰাটো যিহেতু মূলতে এটা কৌশল, সেইবাবে এই কৌশল আয়ত্ত কৰিবলৈ অভ্যাস কৰিব লাগিব। অভ্যাস কৰাৰ সময়ত এই লেখাত আগবঢ়োৱা দিহা পৰামর্শ কিছুমান মনত ৰাখিলে সুবিধা হ’ব বুলি আমাৰ বিশ্বাস।

english7

        ইংৰাজীৰ স্বৰ বর্ণ মাত্র ৫ টা, কিন্তু স্বৰ ধ্বনি কুৰিটা।  এই বিছটা স্বৰ উচ্চাৰণৰ ৭ টাৰ উচ্চাৰণ হ্রস্ব, ৫ টাৰ উচ্চাৰণ দীর্ঘ, আৰু ৮ টা সন্ধ্যস্বৰ (diphthong)। অসমীয়াত স্বৰ বর্ণসমূহক হ্রস্ব আৰু দীর্ঘ হিচাপে যি বিভাজন কৰা হয় তাৰ মূলতে আছে সংস্কৃত ভাষাত (অর্থাৎ অসমীয়াৰ জননী বা মূল শিপাত) থকা হ্রস্ব আৰু দীর্ঘ স্বৰৰ বিভাজন। কিন্তু সংস্কৃতত বা হিন্দীত যিদৰে হ্রস্ব আৰু দীর্ঘ উচ্চাৰণৰ নিখুঁত আৰু নিশ্চিত পার্থক্য আছে, অসমীয়াত নাই।

ইংৰাজীতো হ্রস্ব আৰু দীর্ঘ উচ্চাৰণৰ পার্থক্য সুনিশ্চিত। অসমীয়া শিকাৰুৱে সংস্কৃত শিকিবলৈ ল’লে যিদৰে হ্রস্ব আৰু দীর্ঘ উচ্চাৰণৰ পার্থক্য বুজি লৈ অভ্যাস কৰিব লাগে, ইংৰাজী শিকিবলৈও একে কথা।

Phoneme আৰু syllable: শব্দৰ নির্দিষ্ট উচ্চাৰণৰ বিষয়ে আলোচনা কৰাৰ আগতে শব্দৰ উচ্চাৰণৰ মূল একক দুবিধৰ (Phoneme আৰু syllable) বিষয়ে স্পষ্ট ধাৰণা থকা উচিত। যিকোনো ভাষাৰ নির্দিষ্ট উচ্চাৰণৰ ক্ষুদ্রতম একক একোটাক phoneme বোলা হয়।

অসমীয়া “বৰ” শব্দটোত দুটা আখৰ আছে, কিন্তু তিনিটা phoneme আছে; যথা : কেৱল ব্যঞ্জন ধ্বনি “ব”, আৰু “ৰ”, আৰু “ব”ৰ সৈতে ব্যৱহাৰ হোৱা স্বৰ ধ্বনি “অ”। ঠিক সেইদৰে ইংৰাজী “man” শব্দৰ উচ্চাৰণত তিনিটা phoneme আছে, যথা ব্যঞ্জন ধ্বনি “ম”, “ন” আৰু স্বৰ ধ্বনি “এ”।

ব্যঞ্জন phoneme এটাৰ আগত বা পিছত স্বৰ phoneme এটা লৈ হে উচ্চাৰণ কৰিব পাৰি। কেৱল ব্যঞ্জন phonemeৰ কথা ভাবিব পাৰি, উচ্চাৰণ কৰিব নোৱাৰি।

Syllable হ’ল এটা বা অধিক আখৰেৰে গঠিত ভগ্নপদ বা শব্দাংশ। Mister শব্দটোৰ দুটা syllable (mis আৰু ter); minister শব্দটোৰ তিনিটা syllable (mi-nis-ter); ministering শব্দটোৰ চাৰিটা syllable (mi-nis-te-ring).

আগতে কোৱা হৈছে যে ইংৰাজীৰ কুৰিটা স্বৰ উচ্চাৰণৰ ৭টা চুটি স্বৰ, ৫টা দীর্ঘ স্বৰ আৰু ৮টা সন্ধ্যস্বৰ (diphthong)।

english 1

৭টা চুটি স্বৰ ধ্বনি :

বুজিবলৈ সুবিধা হ’বৰ বাবে অতি সৰু শব্দ কিছুমানৰ উদাহৰণেৰে এই ধ্বনি সমূহৰ কথা কোৱা হ’ব। একস্বৰা (monosyllabic), অর্থাৎ উচ্চাৰণ কৰোঁতে কেৱল এটা স্বৰ ব্যৱহাৰ হোৱা সৰু সৰু শব্দ কিছুমানৰ সহায়েৰে আমি এটা এটাকৈ ইংৰাজীৰ সাতটা স্বৰ ধ্বনিৰ কথা বুজিব পাৰোঁ।

১. sit, bit, rid, fit (হ্রস্ব “ই” ধ্বনি)। এই শব্দবোৰত “i” আখৰটোৱে অতি চুটি “ই” ধ্বনিক বুজাইছে। ইংৰাজীৰ বানানৰ সাধাৰণ নিয়ম অনুযায়ী দুটা ব্যঞ্জনৰ মাজত এটা স্বৰ থাকিলে স্বৰটো চুটি হয়; গতিকে “s” আৰু “t”ৰ মাজৰ “i”ৰ উচ্চাৰণ চুটি। কিন্তু সেই তিনি আখৰীয়া শব্দটোৰ অন্তত যদি এটা “e” যোগ দি শব্দটো চাৰি আখৰীয়া কৰি পেলোৱা হয়, তেন্তে স্বৰটো “ই” নহৈ “আই” হৈ পৰিব। গতিকে site ৰ উচ্চাৰণ “ছাইট”, bite ৰ উচ্চাৰণ “বাইট”।

চুটি স্বৰ ধ্বনি আৰু দীর্ঘ স্বৰ ধ্বনিৰ মাজত পার্থক্য নাৰাখিলে ভাষাটোৰ বোধগম্যতাৰ হানি হয়। Sit (বহা) শব্দটোৰ স্বৰ ধ্বনি ‘ই’ অতি চুটি, আৰু শব্দটো উচ্চাৰণ কৰোঁতে এই স্বৰ ধ্বনিটোৰ দীর্ঘ উচ্চাৰণ হ’লে অর্থ সলনি হৈ যাব :

চুটি স্বৰ ধ্বনিৰ sit = বহ (ক্রিয়া পদ)

দীর্ঘ স্বৰ ধ্বনিৰ seat = আসন (বিশেষ্য পদ)

চুটি স্বৰ ধ্বনিৰ bit = অলপ (a little bit, a bit of)

দীর্ঘ স্বৰ ধ্বনিৰ beat = কোবোৱা

দীর্ঘ স্বৰ ধ্বনিৰ beet = বীট ৰূট (beet root), এবিধ পাচলি।      

(“beat” আৰু “beet” শব্দ দুটাৰ উচ্চাৰণত কোনো পার্থক্য নাই।)

english8

২. Bed set red fed

হিন্দী ভাষী মানুহ এজনে অসমীয়া শিকি থকা অৱস্থাত “দেৰগাওঁ” বা “গেলাবিল” বা “ধেমালী” , “কেনা” (কেনা লগা) কেনেকৈ উচ্চাৰণ কৰিব? এই শব্দ কেইটাত থকা “এ” কাৰ ডালত তেওঁ যেন এটা উর্দ্ধ কমা যোগ কৰি উচ্চাৰণ কৰিব : দে’ৰগাওঁ, গে’লাবিল, ধে’মালী, কে’না—এইদৰে। ইয়াৰ কাৰণ হ’ল যে হিন্দীত ঠিক অসমীয়া “দেৰগাওঁ” বা “ধেমালী”ৰ “এ”ৰ উচ্চাৰণ নায়েই।

অসমীয়াৰ “নেৰা নেপেৰা”ৰ উচ্চাৰণ হিন্দী ভাষীৰ মুখত হ’বগৈ “নে’ৰা নে’পে’ৰা”। ইংৰাজীৰ bed, set, red, fed উচ্চাৰণ কৰিবলৈ হিন্দী ভাষীৰ সহজ কাৰণ এই শব্দ কেইটাত উচ্চাৰণ হোৱা “এ’” টোৱেই হিন্দীত আছে, তাৰ ওচৰা-ওচৰি অন্য স্বৰ নাই। কিন্তু অসমীয়াত এই উচ্চাৰণো আছে আৰু “ধেমালী”ৰ “এ” উচ্চাৰণো আছে।

“কেলৈ যাব লাগে?” বুলি ক’লে “কে”ৰ উচ্চাৰণ “কেনা”ৰ “কে”ৰ সৈতে নিমিলে কাৰণ “কেলৈ” লিখিলেও “কে’লৈ”হে উচ্চাৰণ হয়। অকণমান চেষ্টা কৰিলেই কিন্তু এই দুই বিধ উচ্চাৰণ (এ আৰু এ’)ৰ পার্থক্য ধৰিব পাৰি। এই দুবিধ উচ্চাৰণ অসমীয়াৰ বাবে সহজ।

এই দুই উচ্চাৰণৰ পার্থক্য অতি দৰকাৰী কাৰণ উচ্চাৰণৰ পার্থক্যৰ লগতে অর্থৰো সলনি হয় : bed মানে বিচনা, কিন্তু bad মানে বেয়া। met মানে “লগ পাইছিল” (meetৰ অতীত কাল), কিন্তু mat মানে কঁঠ।

English

৩. Bad sat cat mad

ওপৰত অসমীয়াৰ “ধেমালী” শব্দৰ “এ” উচ্চাৰণ আৰু ইংৰাজীৰ এই শব্দ বোৰত থকা “এ”ৰ উচ্চাৰণৰ মাজত বিশেষ তফাৎ নাই, কিন্তু মন কৰিব লাগিব যে ইংৰাজীৰ এই স্বৰ ধ্বনিটো চুটি। গতিকে এই স্বৰটো খৰকৈ উচ্চাৰণ কৰিব লাগে। কেতিয়াবা বিশেষ পৰিস্থিতিত কথা কওঁতে এই চুটি স্বৰটোক দীঘল কৰি উচ্চাৰণ কৰা যায়, কিন্তু সেয়া কাচিৎহে হয়।

ধৰক আপুনি কাৰোবাৰ বাবে অপেক্ষা কৰি বহি বহি আমনি লাগি গৈছিল। আপুনি পিছত কাৰোবাক ক’ব পাৰে যে “I sat and sat and sat, but he didn’t come” . ইয়াত আপোনাৰ যে বহি বহি আমনি লাগিছিল তাকে বুজাবলৈ আপুনি “sat” শব্দটো বহুবাৰ ব্যৱহাৰ কৰিছে, আৰু মুখেৰে কওঁতে আপুনি “sat” শব্দটোৰ “এ” স্বৰটো দীঘলকৈ উচ্চাৰণ কৰি আপোনাৰ বিৰক্তি প্রকাশ কৰিব পাৰে।

কিন্তু এনে বিশেষ পৰিস্থিতিক বাদ দি সকলো পৰিস্থিতিতে এই স্বৰ ধ্বনিটোৰ উচ্চাৰণ চুটি হ’ব।

৪. Got body, caught fought

“বহি বহি আমনি লাগিছে; ভৰি দুটা কট-কট কৰিছে” বুলি ক’লে “কট-কট” কওঁতে দুবাৰকৈ ব্যৱহাৰ হোৱা স্বৰ ধ্বনিটোৱেই ইংৰাজী got, body, caught, fought আদি শব্দৰ স্বৰ ধ্বনি। এইটো স্বৰ অসমীয়াৰ বাবে সহজ, কেৱল মনত ৰাখিব লাগে যে ইয়াৰ উচ্চাৰণ হ্রস্ব।

Englis6

৫. put, took, look, good (হ্রস্ব “উ” ধ্বনি)। সংস্কৃত ভাষাৰ এটা ডাঙৰ বৈশিষ্ট হৈছে যে প্রতিটো আখৰে এটা নিদিষ্ট স্বৰ বা ব্যঞ্জন ধ্বনি বুজায়। সংস্কৃতৰ পৰা সৃষ্ট অসমীয়া ভাষাৰ ক্ষেত্রটো এই নিয়ম বহু পৰিমাণে খাটে (দুই এটা ব্যতিক্রম বাদ দি)। কিন্তু ইংৰাজীত আখৰ আৰু উচ্চাৰণৰ মাজত পোনপটীয়া সম্বন্ধ স্থাপন কৰিব নোৱাৰি।

ওপৰত দিয়া উদাহৰণত “put” শব্দটোৰ “u” আখৰটোৱে চুটি “উ” ধ্বনি বুজাইছে, কিন্তু আমি যদি “but” শব্দটো লিখোঁ, তেন্তে তাৰ “u” আখৰটোৱে অতি চুটি “আ” ধ্বনি হে বুজাব। কিন্তু মন কৰিবলগীয়া কথাটো হ’ল যে ওপৰৰ উদাহৰণৰ চাৰিয়োটা শব্দ একস্বৰা, আৰু “put”ৰ “u” আৰু “took”, “look”, আৰু “good”ৰ “oo” উচ্চাৰণ হ’ল চুটি “উ”। (কিন্তু “u” আৰু “oo” উচ্চাৰণ সদায় হ্রস্ব “উ” নহয়।)

চুটি স্বৰৰ উচ্চাৰণ চুটিকৈ নকৰি দীঘলকৈ কৰিলে শুদ্ধ ইংৰাজী ব্যৱহাৰ কৰা মানুহে অর্থ বুজি পোৱাত অসুবিধা হ’ব। ইংৰাজীত হ্রস্ব আৰু দীর্ঘ স্বৰৰ উচ্চাৰণৰ পার্থক্য কেৱল বানানৰ পার্থক্য নহয়। অসমীয়া শব্দ এটাত হ্রস্ব “ু” লাগিব নে দীর্ঘ “ূ” লাগিব সেয়া উচ্চাৰণৰ পৰা জনা নাযায়, বানানৰ নিয়মৰ পৰাহে জনা যায়। ইংৰাজীত বানান গৌণ; প্রথমে উচ্চাৰণৰ তফাৎ বুজিব লাগিব।

english2

৬. Bud cut shut nut

অসমীয়াৰ “আ” স্বৰটোকে অতি চুটিকৈ উচ্চাৰণ কৰিলে ইংৰাজীৰ bud, cut, shut, nut আদি শব্দৰ হ্রস্ব স্বৰটো হ’ব। মুখ খন মেলি দীঘলকৈ বা….দ, কা….ট নহয়, অতি খৰকৈ বাদ্ কাট্ ক’ব লাগিব। ইংৰাজীৰ বাতৰি ভালকৈ পঢ়া মানুহে কেনেকৈ এই চুটি উচ্চাৰণটো কৰে বা ইংৰাজী চিনেমাত অভিনেতা অভিনেত্রীসকলে কথা কওঁতে এই চুটি স্বৰটো কেনেকৈ উচ্চাৰণ কৰে অলপ মন কৰিলেই বুজা যায় আৰু নিজেও উচ্চাৰণটো কৰাৰ অভ্যাস কৰিব লাগে।

ইংৰাজী উচ্চাৰণৰ বিষয়ে যৎকিঞ্চিৎ – ২

CLICK THE LINK ABOVE

৭ about India comma father

aboutৰ a আখৰটোৱে, Indiaৰ a আখৰটোৱে, commaৰ a আখৰটোৱে আৰু fatherৰ er আখৰ দুটাই বুজুৱা এইটো স্বৰ ধ্বনি ভাৰতীয় সকলৰ বাবে কিছু কঠিন। ইংৰাজী ভাষাৰ ই আটাইতকৈ চুটি স্বৰ, আৰু শব্দ, বাক্য অনুযায়ী ইয়াৰ উচ্চাৰণৰ ভিন্নতাও থাকে। এই লেখাত International Phonetic Alphabet (IPA) ব্যৱহাৰ নকৰাকৈ, অসমীয়া আৰু অন্য ভাৰতীয় ভাষাৰ ধ্বনিৰ উদাহৰণেৰে সাধাৰণ ভাৱে ইংৰাজী উচ্চাৰণৰ আলোচনা কৰিবলৈ যত্ন কৰা হৈছে।

কিন্তু এই অতি হ্রস্ব স্বৰ ধ্বনিটো বুজাবলৈ ব্যৱহাৰ কৰা IPA চিনটোৰ বিষয়ে কিছু কথা কোৱা ভাল হ’ব।  ইয়াৰ বাবে ব্যৱহৃত IPA চিন টো হ’ল ǝ . about শব্দটোৰ আৰম্ভণিতে থকা এই ধ্বনি ঠিক এ বা এ’ নহয়, অ নহয়, কিন্তু এ’ আৰু অৰ মাজৰে এটা অতি চুটি ধ্বনি। about শব্দটোৰ ঠিক আৰম্ভণিত এই অতি চুটি, সৰু ধ্বনিটোৰ উচ্চাৰণৰ পিছতে তাৰ পিছৰ অংশৰ (বাউৎ) ডাঙৰকৈ উচ্চাৰণ কৰা হয় (ǝবাউৎ)।

India শব্দটোৰ উচ্চাৰণ আৰম্ভ হয় “ইন্-ডি- ǝ”—এইদৰে। প্রথম In টো (ইন্) ডাঙৰকৈ কোৱা যায়, আৰু একেবাৰে শেষৰ ধ্বনিটো ঠিক আ নহয় (ইণ্ডিয়া নহয়), কিন্তু আ আৰু অ ৰ মাজতে এটা অতি ক্ষুদ্র ধ্বনি। father শব্দটোৰ শেষৰ ধ্বনিটোও হ’ল এই ǝ.

laptop and books on brown wooden table
Photo by Ivan Samkov on Pexels.com

(Sanjeev Kumar Nath, English Department, Gauhati University, sanjeevnath21@gmail.com)

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Sanjeev Kumar Nath

Sanjeev Kumar Nath

Related Posts

গছে সলায় পাত, পক্ষীয়ে লগায় মাত
ASSAMESE SECTION

গছে সলায় পাত, পক্ষীয়ে লগায় মাত

by Manas Pratim Dutta
May 14, 2026
0

গছে সলায় পাত, পক্ষীয়ে লগায় মাত মানস প্ৰতিম দত্ত প্ৰকৃতিৰ এক আকৰ্ষণীয় আৰু ৰহস্যময় অংশ হৈছে পক্ষীৰ জীৱন। চৌপাশে বসবাস...

Read moreDetails
পৃথিৱীৰ অন্যতম আকৰ্ষণীয় অনন্য বটল গছঃ বাওবাব

পৃথিৱীৰ অন্যতম আকৰ্ষণীয় অনন্য বটল গছঃ বাওবাব

May 11, 2026
bihu2

ব’হাগ আৰু অসমৰ অৰ্থনীতি

May 8, 2026
backview of sad child waiting on a glass window

শিশু সকলৰ মানসিক অৱস্থাৰ খবৰ ৰাখিছোনে? 

May 3, 2026
পেৰাফিলিয়া : যৌন আকৰ্ষণ আৰু বিকাৰ

পেৰাফিলিয়া : যৌন আকৰ্ষণ আৰু বিকাৰ

May 2, 2026
মোগল সম্ৰাটৰ হাৰেমত মহিলাৰ যৌন জীৱন

মোগল সম্ৰাটৰ হাৰেমত মহিলাৰ যৌন জীৱন

May 2, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
The Perfect and the Possible : Choosing Between Vision and Reality

The Perfect and the Possible : Choosing Between Vision and Reality

May 17, 2026
Rupee at 95 +Against the Dollar: Is India Heading Toward Another Economic Vulnerability Crisis in 2026?

Rupee at 95 +Against the Dollar: Is India Heading Toward Another Economic Vulnerability Crisis in 2026?

May 17, 2026
DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

May 16, 2026
The fountain of youth

The fountain of youth

May 16, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    32265 shares
    Share 12906 Tweet 8066
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    13962 shares
    Share 5585 Tweet 3491
  • NEHU Shillong Hosts Historic Global Plant Humanities Summit as Scholars from Across the World Reimagine Humanity’s Bond with Nature

    269 shares
    Share 108 Tweet 67
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3712 shares
    Share 1485 Tweet 928
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6522 shares
    Share 2609 Tweet 1631
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    927 shares
    Share 371 Tweet 232
  • Love in the Age of Ghosting and Situationships

    83 shares
    Share 33 Tweet 21
  • Guwahati Flood Crisis: How City Is Sinking Under Decades of Urban Neglect

    78 shares
    Share 31 Tweet 20
  • Assam Crisis : How Melting Glaciers, Rising Seas & Decades of Political Neglect Are Threatening Indigenous Communities

    74 shares
    Share 30 Tweet 19
  • The Oxfam Report, 2021: India’s Health Inequality & Covid-19

    218 shares
    Share 87 Tweet 55
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d