• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, March 30, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Justice

ইংৰাজী-প্ৰীতিয়ে কঢ়িয়াই অনা মাতৃভাষাৰ সংকট

মৃণাল কুমাৰ মিশ্ৰ

by Admin
September 6, 2022
in Justice, Special Report
Reading Time: 3 mins read
0
ইংৰাজী-প্ৰীতিয়ে কঢ়িয়াই অনা মাতৃভাষাৰ সংকট
Share on FacebookShare on TwitterShare on LinkedIn

মাতৃভাষাৰ সংকট

মৃণাল কুমাৰ মিশ্ৰ

ইতিহাসৰ পুনৰাবৃত্তিৰে ঠিক ১৮৩৬ চনত অসমত অসমীয়া ভাষাৰ দুৰৱস্থা হোৱাৰ দৰেই অসমত এতিয়া শিক্ষাৰ মাধ‍্যম সম্পৰ্কীয় বিতৰ্কিত চৰকাৰী পদক্ষেপৰ জৰিয়তে মাতৃভাষা অসমীয়াৰ অস্তিত্বৰ সংকটে যেন পুনৰাই মূৰ দাঙি উঠিব বিচাৰিছে।

কথাটো গভীৰভাৱে চিন্তনীয় লগতে হতাশজনকো। চৰ্বিত-চৰ্বণ বুলি নাভাবি বিষয়টোৰ সন্দৰ্ভত সেয়েহে বাৰে বাৰে আলোচনা কৰি চোৱাৰ প্ৰয়োজন আছে।

RelatedPosts

চিয়াং নৈৰ পাৰৰ নষ্টাল’জিয়া

চিয়াং নৈৰ পাৰৰ নষ্টাল’জিয়া

March 29, 2023
Durga: As the Goddess of the East

Durga: As the Goddess of the East

March 29, 2023
Things to Learn in Navratri

Things to Learn in Navratri

March 28, 2023

শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তনৰ নামত অসমৰ চৰকাৰী শিক্ষা ব্যৱস্থা এতিয়া কোন দিশত আগবাঢ়িছে, আমি বাৰু ভালদৰে চিন্তা কৰি চাইছোনে ? অসমীয়াৰ ভৱিষ্যত প্ৰজন্মই বাৰু কেনেধৰণৰ এটা ভাষাৰ যোগেৰে ভাবৰ আদান―প্ৰদান কৰিব ? কথাষাৰ বৰ চিন্তনীয় এই কাৰণেই যে অসমীয়া ভাষাটোৰ কণ-কঠীয়া মৰাৰ সকলো বন্দোবস্ত আমাৰ চৰকাৰ খনেই কৰি আহিছে আৰু এই প্ৰচেষ্টাৰ অংশস্বৰূপে অসমীয়া ভাষাৰ শৱদেহৰ বাবে প্ৰস্তুত কৰা কফিনটোত শেষ গজালটো মাৰিলে যোৱা ২৮ জুলাইৰ কেবিনেট সিদ্ধান্তৰ জৰিয়তে।

এই সিদ্ধান্ত অনুসৰি অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ত তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ গণিত আৰু বিজ্ঞানৰ বিষয়দুটা ইংৰাজী মাধ্যমত পঢ়ুৱাবলৈ চৰকাৰে সিদ্ধান্ত লৈছে। এক হতবাক হ’বলগীয়া সিদ্ধান্ত আছিল সেয়া কাৰণ একে সময়তে কেন্দ্ৰীয় চৰকাৰে নতুন শিক্ষানীতিৰ অধীনত পঞ্চমমান শ্ৰেণীলৈ সকলো শিক্ষা মাতৃভাষাৰ যোগেদি হ’ব লাগিব বুলি নীতি নিৰ্ধাৰণ কৰি ৰাখিছে। মাননীয় প্ৰধানমন্ত্ৰীয়ে আনকি চিকিৎসাবিজ্ঞানৰ লগতে কাৰিকৰী বিজ্ঞানৰ দৰে উচ্চস্তৰৰ শিক্ষাৰো মাধ্যম মাতৃভাষা হ’ব লাগে বুলি মত পোষণ কৰি আহিছে।

ইংৰাজী-প্ৰীতিয়ে কঢ়িয়াই অনা মাতৃভাষাৰ সংকট

এতিয়া অসম চৰকাৰৰ এই আজব সিদ্ধান্তই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ স্ববিৰোধী দৃষ্টিভংগী উদঙাই নিদিলে নে ? 

ভাষা এটাৰ অস্তিত্ব কেতিয়াও মৌখিক ৰূপত বৰ্তি থাকিব নোৱাৰে। পৃথিৱীৰ ইতিহাসৰ মাজত অকল মৌখিক ৰূপত বৰ্তি থকা ভাষাৰ উদাহৰণ বিৰল। লিখিত আৰু কথিত ৰূপত সমানেই উন্নত হ’লেহে ভাষাৰ অস্তিত্ব ৰক্ষা হয়, ভাষাৰ বিকাশ হয়। কিন্তু শেহতীয়া বিভিন্ন চৰকাৰী সিদ্ধান্তই অসমীয়া ভাষাক কেৱল মৌখিক ৰূপতেই সীমাবদ্ধ কৰাৰ প্ৰক্ৰিয়া পূৰ্ণ গতিত সম্পূৰ্ণ কৰি আনিছে।

চৰকাৰৰ শিক্ষা বিভাগৰ বিভিন্ন নিৰ্দেশ আৰু চৰকাৰে লোৱা কেবাটাও সিদ্ধান্তই আমাৰ এই সন্দেহ সত‍্য বুলিও প্ৰমাণিত কৰিছে। অসমীয়াৰ স্বাভিমান লাচিত বৰফুকনৰ স্মৃতিবিজড়িত লাচিত দিৱসৰ দিনটোতেই ৰাজ‍্যিক কেবিনেটে লোৱা প্ৰথমটো বিতৰ্কিত সিদ্ধান্ত অনুসৰি অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অসমীয়া ভাষাৰ যোগ‍্যতামূলক কাকত প্ৰত‍্যাহাৰ কৰা হ’ল।

অৰ্থাৎ অসমীয়া ভাষাত লিখিব বা পঢ়িব নজনাসকলেও এতিয়াৰ পৰা অসমত প্ৰশাসনিক বিষয়া হোৱাৰ বাবে কোনো বাধা নাথাকিল। এক কথাত, অসমতেই অনাদৃত হ’ল অসমীয়া ভাষা। অসমীয়া ভাষা পঢ়িব বা লিখিব নজনা এজন অসম চৰকাৰৰ প্ৰশাসনিক বিষয়াই কেনেদৰে অসমত প্ৰশাসনৰ কাম সুচাৰুৰূপে চলাবলৈ সক্ষম হ’ব সেয়া আমাৰ দৰে সৰ্বসাধাৰণৰ বোধগম্য নহয়। অসমীয়াৰ অসমতে যদি চৰকাৰী প্ৰশাসনিক ব্যৱস্থাপনাত অসমীয়া ভাষাই আদৰ নাপায় তেন্তে অসমীয়া ভাষাৰ মান‍্যতা ক’ত থাকিব ?

ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ‍্যৰেই নিজৰ নিজৰ লোকসেৱা আয়োগৰ পৰীক্ষাত নিজ ৰাজ‍্যভাষাৰ সম্পূৰ্ণ প্ৰশ্নকাকত এখনৰ উত্তৰ লিখাটো বাধ্যতামূলক। তেনেস্থলত অসমত মাত্ৰ ত্ৰিশ নম্বৰৰ যোগ‍্যতা নিৰ্ণয়কাৰী পৰীক্ষাৰ অসমীয়া প্ৰশ্নকাকত খনৰ উত্তৰ ইংৰাজী মাধ‍্যমত পঢ়া ল’ৰা-ছোৱালীয়ে দিব নোৱাৰিব বুলিয়েই অসমীয়া ভাষাৰ প্ৰশ্নকাকত বাতিল কৰা সিদ্ধান্ত কোনোপধ্যেই মানি ল’ব নোৱাৰি।

ইংৰাজী-প্ৰীতিয়ে কঢ়িয়াই অনা মাতৃভাষাৰ সংকট

এই পদক্ষেপ লোৱাৰ বাবে চৰকাৰৰ আন এক যুক্তি আছিল―বিভিন্ন ঠাইত কৰ্মৰত অসমীয়া মানুহৰ ল’ৰা-ছোৱালীয়ে অসমীয়া নাজানিলেও এই পৰীক্ষা দিবহি পাৰিব। কিন্তু এয়া কোনোপধ‍্যেই এক গ্ৰহণ যোগ‍্য যুক্তি নহয়। এয়া দেখাদেখিকৈ কাৰোবাক সন্তুষ্ট কৰিবৰ বাবে লোৱা এক জাতিদ্ৰোহী সিদ্ধান্ত। ভাষাৰ ক্ষেত্ৰত অসমক সৰ্বভাৰতীয় কৰাৰ এক কুচকাৱাজৰ ইয়ো এক অংশ।

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত ভাৰতবৰ্ষৰ যিকোনো স্থানৰ পৰীক্ষাৰ্থীয়ে যাতে সুকলমে বহিব পাৰে তাৰ বাবে বাধ‍্যতামূলক হৈ থকা স্থানৰ পৰা অসমীয়া ভাষাক নিৰ্দয়ভাৱে আতৰোৱা হৈছে। ভাৰতৰ যিকোনো ঠাইৰ যিকোনো ভাষাৰ ল’ৰা-ছোৱালী আহি অসমীয়া ভাষাৰ একো নজনাকৈয়ে অসম লোকসেৱা আয়োগৰ পৰীক্ষা দি প্ৰশাসনিক বিষয়া হোৱাৰ সুবিধা কৰি দিলে এই চৰকাৰখনে। থলুৱা চাকৰিপ্ৰাৰ্থী সকলৰ স্বাৰ্থ বিঘ্নিত কৰিব ওলোৱা এই সিদ্ধান্ত আছিল বৰ দুৰ্ভাগ্যজনক।

ইংৰাজী-প্ৰীতিয়ে কঢ়িয়াই অনা মাতৃভাষাৰ সংকট
শিক্ষা উপদেষ্টা ননীগোপাল মহন্ত

এইখন চৰকাৰৰেই দ্বিতীয় আজৱ সিদ্ধান্ত আছিল অসমৰ চুকে-কোণে বহু সংখ্যক চৰকাৰী ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপন। যিসময়ত মাতৃ ভাষাত শিক্ষাৰ প্ৰয়োজনীয়তা সকলোৱেই স্বীকাৰ কৰি লৈছে আৰু অন্ততঃ উচ্চমাধ্যমিক পৰ্য্যায়লৈ শিক্ষা মাতৃভাষাৰ যোগেদি দিয়াটো চৰকাৰী নীতি হৈ আছে তেনেসময়তে এই আচৰিত সিদ্ধান্ত অসম চৰকাৰৰ শিক্ষাবিভাগৰ মূৰত সোমাল কেনেকৈ আমাৰ বোধগম্য নহয়।

একেইখন চৰকাৰৰ শেহতীয়া আজৱ সিদ্ধান্ত হ’ল, চৰকাৰী বিদ‍্যালয়ত তৃতীয়ৰ পৰা দ্বাদশ শ্ৰেণীলৈ গণিত আৰু বিজ্ঞানৰ পাঠদান ইংৰাজীত হ’ব যাতে ভৱিষ্যতৰ প্ৰতিযোগিতামূলক পৰীক্ষাবোৰত অসমীয়া ছাত্ৰ-ছাত্ৰীয়ে কোনো অসুবিধা নাপায়। এইটো সিদ্ধান্তৰ আঁৰৰ যুক্তিৰ গভীৰতাও কিন্তু বিচাৰি পোৱা নগ’ল। যদিহে সেয়াই হয় তেন্তে অসমীয়া মাধ্যমত পঢ়িও সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাৰ মাজেৰে নিজকে প্ৰতিষ্ঠিত কৰা অলেখ অসমীয়াৰ কৃতিত্ব চৰকাৰে দেখিও নেদেখা হৈ আছে কিয় ?

মাধ্যমিক পৰ্য্যায়লৈ গণিত আৰু বিজ্ঞান বিষয়ত মাতৃভাষা অসমীয়াৰ জৰিয়তে শিক্ষা দিবলৈ কোনো অসুবিধা নাই, সকলোবোৰ বৈজ্ঞানিক পৰিভাষাসহ উপযুক্ত ইংৰাজী প্ৰতিশব্দৰ দ্বাৰা সহজেই শিক্ষাদান কৰিব পাৰি আৰু এনে শিক্ষাৰে কোমল বয়সৰ শিক্ষাৰ্থীৰ মনত বিজ্ঞান আৰু গণিতৰ প্ৰতি অধ্যয়নস্পৃহা জগাই তুলিব পাৰি। লগেলগে যদি ইংৰাজী বিষয়টোও সমানেই গুৰুত্ব দি উপযুক্ত শিক্ষকৰ জৰিয়তে পঢ়ুৱাবলৈ লয়, শিক্ষাৰ্থীৰ বাবে ভৱিষ্যতৰ উচ্চশিক্ষাৰ লগতে সকলোবোৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিত কোনো অন্তৰায় নিশ্চয় নাথাকিব।

ইংৰাজী-প্ৰীতিয়ে কঢ়িয়াই অনা মাতৃভাষাৰ সংকট

তাকেই নকৰি সৰুৰে পৰাই গণিত আৰু বিজ্ঞানৰ বাবে ইংৰাজী আৰু বাকী বিষয়সমূহ মাতৃভাষাত অৰ্থাৎ এক মিশ্ৰভাষাৰ যোগেদি শিক্ষা দিবলৈ গ’লে হিতে বিপৰীত হোৱাৰহে পূৰ্ণ সম্ভাৱনা আছে। এটাৰ পাছত এটা বিতৰ্কমূলক সিদ্ধান্তৰ মাজেৰে অসম চৰকাৰে দেখুওৱা এনেধৰণৰ অদ্ভুত অহৈতুক ইংৰাজী ভাষাৰ প্ৰতি জাগি উঠা প্ৰেমে অসমীয়া ভাষালৈ নিশ্চিতভাৱে বিপদ কঢ়িয়াইছে। যি সময়ত অসমৰ অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ আন্তঃগাঁ‌থনি মজবুত কৰি, ইংৰাজী বিষয়কো গুৰুত্ব দি বিজ্ঞানসন্মতভাৱে শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগিছিল, সেই সময়ত অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ বিৰুদ্ধে দেখ দেখকৈ মত পোষণ কৰি ইংৰাজীক উচ্চ স্থান দিব খোজা মনোবৃত্তি সম্পূৰ্ণ গৰিহণাৰ যোগ্য।

চৰকাৰৰ এই পদক্ষেপ(আমাৰ মনত ষড়যন্ত্ৰ)ক বাস্তৱসন্মত আৰু ন্যায্য প্ৰতিপন্ন কৰিবলৈ ৰাজ্যৰ শিক্ষা বিভাগে অৱশ্যে শিক্ষা উপদেষ্টা ননীগোপাল মহন্তৰ পৌৰোহিত্যত গঠন কৰি দিয়া কমিটিৰ জৰিয়তে কৌশলগতভাৱে গণিত, বিজ্ঞান আৰু সমাজ বিজ্ঞান বিষয়ক ইংৰাজী মাধ্যমেৰে শিকোৱাৰ অনুমোদন লৈ থৈছে। অৰ্থাৎ অসমীয়া ভাষাটোক হেয় কৰি অপ্ৰয়োজনীয়ভাৱে ইংৰাজী ভাষা শিক্ষাক গুৰুত্ব দি চৰকাৰীভাৱে অসমীয়া ভাষাৰ শ্মশানযাত্ৰা ইতিমধ্যেই আৰম্ভ কৰা হৈছে।

AASU

দেশৰ ভিতৰতেই কিজানি প্ৰথম হ’ব অসমৰ এনেধৰণৰ শিক্ষাখণ্ডৰ আজৱ সংস্কাৰৰ কথা। একেখিনি সময়তে কিন্তু কৰ্ণাটক চৰকাৰে ৰাজ‍্যত সকলো বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে কানাড়া ভাষা বাধ্যতামূলকভাৱে শিকোৱাৰ ব্যৱস্থা কৰিবলৈ উঠি-পৰি লাগিছে। এই সময়ত মনলৈ আহিছে চৰকাৰৰ মুৰব্বীৰ সেইবোৰ দীঘল দীঘল প্ৰতিশ্ৰুতি― অভিযান্ত্ৰিক, চিকিৎসা বিজ্ঞান আদি বিষয়তো মাতৃভাষাৰ জৰিয়তে শিক্ষাদানৰ ব্যৱস্থা ইত্যাদি। এতিয়া আমি চৰকাৰৰ পৰস্পৰবিৰোধী সিদ্ধান্তসমূহৰ কোনটো জনকল‍্যাণমুখী সিদ্ধান্ত বুলি মানিম ?

আচলতে সকলোবোৰেই ৰাজনৈতিক দৃষ্টিভঙ্গীৰে অসমীয়াৰ ভৱিষ্যত পঙ্গু কৰাৰ গভীৰ ষড়যন্ত্ৰৰ এক অংশ।

শিক্ষা বিভাগৰ এই হঠকাৰী সিদ্ধান্তবোৰ যে অসমীয়া জাতীয় চিন্তাৰে পৰিচালিত অসমীয়াৰ মগজুপ্ৰসুত নহয়, তাক দোহৰাৰ প্ৰয়োজন নাই। সেয়েহে, জাতিৰ স্বাৰ্থত, মাতৃভাষাৰ অস্তিত্বৰ স্বাৰ্থত চৰকাৰৰ এই বিতৰ্কিত সিদ্ধান্তসমূহ অনতিপলমে প্ৰত‍্যাহাৰ কৰক আৰু অসমীয়া ভাষাৰ বিকাশ তথা অস্তিত্ব ৰক্ষাৰ হকে চৰকাৰে নিজৰ ভাষানীতি পুনৰ বিবেচনা কৰি তাক কাৰ্য্যকৰী কৰাৰ দৃঢ় পদক্ষেপ লওক।

অসমীয়া ভাষা আৰু অসমীয়াৰ ভৱিষ্যত সুৰক্ষাৰ দায়িত্ব নিশ্চিতভাৱে চৰকাৰৰ। প্ৰশাসনৰ সকলো স্তৰতে অসমীয়া ভাষা প্ৰয়োগেৰে অসমীয়া ভাষাৰ অস্তিত্ব ৰক্ষা কৰাটো চৰকাৰৰো বিশেষ দায়িত্ব আৰু এই দায়িত্ব নিষ্ঠাৰে পালন কৰাটো আমি সকলোৱেই বিচাৰোঁ। এয়া আমি মাতৃভাষাপ্ৰেমী প্ৰতিজন অসমীয়াৰে নায‍্য দাবী।

Kula Saikia Mrinalini
অসম সাহিত্য সভাৰ সভাপতি ড° কুল শইকীয়া আৰু উপ-সভাপতি শ্ৰীমতী মৃণালিনী দেৱী 

মাতৃভাষাৰ সংকটৰ প্ৰসঙ্গত একে সময়তে অতি প্ৰাসংগিকভাৱেই আমাৰ মনলৈ আহে, অসমীয়া ভাষাৰ সৰ্বতোপ্ৰকাৰে উন্নতিৰ আৰু প্ৰসাৰৰ অৰ্থে গঠন হোৱা, অসমীয়াৰ একমাত্ৰ নিজৰ বুলিব পৰা সৰ্ববৃহৎ জাতীয় অনুষ্ঠান ‘অসম সাহিত্য সভাৰ’ কথা।

আমি মনে-প্ৰাণে বিচাৰোঁ―প্ৰয়োজনৰ এই মুহূৰ্তত কিছুমান তুলুঙা বিতৰ্কৰ মাজত সোমাই নাথাকি অসম সাহিত্য সভাই আগবাঢ়ি আহক, অসমীয়া ভাষাৰ সংকট মোচনৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ লৈ দৃঢ়তাৰে অসমীয়া ভাষাৰ উন্নতি আৰু প্ৰসাৰত আত্মনিয়োগ কৰক। ইতিহাসৰ পৰা শিক্ষা নল’লে কিন্তু অসম আৰু অসমীয়া ভাষাৰ ভৱিষ্যত ৰক্ষা কৰাটো সহজ নহ’ব।

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Admin

Admin

Related Posts

চিয়াং নৈৰ পাৰৰ নষ্টাল’জিয়া
Special Report

চিয়াং নৈৰ পাৰৰ নষ্টাল’জিয়া

by Admin
March 29, 2023
0

চিয়াং নৈ গৌতম শৰ্মা গৌতম শৰ্মা “চিয়াঙৰে গালং লোহিতৰে খামটি আৰু টিৰাপৰে ৱানচুৱে মোক কিয় মাতিছে….      সুধাকন্ঠ ড°...

Read more
Durga: As the Goddess of the East

Durga: As the Goddess of the East

March 29, 2023
Things to Learn in Navratri

Things to Learn in Navratri

March 28, 2023
India’s Obsession with Matchmaking

India’s Obsession with Matchmaking

March 28, 2023
Things to do when offering an apology

Things to do when offering an apology

March 28, 2023
Rampant Upsurge of Academic Bullying

Rampant Upsurge of Academic Bullying

March 28, 2023
  • Trending
  • Comments
  • Latest
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
লাচিত বৰফুকন

লাচিত বৰফুকন

November 24, 2022
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
গামোচা বিতৰ্ক আৰু অসমীয়া বঙালীৰ সমন্বয়

গামোচা বিতৰ্ক আৰু অসমীয়া বঙালীৰ সমন্বয়

March 29, 2023
In The Echoes Of February

In The Echoes Of February

March 29, 2023
UKRAINE: 5th report on the Media during the War

The Views of the News: The Role of Media in a Changing Landscape

March 29, 2023
চিয়াং নৈৰ পাৰৰ নষ্টাল’জিয়া

চিয়াং নৈৰ পাৰৰ নষ্টাল’জিয়া

March 29, 2023

Popular Stories

  • Dholera: Modi’s Dream Project turns lifeless and barren!

    Dholera: Modi’s Dream Project turns lifeless and barren!

    901 shares
    Share 309 Tweet 193
  • জাহ্নৱী স্বৰ্গীয়াৰী: মাৰ্কিন ভূমিত প্ৰশংসিত অসমীয়া মহিলা উদ্যমী

    857 shares
    Share 90 Tweet 56
  • অটোৰিক্সা চালকৰ পৰা দেশজুৰি সমাদৃত ফটোগ্ৰাফাৰলৈ বৰ্ণময় জীৱন

    120 shares
    Share 48 Tweet 30
  • Captain Jintu Gogoi Vir Chakra Memorial Football Tournament

    203 shares
    Share 81 Tweet 51
  • Udyam 2023 begins at Duliajan

    182 shares
    Share 73 Tweet 46
  • কাব্য-ঋষি নীলমণি ফুকনৰ সশ্ৰদ্ধ সোঁৱৰণত

    157 shares
    Share 63 Tweet 39
  • RAJA RAVI VARMA: FATHER OF MODERN ART IN INDIA

    18 shares
    Share 7 Tweet 5
  • Nature-Writings: New Rising In The World Of Literature

    56 shares
    Share 22 Tweet 14
  • Issues of Northeast and Role of Media

    55 shares
    Share 22 Tweet 14
  • Speak You – How Romania helps Ukrainian refugees: the experience of a team from Sighișoara

    54 shares
    Share 22 Tweet 14
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: