• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, July 12, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Education

ইংৰাজী ব্যঞ্জনধ্বনি সমূহৰ উচ্চাৰণ

সঞ্জীৱ কুমাৰ নাথ

by Sanjeev Kumar Nath
September 8, 2024
in Education, Special Report
Reading Time: 10 mins read
0
ইংৰাজী ব্যঞ্জনধ্বনি সমূহৰ উচ্চাৰণ
Share on FacebookShare on TwitterShare on LinkedIn

ইংৰাজী ব্যঞ্জনধ্বনি সমূহৰ উচ্চাৰণ

সঞ্জীৱ কুমাৰ নাথ

Sanjeev Nath
সঞ্জীৱ কুমাৰ নাথ

ইংৰাজী উচ্চাৰণৰ বিষয়ে আমাৰ আগৰ দুটা লেখাত (“ইংৰাজী উচ্চাৰণৰ বিষয়ে যৎকিঞ্চিৎ-১” আৰু “ইংৰাজী উচ্চাৰণৰ বিষয়ে যৎকিঞ্চিৎ-২”) যিদৰে সাধাৰণতে IPA (International Phonetic Alphabet) চিহ্ন ব্যৱহাৰ নকৰাকৈ আৰু পৰাপক্ষত অসমীয়া ভাষাৰ উচ্চাৰণৰ উদাহৰণেৰে ইংৰাজীৰ স্বৰ ধ্বনি সমূহৰ (২০টা) বিষয়ে আলোচনা কৰা হৈছিল, সেইদৰে এই লেখাতো পৰাপক্ষত IPA আৰু অন্য পাণ্ডিত্যপূর্ণ বাগাড়ম্বৰ এৰাই চলি ইংৰাজীৰ ২৪ টা ব্যঞ্জন ধ্বনিৰ আলোচনা কৰা হ’ব।

ইংৰাজী উচ্চাৰণৰ বিষয়ে এইদৰে আলোচনা কৰাৰ অর্থ এইটো নহয় যে এনে আলোচনাত IPA ব্যৱহাৰ কৰাৰ প্রয়োজন নাই বা পাণ্ডিত্যপূর্ণ আলোচনাৰ প্রয়োজন নাই। প্রকৃততে IPA ব্যৱহাৰ কৰি আৰু কিছুমান গৱেষণামূলক তথ্য আগবঢ়াই এনে আলোচনা বেছি অর্থপূর্ণ কৰিব পাৰি। কিন্তু তেনে কৰিলে পঢ়ুৱৈৰ নিজৰ কিছু আগতীয়া পঢ়া-শুনা বা প্রস্তুতিৰ প্রয়োজন।
english1

পঢ়ুৱৈৰ পৰা তেনে প্রস্তুতি দাবী নকৰাকৈ সহজ ভাবে যিখিনি আলোচনা সম্ভৱ, সেয়াকে এই লেখা কেইটাত কৰা হৈছে, কিন্তু ইচ্ছুক শিকাৰুৱে এই আলোচনাৰ আলমত, প্রয়োজনীয় অভ্যাস কৰিলে নিজেই IPA শিকাৰ উপৰি বহুদূৰ আগবাঢ়িব পাৰিব।

        ভাষা-বিজ্ঞানৰ মতে কিছুমান ব্যঞ্জন ধ্বনি voiced হয়, অর্থাৎ সেইবোৰ উচ্চাৰণ কৰোঁতে স্বৰতন্ত্রী (vocal cords) কম্পিত হয়, আৰু আন কিছুমান ব্যঞ্জন ধ্বনি unvoiced, অর্থাৎ সেইবোৰ উচ্চাৰণ কৰোঁতে স্বৰতন্ত্রী কম্পিত নহয়। এই লেখাত কোনটো ব্যঞ্জন ধ্বনি voiced আৰু কোনটো unvoiced সেয়া কিছু ক্ষেত্রত উল্লেখ কৰা হৈছে। তাত্ত্বিক বর্ণনা, আলোচনা সকলো বাদ দিয়া হৈছে।

ব্যঞ্জন ধ্বনি সমূহ উচ্চাৰণ কৰাৰ সময়ত হাতৰ আঙুলিৰে নিজৰ ডিঙিৰ ঘটিকা (কণ্ঠমণি) স্পর্শ কৰি থাকিলে কোনোটো ধ্বনিত স্বৰতন্ত্রীৰ কম্পন হয় আৰু কোনটোত নহয় লাহে লাহে বুজিব পাৰি। কণ্ঠমণিৰ ভিতৰ ফালে থকা স্বৰযন্ত্রৰ ভিতৰৰ স্বৰতন্ত্রীৰ কম্পন বুজিবলৈ কিছু অভ্যাস কৰিব লাগে। কিন্তু উচ্চাৰণ শিকিবলৈ, অভ্যাস কৰিবলৈ এইবোৰ জনা বাধ্যতামূলক নহয়।

        ১. ইংৰাজী p আখৰে বুজোৱা ব্যঞ্জন ধ্বনি : অসমীয়াত “প” উচ্চাৰণ কৰিবলৈ বন্ধ ওঁঠ দুখন খুলি বায়ু বাহিৰলৈ যাবলৈ দি কৰা হয়, আৰু ইংৰাজীতো তাকে কৰা হয়, কিন্তু ওঁঠ দুখন অলপ বেছি জোৰকৈ বন্ধ ৰাখি, বেছি জোৰকৈ আৰু খৰকৈ খুলি দিয়া হয়, অর্থাৎ বাহিৰলৈ ওলোৱা বায়ু (egressive air) বেছি খৰকৈ, হঠাৎ ওলায় যায়।

অসমীয়া “প” উচ্চাৰণত যিমান শক্তি ক্ষয় হয় তাতকৈ চাগৈ ইংৰাজী “প” উচ্চাৰণত বেছি শক্তি ক্ষয় হয়। অসমীয়া আৰু ইংৰাজী দুয়োটা ধৰণে “প” উচ্চাৰণ কৰি চালে পার্থক্যটো বুজিব পাৰি। (বেছি ভাগ ভাৰতীয় ভাষাত অসমীয়াৰ দৰেই “প” উচ্চাৰণ হয়।) এইটো এটা unvoiced ব্যঞ্জন ধ্বনি।

এই ব্যঞ্জন ধ্বনি থকা শব্দৰ উদাহৰণ : put, pool, pack, pure, push, punish, peel, pink, pie, pound, pay,  (এই শব্দবোৰ উচ্চাৰণ কৰোঁতে স্বৰ ধ্বনি সলনি হোৱা মন কৰিবলগীয়া। সেইদৰে ব্যঞ্জন ধ্বনিৰ উচ্চাৰণৰ অভ্যাসৰ সৈতে স্বৰ ধ্বনিৰো উচ্চাৰণৰ অভ্যাস হৈ যায়)। “প”ৰ সৈতে “ৰ” একেলগে থকা (“প্র”) উচ্চাৰণৰ অভ্যাস : pray, prank, prattle, prick, promote, protect, prune, pry, privy, prime, private, presume, premature, presence, present, president, presentiment, precedence, procedure, prudish, prune.

ঠিক সেইদৰে p+l (প্ল) : play, player, ply, plough, plod, plaster, pluck, plea, please, plunder.

        ২. ইংৰাজী b আখৰেৰে বুজুৱা ব্যঞ্জন ধ্বনি : Boney M নামৰ বিখ্যাত ডিস্ক’ গোটে ১৯৭৭ চনত গোৱা এটা গান আছিল “Ma Baker”. গানটোৰ প্রথম বাক্যটো “Freeze! I am Ma Baker”. গানটোৰ এই বাক্যটোত থকা “Baker” শব্দটো কিদৰে উচ্চাৰণ কৰা হৈছে মন কৰিলে বুজা যাব যা ইংৰাজী “b” ধ্বনিটো উচ্চাৰণ কৰোঁতে কেনে শক্তি প্রয়োগ হয়, বন্ধ ওঁঠ দুখন কিমান জোৰেৰে আৰু খৰকৈ খোলা হয়। (“p” ধ্বনিৰ ক্ষেত্রতো এই কথা কোৱা হৈছিল যে অসমীয়া ‘প” কোৱাতকৈ বেছি জোৰত ইংৰাজী “p” কোৱা যায়।) এই দুয়োটা ধ্বনিয়েই অসমীয়াৰ বাবে সহজ, কেৱল উচ্চাৰণটো যে forcefully কৰিব লাগে, সেই কথা মনত ৰাখিব লাগে। এইটো এটা voiced ব্যঞ্জন ধ্বনি।

BoneyM

শব্দৰ উদাহৰণ : ball, badminton, bank, because, baker, bear, beer, bin, bind, bye, bird, bowl,

b+r : brown, bring, bray, bright, brick, break, brandish, brother,

b+l : blue, blow, bleak, blunt, blister, blah-blah,

        ৩. ইংৰাজী t আখৰে বুজুৱা ব্যঞ্জন ধ্বনি : অসমীয়াত “ত” বা “ট” কৈ চাওক। দেখিব যে ওপৰ পাৰি দাঁতৰ আলুত (alveolar ridge) জিভাৰ আগে গৈ খুণ্ডা দিছে। ইংৰাজীতো একেই প্রক্রিয়া; কেৱল পুনৰ মন কৰিব লাগিব যে জিভাৰে দাঁতৰ আলুত জোৰকৈ হেঁচি ধৰি হঠাতে এৰি দি এই ধ্বনিটো উচ্চাৰণ কৰিব লাগে। শব্দৰ প্রথম ধ্বনিটোৱেই যদি t হয়, তেন্তে বিশেষকৈ মন কৰিব লাগিব যাতে জিভাৰ হেঁচা আৰু এৰি দিয়াৰ ক্ষিপ্রতা বেছি হয়। এনে শব্দৰ উদাহৰণ : tea, tick, toll, tell, temper, tour, temperature, tailor, tiles, turn, tomorrow, teacher.

এই ব্যঞ্জন ধ্বনি থকা অন্য শব্দৰ উদাহৰণ : relate, beget, not, got, bought, caught, fight, knight

t + r : trick, tray, trail, train, tree, trial, trousers, trout, track, trust, try, trial, tremendous, trend, treacherous.

এইটো এটা unvoiced ব্যঞ্জন ধ্বনি।

        ৪. d আখৰে বুজুৱা ব্যঞ্জন ধ্বনি : অসমীয়াত ত, থ, দ, ধ, ন আটাইকেইটা ধ্বনিৰ উচ্চাৰণত জিভাৰ যি ক্রিয়া ইংৰাজী t, d, (আৰু n)ৰ উচ্চাৰণতো সেই একে ক্রিয়া—অর্থাৎ ওপৰ পাৰি দাঁতৰ আলুত জিভাই হেঁচা দি এৰি দিয়ে। পুনৰ একে কথা মনত ৰাখিব লাগে—জিভাৰ হেঁচা আৰু এৰি দিয়া জোৰত হ’ব লাগিব। এইটো এটা voiced ব্যঞ্জন ধ্বনি।

শব্দৰ উদাহৰণ : day, dog, dance, do, dear, dig, district, date, data, darling, dare, devil, disco, disaster, distaste, distance, dim, destroy

d+r : drum, drill, dreary, dream, dry, drown, drink, drunkard, drone, drake

English

        ৫. ইংৰাজী k আখৰৰ দ্বাৰা সদায় আৰু c, ck, ch, আদিৰ দ্বাৰা কিছুমান ক্ষেত্রত (তলৰ উদাহৰণ চাওক) বুজুৱা আৰু অসমীয়া “ক”ৰ সৈতে মিল থকা ব্যঞ্জন ধ্বনি । অসমীয়া “ক” ধ্বনিৰ যিদৰে উচ্চাৰণ কৰা যায়, সেইদৰেই এই ইংৰাজী k ধ্বনিৰ উচ্চাৰণ কৰা যায়, কেৱল egressive air কিছু জোৰেৰে (হঠাৎ) উলিয়াব লাগে। এইটো এটা unvoiced ব্যঞ্জন ধ্বনি।

শব্দৰ উদাহৰণ : kind, kin, can, cow, chicken (মাজৰ ck), chemistry, chemical, chlorine (k+l).

        ৬. ইংৰাজী g আখৰে বুজুৱা ব্যঞ্জন ধ্বনি : অসমীয়া “গ”ৰ উচ্চাৰণ কৰাৰ পক্রিয়াতে বেছিকৈ জোৰদি (egressive air কিছু জোৰেৰে উলিয়াই) উচ্চাৰণ কৰিলেই ইংৰাজীৰ এই ব্যঞ্জন উচ্চাৰণ হয়। এইটো এটা voiced ব্যঞ্জন ধ্বনি।

শব্দৰ উদাহৰণ : go, give, gear, gale, gynaecologist, gable, gamble, gas

g+r : grant, grow, gruel, grim, great, grumpy, grill

        ৭. ইংৰাজী church, chicken আদি শব্দৰ “ch”ৰ ধ্বনি : ইংৰাজীৰ এই unvoiced ব্যঞ্জন ধ্বনি অসমীয়া ভাষাত নাই (কিন্তু আজিকালি ইংৰাজী, হিন্দী, বাংলা আদি ভাষাৰ পৰা এই ধ্বনি শিকি বহুতে অসমীয়াৰ “চ”ৰ ঠাইত এই উচ্চাৰণ কৰে। বিশেষ পৰিস্থিতিত সেয়া শুদ্ধ হ’ব পাৰে, কিন্তু সাধাৰণতে এই ধ্বনিৰ অভাৱো অসমীয়া ভাষাৰ  এটা বৈশিষ্ট। অসমীয়া অসমীয়াৰ দৰে কোৱা ভাল। সংস্কৃত বর্ণমালাৰ “च” আৰু অসমীয়াৰ “চ” একেটা আখৰ। সংস্কৃত বা হিন্দীত এই আখৰৰ উচ্চাৰণ আৰু ইংৰাজীৰ church, chicken আদিৰ“ch”ৰ ধ্বনি মাজত কোনো পার্থক্য নাই।

“सोतेलाल, सपाती के साथ सम्मस भी लाना“

        সৰুতে মধ্য প্রদেশৰ মোৰ স্কুলত শুনা এটা কাহিনী। (সকলো স্কুলৰ ল’ৰা-ছোৱালীৰ মাজত গল্প-গুজবৰ এখন ৰহস্যময় জগত থাকে)। আমাতকৈ বয়সত ডাঙৰ এজন অসমীয়া ছাত্রৰ কথা। তেওঁ হেনো এবাৰ স্কুলৰ ডাইনিং হলত কাম কৰা ল’ৰা এজনক ৰুটিৰ লগতে এখন চামোচো লৈ আনিবলৈ কৈছিল। সম্পূর্ণ শুদ্ধ অসমীয়া (আৰু সম্পূর্ণ ভুল হিন্দী) উচ্চাৰণেৰে ছোটেলাল নামৰ সেই ল’ৰাটোক হেনো তেওঁ কৈছিল, “सोतेलाल, सपाती के साथ सम्मस भी लाना” । বেচেৰা ছোটেলালে হেনো বুজিকে পোৱা নাছিল আমাৰ অসমীয়া ককাইদেৱে কি নো কৈছে।

কিন্তু এই উচ্চাৰণটো মুঠেই টান নহয়। আমাৰ ভাষাত এই ধ্বনিটো নাই বাবেও বিশেষ দুখ কৰিব লগীয়া নাই কাৰণ আমাৰ ভাষাত যি আছে সেয়াই তাৰ স্বকীয়তা। বিশ্বৰ কোনো ভাষাতেই আন সকলো ভাষাৰ সকলো ধ্বনি নাই। তামিল ভাষাত অনেক ব্যঞ্জন ধ্বনি নাই। তামিল বর্ণমালাতে বহু আখৰ নাই কাৰণ সেই আখৰ বোৰে বুজাব লগীয়া ধ্বনি তামিলত নাই। কিন্তু তামিল পণ্ডিতৰ সংস্কৃত উচ্চাৰণ অতি সুন্দৰ কাৰণ তেওঁলোকে নিজৰ ভাষাত নথকা ধ্বনি সমূহ ভালদৰে শিকি লয়।

অকণমান অভ্যাস কৰিলেই এই ধ্বনি শিকিব পাৰি।  আমাৰ অসমীয়া ককাইদেৱে ক’ব বিচৰা হিন্দী বাক্যটো আছিল छोटेलाल, चपाती के साथ चम्मच भी     लाना । এই হিন্দী বাক্যত থকা শব্দ चपाती আৰু चम्मच ৰ च আখৰটো আৰু অসমীয়া চ আখৰটো বর্ণমালাৰ একে স্থানৰ, একে আখৰ, কিন্তু উচ্চাৰণ ভিন্ন। হিন্দীৰ আৰু অসমীয়া “স” একে আখৰ, কিন্তু উচ্চাৰণ ভিন্ন। অসমীয়াৰ “স”, “শ” আৰু “ষ”ৰ উচ্চাৰণ একেটা, আৰু এই উচ্চাৰণ অসমীয়া ভাষাৰ এটা বৈশিষ্ট। বিশ্বৰ খুব কম প্রচলিত ভাষাতহে এই উচ্চাৰণ আছে। স্কটলেণ্ডৰ প্রাচীন স্কচ্ গেইলিক ভাষাত এই উচ্চাৰণৰ ওচৰা উচৰি ধ্বনি আছে। 

আমাৰ স্কুলৰ অসমীয়া ককাইদেৱে হিন্দী “च” ব্যঞ্জনৰ সলনি হিন্দী “स” ব্যঞ্জন ব্যৱহাৰ কৰাৰ বাবে ছোটেলালে তেওঁৰ কথা বুজাত অসুবিধা হৈছিল। তেওঁ অসমীয়া “চ”ৰ উচ্চাৰণকে (যি আচলতে হিন্দী “स” উচ্চাৰণৰ সৈতে হে মিলে) হিন্দী “च”ৰ বাব প্রয়োগ কৰিছিল।

Assamese1

আমি ক’ব পাৰো যে উচ্চাৰণৰ দৃষ্টিত—

১) অসমীয়া স=ষ=শ; আৰু এই উচ্চাৰণ অসমীয়া ভাষাৰ নিজা বৈশিষ্ট।

২) অসমীয়া চ=ছ=হিন্দী स  

৩) হিন্দী च আৰু छ ৰ উচ্চাৰণ অসমীয়াত নাই। (হিন্দীৰ छ উচ্চাৰণ ইংৰাজীত নাই)

আমি অসমীয়া চ=ছ=হিন্দী स উচ্চাৰণ কেনেকৈ কৰোঁ? জিভাৰ আগটো ওপৰ পাৰি দাঁত আৰু দাঁতৰ আলুৰ ওচৰত থাকে আৰু জিভাৰ আগ আৰু দাঁত/দাঁতৰ আলুৰ মাজেৰ এক প্রকাৰৰ কম্পন সৃষ্টি কৰি বতাহ বাহিৰলৈ ওলায়। এই উচ্চাৰণ কৰিবলৈ কোনো অসমীয়াই এই বর্ণনা ব্যৱহাৰ কৰিব লগীয়া নহ’ব কাৰণ আমাৰ ভাষাত থকা এইটো এটা সাধাৰণ ধ্বনি। এই ধ্বনিটো ইংৰাজীৰ s (sun, so, seem, saw, sick, silly, see) ধ্বনি।

এতিয়া ইয়াৰ পৰাই ইংৰাজী ch বা হিন্দী च ধ্বনিলৈ যাব পাৰি। অসমীয়া চ=ছ=হিন্দী स=ইংৰাজী s উচ্চাৰণ কৰোঁতে জিভা খনৰ আৰু দাঁত/দাঁতৰ আলুৰ মাজেৰ এক প্রকাৰৰ কম্পন সৃষ্টি কৰি বতাহ ওলায় যায়। এতিয়া জিভাৰ আগ ভাগেৰে (কিন্তু জিভাৰ tip নহয়) মুখৰ মুধত (ওপৰ পাৰি দাঁতৰ ওচৰত) ঠেলি ধৰি হঠাৎ এৰি দি (অর্থাৎ জিভাৰে মুধত খুন্দা মৰাৰ দৰে কৰি) জোৰেৰে বতাহ ওলাই আহিবলৈ দিলেই ইংৰাজী ch বা হিন্দী च ধ্বনিৰ সৃষ্টি হ’ব।

অন্য এটা ধৰণেও বুজিব পাৰি। কোনো শোকৰ বার্ত্তা শুনিলে প্রায়ে মানুহে চ-চ-চ ৰ দ’ৰে এটা exclamatory ধ্বনি ওলিয়াই। অসমীয়া মানুহেও এই ধ্বনি উলিয়াই। এই ধ্বনি আৰু ইংৰাজী ch বা হিন্দী च ধ্বনিৰ মাজত বৰ বেছি পার্থক্য নাই, কিন্তু ডাঙৰ কথা যে এই exclamatory ধ্বনি সৃষ্টি কৰোঁতে আমি বতাহ বাহিৰলৈ নুলিয়াই ভিতৰলৈ হে টানোঁ (ingressive air)। কিন্তু এই চ-চ-চ exclamatory ধ্বনি ওলিয়াবলৈ জিভাই য’ত খুন্দা মাৰে, তাতে খুন্দা মাৰি, কেৱল অন্য সকলো উচ্চাৰণৰ ক্ষেত্রত কৰাৰ দৰে, বাহিৰলৈ বতাহ উলিয়াই (egressive air) উচ্চাৰণ কৰিলেই ইংৰাজী ch বা হিন্দী च ধ্বনিৰ সৃষ্টি হ’ব।

English 2

আৰু এটা কথা। এই বোৰ কথা নাজানিও (জিভাই ক’ত খুন্দা মাৰিব) কেৱল এই ধ্বনিটো আনৰ মুখত শুনি নিজে সৃষ্টি কৰিবলৈ যত্ন কৰিলেই এই উচ্চাৰণ শিকিব পাৰি। মই এই কথা নিশ্চিতকৈ এই বাবে ক’ব পাৰো যে মোৰ অসমীয়া জিভাই এনে উচ্চাৰণ প্রথম শিকোঁতে কেৱল অনুকৰণেৰে শিকিছিল। অৱশ্যে এইটো ঠিক যে অনুকৰণ কম বয়সৰ লোকে বেছি সহজে কৰিব পাৰে। সৰু ল’ৰা-ছোৱালীক সেই বাবে ধ্বনি বিদ্যাৰ তত্ত্ব শিকাব লগীয়া নহয়; অনুকৰণৰ প্রেৰণাৰেই তেওঁলোকক শুদ্ধ উচ্চাৰণ শিকাব পাৰি।

ইংৰাজীত ch থকা বহুত শব্দত এই উচ্চাৰণ আছে, কিন্তু সকলোতে নহয়। এই উচ্চাৰণ থকা শব্দৰ উদাহৰণ—church, chicken, child, chilly (অতিপাত শীত), chilli (জলকীয়া), Churchill, charm, chase, chant, cherry, cheat.

এই উচ্চাৰণ নিশিকি S উচ্চাৰণেৰে কাম চলাই যাব এই বাবে নোৱাৰি যে উচ্চাৰণৰ পার্থক্য মতে অর্থৰ পার্থক্য বহুত বেছি হয়। উদাহৰণ—

sin = পাপ, কিন্তু chin = থুতৰি

suck = সোহা (মুখেৰে সোহা মৰা), কিন্তু Chuck = চীনা নাম

sick = অসুখীয়া কিন্তু chick = কুকুৰা বা অন্য চৰাইৰ পোৱালি

sees = “দেখা পায়” (ক্রিয়াপদ—She sees, He sees); cheese = গাখীৰৰ পৰা তৈয়াৰ কৰা cheese

sip = এঘোট (বিশেষ্য পদ) বা এঘোট (পানী, চৰবত, পানীয়, আদি) পি খোৱা (ক্রিয়া পদ), কিন্তু chip = কাঠৰ ক্ষুদ্র টুকুৰা, বা কম্প্যুটাৰ আদিত ব্যৱহাৰ হোৱা ইলেক্ট্রনিক chip.

sap = সাহ (যেনে ঘছ বা কাঠৰ ভিতৰৰ সাহ) কিন্তু chap = মানুহ, বন্ধু (informal use—“Hi, my good chap, how are you?”)

৮. ইংৰাজী judge শব্দৰ “জ” ধ্বনি – অসমীয়াত “য” আৰু “জ” ধ্বনিৰ মাজত বিশেষ পার্থক্য নাই। সংস্কৃতৰ “যদা যদা হি ধর্মস্য….”ৰ “যদা” “যদা”ক অসমীয়া বা বঙালী মানুহে এই “য” বা “জ” ধ্বনিৰে উচ্চাৰণ কৰা নিশ্চয় আপুনি শুনিছে, কিন্তু সংস্কৃতৰ “য”ৰ উচ্চাৰণ অতি স্পষ্টকৈ “য়” (“য” নহয়) : য়দা য়দা হি…। “যদি” শব্দটো সংস্কৃত, হিন্দী, বাংলা, অসমীয়া আটাইকেইটা ভাষাতে আছে, কিন্তু সংস্কৃত আৰু হিন্দীত তাৰ উচ্চাৰণ হ’ল “য়দি” আৰু অসমীয়া আৰু বাংলাত “যদি”।

অসমীয়াত সাধাৰণতে কোমল “য” আৰু “জ” দুয়োটা আখৰৰ বাবে কোমল “য” ধ্বনি শুনা যায়। এই ধ্বনি সৃষ্টি কৰোতে জিভাৰ আগভাগ ওপৰ পাৰি দাঁতৰ আলুৰ ওচৰত থাকে আৰু জিভা আৰু আলুৰ মাজেৰে কিছু কর্ষণ কৰি বায়ু ওলাই যায়। যদি জিভাৰ আগ ভাগেৰে ওপৰ পাৰি দাঁতৰ আলুত হেঁচি ধৰি, পিছত হঠাত এৰি দি জোৰেৰে বায়ু ওলাই যাবলৈ দিয়া হয়, তেনে ইংৰাজীৰ কঠোৰ “জ” ধ্বনি সৃষ্টি হয়। এই ধ্বনি থকা শব্দৰ উদাহৰণ—

jury, jail, jet, June, July, join, jam, jaw, Jack, grudge (dge=“জ্”), fridge, ridge, bridge, judge, judgement, ginger [জিন্‌জা(ৰ্)]

৯. ইংৰাজী f ধ্বনি : অসমীয়া, হিন্দী, বাংলা আদি ভাষাত প, ফ, ব, ভ, ম উচ্চাৰণ কৰোঁতে ওঁঠ দুখন প্রথমে বন্ধ কৰি পিছত মেলি দি বায়ু বাহিৰলৈ ওলাবলৈ দিয়া হয়। দুয়ো খন ওঁঠ বয়ৱহাৰ হয় বাবে এই ধ্বনি সমূহক bilabial (দ্বিওষ্ঠী) বোলা হয়, আৰু বন্ধ মুখ খুলি জোৰকৈ বায়ু ওলাবলৈ দিয়া হয় বাবে plosive বোলা হয় : bilabial plosive ধ্বনি। ইংৰাজীত p, b আৰু m উচ্চাৰণ কৰোঁতে ওঁঠ দুখন প্রথমে বন্ধ কৰি পিছত খুলি জোৰকৈ বায়ু ওলাবলৈ দিয়া হয়, কিন্তু f আৰু v ধ্বনি দুটাৰ ক্ষেত্রত এই কথা শুদ্ধ নহয়।

Fish

        তলৰ ওঁঠখনক ওপৰৰ দাঁতেৰে স্পর্শ কৰি যদি “ফ” উচ্চাৰণ কৰিবলৈ চেষ্টা কৰা যায় তেন্তে ইংৰাজী voicelss ব্যঞ্জন f উচ্চাৰণ হ’ব। অসমীয়া আদি ভাৰতীয় ভাষাৰ “ফ”তকৈ ই অধিক কোমল ধ্বনি। এই ধ্বনি থকা শব্দৰ উদাহৰণ—fill, feel, full, fool, fish, fin, Finland, find, found, আদি।

এই ধ্বনি l, r আদি ব্যঞ্জন ধ্বনিৰ সৈতে একেলগেও থাকিব পাৰে—flick, flint, flap, fly, fling, flow, flower, flame, frame, from, frock, frolic, friend, fraternity, freedom আদি।

১০. ইংৰাজী v ধ্বনি। f ধ্বনিৰ বাবে যিদৰে ওপৰ পাৰি দাঁতেৰে তল ওঁঠত স্পর্শ কৰা যায়, ঠিক সেই ধৰণে কৰি যদি “ভ” উচ্চাৰণ কৰা যায়, তেন্তে ইংৰাজী f ধ্বনি সৃষ্টি হ’ব। এই ধ্বনি ও ভাৰতীয় ভাষা সমূহৰ দুই ওঁঠেৰে উচ্চাৰণ কৰা “ভ”ত কৈ অধিক কোমল ধ্বনি।

এই ধ্বনি থকা শব্দৰ উদাহৰণ—voter, very, vary, vow, vowel, voluntary, nerve, verb, curve, river, five, never, everyday.

১১. ইংৰাজী s ধ্বনি। এই ইংৰাজী voicless ব্যঞ্জন ধ্বনিটো তেনেই সহজ, সাধাৰণ ধ্বনি : অসমীয়াই চ, ছ উচ্চাৰণ কৰোঁতে, ( আৰু আমাৰ স্কুলৰ দাদা জনে হিন্দী চ, ছ উচ্চাৰণ কৰোঁতেও) এই ধ্বনি শুনা যায়। চেলকনা, চেং, চন্দাৰ চ বা ছবি, ছয়, ছন্দৰ ছ বা ইংৰাজীৰ Sam, Sunday, sun, sick, soul, silver আদি শব্দৰ s একেটা ধ্বনি।

১২. ইংৰাজী z ধ্বনি। অসমীয়াত সাধাৰণতে “য” আৰু “জ”ৰ পার্থক্য নৰখাকৈ যিটো ধ্বনি উচ্চাৰণ কৰা যায় (যি, যাৰ, যদি, জোৰ, জখলা, জুৰি আদি শব্দত) সেই ধ্বনিয়েই ইংৰাজী voiced ব্যঞ্জন ধ্বনি z ।

শব্দৰ উদাহৰণ : zoo, zoology, zest, Zen আদি শব্দৰ zৰ উচ্চাৰণ আৰু rise, boys, toys, buys (ক্রিয়াপদ : He buys a ticket) আদি শব্দৰ sৰ উচ্চাৰণ হ’ল এই z ধ্বনি।

judge শব্দটোত কঠোৰ জ ধ্বনি আছে (এই বিষয়ে ওপৰত আলোচনা কৰা হৈছে), কিন্তু zoo শব্দটোত কোমল z ধ্বনি আছে।

১৩. ইংৰাজী h ধ্বনি। এই voiceless ব্যঞ্জন ধ্বনি ও সহজ কাৰণ সকলো ভাৰতীয় ভাষাতে “হ” ধ্বনি আছে।

শব্দৰ উদাহৰণ : hat, hello, hole, hand, hindsight, heaven, hell.

১৪. ইংৰাজীৰ voiced ব্যঞ্জন ধ্বনি “য়” : ইংৰাজী yes, yell, yellow, yam, yak আদি শব্দৰ yৰ ধ্বনি আৰু অসমীয়া “য়” ধ্বনিৰ মাজত পার্থক্য নাই।

১৫. ইংৰাজী voiced ব্যঞ্জন ধ্বনি w বা অসমীয়া ৱ ধ্বনিৰ উচ্চাৰণ একেই। শব্দৰ উদাহৰণ : wise, woman, we, weep, win, wonderful. কিছুমান ভাষাত “ব” ধ্বনি থাকে, কিন্তু “ৱ” নাথাকে। অসমীয়াত দুয়োটা ধ্বনি আছে বাবে ইংৰাজী w উচ্চাৰণ কৰিবলৈ সহজ।

১৬. ইংৰাজী voiced ব্যঞ্জন r = অসমীয়া ৰ ধ্বনি। এই সহজ ধ্বনি বোৰ বুজুৱাৰ প্রয়োজন নাই বাবে কেৱল উদাহৰণ হে দিয়া হৈছে। এই ধ্বনিৰ উদাহৰণ : Ram, ray, reel, roll, render, round, rotund, rotary, rickshaw.

ইংৰাজীৰ Received Pronunciation (RP) হে “শুদ্ধ” বুলি দাবী কৰা সকলে বা Public School English হে কোৱা সকলে শব্দৰ শেষৰ আৰু মাজৰ r উচ্চাৰণ সাধাৰণতে উচ্চাৰণ নকৰে। গতিকে arm, father আদি শব্দৰ r উচ্চাৰণ কৰা নাযায়।

English4

১৭. ইংৰাজী voiced ব্যঞ্জন “l” বা অসমীয়া “ল” ধ্বনি একেই।

শব্দৰ উদাহৰণ : light, low, lend, little, lick, listen, learn, linger, laugh, Leela, lumber.

১৮. ইংৰাজীৰ unvoiced ব্যঞ্জন “th” (thick, thin আদি শব্দৰ th) ধ্বনি। অসমীয়াত “থ” উচ্চাৰণ কৰিবলৈ জিভাৰ সমুখ ভাগেৰে দাঁতৰ আলুত (alveolar ridge) হেঁচা প্রয়োগ কৰি পিছত এৰি দি (অর্থাৎ দাঁতৰ আলুত জিভাৰে আঘাত কৰি) উচ্চাৰণ কৰা হয়। উচ্চাৰণৰ স্থান অলপ সলনি কৰিয়েই ইংৰাজীৰ “th” (thin, thick আদি শব্দৰ th) উচ্চাৰণ কৰিব পাৰি।

জিভাৰ আগ ভাগেৰে ওপৰ পাৰি দাঁতত স্পর্শ কৰি যদি অসমীয়া “থ” ক’বলৈ যত্ন কৰা হয়, তেতিয়া যি ধ্বনি উৎপন্ন হ’ব, সেয়াই ইংৰাজীৰ “th” (thin, thick)। ই অসমীয়া “থ”ত কৈ বহু বেছি কোমল উচ্চাৰণ।

এই ধ্বনি থকা শব্দৰ উদাহৰণ : thick, thin, think, thumb, theory, theorem, third, thesaurus, theology

th + r  থকা শব্দৰ উদাহৰণ : through, throw, thrill, three,

১৯. ইংৰাজী “th” থকা শব্দৰ “দ”ৰ দৰে voiced ব্যঞ্জন ধ্বনি। ইংৰাজী “th”ৰ দুটা উচ্চাৰণেই সম্ভৱ। এটা হ’ল ওপৰত বর্ণনা কৰা thick, thin আদি শব্দৰ কোমল “th” ধ্বনি (যি অসমীয়া “থ”তকৈ অধিক কোমল)। আনটো হ’ল this, then আদি শব্দৰ “th”ৰ কোমল “দ” উচ্চাৰণ।

অসমীয়াত যি দৰে “দ” উচ্চাৰণ কৰা যায়, তাকে কৰক, কিন্তু ভিভাৰে দাঁতৰ আলুত আঘাত নকৰি ওপৰ পাৰি দাঁতত কোমলৈ আঘাত কৰক। ইংৰাজী কোমল “th” (they, then আদি শব্দৰ) ধ্বনি উচ্চাৰিত হ’ব।

এই ধ্বনি থকা শব্দৰ উদাহৰণ : this, thus, these, those, they, their, there, then, than,

২০. ইংৰাজী unvoiced ব্যঞ্জন sh (she, shame) ধ্বনি। এই ধ্বনি আমাৰ ভাষাত নাই। সংস্কৃত, হিন্দী, বাংলাত “শ”ৰ বাবে যি উচ্চাৰণ কৰা যায়, সিয়েই ইংৰাজীৰ sh. বঙালী মানুহে যেতিয়া মোৰ নামটো তেওঁলোকৰ নিজৰ মতে উচ্চাৰণ কৰে তেতিয়া মোক Sanjeev নহয়, Shanjeev বুলি কয় কাৰণ তেওঁলোকৰ ভাষাত থকা “স” আৰু “শ” দুয়টাৰে উচ্চাৰণ sh .

sh উচ্চাৰণ কৰোঁতে জিভা খন মুখৰ তালুৰ ফালে কিছু উঠে, আৰু জিভা আৰু তালুৰ মাজেৰে বায়ু ওলায় যায়। কাৰোবাক মনে মনে থাকিবলৈ যে কোৱা হয় “Shhh….”– তাতো এই ধ্বনি ব্যৱহাৰ হয়।

s আৰু sh ধ্বনিৰ পার্থক্য অতি গুৰুত্বপূর্ণ কাৰণ মাত্র এই এটা পার্থক্যৰ বাবেই অর্থ বহুত সলনি হৈ যাব পাৰে—

see = চোৱা (বা sea = সাগৰ), কিন্তু she = তাই

sin = পাপ, কিন্তু shin = আঁঠু আৰু সৰু গাঠিৰ মাজৰ হাড়

so = গতিকে [আজিকালি অসমীয়া কথোপকথনত ছ’ আৰু ত’ বুলি দুটা নতুন শব্দৰ বিশেষ তাৎপর্যপূর্ণ (!) প্রয়োগ হয়] show = দেখুউৱা

sun = বেলি, কিন্তু shun = লগ এৰা (He shunned my company after that incident)

same = একেই, একে ধৰণৰ, কিন্তু shame = লজ্জা

sell = বিক্রী কৰা , কিন্তু shell = মিছা মাছ জাতীয় প্রাণীৰ শৰীৰ ওপৰৰ বা কিছুমান ফলৰ ওপৰৰ বাকলি

sore = বিষ থকা, কষ্ট অনুভৱ কৰি থকা অৱস্থা (বিশেষণ পদ : I have a sore throat) , কিন্তু shore = হৃদ, সাগৰ আদিৰ পাৰ

soot = এলান্ধু, কিন্তু shoot = (বন্দুকেৰে) গুলি মৰা বা (কেমেৰাৰে) ফটো লোৱা

s আৰু sh ধ্বনিৰ পার্থক্য অভ্যাস কৰিবলৈ ব্যৱহাৰ কৰা দুটা বাক্য : ক) She sells sea sells on the sea shore. খ) The sixth Sheik’s sixth sheep’s sick.

English3

২১. Pleasure, treasure, measure, vision আদি শব্দৰ sৰ ধ্বনি। সাধাৰণতে ফৰাচী মূলৰ কিছুমান শব্দত এই ধ্বনিৰ ব্যৱহাৰ হয়। ইংৰাজীত তেনে শব্দৰ সংখ্যা কম, আৰু এসময়ত অতি ধনী, উচ্চ শিক্ষিত ইংৰাজৰ মুখত হে ইয়াক শুনা গৈছিল। অন্য সকলে z ধ্বনিৰেই কাম চলাইছিল। এতিয়া ইয়াক ভাৰতীয়, পাকিস্তানী সকলোৱে উচ্চাৰণ কৰে।

sh ধ্বনিটো আৰু এই ধ্বনিটোৰ মূল পার্থক্য ইমানেই যে sh এটা voiceless ব্যঞ্জন আৰু এইটো এটা voiced ব্যঞ্জন। এইটো ধ্বনিও আমাৰ ভাষাত নাই, আৰু বোধকৰোঁ অন্য ভাৰতীয় ভাষাতো বিৰল। Forvo.comলৈ গৈ ধ্বনিটো শুনি লোৱা ভাল হ’ব। বেদৰ “নেতি নেতি” শিক্ষাৰ দৰে ক’ব পাৰি যে এই ধ্বনিটো s নহয়, sh নহয়, z নহয়। (কোনোমতে এই ধ্বনি উৎপন্ন কৰিব নোৱৰা মানুহ লগ পাইছোঁ।

তেওঁলোকক কোৱা যায় যে একো নাই, এই ধ্বনি উচ্চাৰণ কৰিব নোৱাৰিলে z ধ্বনিৰেই কাম চলাব পাৰি।) শুদ্ধ উচ্চাৰণ শুনি অভ্যাস কৰা উচিত। জিভা খন তালুৰ ফাললৈ উঠাই, তালু আৰু জিভাৰ মাজেৰে বায়ু ওলাই যাবলৈ দি, sh উচ্চাৰণ কৰাৰ দৰেই কৰা হয়, কিন্তু স্বৰতন্ত্রীৰ কম্পন হয় আৰু zৰ উচৰা উচৰি এক ধ্বনিৰ উচ্চাৰণ হয়।

২২. ইৰাজী voiced ব্যঞ্জন m বা অসমীয়া ম ধ্বনি। এই ধ্বনি থকা শব্দৰ উদাহৰণ : my, mouse, mind, mud, middle, memory, mister, mad, maroon, moon, money. সহজ উচ্চাৰণ।

২৩. ইংৰাজী voiced ব্যঞ্জন n বা অসমীয়া ন উচ্চাৰণ। সহজ উচ্চাৰণ। শব্দৰ উদাহৰণ : no, know, new, knew, nine, never, Netherlands, pneumonia.

২৪. ইংৰাজী voiced ব্যঞ্জন ng বা অসমীয়া ঙ ধ্বনি। সহজ উচ্চাৰণ।

শব্দৰ উদাহৰণ : sing, ring, singer, mingle, tingle, bring, spring, song, sung.

ইংৰাজীত, আৰু অসমীয়াতো, এই ধ্বনি (ng /ঙ) কোনো শব্দৰ আগত নাথাকে—মাজত বা শেষতহে থাকে। কিছুমান আফ্রিকীয় ভাষাত এই ধ্বনি শব্দৰ আৰম্ভণিত থাকে। ভাৰতীয় ভাষাৰ ভিতৰত মণিপুৰীত এই ধ্বনি শব্দৰ আৰম্ভণিতো থাকে (মনিপুৰী ঙা = মাছ)।

মনত ৰাখিব লগীয়া কথা হ’ল যে শুদ্ধ উচ্চাৰণেৰে ইংৰাজী বা অন্য কোনো ভাষা ক’ব পৰা হোৱাটো এটা কৌশল, আৰু কৌশল আয়ত্ত কৰাৰ উপায় হ’ল অভ্যাস। নিজে মন দি অভ্যাস কৰিলে শুদ্ধ বা গ্রহণযোগ্য উচ্চাৰণ শিকিব পাৰি, আৰু নিজৰ প্রয়াস অবিহনে এই কৌশল আয়ত্ত কৰা অসম্ভৱ। এনে মানুহো লগ পাইছোঁ যি বছৰ বছৰ ধৰি ইংৰাজী উচ্চাৰণৰ বিষয়ে বক্তৃতা দিছে, কর্মশালা পাতিছে, আনক পঢ়ুৱাইছে, আৰু নিজৰ উচ্চাৰণৰে গতি নাই।

আৰু এনে মানুহো লগ পাইছো যাক মূল দুই এটা কথা শিকোৱাৰ পিছত আৰু বৰ বেছি প্রশিক্ষণ দি থাকিব লগীয়া হোৱা নাই কাৰণ তেওঁ মনোযোগ আৰু অভ্যাসৰ বলতে অতি সোনকালে শুদ্ধ উচ্চাৰণ শিকি পেলাইছে। ভাল শিকাৰুক বেছি শিকাব নালাগে; ভাল শিক্ষকে spoon-feeding নকৰে।

উপসংহাৰ (জাপানী গুৰু-চোৰৰ কথা) : জাপানী সকলে যিকোনা বিদ্যাত অতি নিপুন জনক বিশেষ শ্রদ্ধা কৰে। অতীজৰ কথা। জাপানত এক অতি সুনিপুন চোৰ আছিল। চৌর্য-বিদ্যাত তেওঁৰ অসাধৰণ কৌশলৰ বাবে মানুহে তেওঁক এজন উচ্চ খাপৰ কলাকাৰ বুলি সন্মান কৰিছিল। যাৰ ঘৰত তেওঁ তেওঁৰ কলা প্রদর্শন কৰি থৈ উধাও হয় সেই গৃহস্থই নিজকে ধন্য মানে।

তেওঁ নিজৰ ওচৰ চুবুৰীয়াক মাতি আনি সেই গুৰু-চোৰ (master thief)ৰ কার্যৰ প্রশংসা কৰে আৰু এনে এজন উচ্চ শ্রেণীৰ কলাকাৰে তেওঁৰ ঘৰত পদার্পন কৰিছিল বুলি গৌৰৱ অনুভৱ কৰে। সাধাৰণতে গুৰু-চোৰে বৰ ডাঙৰ বস্তু চুৰ নকৰে। সেইবোৰৰ প্রয়োজন নাই তেওঁৰ।

তেওঁ মাত্র নিজৰ উৎকৃষ্ট কৌশল প্রদর্শন কৰিবৰ বাবে কোনো ধনী, মানী মানুহৰ সুৰক্ষিত ঘৰত সোমাই ক্ষুদ্র বস্তু এটা লৈ যায়, কিন্তু সেই কার্য তেওঁ এনেকৈ কৰে যে গৃহস্থৰ বুজিবলৈ বাকী নাথাকে যে গুৰু-চোৰৰ বাদে আৰু কোনেও এনে কাম কৰিব নোৱাৰে। আমাৰ ব্রহ্মাণ্ডত যে কৃষ্ণ গহ্বৰ আছে, তাৰ প্রমাণ আছে, কিন্তু কৃষ্ণ গহ্বৰ দেখা পোৱা নাযায়।

এজন যে গুৰু-চোৰ আছে, সমস্ত জাপানে জানে, কিন্তু কোনো মানুহে তেওঁৰ নোম এডালো দেখা নাই। মাত্র তেওঁ কৰা অতি কৌশলী চৌর্য-কার্যৰ পৰাহে জনা যায় যে তেওঁ আছে। এই মহান গুৰু-চোৰে যাৰ ঘৰত পদধূলা দিয়ে তেওঁক সমাজৰ অন্য লোকেও সন্মান কৰে, : “আহ! কি ভাগ্য তেওঁৰ। গুৰু-চোৰে তেওঁৰ ঘৰৰ পৰা চুৰি কৰিছিল”।

এই গুৰু-চোৰৰ এটা মাত্র ল’ৰা। সি যতিয়া গম পালে যে তাৰ দেউতাকেই জাপানৰ বিখ্যাত গুৰু-চোৰ সি তেতিয়া দেউতাকক খাটনি ধৰিলে যে তাক যেন তেওঁ নিজৰ কলা শিকায়, কিন্তু দেউতাকে বিভিন্ন অজুহাত দেখুৱাই তাক প্রশিক্ষণ নিদিয়ে। যিমানেই দি ডাঙৰ হৈ আহিল, ডেকা হ’ল, তাৰ গুৰু-চোৰ হোৱাৰ হাবিয়াস বাঢ়ি আহিল, কিন্তু দেউতাকৰ সেইফালে উম ঘাম নাই। এদিন দেউতাকাক সি আকৌ ক’লে যে তাক যেন প্রশিক্ষণ দিয়ে।

দেউতাকে মন নিদিয়া যেন দেখি সি ক’লে যে যদি তেওঁ তাক এইদৰে অবহেলা কৰি থাকে, তেন্তে সি আত্মহত্যা কৰিব। তাৰ মাত কথাত দেউতাকে সিদিনা এনে গোন্ধ পালে যে সি সঁচাই আত্মঘাতী হ’বলৈ প্রস্তুত। তেতিয়া দেউতাকে ক’লে যে “বাৰু, আজি ৰাতি ওলাবা। আজি মই ৰজাৰ প্রাসাদত চুৰি কৰিবলৈ যাম। তুমি মোৰ পিছে পিছে গ’লেই সকলো শিকিব পাৰিবা”।

মাজৰাতি গুৰু-চোৰ ওলাল। পাছে পাছে তেওঁৰ ডেকা পুতেক। কেতিয়াবা লাহে লাহে, কেতিয়াবা খৰকৈ, তেওঁলোক আগবাঢ়িল। ল’ৰাটোৱে দেউতাকৰ কৌশল দেখি অবাক। ৰাজ প্রাসাদৰ বাহিৰে ভিতৰে ইমানবোৰ চন্তৰী প্রহৰী থকা সত্ত্বেও দেউতাকে বিভিন্ন কায়দা-কৌশলেৰে সকলোৰে চকুত ধূলি দি গৈ ৰাজ প্রাসাদৰ ভিতৰ পালেগৈ। ল’ৰাটোৱে মাত্র দেউতাকক অনুসৰণ আৰু অনুকৰণ কৰি গৈ থাকিল।

প্রাসাদৰ ভিতৰত এটা আলমাৰি খুলি গুৰু-চোৰে ল’ৰাটোক তাত সোমাবলৈ ইংগীত কৰিলে। তাকনো কিয় দেউতাকে আলমাৰিত সোমাবলৈ কৈছে সি বুজা নাছিল, কিন্তু সেই পৰিবেশত প্রশ্ন কৰিবলৈও সুবিধা নাছিল; গতিকে দেউতাকে যি কৰিছে ভালেই কৰিছে বুলি বিশ্বাস কৰি সি আলমাৰিত সোমাল। গুৰু-চোৰে আলমাৰিৰ দুৱাৰখনৰ খিলি নলগোৱাকৈ এনেয়ে জপাই থলে।

ল’ৰাটোৱে আলমাৰিৰ ভিতৰত দুই মিনিট মান সময় আছিলহে তেনে সময়তে ৰাজ প্রাসাদত ভীষণ হুৱা-দুৱা লাগি গ’ল। কোনোৱে চিঞৰিছে, “চোৰ! চোৰ! চোৰ!”, কোনোৱে চিঞৰিছে, “গুৰু-চোৰ আহিছিল যেন লাগিছে; বিশেষ একো নিয়া নাই মাত্র এটা সাধাৰণ আঙুঠি নিছে, কিন্তু ৰাজ কাৰেঙৰ আটাইকৈ সুৰক্ষিত স্থানত সোমাই চন্দুক খুলিব পাৰিছে যেতিয়া তেখেত গুৰু-চোৰেই হ’ব”।

অন্য কিছুমান মানুহে চোৰ বিচাৰি দৌৰিছে, অশ্বাৰোহী সৈনিক সাজু হৈছে…..এক অতি গণ্ডগোলীয়া পৰিবেশ……আৰু এই সকলো হুলস্থুলৰ মাজত মনে মনে আলমাৰিত সোমাই আছে গুৰু-চোৰৰ ল’ৰা। কি কৰে এতিয়া সি? কিছু সময়ৰ পিছত হুলস্থুল কিছু সাম কটা যেন জানি সি লাহেকৈ আলমাৰিৰ দুৱাৰখন খুলি ওলাইছিলহে মাত্র, ৰাণীৰ পৰিচাৰিকা এজনীয়ে হাতত ডাঙৰ জ্বলা মম এডাল লৈ সেইখিনিতে আহি ওলালহি। তাই হঠাতে আলমাৰিৰ পৰা মানুহ এটা ওলোৱা দেখি চিঞৰিলে, “চোৰ! চোৰ! চোৰ!”

কিন্তু গুৰু-চোৰৰ পুতেকে মুহূর্ততে তাইৰ হাতৰ মম ডাল পেলাই দি আন্ধাৰৰ সুযোগ লৈ পলাল। পিছে পিছে কিছুমান চন্তৰী, প্রহৰী, সৈনিকৰ দৌৰ। প্রচণ্ড বেগেৰে দৌৰিছে গুৰু-চোৰৰ পুতেক। ৰজাৰ মানুহবোৰতকৈ বহু আগত দৌৰি থাকোঁতে তাৰ মনত বিজুলী চমকৰ দ’ৰে এটা ভাব খেলাই গ’ল যে সি এনকৈ, ইমান প্রচণ্ড বেগত দৌৰিবলৈ শক্তি ক’ত পালে? গৈ গৈ সি এখন গাঁৱত সোমালগৈ। নিমাত নিতাল পৰিবেশ। অন্ধকাৰ। সি এঘৰৰ কুঁৱা এটাৰ কাষত কিছু ক্ষণ ৰ’ল।

সি দেখিলে যে কুঁৱাটোৰ কাষতে এটা ডাঙৰ শিল আছে। ইফালে ৰজাৰ মানুহবোৰো আহি আছে তাৰ ফালে। তাক দেখা নাই যদিও সেই ফালেই সি গৈছে বুলি সিহঁত দৌৰি আহি আছে। সি সেই ডাঙৰ শিলটো দুই হাতে ধৰি তাৰ সম্পূর্ণ শক্তি প্রয়োগ কৰি দাঙিলে আৰু কুঁৱাটোৰ ভিতৰলৈ পেলাই দিলে। প্রচণ্ড শব্দ কৰি সেই শিল কুঁৱাৰ পানীত পৰিল, আৰু সি পুনৰ দৌৰিবলৈ ধৰিলে।

তাক খেদি অহা ৰজাৰ মানুহবোৰে সেই শব্দ শুনি ভাবিলে যে সি কুঁৱাত পৰিল, আৰু লগে লগে সিহঁতে কুঁৱাত সোমাই তাক উলিয়াবলৈ কি কৰিব লাগিব তাৰ যোগাৰ কৰাত লাগিল। সেই চেগতে সি গৈ ঘৰ পালেগৈ।

ঘৰত সোমাই দেখে যে দেউতাকে ফোঁচ ফোঁচকৈ শুই আছে। কি কৰে বাৰু সি? ৰজাৰ ঘৰৰ আলমাৰিত তাক বন্ধ কৰি দেউতাকে যে এনেকৈ আৰামত শুই থাকিব পাৰিব সি কাহানিও ভবা নাছিল। কিন্তু কৰিবলৈওতো একো নাই। ৰাতিপুৱা দেউতাকৰ “বিচাৰ” কৰিব বুলি ভাবি সিও হাত মুখ ধুই শুলে। বহুত সময় তাৰ টোপনি নাহিল। সেই ৰাতিৰ ঘটনা বোৰ তাৰ মনত ঘূৰি আছিল। সপোনতো তাক ৰজাৰ মানুহে খেদিছিল।

দেৰীকৈ টোপনি অহা বাবে সি পুৱা কিছু দেৰীকৈ সাৰ পালে, আৰু চকু মেলিয়েই দেখিছে যে দেউতাকে বৰ মৰমেৰে তালৈ চাহ যতনাই থৈছে আৰু বৰ ধুনীয়া হাঁহি এটাৰে তাক সুধিছে, “বোপাই, গুৰু-চোৰৰ বিদ্যাৰ আটাইতকৈ ডাঙৰ শিক্ষা তোমাক দিলোঁ। তুমি বুজি পালানে?” খন্তেক চিন্তা কৰি ল’ৰাটোৱে ক’লে : “পালোঁ”।

 প্রথম কথা হ’ল শিকাৰ ইচ্ছা। গুৰু চোৰৰ পুতেকে দেউতাকৰ পৰা বিদ্যা আহৰণ কৰিবলৈ নাপালে মৰিবলৈ উদ্যত হোৱাৰ পৰা তাৰ প্রচণ্ড জিজ্ঞাসাৰ কথাকে বুজা যায়। দ্বিতীয় কথা হ’ল যে শিক্ষকে এটা পর্যায়লৈকে হে শিকাব পাৰে। আটাইতকৈ গুৰুত্বপূর্ণ, আটাইতকৈ কঠিন কৌশল বোৰ কোনো শিক্ষকে শিকাব নোৱাৰে। নিজেই নিজৰ শ্রেষ্ঠ শিক্ষক। (ভগৱান বুদ্ধ : “নিজেই নিজৰ প্রকাশ হোঁৱা”)।

নিজক কৰিব লগীয়া প্রশ্নটো হ’ল “মই চেষ্টা কিমান কৰিছোঁ?” যি কৰিছোঁ সেয়া যথেষ্ট নে? গুৰু-চোৰৰ পুতেকে দৌৰাৰ দৰে কষ্ট কৰিছোনে মই? পাথৰটো দাঙোতে সি যি পর্যায়ৰ প্রয়াস কৰিছিল, তেনে প্রয়াস কৰিছোনে মই? সম্পূর্ণ অকলশৰীয়া অৱস্থাত নিজকে কাৰ সহায়ত বচালে সি? কেৱল নিজৰ সহায়ত।

বহু বছৰ আগতে দুহেজাৰ কিলোমিটাৰতকৈ বেছি দূৰৰ স্কুলৰ পৰা গৰমৰ বন্ধ বা শীতৰ বন্ধত ঘৰলৈ যাত্রা আৰম্ভ কৰাৰ আগেয়ে (ইংৰাজী শিক্ষণকে নিজৰ জীৱনৰ ব্রত হিচাপে লোৱা) আমাৰ শিক্ষয়ত্রী মিছ গোপী বালা মলকানিয়ে কয় : “ইংৰাজীত কথা পতাৰ অভ্যাস কৰি থাকিবা”। আমি যদি কওঁ যে ইংৰাজীত কথা পাতিবলৈ আমাৰ ঘৰত ইংৰাজী কোৱা কোনো মানুহ নাই, তেওঁ কয় যে প্রতিদিনে কিছু সময় নিজৰ সৈতে যাতে কথা পাতোঁ—ইংৰাজীত।

লগতে তেওঁৰ নিজা গ্রন্থাগাৰৰ পৰা কিতাপ দি পঠিয়ায়। সেই কিতাপ বোৰ পঢ়ি তেওঁলৈ চিঠি লিখিব লাগে আৰু পিছত তেওঁক লগ পালে সেই বিষয়ে ক’ব লাগে। প্রতিজন ছাত্রই তেওঁৰ পৰা কিতাপ নানে, আৰু তেৱোঁ কাকো জোৰ জুলুম নকৰে, কিন্তু মই সদায় তেওঁৰ পৰা কিতাপ লৈ আহোঁ। মুঠৰ ওপৰত তেওঁ আমাক গৰমৰ আৰু ঠাণ্ডাৰ বন্ধত এৰি দিব লগীয়া হ’লেও আমি যেন ইংৰাজী কোনো পধ্যে নেৰোঁ, তেওঁ তাৰ ব্যৱস্থা কৰে।

যিকোনো ভাষা শিকোঁতে সেই ভাষা শুনা, কোৱা, পঢ়া আৰু লিখা যিমান কৰা যায় সিমান সোনকালে ভাষাটো আয়ত্ত হয়।

কেৱল মনত ৰখা উচিত যে নিজৰ মাতৃভাষাৰ স্থান সদায় ওপৰত। ইংৰাজীৰ কৌশল এটা লাগতীয়াল কৌশল, কিন্তু ইংৰাজীক হজম কৰাৰ সলনি ইংৰাজীয়ে শিকাৰুক হজম কৰিবলৈ দিলে নহ’ব। ইংৰাজী হজম-বদহজমৰ বিষয়ে আগলৈ আলোচনা কৰা হ’ব।

সঞ্জীৱ কুমাৰ নাথ, Phn: 9476527719 ; sanjeevnath21@gmail.com

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Sanjeev Kumar Nath

Sanjeev Kumar Nath

Related Posts

Matcha from Japanese Ritual to Global Obsession
Special Report

Matcha from Japanese Ritual to Global Obsession

by Pradakshina Sarmah
July 12, 2026
0

Matcha from Japanese Ritual to Global Obsession PRADAKSHINA SARMAH Matcha is deeply rooted in Japanese Culture, as well as Zen...

Read moreDetails
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

July 6, 2026
In Between River and the Big Gates: How Sluice Gates are shaping floods in Assam’s Katigorah!

In Between River and the Big Gates: How Sluice Gates are shaping floods in Assam’s Katigorah!

July 5, 2026
The River That Became a Drain: Bharalu and the Death of a Memory

The River That Became a Drain: Bharalu and the Death of a Memory

July 4, 2026
India’s Progress Highlighted in SDG Report 2026

India’s Progress Highlighted in SDG Report 2026

July 2, 2026
Millets: Rediscovering the Super Food!

Millets: Rediscovering the Super Food!

June 30, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
“Paromanawik Samay” !

“Paromanawik Samay” !

July 12, 2026
Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

July 12, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 12, 2026
Mahabahu Climate Forum Experience: Seven Days of Climate Learning

Bhattadev University-Where Learning Met Purpose : ‘CLIMATE JUSTICE 101’ Internship Ends, A Responsibility Begins

July 11, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37233 shares
    Share 14893 Tweet 9308
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    16808 shares
    Share 6723 Tweet 4202
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2049 shares
    Share 820 Tweet 512
  • CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

    327 shares
    Share 131 Tweet 82
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    390 shares
    Share 156 Tweet 98
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    239 shares
    Share 96 Tweet 60
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1164 shares
    Share 466 Tweet 291
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    141 shares
    Share 56 Tweet 35
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6728 shares
    Share 2691 Tweet 1682
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3929 shares
    Share 1572 Tweet 982
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d