সঞ্জীৱ কুমাৰ নাথ
১৯৮১ চনত জাপানী প্রাধ্যাপক কিনিচিৰ’ ট’বাই কোৱা এষাৰ কথা নাইজেৰিয়াৰ লেখক চিনুৱা এচেবেই তেওঁৰ “What Has Literature to Do with It?” নামৰ ৰচনাত উদ্ধৃতি দিছে।
সাধাৰণ ভাবে অসমীয়ালৈ অনুবাদ কৰিলে প্রফেছৰ ট’বাই কোৱা কথাষাৰ এনেকুৱা হ’ব : “মোৰ ককাদেইতাই ১৮৮০ৰ আগ ভাগত টোকিও বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা সম্পূর্ণ কৰিছিল। তেওঁৰ টোকাবহীবোৰত ইংৰাজী ভাষাৰেই ব্যৱহাৰ হৈছিল। ১৯২০ চনত মোৰ দেউতাই একেখন বিশ্ববিদ্যালয়ৰ পৰা পঢ়ি ওলাল, আৰু তেওঁৰ টোকাবোৰৰ আধা ইংৰাজীত আছিল। আৰু এক পুৰুষ পিছত যেতিয়া মই শিক্ষা সম্পূর্ণ কৰিলোঁ, তেতিয়া মোৰ সমস্ত টোকা জাপানী ভাষাতে আছিল। এনেকৈ….. তিনি পুৰুষৰ ভিতৰত আমি পশ্চিমীয়া সভ্যতাক আমাৰ নিজৰ ভাষাৰে হজম কৰি পেলালো”।
জাপানী সকলে পশ্চিমীয়া সভ্যতাক নিজৰ মাতৃভাষাৰে হজম কৰাৰ এটা অর্থ হ’ল যে তেওঁলোকে বিভিন্ন ইউৰোপীয় ভাষাৰ (বিশেষকৈ ইংৰাজীৰ) যিবোৰ ৰচনা, গ্রন্থ আদিৰ সহায়ত নিজৰ দেশক আধুনিক কৰিলে আৰু পুৰণিকলীয়া বিশ্বাস বাদ দি বিজ্ঞান, প্রযুক্তিৰ প্রতি ধাউতি বঢ়ালে, সেই লেখা সমূহ নিজৰ ভাষালৈ অনুবাদ কৰিলে।
তাৰোপৰি নতুন, আধুনিক, বিজ্ঞান-প্রযুক্তিৰ শিক্ষা জাপানী ভাষাতে হ’বলৈ ধৰিলে। বিভিন্ন বিষয়ৰ বিশেষজ্ঞৰ প্রশিক্ষণ জাপানী ভাষাতে হ’বলৈ ধৰিলে। পশ্চিমৰ আধুনিকতাক আদৰিবলৈ যাওঁতে জাপানীয়ে নিজৰ ভাষা ত্যাগ কৰা নাছিল, বৰঞ্চ আধুনিক জ্ঞান-বিজ্ঞানৰ শিক্ষা, প্রচাৰ, প্রসাৰ সকলো নিজৰ মাতৃভাষাতে কৰিছিল।
আধুনিক যুগত চমকপ্রদ উন্নতিৰ বাবে জাপান বিখ্যাত; বিজ্ঞান, প্রযুক্তিৰ ন ন আবিস্কাৰৰ বাবে জাপান বিখ্যাত। অর্থনীতি, শিক্ষা, স্বাস্থ্য, বিভিন্ন দিশত জাপানৰ উত্থান মন কৰিব লগীয়া। অতি কম সময়ৰ ভিতৰতে দুর্বল, পুৰণিকলীয়া সমাজৰ জাপান হৈ পৰিল বিশ্বৰ ভিতৰতে লেখত লব লগীয়া এক প্রগতিশীল আধুনিক দেশ। এই সকলোবোৰ সম্ভৱ নহ’লহেঁতেন যদি জাপানী সকলে ইংৰাজী (বা অন্য ইউৰোপীয় ভাষা সমূহ) নিজৰ মাতৃভাষাৰে হজম নকৰিলেহেঁতেন।
নিজৰ মাতৃভাষাৰ বিশেষত্বৰ বিষয়ে জাপানী সকলৰ যুগ যুগ ধৰি এনে ধাৰণা আছিল যে জাপানী ভাষাটো শিকা বিদেশী লোকৰ বাবেতো টান হয়েই, জাপানী সকলৰ বাবেই টান।
আধুনিক ভাষাবিদ সকলে এই ধাৰণা শুদ্ধ বুলি নাভাবে, কিন্তু ধাৰণাটো ভুল হ’লেও এটা কথা ঠিক যে এই ধাৰণাই জাপানী সকলে নিজৰ মাতৃভাষাক যে অতুলনীয় বুলি ভাবে তাৰ উমান দিয়ে। “বিশ্বৰ আন কোনো ভাষাই জাপানী ভাষাৰ দৰে হ’ব নোৱাৰে”—এই ধৰণৰ গোড়া মাতৃভাষা প্রীতি ভাষাতত্ত্বৰ দৃষ্টিত শুদ্ধ নহলেও এনে ধাৰণাৰ পৰা জাপানীয়ে নিজৰ মাতৃভাষাক কেনে উচ্চ স্থান দিয়ে সেই কথা উপলব্ধি কৰিব পাৰি।
জাপানী ভাষাটোক বুজাবলৈ জাপানী সকলে দুটা শব্দৰ ব্যৱহাৰ কৰে। জাপানী এজনে নিজৰ ভাষাটোক বুজাবলৈ ক’কুগ’ (Kokugo) অর্থাৎ “আমাৰ দেশৰ ভাষা” বা “আমাৰ ভাষা” বুলি কয়, কিন্তু কোনো অ-জাপানীয়ে জাপানী ভাষাটো শিকিলে ভাষাটোক নিহংগ’ (Nihongo) অর্থাৎ “জাপানৰ ভাষা” বুলি কোৱা হয়।
জাপানী ল’ৰা-ছোৱালীয়ে ব্যৱহাৰ কৰা জাপানী শিক্ষাৰ কিতাপ সমূহ ক’কুগ’ কিতাপ, কিন্তু জাপানী ভাষা শিকিবলৈ বিদেশী এজনে ব্যৱহাৰ কৰা কিতাপ পত্র বোৰ নিহংগ’ কিতাপ পত্র। ভাষাটো যে তেওঁলোকৰ আপোন, তাকে বুজাবলৈ তেওঁলোকে ক’কুগ’ শব্দটোৰ (ক’কুগ’= আমাৰ ভাষা) ব্যৱহাৰ কৰে। ইয়াৰ পৰাও নিজৰ মাতৃভাষাৰ প্রতি জাপানীৰ বিশেষ আদৰৰ ভাৱ বুজিব পাৰি।
বহুতো ভাৰতীয়ই কিন্তু জাপানী সকলৰ দৰে ইংৰাজীক হজম কৰিব নোৱাৰিলে। ভাৰতত ইংৰাজীৰ বদ হজম হ’ল। এই বদ হজম দুই প্রকাৰৰ—১) ইংৰাজীক খেদি পঠাবলৈ বিচৰা এক মনোবৃত্তি, ২) অত্যধিক ইংৰাজী-প্রীতি বা ইংৰাজীক এক স্বর্গীয় ভাষা বুলি গণ্য কৰাৰ মনোবৃত্তি।
প্রথম বিধ বদ–হজম : নিজৰ স্বদেশ প্রেমৰ নমুনা দেখুৱাবলৈ ইংৰাজীৰ বিৰুদ্ধে বিদ্বেষ প্রকাশ কৰা আৰু প্রচাৰ কৰা, সস্তীয়া জনপ্রিয়তা বিচৰা কিছুমান নেতা, পালি নেতাই মাজে মাজে কয় যে আমি ভাৰতবর্ষক ইংৰাজী-মুক্ত কৰিব লাগে। লগতে খবৰ ওলায় যে এই সকল নেতাৰ ল’ৰা-ছোৱালী পঢ়ে সাধাৰণ ৰাইজে ধুকি নোপোৱা নামী দামী ইংৰাজী আৱাসিক বিদ্যালয়ত।
ভাৰতৰ দৰে আফ্রিকাতো এনে ইংৰাজী বিদ্বেষ বা বদ হজম দেখা পোৱা যায়। তেনে ইংৰাজী বিদ্বেষৰ বিৰুদ্ধে চিনুৱা এচেবেই কৈছে যে ইংৰাজ ঔপনিৱেশিক শাসনৰ সময়ত তেওঁৰ দেশ নাইজেৰিয়াৰ দৰে দেশ সমূহে বিদেশী শাসকৰ তলত বহুতো যাতনা ভূগিলে, দেশৰ সম্পদৰ লুন্ঠন হ’ল, কিন্তু লগতে ইংৰাজবোৰে তেওঁলোকৰ ভাষাটোও এৰি থৈ গ’ল, আৰু এই ভাষাটো মূল্যহীন নহয়। ইংৰাজ শাসনক প্রত্যাখান কৰিও এচেবেই ইংৰাজীক গ্রহণ কৰাৰ কথাহে কৈছে।
নাইজেৰিয়াৰ বিভিন্ন জনজাতি সকলৰ প্রত্যেকৰে নিজা নিজা ভাষা আছে, কিন্তু এনে কোনো ভাষা নাই যাক সকলোৱে ব্যৱহাৰ কৰিব পাৰে। সেই অভাৱ—নাইজেৰিয়াৰ সকলো জনজাতিৰ উমৈহতীয়া ভাষাৰ অভাৱ—পুৰণ কৰিলে ইংৰাজীয়ে। তেওঁ কৈছে যে ঔপনিৱেশিক শাসনক প্রত্যাখান বা বর্জন কৰাৰ লগতে ইংৰাজী ভাষাটোও বর্জন কৰা ভুল হ’ব।
এটা উপমাৰে কথাটো বুজাই তেওঁ কৈছে যে শিশু এটিক বাথ টাবত স্নান কৰোৱাৰ অন্তত টাবৰ লেতেৰা পানীখিনি পেলাই দিয়া উচিত, কিন্তু শিশুটো কেতিয়াও পেলাই দিয়া নাযায়। ঔপনিৱেশিক শাসন, শোষণ বর্জনীয়, কিন্তু সেই শাসনে লৈ অহা ভাষা বর্জনীয় নহয়।
নাইজেৰিয়াৰ দৰে আন বহুতো আফ্রিকীয় দেশত ইংৰাজী (বা ফৰাছী বা পর্টুগীজ বা ওলন্দাজ) ভাষাই এক প্রকাৰৰ ৰাষ্ট্রীয় ভাষাৰ মর্যদা পাইছে। ভাৰতবর্ষত ইংৰাজী হ’ল বিভিন্ন ভাষা ভাষী মানুহে ব্যৱহাৰ কৰিব পৰা এটা উমৈহতীয়া ভাষা। তাৰোপৰি আন্তৰাষ্ট্রীয় প্রেক্ষাপটতো ইংৰাজীৰেই ব্যৱহাৰ বেছি। ভাৰতৰ শিক্ষা ব্যৱস্থা আৰু চৰকাৰী ব্যৱস্থাত ইংৰাজীৰ গুৰুত্ব কিমান সেই কথা দোহৰাৰ প্রয়োজন নাই।
আমাৰ দেশৰ সংবিধানত হিন্দীক চৰকাৰী ভাষাৰ (official language; জাতীয় বা ৰাষ্ট্রীয় ভাষা নহয়) মর্যদা দি ইংৰাজীক সহকাৰী চৰকাৰী ভাষা (assisting official language) হিচাপে লোৱা হৈছিল। ৰাজ্য সমূহক নিজৰ চৰকাৰী ভাষা নিজে বাচনি কৰিবলৈ সুবিধা দিয়া হৈছিল। ইংৰাজীক সহকাৰী চৰকাৰী ভাষা হিচাপে লোৱা হৈছিল যদিও আশা কৰা হৈছিল যে ১৫ বছৰৰ ভিতৰত ভাৰতৰ সকলো ৰাজ্যতে হিন্দীক চৰকাৰী ভাষা হিচাপে আদৰি লোৱা হ’ব।
কিন্তু সেয়া সম্ভৱ নহ’ল—দক্ষিণ ভাৰতৰ প্রদেশ সমূহৰ প্রবল প্রতিবাদ আৰু উত্তৰ-পূব ভাৰতৰ প্রদেশ সমূহৰো অসন্তোষৰ বাবে।
আচলতে কোনো এটা ভাৰতীয় ভাষাই আন সকলো ভাৰতীয় ভাষাতকৈ পৃথক এক মর্যদা পোৱাটো বহুতো স্বাভিমানী মাতৃভাষা প্রেমী ভাৰতীয়ৰ বাবে গ্রহণযোগ্য নহয়। সেই বাবে বহুতৰে বাবে হিন্দীতকৈ ইংৰাজীয়েই সকলোৰে উমৈহতীয়া ভাষা হিচাপে বেছি গ্রহনযোগ্য।
তামিল, মাৰাঠী, অসমীয়া, বাংলা, পাঞ্জাবী…..প্রতিটো আধুনিক ভাৰতীয় ভাষাৰ নিজা চহকী সাহিত্য আছে, কোনোটোৱেই হিন্দীতকৈ কম গুণ সম্পন্ন নহয়। সংবিধানৰ স্বীকৃতি নোপোৱা অনেক ভাৰতীয় ভাষাও স্বকীয় বৈশিষ্ট্যৰে সমৃদ্ধ। আমাৰ আধুনিক গণতন্ত্রৰ ব্যৱস্থাত সকলো ভাষাই সম মর্যদা পোৱা উচিত। এনেবোৰ কাৰণতে ভাৰতত উমৈহতীয়া ভাষা হিচাপে ইংৰাজীৰ বিশেষ স্থান আছে আৰু ভৱিষ্যতেও থাকিব। গতিকে ইংৰাজীক খেদি পঠিওৱাৰ অর্থহীন ভাওনা কৰি লাভ নাই।
দ্বিতীয় বিধ বদ-হজম : এই বিধ বদ হজমৰ আলোচনা দুটা উদাহৰণেৰে আৰম্ভ কৰা হওক।
১) সিদিনা মোৰ সহকর্মী এজনে ক’লে যে তেওঁৰ কণমানি ছোৱালী জনী দিনটোৰ কিছু সময়ৰ বাবে এটা শিশু-ঘৰত থাকে। সেই শিশু-ঘৰত থকা কণমানিবোৰৰ মাজত হেনো এজনী অসমীয়া ছোৱালী আছে যি অসমীয়া বুজি নাপায়। তাই হেনো ইংৰাজীহে বুজি পায়। ছোৱালী জনীৰ উচ্চ শিক্ষিত মাক-দেউতাকে বোলে তাইৰ সৈতে অনবৰতে কেৱল ইংৰাজীতে কথা পাতে, আৰু তেনেকৈ তাইৰ প্রথম ভাষা হ’লগৈ ইংৰাজী; অসমীয়া নহয়; অসমীয়া তাই শিকাই নাই বা তাইক শিকিবলৈ দিয়া হোৱা নাই। তাইৰ মাক-দেউতাক দুয়ো অসমীয়া।
২) গুৱাহাটীৰ দোকান এখনত কাপোৰ কিনিবলৈ গৈ এহাল ডেকা-গাভৰু স্বামী-স্ত্রী আৰু তেওঁলোকৰ ৫-৬ বছৰীয়া ল’ৰা এটা দেখিলোঁ। আমি যিমান সময় দোকান খনত থাকিলোঁ, কণমানিটোৰ দেউতাকে তাৰ সৈতে কেৱল ইংৰাজীত, কিন্তু পত্নীৰ সৈতে আৰু দোকানীৰ সৈতে অসমীয়াত কথা পতা শুনিলোঁ।
এইসকল মাক-দেউতাকে নিশ্চয় নিজৰ সন্তানৰ ভাল চিন্তিয়েই সৰুৰে পৰা ইংৰাজী শিকাইছে। শিশুৰ কেইবাটাও ভাষা শিকাৰ ক্ষমতা থাকে, গতিকে ইংৰাজীৰ লগতে অন্য ভাষাও শিকাব পাৰি, কিন্তু মাতৃভাষা ত্যাগ কৰি ইংৰাজী শিকোৱাটো কেনেকুৱা কথা?
মনোবিজ্ঞানী সকলৰ মতে শৈশৱত ভালদৰে মাতৃভাষা শিকিবলৈ পোৱা শিশুৰ মগজুৰ উৎকর্ষ সাধন হয়, আৰু পিছৰ জীৱনত যিকোনো জটিল প্রশিক্ষণো সহজে আয়ত্ত কৰিব পাৰে। চিন্তা শক্তিয়েই মানুহৰ আটাইতকৈ ডাঙৰ শক্তি, আৰু চিন্তা শক্তিৰ বিকাশত বিশেষ ভূমিকা আগ বঢ়ায় মাতৃভাষাই। মাতৃ ভাষা ভালদৰে শিকা লোকৰ (শৈশৱত কিবা কাৰণত খুব ভালকৈ শিকিব নোৱাৰিলে পিছতো শিকিব পাৰি) মগজু চিন্তা কৰাত বিশেষ পার্গত হয়।
তাৰোপৰি শিশুৱে নিজৰ মাতৃভাষাৰ পৰা language universals আয়ত্ত কৰি লয়। বিভিন্ন ভাষাৰ মাজত অনেক পার্থক্য থাকে যদিও কিছুমান উমৈহতীয়া বৈশিষ্ট্য থাকে, আৰু সেইবোৰকে language universals বোলা হয়। মাতৃভাষা শিক্ষণৰ দ্বাৰা language universals আয়ত্ত কৰি শিকাৰুৱে যিকোনো ভাষা শিকিবলৈ বিশেষ ভাবে নিপুন হৈ পৰে।
ৰাষ্ট্র সংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থাৰ (UNESCO/ইউনেস্কো) মতেও শিশুৰ শিক্ষা মাতৃভাষাত হোৱাটোৱেই শ্রেষ্ঠ। ইউনেস্কোৰ মতে কেৱল শৈশৱৰ শিক্ষাই নহয়, উচ্চ শিক্ষাও মাতৃভাষাত হোৱাতো লাভজনক। লগতে ইউনেস্কোৱে সৰুতেই মাতৃভাষাৰ উপৰি অন্য দেশী বা বিদেশী ভাষা শিকাৰ প্রয়োজনীয়তাৰ কথা কয়। ভাষা বিজ্ঞানী, মনোবিজ্ঞানীসকলৰ মতেও ভাল মাতৃভাষাৰ শিক্ষণৰ লগতে শৈশৱত অন্য লাগতীয়াল ভাষা শিকা উচিত।
গতিকে ভাৰতবর্ষত ছাত্র-ছাত্রীয়ে নিজৰ মাতৃভাষা, ইংৰাজী আৰু হিন্দী বা অন্য এটা ভাৰতীয় ভাষা শিকা উচিত, কিন্তু মাতৃভাষা শিক্ষণক আওকাণ কৰাটো মাৰাত্মক ভুল। সেই ভুলকে আজি বহু শিক্ষিত অসমীয়া পৰিয়ালে কৰি আছে। প্রায়ে তাৰ কাৰণ হ’ল মাতৃভাষাৰ বিষয়ে তেওঁলোকৰ জ্ঞানৰ অভাৱ আৰু অত্যধিক ইংৰাজী-প্রীতি, অর্থাৎ এক প্রকাৰৰ ইংৰাজীৰ বদ হজম।
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.