• দিলীপ দৈমাৰী
ইউক্ৰেনত ৰাছিয়াই চলোৱা ভয়াবহ যুদ্ধখনে পৃথিৱীৰ বুকুলৈ তৃতীয় বিশ্বযুদ্ধৰ কল্পনাতীত ভয়ংকৰ অধ্যায় সচাকৈয়ে নমাই আনিব নেকি – এয়া এই সময়ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈ পৰিছে। ইউক্ৰেনৰ পৰমাণু কেন্দ্ৰত ভয়ংকৰ আক্ৰমণ চলোৱা কাৰ্যই তাকেই সূচাইছে!
ইতিমধ্যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন-এ ছয়দিন আগতে তেওঁৰ উচ্চপদস্থ বিষয়া সকলৰ সৈতে হোৱা বৈঠকত পাৰমাণৱিক যুদ্ধৰ বিষয়ে সতৰ্ক কৰি দিছিল আৰু ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গে লেভৰভেও বুধবাৰে ( ০২/০৩/২০২২) কৈছিল যে তৃতীয় বিশ্বযুদ্ধ যদি হয় – ৰাছিয়া সাজু। কিন্তু তৃতীয় বিশ্বযুদ্ধ যদি আৰম্ভ হয়, সেই যুদ্ধ হৈ পৰিব পাৰমাণৱিক মহাসমৰ আৰু তাৰ পৰিণাম সমগ্ৰ বিশ্বৰ বাবে হৈ পৰিব মহা-অভিশাপ। আল- জাজিৰা টিভিক দিয়া এক সাক্ষাৎকাৰত ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লেভৰভে সমগ্ৰ বিশ্বক একপ্ৰকাৰ সতৰ্ক কৰি দি কৈছিল যে পাৰমাণৱিক যুদ্ধ হ’ব পাৰে!

আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন-এও যোৱা বুধবাৰে হুংকাৰ দি কৈছিল যে ৰাছিয়াই যি কৰি আছে আৰু যি কৰিবলৈ গৈ আছে – তাৰ পৰিণাম কি হ’ব পাৰে ৰাছিয়াই উপলব্ধি কৰিবলৈ সক্ষম হোৱা নাই। ইউক্ৰেনত ব্যাপক ধ্বংসলীলা চলাই থকা ৰাছিয়াক উপযুক্ত শিক্ষা দিয়া হ’ব বুলি বাইডেনে মুকলিকৈ কৈছিল।
ৰাছিয়াই ইতিমধ্যে ‘ইন্টাৰনেশ্যনেল এটমিক এনাৰ্জি এজেন্সী'(IAEA) ক জনাই দিছে যে ৰাছিয়াৰ সেনাই ইউৰোপৰ বৃহত্তম তথা ইউক্ৰেনৰ ঝাপ’ৰিজিয়া পৰমাণু কেন্দ্ৰ দখল কৰিছে। চাৰ্ণবিল পৰমাণু কেন্দ্ৰও ৰাছিয়াই দখল কৰিছে। ইউক্ৰেনত মুঠ ১৫ টা পৰমাণু কেন্দ্ৰ আছে, তাৰে ভিতৰত বৃহত্তম কেন্দ্ৰ হ’ল ঝাপ’ৰিজিয়া। গতিকে সেই কেন্দ্ৰৰ আশে-পাশে যুদ্ধ চলি থকাৰ বাবেও উদ্বিগ্ন হৈ পৰিছে সমগ্ৰ বিশ্ব। তেনে কেন্দ্ৰত বোমা বিস্ফোৰণ সংঘটিত হ’লে পৰিস্থিতি কি হয় – কোনেও ভালদৰে ব্যাখ্যা কৰিব পৰা নাই!
ইতিমধ্যে বিশ্বস্ত সূত্ৰৰ পৰা জানিব পৰা গৈছে যে ইউৰোপৰ সৰ্ববৃহৎ ঝাপ’ৰিজিয়া পৰমাণু কেন্দ্ৰ দখল কৰিবলৈ যাওতে ইউক্ৰেনৰ সৈন্যৰ সৈতে ৰাছিয়াৰ সৈন্যৰ ভয়ংকৰ সংঘৰ্ষ হয় আৰু পৰমাণু কেন্দ্ৰটোত জুই লাগে। পিছলৈ অগ্নি নিৰ্বাপিত হয় যদিও পাৰমাণৱিক বিপৰ্যয়ৰ আশংকা ঘনীভূত হৈ পৰিছে। এই আক্ৰমণক কেন্দ্ৰ কৰি সমগ্ৰ বিশ্বত প্ৰতিক্ৰিয়াৰ সৃষ্টি স্বাভাবিকতে হৈছে। ইউক্ৰেনৰ পাৰমাণৱিক পৰিদৰ্শক এজনে এক বিবৃতিৰ জৰিয়তে কৈছে যে ‘ ঝাপ’ৰিজিয়া পৰমাণু কেন্দ্ৰটোৰ সমগ্ৰ ভূখন্ড ৰাছিয়াৰ সৈন্যই দখল কৰিছে।’ ‘ইন্টাৰনেশ্যনেল এটমিক এনাৰ্জি এজেন্সী'(IAEA)ৰ মতে পাৰমাণৱিক কেন্দ্ৰটোৰ বিকিৰণৰ স্তৰৰ কোনোপ্ৰকাৰৰ পৰিৱৰ্তন পৰিলক্ষিত হোৱা নাই।

ইউক্ৰেনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে কৈছে যে ‘পুটিনে পাৰমাণৱিক সন্ত্ৰাস সৃষ্টি কৰিছে আৰু চাৰ্ণবিল বিপৰ্যয়ৰ পুনৰাবৃত্তি কৰিবলৈ উদ্যত হৈছে। ৰাছিয়াৰ বাহিৰে কোনো দেশেই পৰমাণু কেন্দ্ৰত আক্ৰমণ চলোৱা নাই। যদিহে পৰমাণু কেন্দ্ৰত হোৱা আক্ৰমণৰ ফলত বিস্ফোৰণ হৈ যায়, সকলো শেষ হৈ যাব।’
ইউক্ৰেনত চলি থকা ৰাছিয়ান আক্ৰমণৰ নৱম দিনটোত ঝাপ’ৰিজিয়া পৰমাণু কেন্দ্ৰত চলোৱা ভয়ংকৰ বোমা আক্ৰমণত সমগ্ৰ অঞ্চল কম্পিত হৈ পৰে আৰু তীব্ৰ আশংকা সমগ্ৰ বিশ্বতে বিয়পি পৰে। কাণ তাল মৰা শব্দৰে আকাশলৈ অগ্নিৰ স্ফুলিংগ ছিটিকি পৰে। কোনো পৰমাণু কেন্দ্ৰত আক্ৰমণ চলোৱাটো যুদ্ধ-নীতি অনুসৰি বাৰণ যদিও ৰাছিয়াই সেই নীতিক ভৰিৰে মোহাৰি সমগ্ৰ বিশ্বৰ বাবে ভয়ংকৰ অধ্যায় যেন আৰম্ভ কৰিবলৈ বিচাৰিছে। ইউক্ৰেনৰ অগ্নি নিৰ্বাপক বাহিনীয়ে অগ্নি নিৰ্বাপিত কৰাত সফল হয় যদিও এই ঘটনাই সমগ্ৰ ইউৰোপ বা তাতোকৈ বৃহৎ অঞ্চললৈ তেজষ্ক্ৰিয় বিকিৰণ বিয়পোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছিল। (৫-৩-২০২২)