দিলীপ দৈমাৰী
ইউক্ৰেন
“যিসময়ত আপোনালোকে মঙলগ্ৰহত উপনিৱেশ সৃষ্টি কৰিবলৈ চিন্তা কৰিছে – ৰাছিয়াই ইউক্ৰেন দখল কৰি পেলাবলৈ চেষ্টা চলাই আছে! যেতিয়া আপোনালোকৰ ৰকেটে সফলভাৱে মহাকাশৰ পৰা আহি ভূমিত অৱতৰণ কৰিছে – সেই সময়ত ৰাছিয়াৰ ৰকেটে ইউক্ৰেনৰ অসামৰিক নাগৰিকক আঘাত হানিছে! আপোনাক অনুৰোধ কৰিছো, ৰাছিয়াক প্ৰতিহত কৰিবলৈ ইউক্ৰেনৰ বাবে ষ্টাৰলিংক ষ্টেচন স্থাপন কৰক।”
ৰাছিয়াৰ আক্ৰমণত ইন্টাৰনেট সেৱা ব্যাহত হোৱাৰ পিছত ইউক্ৰেনৰ উপ-প্ৰধানমন্ত্ৰীৰ ওপৰোক্ত এনে আহ্বানত সহাঁৰি দি বিশ্বৰ অন্যতম ধনী তথা প্ৰযুক্তিৰ জ্ঞানেৰে বলীয়ান এলন মাস্কে তেওঁৰ সংস্থা ‘স্পেছ এক্স’ৰ চেটেলাইট ব্ৰডবেন্ডৰ ইন্টাৰনেট সেৱা ইউক্ৰেনৰ বাবে আৰম্ভ কৰি দিলে।
এলন মাস্কে ইউক্ৰেনৰ উপ প্ৰধানমন্ত্ৰীৰ আহ্বানত সহাঁৰি দি টুইট কৰি কৈছে যে ইউক্ৰেনৰ সৰ্বত্ৰতে ষ্টাৰলিংক পৰিসেৱা আৰম্ভ হৈ গৈছে।

অপটিকেল ফাইবাৰ বা টাৱাৰে কৰিব নোৱৰা কাম এলন মাস্কৰ সংস্থাই কৰিবলৈ সক্ষম উপগ্ৰহৰ মাৰফৎ। তেওঁৰ সংস্থাই উপগ্ৰহৰ জৰিয়তে নিৰৱিচ্ছিন্ন ইন্টাৰনেট সেৱা আগবঢ়াব পাৰে। এইপৰ্যন্ত প্ৰায় ৪২০০০ উপগ্ৰহ এলন মাস্কৰ সংস্থাই মহাকাশলৈ প্ৰেৰণ কৰাৰ লগতে যোৱা শুক্ৰবাৰে (২৫/০২/২০২২)ও নতুনকৈ ৫০ টা উপগ্ৰহ প্ৰেৰণ কৰিছে।