• দিলীপ দৈমাৰী
ইউক্ৰেন: এই যুদ্ধৰ ধোঁৱা কিমান দূৰলৈকে বিয়পিব ?
কৰ’নাই বিধ্বস্ত কৰা পৃথিৱীৰ বক্ষলৈ তৃতীয় মহাসমৰৰ কল্পনাতীত ভয়ংকৰ সময় নামি আহিব নেকি – এয়াই এই সময়ৰ সবাতোকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈ পৰিছে। ইতিমধ্যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন-এ চাৰিদিন আগতে ৰাছিয়াৰ উচ্চপদস্থ বিষয়া সকলৰ সৈতে হোৱা বৈঠকত পাৰমাণৱিক যুদ্ধৰ বিষয়ে সতৰ্ক কৰি দিছিল আৰু এতিয়া ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গে লেভৰভে যোৱা বুধবাৰে ( ০২/০৩/২০২২) মুকলিকৈ কৈছে যে তৃতীয় মহাসমৰ যদি হয় – ৰাছিয়া তাৰবাবে সাজু।
কিন্তু তৃতীয় মহাসমৰ যদি আৰম্ভ হয়, সেই মহাসমৰ হৈ পৰিব পাৰমাণৱিক মহাসমৰ আৰু তাৰ পৰিণাম সমগ্ৰ বিশ্বৰ বাবে হৈ পৰিব মহা-অভিশাপ। আল- জাজিৰা টিভিক দিয়া এক সাক্ষাৎকাৰত ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লেভৰভে সমগ্ৰ বিশ্বক একপ্ৰকাৰ সতৰ্ক কৰি দিছে যে পাৰমাণৱিক যুদ্ধ হ’ব পাৰে!
আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন-এও যোৱা বুধবাৰে হুংকাৰ দি কৈছে যে ৰাছিয়াই যি কৰি আছে আৰু যি কৰিবলৈ যো-জা কৰি আছে – তাৰ পৰিণাম কি হ’ব পাৰে ৰাছিয়াই উপলব্ধি কৰিবলৈ সক্ষম হোৱা নাই। ইউক্ৰেনত ব্যাপক ধ্বংসলীলা চলাই থকা ৰাছিয়াক উপযুক্ত শিক্ষা দিয়া হ’ব বুলি বাইডেনে মুকলিকৈ কৈছে।
ইতিমধ্যে ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ নিৰ্দেশত ইউক্ৰেনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ ওপৰত প্ৰাণঘাতী আক্ৰমণ চলোৱা হৈছিল যদিও জেলেনস্কি ৰক্ষা পৰে। ইউৰোপীয় ইউনিয়নে মুকলিকৈ কৈছে যে ইউক্ৰেনৰ সৈতে ইউনিয়ন আছে। ইউৰোপীয় ইউনিয়নৰ সভাত ভাষণ দিছে জেলেনস্কিয়ে আৰু তেওঁৰ ভাষণে সকলোৰে সহানুভূতি তথা সমৰ্থন আদায় কৰিবলৈ সমৰ্থ হৈছে।
ভ্লাডিমিৰ পুটিন-এ কিন্তু নিজৰ স্থিতি সলনি কৰা নাই। পুটিনক চীনে সমৰ্থন দিছে। কাৰণ চীনে জানে যে পুটিনৰ সাফল্য চীনৰ বাবে সৌভাগ্যৰ কাৰণ হৈ পৰিব। চীনেও টাইৱানক দখল কৰিবলৈ জপিয়াব পাৰিব। তাকেই লৈ জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো এবে-ই মুকলিকৈ আমেৰিকাক প্ৰশ্ন উত্থাপন কৰিবলৈ বাধ্য হৈছে যে ইউক্ৰেনৰ ক্ষেত্ৰত আমেৰিকাই যি ভূমিকা পালন কৰিলে, টাইৱানৰ ক্ষেত্ৰতো একেই ভূমিকা নহ’ব জানো?
চীনে কেৱল টাইৱানেই নহয়, বিবদমান অঞ্চল বুলি ঘোষিত চীনৰ সীমান্ত অঞ্চলত থকা বিভিন্ন দেশৰ বিভিন্ন প্ৰান্তত নিজৰ ৰঙা পতাকা উৰুৱাব পাৰিব। তাৰোপৰি উশ্বৰি নদীৰ দক্ষিণ-পূৱৰ ৰুছ এলেকা – যি এলেকা চীনে নিজৰ বুলি উল্লেখ কৰি থৈছে, নিজৰ সাম্ৰাজ্যৰ অধীনলৈ নিব পাৰিব। চীনে জানে যে এই যুদ্ধৰ পিছত ৰাছিয়া দুৰ্বল হৈ পৰিব, পশ্চিমীয়া দেশবোৰ কাগজৰ বাঘত পৰিণত হ’ব, আৰু সমগ্ৰ বিশ্বতে চীনৰ আধিপত্য জিলিকি উঠিব। অপ্ৰতিৰোধ্য চীনৰ দখলত থাকিব দক্ষিণ চীন সাগৰ। চীনে জানে যে ভূ-ৰাজনীতিৰ পৰিৱৰ্তন হ’ব, অৰ্থনীতিৰ ভৰকেন্দ্ৰ চীনৰ বক্ষলৈ গতি কৰিব। সামৰিক আৰু অৰ্থনৈতিক শক্তিৰে চীন বিশ্বৰ ১ নং আসনৰ গৰাকী হ’ব।
ৰাছিয়াই ইতিমধ্যে ‘ইন্টাৰনেশ্যনেল এটমিক এনাৰ্জি এজেন্সী'(IAEA) ক জনাই দিছে যে ৰাছিয়াৰ সেনাই ইউৰোপৰ বৃহত্তম তথা ইউক্ৰেনৰ ঝাপৰজাই পৰমাণু কেন্দ্ৰ দখল কৰিছে। চাৰ্ণবিল পৰমাণু কেন্দ্ৰও ৰাছিয়াই দখল কৰিছে। ইউক্ৰেনত মুঠ ১৫ টা পৰমাণু কেন্দ্ৰ আছে, তাৰে ভিতৰত বৃহত্তম কেন্দ্ৰ হ’ল ঝাপৰজাই। গতিকে সেই কেন্দ্ৰৰ আশে-পাশে যুদ্ধ চলি থকাৰ বাবেও উদ্বিগ্ন হৈ পৰিছে সমগ্ৰ বিশ্ব। তেনে কেন্দ্ৰত বোমা বিস্ফোৰণ সংঘটিত হ’লে পৰিস্থিতি কি হয় – কোনেও ভালদৰে ব্যাখ্যা কৰিব পৰা নাই!
গেলাত টেঙা দি আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প-এ কৈছে যে বিশ্বত পুনৰ এক যুদ্ধ অৱশ্যাম্ভাৱী আৰু এই যুদ্ধৰ বাবে দায়ী হ’ব জো বাইডেন-অৰ ব্যৰ্থতা! ইতিপূৰ্বে দুদিনমান আগতে টেলিভিছনৰ দ্বাৰা তেওঁ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন-অৰ ভূয়সী প্ৰশংসা কৰি সকলোকে হতবাক কৰিছিল (
যোৱা সোমবাৰে, ৩১-০২-২০২২ তাৰিখে ডোনেৎস্ক আৰু লুহানস্কক স্বাধীন ৰাষ্ট্ৰৰ মৰ্যদা দিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন-এ। পুটিনৰ সেই ঘোষণাক এক চমৎকাৰ ঘোষণা বুলি ট্ৰাম্পে উল্লেখ কৰিছে।এক টেলিভিছন শ্ব’-ত প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প-এ কৈছে,’ যোৱাকালি মই এঠাইত আছিলো। সেই ঠাইত এটা টিভি আছিল। টিভিত মই বাতৰিটো দেখি কৈছিলো – ‘ এয়া জিনিয়াছৰ কাম, চমৎকাৰ’!
ট্ৰাম্পে এনেদৰেও কৈছে,’ পুটিনে ইউক্ৰেনৰ সেই অংশক স্বাধীন বুলি ঘোষণা কৰি দিলে। কিমান স্মাৰ্ট ভাবি চাওক। এতিয়া শান্তিৰক্ষাৰ বাবে তেওঁ সৈন্যবাহিনী প্ৰেৰণ কৰিব। মই দেখা সবাতোকৈ শক্তিশালী শান্তিৰক্ষা বাহিনী। সেই বাহিনীক আমিও দক্ষিণ প্ৰান্তত ব্যৱহাৰ কৰিব পাৰিলোহেতেন। মই তেওঁক ( পুটিন) চিনি পাওঁ। খুব বুদ্ধিমান। বুদ্ধিমানৰ পদক্ষেপেই গ্ৰহণ কৰিছে।’
ডোনেৎস্ক আৰু লুহানস্কক স্বাধীন ৰাষ্ট্ৰ বুলি ভ্লাডিমিৰ পুটিন-এ ঘোষণা কৰা কাৰ্য সম্পৰ্কে ট্ৰাম্পে পুনৰ কৈছে,’ মই বিশ্বাস কৰো, অবিলম্বে ডোনেৎস্ক আৰু লুহানস্কৰ স্বাধীনতা তথা সাৰ্বভৌমত্বক স্বীকৃতি দিবলৈ এক দীৰ্ঘম্যাদী সিদ্ধান্তৰ প্ৰয়োজন। ইউক্ৰেন আচলতে আমেৰিকাৰ হাতৰ পুতলা।’)! এতিয়া ডোনাল্ড ট্ৰাম্প-এ পুনৰ কৈছে যে পৰৱৰ্তী আক্ৰমণ হ’ব টাইৱানত। এতিয়া নীৰৱে থকা চীনে টাইৱান দখল কৰিব। কেৱল সময়ৰ অপেক্ষা। প্ৰকৃততে এতিয়া সকলোৱে দেখি আছে যে বৰ্তমানৰ আমেৰিকাৰ নেতৃত্ব কিমান অযোগ্য! চীনৰ জিনপিঙে আফগানিস্তানৰ পিনে চাই আছিল আৰু দেখিছে – আমেৰিকাই কিদৰে আফগানিস্তানৰ পৰা পলায়ন কৰিছে! ইউক্ৰেনৰ লগত থকা বুলি কৈও বৰ্তমানৰ আমেৰিকাৰ নেতৃত্বই একো কৰিব পৰা নাই! কিমান অযোগ্য! গতিকে চীনে সুবিধা কিয় নলব?
বিশেষ টোকাঃ ইউক্ৰেনৰ আৰু ৰাছিয়াৰ মাজত চলি থকা যুদ্ধৰ পটভূমিত আমেৰিকা, জাৰ্মানী, ফ্ৰান্স আদি দেশৰ যুদ্ধবিমান, টেংক, হেলিকপ্টাৰ, ক্ষেপনাস্ত্ৰ তথা বিভিন্ন অস্ত্ৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানবোৰৰ এতিয়া একাদশত বৃহস্পতি; হু হু কৈ বাঢ়িছে এনেবোৰ প্ৰতিস্থানৰ শ্বেয়াৰৰ মূল্য। কাৰণ এতিয়া সকলো দেশকেই লাগে আত্মৰক্ষাৰ বাবে অত্যাধুনিক মাৰণাস্ত্ৰ, অত্যাধুনিক বিমান, ইত্যাদি!