• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Friday, March 31, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Geography

ইউক্ৰেন সংকটঃ পুটিনে কৰিবনে যুদ্ধযাত্ৰা?

ইউক্ৰেন

by Admin
February 16, 2022
in Geography, History, News, Politics, Real Stories, Special Report, Uncategorized, World
Reading Time: 1 min read
0
ইউক্ৰেন সংকটঃ পুটিনে কৰিবনে যুদ্ধযাত্ৰা?
Share on FacebookShare on TwitterShare on LinkedIn

• তনয় চক্ৰৱৰ্তী

ইউক্ৰেন

RelatedPosts

The Renewed Boundaries of Being Indigenous : Indigenous Values Vs Modern Values

The Renewed Boundaries of Being Indigenous : Indigenous Values Vs Modern Values

March 31, 2023
Rampant Upsurge of Academic Bullying

Rampant Upsurge of Academic Bullying

March 31, 2023
Should Companies Have Menstrual Leave Policy For Women?

Should Companies Have Menstrual Leave Policy For Women?

March 31, 2023

আজি বুধবাৰ, ১৬ ফেব্ৰুৱাৰী, ২০২২ চন। বহুদিন ধৰি বিভিন্ন ৰাজনৈতিক পৰ্যবেক্ষকসকলে কৈ আহিছে যে আজিৰ এই বুধবাৰৰ দিনটোতেই ৰাছিয়াই ইউক্ৰেনৰ ওপৰত আক্ৰমণ কৰিব। কিছুমান ৰাজনৈতিক পৰ্যবেক্ষকে ধাৰণা কৰিছে যে ভ্লাডিমিৰ পুটিন-এ ইউক্ৰেন সীমান্ত তিনিফালৰ পৰাই ৰাছিয়ান সৈন্যৰে ঘেৰি থৈছে যদিও অৱশেষত হয়তো আক্ৰমণ নকৰিব।

কিন্তু উত্তেজনা এতিয়া শীৰ্ষস্থান পাইছে। পশ্চিমীয়া দেশবোৰেও ষ্পষ্টভাৱে জনাই দিছে যে ৰাছিয়াই আক্ৰমণ কৰিলে নিষেধাজ্ঞা আৰোপ কৰা হ’ব। আমেৰিকাই ঘনে ঘনে ডবাৰ চাল খেলি আছে – কিন্তু সেই ৰাজনৈতিক চালবোৰ ৰাছিয়াক চাপৰ মাজত ৰাখিবলৈ নে ইউক্ৰেনক সচাই সহায় কৰিবলৈ – সুষ্পষ্ট হৈ উঠা নাই। ৰাছিয়াই নিজৰ ৭০% সৈন্য সমবেত কৰিছে ইউক্ৰেন সীমান্তত, আৰু আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক চুলিভানে কৈছে যে যিকোনো মুহুৰ্ততে ৰাছিয়াই ইউক্ৰেনৰ ভিতৰত সোমাই পৰিব। যোৱাকালি জাৰ্মান চেঞ্চেলৰৰ, ৭ ফেব্ৰুৱাৰী তাৰিখে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি এমানুৱেল মাখোঁৰ কুটনৈতিক ভ্ৰমণেও বৰফ গলাব পৰা নাই। ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লেভৰভেও পুটিনক অনুৰোধ কৰিছে – পশ্চিমীয়া দেশবোৰৰ সৈতে আলাপ কৰিবলৈ। কিন্তু পুটিনে কি ভাবি আছে, পুটিনে হে জানে।

Screenshot 20220216 001646 Chrome
ৰাছিয়ান সৈন্যৰ কুচ-কাৱাজ ( ছৱি: এএফপি)

পৰিস্থিতি তুমুল উত্তেজনাময়। তাৰেই পটভূমিত শ্বেয়াৰ বজাৰ হুৰহুৰাই নামি গৈছে। ৰাছিয়াৰ গেছ আৰু তেলৰ ওপৰত বহু দেশ নিৰ্ভৰশীল হেতুকে বিশ্বত কৰোনাই কৰা অৰ্থনৈতিক মন্দাৱস্থাৰ পিছত এক নতুন মন্দাৱস্থা পুনৰ আহি পৰিব বুলি ষ্টক মাৰ্কেট সন্দিহান হৈ পৰিছে। ৰাছিয়াৰ ‘বি.টি.জি.( বেটেলিয়ন টেকটিকেল গ্ৰুপ) হ’ল অতি প্ৰশিক্ষিত ৬০০ -১০০০ সৈন্যৰ দ্বাৰা গঠন কৰা একোটা দুদ্ধৰ্ষ সামৰিক গোট – যি গোটে অতি উন্নত অস্ত্ৰ-শস্ত্ৰ চলাব পাৰে, আকাশ মাৰ্গৰ পৰা হোৱা আক্ৰমণ ভেটা দিব পাৰে, অস্ত্ৰৰ বিশাল ভান্ডাৰ কঢ়িয়াব পাৰে। ২০১৫ চনত হোৱা ৰক্তক্ষয়ী ৰাছিয়া-ইউক্ৰেনৰ যুদ্ধত ৰাছিয়াই মাত্ৰ ১২ টা ‘বিটিজি’ গোট ইউক্ৰেনক পৰাভূত কৰিবলৈ প্ৰেৰণ কৰিছিল। কিন্তু এইবাৰ ইউক্ৰেন সীমান্তত মোতায়ন কৰিছে ৮৩ টা ‘বিটিজি’ গোট, আৰু আমেৰিকাই দাবী কৰা মতে ৰাছিয়াই অতিৰিক্ত ১৪ টা গোট পুনৰ প্ৰেৰণ কৰাৰ পথত। আমেৰিকাৰ মতে ৰাছিয়াৰ সৰ্বমুঠ ১২০ টা ‘বিটিজি’ গোট ব্যৱহাৰ কৰা হ’ব ইউক্ৰেন অভিযানত। এই গোটবোৰৰ সৈতে নৌবাহিনী তথা বায়ুবাহিনীক ধৰা হোৱা নাই, বা ‘পেৰাট্ৰুপাৰ’কো ধৰা হোৱা নাই। কিন্তু তেনে বাহিনীৰ সৈন্যৰ বিশাল দল সাজু হৈ আছে কাজাখাস্তানত। সকলো মিলি ইউক্ৰেনৰ নামত ১৩০০০০ ৰাছিয়ান সৈন্যই পুটিনৰ নিৰ্দেশ অপেক্ষা কৰি ৰৈ আছে। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মতে ৰাছিয়াৰ শক্তিশালী নৌবাহিনীৰ জাহাজ ভাহি আছে বাল্টিক, ব্লেক-চি, প্ৰশান্ত মহাসাগৰৰ বক্ষত, তথা ৯০ খন ছাবমেৰিন পানীৰ তলত অপেক্ষাৰত। ভূমধ্যসাগৰৰ বক্ষত থকা নৌবাহিনীৰ দুখন জাহাজত আৰু ‘ব্লেক-চি’ত ভাহি থকা নৌবাহিনীৰ জাহাজত – মুঠ তিনিখনত অতি শক্তিশালী ‘ৰাছিয়ান গাইডেড ক্ৰুইজ মিছাইল’ সংলগ্ন হৈ আছে।

আনপিনে ইউক্ৰেনৰ নাগৰিক সকলে ব্যক্ত কৰিছে যে পুটিন-এ ২০১৪ চনত ইউক্ৰেনৰ পৰা ক্ৰিমিয়াক কাঢ়ি লৈ যোৱাৰ সময়ত যিখন যুদ্ধ আৰম্ভ হৈছিল, তেতিয়াৰ পৰাই ৰাছিয়াৰ সৈতে যুদ্ধখন জাৰী হৈ আছে। ইতিমধ্যে হাজাৰ হাজাৰ ইউক্ৰেনীয়ই ৰাছিয়াৰ সৈন্য বাহিনীৰ বিৰুদ্ধে যুদ্ধৰ অভিজ্ঞতা অৰ্জন কৰিছে আৰু সেইবাবে পুটিন-এ কি কৰিব বা নকৰিব, তাকে লৈ কিয়েভ-এ সময় নষ্ট কৰিবলৈ বিচৰা নাই। বৰং আজি কি কৰিব লাগিব, তাকে লৈ কিয়েভ ব্যস্ত। ইউক্ৰেনৰ নেতাসকলে বুজি পাইছে যে ইউক্ৰেনে নিশ্চিতভাৱে সৈন্যবাহিনী সাজু কৰিব লাগিব, অৰ্থনৈতিক ক্ষতি কমাবলৈ চেষ্টা কৰিব লাগিব, মিত্ৰদেশৰ সন্ধান কৰিব লাগিব। কাৰণ তেওঁলোকে এয়া ভালকৈ জানে যে পুটিনে আক্ৰমণ কৰিবই লাগিব, অন্যথা তেওঁৰ মুখৰক্ষা নহ’ব আৰু ভাবমূৰ্তিৰ অপূৰণীয় ক্ষতি হ’ব।

Screenshot 20220216 000729 Chrome
ইউক্ৰেন সাজু

পুটিনেও জানে যে এয়া তেওঁৰ বাবে ৰাছিয়াক তথা তেওঁক নিজকে অতি গুৰুত্বপূৰ্ণ কৰি তোলাৰ বাবে বিৰল সুযোগ, সুন্দৰ সময়। কাৰণ চীন ব্যস্ত হৈ আছে চীনত অনুষ্ঠিত অলিম্পিকত আৰু অন্যান্য ক্ষেত্ৰত, আমেৰিকা ব্যস্ত আছে চীনক চম্ভালি থকা কাৰ্যত, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ব্যস্ত হৈ আছে পুনৰ্নিৰ্বাচনৰ জয়লাভ হোৱা কাৰ্যত, বৃটিছ প্ৰধানমন্ত্ৰী ক্ষমতা হেৰুওৱাৰ পথত, ৰাছিয়াৰ গেছ তথা ইন্ধনৰ ওপৰত ভীষণ নিৰ্ভৰশীল ইউৰোপৰ বিভিন্ন দেশ ব্যস্ত কৰ’নাৰ ক্ষয়-ক্ষতিৰ জোৰা মৰাত,…; গতিকে লোহা গৰম হৈ থাকোতেই পুটিনে হাতুৰী মাৰিব লাগিব! ইতিমধ্যে পুটিনে ৬২০০০ কোটি ডলাৰৰ এক বিশাল বৈদেশিক মুদ্ৰাৰ ভান্ডাৰ গঢ়ি তুলি ডলাৰ-নিৰ্ভৰতাৰ পৰাও মুক্তি লাভ কৰিছে। গতিকে ৰাছিয়াক বিশ্বৰ অন্যতম ৰাজনৈতিক শক্তি বুলি প্ৰতিষ্ঠা কৰি নিজে লৌহপুৰুষ হ’বলৈ এয়াই সময়! তাৰোপৰি, যদি আক্ৰমণ কৰা নহয়, তেনেহলে ইউক্ৰেনৰ সীমান্তত জমমা কৰা সৈন্যক ওভোতাই আনিব লাগিব আৰু তেনে কৰিলে পশ্চিমীয়া দেশবোৰেও পুটিনক গুৰুত্ব নিদিয়া হ’ব।

Screenshot 20220216 001350 Chrome
কিয়েভৰ এক দৃশ্য ( ছৱি: ইন্টাৰনেট)

ইউক্ৰেনীয়ান সকলেও বুজি পাইছে যে গেলা-পচা এক শান্তি আলোচনাতকৈ যুদ্ধ কৰাই ভাল! কাৰণ, তেওঁলোকে এয়া ভালকৈ জানে যে আফগানিস্তানৰ ব্যৰ্থতাই প্ৰমাণ কৰিছে – যুদ্ধ এখন সমাপ্ত কৰাতকৈ আৰম্ভ কৰা বহুত সহজ! ৰাছিয়াৰো আফগানিস্তানৰ অভিজ্ঞতাৰ বিষয়ে নিশ্চয় মনত আছে, আৰু এয়াও নিশ্চয় মনত আছে যে ইতিমধ্যে ৰাছিয়াৰ সৈতে ৪ কোটি ইউক্ৰেনীয়ই ৮ বছৰীয়া যুদ্ধৰ অভিজ্ঞতা সহ্য কৰি থৈছে! পুটিনৰ বাবে অইন এক উলাই কৰিব নোৱৰা গতিৰোধক হৈ আছে তেওঁৰ নিজৰ দেশখনৰ জনসাধাৰণৰ সমৰ্থন – যি সমৰ্থন আদায় কৰিবলৈ তেওঁ এতিয়াও সমৰ্থ হোৱা নাই। কাৰণ এনেধৰণৰ যুদ্ধৰ প্ৰতি ৰাছিয়াৰ জনসাধাৰণৰ অনুমোদন নাই, বৰং যুদ্ধৰ ফলত পুটিনে তেওঁৰ জনপ্ৰিয়তা দ্ৰুতভাবে হেৰুৱাই পেলাব। কিন্তু নাওত উঠি টিঙৰ পৰা নামিবলৈ পুটিন অনিচ্ছুক। দেখা যাওক, আজি বুধবাৰে পুটিনে কি সিদ্ধান্ত গ্ৰহণ কৰে!

Screenshot 20220216 000929 Chrome
পুটিন

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Admin

Admin

Related Posts

The Renewed Boundaries of Being Indigenous : Indigenous Values Vs Modern Values
Special Report

The Renewed Boundaries of Being Indigenous : Indigenous Values Vs Modern Values

by Admin
March 31, 2023
0

The Renewed Boundaries of Being Indigenous : Indigenous Values Vs Modern Values Monikangkan Barooah Monikangkan Barooah In India, 705 ethnic...

Read more
Rampant Upsurge of Academic Bullying

Rampant Upsurge of Academic Bullying

March 31, 2023
Should Companies Have Menstrual Leave Policy For Women?

Should Companies Have Menstrual Leave Policy For Women?

March 31, 2023
Wall Street Journal reporter detained in Russia

Wall Street Journal reporter detained in Russia

March 31, 2023
Durga: As the Goddess of the East

Durga: As the Goddess of the East

March 30, 2023
Things to Learn in Navratri

Things to Learn in Navratri

March 30, 2023
  • Trending
  • Comments
  • Latest
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
লাচিত বৰফুকন

লাচিত বৰফুকন

November 24, 2022
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
The Renewed Boundaries of Being Indigenous : Indigenous Values Vs Modern Values

The Renewed Boundaries of Being Indigenous : Indigenous Values Vs Modern Values

March 31, 2023
মেডিয়া ট্ৰাস্ট অসমৰ দ্বাৰা উপেন্দ্ৰনাথ ব্ৰহ্মৰ স্মৃতিচাৰণ

মেডিয়া ট্ৰাস্ট অসমৰ দ্বাৰা উপেন্দ্ৰনাথ ব্ৰহ্মৰ স্মৃতিচাৰণ

March 31, 2023
নিঃচৰ্ত শব্দসাধক

নিঃচৰ্ত শব্দসাধক

March 31, 2023
Rampant Upsurge of Academic Bullying

Rampant Upsurge of Academic Bullying

March 31, 2023

Popular Stories

  • জাহ্নৱী স্বৰ্গীয়াৰী: মাৰ্কিন ভূমিত প্ৰশংসিত অসমীয়া মহিলা উদ্যমী

    জাহ্নৱী স্বৰ্গীয়াৰী: মাৰ্কিন ভূমিত প্ৰশংসিত অসমীয়া মহিলা উদ্যমী

    857 shares
    Share 93 Tweet 58
  • Dholera: Modi’s Dream Project turns lifeless and barren!

    901 shares
    Share 325 Tweet 203
  • Captain Jintu Gogoi Vir Chakra Memorial Football Tournament

    204 shares
    Share 82 Tweet 51
  • অটোৰিক্সা চালকৰ পৰা দেশজুৰি সমাদৃত ফটোগ্ৰাফাৰলৈ বৰ্ণময় জীৱন

    210 shares
    Share 84 Tweet 53
  • Brahmaputra -The never-ending metaphor as Media of the valley

    100 shares
    Share 40 Tweet 25
  • লক্ষ্মীনাথ বেজবৰুৱাৰ “কবিতা”

    153 shares
    Share 61 Tweet 38
  • কল্পনাতীত সৌন্দৰ্যৰ আকৰ ৱাৰি চ’ৰা! 

    75 shares
    Share 30 Tweet 19
  • RAJA RAVI VARMA: FATHER OF MODERN ART IN INDIA

    70 shares
    Share 28 Tweet 18
  • Nature-Writings: New Rising In The World Of Literature

    57 shares
    Share 23 Tweet 14
  • Speak You – How Romania helps Ukrainian refugees: the experience of a team from Sighișoara

    56 shares
    Share 22 Tweet 14
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: