-মহাবাহু |
ৰুইনচ্ অব বেবিলন, ইৰাক : ত্ৰয়োবিংশ খ্ৰীষ্টপূৰ্বাব্দত বেবিলনৰ প্ৰাচীন চহৰত মাটিৰ ফলি তৈয়াৰ হৈছিল বুলি প্ৰমাণ পোৱা গৈছে। প্ৰাচীন এই চহৰখন কেতিয়াও বিশ্বৰ ঐতিহ্যবাহী স্থাপত্যৰ তালিকাভুক্ত হোৱা নাছিল। ইৰাকৰ তৰফৰপৰা বহুবাৰ আৱেদন কৰা হৈছিল যদিও ইউনেস্কোই তালিকাত অন্তৰ্ভুক্ত কৰা নাছিল। কিন্তু এইবাৰ অৱশেষত তালিকাভুক্ত হ’ল।
আজাৰবাইজানৰ ৰাজধানী বাকুত ইউনেস্কোৰ বিশ্ব ঐতিহ্য সমিতিয়ে লোৱা সিদ্ধান্তমৰ্মে ইউফ্ৰেটিছ নদীৰ কাষত সৃষ্টি হোৱা মেচোপটেমিয়া চহৰখন বিশ্বৰ ঐতিহ্যবাহী চহৰ হিচাপে চিহ্নিত হ’ল। ইৰাকৰ ৰাষ্ট্ৰপতি বাৰহাম চালহিয়ে জনাইছে যে এতিয়াৰেপৰা এই চহৰখন প্ৰত্নতাত্বিক এলেকাৰ ভিতৰত অন্তৰ্ভুক্ত হৈ পৰিল। তেওঁ কয় যে দীৰ্ঘদিন ধৰি এই ঐতিহাসিক চহৰখন অৱহেলিত হৈ আছিল আৰু পূৰ্বৰ কোনো নেতাই এই চহৰখনক লৈ ভাবনা-চিন্তা কৰা নাছিল। খবৰটো পোৱাৰ লগে লগেই তেওঁক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী আদেল আব্দুল মেহদিয়ে। তেওঁ কয় যে ‘মানবসভ্যতাৰ ইতিহাসত মেচোপটেমিয়া প্ৰকৃতাৰ্থত এক বিৰাট স্তম্ভসদৃশ। প্ৰাচীন ইতিহাসেই প্ৰমাণ কৰিছে যে ইয়াত সভ্যতা গঢ় লৈ উঠিছিল।’ চৰকাৰৰ তৰফৰপৰা জনোৱা হৈছে যে এই চহৰখনৰ সংৰক্ষণৰ বাবে সুকীয়াকৈ আৰ্থিক অনুদান দিয়া হ’ব। প্ৰাচীন মানবসভ্যতা গঢ়ি উঠাৰ ক্ষেত্ৰত বাগদাদৰপৰা ৮৫ কিলোমিটাৰ দক্ষিণত অৱস্থিত বেবিলনৰ নাম বাৰম্বাৰ উত্থাপিত হৈছিল। বেবিলনৰ ওলোমা উদ্যান বিশ্বৰ সপ্তম আশ্বৰ্যৰ অন্যতম এক আশ্বৰ্য। বেবিলনৰ ঐতিহ্যস্বৰূপ সেই ঐতিহাসিক সিংহ—যি সিংহ তৎকালীন ইটা আৰু বোকামাটিৰে তৈয়াৰ কৰা হৈছিল আৰু ১০ বৰ্গকিলোমিটাৰ স্থান অধিকাৰ কৰি আছে, সেই সিংহকো প্ৰত্যক্ষ কৰাৰ সুযোগ পাব পৰ্যটকসকলে। ইয়াৰোপৰি ইচতাৰ গেটখন, যিখন ইমানদিনে বন্ধ হৈ আছিল, সেই ঐতিহাসিক স্থাপত্যকো পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ’ল। বেবিলন চহৰৰ এই বিশেষ স্বীকৃতিৰ পিছত উল্লাসিত হৈ পৰা স্থানীয় বাসিন্দা মাৰিনা আল-খাফাজিয়ে কয় যে এই স্বীকৃতিৰ ফলত এইবাৰ স্থানীয় অৰ্থনীতি সমৃদ্ধ হ’ব। স্থানীয় বাসিন্দা ৫৩ বছৰ বয়সীয়া ‘টুৰ অপাৰেটৰ’ মাক্কি মহম্মদ ফাৰহানে জনায় যে এইবাৰ এই চহৰখনক লৈ পুনৰ গৱেষণা হ’ব। বেবিলন মোৰ শিৰাই শিৰাই ৰক্তৰ দৰে প্ৰবাহিত হৈ আছে আৰু সন্তানতকৈও বেছিকৈ মই ভাল পাও বেবিলনক।’