–দিলীপ দৈমাৰী
এইবাৰ ইউনেস্কোৰ সৃজনীশীল নগৰৰ তালিকাত নাম অন্তৰ্ভুক্ত হ’ল ভূ-স্বৰ্গ কাশ্মীৰৰ শ্ৰীনগৰৰ। ইউনেস্কোৰ তৰফৰ পৰা জনোৱা হৈছে যে এই নগৰৰ ঐতিহ্যময় হস্তশিল্প, লোকায়ত সংস্কৃতিৰ প্ৰতি স্বীকৃতি আগবঢ়োৱা হৈছে। ইউনেস্কোৰ সঞ্চালক প্ৰধান আউদ্ৰি আজুলিয়ে কৈছে যে শ্ৰীনগৰে এই খিতাপ অৰ্জন কৰিছে সাংস্কৃতিক আৰু সৃজনীশীল ক্ষেত্ৰত দেখুৱাই থকা ধাৰাবাহিকতাৰ বাবে। নতুন নতুন গ্ৰামীণ মডেলক উৎসাহ দিবলৈকেই এনে স্বীকৃতিৰ পৰিকল্পনা ইউনেস্কোই হাতত লৈছে বুলিও তেওঁ জনাইছে।
মুঠ ৯০ খন দেশৰ ২৪৬ খন নগৰৰ পৰা ৪৬ খন নগৰক সৃজনীশীল নগৰৰ তালিকাভুক্ত কৰিছে ইউনেস্কোই। এইবোৰ নগৰৰ সৃজনীশীল অৱদান, যেনে- সাহিত্য, চিনেমা, চিত্ৰশিল্প, কাৰুশিল্প, লোকশিল্প ইত্যাদি বিভিন্ন বিষয়ৰ বিবেচনা কৰা হৈছে। এইবোৰৰ ভিতৰত ভাৰতৰ একমাত্ৰ নগৰ হিচাপে শ্ৰীনগৰৰ নাম বিবেচিত হৈছে। শ্ৰীনগৰৰ এনে নতুন খিতাপৰ বিষয়ে আজুলিয়ে টুইট কৰি শ্ৰীনগৰৰ মেয়ৰ জুনেইড আজিম মাত্তুক জনোৱাৰ লগতে অভিনন্দন জ্ঞাপনো কৰে। তেওঁ টুইটৰ দ্বাৰা কয় যে,’ শ্ৰীনগৰৰ বাবে অতি ভাল সংবাদ। ইউনেস্কোৰ সৃজনীশীল নগৰৰ খিতাপ অৰ্জন কৰিছে শ্ৰীনগৰে। ভাৰতৰ একমাত্ৰ নগৰ হিচাপে এই খিতাপৰ বাবে শ্ৰীনগৰ আনন্দিত, গৰ্বিত,…।’ উল্লেখযোগ্য যে ভাৰতৰ পৰা ইউনেস্কোলৈ শ্ৰীনগৰ আৰু গোৱালিয়ৰৰ নাম প্ৰেৰণ কৰা হৈছিল যদিও অৱশেষত ভূ-স্বৰ্গৰ ৰাজধানীয়ে খিতাপ অৰ্জন কৰিলে।
শ্ৰীনগৰৰ সাংবাদিক খুচবু মাত্তু( Khushboo Mattoo, Consulting Editor, Network 18, Jammu and Kashmir)ই এই সম্পৰ্কে আহ্লাদিত হৈ লিখিছে,” Srinagar City is now part of UNESCO’s Worldwide Creative Cities Network representing its rich folk art and culture. Some of our oldest traditions like papier mache, walnut wood work and metal and stone work, Kani Shawl, Sozni, Khatamband and carpet weaving will be presented at the global platform, in a way hitherto unseen……Handicrafts have been the backbone of Kashmir’s economy, with a 2012 research paper from Kashmir University estimating that more than 3 lakh people were employed in this sector…” হয়, তিলোত্তমা নয়নাভিৰাম শ্ৰীনগৰ, তুমি সচাই অনন্য!