• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, June 18, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News

ইউনেস্কো(UNESCO)ৰ মৰ্যদাৰে বিশ্ব দৰবাৰত জিলিকিল চৰাইদেউ মৈদাম

মনস্বিনী শৰ্মা

by Monoswini Sarmah
July 29, 2024
in News, Heritage, Special Report
Reading Time: 3 mins read
0
ইউনেস্কো(UNESCO)ৰ মৰ্যদাৰে বিশ্ব দৰবাৰত জিলিকিল চৰাইদেউ মৈদাম
Share on FacebookShare on TwitterShare on LinkedIn

ইউনেস্কো(UNESCO)ৰ মৰ্যদাৰে বিশ্ব দৰবাৰত জিলিকিল চৰাইদেউ মৈদাম

মনস্বিনী শৰ্মা 

manaswini sarma
মনস্বিনী শৰ্মা 

 ইউনেস্কো (UNESCO) অৰ্থাৎ United Nations Educational, Scientific and Cultural Organization হৈছে সংযুক্ত ৰাষ্ট্ৰ (United nations) এক বিশেষ সংস্থা। যাৰ মুখ্য উদ্দেশ্য হৈছে শিক্ষা,কলা, বিজ্ঞান আৰু সংস্কৃতিৰ জড়িয়তে আন্তজাৰ্তিক সহযোগিতাৰে বিশ্ব শান্তি আৰু সুৰক্ষা স্থাপন কৰা।

১৯৪৫ চনৰ ১৬ নৱেম্বৰত স্থাপন হোৱা UNESCO ৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা হ’ল ১৯৪ খন আৰু ইয়াৰ মুখ্য কাৰ্যালয় ফ্ৰান্সৰ পেৰিছত অৱস্থিত।

RelatedPosts

Air India Flight AI171 Crashes near Ahmedabad with 242 Onboard

What Happened to Air India Flight AI171?

June 18, 2025
Supreme Court Stands Firm Against Wealthy Silencing Media!

Kerala High Court Enforces Ban on Single-Use Plastics in Hilly Areas and Public Events

June 17, 2025
Afghan Women: Unyielding Resilience in the Face of Adversity!

Afghan Women’s Plight: A Call for Global Solidarity

June 17, 2025

   চিনাক্তকৰণ, সংৰক্ষণ,পৰ্যটনৰ উন্নতি সাধনেৰে অৰ্থনৈতিক উন্নয়ন, শৈক্ষিক সুযোগ, ভৱিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষণ,ঐতিহাসিক, বৈজ্ঞানিক, সাংস্কৃতিক গুৰুত্বক সুৰক্ষা দিবলৈ বৈধতাৰে UNESCO ই বিশ্বৰ কিছুমান নিৰ্দিষ্ট বিশেষ ঠাইক “বিশ্ব ঐতিহ্য ক্ষেত্ৰ”ৰ মৰ্যদা প্ৰদান কৰে।এই মৰ্যদা লাভ কৰাৰ পাছত উক্ত ঠাই বা ক্ষেত্ৰই আন্তজাৰ্তিক পৰিচয়, আইনগত সুৰক্ষা, আৰ্থিক পুঁজি লাভ, পৰ্যটকৰ সংখ্যা বৃদ্ধি, উন্নত কাৰিকৰী সুবিধা,গৱেষণা লাভ কৰে।

      ভাৰতবৰ্ষত সৰ্বমুঠ ৪৩ টা ‘বিশ্ব ঐতিহ্য ক্ষেত্ৰ’ থকাৰ বিপৰীতে অসমত সৰ্বমুঠ তিনিটা ক্ৰমে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানস ৰাষ্ট্ৰীয় উদ্যান আৰু সদ্যঘোষিত চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে আছে। এতিয়া আহো সদ্যঘোষিত বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামৰ বিষয়লৈ। পোনপ্ৰথমে ‘মৈদাম’ মানে হ’ল আহোম জনগোষ্ঠীৰ পৰম্পৰাগত মৃতদেহ সংৰক্ষণ কৰা এক পদ্ধতি। 

ইউনেস্কো(UNESCO)ৰ মৰ্যদাৰে বিশ্ব দৰবাৰত জিলিকিল চৰাইদেউ মৈদাম

  মৈদামক ইজিপ্তৰ পিৰামিডৰ সৈতে তুলনা কৰিব পাৰি।মৈদাম টাই আহোম শব্দ ‘ফ্ৰাং-মৈ-দাম’ৰ পৰা আহিছে। ‘ফ্ৰাং-মৈ’ মানে সমাধি দিয়া আৰু ‘দাম’ মানে মৃতক।টাই জাতিৰ লোকসকলে মৃতদেহ জ্বলাই দিয়াৰ সলনি পুতি থয়। অসমৰ ভিন্ন প্ৰান্তত মৈদাম সমূহ দেখা যায় আৰু চৰাইদেউত আটাইটকৈ বেছি ঘনত্বত মৈদাম সমূহ আছে।’চৰাইদেউ’ নামৰ উৎপত্তি টাই আহোম ভাষাৰ শব্দ ‘চে-ৰাই-ডয়’ পৰা হৈছে। ‌

লিখিত আছে যে স্বৰ্গদেউ চাওলুং-চ্যুকাফাই পাটকাই পাহাৰ বগাই চৰাইদেউত বাহৰ পাতিছিল। ‌ চৰাইদেউৰ সৌন্দৰ্য্যত মোহগ্ৰস্থ হৈ চাও-লুং-চ্যুকাফাই ‘চে-ৰায়-ডয়’ নামকৰণ কৰি ৰাজধানী পাতিছিল, যাৰ অৰ্থ আছিল পাহাৰত জিলিকা চহৰ অৰ্থাৎ ‘চে’ মানে চহৰ, ‘ৰাই’ মানে ‘জিলিকা’, ‘ডয়’ মানে পাহাৰ। এই ‘চে-ৰাই-ডয়’ পৰৱৰ্তী কালত ‘চৰাইদেউ’ নামেৰে বিখ্যাত হৈ উঠে।

‌মৈদামৰ সুৰক্ষাৰ আৰু নিৰ্মাণৰ বাবে চাংৰুং ফুকন আৰু মৈদাম ফুকন বুলি পদসমুহ সৃষ্টি কৰা হৈছিল।মৈদাম নিৰ্মাণত বিভিন্ন আকাৰৰ শিল, ভঙা শিল, ইটা, ভঙা ইটা আদিৰ সহায়ত অধিগাঁথনি নিৰ্মাণ কৰা হৈছিল।

ইউনেস্কো(UNESCO)ৰ মৰ্যদাৰে বিশ্ব দৰবাৰত জিলিকিল চৰাইদেউ মৈদাম

মৈদামৰ গঠন মূলত তিনিটা ভাগত ভাগ কৰা হয়: 

১)ৰুংডাং: মৈদাম প্ৰথাত মৃতদেহক স্নান কৰাই ৰুংডাং, অৰ্থাৎ কাঠেৰে সজা এটা বিশেষধৰণৰ পেৰাৰ ভিতৰত সুমুৱাই ৰখা হয়।ৰুংডাংসমুহ গছৰ কাঠৰ পৰা প্ৰস্তুত কৰা হয়।

২)কাৰেং ৰুংডাং: ৰুংডাং পোতা ঠাইত এটা ঘৰ তৈয়াৰ কৰা হয়। ইয়াক কাৰেং ৰুংডাং বোলে।ইয়াৰ ভিতৰত মৃতকে জীৱিতকালত ব্যৱহাৰ কৰা সামগ্ৰীসমূহ যেনে:- চীনা মাটি, কাঠ বা হাতীদাঁত বা লোহাৰে তৈয়াৰী বস্তু, হেংদাং, শৰাই, সোণৰ গহনা, কটাৰী, চূণৰ টেমী,চালপীৰা, পালি-পহৰীয়া আদি পুতি দিয়া হয়, পাছলৈ চাওফা চ্যু-খ্ৰং-ফাই জীৱিত পালি-পহৰীয়া দিয়া নিষিদ্ধ কৰে।

৩)চাও-চালি: ৰুংডাং কাৰেংৰ ওপৰত মাটিৰ এক অনুচ্চ মূধ্ছ সজা হয় যাক চাও-চালি বোলা হয়। এই গুহা যুক্ত কোঠা চাও-চালিসমূহ, প্ৰায়ে দুমহলীয়া আৰু খোলাযুক্ত পথৰ মাজেৰে প্ৰৱেশ কৰা হয়।

        শিৱসাগৰ, চৰাইদেউত আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভিন্ন অংশত যথেষ্ঠ মৈদাম দেখিবলৈ পোৱা যায়।চৰাইদেউৰ পূবে নিমনাগড়ৰ পৰা দক্ষিণ-পশ্চিমলৈ বহু ৰাজ পৰিয়ালৰ মৈদাম আছে৷ সিংহাসনত বহা স্বর্গদেউজনৰ য’তেই মৃত্যু নহওক কিয় তেওঁলোকৰ শৱদেহ আনি চৰাইদেউতে মৈদাম দিয়া হৈছিল৷পাছলৈ হিন্দুৰ শ-দাহ প্রথা আহোমসকললৈ অহাৰ পাছত চিতাভস্ম আনি চৰাইদেউত মৈদাম দিয়া হৈছিল৷

চৰাইদেউত আহোম যুগৰ ১৫০ টাৰো অধিক মৈদাম দেখিবলৈ পোৱা যায়। ইয়াৰে ভিতৰত ৩০ টা ভাৰতীয় পুৰাতত্ত্ব অনুসন্ধান আৰু অসম চৰকাৰৰ পুৰাতত্ত্ব বিভাগৰদ্বাৰা সংৰক্ষিত কৰা হৈছে। ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰ হিচাপে পৰিচিত মৈদাম ক্ষেত্ৰখন ৫৭৮ বিঘা ভূমিত ৪২ গৰাকী আহোম ৰজাৰ সমাধিস্থল আছে । ইয়াৰ উপৰিও চৰাইদেউ মৈদামৰ কাষত বিভিন্ন সৰু সৰু মৈদাম আছে যিসমূহ ৰজাৰ পৰিয়ালৰ সদস্যৰ সমাধিস্থল বুলি ধাৰণা কৰা হয়।

ইউনেস্কো(UNESCO)ৰ মৰ্যদাৰে বিশ্ব দৰবাৰত জিলিকিল চৰাইদেউ মৈদাম

চৰাইদেউ মৈদাম ক্ষেত্ৰৰ ভিতৰত অধিক তথ্য সংগ্ৰহৰ বাবে বহুবাৰ খনন চলিছে । খননৰ সময়ত ৰাজ শাসনৰ সময়ত ব্যৱহৃত সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে পুৰাতত্ব বিভাগে ।

স্থাপত্যৰ ফালৰ পৰা মৈদামসমূহ এটা বা ততোধিক কোঠাৰ সৈতে এটা বিশাল মাটিৰ তলৰ কোঠালিৰে গঠিত, যাৰ ওপৰত গম্বুজময় অধিগাঁথনি থাকে আৰু মাটিৰ টিলাৰ আবৃত আৰু বাহিৰৰ পৰা ইয়াক অৰ্ধগোলাকাৰ টিলা যেন লাগে।টিলাটোৰ ওপৰত এখন সৰু মুকলি মণ্ডপা চৌকিৰ ব্যৱস্থা কৰা হৈছে। স্বর্গদেউ চাওলুং চুকাফাৰ পৰা স্বর্গদেউ পুৰন্দৰ সিংহৰ দিনলৈ চৰাইদেউত মৈদাম আছে ৷

 এই বৰ্ষতে বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত হোৱাৰ বাবে ভাৰতৰ পৰা চৰাইদেউৰ আহোম স্বৰ্গদেউসকলৰ মৈদাম ক্ষেত্ৰখনৰ নাম মনোনীত কৰা হৈছিল।বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ বাবে ভাৰতৰ একমাত্ৰ মনোনয়ন ক্ষেত্ৰত হিচাপে চৰাইদেউ মৈদামৰ নাম ইউনেস্কোলৈ প্ৰেৰণ কৰা হৈছিল আৰু এই কথা সদৰী কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

ইউনেস্কো(UNESCO)ৰ মৰ্যদাৰে বিশ্ব দৰবাৰত জিলিকিল চৰাইদেউ মৈদাম

ইতিমধ্যে ইউনেস্ক’ত গ্ৰহণ কৰা হ’ল চৰাইদেউ মৈদামৰ মনোনোয়ন আৰু ২৬ জুলাই,২০২৪ তাৰিখে চৰাইদেউ মৈদামক ‘বিশ্ব ঐতিহ্য ক্ষেত্ৰ ‘ হিচাপে ঘোষণা কৰা হয়।বৰ্তমান দেশত স্থিত ৪২টা বিশ্ব ঐতিহ্য ক্ষেত্ৰ সাংস্কৃতিক‌ শ্ৰেণীৰ ৰ ভিতৰত উত্তৰ-পূবৰ পৰা কোনো স্থান অন্তৰ্ভুক্ত হোৱা নাছিল৷ অৱশ্যে, প্ৰাকৃতিক শ্ৰেণীৰ অধীনত থকা ভাৰতৰ সাতটা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ ভিতৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানাহ বন্যপ্ৰাণী অভয়াৰণ্যৰ নাম সন্নিৱিষ্ট হৈছে।

UNESCO ৰ ঘোষণাৰ লগে লগে চৰাইদেউ মৈদাম হৈ পৰিল ভাৰতৰ ৪৩ তম আৰু অসমৰ তৃতীয় বিশ্ব ঐতিহ্য ক্ষেত্ৰ। ৬০০ বছৰীয়া গৌৰৱোজ্জল আহোম শাসনৰ ধ্বজা বহন কৰি অহা চৰাইদেউৰ মৈদামৰ স্বীকৃতিয়ে অনাগত দিনত এই ক্ষেত্ৰক উপযুক্ত ধৰণে ভৱিষ্যতৰ দিনৰ বাবে সংৰক্ষণ কৰাত সহায় কৰিব আৰু এক গৰিমাময় পৰিচয়েৰে বিশ্বৰ চকুত জিলিকাই ৰাখিব।

Unesco 1

(লেখিকা শিৱসাগৰৰ এগৰাকী বাসিন্দা)

26-07-2024




Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Monoswini Sarmah

Monoswini Sarmah

Related Posts

Air India Flight AI171 Crashes near Ahmedabad with 242 Onboard
Opinion

What Happened to Air India Flight AI171?

by Kakali Das
June 18, 2025
0

What Happened to Air India Flight AI171? KAKALI DAS KAKALI DAS In one of the most tragic incidents in India’s...

Read moreDetails
Supreme Court Stands Firm Against Wealthy Silencing Media!

Kerala High Court Enforces Ban on Single-Use Plastics in Hilly Areas and Public Events

June 17, 2025
Afghan Women: Unyielding Resilience in the Face of Adversity!

Afghan Women’s Plight: A Call for Global Solidarity

June 17, 2025
Russia Targets Civilians: One of Kyiv’s Darkest Nights as Putin Pressures Trump

Russia Targets Civilians: One of Kyiv’s Darkest Nights as Putin Pressures Trump

June 17, 2025
Human, economic, environmental toll of climate change on the rise

Children on the Frontlines: Leading the Climate Fight in Nepal and Maldives

June 17, 2025
World War III: Could Water Be the Spark?

India’s 2025 Climate Crisis: Scorching Heat, Water Shortages, and Urgent Solutions

June 16, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 15, 2024
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Air India Flight AI171 Crashes near Ahmedabad with 242 Onboard

What Happened to Air India Flight AI171?

June 18, 2025
How AI-Driven Automation Can Transform Assam’s Public Sector and Business Landscape

How AI-Driven Automation Can Transform Assam’s Public Sector and Business Landscape

June 18, 2025
Supreme Court Stands Firm Against Wealthy Silencing Media!

Kerala High Court Enforces Ban on Single-Use Plastics in Hilly Areas and Public Events

June 17, 2025
Afghan Women: Unyielding Resilience in the Face of Adversity!

Afghan Women’s Plight: A Call for Global Solidarity

June 17, 2025

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    12377 shares
    Share 4950 Tweet 3094
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    1422 shares
    Share 569 Tweet 356
  • পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব 

    2868 shares
    Share 1147 Tweet 717
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    5550 shares
    Share 2220 Tweet 1388
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    7244 shares
    Share 2898 Tweet 1811
  • ড্ৰাগছ : এক সামাজিক ব্যাধি

    3076 shares
    Share 1230 Tweet 769
  • Guwahati Is Sinking: 70 Years of Floods, No Lessons Learned!

    173 shares
    Share 69 Tweet 43
  • ব্ৰিটিছ ৰাজঃ ১৯০৫ চনৰ বংগ বিভাজনত অসমৰ ভূমিপুত্ৰ সকলৰ মহৎ ভূমিকা

    172 shares
    Share 69 Tweet 43
  • জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

    2158 shares
    Share 863 Tweet 540
  • ৰাজবংশী জাতিগঠন প্ৰক্ৰিয়াঃ সংমিশ্ৰণ আৰু সমাহৰণ প্ৰসংগ

    140 shares
    Share 56 Tweet 35
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges—From Climate Change and Gender Equality to Economic Upliftment.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d