–তনয় চক্ৰৱৰ্তী |
আইচলেন্ডৰ সংসদীয় নিৰ্বাচনৰ ফলাফল দেওবাৰে ( ২৬ ছেপ্টেম্বৰ,২০২১) প্ৰকাশ পাইছে। আইচলেন্ডৰ নিৰ্বাচনত ৫২% আসনত জয়ী হৈছে মহিলা প্ৰাৰ্থী। ইউৰোপৰ ইতিহাসত এয়াই প্ৰথমবাৰৰ বাবে কোনো দেশৰ সংসদীয় নিৰ্বাচনত নাৰী প্ৰাৰ্থীয়ে ৫০ শতাংশৰ অধিক আসনত জয়ী হৈছে। আইচলেন্ডৰ সংসদৰ নাম হ’ল ‘আলফিং:। বিগত ৪ বছৰ ধৰি প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈ আছে মহিলাই। তেওঁৰ নাম হ’ল কাত্ৰিন জাকোবচদাত্তিৰ। তেওঁ দেশখনৰ দ্বিতীয় মহিলা প্ৰধানমন্ত্ৰী। আইচলেন্ডৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী আছিল জোহান্না চিগুৰোয়াৰদোত্তিৰ। কাত্ৰিন জাকোবচদাত্তিৰ প্ৰধানমন্ত্ৰীত্বৰ কালছোৱাত দেশখনত ৰাজনৈতিক স্থিতিশীলতা আছিল। সেইবাবেই তেওঁ দ্বিতীয়বাৰৰ বাবে জনাদেশ বিচাৰিছিল তেওঁৰ দল আৰু জোঁটৰ পক্ষে। সংসদৰ মুঠ ৬৩ খন আসনৰ ভিতৰত বিভিন্ন দলৰ মহিলা প্ৰাৰ্থীয়ে পাইছে ৩৩ খন আসন। হিচাব অনুযায়ী এয়া হ’ল ৫২% ! ইউৰোপীয় দেশবোৰৰ ভিতৰত সংসদীয় নিৰ্বাচনত নাৰী প্ৰাৰ্থীৰ বিজয়ৰ এয়া এক ৰেকৰ্ড। বিদায়ী প্ৰধানমন্ত্ৰীয়ে সেই পদত শপত লোৱাৰ পূৰ্বে দেশখনত প্ৰায় ১০ বছৰ অস্থিৰতা আছিল। উল্লেখযোগ্য যে বিদায়ী চৰকাৰৰ নিয়ন্ত্ৰণাধীন হৈ আছে ৩৩ খন আসন। এইবাৰৰ নিৰ্বাচনত মহিলা প্ৰাৰ্থী জয়ী হ’ল ৩৩ গৰাকী। গতিকে সংসদত এইবাৰ নাৰীৰ সংখ্যাগৰিষ্ঠতা। জেভাৰ ইকুৱেলিটিৰ ক্ষেত্ৰত এয়া এক উল্লেখযোগ্য ঘটনা। পৃথিৱীৰ অন্যতম নাৰী অগ্ৰগতিৰ দেশ হ’ল আইচলেন্ড। এই অভিমত ‘ৱৰ্ল্ড ইকোনমিক ফ’ৰাম’ৰ। ১৯৮০ চনত বিশ্বৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি লাভ কৰে আইচলেন্ডে। আইচলেন্ডত ২০১৭ চনত মহিলা প্ৰাৰ্থীয়ে মাত্ৰ ৯ খন আসন পাইছিল। আনহাতে এইবাৰ জাৰ্মানীৰ সংসদীয় নিৰ্বাচনতো মহিলা প্ৰাৰ্থীয়ে জয়লাভ কৰিছে ৪৭% আসনত! জয় নাৰী শক্তিৰ জয়!