• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, December 2, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • November 2023 – Vol-II
    • November 2023 – Vol-I
    • October 2023
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • November 2023 – Vol-II
    • November 2023 – Vol-I
    • October 2023
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle food

ইউৰোপত স্থূলতাই মহামাৰীৰ ৰূপ লোৱাৰ পথত

অৰবিন্দ ৰাভা

by Admin
June 10, 2022
in food, Health
Reading Time: 1 min read
0
ইউৰোপত স্থূলতাই মহামাৰীৰ ৰূপ লোৱাৰ পথত
Share on FacebookShare on TwitterShare on LinkedIn

ইউৰোপ

অৰবিন্দ ৰাভা

মোটা, শকত, থপথপীয়া হৈ পৰিছে ইউৰোপৰ বাসিন্দা। এইবিষয়ে আগতীয়াকৈ সতৰ্কবাণী শুনাইছে বিশ্ব স্বাস্থ্য সংস্থাই। ইউৰোপৰ ৬০% পূৰ্ণবয়স্ক আৰু এক-তৃতীয়াংশ শিশুৰ ওজন বেছি হোৱা হেতুকে বিভিন্ন ধৰণৰ শাৰীৰিক সমস্যা তেওঁলোকে ভুগিব লগীয়া হৈছে। আনকি স্থূলকায় প্ৰাপ্তবয়স্ক সকলেও, আমেৰিকা যুক্তৰাষ্ট্ৰক বাদ দিলে সংখ্যাৰ নিৰিখত যিকোনো মহাদেশতকৈ ইউৰোপ বহুখোজ আগবাঢ়ি আছে। 

RelatedPosts

স্লিপ এপনিয়া : টোপনি আৰু নাকৰ শব্দ

স্লিপ এপনিয়া : টোপনি আৰু নাকৰ শব্দ

December 2, 2023
Growing Old : Seniority and Serendipity

Growing Old : Seniority and Serendipity

December 1, 2023
Gaza doctors ‘terrified’ of deadly disease outbreak as aid teams race to deliver

Gaza doctors ‘terrified’ of deadly disease outbreak as aid teams race to deliver

November 29, 2023

বিশ্ব স্বাস্থ্য সংস্থাই জনাইছে, যিধৰণে ইউৰোপবাসী মোটা বা শকত হৈছে, তেনেদৰে থাকিলে অবিলম্বে ইউৰোপত স্থূলত্বৰ সমস্যাই মহামাৰীৰ ৰূপ ধাৰণ কৰিব।বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন অনুসৰি ইউৰোপত সবাতোকৈ অধিক মোটা মানুহৰ সন্ধান পোৱা গৈছে তুৰস্ক, মাল্টা, ইজৰাইল আৰু বৃটেইনত।

ইউৰোপৰ নানা দেশত বিপদজনক হাৰত স্থূলকায় ব্যক্তিৰ সংখ্যা বৃদ্ধি পাইছে। কিন্তু কোনো দেশেই ২০২৫ চনৰ ভিতৰত মোটা হৈ পৰাৰ সমস্যা হ্ৰাস কৰা সম্পৰ্কে বিশেষ উদ্যোগ লোৱা নাই। তাৰোপৰি অধিক ওজনৰ বাবে প্ৰতি বছৰে ১০ লাখৰো অধিক লোকৰ মৃত্যু হৈছে সমগ্ৰ ইউৰোপত। অতিৰিক্ত ওজনৰ বাবে শ্বাসকষ্টৰ সমস্যা, ডায়েবেটিচ সহ ১৩ ধৰণৰ কৰ্কট ৰোগ, হৃদযন্ত্ৰ বিকল হৈ পৰাৰ দৰে একাধিক প্ৰাণঘাতী ৰোগৰ কাৰণ বুলি বিজ্ঞানীসকলে ডাঙি ধৰিছে। 

বিশ্ব স্বাস্থ্য সংস্থাৰ ইউৰোপৰ স্বাস্থ্য অধিকৰ্তা হান্স ব্লগ-এ তেওঁৰ প্ৰতিবেদনত কৈছে, কৰ’না অতিমাৰীৰ সময়তে ইউৰোপত ‘ওবেচিটি’ বা স্থূলতাই অধিক বিপৰ্যয় কঢ়িয়াই আনে। আনকি ইউৰোপৰ কৰ’না ৰোগীসকলৰ মাজত যিসকলৰ সমস্যাই গুৰুতৰ আকাৰ ধাৰণ কৰিছিল, সেইসকলৰ সৰহভাগেই শকত বা লোদোৰ-পোদোৰ আছিল, অৰ্থাৎ মোটা আছিল।

ইউৰোপত স্থূলতাই মহামাৰীৰ ৰূপ লোৱাৰ পথতঃ উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা

কৰ’না আক্ৰান্ত মোটা ৰোগীসকলেই আই-চি-ইউত বেছি সংখ্যক ভৰ্তি হৈছিল। ইয়াৰ কাৰণ ব্যাখ্যা কৰি বিশ্ব স্বাস্থ্য সংস্থাৰ ইউৰোপৰ স্বাস্থ্য অধিকৰ্তাই কৈছে, কৰ’নাৰ বাবে দীৰ্ঘদিন ধৰি হোৱা লক-ডাউনৰ বাবে স্কুল-কলেজ, অফিচ-কাছাৰী বন্ধ হৈ আছিল। গৃহবন্দী মানুহৰ মাজত ফাষ্টফুড আৰু অস্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰাৰ প্ৰৱণতা বৃদ্ধি পাইছিল। খোজ কঢ়া, লৰা-ঢপৰা নাইকিয়া হোৱাত পেটত চৰ্বি জমা হৈছিল আৰু বৃদ্ধি হৈ গৈ আছিল। 

কেৱল ইউৰোপতেই নহয়, স্থূলতাৰ সমস্যা ভাৰততো মূৰৰ বিষ হৈ পৰাৰ উপক্ৰম হৈছে। সাম্প্ৰতিক এক গৱেষণাত গম পোৱা গৈছে, ২০২৫ চনৰ ভিতৰত ভাৰতত মোটা শিশুৰ সংখ্যা হৈ পৰিব ১ কোটি ৭০ লাখ। সমীক্ষাত দেখা গৈছে, সমগ্ৰ বিশ্বতে ২০০ কোটি প্ৰাপ্তবয়স্ক আৰু শিশু অতিৰিক্ত ওজনৰ সমস্যাত ভুগিছে। ওজন বেছি হোৱা হেতুকে অধিক ৰোগ ভোগ কৰিবলগীয়া হৈছে আৰু তাৰেই ভিত্তিত মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে বুলি সেই সমীক্ষাই দাবী কৰিছে। ২০১৫ চনত সমগ্ৰ বিশ্বত স্থূলতাৰ বাবে ৪০ লাখ লোকৰ মৃত্যু হৈছিল। সমগ্ৰ বিশ্বৰ ১০ কোটি ৮০ লাখ শিশু আৰু ৬০ কোটি প্ৰাপ্তবয়স্ক লোকৰ ‘বডি মাস্ক ইনডেক্স’ বা বি-এম-আই ৩০-অৰ অধিক।

man standing near parked green car
Photo by Artem Podrez on Pexels.com

বি-এম-আই অধিক মানেই সেই ব্যক্তিক মোটা বা শকত বুলি ধৰা হয়। চীনত মোটা শিশুৰ সংখ্যা ১ কোটি ৫৩ লাখ। ভাৰতত ১ কোটি ৪৪ লাখ। মোটা ব্যক্তিৰ সংখ্যা আমেৰিকাত সৰ্বাধিক, ৭ কোটি ৯৪ লাখ। তাৰপিছত চীন, চীনত ৫ কোটি ৭৩ লাখ। বিজ্ঞানীসকলৰ মতে তেল-মছলাযুক্ত খাদ্য, ফাষ্টফুড, পেকেট- ফুড আদি খোৱাৰ প্ৰৱণতা বৃদ্ধি আৰু পুষ্টি সম্পৰ্কে ভুল ধাৰণাই হ’ল মোটা হোৱাৰ মূল কাৰণ। একে নিশাই ওজন নাবাঢ়ে। জাংক ফুড খোৱাৰ বাবেই চৰ্বি জমা হ’বলৈ আৰম্ভ কৰে। উদ্বিগ্ন হৈ পৰা বিশ্ব স্বাস্থ্য সংস্থাৰ আক্ষেপ, সমগ্ৰ বিশ্বতে মুখৰোচক খাদ্য খোৱাৰ প্ৰৱণতা বৃদ্ধি পাইছে আৰু জাংক ফুডৰ বাবেই মানুহৰ শৰীৰত চৰ্বি জমা হৈ অত্যাধিক মেদবহুলতাৰ চিকাৰ হৈ ওজন বৃদ্ধি হৈছে তথা অধিক ৰোগ কঢ়িয়াই আনিছে।

১০-০৬-২০২২

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Admin

Admin

Related Posts

স্লিপ এপনিয়া : টোপনি আৰু নাকৰ শব্দ
Health

স্লিপ এপনিয়া : টোপনি আৰু নাকৰ শব্দ

by Admin
December 2, 2023
0

স্লিপ এপনিয়া : টোপনি আৰু নাকৰ শব্দ সংঘমিত্ৰা কাশ্যপ সংঘমিত্ৰা কাশ্যপ   ৰাতি শুৱাৰ সময়ত আপোনাৰ নাকৰ বহুত শব্দ হয়...

Read more
Growing Old : Seniority and Serendipity

Growing Old : Seniority and Serendipity

December 1, 2023
Gaza doctors ‘terrified’ of deadly disease outbreak as aid teams race to deliver

Gaza doctors ‘terrified’ of deadly disease outbreak as aid teams race to deliver

November 29, 2023
young woman sleeping in comfy bed

Issues with Sleep and Disorders

November 20, 2023
Deroi Tea: Brewing the next Tea Revolution with Carbon-Free dried tea

Deroi Tea: Brewing the next Tea Revolution with Carbon-Free dried tea

November 6, 2023
LESSONS BORN IN PAIN: LESSONS FOR ALL OF US

LESSONS BORN IN PAIN: LESSONS FOR ALL OF US

November 2, 2023
  • Trending
  • Comments
  • Latest
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

October 2, 2023
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

July 27, 2023
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2023
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

3
The Dangers of AI is Coming: Beware!

The Dangers of AI is Coming: Beware!

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
ৰাষ্ট্ৰনিৰ্মাতা হিচাপে চুকাফাৰ মূল্যায়ন

ৰাষ্ট্ৰনিৰ্মাতা হিচাপে চুকাফাৰ মূল্যায়ন

December 2, 2023
COP28: Navigating the Crucible of Climate Crisis

COP28: Navigating the Crucible of Climate Crisis

December 2, 2023
স্লিপ এপনিয়া : টোপনি আৰু নাকৰ শব্দ

স্লিপ এপনিয়া : টোপনি আৰু নাকৰ শব্দ

December 2, 2023
A Resolute Life: Thriving in the New Year’s Tapestries

A Resolute Life: Thriving in the New Year’s Tapestries

December 2, 2023

Popular Stories

  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    1733 shares
    Share 693 Tweet 433
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    2100 shares
    Share 840 Tweet 525
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    1560 shares
    Share 624 Tweet 390
  • আঞ্চলিকতাবাদ- কি, কিয় আৰু কেনেকৈ?

    938 shares
    Share 375 Tweet 235
  • জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    2455 shares
    Share 982 Tweet 614
  • FREEDOM FIGHTERS OF ASSAM

    3025 shares
    Share 1210 Tweet 756
  • মাজুলী আৰু ৰাস

    420 shares
    Share 168 Tweet 105
  • অসমৰ লোকসংস্কৃতি

    1273 shares
    Share 509 Tweet 318
  • ইতিহাসৰ জলঙাইদি হাজো

    1054 shares
    Share 422 Tweet 264
  • ড্ৰাগছ : এক সামাজিক ব্যাধি

    1263 shares
    Share 505 Tweet 316
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • November 2023 – Vol-II
    • November 2023 – Vol-I
    • October 2023
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: