• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, August 18, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Environment

ইক’থেৰাপি

লিপিকা দাস

by Anjan Sarma
March 27, 2023
in Environment, Health, Health, Lifestyle, Medical, Travel
Reading Time: 3 mins read
0
woman crossing on bridge

Photo by Flo Maderebner on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

ইক’থেৰাপি

লিপিকা দাস

Lipika Das
লিপিকা দাস

“ইক’থেৰাপি” শব্দটো আমাৰ বহুতৰ বাবেই হয়তো নতুন, কিন্তু ইয়াৰ ধাৰণাটো নতুন নহয় ।

আজিৰ পৰা কেইবা বছৰ আগতেই বিজ্ঞ সমাজত এই ধাৰণাৰ প্ৰচলন হৈছিল । প্ৰকৃতি আৰু জীৱ সমাজৰ মাজৰ অভিন্ন সম্পৰ্কই হৈছে ইয়াৰ মূল উপাদান ।

বিভিন্নজনে বিভিন্ন ধৰণে ইয়াৰ সংজ্ঞা আগবঢ়াইছে, যাৰ জৰিয়তে আমি এই সম্পৰ্কে এটা সম্যক ধাৰণা পাব পাৰো । কোনো কোনোৰ মতে ইক’থেৰাপিৰ সংজ্ঞা হৈছে “পৃথিৱীৰ সৈতে সুস্থ পাৰস্পৰিক ক্ৰিয়াৰ দ্বাৰা লালন-পালন কৰা নিৰাময় আৰু বৃদ্ধি।” 

ইক’থেৰাপিয়ে বিশ্বাস কৰে যে মানুহ হৈছে জীৱন চক্ৰৰ এটা অংশ আৰু মানৱ মনস্তত্বক পৰিৱেশৰ পৰা পৃথক কৰি অনুধাৱন কৰিব নোৱাৰি । “Nature Therapy” আৰু “Green Therapy” নামেৰেও খ্যাত ইক’থেৰাপি দৰাচলতে ইক’চাইক’লজিৰ উদীয়মান ক্ষেত্ৰখনৰ প্ৰয়োগমূলক অনুশীলন, যিটো থিয়ড’ৰ ৰ’জকে বিকশিত কৰিছিল ।

ইক’থেৰাপি হৈছে এক আনুষ্ঠানিক ধৰণৰ চিকিৎসা পদ্ধতি য’ত প্ৰকৃতিৰ সৈতে মিলি কাম-কাজ কৰা কথাটো জড়িত হৈ থাকে । মুঠতে ইক’থেৰাপি হৈছে এনে এক পদ্ধতি যিটো এই ধাৰণাটোৰ ওপৰত নিৰ্ভৰশীল যে মানুহৰ নিজৰ পৰিৱেশ আৰু পৃথিৱীৰ সৈতে গভীৰ সম্পৰ্ক আছে । গতিকেই ইয়াৰ মুখ্য উদ্দেশ্য হৈছে মানুহ আৰু প্ৰকৃতিৰ মাজৰ সম্পৰ্কক অধিক দৃঢ়তা প্ৰদান কৰা ।


বৰ্তমান বিজ্ঞান-প্ৰযুক্তিবিদ্যাই আমাক ইমান দূৰ আগুৱাই লৈ গৈছে যে আমি নিজৰ মূল সুঁতিৰ পৰা আঁতৰি বহুদূৰ আগুৱাই আহি এখন কংক্ৰীটৰ অৰণ্যত নিজকে হেৰুৱাই পেলাইছো । তাৰ সমান্তৰাল ভাৱে প্ৰতিদিনে বাঢ়ি গৈছে আমাৰ শাৰীৰিক-মানসিক নানানটা সমস্যা ।

এনে এক সন্ধিক্ষণতে আশাৰ কিৰণ হ’ব পাৰে ইক’থেৰাপি । কিয়নো ই আমাৰ শাৰীৰিক সমস্যাসমূহ উপশম কৰাৰ লগতে মানসিক স্থিতি সবল তথা বিকাশত সহায় কৰে ।

ইক'থেৰাপি

ই কিদৰে কাম কৰে, ইয়াৰ সুফলসমূহ কি কি সেই বিষয়ে বিতংভাৱে জনাৰ প্ৰয়োজন আছে । তাৰ লগতেই প্ৰয়োজন আছে ইয়াৰ প্ৰকাৰসমূহ জনাৰ । পোনপ্ৰথমে আমি ইয়াৰ উপকাৰিতাসমূহ জানি লওঁ আহক ।


শুনিবলৈ তেনেই সহজ আৰু সাধাৰণ যেন লগা ইক’থেৰাপিয়ে মানুহৰ মনৰ পৰা দুশ্চিন্তা, চাপ, উদ্বেগ-উত্তেজনা আদি হ্ৰাস কৰি মনলৈ স্থিৰতা আনিব পাৰে । এই থেৰাপি হৈছে মানুহৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্য উন্নত কৰাৰ এক নিৰাপদ, কোমল আৰু স্বাভাৱিক উপায়।

এই থেৰাপি সকলো বয়সৰ আৰু সকলো ক্ষমতাৰ লোকৰ বাবে উপযোগী।  সৰু হওক বা বুঢ়া হওক, প্ৰকৃতিত সময় কটালে মানুহ উপকৃত হ’ব পাৰে।

ইক'থেৰাপি

ইক’থেৰাপিৰ উপকাৰ অগণন, আৰু ইয়াক এনে অৱস্থাৰ চিকিৎসাত ব্যৱহাৰ কৰিব পাৰি:

■উদ্বেগ
■উদাসীনতা
■চাপ
■পিটিএছডি
■ৰাগিয়াল দ্ৰব্য ব্যৱহাৰৰ বিকাৰ ।

‘Mind’ শীৰ্ষক এটি মানসিক স্বাস্থ্য সংস্থাই চলোৱা এটা সমীক্ষা অনুযায়ী প্ৰাকৃতিক পৰিৱেশত খোজকঢ়া ৭১% অংশগ্ৰহণকাৰীৰ মনৰ পৰা ডিপ্ৰেছন বা হতাশা ভাৱ হ্ৰাস পোৱাৰ বিপৰীতে বজাৰ অঞ্চলৰ মাজেৰে খোজকঢ়া মাত্ৰ ৪৫% অংশগ্ৰহণকাৰীৰ ক্ষেত্ৰত হে এই ভাৱ হ্ৰাস পোৱা দেখা গৈছিল ।

শেহতীয়াকৈ কৰা এটা গৱেষণা অনুসৰি ট্রেফিকৰ শব্দৰ বিপৰীতে প্ৰকৃতিত শুনিবলৈ পোৱা বিভিন্ন শব্দ, সেয়া লাগিলে পানী নাইবা চৰাইৰ কোলাহলেই নহওঁক কিয়, তাৰ জৰিয়তে মানুহে সহজে চাপমুক্ত অনুভৱ কৰিব পাৰে । কেৱল প্ৰকৃতিৰ সৈতে সময় কটালেই যে মানুহ উপকৃত হয় তেনে নহয়; অন্য ইন্দ্ৰিয়বোৰে কি অনুভৱ কৰিছে তাৰ দ্বাৰাও মানুহ উপকৃত হ’ব পাৰে ।

কিয়নো আন এক গৱেষণা অনুসৰি খাদ্য আৰু ফল-মূলৰ সুগন্ধিয়ে ৰোগীসকলক সোনকালে সুস্থ হোৱাত সহায় কৰা দেখা গৈছিল । ৰ’গাৰ আলৰিছ নামৰ এগৰাকী বিখ্যাত গৱেষকে অধ্যয়ন কৰি দেখিছিল যে গছ আৰু পানীৰে পূৰ্ণ কেইখনমান ছবি দেখাৰ পিছত গুৰুতৰ ভাৱে অসুস্থ হৃদৰোগী কেইজনমানৰ উদ্বেগ-উত্তেজনা কমাৰ লগতে তেওঁলোকে গ্ৰহণ কৰি থকা অন্য ঔষধ-পাতিৰ পৰিমাণো দিনে-দিনে হ্ৰাস পাইছিল ।

ইক'থেৰাপি
Japan, Karuizawa, Alternative Therapy, Backgrounds, Beauty


তাৰোপৰি ই আমাৰ মনলৈ হেৰাই যোৱা আত্মবিশ্বাস উভতাই আনি কামত মনোনিৱেশ কৰাতো সহায় কৰিব পাৰে । প্ৰকৃতিৰ সৈতে সময় অতিবাহিত কৰাৰ উদ্দেশ্যে বাহিৰলৈ ওলাই যোৱাৰ লগে লগেই আমি আন আন ব্যক্তিৰ সৈতে পৰিচয় হ’ব পাৰো । ই আমাক সমাজৰ সন্মুখত চিনাকী হোৱাত সহায় কৰাৰ উপৰিও আমাৰ ব্যক্তিত্ব বিকাশত উপযোগী হয় । তাৰ ফলত মনত আত্মবিশ্বাস প্ৰবল হ’বলৈ আৰম্ভ কৰে ।

মনত আত্মবিশ্বাসৰ অভাৱ আৰু আনফালে কৰ্মত সক্ৰিয়ভাৱে মনোযোগ দিব নোৱাৰা বাবেই বহু সময়ত আমি পিছপৰি ৰওঁ । ইয়াতো এই থেৰাপিয়ে যাদুৰ দৰে কাম কৰা দেখিবলৈ পোৱা গৈছে । প্ৰকৃতিৰ মাজত উপস্থিত নথকাকৈও কেৱল মাত্ৰ খিড়িকীমুখৰ দৃশ্য নাইবা প্ৰাকৃতিক ফটো এখনেও আমাৰ মুড, মানসিক স্বাস্থ্য আৰু জীৱনৰ প্ৰতি সন্তুষ্টি ভাৱ উন্নত কৰিব পাৰে । 

বিখ্যাত গৱেষক ৰাছেল কাপ্লানৰ অধ্যয়ন অনুসৰি অফিচত কৰ্মৰত যিসকল বিষয়া-কৰ্মচাৰীৰ ডেস্কৰ ওচৰত খিৰিকী আছে আৰু তাৰে বাহিৰৰ প্ৰকৃতিখন দেখিবলৈ পোৱা যায় তেনে বিষয়াসকলে নিজৰ কৰ্ম আৰু জীৱনক লৈ অধিক সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে কৰ্মক্ষেত্ৰত পদোন্নতিও লাভ কৰিছে । কৰ্মস্থানত বিভিন্ন ধৰণৰ ফুল আৰু উদ্ভিদৰ সংযোজনে মানুহৰ মাজৰ সৃজনশীলতাক বিকাশ কৰাতো সহায়ক হৈছে ।

ইক'থেৰাপি


প্ৰকৃতিৰ সৈতে মানৱ সম্পৰ্ক উন্নীত কৰিবলৈ প্ৰয়াস কৰা ইক’থেৰাপিৰ প্ৰকাৰসমূহ হৈছে–

■ সামূহিক ভাৱে কৰা খেতি বা বাগিচা পতা:- বহু কেইজন লোক লগ লাগি ধুনীয়া ধুনীয়া ফুলৰ বাগিচা পতা নাইবা নিজৰ মন-পচন্দৰ শস্যৰ খেতি কৰা কৰ্মই কেৱল আমাক শাৰীৰিকভাৱে সবল কৰাই নহয় মন আৰু চকু উভয়কে আৰাম প্ৰদান কৰে । লগতে ই আমাক সামাজিক সম্পৰ্ক স্থাপন কৰিবলৈও শিকায় ।
■ দুঃসাহসিক অভিযান:- নিজৰ সন্তানক পৰ্বতাৰোহণ, অৰণ্যত কেম্পিং কৰাজাতীয় কৰ্মৰ বাবে সৰুৰে পৰাই উৎসাহিত কৰিব লাগে ।
■ পাৰ্কত সময় অতিবাহিত কৰা:- বহুত বেছি সময়ৰ বাবে নহ’লেও পাৰ্কত এপাক মাৰিলে তাৰ সেউজীয়াই আমাক কেৱল মোহিত কৰাই নহয়, মানসিক শান্তিও প্ৰদান কৰে ।
■ ফ’ৰেষ্ট বাথিং:-  অধ্যয়নত দেখা গৈছে যে গছৰ চাৰিওফালে মননশীল, ইচ্ছাকৃতভাৱে সময় কটালে যাক জাপানীজসকলে “শ্বীনৰীণ-য়াকু” বা “ফৰেষ্ট বাথিং” নাম দিছে, তাৰ জৰিয়তে স্বাস্থ্য আৰু সুখৰ সৃষ্টি হ’ব পাৰে ।
■ পশু সহায়ক চিকিৎসা:- কুকুৰ-মেকুৰী আদিৰ দৰে বিভিন্ন জীৱ-জন্তু পোহাৰ ফলত আমাৰ খং, আক্ৰমণাত্মক মনোভাৱো হ্ৰাস পায় ।
■ বাহিৰৰ ধ্যান আৰু যোগাসন:- ধ্যান আৰু যোগাসনৰ উপকাৰিতা সম্পর্কে নতুনকৈ কোৱাৰ প্ৰয়োজনীয়তা নাই যদিও কোৱা বাহুল্য যে ধ্যান বা যোগাসন কৰাৰ সময়ত বন্ধ কোঠালিৰ পৰিৱৰ্তে মুক্ত আকাশৰ তলত, সেউজীয়াৰ মাজত কৰিলে বেছি উপকৃত হোৱা যায় । সেয়া সম্ভৱ নহ’লে অৱশ্যেই পানী, চৰাই আদিৰ শব্দ মবাইল বা অন্য মাধ্যমৰ জৰিয়তে বজাই শুনিব পৰা যায় ।

ইক'থেৰাপি


উপৰোক্ত আলোচনাটোৰ জৰিয়তে ইক’থেৰাপিৰ সৈতে পাঠক ৰাইজক কেৱল এটা সম্যক ধাৰণা দিবলৈ চেষ্টা কৰা হৈছে । সমসাময়িক কালত অৱশ্যেই ইয়াৰ বিশদ অধ্যয়ন আৰু মানৱ জীৱনত অধিক প্ৰয়োগৰ প্ৰয়োজনীয়তা আছে । প্ৰকৃতিয়েই হৈছে আমাৰ ঘাই শিপা ।

গতিকেই নিজক বিচাৰি পাবলৈ আমি প্ৰকৃতিৰ মাজলৈ উভতি যাব লাগিব আৰু তাৰ সৈতে একাত্ম হ’বলৈ যত্ন কৰিব লাগিব । তেতিয়াহে মানৱ জীৱনৰ সাৰ্থকতা থাকিব ।

[Lipika Das, Assistant Teacher, Goaltuli Girls’ M.E. School, Goalpara]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

Kaziranga’s Biggest Threat Is No Longer Poachers. It’s Development
Environment

Kaziranga’s Biggest Threat Is No Longer Poachers. It’s Development

by Kakali Das
August 14, 2026
0

Kaziranga’s Biggest Threat Is No Longer Poachers. It’s Development As luxury resorts, roads, and expanding infrastructure push deeper into Kaziranga’s...

Read moreDetails
The River That Became a Drain: Bharalu and the Death of a Memory

The River That Became a Drain: Bharalu and the Death of a Memory

August 13, 2026
Turning Plastic Waste into Forest Wealth: A Vital Mission for the Eastern Himalayan Region

Turning Plastic Waste into Forest Wealth: A Vital Mission for the Eastern Himalayan Region

August 12, 2026
কচু শাকৰ গুণাগুণ

কচু শাকৰ গুণাগুণ

August 10, 2026
Ajon Ukum: How Rekha and Ranjit Doley Are Preserving Mising Culture Through Community Tourism

Ajon Ukum: How Rekha and Ranjit Doley Are Preserving Mising Culture Through Community Tourism

August 9, 2026
Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

August 6, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
How the Education System Trains You for the Rat Race: The Truth No One Talks About

How the Education System Trains You for the Rat Race: The Truth No One Talks About

August 18, 2026
Afghan women2

Afghanistan Five Years under the Taliban: Economic Collapse at the Household Level and a Deepening Human Crisis

August 18, 2026
AKHIRAH: How I Turned Plastic Waste into Something People Want to Keep

AKHIRAH: How I Turned Plastic Waste into Something People Want to Keep

August 17, 2026
Attending RAI’S Class

Attending RAI’S Class

August 17, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39811 shares
    Share 15924 Tweet 9953
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18659 shares
    Share 7464 Tweet 4665
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3806 shares
    Share 1522 Tweet 952
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    289 shares
    Share 116 Tweet 72
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4188 shares
    Share 1675 Tweet 1047
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    140 shares
    Share 56 Tweet 35
  • FREEDOM FIGHTERS OF ASSAM

    5109 shares
    Share 2044 Tweet 1277
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    109 shares
    Share 44 Tweet 27
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    97 shares
    Share 39 Tweet 24
  • অসমত বানৰ অকল্পনীয় ধ্বংসলীলা

    94 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d