ইকো-এথলেটৰ @ ক’লাজ
ভাৰ্গব দেৱ চৌধুৰী
(১) খেলুৱৈৰ মাহেকীয়া
চিন্তা নকৰিব এয়া প্ৰতিযোগিতা হে, আন একো নহয়। আজিকালি, প্ৰায়েই টিভিয়ে-কাকতে, সামাজিক মাধ্যমৰ যোগেদি নতুন নতুন উদ্ভাৱনী মূলক ক্ৰীড়া সদৃশ প্ৰতিযোগিতা দেখিবলৈ পোৱা যায়।
কৰবাত যদি গাললৈ বুলি পূৰ্ণহতীয়া চৰ সোধোৱাৰ প্ৰতিযোগিতা, কৰবাত আকৌ ওৰে নিশাই নেদেখা জনৰ সাক্ষাৎ হোৱালৈ মল্লযুজঁৰ আখৰা অথবা দিনে নিশাই আদি অন্ত নোহোৱাকৈ চাইকেল চালনা নাইবা কলিজা ছিগি মতিভ্ৰম হৈ, গাড়ী মটৰৰ খুন্দা নোখোৱালৈকে দৌৰ। মিনিট, ঘণ্টাত হিচাব কৰিব নোৱাৰা সাপ্তাহিক, মাহেকীয়া দৈৰ্ঘ্যৰ ইভেণ্ট ।
(২) ছদ্মবেশী
কোনো আকৌ ছদ্মবেশী সংগঠক,খেলাৰ হেনো উন্নয়নৰ আঁচনি। আন্তৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ নীতি নিৰ্দেশনাক জালাঞ্জলি দি নতুন আদৱ কায়দাত লাভাংশৰ চিন্তাত সংগঠক। কি আচৰিত নিৰ্লজ্জ এই ব্যৱসায়িক গোষ্ঠী, সাতামপুৰুষলৈ নাই কোনো খেলৰ বুৰঞ্জী, তথাপি জীৱনৰ আধবাটত চলেৰে হৈ উঠে একো একো গৰাকী প্ৰাক্তন খেলুৱৈ । কৰবাত আকৌ ক্ৰীড়াৰ চলেৰে সোঁহাত বাওঁ হাতৰ ৰাজনীতি।
মুঠতে এওঁলোকৰ অংক দান্ডি বা মুণ্ডা, হয়তো টকা, নহয় পদবী। বিশেষকৈ গ্ৰাম্যাঞ্চলত গোটেই বছৰ প্ৰশিক্ষণ দি থকা সাধাৰণ, নিঃস্বাৰ্থ প্ৰশিক্ষক, সংগঠক আৰু সাধাৰণ খেলুৱৈ যাওঁক ৰসাতলে, গাঁঠিৰ ধন ভাঙি, স্বাস্থ্যৰো হওঁক বিয়োগ। মুঠতে কেইগৰাকীমান খেলুৱৈক চকুত লগাকৈ কেইটামান টকা ছটিয়াই হলেও এই ভণ্ড সকলৰ ঔৰসত গঢ়ি উঠে এক বৃহৎ জাৰজ ক্ৰীড়া উদ্যোগ।
কৰবাত সমাজ সেৱকৰ ছদ্মবেশ, কৰবাত আকৌ গ্লেমাৰ সৰ্বস্ব লেনা-দেন। যিয়েই নহওঁক, এই সকলোবোৰ গৰিষ্ঠ সংখ্যক সাধাৰণ জনতাৰ বাবে বিয়োগ, যদিও অবলা কান্দোনৰ বিপৰীতে আছে, কলেক্টিভ দাম-দৰৰ সম্ভাৱনা। অসমীয়াৰ ইম’চনক লৈ দিল্লীৰ লাড্ডু বিক্ৰী কৰিবলৈ অহা ব্যৱসায়ী সকলৰ লগত উপযুক্ত দাম-দৰ।
(৩) বিয়োগ অংক
আহক, আৰু অলপ বিয়োগ অংকৰ বুজ লওঁ। এইযে আজিকালি অলিম্পিক আদৰ্শৰ বিপৰীতে গোটেই বিশ্বত বৰ্তমান ক্ৰীড়াক লৈ ব্যৱসায়ে চানি ধৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰত Positive Coaching Alliance নামৰ অগ্ৰণী অনুষ্ঠানটিৰ ভাষাত এনে ক্ৰীড়া ভিত্তিক ব্যৱসায়ক এণ্টাৰটেইনমেণ্ট স্পৰ্টছ বুলি কোৱা হয় ।
মন কৰিবলগীয়া যে ব্যৱসায়ৰ স্বাৰ্থতেই হওক কিম্বা উৎপাদিত সামগ্ৰীৰ প্ৰচাৰেই হওক, বিশেষ কিছু ছদ্মবেশী প্ৰাক্তন খেলুৱৈ, ব্যৱসায়ী অথবা ধুৰন্ধৰ শোষণকাৰী অসাধু সকলে খেলুৱৈৰ স্বাস্থ্যৰ হিতে বিপৰীত নীতি অৱলম্বন কৰি ব্যৱসায়ৰ কৰিবলৈ কেতিয়াও কুণ্ঠাবোধ নকৰে।
এওঁলোকৰ প্ৰধান প্ৰচাৰ, প্ৰসাৰৰ চৰিত্ৰ হ’ল সাধাৰণ জনতা আৰু আবেগিক বাতাবাৰণ। ব্যৱসায়ৰ স্বাৰ্থত নানা সাধুৰ সৃষ্টি বা story making. এই সকলোবোৰ এনে ক্ৰীড়া ব্যৱসায়ৰ মাৰ্কেটিং পালিছি। বেচিব জানিলে হেনো, শেঁতা মুখৰ চকুপানীৰো দাম আছে। গোটেই বিশ্বতে সাধাৰণ জনতাৰ অভাব, চকুলোৰ ছবিবোৰ হল এওঁলোকৰ আয়ৰ ইন্ধন।
(৪) শেঁতা মুখৰ ছবি
ইণ্টাৰনেট, প্ৰচাৰ মাধ্যম আৰু যোগাযোগ ব্যৱস্থা আদি এওঁলোকৰ ক্ৰয় বিক্ৰিৰ আড্ডা । ক্ৰীড়াপ্ৰেমী জনতাৰ আবেগ, শেঁতা মুখৰ হাঁহি, অথবা তীব্ৰ উত্তেজনা সৃষ্টি কৰি দৰ্শকৰ এড্ৰিনেলীন সঞ্চালন কৰিব পৰা অথবা ক্ৰীড়াৰ নামত হৃদয় কঁপাই দিয়া শাৰীৰিক আতিশায্য মূলক খেলৰ সৃষ্টি। এনে ব্যৱসায়ী আৰু ছদ্মবেশী খেলুৱৈৰ ব্যৱসায়ৰ মূল ভেটি হৈছে ব্যৱসায়।
এনে ব্যৱসায়ী সকলে জনধাৰাক লৈ ক্ৰীড়াত ৰাজনীতিৰ প্ৰৱেশ ঘটাই ৰাজনৈতিক মুনাফা লাভ কৰে ।
(৫) অভিনৱ ৱিন্দ্ৰা আৰু অলিম্পিক ভেলু এডুকেচন।
এনে বৃহৎ অলিম্পিক পৰিপন্থী ক্ৰীড়া ব্যৱসায়ী সকলৰ বিপৰীতে পজিটিভ কোচিং এলায়েন্সৰ দৰে আন বহুতো অনুষ্ঠানে ইতিমধ্যেই অলিম্পিকৰ আদৰ্শক জনতাৰ মাজত আৰু অধিক প্ৰচাৰ প্ৰসাৰৰ আঁচনি হাতত লৈছে। OVEP ( Olympic Value Education Program) OVEP হৈছে International Olympic Committee (IOC) য়ে যুৱক-যুৱতীসকলক অলিম্পিকৰ উৎকৃষ্টতা, সন্মান আৰু বন্ধুত্বৰ মূল্যবোধৰ সৈতে পৰিচয় কৰাই দিবলৈ ডিজাইন কৰা এক ব্যৱহাৰিক সম্পদৰ গোট।
ইয়াৰ লক্ষ্য হৈছে শিশুসকলক ক্ৰীড়া মূল্যবোধ ভিত্তিক পাঠ্যক্ৰম প্ৰচাৰ। ভাৰতৰ প্ৰথমজন ব্যক্তিগত শাখাত অলিম্পিক চেম্পিয়ন অভিনৱ বিন্দ্ৰাই ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ অলিম্পিক মূল্যবোধ শিক্ষা কাৰ্যসূচী বা অলিম্পিক ভেলু এডুকেচন প্ৰগ্ৰেম (OVEP) আমাৰ দেশত আৰম্ভ কৰাত নেতৃত্ব প্ৰদান কৰিছে।
প্ৰথম বছৰত এই কাৰ্যসূচীয়ে ভুৱনেশ্বৰ আৰু ৰৌৰকেলা চহৰৰ ৯০খন বিদ্যালয়ত নামভৰ্তি কৰা ৩২ হাজাৰ শিশুৰ সৈতে সংযোগ স্থাপন কৰাৰ লক্ষ্য লৈছে আৰু এবাৰ পূৰ্ণগতিত চলিলে ই প্ৰায় ৭০ লাখ শিশুৰ সৈতে যোগাযোগ কৰিব বুলি দাবী কৰা হৈছে। শেহতীয়া ভাবে ভাৰতবৰ্ষত উৰিষ্যা ৰাজ্যই OVEP ক পৰ্যায়ক্ৰমে নিজৰ সকলো বিদ্যালয় আৰু উচ্চ শিক্ষানুষ্ঠানলৈ লৈ যোৱাৰ লক্ষ্য ৰাখিছে, যাৰ ফলত ইয়াৰ যুৱ জনসাধাৰণে অলিম্পিকৰ মূল্যবোধক সঁচা অৰ্থত গ্ৰহণ কৰিবলৈ সক্ষম হ’ব।
(৬) অসম ক্ৰীড়া বিজ্ঞান সমিতিৰ বিটচকু :
দ্য গেমছ পিপল প্লে’ৰ লেখক এৰিক বাৰ্নে বৰ্ণনা কৰিছে যে আমাৰ জীৱনৰ প্ৰথম পাঁচ বছৰত কেনেকৈ নিজৰ বিষয়ে, আমাৰ পৃথিৱীখন আৰু আনৰ সৈতে আমাৰ সম্পৰ্কৰ বিষয়ে লোৱা সিদ্ধান্তবোৰ স্ফটিকত পৰিণত হয়। সেয়েহে যদিহে জীৱনৰ বিষয়ে লোৱা অন্তৰ্নিহিত বিশ্বাস আৰু সিদ্ধান্তবোৰ সলনি কৰিবলৈ যথেষ্ট প্রয়াস চলোৱা নহয়, তেন্তে কালেক্টিভ বাৰ্গেনিঙ অসম্ভৱ।
এই ক্ষেত্ৰত কলেক্টিভ বাৰগেনিঙ বা লেনদেন বিশ্লেষণত মনোবিজ্ঞানৰ লক্ষ্য হৈছে অকাৰ্যকৰী পদ্ধতিৰ মাজত সজাগতা সৃষ্টি কৰি ফলপ্ৰসূ অন্বেষণ কৰা, আৰু যথোচিত সালসলনি কৰা। এতিয়া প্ৰশ্ন হল গ্ৰাম্যাঞ্চলত বিয়োগ অংকক যোগলৈনো কেনেকৈ পৰিৱৰ্তিত কৰিব! ধাৰণাৰ সালসলনি যেহেতু বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত হয়, সেয়ে, বিষয়বস্তুৰ ভিত্তিৰ মূল ব্যক্তি নিজেই। পৰিস্থিতিৰ মূল সৃষ্টিকৰ্তা ব্যক্তি নিজেই হোৱাৰ বাবেই আমাৰ সলনি কৰাৰ ক্ষমতা থাকে।
(৭) তেন্তে সমাধান কি ?
নিঃস্বাৰ্থ ভাবে গাঁঠিৰ ধন ভাঙি সমাজৰ বাবে আপোনালোকে আগবঢ়োৱা ক্ৰীড়া আধাৰ বা সেৱাসমূহৰ ভেলু বা মানৰ ওপৰত ভিত্তি কৰি কিমান দৰ হব সেইটো নিৰ্ধাৰণ কৰাটো অতি প্ৰয়োজন। এই লাভ কেৱল হব লাগিব নীতিগত ক্ৰীড়াৰ বাবে, অলিম্পিকৰ আদৰ্শৰে খেলৰ উন্নয়ন সাধনৰ বাবে।
(৮) গ্ৰাম্যাঞ্চলত যোগ অংক:
গাঁৱৰ সকলো দ্ৰব্যই এতিয়া ধন কুৱেৰৰ বাবে সোণৰ কণী। তাতে ক্ৰয় বিক্ৰয়ৰ বাবে আপোনাৰ গাঁও খনেই আজি উপযুক্ত বজাৰ। সেয়ে পৰিস্থিতিৰ লগত নিজকে সলনি কৰক, এয়া সময়ৰ আহ্বান। নাৰিকলৰ লস্কৰা খোৱা ক্রেতাৰ সমানে সমানে আমাৰ গাঁওৰ খেল আস্থান সমূহো লাভৱাম্বিত হওঁক। গ্ৰাম্যাঞ্চলৰ সকলো ক্ৰীড়া অনুষ্ঠানেই ছ’চিয়েল মিডিয়াৰ দক্ষতা আৰু অভিজ্ঞতাৰ মূল্যায়ন কৰক। বিষয়বস্তু সৃষ্টিত কামৰ পৰিসৰ চাওক।
আপুনি ন্যায্য বুলি অনুভৱ কৰা দৰত সমভাবে দুই কুল ৰক্ষাৰ উপায় উলিয়াওক। এই ক্ষেত্ৰত ব্যৱসায়ৰ আকাৰো বিবেচনা কৰক যেহেতু ক্রেতাই প্ৰতি বিপণন বাজেট বেলেগ বেলেগ।
সেয়েহে আপোনাৰ অনুষ্ঠানটি যদি অলিম্পিক সমৰ্থিত নীতিগত আদৰ্শৰে পৰিচালিত হয়, তেন্তে ক্ৰীড়াৰ উন্নতিৰ হকে ক্ৰয়-বিক্ৰয়ৰ ৫০% নিশ্চিত কৰক I
ভাৰ্গব দেৱ চৌধুৰী, দুলিয়াজান
Images from different sources
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)