• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, January 18, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Politics

ইছলাম বিশ্বৰ ক্ষোভঃ বিজেপিয়ে মুখপাত্ৰক লেকাম লগাবলৈ বাধ্য হৈছে

মোহন খাউণ্ড

by Anjan Sarma
June 9, 2022
in Politics, World
Reading Time: 1 min read
0
108 ex-bureaucrats write to PM Modi: Your silence is deafening
Share on FacebookShare on TwitterShare on LinkedIn

মুখপাত্ৰক লেকাম

মোহন খাউণ্ড

বিজেপিৰ দুজন মুখপাত্ৰৰ অতি সাম্প্ৰদায়িক মন্তব্যক কেন্দ্ৰ কৰি ভাৰত আৰু ভাৰত চৰকাৰ যিদৰে আন্তৰ্জাতিক মহলত নিন্দিত হৈছে, সেই ঘটনাই চৰম বিপৰ্য্যস্ত কৰি তুলিছে সাফল্যৰ ৮ বছৰৰ জয়গীত গাই গাই অমৃতকালত ‘স্বাধীনতাৰ ৭৫ বছৰ’ উদযাফন কৰি থকা মোডী চৰকাৰক। 

RelatedPosts

person holding clear plastic bottle

Media and its influence on issues related to climate change

January 18, 2026
“দ্যা গ্ৰেজুৱেট”ৰ পৰা বিশ্বব্যাপী সংকটলৈ: প্লাষ্টিক আৰু বিশ্ব পৰিৱেশ দিৱস

“দ্যা গ্ৰেজুৱেট”ৰ পৰা বিশ্বব্যাপী সংকটলৈ: প্লাষ্টিক আৰু বিশ্ব পৰিৱেশ দিৱস

January 17, 2026
The Unrelenting Heat: 2025 Marks Third-Warmest Year on Record Amid La Niña Cooling

The Unrelenting Heat: 2025 Marks Third-Warmest Year on Record Amid La Niña Cooling

January 15, 2026

সেইবাবে এতিয়া বিজেপিয়ে মুখপাত্ৰ সকলৰ মুখত লেকাম লগাবলৈ তৎপৰ হৈ পৰিছে। কাৰণ এনে এক ‘অমৃতকাল’ত দুজন অত্যুৎসাহী মুখপাত্ৰৰ মুখেৰে নিৰ্গত বিষবাষ্পই মোডী চৰকাৰৰ ৮ বছৰ পূৰ্তি উৎসৱৰ সাফল্যক যিদৰে লাইনচ্যুত কৰিলে, সেয়া বদহজম হৈ পৰিছে বিজেপি আৰু মোডী চৰকাৰৰ। গতিকে এতিয়া সিদ্ধান্ত গ্ৰহণ কৰা হৈছে,যেতিয়াই তেতিয়াই যি কোনো নেতাই মেডিয়াৰ সন্মুখত যাতে যি কোনো মন্তব্য নকৰে। 

এতিয়াৰে পৰা বিজেপিৰ মেডিয়া চেল-এ বাচনি কৰি দিয়া মুখপাত্ৰ সকল যাব পাৰিব যিকোনো ‘পেনেল ডিচকাশ্বন’লৈ। আৰু তেওঁলোকেও কোনো ধৰ্মীয় আবেগক আঘাত কৰি কোনো মন্তব্য কৰিব নোৱাৰিব। 

ইছলাম বিশ্বৰ ক্ষোভঃ বিজেপিয়ে মুখপাত্ৰক লেকাম লগাবলৈ বাধ্য হৈছে

আনহাতে বুধবাৰে, ৮ জুন ২০২২ তাৰিখে এক নতুন বিতৰ্ক আৰম্ভ হৈছে। যি মুখপাত্ৰৰ বিষাক্ত মুখৰ বাবে আৰৱ বিশ্বৰ লগতে আন্তৰ্জাতিক মহলত ভাৰতৰ আৰু মোডী চৰকাৰৰ ভাবমূৰ্তি মলিন হৈ পৰিছে তথা আন্তৰ্জাতিক বাণিজ্য আৰু সেই দেশবোৰত থকা ভাৰতৰ নাগৰিকৰ নিৰাপত্তাৰ প্ৰশ্ন উত্থাপন হৈছে, তেনে পটভূমিতো বিজেপিৰ বিষবাষ্প বিশাৰদ মুখপাত্ৰক গ্ৰেপ্তাৰ নকৰি বুধবাৰৰ পৰা বিশেষ পুলিচী নিৰাপত্তা প্ৰদান কৰা হৈছে – দিল্লী পুলিচৰ তৰফৰ পৰা!

অৰ্থাৎ, ভাৰত চৰকাৰৰ গৃহ বিভাগে নুপুৰ শৰ্মাক গ্ৰেপ্তাৰ নকৰি অধিক নিৰাপত্তা প্ৰদান কৰাৰ সিদ্ধান্তক লৈও এতিয়া বিৰোধী ৰাজনৈতিক দলৰ লগতে বিভিন্ন শুভবুদ্ধিসম্পন্ন মানুহে প্ৰশ্ন উত্থাপন কৰিছে, এহাতে ‘বহিষ্কাৰ’ আৰু আনহাতে ‘পুলিচী নিৰাপত্তা’! এনেদৰে আন্তৰ্জাতিক মহললৈ মোডী চৰকাৰে অপ্ৰীতিকৰ বাৰ্তা প্ৰেৰণ কৰিছে! 

Screenshot 20220608 170713 Chrome

ইতিমধ্যে আৰৱ বিশ্বৰ নিন্দাৰ পাত্ৰ হোৱা ভাৰতক আৰু মোডী চৰকাৰক পুনৰ ভালেকেইখন দেশে জোকাৰি দিছে। মঙলবাৰে পুনৰ তুৰস্ক, লিবিয়া, মালয়েছিয়া, মালদ্বীপ, ইন্দোনেছিয়াই একেই পন্হা লোৱাত ভাৰত চৰকাৰৰ বাবে উদ্বেগ বাৰুকৈয়ে সৃষ্টি হৈছে। কাৰণ, দেওবাৰে কুৱেইট, বাহৰিন, ইৰাণ, কাতাৰ; তাৰপিছত সোমবাৰে চৌদি আৰৱ; মঙলবাৰে পুনৰ তুৰস্ক, লিবিয়া, মালয়েছিয়া, মালদ্বীপ, ইন্দোনেছিয়া (পাকিস্তান, আফগানিস্তান বাদেই দিলে যেনিবা)! এই দেশবোৰৰ লগত ভাৰতৰ দ্বিপাক্ষিক বাণিজ্যিক সম্পৰ্ক বহুকাল ধৰি বৰ্তি আছে।

গতিকে এতিয়া মোডী চৰকাৰ আৰু বিজেপিয়ে ‘দুৰ্যোগ নিয়ন্ত্ৰণ’ৰ বাবে আৰু কি কি পন্হা লয়, লক্ষ্য কৰিবলগীয়া হ’ব!

০৯-০৬-২০২২

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

person holding clear plastic bottle
World

Media and its influence on issues related to climate change

by Editor
January 18, 2026
0

Media & Climate Change PADMAZA TALUKDAR Since its very inception, mass media has been working as a forerunner in information...

Read moreDetails
“দ্যা গ্ৰেজুৱেট”ৰ পৰা বিশ্বব্যাপী সংকটলৈ: প্লাষ্টিক আৰু বিশ্ব পৰিৱেশ দিৱস

“দ্যা গ্ৰেজুৱেট”ৰ পৰা বিশ্বব্যাপী সংকটলৈ: প্লাষ্টিক আৰু বিশ্ব পৰিৱেশ দিৱস

January 17, 2026
The Unrelenting Heat: 2025 Marks Third-Warmest Year on Record Amid La Niña Cooling

The Unrelenting Heat: 2025 Marks Third-Warmest Year on Record Amid La Niña Cooling

January 15, 2026
Third Pole in Crisis Due To Snow Drought

Third Pole in Crisis Due To Snow Drought

January 15, 2026
Beware of a unipolar world

Beware of a unipolar world

January 14, 2026
Congressman Fine Introduces Greenland Annexation and Statehood Act !

Congressman Fine Introduces Greenland Annexation and Statehood Act !

January 14, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
person holding vinyl record

Music: Not Just An Art Form But A Therapy For Life

January 18, 2026
selective focus photography of magazines

Ignorance is the real drug!

January 18, 2026
শুদ্ধ মৌ!

শুদ্ধ মৌ!

January 18, 2026
person holding clear plastic bottle

Media and its influence on issues related to climate change

January 18, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    20525 shares
    Share 8210 Tweet 5131
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    9734 shares
    Share 3894 Tweet 2434
  • Latest COVID data confirm infections have risen globally

    1760 shares
    Share 704 Tweet 440
  • জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

    3045 shares
    Share 1218 Tweet 761
  • কামেশ্বৰ দাস: সাধু কথা যেন লগা অসাধাৰণ জীৱন পৰিক্ৰমা

    224 shares
    Share 90 Tweet 56
  • Jesus Christ: Looking through the Lens of History

    102 shares
    Share 41 Tweet 26
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3369 shares
    Share 1348 Tweet 842
  • Dr Purnima Devi Barman Among Mad Over Marketing’s Most Impactful Women of 2025

    90 shares
    Share 36 Tweet 23
  • Deliceto: a village as a living being

    84 shares
    Share 34 Tweet 21
  • আঞ্চলিকতাবাদ- কি, কিয় আৰু কেনেকৈ?

    3462 shares
    Share 1385 Tweet 866
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d