• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Friday, September 22, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • September 2023
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • September 2023
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Tech Science

 ইছ’ৰ’ আৰু ‘চন্দ্ৰযান-৩’ ৰ গুৰুত্ব

মনস্বিনী শৰ্মা

by Admin
July 16, 2023
in Science, National, Special Report, Tech, World
Reading Time: 4 mins read
0
 ইছ’ৰ’ আৰু ‘চন্দ্ৰযান-৩’ ৰ গুৰুত্ব
Share on FacebookShare on TwitterShare on LinkedIn

 ইছ’ৰ’ আৰু ‘চন্দ্ৰযান-৩‘ ৰ গুৰুত্ব

মনস্বিনী শৰ্মা

manaswini sarma
মনস্বিনী শৰ্মা

” জোনবাই এ বেজি এটা দিয়া,   বেজিনো কেলৈ?   মোনা চিলাবলৈ”…

      শৈশৱতে আকাশৰ জোনটিলৈ চাই আমি কিমানে যে এনেদৰে গাইছিলো। জোনটিক লৈ কিমান কথা যে ভবা যায়, শুনা যায়। নিশাৰ আকাশৰ চন্দ্ৰটিক লৈ মানুহৰ কিমান যে কল্পনা, কিমান কাহিনী।

সোণৰ কাঁহীখনৰ দৰে জিলিকি থকা চন্দ্ৰটিক লৈ সৰু ল’ৰা-ছোৱালীৰো কিমান যে হেঁপাহ। দেৱতা জ্ঞান কৰি অহা চন্দ্ৰক বিজ্ঞানৰ পাৰদৰ্শিতাৰে আজি অধ্যয়ন কৰিব পৰা হ’ল, চন্দ্ৰৰ বুকুত খোজ দিব পৰা হ’ল। ভাৰতবাসীয়ে ধাৰ্মিক দৃষ্টিকোণেৰে চন্দ্ৰক পৃথক ধৰণে গ্ৰহণ কৰিলেও চন্দ্ৰক বিজ্ঞান ভিত্তিৰে অধ্যয়ন কৰাৰ ক্ষেত্ৰত পাছপৰি ৰোৱা নাই। 

      মহাকাশ অধ্যয়ন কৰিবলৈ বিভিন্ন দেশে নিজস্ব সংস্থা গঠন কৰিছে। ভাৰতবৰ্ষটো মহাকাশ অভিযান অধ্যয়নৰ হেতু সংস্থা গঠন কৰিবলৈ পোন প্ৰথমে সপোন দেখিছিল বিক্ৰম চাৰাভায়ে। সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে কৈছিল যে ” ভাৰত দুখীয়া দেশ। ভাৰতবৰ্ষই বহুতো সামাজিক সমস্যাৰ সৈতে যুঁজি আছে। গতিকে ভাৰতে মহাকাশ অভিযানৰ সংস্থা গঠন কৰিব নোৱাৰে।”

RelatedPosts

Has India-Canada relations Crumbled? Will Trudeau apologize to India?

Has India-Canada relations Crumbled? Will Trudeau apologize to India?

September 22, 2023
Privatizing the Public Education

Privatizing the Public Education

September 22, 2023
‘নমামি ভৰলু’ প্ৰকল্পৰে অসমৰ সমস্ত ঋণ পৰিশোধ: নগা ভদ্ৰলোকৰ সৈতে প্ৰায় দুই ঘন্টা!

‘নমামি ভৰলু’ প্ৰকল্পৰে অসমৰ সমস্ত ঋণ পৰিশোধ: নগা ভদ্ৰলোকৰ সৈতে প্ৰায় দুই ঘন্টা!

September 22, 2023

কিন্তু বিক্ৰম চাৰাভায়ে কৈছিল যে ” ভাৰত দুখীয়া দেশ। ভাৰতে সামাজিক সমস্যাৰ সৈতে যুঁজি আছে। গতিকে ভাৰতে মহাকাশ অভিযান প্ৰস্তুত কৰা উচিত।” সেই উদ্দেশ্যে বিক্ৰম চাৰাভাইৰ মত অনুসৰি ভাৰত চৰকাৰে ১৯৬২ চনত ‘National Commitee On Space Reasearch’ নামৰ এখন কমিতি গঠন কৰে।

ইয়াৰ পাছত চাৰাভায়ে আমেৰিকাৰ মহাকাশ সংস্থা NASA ৰ সৈতে লগলাগি ৰকেট উৎক্ষেপণ কৰিবলৈ বিচাৰে আৰু তাৰ বাবে NASA ই ভাৰতক ‘Nike apache’ নামৰ ২৫ ফুট উচ্চতাৰ ৰকেট প্ৰদান কৰে। চাৰাভায়ে এই ৰকেট উৎক্ষেপণৰ বাবে কেৰালাৰ এখন সৰু মাছুৱৈ গাওঁ বাছনি কৰে যাৰ নাম থাম্বা (Thumba)। যিখন পৃথিৱীৰ চুম্বকীয় শক্তিৰ সমতাত আছিল যাৰ পৰা উৎক্ষেপণ সুবিধাজনক আছিল।

এই গাওঁখন পিছপৰা আছিল বাবে চাইকে’ল, গৰুগাড়ীৰ সহায়ত ৰকেটক নিৰ্দিষ্ট ঠাইলৈ নিব লগা হৈছিল। আৰু এনেদৰে ১৯৬৩ চনৰ ২১ নম্বেৱৰত ভাৰতে মহাকাশলৈ ৰকেট উৎক্ষেপণ কৰে। ইয়াৰ পাছত এই সমিতিক ১৯৬৯ চনত বাঙ্গালুৰুত ISRO (Indian Space Reserach Organization) নামেৰে এক সংস্থা হিচাপে প্ৰস্তুত কৰে। ISRO ই ১৯৭৫ চনত প্ৰথম কৃত্ৰিম উপগ্ৰহ আৰ্যভট্ৰ প্ৰেৰণ কৰে।

ভাৰতে ইতিমধ্যে কেইবাটাও কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰিবলৈ সফল হৈছে। ইয়াৰ পাছত ২০১৩ চনৰ ৫ নৱেম্বৰত ইছ’ৰ’ই মঙ্গল গ্ৰহলৈ মঙ্গলযান প্ৰেৰণ কৰে। প্ৰথম প্ৰচেষ্টাতে মঙ্গলযান প্ৰেৰণ কৰি মঙ্গল গ্ৰহত সফলতাৰে অৱতৰণ কৰা ভাৰত হৈছে বিশ্বৰ প্ৰথমখন দেশ। ইছ’ৰ’ৰ বৰ্তমান অধ্যক্ষ হৈছে এছ. সোমানাথ (S. Somanath)। ISRO বাঙ্গালুৰুৰ শ্ৰীহৰিকোট্ৰাত অৱস্থিত।

 ইছ'ৰ' আৰু 'চন্দ্ৰযান-৩' ৰ গুৰুত্ব

      মঙ্গলযানৰ সফল অভিযানৰ পূৰ্বে ভাৰতে ২০০৮ চনত প্ৰথমখন চন্দ্ৰযান চন্দ্ৰলৈ প্ৰেৰণ কৰিছিল। চন্দ্ৰযান ১ য়ে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰি চন্দ্ৰপৃষ্ঠত পানীৰ অনুসন্ধান কৰি তথ্য আহৰণ কৰিছিল। কিন্তু এই যানখনৰ ৰ’ভাৰ NASA ৰ অন্তৰ্গত হোৱাৰ বাবে সকলো তথ্য NASA ৰ হাতলৈ গৈ সকলো স্বীকৃতি NASA ই লাভ কৰে আৰু ভাৰতবৰ্ষ এই ক্ষেত্ৰত বিফল হয়। ইয়াৰ পাছত ২০১৯ চনত ভাৰতে পুনৰ চন্দ্ৰযান ২ প্ৰক্ষেপ কৰে।

কিন্তু এই যানখনে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিবলৈ প্ৰয়াস কৰাৰ সময়তে ISRO ৰ সৈতে সংযোগ বিচ্ছিন্ন হয়। এক শ্বাসৰুদ্ধকৰ পৰিৱেশৰ সৈতে সমগ্ৰ ভাৰতে অপেক্ষা কৰিছিল চন্দ্ৰযান ২ য়ে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাক লৈ। চন্দ্ৰযান ২ বিফল হৈছিল যদিও ISRO ই নিজৰ হাৰ নামানি পুনৰ নতুন প্ৰচেষ্টাৰে চন্দ্ৰযান ৩ প্ৰস্তুত কৰি বিগত ১৪ জুলাই তাৰিখে বিয়লি ২ বাজি ৩৫ মিনিটত শ্ৰীহৰিকোট্ৰাৰ পৰা প্ৰেৰণ কৰে। 

      চন্দ্ৰযান ৩ হৈছে এক প্ৰত্যাহ্বানমূলক আৰু আৰ্কষণীয় অভিযান। চন্দ্ৰযান ৩ ৰ বিষয়ে জনাৰ পূৰ্বে আমি যদি চাওঁ তেন্তে চন্দ্ৰযান ২ আৰু চন্দ্ৰযান ৩ ৰ মাজত কিছু পাৰ্থক্য আছে। চন্দ্ৰযান ২ ত তিনিটা মূল অংশ লেণ্ডাৰ (Lander), ৰ’ভাৰ (Rover), অৰ্বিটাৰ (Orbitar) আছিল। চন্দ্ৰযান ৩ কেৱল Lander, Rover আছে। কাৰণ চন্দ্ৰযান ২ ত Orbitar য়ে নিজৰ মিছন সফলতাপূৰ্ণভাৱে সম্পন্ন কৰিছিল।

যাৰ বাবে ইয়াক চন্দ্ৰযান ৩ ৰ পৰা আঁতৰাই ৰখা হৈছে। চন্দ্ৰযান ২ য়ে অৱতৰণ কৰিবৰ সময়ত বিফল হৈছিল। অৱতৰণ কৰিবলগীয়া অংশৰ পৰা ৭৫০ মিটাৰ আঁতৰত গৈহে অৱতৰণ কৰিছিল। যাৰ বাবে চন্দ্ৰযান ৩ ৰ অৱতৰণ কৰিবলগীয়া অংশক এইবাৰ আৰু অধিক শক্তিশালীভাৱে তৈয়াৰ কৰে যাতে সঠিক ঠাইত গৈ অৱতৰণ কৰিব পাৰে। চন্দ্ৰযান ৩ ত Spectro Polarimetry Of Habitable Planet Earth নামৰ এটা যন্ত্ৰ স্থাপন কৰে।

 ইছ'ৰ' আৰু 'চন্দ্ৰযান-৩' ৰ গুৰুত্ব

যিয়ে পৃথিৱী গ্ৰহৰ তথ্য অধ্যয়ন কৰি আমাৰ সৌৰজগতৰ বাহিৰত থকা সম্ভাব্য গ্ৰহৰ অনুসন্ধান কৰাত সহায় কৰিব। চন্দ্ৰযান ৩ ৰ অৱতৰণ যান (Landing Vehicle) হৈছে LVM 3 ৰ ওজন হৈছে ৪০০০ কেঃজিঃ। চন্দ্ৰযান ২ ৰ অৱতৰণ যান GSLV Mk- ii ৰ ওজন হৈছে ২৫০০ কেঃজিঃ। যি চন্দ্ৰযান ২ ৰ ৩০% তকৈ বেছি। ইয়াৰোপৰি চন্দ্ৰযান ২ ৰ ব্যয় হৈছে ৮৭০ কোটি। চন্দ্ৰযান ৩ ৰ ব্যয় হৈছে ৬৫০ কোটি।

অৰ্থাৎ চন্দ্ৰযান ৩ কম ব্যয়বহুল। চন্দ্ৰযান ৩ প্ৰত্যাহ্বানপূৰ্ণ। লগতে ভাৰতৰ লগতে সমগ্ৰ বিশ্বৰ দৃষ্টি চন্দ্ৰযান ৩ ৰ ওপৰত। কিয়নো ISRO ই মঙ্গলযান প্ৰেৰণ কৰি মঙ্গলগ্ৰহত সফলতাৰে অৱতৰণ কৰা (soft landing) তকৈ চন্দ্ৰত সফলতাৰে অৱতৰণ কৰাটো অতি কঠিন। চন্দ্ৰযান ৩ য়ে চন্দ্ৰৰ দক্ষিণ অংশ lunar south poul ত অৱতৰণ কৰিব।

যি অংশত সূৰ্যৰ পোহৰ নপৰে আৰু ইয়াৰ তাপমাত্ৰা -২৩০ ডিগ্ৰী চেলছিয়াচ আৰু চন্দ্ৰৰ যি অংশত সূৰ্যৰ পোহৰ পৰে সেই অংশৰ তাপমাত্ৰা ১২০ ডিগ্ৰী চেলছিয়াচ। এই তাপমাত্ৰাৰ পাৰ্থক্যৰ বাবে যদি চন্দ্ৰযান ৩ য়ে হঠাত দক্ষিণ অংশত অৱতৰণ কৰে তেন্তে ইয়াত থাৰ্মেল শ্বক লগাৰ সম্ভাৱনা আছে। যাৰ ফলত চন্দ্ৰযান ৩ ৰ লেণ্ডাৰ অংশ ধব্বংস হোৱাৰ আশংকা আছে আৰু ISRO ৰ সৈতে সংযোগ বিচ্ছিন্ন হ’ব পাৰে।

চন্দ্ৰযান ৩ ৰ ওজন ৩৯০০ কেঃজিঃ। চন্দ্ৰযান ৩ সফলতাৰে অৱতৰণ কৰিলে ভাৰতবৰ্ষই হ’ব প্ৰথম দেশ যিয়ে পৃথিৱীৰ তথ্য অনুসৰি চন্দ্ৰপৃষ্ঠত পানী, মৌল আৰু চুম্বকীয় শক্তি সম্পৰ্কে অধ্যয়ন কৰিব। I চন্দ্ৰৰ ৪১% অংশ পৃথিৱী গ্ৰহৰ পৰা অদৃশ্যমান হৈ আছে যি অংশৰ বিষয়ে এই চন্দ্ৰযানে অধ্যয়ন কৰিব। লগতে চন্দ্ৰপৃষ্ঠত সূৰ্যৰ পোহৰ নপৰা অংশসমূহত অনুমান কৰা হৈছে যে এই অংশসমূহত প্ৰায় ১০০ মিলিয়ন টন পানী মজুত আছে।

ইয়াৰোপৰি এই অংশসমূহত হাইড্ৰজেন, মিথেন, ছ’ডিয়াম, চিলভাৰ, এম’নিয়া, মাৰ্কৰি আদি গুৰুত্বপূৰ্ণ মৌল আছে। চন্দ্ৰযান ৩ য়ে এইসমূহৰ বিষয়ে অধ্যয়ন কৰি অনাগত সময়ত এক সূচনা কৰিব।SRO ৰ বিজ্ঞানীসকলৰ মতে চন্দ্ৰৰ দক্ষিণ অংশত নিম্ন তাপমাত্ৰাৰ হেতু পানী বৰফ আকাৰত জমা হৈ আছে আৰু এই পৃষ্ঠত থকা চুম্বকীয় শক্তিৰ অধ্যয়নে ক’ব চন্দ্ৰ কেনেকৈ সৃষ্টি হৈছিল আৰু পানীৰ মৌল কেনেকৈ গঠন হৈছিল।

 ইছ'ৰ' আৰু 'চন্দ্ৰযান-৩' ৰ গুৰুত্ব

তথ্য অনুসৰি আজিৰ পৰা ৪.৫ বিলিয়ন বছৰৰ আগতে এক প্ৰাচীন গ্ৰহে পৃথিৱীক খুন্দা মৰাৰ ফলত চন্দ্ৰৰ সৃষ্টি হৈছিল আৰু এই তথ্যক ভাৰতে বাস্তৱিকভাৱে (Practicaly) প্ৰমাণ কৰিবলৈ বিচাৰিছে।

      বহুতে ভাবে যে ভাৰতৰ দৰে এখন উন্নয়নশীল দেশৰ বাবে ISRO এক ব্যয়বহুল সংস্থা। ভাৰতৰ অৰ্থনীতিত ইয়াৰ কোনো অৱদান নাই। কিন্তু ISRO ৰ বাজেট NASA তকৈ ১৫ গুণ কম। ISRO ই প্ৰেৰণ কৰা কৃত্ৰিম উপগ্ৰহসমূহে ভাৰতৰ ভূগোল অধ্যয়ন কৰি তথ্য প্ৰদান কৰে।

এই তথ্যৰ দ্বাৰা প্ৰাকৃতিক দুৰ্যোগ সম্পৰ্কে আগজাননী লাভ কৰিব পাৰি, কৃষকক বতৰ সম্পৰ্কে জাননী দিব পাৰি।

ISRO ই বিদেশৰ বাবেও কৃত্ৰিম উপগ্ৰহ প্ৰস্তুত কৰে। এতিয়ালৈকে ২৮ খন দেশৰ বাবে ২৩৯ টা কৃত্ৰিম উপগ্ৰহ ISRO ই প্ৰস্তুত কৰি নিজৰ লাভ অৰ্জন কৰিছে। কৃত্ৰিম উপগ্ৰহ প্ৰস্তুত কৰা সংস্থাসমূহ এতিয়া বিশ্বৰ ভিতৰত ১৩ বিলিয়ন ডলাৰ উদোগ হিচাপে গঢ়ি উঠিছে।

আগন্তুক পাঁচ বছৰত ই ২৪ বিলিয়ন ডলাৰ উদ্যোগ হিচাপে গঢ়ি উঠিব। ISRO ই ইয়াৰ যদি ২০% ও আহৰণ কৰিব পাৰে তেন্তে ই ISRO ৰ বাৰ্ষিক বাজেটৰ খৰচতকৈ ১০ গুণ অধিক হ’ব। এই কথা বিক্ৰম চাৰাভাইয়ে কৈছিল। তেওঁ হৈছে Indian Space Programme ৰ পিতৃ। 

      বৰ্তমানলৈকে বিশ্বৰ ১১ খন দেশে চন্দ্ৰ অভিযান কৰিলেও মাত্ৰ ৩ খন দেশেহে চন্দ্ৰত সফলতাৰে অৱতৰণ কৰিব পাৰিছে। সেইকেইখন দেশ হৈছে আমেৰিকা, ৰাছিয়া, চীন। এতিয়া চন্দ্ৰযান ৩ সফল হ’লে ভাৰতবৰ্ষ হৈ পৰিব চন্দ্ৰপৃষ্ঠত সফলতাৰে অৱতৰণ কৰা বিশ্বৰ চতুৰ্থখন দেশ। লগতে চন্দ্ৰযান ৩ য়ে যিসমূহ উদ্দেশ্য লৈ চন্দ্ৰপৃষ্ঠ অধ্যয়ন কৰিব সেইসমূহ সফল হ’লে ভাৰতবৰ্ষ বিশ্বৰ দৃষ্টিত জিলিকি পৰিব। 

chandrayaan pti

        প্ৰতিটো সফল কামৰ পূৰ্বে সংগ্ৰাম থাকে, বিফলতা থাকে। এইসমূহক লৈ হতাশ হোৱাৰ পৰিৱৰ্তে নতুন উদ্দীপনা, আশা লৈ পুনৰ চেষ্টা অব্যাহত থাকিলে সেই কাম সফল হ’বই। ভাৰতেও নিজৰ চেষ্টা অব্যাহত ৰাখিছে, আশা এৰি দিয়া নাই গতিকে আমি প্ৰতিজন ভাৰতীয়ই কামনা কৰিছো চন্দ্ৰযান ৩ য়ে যাতে সফলতাৰে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰি ভাৰতৰ নাম বিশ্বৰ আগত জিলিকাই তোলক। ভাৰতৰ মহাকাশ অভিযানক উজ্বলাই তোলক।

কিয়নো ভাৰতৰ দৰে এখন উন্নয়নশীল দেশে মহাকাশ অভিযান চলোৱাৰ সময়ত আন্তজাৰ্তিক কাকত নিউয়ৰ্ক টাইমছত এক কাৰ্টুনৰ জড়িয়তে ভাৰতবৰ্ষক ইতিকিং কৰা হৈছিল। গতিকে ভাৰতবৰ্ষই চন্দ্ৰযান ৩ ৰ সফল মিছনেৰে আন্তজাৰ্তিক প্ৰেক্ষাপটত নিজক প্ৰমাণ কৰিব পাৰিব।

আগন্তুক ২৩ আগষ্ট তাৰিখে বিয়লি ৫ বাজি ৪৭ মিনিটত চন্দ্ৰযান ৩ য়ে চন্দ্ৰত অৱতৰণ কৰিব বুলি ইছ’ৰ’ই অধ্যক্ষই প্ৰকাশ কৰে। ইয়াৰ লগতে অসমবাসীৰ বাবেও গুৰুত্বপূৰ্ণ কথা এয়ে যে অসমৰ লক্ষীমপুৰ অঞ্চলৰ বিজ্ঞানী চয়ন দত্ত চন্দ্ৰযান ৩ ৰ নিয়ন্ত্ৰণৰ দায়িত্বত জড়িত হৈ আছে।

আমি আশা কৰিছো চন্দ্ৰযান ৩ সফল হওঁক।

  মনস্বিনী শৰ্মা। স্নাতকোত্তৰ তৃতীয় ষাণ্মাসিক। অৰ্থনীতি বিভাগ। ডিব্ৰুগড় বিশ্ববিদ্যালয়।  

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Admin

Admin

Related Posts

Has India-Canada relations Crumbled? Will Trudeau apologize to India?
Politics

Has India-Canada relations Crumbled? Will Trudeau apologize to India?

by Admin
September 22, 2023
0

Has India-Canada relations Crumbled? Will Trudeau apologize to India? KAKALI DAS KAKALI DAS Should India worry about the fact that...

Read more
Privatizing the Public Education

Privatizing the Public Education

September 22, 2023
‘নমামি ভৰলু’ প্ৰকল্পৰে অসমৰ সমস্ত ঋণ পৰিশোধ: নগা ভদ্ৰলোকৰ সৈতে প্ৰায় দুই ঘন্টা!

‘নমামি ভৰলু’ প্ৰকল্পৰে অসমৰ সমস্ত ঋণ পৰিশোধ: নগা ভদ্ৰলোকৰ সৈতে প্ৰায় দুই ঘন্টা!

September 22, 2023
ময়েই প্ৰধানমন্ত্ৰী তৃতীয়বাৰোঃ খানাপাৰাৰ ‘ভুল’ৰ উত্তৰ দিলে নেকি মোডীয়ে?

Karnataka Verdict: Modi is not invincible

September 19, 2023
‘মেমচাহাব’ হৈ পৰা অসমৰ খিলঞ্জীয়া গৰুৰ অস্তিত্বৰ তীব্ৰ সংকট সম্পৰ্কে এজন নগা ভদ্ৰলোকৰে আলাপ

‘মেমচাহাব’ হৈ পৰা অসমৰ খিলঞ্জীয়া গৰুৰ অস্তিত্বৰ তীব্ৰ সংকট সম্পৰ্কে এজন নগা ভদ্ৰলোকৰে আলাপ

September 19, 2023
Music Therapy for Mental Health

Music Therapy for Mental Health

September 19, 2023
  • Trending
  • Comments
  • Latest
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 16, 2023
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

July 27, 2023
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 25, 2022
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

3
The Dangers of AI is Coming: Beware!

The Dangers of AI is Coming: Beware!

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
Has India-Canada relations Crumbled? Will Trudeau apologize to India?

Has India-Canada relations Crumbled? Will Trudeau apologize to India?

September 22, 2023
Privatizing the Public Education

Privatizing the Public Education

September 22, 2023
GAURAV GOGOI: The Emerging Challenger

GAURAV GOGOI: The Emerging Challenger

September 22, 2023
‘নমামি ভৰলু’ প্ৰকল্পৰে অসমৰ সমস্ত ঋণ পৰিশোধ: নগা ভদ্ৰলোকৰ সৈতে প্ৰায় দুই ঘন্টা!

‘নমামি ভৰলু’ প্ৰকল্পৰে অসমৰ সমস্ত ঋণ পৰিশোধ: নগা ভদ্ৰলোকৰ সৈতে প্ৰায় দুই ঘন্টা!

September 22, 2023

Popular Stories

  • FREEDOM FIGHTERS OF ASSAM

    FREEDOM FIGHTERS OF ASSAM

    2525 shares
    Share 1010 Tweet 631
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    1492 shares
    Share 597 Tweet 373
  • জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    1778 shares
    Share 711 Tweet 445
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    782 shares
    Share 313 Tweet 196
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    926 shares
    Share 370 Tweet 232
  • Wildlife Photos: An astonishing and sorrowful image!

    215 shares
    Share 86 Tweet 54
  •  ইছ’ৰ’ আৰু ‘চন্দ্ৰযান-৩’ ৰ গুৰুত্ব

    277 shares
    Share 111 Tweet 69
  • অসমৰ বুৰঞ্জী

    1254 shares
    Share 502 Tweet 314
  • Does IIT always guarantee jobs, huge salary packages?

    1061 shares
    Share 424 Tweet 265
  • ভাৱাৰ্থ স্বৰূপ সোঁৱৰণী মহাবাহু বঁটা প্ৰদান, গ্ৰন্থ -আলোচনী উন্মোচন আৰু বক্তৃতানুষ্ঠান

    173 shares
    Share 69 Tweet 43
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • September 2023
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: