• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, May 14, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

ইজৰাইল-পেলেস্টাইন : অতীত বৰ্তমান ভৱিষ্যত

ASSAMESE SECTION

by MONOJ Kr BORUAH
June 13, 2021
in ASSAMESE SECTION, Politics, World
Reading Time: 3 mins read
0
close up of the flag of israel

Photo by cottonbro on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

RelatedPosts

পৃথিৱীৰ অন্যতম আকৰ্ষণীয় অনন্য বটল গছঃ বাওবাব

পৃথিৱীৰ অন্যতম আকৰ্ষণীয় অনন্য বটল গছঃ বাওবাব

May 11, 2026
Tamil Nadu vs Assam: What is the Future of Regional Politics in India?

Tamil Nadu vs Assam: What is the Future of Regional Politics in India?

May 9, 2026
bihu2

ব’হাগ আৰু অসমৰ অৰ্থনীতি

May 8, 2026

ইজৰাইল-পেলেস্টাইন

মনোজ কুমাৰ বৰুৱা

israel

দখলীকৃত মাটিৰ বাবে বিশ্বৰ প্ৰেক্ষাপটত দেশসমূহৰ মাজত দেখা দিয়া বিবাদ বিশ্বৰ প্ৰেক্ষাপটত নতুন নহয়।

নিজৰ সীমা বৰ্ধনৰ জৰিয়তে অথবা নিজৰ প্ৰতিপত্তি বৃদ্ধিৰে কৰ্তৃত্ব স্থাপনৰ, নিজকে উচ্চ আসনত প্ৰতিষ্ঠা কৰোৱাৰ ইপ্সিত লক্ষ্য আগত ৰাখিয়ে কেতিয়াবা ধৰ্মৰ জৰিয়তেই হওঁক অথবা কেতিয়াবা কূটনীতিৰ জৰিয়তেই হওঁক, স্বাৰ্থপূৰণৰ সপোন সপোন দেখে। এনেধৰণৰ স্বাৰ্থপূৰণৰ সপোন সাগৰত উটি ভাঁহি ফুৰোঁতেই প্ৰায়ে বিশ্বৰ জনসাধাৰণৰ শান্তি , মানৱ অধিকাৰ আদিৰ স্খলন হোৱা দেখা যায়। যি সমূহ কথাৰ প্ৰতি তথাকথিত গণতান্ত্ৰিক বিশ্বৰ কেতিয়াও দৃষ্টিগোচৰ নহয়।

ইতিহাস: ইজৰাইল আৰু পেলেস্টাইনৰ মাজত চলিত যি সংঘাত, সেই সংঘাতৰ ইতিহাস অতি পুৰণি। ইহুদী সকলক পূৰ্বৰে পৰা এক অভিশপ্ত ধৰ্ম হিচাপে ঠাৱৰ কৰা হয়। লাগিলে সেয়া যীশুখ্ৰীষ্টৰ বিৰোধিতা কৰাই হওঁক অথবা সমাজত প্ৰচলিত ৰীতি সমূহেই হওঁক, ইহুদীসকলৰ শোষণৰ বাবে জন্ম বুলি ধৰি লোৱা হৈছিল।

কিন্তু শিক্ষা অথবা পাৰদৰ্শিতাৰ ক্ষেত্ৰত ইহুদীসকল পূৰ্বৰে পৰা আগৰণুৱা আছিল। তাৰ প্ৰয়োজনীয় প্ৰমাণ নোবেল প্ৰাপকৰ তালিকাই ইতিমধ্যে প্ৰমাণ কৰিছে। ইহুদীসকলৰ ইতিহাস প্ৰায়ে ১০০০ খ্রী. পূ.ৰ সম্ৰাট ডেভিদৰ পৰা প্ৰকাশ কৰিব পাৰি । সেইজন সম্ৰাট ডেভিদৰ পুত্ৰ চল’মনে জেৰুজালেমত এক পৱিত্ৰ মন্দিৰ (first temple) প্ৰতিষ্ঠা কৰে। প্ৰায় ৯৩১ খ্রী. পূ. ৰ সমসাময়িক কালছোৱাত ইহুদীসকল দুটা ভাগত বিভক্ত হৈ পৰে।

তাৰ পিছত ৫৮৭ খ্রী. পূ. ৰ বেবিলনসকলে আক্ৰমণ কৰি এই পৱিত্ৰ উপাসনাথলী ধ্বংস কৰে। পিছে ইহুদী জনসাধাৰণৰ প্ৰত্যক্ষ হেঁচাত তাতেই আৰু এটা মন্দিৰ (second temple) প্ৰতিষ্ঠা কৰা হয়। যি মন্দিৰ প্ৰায় ৭০ খ্রী.ত ৰোমানসকলে পুনৰ ধ্বংস কৰে। এইখিনি সময়তে ইহুদীসকলৰ শিক্ষাৰ প্ৰক্ৰিয়াসমূহ আগবাঢ়ে। শিক্ষাৰ জৰিয়তে ইহুদীসকলক বিশ্বৰ বিভিন্ন বিষয়সমূহত মাত মাতিবলৈ সজাগ কৰি তোলা হয়।

ইয়াৰ পিছৰ হেলিনেষ্টিক কালাংশ আৰু ৰোমান। সকলে পাৰ্ছীয়ান সাম্ৰাজ্যৰ শাসনত অধিষ্ঠিত হয়। এই ৰোমান সাম্ৰাজ্যৰ সময়তেই ইহুদীসকলক অত্যাচাৰ কৰাৰ প্ৰৱণতাই গা কৰি উঠে। এইখিনি সময়তে যীশুখ্ৰীষ্টক শূলত দিয়া হয়। উল্লেখ্য, যীশুখ্ৰীষ্টৰ শূলত দিয়া কাৰ্যত এই ইহুদীসকলৰ সমৰ্থন আছিল বুলি প্ৰবাদ আছে। ক্ৰমান্বয়ে খ্ৰীষ্ট ধৰ্মৰ যিমানেই প্ৰচলন হয় সিমানেই বিশ্বত এক ইহুদী বিৰোধী প্ৰৱণতাই গা কৰি উঠে।

israel1

তাৰ পাছৰেই বাৰ্জেন্টাইনৰ সময়ত খ্ৰীষ্টান ধৰ্মক মুখ্য ধৰ্ম হিচাবে ঘোষণা কৰোঁতেও ইহুদীসকল অত্যাচাৰৰ সন্মুখীন হয়। তাৰ পাছতেই গঠন হোৱা ইছলামিক সাম্ৰাজ্যৰ সময়ত ইহুদীসকলে যথেষ্ট আত্ম প্ৰতিষ্ঠাৰ সুযোগ লাভ কৰে। কিন্তু ক্ৰুচ্ছেদৰ পৱিত্ৰ যুদ্ধৰ সময়ত পুনৰ ইহুদীসকলৰ হত্যা কৰা হয় আৰু ধৰ্মান্তৰিত হ’বলৈ বাধ্য কৰোৱা হয়। তৎপশ্চাদ মামলুক অথবা অট’মান সাম্ৰাজ্যত সকলো সময়তে ইহুদীসকলৰ নিধন কাৰ্য চলোৱা হয়।

ইহুদী সকলে যেতিয়া পোলেণ্ড আৰু লিথুৱানিয়াত নিবাস কৰিবলৈ আৰম্ভ কৰে , তেতিয়া তেওঁলোকে যথেষ্ট সন্মানেৰে নিজৰ জীৱন যাপন কৰাৰ সুযোগ লাভ কৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে ইহুদীসকলে যেতিয়াই সুযোগ পালে তেতিয়াই শিক্ষা আৰু অৰ্থনীতিত অতি মনোনিৱেশ কৰিলে আৰু ইয়াৰ জৰিয়তেই এক নিৰ্দিষ্ট দেশ অবিহনেও তেওঁলোকৰ পুঁজি ক্ৰমান্বয়ে আৰু অধিক শক্তিশালী হৈ গৈ থাকিল।

গতিকে ১৮ শতিকাৰ শেষলৈ অন্ততঃ ইহুদীসকলে এক সন্মানজনক স্থান লাভ কৰে। সেই ১৮ শতিকাতে ফৰাচী বিপ্লৱ হয় আৰু ইয়াৰ জৰিয়তে বিশ্বত এক আধুনিক নব্য গণতান্ত্ৰিক ধাৰাৰ আৰম্ভ হয়। ফৰাচী বিপ্লৱৰ পাছতে আকৌ নেপোলিয়নৰ জৰিয়তে ৰাজতন্ত্ৰৰ আৰম্ভ হয় যদিও নেপোলিয়নে ইহুদীসকলৰ কষ্টসহিষ্ণু ইতিহাসক সন্মান জনায়।

ক্ৰমান্বয়ে বিশ্বৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ থকা ইহুদী সকলে আমেৰিকা যুক্তৰাষ্ট্ৰত বাস কৰিবলৈ লয়। ১৮৯৭ চনত ইহুদীসকলৰ প্ৰথম সন্মিলন অনুষ্ঠিত হয়। এই সন্মিলনত তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰে যে, ইহুদীসকলৰ বাবে এখন পৃথক ৰাষ্ট্ৰৰ প্ৰয়োজন । তাৰ পাছতেই আধুনিক ইতিহাসৰ প্ৰথম বিশ্বযুদ্ধৰ সময় আহি পৰে।

এই প্ৰথম বিশ্বযুদ্ধৰ সময়ত ইহুদীসকলৰ বাবে এখন বিশেষ দেশ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতিৰে ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনচনে ১৯১৭ চনত বালফোৰ চুক্তি সম্পাদন কৰে। প্ৰথম যুদ্ধ শেষ হোৱাৰ পাছত পেলেস্টাইন দেশখনৰ শাসনৰ বাঘজৰী লাভ কৰে ব্ৰিটিছে। তেনে সময়তে জাৰ্মানীত হিটলাৰে ইহুদী নিধন যজ্ঞ পূৰামাত্ৰাই চলাই নিয়ে আৰু তাৰে পৰিপ্ৰেক্ষিতত পেলেস্টাইনলৈ ইহুদীসকলৰ আগমন ঘটে।

israel in pictures

দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ব্ৰিটিছসকলে পেলেস্টাইন ত্যাগ কৰে আৰু ইজৰাইল পেলেস্টাইনৰ দায়িত্ব দিয়ে ৰাষ্ট্ৰসংঘক। ইহুদীসকলে পোনপ্ৰথমে আহি পেলেস্টাইনৰ খালি মাটি আৰু অধিকৃত মাটিসমূহ ক্ৰয় কৰি অথবা অধিগ্ৰহণ কৰি নিজৰ অধীনলৈ আনিবলৈ আৰম্ভ কৰে । এসময়ত পেলেস্টাইন দেশখনেই ১০০%ৰ অৱস্থিতিত আছিল, সেইখন দেশ বৰ্তমান ৬ দিনীয়া যুদ্ধ আদি বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে আহি আহি ১২%ৰ অৱস্থিতিত আছে।

পূৰ্বৰ পেলেস্টাইনৰ গাজাৰ ক্ষীণ অঞ্চল আৰু পশ্চিম বেংকৰ বাদে বাকী ৮৮% বৰ্তমান ইজৰাইলৰ কৱলত। ইজৰাইল দেশখনে য়েমেন, ইজিপ্ট আৰু চিৰিয়াকে সামৰি এক মহান ইজৰাইল ৰাষ্ট্ৰ গঠন কথা কয় যদিও সেই সপোন এতিয়াও সুদূৰ পৰাহত।

সংঘৰ্ষৰ কাৰণ: ইজৰাইল পেলেস্টাইনৰ মাজৰ মূল ফিৰিঙতি আৰম্ভ হয় ৩৫ একৰ ভূমি (হাৰাম অল শ্বৰীফ/ টেম্পল মাউন্ট) অংশক লৈ। এই ৩৫ একৰ ভূমিক লৈ ইহুদী, মুছলমান আৰু খ্ৰীষ্টান তিনিও ধৰ্মৰে বেলেগ বেলেগ মত। ইহুদী সকলৰ মতে সেই স্থানতে আব্ৰাহামৰ ধর্ম পৰীক্ষাত ঈশ্বৰ সন্তুষ্ট হয়, সেয়ে এই স্থান তেওঁলোকৰ বাবে পৱিত্ৰ।

চল’মন সম্ৰাটে বনোৱা প্ৰথম মন্দিৰ আৰু তাৰ পাছত গঢ়ি তোলা দ্বিতীয় মন্দিৰ ভাঙি যায় যদিও দ্বিতীয় মন্দিৰৰ পশ্চিমীয়া বেৰখন সেই অঞ্চলত এতিয়াও আছে আৰু তাতেই ইহুদীসকলে প্ৰাৰ্থনা কৰে। সেই দেৱালৰে ওপৰেৰে যোৱা ৰাস্তাটোৰে গৈ মুছলমানসকলে তেখেতসকলৰ তৃতীয় পৱিত্ৰ স্থান আলাস্কা মছজিদ পায়। প্ৰবাদ আছে যে , এই আলাস্কা মছজিদৰ পৰাই মোহম্মদে স্বৰ্গলৈ গতি কৰিছিল।

তদুপৰি খ্ৰীষ্টান সকলৰো বিশ্বাস যে যীশুখ্ৰীষ্টৰ পুনৰজন্ম ইয়াতেই। এই ৩৫ একৰ ভূমি অৱস্থিত জেৰুজালেমত আৰু বিশ্বৰ অধিকসংখ্যক মানুহৰে বিশ্বাস এনেবোৰ ধৰ্মীয় কাৰণতেই ইজৰাইল পেলেস্টাইনৰ বৰ্তমানৰ সংঘাত । কিন্তু ধৰ্মৰ সলনিও এই সংঘাতৰ অন্যতম এক কাৰণ হৈছে ভূমি আৰু নিজৰ কৰ্তৃত্ব স্থাপন কৰাৰ । এই কৰ্তৃত্ব স্থাপনৰ সপোনৰ অন্তৰালত নিহিত হৈ আছে সেই বৃহৎ মহান ইজৰাইল দেশ প্ৰতিষ্ঠা কৰাৰ বাসনা।

বৰ্তমান ১২%ত সংকুচিত হৈ পৰা পেলেস্টাইন দেশখনৰ আশা পূৰ্বৰ সেই সম্পূৰ্ণ পেলেস্টাইন লাভ কৰিব। কিন্তু OIC, অৰ্থাৎ মুছলিম দেশসমূহৰ সংগঠনৰ প্ৰত্যক্ষ সহায়ৰ বাদে পেলেস্টাইনৰ লগত বৰ্তমান আত্মৰক্ষাৰ বাবে সেনাও নাই। পেলেস্টাইনৰ সন্মুখত থকা ইহুদীসকল আনহাতে অৰ্থনৈতিক দিশত পূৰ্বৰে পৰা সচেতন আৰু আত্মৰক্ষাৰ ক্ষেত্ৰত আত্মনির্ভৰশীল।

israel2
TOPSHOT – A Palestinian woman holding her national flag looks at clashes with Israeli forces near the border between the Gaza strip and Israel east of Gaza City AFP PHOTO / MAHMUD HAMS

ভাৰতীয় দৃষ্টিভংগী: ইজৰাইল পেলেস্টাইনৰ সংঘৰ্ষলৈ লক্ষ্য কৰিলে ভাৰতৰ কি পদক্ষেপ হ’ব সেয়া দুই ধৰণে বিশ্লেষণ কৰিব পাৰি। প্ৰথমে যদিহে ভাৰতে ইজৰাইলৰ সমৰ্থন কৰে তেন্তে পোনপ্ৰথমে মুছলিম দেশৰ সংগঠনৰ সৈতে ভাৰতৰ সম্পৰ্কৰ অৱনতি ঘটিব। সেই দেশসমূহৰ সহিতে থকা খনিজ পদাৰ্থৰ সম্পৰ্কই হওঁক অথবা ৰাষ্ট্রসংঘত সেই দেশসমূহৰ সমৰ্থনেই হওঁক, ভাৰতে সেয়া আপোনা আপুনি হেৰুৱাই পেলাব।

তদুপৰি যদিহে ভাৰতে পোনপটীয়াকৈ ইজৰাইলৰ সমৰ্থনত মাত মাতে তেন্তে এইটো ধৰি লোৱা হ’ব যে , দেশসমূহৰ সীমা বিবাদৰ ক্ষেত্ৰত দখলীকৰণ ন্যাৰ্য বুলি ভাৰতে মানি লৈছে। সেই দৃষ্টিৰে চাবলৈ গ’লে POK আৰু আকচাই চীন ভাৰতৰ অংগ হোৱাৰ সলনি ক্ৰমে পাকিস্তান আৰু চীনৰ ভূ ভাগ বুলি মানি ল’ব লাগিব।

অন্যহাতে যদি ভাৰতে পেলেস্টাইনৰ সৈতে সম্পৰ্ক ভাল কৰি তাৰ মানুহখিনিৰ প্ৰতি সমৰ্থন কৰে , তেন্তে ভাৰত এনেকুৱা এখন দেশ ৰূপে পৰিগণিত হ’ব যিয়ে, সংঘৰ্ষক সমৰ্থন কৰে। ভাৰতবৰ্ষই আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভাৰতে সদায় মানৱতাবাদক প্ৰশ্ৰয় দি আহিছে। ইজৰাইলৰ সৈতে ভাৰতৰ সম্পৰ্ক যে বেয়া তেনে কথাও সত্য নহয়। প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপৰ স্থিৰচিত্ৰ প্ৰায়ে সামাজিক মাধ্যমত উপলব্ধ হয়।

তদুপৰি কাৰ্গিল যুদ্ধৰ সময়তেই হওঁক অথবা অন্যান্য প্ৰয়োজনৰ সময়তেই ইজৰাইলে প্রতিবাৰেই আমেৰিকাৰ তুলনাতো অধিক ভাৰতক সহায় কৰিছে কিন্তু ব্যৱসায়ৰ ক্ষেত্ৰত ইজৰাইলৰ সৈতে ভাৰতৰ অন্য দেশৰ তুলনাত সম্পৰ্ক অতি সীমিত। গতিকে এই সমতাৰ ৰক্ষাৰ বাবেও ৰাষ্ট্রসংঘত ভাৰতৰ শেহতীয়া মন্তব্য অতি মন কৰিবলগীয়া। 

israel3
ইজৰাইল আৰু পেলেস্টাইন দেশ দুখন যে সদায় পৰস্পৰে পৰস্পৰৰ চিৰবৈৰী তেনে নহয়

উপসংহাৰ: ইজৰাইল আৰু পেলেস্টাইন দেশ দুখন যে সদায় পৰস্পৰে পৰস্পৰৰ চিৰবৈৰী তেনে নহয়। পোনপ্ৰথমতে দ্বিতীয় মহাসমৰ শেষ হোৱাৰ পাছত ব্ৰিটিছে এখন শান্ত পেলেস্টাইন পৃথিৱীলৈ এৰি যাব পাৰিলেহেঁতেন। কিন্তু তাকে নকৰি সেই ভাৰ দিলে ৰাষ্ট্ৰসংঘক আৰু ভাৰত পাকিস্তানৰ দৰে এই সমস্যা অমীমাংসিত হৈয়ে ৰ’ল। বালফোৰ চুক্তিক লৈ ব্ৰিটিছ মিডিয়াত বৰ্তমান বহু বিতৰ্কিত প্ৰসংগও দেখা গৈছে।  

ইতিমধ্যে বহুবাৰ ইজৰাইলৰ শাসনৰ মুৰব্বীয়ে শান্তি স্থাপনৰ বাবে মন মেলিছে আৰু তাৰ বাবেই নোবেল পুৰস্কাৰো পাইছে। কিন্তু সেইসকল শান্তিকামী নেতাক সেইসমূহ শক্তিয়ে হত্যা কৰিছে যি সমূহ শক্তিয়ে নিজ স্বাৰ্থৰ ৰক্ষাৰ বাবে এই অশান্তিময় কাৰ্যকলাপ চলি থকাটো বিচাৰিছে। তাৰ ভিতৰৰ অন্যতম আমেৰিকা যুক্তৰাষ্ট্ৰ।

পৃথিৱীৰ প্ৰাচীনতম এই গণতন্ত্ৰই নিজৰ কুৎসিত পুঁজিবাদৰ পৰিচয় দাঙি ধৰি এফালে ৰাষ্ট্রসংঘত ইজৰাইলৰ সমৰ্থন কৰিছে কিন্তু আনফালে ইজিপ্তৰ পথেৰে গাজাত থকা হামাছ নামৰ সন্ত্ৰাসবাদী সংগঠনটোক অস্ত্ৰ যোগান ধৰিছে। যদিহে এই সংঘাতৰ অন্ত পৰে তেন্তে মধ্য প্ৰাচ্যৰ এই অঞ্চলটোক কেন্দ্ৰ কৰি চলাই থকা আমেৰিকাৰ যি অস্ত্ৰৰ বজাৰ , সেয়া লোপ পাব।

গতিকে আমেৰিকাৰ দৰে দেশেও নিজৰ স্বাৰ্থৰ বাবেই ইছলামিক সন্ত্ৰাসবাদৰ নামত মধ্য প্ৰাচ্য অশান্ত হৈ থকাটো বিচাৰিছে।

বৰ্তমান এজন ভাৰতীয় হিচাপে নীতিগতভাৱে বা আদৰ্শগতভাৱে কাক সমৰ্থন কৰিম সেয়া এক ডাঙৰ প্ৰশ্ন । ধৰ্মীয় আৱেগত অন্ধ ভাৰতৰ এক শ্ৰেণীৰ মানুহে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত ভাৰতৰ প্ৰতিচ্ছবিৰ বিষয়ে একো জ্ঞাত নোহোৱাকৈ অনেক মন্তব্য কৰে । এই মন্তব্য সমূহৰ জৰিয়তে ভাৰতৰ ছবি বিকৃত হোৱাৰ বাদে আন একো নহয়।

ইহুদীসকলৰ অত্যাচাৰত বিব্ৰত হোৱা সেই নেহৰুৰ পৰা পেলেস্টাইনৰ সমৰ্থন কৰা বাজপেয়ীজীলৈকে ভাৰতৰ বিদেশ নীতিয়ে এক অনন্য মাত্ৰা পাইছে। সেয়েহে এনেসমূহ মন্তব্য দিয়াৰ আগতে এই সমূহৰ অধ্যয়ন কৰি চোৱাটো নিতান্তই প্ৰয়োজন। ভাৰতীয় হিচাপে আমি peaceful coexistence অথবা শান্তিপূৰ্ণ সহবাসত বিশ্বাস ৰাখোঁ। গতিকে ইজৰাইল আৰু পেলেস্টাইনৰ এই দ্বন্দ্ব খৰিয়ালত সাধাৰণ মানুহৰ মানৱ অধিকাৰ ভংগ হোৱাটো আমাৰ কাম্য নহয়।

আমি আশা কৰিম বিশ্বৰ অন্যান্য দেশেও নিজ স্বাৰ্থৰ উৰ্ধত যেন এই বিষয়সমূহ নিষ্পত্তি কৰি ব্যক্তিৰ জীৱন ধাৰণৰ প্ৰাথমিক অধিকাৰক গুৰুত্ব দিয়ে।

*(মনোজ কুমাৰ বৰুৱা, ৮৪৭৩৯৫৮৯৯৮)

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: ইজৰাইলপেলেস্টাইন
MONOJ Kr BORUAH

MONOJ Kr BORUAH

Related Posts

পৃথিৱীৰ অন্যতম আকৰ্ষণীয় অনন্য বটল গছঃ বাওবাব
ASSAMESE SECTION

পৃথিৱীৰ অন্যতম আকৰ্ষণীয় অনন্য বটল গছঃ বাওবাব

by Manas Pratim Dutta
May 11, 2026
0

  পৃথিৱীৰ অন্যতম আকৰ্ষণীয় অনন্য বটল গছঃ বাওবাব মানস প্ৰতিম দত্ত আমাৰ পৃথিৱীখন যে কিমান বিস্ময়কৰ জীৱৰ বাসভূমি সেইকথা ভাবিলে...

Read moreDetails
Tamil Nadu vs Assam: What is the Future of Regional Politics in India?

Tamil Nadu vs Assam: What is the Future of Regional Politics in India?

May 9, 2026
bihu2

ব’হাগ আৰু অসমৰ অৰ্থনীতি

May 8, 2026
India’s Election 2026 Mandate Begins in the East: Assam!

India’s Election 2026 Mandate Begins in the East: Assam!

May 7, 2026
Mamata Banerjee’s Denial Backfires: The Decisive Verdict from West Bengal Voters

Mamata Banerjee’s Denial Backfires: The Decisive Verdict from West Bengal Voters

May 6, 2026
How to avoid a multidimensional crisis: Europe rethinks security in Yerevan

How to avoid a multidimensional crisis: Europe rethinks security in Yerevan

May 6, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Preserving Deepor Beel

দীপৰ বিলৰ নীৰৱ বিননি আৰু উন্নয়নৰ কুঠাৰঘাত : “তহঁতে মোক মাৰি পেলালি”

May 13, 2026
Anti Consumerism and the Fight Against Billionaire Power: Why More People Are Rejecting Capitalism

Anti Consumerism and the Fight Against Billionaire Power: Why More People Are Rejecting Capitalism

May 13, 2026
The Gokyo Mandate 2026: How Indigenous Himalayan Knowledge Is Reshaping Global Climate Policy

CLIMATE CHANGE: What Africa and Global South Should Canvass at COP31 in Türkiye

May 13, 2026
The Restoration Revolution: Why the World Is Quietly Getting Better – and Why You Should Know About It

The Restoration Revolution: Why the World Is Quietly Getting Better – and Why You Should Know About It

May 13, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    32205 shares
    Share 12882 Tweet 8051
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    13908 shares
    Share 5563 Tweet 3477
  • NEHU Shillong Hosts Historic Global Plant Humanities Summit as Scholars from Across the World Reimagine Humanity’s Bond with Nature

    253 shares
    Share 101 Tweet 63
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3708 shares
    Share 1483 Tweet 927
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6518 shares
    Share 2607 Tweet 1630
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    925 shares
    Share 370 Tweet 231
  • Love in the Age of Ghosting and Situationships

    82 shares
    Share 33 Tweet 21
  • Guwahati Flood Crisis: How City Is Sinking Under Decades of Urban Neglect

    77 shares
    Share 31 Tweet 19
  • Assam Crisis : How Melting Glaciers, Rising Seas & Decades of Political Neglect Are Threatening Indigenous Communities

    74 shares
    Share 30 Tweet 19
  • Mind-Blowing Literary Fusion: Reading Jiban Narah’s Soulful Assamese Poems While Devouring Haruki Murakami’s Memoir 

    65 shares
    Share 26 Tweet 16
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d