• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, June 18, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

ইতিহাস প্ৰসিদ্ধ ঘুগুহা দ’ল আৰু মালিনীথান

গৌতম শৰ্মা

by Anjan Sarma
June 18, 2023
in Special Report, World
Reading Time: 4 mins read
0
ইতিহাস প্ৰসিদ্ধ ঘুগুহা দ’ল আৰু মালিনীথান
Share on FacebookShare on TwitterShare on LinkedIn

ইতিহাস প্ৰসিদ্ধ ঘুগুহা দ’ল আৰু মালিনীথান

গৌতম শৰ্মা

Gautam Sarma
গৌতম শৰ্মা

ইতিহাস আৰু পুৰাতত্ব বিদ্যাৰ মাজত আছে এক ঐতিহাসিক ওতঃপ্ৰোত সম্পৰ্ক।

পুৰাতত্বৰ সঠিক অধ্যয়নে আমাক বহু তথ্য ইতিহাস ৰচনাৰ বাবে যোগান ধৰে। কিয়নো কোনো এটা জাতিৰ ঐতিহ্য, সভ্যতা, সংস্কৃতি উত্থান-পতনৰ ইতিহাসত পুৰাতত্ব বিদ্যাৰ সঠিক অধ্যয়নে আমাক বহু নিৰ্ভৰযোগ্য তথ্য দিয়ে।

ঔপনিবেশিক শাসনকালত লৰ্ড কানিংহোমে ভাৰতবৰ্ষৰ ভূমিত এটি পূৰ্ণাংগ পুৰাতত্ব বিভাগ প্ৰতিষ্ঠা কৰাত প্ৰবলভাৱে গুৰুত্ব আৰোপ কৰিছিল। যাৰ ফলশ্ৰুতিত ১৮৬১ চনত কানিংহোমৰ নেতৃত্বতেই ‘ভাৰতৰ পুৰাতত্ব বিভাগ’ প্ৰতিষ্ঠা কৰা হৈছিল।

এক সুকীয়া বিষয় ৰূপে প্ৰতিষ্ঠা হোৱা পিছৰে পৰা এই পুৰাতত্ব বিভাগৰ তত্বাৱধানত দেশৰ বিভিন্ন প্ৰান্তত অৱস্থিত ঐতিহাসিক ঠাইসমূহ পুৰাতত্ব বিভাগৰ অধ্যয়ন আৰু গৱেষণাৰ প্ৰধান কেন্দ্ৰবিন্দু ৰূপে বিবেচিত হয়। এই পুৰাতত্ব বিভাগৰ অভিন্ন অংগ পুৰণি স্থাপত্য-ভাস্কৰ্যসমূহৰ উচিত অধ্যয়নে আমাক বহু তথ্য দিয়ে।

যি নহওক, সৰ্বভাৰতীয় প্ৰেক্ষাপটক একাষৰীয়াকৈ ৰাখি যদি আমাৰ ৰাজ্যখনলৈ চাওঁ তেন্তে দেখা পাওঁ যে পুৰণি অসমত বিশেষকৈ প্ৰাচীন আৰু মধ্যযুগৰ বিভিন্ন সময়ত বিভিন্ন ঠাইত স্থাপন হোৱা কেতবোৰ স্থাপত্য-ভাস্কৰ্যয়ো অসম তথা ভাৰতৰ পুৰাতত্ব বিভাগক যথেষ্ট সমৃদ্ধ কৰি গঢ়িছে।

মধ্যযুগৰ অসমত আহোম ৰজাসকলে নিৰ্মাণ কৰা দ’ল, দেৱালয়, মন্দিৰ, গড়, মৈদাম আদি ঐতিহাসিক সম্পদসমূহে আমাক ইতিহাসৰ সত্য আৰু নিৰ্ভৰযোগ্য তথ্য উদঘাটন কৰাত প্ৰভূত সহায় কৰি আহিছে। কেতবোৰ ঐতিহাসিকৰ মতে, আহোম ৰাজবংশৰ প্ৰথম ৰজা চাওলুং চুকাফাই অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰি চৰাইদেউত দেওশাল মন্দিৰ প্ৰতিষ্ঠা কৰি এক নতুন যুগৰ সূচনা কৰিছিল।

চুকাফাৰ পৰৱৰ্তী ৰজাসকলে হিন্দু ধৰ্ম গ্ৰহণ কৰি মঠ-মন্দিৰ, দ’ল-দেৱালয় আদি ধৰ্মীয় স্থানসমূহ প্ৰতিষ্ঠা কৰি এই ধৰ্মাৱলম্বী লোকসকললৈ পৃষ্ঠপোষকতা আগবঢ়াইছিল। যিবোৰ ধৰ্মীয় স্থান তথা আলয় সম্প্ৰতি ৰাজ্যখনৰ বহুঠাইত সিঁচৰতি হৈ থকাটো আমাৰ দৃষ্টিগোচৰ হৈছে।

ইতিহাস প্ৰসিদ্ধ ঘুগুহা দ’ল আৰু মালিনীথান
মালিনীথান

আহোম ৰজাসকলৰ পৃষ্ঠপোষকতাত প্ৰতিষ্ঠা হোৱা এনে এখনি ঐতিহাসিক স্থান বৰ্তমান ধেমাজি জিলাৰ সদৰপৰা দক্ষিণ-পশ্চিম দিশত ১৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত  ঘুগুহা অঞ্চলত এটি দ’ল ৰূপত দেখিবলৈ পোৱা যায়।

যোৱাটো শতিকাৰ প্ৰথম দশকতে আৱিষ্কৃত হোৱা এই আহোম ৰজাদিনীয়া দ’লটো সম্প্ৰতি বহু ঐতিহাসিক, পণ্ডিত, গৱেষক তথা পুৰাতত্ব বিভাগৰ বাবে গভীৰ অধ্যয়নৰ বিষয় হিচাপে পৰিগণিত হৈছে। যিটো দ’লক আজি আমি সকলোৱে ঘুগুহা দ’ল নামেৰে জানো।

ঐতিহাসিক তথ্যই প্ৰমাণ দিয়ে যে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ সৈতে দক্ষিণ পাৰৰ যোগসূত্ৰ তথা সম্পৰ্ক অতিপ্ৰাচীন। ঐতিহাসিক আৰু প্ৰাগ-ঐতিহাসিক সময়ৰলৈকে আগুৱাই নগৈ মধ্যযুগৰ অসমৰ ইতিহাস অধ্যয়ন কৰিলে আমি পাওঁ যে আহোম ৰাজ চুকাফাই প্ৰথমে আহি স্থায়ী ৰাজধানী পাতিবৰ বাবে বহু ঠাইত বাহৰ পাতিছিল। সেই উদ্দেশ্যেই তেওঁ ব্ৰহ্মপুত্ৰইদি ভটিয়াই হাবুং পাইছিলেগৈ, যিখন ঠাই সম্প্ৰতি এই ঘুগুহা দ’লৰ আশে-পাশেই ধেমাজি জিলাখনতেই অন্তৰ্ভুক্ত। 

কিন্তু প্ৰতিবছৰে হোৱা বানপানীৰ ত্ৰাসত চুকাফাই কিছুদিন হাবুঙত থাকিও এই ঠাই এৰিবলৈ বাধ্য হৈছিল। ইয়াৰ পৰৱৰ্তীকালত আহোম ৰজা চুদাংফা ওৰফে বামুণীকোঁৱৰৰ ৰাজত্বকালত এই হাবুঙৰ গুৰুত্ব আকৌ বৃদ্ধি পায়। কিয়নো তাওখামটি ৰজাৰ পুত্ৰ চুদাংফাই বিধি-বিঘিনীৰ পাকচক্ৰত পৰি হাবুঙীয়া এহাল বামুণৰ ঘৰত ডাঙৰ-দীঘল হ’বলগীয়া হৈছিল।

উল্লেখ্য যে, এই চুদাংফা তথা বামুণীকোঁৱৰৰ ৰাজত্বকালতেই তেওঁৰ পৃষ্ঠপোষকতা এই ঘুগুহা দ’লটো হাবুঙৰ পাৰত প্ৰতিষ্ঠা কৰা হয়। যিটো দ’লক চুদাংফাই তেওঁৰ মাতৃ ঘুগুহীৰ স্মৃতি ৰক্ষাৰ্থে এই ঠাইত নিৰ্মাণ কৰিছিল।

ঘুগুহা দ’লৰ প্ৰতিষ্ঠাৰ ইতিহাস আৰু ইয়াৰ বৈশিষ্ট্য সম্পৰ্কে অধ্যয়ন কৰিলে আমি বহু ঐতিহাসিক তথ্য পাওঁ। মহেশ্বৰ নেওগে ‘পবিত্ৰ অসম’ৰ ৬২ নং পৃষ্ঠাত ইয়াৰ বিগ্ৰহ নাছিল আৰু এই দ’লটোক সম্পূৰ্ণ ইটাৰ নিৰ্মাণ কৰা হৈছিল বুলি মতপ্ৰকাশ কৰি গৈছে। আমি বাহ্যিক দিশত তুলনামূলকভাৱে অধ্যয়ন কৰিলে শিৱসাগৰত থকা শিৱদ’ল, বিষ্ণুদ’ল, দেৱীদ’ল আদি দ’লসমূহৰ সৈতে এই ঘুগুহা দ’লৰ একো বিশেষ পাৰ্থক্য বিচাৰি নাপাওঁ।

ইতিহাস প্ৰসিদ্ধ ঘুগুহা দ’ল আৰু মালিনীথান

ঐতিহাসিক, গৱেষক আৰু স্থানীয় লোকৰ অভিব্যক্তিত এটা কথা স্পষ্টকৈ প্ৰতিপন্ন হৈছে যে আহোম ৰাজ্যৰ পতনৰ কালছোৱাত সংঘটিত হোৱা মোৱামৰীয়া বিদ্ৰোহ, মানৰ আক্ৰমণ আদি কাৰণবশতঃ বৰ্তমান লখিমপুৰ আৰু ধেমাজি জিলাত অন্তৰ্গত ধেমাজি, ঢকুৱাখনা, ঘিলামৰা আদিৰ অঞ্চলসমূহ বহু বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল।

ঠিক এইছোৱা সময়ৰপৰা পুৰণি হাবুং ৰাজ্য আৰু ইয়াৰ ওচৰ-পাজৰৰ ঠাইসমূহৰ গুৰুত্ব লোপ পায়; এককথাত ইয়াত এক মানুহহীন পৰিৱেশ সৃষ্টি হয়। যাৰফলত প্ৰায় ৮০ বছৰো অধিক কাল এই ঘুগুহা দ’লটো জনচক্ষুৰ পৰা অটব্য অৰণ্যৰ বুকুত অদৃশ্য হৈ ৰয়।

ইতিহাস প্ৰসিদ্ধ ঘুগুহা দ’ল আৰু মালিনীথান
মালিনীথান

প্ৰাপ্ত তথ্য অনুসৰি, ১৯০৪-০৫ চনমানত এই দ’লটো পুনৰ অক্ষত অৱস্থাত উদ্ধাৰ হয়। এই উদ্ধাৰ হোৱাৰ মূলতেই আছিল এইছোৱা বিশেষ সময়ত এই ঠাইলৈ হোৱা প্ৰবল জনস্বোত আৰু জনবসতি। ধেমাজিৰ বিশিষ্ট লেখক, চিন্তাবিদ বগেন গগৈয়ে উল্লেখ কৰিছে যে মানৰ আক্ৰমণৰ প্ৰায় ৮০ বছৰৰ পাছত তেতিয়া শিৱসাগৰ, ডিব্ৰুগড়, ঢকুৱাখনা অঞ্চলৰ বহু মানুহ উপযুক্ত খেতি-মাটিৰ সন্ধানত বৰ্তমান পশ্চিম-ধেমাজিৰ ঘুগুহা অঞ্চলত প্ৰৱেশ কৰেহি।

তেওঁলোকে ঘুগুহা দ’লৰ আশে-পাশে ঘিলামৰা, খলিহামাৰী, নৰোৱাথান, পোৱাশইকীয়া, বুঢ়াভকত, কলাকটা, কাৱৈমাৰী আদি অঞ্চলবিলাকত মাটি-ভাঙি খেতি-মাটি মোকোলাওঁতে শিৱসাগৰৰ শিৱদ’ল, ৰংঘৰ, তলাতল ঘৰৰ ইটাৰ দৰে চেপেটা ইটা দেখিবলৈ পায়। এনেকৈ হাবি ভাঙি মাটি মোকলাই যাওঁতে হাবিৰ মাজত দ’লটো স্পষ্টকৈ ওলাই পৰে। দ’লটোত খোদিত কোনো এক ইটাৰ মাজত ‘ঘুগুহা’ নামটো আৱিষ্কৃত হয় আৰু তেতিয়াৰ পৰা এই দ’লৰ নামৰ লগতে ঠাইখনৰ নামো ঘুগুহা হয়।

জনবসতিহীন অটব্য অৰণ্যৰ মাজৰপৰা এনেকৈ উদ্ধাৰ হোৱাৰ ঠিক পিছতেই ঘুগুহা দ’লৰ উপযুক্ত সংৰক্ষণ, সুৰক্ষাৰ হেতু স্থানীয় ৰাইজৰ লগতে ইতিহাসপ্ৰেমীসকলে সজোৰে বহু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। যিসকলৰ প্ৰচেষ্টাত আজি এই দ’লটোৱে বহু ইতিহাসপ্ৰেমীৰ লগতে পৰ্যটকসকলকো আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

ঘুগুহা দ’লৰ সংৰক্ষণৰ আৰু ইয়াৰ ঐতিহাসিক গুৰুত্বক প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত এই দ’লৰ দাঁতিকাষৰীয়া ৰাইজৰ লগতে ধেমাজিৰ সু-সন্তানসকলে যিখিনি মূল্যৱান ভূমিকা পালন কৰিছে সেয়া সঁচাই বহু প্ৰশংসনীয়।

সম্প্ৰতি এই দ’লটোক কেন্দ্ৰ কৰি ইয়াৰ চৌপাশে গঢ়ি উঠা পশ্চিম ধেমাজি হাইস্কুল, পশ্চিম ধেমাজি ছোৱালী হাইস্কুল, পশ্চিম ধেমাজি কলেজ, ঘুগুহা গাঁও পঞ্চায়ত আদি সামাজিক অনুষ্ঠানসমূহে অঞ্চলবাসীলৈ বহু প্ৰত্যাশা কঢ়িয়াই আনিছে। বৰ্তমান পুৰাতত্ব বিভাগে যদিও ঘুগুহা দ’লক সজাই-পৰাই আটকধুনীয়া ৰূপত পৰিৱেশন কৰিছে তথাপি বহু সমস্যাই কেতবোৰ উজ্জ্বল সম্ভাৱনাক অদ্যাপী লুকুৱাই ৰাখিছে।

এই ইতিহাসপ্ৰসিদ্ধ দ’লটোৱে ঐতিহাসিক, গৱেষকসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ’লেও ইয়াক লৈ আৰু বহু উচ্চ অধ্যয়ন আৰু গবেষণা কৰাৰ থল আছে। বাট-পথৰ উন্নতি সাধন কৰি অত্যাধুনিক সা-সুবিধাৰে ঘুগুহা দ’লক যথোচিত মূল্য দি ইয়াক ধেমাজি জিলাখনৰ পৰ্যটনৰ অন্যতম কেন্দ্ৰবিন্দু হিচাপেও যদি গঢ়ি তুলিব পৰা যায় তেন্তে অদূৰ ভৱিষ্যতে এই ঘুগুহা দ’লক লৈ সম্ভাৱনাৰ নব্য এক দুৱাৰ মুকলি হ’ব।

অন্যহাতেদি, মালিনীথান হৈছে বৰ্তমান অৰুণাচল প্ৰদেশৰ চিয়াং জিলাৰ অন্তৰ্গত দক্ষিণ সীমান্তত অসম-অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চল লিকাবালিৰ (কোনো কোনোৰ মতে লেখাবালি) অলপ নাতিদূৰত অৱস্থিত উত্তৰ-পূৱ ভাৰতৰ দ্বিতীয় বৃহৎ শক্তিপীঠ ৰূপে খ্যাত হিন্দুধৰ্মৰ এটি পবিত্ৰ ধৰ্মীয় স্থান। প্ৰকৃতপক্ষে মালিনীথান হৈছে এটি মন্দিৰৰ ধ্বংসাৱশেষ থকা এখনি সৰু ঠাই। ধেমাজি জিলাৰ অতিকৈ ব্যস্ত চহৰ চিলাপথাৰৰ পৰা ইয়ালৈ দূৰত্ব মাথোঁ আঠ কিলোমিটাৰমান হ’ব।

ধৰ্মীয় দৃষ্টিকোণৰ পৰা চালে মালিনীথান নামটোৰ উৎপত্তিৰ অন্তৰালত কেইবাটাও আখ্যান জড়িত হৈ আছে। এক আখ্যানমতে দ্বাৰকাৰ শ্ৰীকৃষ্ণই বিদৰ্ভৰাজ ভীষ্মকৰ জীয়াৰী ৰুক্মিণীক হৰণ কৰি নিওতে এই স্থানতে জিৰণি লৈছিল আৰু সেই স্থানতে মহাদেৱ শিৱই আৰু পাৰ্বতীয়ে তেওঁলোকক আদৰণি জনাইছিল।

পাৰ্বতীৰ আতিথ্যতাত বিমুগ্ধ হৈ কৃষ্ণই  তেওঁক মালিনী অৰ্থাৎ ফুলৰ গৰাকী হিচাপে বিভূষিত কৰিছিল আৰু পৰৱৰ্তী সময়ত এই নাম অনুসৰিয়ে ঠাইখনক মালিনীথান হিচাপে জনা গৈছিল। দ্বিতীয় এক আখ্যানমতে, এসময়ত এই অঞ্চলটোত নানান ফুলেৰে এখন উপবন আছিল আৰু তাত কেইগৰাকীমান মালিনী আছিল।

ইতিহাস প্ৰসিদ্ধ ঘুগুহা দ’ল আৰু মালিনীথান

ইয়াৰে এগৰাকী মালিনী মহাদেৱ শিৱৰ প্ৰেমত পৰা কথা পাৰ্বতীয়ে জানিব পাৰি মালিনীক অভিশাপ দিয়ে। পাৰ্বতীৰ শাপত মালিনীয়ে এই ঠাইতে মস্তক হেৰুৱাইছিল আৰু তাৰ পাছৰে পৰা এই ঠাইখন মালিনীথান ৰূপে পৰিচিত হ’ল।

মালিনীথান সম্পৰ্কে অন্য এক আখ্যান ড৹ মহেশ্বৰ নেওগৰ “পবিত্র অসম” ত পোৱা যায়। তেখেতেৰ বৰ্ণনামতে, এই থানখন কালিকা পুৰাণৰ অষ্টাদশ অধ্যায়ত থকা কামৰূপৰ পূব অঞ্চলত থকা পীঠস্থানখনেই হয়। শিৱই সতীৰ মৃতদেহ কান্ধত লৈ ভাগৰি পৰোতে বিষ্ণুৱে সুদৰ্শন চক্ৰৰ সহায়ত সতীৰ দেহটো ৫১ টা খণ্ডত বিভক্ত কৰিছিল আৰু ইয়াতে সতীৰ মস্তক পতিত হোৱা হেতু এই শক্তিপীঠ খন স্থাপন হৈছিল।

        অন্যহাতেদি, ইতিহাসৰ পৃষ্ঠা মেলি চালে আমি বুজিব পাৰোঁ যে ইয়াত একালত কেইটিমান মন্দিৰ আছিল নতুবা একেটি মন্দিৰতে দুৰ্গা, শিৱ, গণেশ আৰু সম্ভৱত লক্ষ্মী-সৰস্বতীৰো উপাসনা কৰা হৈছিল। কালক্ৰমত হয়তো কিবা প্ৰাকৃতিক দুৰ্যোগৰ কৱলত পৰি পুৰণি মন্দিৰটো ধ্বংসস্তূপত পৰিণত হ’ল আৰু ইয়াৰ মূৰ্তি, বিগ্ৰহ আদিবোৰ মাটিত পোত গ’ল।

বুৰঞ্জীবিদ ড° লীলা গগৈয়ে মতপোষণ কৰিছে – “অনেক দিন এইদৰে থকাৰ পাছত এই শতিকাৰ তৃতীয় দশকত ডব্লিউ-এইছ-কালভাৰ্ট নামেৰে পাছিঘাটৰ সহকাৰী পলিটিকেল অফিচাৰ এজনে মালিনীথান পৰিদৰ্শন কৰে আৰু উক্ত ঠাইত থকা সন্যাসী এজনক তাৰ পৰা খেদি পঠায়। সেই সময়লৈকে উক্ত ঠাইত ভালেমান দেৱ-দেৱীৰ মূৰ্তি অক্ষত অৱস্থাত আছিল….

…. কিন্তু আগতে উল্লেখ কৰা সন্যাসীজনে কিছুমান মূৰ্তি ভাঙি পেলাই সম্ভৱতঃ তেওঁৰ নিজৰ বিশ্বাসসন্মত কোনোবা দেৱতাক প্ৰতিষ্ঠা কৰিব খুজিছিল। তাৰ পিছত বছৰচেৰেক নীৰৱতাৰ মাজেদি পাৰ হৈ যায়। ভাৰতবৰ্ষ স্বাধীনতা পোৱাৰ পিছত পুনৰ দুজনমান চৰকাৰী বিষয়াই মালিনী থান পৰিদৰ্শন কৰি যোনী-পীঠৰপৰা বিচ্ছিন্ন হৈ থকা এটা শিৱলিঙ্গ, তিনিডোখৰ হৈ ভাগি থকা দুৰ্গাৰ দশভূজা মূৰ্তি, গণেশৰ মূৰ্তি আদিৰ উপৰিও কিছুমান ভগা-ছিগা মূৰ্তি দেখিবলৈ পায়। ১৯৬৮-৬৯ চনত অৰুণাচল চৰকাৰৰ বিভাগীয় কৰ্ত্তৃপক্ষই ঠাইডোখৰ পৰিষ্কাৰ কৰি প্ৰয়োজনীয় খনন কাৰ্য্য চলায় আৰু কিছুমান ঐতিহাসিক দিশৰপৰা গুৰুত্বপূৰ্ণ বস্তু উদ্ধাৰ কৰে।”

এই উদ্ধাৰ হোৱা মূৰ্তি আৰু বিগ্ৰহসমূহ পুনৰ সংস্থাপনৰ যোগেদিয়েই বৰ্তমানৰ থানখনৰ অস্তিত্ব তথা স্থাপনৰ কাৰ্য সমাপন হৈছিল। সেইদিন ধৰি মালিনীথানখন অজস্ৰ ভক্তপ্ৰাণ ৰাইজৰ উপাসনাথলী হিচাপে পৰিগণিত হৈ আহিছে।  ঐতিহাসিক দৃষ্টিকোণৰপৰা মালিনীথানত খনন কাৰ্যত উদ্ধাৰ হোৱা সামগ্ৰীসমূহলৈ চাই এইসমূহ কোনো সুনিপুন ভাস্কৰ্যশিল্পীৰ হাতৰ পৰশত প্ৰাণপোৱা যেন অনুভৱ হয়।

ঐতিহাসিকসকলৰ দৃষ্টিত এই ঠাইত নিৰ্মিত স্থাপত্যবোৰ প্ৰাক-আহোম যুগৰ স্থাপত্য শিল্পৰ উজ্জ্বল নিদৰ্শন। য’ত তেওঁলোকে প্ৰাচীন কামৰূপৰ বৰ্মণ বংশীয় ৰজাসকলৰ চিল-মোহৰৰ সৈতে থকা সাদৃশ্যতা দেখা পাইছে। এই দিশৰ পৰা মালিনীথানখন ভাৰতবৰ্ষৰ ইতিহাসৰ সোণালী যুগৰ দাবীদাৰ গুপ্তসকলৰ প্ৰভাৱৰ ফলত উদ্ভৱ হোৱা স্থাপত্যকলাৰেই নিদৰ্শন বুলি ক’ব পৰা যায়।

         উল্লেখযোগ্য যে, খ্ৰীষ্টিয় অষ্টমৰ পৰা দশম শতিকাৰ মাজভাগত অসমলৈ হোৱা আৰ্য তথা হিন্দুধৰ্মীয় সোঁতৰ প্ৰভাৱত প্ৰাচীন অসমৰ বৌদ্ধ আৰু বৈষ্ণৱ ধৰ্মৰ প্ৰভুত্বক আঁতৰাই শাক্তধৰ্মই নিজৰ স্থিতি সবল কৰি তুলিছিল। এই বিশেষ সময়ছোৱাতেই শাক্ত ধৰ্মৰ বহুবোৰ ধৰ্মীয়পীঠ বা স্থান গঢ় লৈ উঠিছিল। প্ৰাক-শংকৰী যুগত শাক্ত ধৰ্মৰ প্ৰভাৱৰ কথা আমি বৈষ্ণৱ সাহিত্যবোৰৰ পৰাই জানিব পৰোঁ। এই সময়ছোৱাত শদিয়াত তামেশ্বৰীৰ উত্থান ঘটিছিল। আৰু শদিয়া সেইসময়ত চুতীয়াসকলৰ শাসনৰ মুখ্য কেন্দ্ৰভূমি আছিল।

ইতিহাস প্ৰসিদ্ধ ঘুগুহা দ’ল আৰু মালিনীথান

এই দিশৰ পৰা চুতীয়াসকল যে শাক্ত গোসাঁনী তামেশ্বৰী-কেঁচাইখাতিৰ অনুগামী আছিল তাত কাৰো দ্বীমত নাই। অন্যহাতেদি মালিনীথানত উদযাপিত বাসন্তী দুৰ্গাপূজাৰ পৰা অনুমান কৰিব পাৰি যে শাক্ত পূজাথলী তামেশ্বৰীৰ লগত মালিনীথানৰ ওচৰ সম্পৰ্ক আছে আৰু সেয়ে হেতু মালিনীথানখনো কোনোবা চুতীয়া ৰজাৰ দ্বাৰাই নিৰ্মিত শাক্তধৰ্মৰে এটি শক্তিশালী স্থান আছিল।       

  ইতিমধ্যে বহু পণ্ডিত আৰু গৱেষকে মালিনীথানৰ ঐতিহ্য আৰু পৰিচয়ৰ ওপৰত অধ্যয়ন কৰি বহুবোৰ তথ্য উদ্ধাৰ কৰিছে। পুৰতাত্বিক বিভাগেও এই ঠাইখনৰ ওপৰত বহুখিনি কাম হাতত লৈছে। মালিনীথান খনৰ ওপৰত এতিয়ালৈকে যিমানখিনি অধ্যয়ন আৰু গৱেষণা হৈছে সেই অনুপাতে ইয়াৰ সংৰক্ষণ, সুৰক্ষা তথা উন্নতি হোৱা নাই। অসুচল বাট-পথ, থানখনলৈ যাবলৈ যানবাহনহীন অৱস্থা, উচিত প্ৰচাৰবিমুখীতাই এতিয়াও এই ধৰ্মীয় স্থানখনিক আমাৰপৰা বহু নিলগাই ৰাখিছে।

অসমৰ লগতে সমগ্ৰ ভাৰতবাসীক আকৰ্ষণ কৰিব পৰা যথেষ্টখিনি থল থকা হিন্দু ধৰ্মৰ এই পুৰণি তীৰ্থস্থানখনলৈ যাব পৰাকৈ পথটো একেবাৰে সুচল নহয়। মালিনীথান চাবলৈ যোৱা লোকসকলে ধেমাজি জিলাৰ চিলাপথাৰত উপস্থিত হৈহে প্ৰকৃত সমস্যাৰ সন্মুখীন হয়। কিয়নো চিলাপথাৰৰ পৰা লিকাবালিলৈ যাবলৈ যানবাহন পোৱা যায় যদিও সেইসমূহ লিকাবালিৰ পৰা আৰু আগুৱাই নাযায়।

গ’লেও তেওঁলোকে অতিৰিক্তকৈ বহুখিনি ভাড়া বিচাৰে। যিখিনি আমাৰ সৰ্বসাধাৰণ ৰাইজে ব্যয় কৰিব পৰা সমৰ্থতাৰ ভিতৰত নাথাকে। খোজেৰে যাবলৈও প্রায় ডেৰ-দুই কিলোমিটাৰমান পাহাৰীয়া পথ অতিকৈ বিপদশংকুলেৰে ভৰা। ব্যক্তিগতভাৱে কোনোবাই যানবাহন নিবলৈও পথছোৱাৰ দুৰৱস্থাই বহুতকে অসুবিধাত পেলাই।

কিন্তু সুখৰ খবৰ যে, ইমানবোৰ প্ৰতিকূলতাক প্ৰত্যাহ্বান জনাই প্ৰতিদিনেই বহুলোক মালিনীথানত গৈ উপস্থিত হয়গৈ। যদি আমি এই বাধাসমূহ একেবাৰে নাইকিয়া কৰিব পাৰোঁ তেন্তে অদূৰ ভৱিষ্যতে মালিনীথানখনিক লৈ বহুবোৰ সম্ভাৱনাই নকৈ গজি উঠিব।

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: ইতিহাসপ্ৰসিদ্ধ ঘুগুহা দ’ল আৰু মালিনীথান
Anjan Sarma

Anjan Sarma

Related Posts

The Modern Odyssey: Cape Verde’s ‘Ulysses Spirit’ Rewrites World Cup History Against 2010 Champions
World

The Modern Odyssey: Cape Verde’s ‘Ulysses Spirit’ Rewrites World Cup History Against 2010 Champions

by Paddaja Roy
June 17, 2026
0

The Modern Odyssey: Cape Verde’s ‘Ulysses Spirit’ Rewrites World Cup History Against 2010 Champions Cape Verde: To strive, to seek,...

Read moreDetails
Geography and Geopolitics: How Location, Resources, Climate, and Trade Routes Shape Global Power

Geography and Geopolitics: How Location, Resources, Climate, and Trade Routes Shape Global Power

June 16, 2026
Indigenous people and their web of apathies

Indigenous people and their web of apathies

June 16, 2026
Who Really Controls the World? Legacy Wealth vs. Big Tech

Who Really Controls the World? Legacy Wealth vs. Big Tech

June 12, 2026
ক্ৰম’জমৰ খেল : ‘ডাউন চিণ্ড্ৰোম’

ক্ৰম’জমৰ খেল : ‘ডাউন চিণ্ড্ৰোম’

June 11, 2026
Millets: Rediscovering the Super Food!

Millets: Rediscovering the Super Food!

June 9, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
The Modern Odyssey: Cape Verde’s ‘Ulysses Spirit’ Rewrites World Cup History Against 2010 Champions

The Modern Odyssey: Cape Verde’s ‘Ulysses Spirit’ Rewrites World Cup History Against 2010 Champions

June 17, 2026
Childhood under Siege

Childhood under Siege

June 16, 2026
Indigenous Agrobiodiversity: A Climate Survival Opinion

Indigenous Agrobiodiversity: A Climate Survival Opinion

June 16, 2026
Geography and Geopolitics: How Location, Resources, Climate, and Trade Routes Shape Global Power

Geography and Geopolitics: How Location, Resources, Climate, and Trade Routes Shape Global Power

June 16, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    35069 shares
    Share 14027 Tweet 8767
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    15657 shares
    Share 6263 Tweet 3914
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    969 shares
    Share 388 Tweet 242
  • বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

    669 shares
    Share 268 Tweet 167
  • CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

    322 shares
    Share 129 Tweet 81
  • পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব 

    3523 shares
    Share 1409 Tweet 881
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    1065 shares
    Share 426 Tweet 266
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3847 shares
    Share 1539 Tweet 962
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6652 shares
    Share 2661 Tweet 1663
  • মাধৱদেৱৰ সাহিত্যকৃতি

    712 shares
    Share 285 Tweet 178
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d