ইতিহাসপ্ৰসিদ্ধ ঢকুৱাখনাৰ ফাটবিহু
গৌতম শৰ্মা
বাৰেৰহনীয়া কৃষ্টি, সংস্কৃতি আৰু সমন্বয়ৰ বৰঘৰ ঢকুৱাখনাৰ ঐতিহ্যক বৰ্তমানেও উজ্বলাই ৰখোৱাৰ এক উৎকৃষ্ট চিৰপৰিচিত উৎসৱ হৈছে ফাটবিহু।
লখিমপুৰ জিলাৰ একমাত্ৰ মহকুমা ঢকুৱাখনা টাউনৰ নিচেই কাষেদি বৈ যোৱা চাৰিকড়ীয়া নৈৰ পাৰতে ম’হঘুলি চাপৰিত আহোম ৰজাসকলৰ ৰাজত্বৰ দিনৰেপৰা এই উৎসৱটিক উদযাপন কৰি অহা হৈছে বুলি পণ্ডিতসকলে ক’ব খোজে।
ঢকুৱাখনাত বাস কৰা সকলো জাতি-জনগোষ্ঠীয়ে একেলগে মিলি প্ৰতিবছৰে আয়োজন কৰি অহা এই ফাটবিহুৱেই হৈছে ঢকুৱাখনাবাসীৰ এক নিজস্ব পৰিচয়; যাৰ ফলশ্ৰুতিত ঢকুৱাখনা আজি বিশ্ববিদিত।
এই ফাটবিহুৰ সুকীয়া পৰিচয় সম্পৰ্কে ফাটবিহুৰ ১৯৯৯ চনৰ মুখপত্ৰ “বিহুৱান“ৰ সম্পাদক অমিয় কুমাৰ সন্দিকৈৰ ভাষাৰেই আমিও ক’ব খুজিছোঁ, “ফাটবিহু ঢকুৱাখনীয়া ৰাইজৰ জীৱন স্পন্দন, আৱেগৰ প্ৰৱাহ। ফাটবিহু মহা আনন্দৰ বিমল উৎসৱ, সকলো হেঙাৰ ভাঙি এক জাতি, এক প্ৰাণ হোৱাৰ উৎসৱ । ফাটবিহু ঢকুৱাখনীয়া ৰাইজৰ প্ৰাণ-প্ৰাচুৰ্য, দিয়া-লোৱাৰ মাজেৰে এক হৈ হাঁহিব পৰা হৃদয় বৈভৱৰ উমাল চিনাকি পোৱাৰ উৎসৱ। আনুষ্ঠানিক ফাটবিহুৱে অতীতৰ বহু ৰং ৰূপ-ৰস হেৰুৱালেও বছৰেকত কেইদিনমান বা কেইটিমান সুগন্ধি, সুৱদি ক্ষণ প্ৰাণে-প্ৰাণে মিলি যোৱাৰ সুযোগ দিয়ে। এই সুযোগে আনে বছৰটোলৈ শান্তিৰ অমিয়া। বহু দুখ, আলৈ-আহুকাল, জঞ্জালৰ মাজতো খন্তেকলৈ হ’লেও ফাটবিহুৰ প্ৰাণ-চাঞ্চল্যৰ সৈতে একাকাৰ হৈ মিলি যাবলৈ সমষ্টিপ্ৰেমী, সংস্কৃতিপ্ৰেমী ৰাইজ আহে।”
ফাটবিহুৰ ঐতিহ্য সম্পৰ্কে বহু প্ৰবাদ আৰু কাহিনী জনমানসত প্ৰচলিত হৈ আছে, যিবোৰ প্ৰবাদ তথা কাহিনী আজি ঢকুৱাখনাবাসীৰ মুখে-মুখে শুনিবলৈ পোৱা যায়। ইয়াৰে প্ৰথমটো কাহিনী মতে, মধ্যযুগত অৰ্থাৎ আহোম ৰজাসকলৰ ৰাজত্বকালতে চাৰিকড়ীয়া নৈৰ পাৰত অনুষ্ঠিত হোৱা বিহু চাবলৈ বহু দূৰৰপৰা দৰ্শকসকল আহিছিল, তাত গৈ সমবেত হোৱা হাজাৰ হাজাৰ ৰাইজৰ ভৰত বিহুতলী ফাট মেলিছিল; আৰু তেতিয়াৰে পৰাই ঢকুৱাখনাৰ এই বিহুক ফাটবিহু বুলি কোৱা হৈছিল।
আকৌ অন্য একাংশ ৰাইজৰ মতে, ঢকুৱাখনাত বিহু চলি থাকোঁতে আগতে ঢোল ফাটিছিল, নাচোতে নাচনীৰ ৰিহা-মেখেলা ফাটিছিল, ঢুলীয়াই নাচনীক পলুৱাই নিওঁতে নাচনীৰ আঁচল ফাটিছিল আৰু বিহু নাম গাওঁতে মাত ফাটিছিল। সেই গতিকে ইয়াত উদযাপিত বিহুক ফাটবিহু বুলি জনা গৈছিল।
প্ৰচলিত অন্য এক প্ৰবাদ অনুসৰি, সমাজৰ উচ্চ বৰ্ণৰ লোকসকলৰ সৈতে মতানৈক্য হৈ কেতবোৰ লোকে এই বিহু পতা বাবে ইয়াক ফাটবিহু বোলা হৈছিল।
চতুৰ্থটি মত অনুসৰি, ইংৰাজ চাহাব স্ফাটগ্ৰীণ ঢকুৱাখনালৈ আহোঁতে বিহুৰে আদৰণি জনোৱা হৈছিল, সেয়েহে তেওঁ নাম অনুসৰি প্ৰথমে স্ফাট আৰু তাৰপিছত ফাট লৈ ৰূপান্তৰ হৈ তাৰপৰাই ফাটবিহু শব্দৰ উৎপত্তি হয়।
অন্য এক কাহিনী মতে, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ বিহু দল এটি আহোম ৰজাৰ দিনতেই ৰংঘৰৰ বাকৰিত বিহু প্ৰদৰ্শনৰ বাবে গৈছিল, অনাহকত তেওঁলোকক বিহু প্ৰদৰ্শনত কোনোবাই বাধা দিয়াত তেওঁলোকে ফালৰি কাটি আহি উত্তৰ পাৰত বেলেগকৈ মুকলি আৰু ডাঙৰকৈ বিহু পাতিবলৈ লৈছিল। সেই বিহুকেই কালক্ৰমত ফাটবিহু হিচাপে জনা গৈছিল।
প্ৰবাদ মতে, ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈৰ পাৰত আহোম ৰাজত্বৰ দিনত এটা ফাট বা ঘাট আছিল, যিটো ঘাটক পানীফাট বোলা হৈছিল। এই পানীফাটত আহোম ৰজাৰ বিষয়াই কৰ-কাটল তথা ৰাজহ তুলিছিল। চাৰিকড়ীয়াৰ পাৰৰ এই পানীফাটতেই ৰাইজে একগোট হৈ ব’হাগ মাহৰ সপ্তম দিনা বিহু পাতিছিল। ফাটত অনুষ্ঠিত হোৱা বাবে এই বিহুক ফাটবিহু বুলি জনা গৈছিল বুলিও কোৱা হয় ।
আকৌ অনেকৰ মতে, ব’হাগত সাতদিন ধৰি চলা ৰাতিবিহু চাবলৈ বহু দূৰৰপৰা বিহুবলিয়া ডেকা-গাভৰুবোৰ পলাই আহি ম’হঘুলি চাপৰিত লগ লাগিছিল। ঢুলীয়াৰ ঢোলৰ ছেৱত নাচনীৰ কঁকাল ভাগিছি। ঢোল বাই-বাই ঢুলীয়া ভাগৰি পৰিলে নাচনী জিকিছিল আৰু নাচি-নাচি নাচনী ভাগৰি পৰিলে ঢুলীয়া জিকিছিল। ঢুলীয়া আৰু নাচনীৰ কাৰ্যক্ষমতা তুলনা কৰিবলৈ এটা দলৰ নাচনী আনটো দললৈ গৈছিল; আৰু এইদৰে এটা দলে আনটো দলৰ সমকক্ষ হ’বলৈ ফালৰি কাটি আহি বিহু মৰা বাবে এই বিহুক ফাটবিহু হিচাপে জনা গৈছিল।
কেতবোৰ লোকৰ মতে, ম’হঘুলি চাপৰিত বিহুত ডেকা-গাভৰুৰ মনত প্ৰেমৰ নৈ বয়, মনে মিলিলে কেতিয়াবা ডেকা-গাভৰু যুটিয়ে বিহুতলীৰ পৰাই পলাই ফাট মাৰে অৰ্থাৎ গুচি যায়। বিহুতলীৰ পৰা ব্যাপক মাত্ৰাত এনেকৈ ডেকা-গাভৰুসকল পলাই যোৱা বা ফাট মৰা বাবে এই বিহুক ফাটবিহু বুলি জনা যায়।
প্ৰচলিত অন্য এক প্ৰবাদ অনুসৰি, এবাৰ খুব খৰাং হৈছিল। ফলত এই অঞ্চলৰ মাটি ফাট মেলিছিল। খৰাঙৰ পৰা ৰক্ষা পাবলৈ নিৰাময় উৎসৱ পতা হৈছিল। এই উৎসৱৰ পাছতেই মাটি ফাট মেলা বন্ধ হয়। খৰাঙৰ বতৰত মাটি ফাট মেলা সময়ৰ পৰাই প্ৰতিবছৰে ইয়াত বিহু উদযাপন কৰা হৈ আহিছে। যাৰ পৰিপ্ৰেক্ষিতত এই বিহুটো ফাটবিহু নামেৰে জনাজাত হৈছে।
ৰাইজৰ মাজত আজিকোপতি বিপুলভাৱে জনপ্রিয় আৰু প্ৰচলিত উপৰোক্ত কাহিনী তথা প্ৰবাদসমূহে প্ৰমাণ কৰে যে, ইতিহাসপ্ৰসিদ্ধ ঢকুৱাখনাৰ ফাটবিহুৰ উৎপত্তিৰ অন্তৰালত কোনো বিশেষ ধৰাবন্ধা কাৰক আজিকোপতি উদ্ধাৰ হোৱা নাই। উল্লেখিত কাহিনীবোৰক পৰ্যবেক্ষণ কৰি পণ্ডিতসকলে আজি ফাটবিহুৰ আদি ইতিহাস তথা আচল সম্পৰ্কে দাঙি ধৰা বক্তব্যসমূহতো বহু মতৰ অমিল দেখিবলৈ পোৱা গৈছে। তৎস্বত্বেও, ঐতিহ্য আৰু সমন্বয় বহনকাৰী এই ফাটবিহু আজি বিশ্ববন্দিত ৰূপত পৰিস্ফুট; ইয়াৰ মূলতেই আছে ইয়াক পালনৰ বিশেষত্বসমূহ।
“ফাটবিহুৰ ইতিহাস আৰু ঐতিহ্য” শীৰ্ষক গ্ৰন্থৰ প্ৰণেতা ইছমাইল হুছেইন ডাঙৰীয়াই গ্ৰন্থখনৰ দ্বিতীয় সংস্কৰণৰ ২৯ নং পৃষ্ঠাত ফাটবিহুক ব’হাগৰে এটা ঠাল বুলি উল্লেখ কৰিছে। লেখক, পণ্ডিত ঢকুৱাখনাৰ সু-সন্তান প্ৰয়াত ড° চন্দ্ৰধৰ চমুৱাই ফাটবিহু সম্পৰ্কীয় এখন আলেখ্য প্ৰকাশ কৰি ফাটবিহুৰ সম্পৰ্কত কৈছে যে, “লুইতপৰীয়া মিছিং ডেকা গাভৰুসকলে ৰং বিৰঙৰ পোচাকেৰে ফাটবিহুলৈ ভাগি-ভুঁহৰি আহি দিনৰ ভাগত বাটৰ কাষত কিম্বা বৰচাপৰি ম’হঘুলি চাপৰিৰ গছৰ তলত এই বিহু কৰিছিল।
পশ্চিমীয়া, বিশেষকৈ বঙ্গীয় সংস্কৃতিৰ প্ৰভাৱত আঢ্যৱন্ত বা সম্ভ্ৰান্ত পৰিয়ালৰ জ্যেষ্ঠ লোকে বিহুৰ নৃত্য-গীতক অৱজ্ঞাৰ চকুৰে চাইছিল। সেয়েহে ৰাতি বিহুলৈ ডেকা গাভৰু ওলাই যোৱাটোক বিহু জুপিবলৈ যোৱা বুলি কোৱা হৈছিল। পিছে অনুন্নত সম্প্ৰদায়ৰ ডেকা-গাভৰুৰ মাজত আছিল বিহুৰ প্ৰকৃত প্ৰাণ-প্ৰাচুৰ্য আৰু ঢকুৱাখনাৰ ফাটবিহুৰ প্ৰাণকেন্দ্ৰই আছিল কৈৱৰ্ত্ত আৰু মিচিং সম্প্ৰদায়ৰ লোক।”
অন্যহাতেদি, ঢকুৱাখনাৰ অন্য এগৰাকী সু-সাহিত্যক তথা সাংবাদিক হোমেন বৰগোহাঞিয়ে এই সম্পৰ্কত লিখিছে যে, “ফাটবিহু ঢকুৱাখনাৰ এটা নিজস্ব উৎসৱ। ঢকুৱাখনাৰ চাৰিওফালে অসংখ্য মিছিং গাওঁ আছে। প্ৰতিবছৰে ব’হাগ বিহুৰ সময়ত বিহু বলীয়া মিছিং ডেকা গাভৰুৱে দল বান্ধি ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈৰ পাৰত বিহু মাৰিবলৈ আহে।
এই বিহু চাবলৈ গাঁও-ভুঁই ভাঁহি-ভুহৰি আহি হাজাৰ-হাজাৰ মানুহ ঢকুৱাখনাত জমা হয়। ঠাইখন লোকে লোকাৰণ্য হয়। সাতদিন সাতৰাতি এই বিহু চলে। কেৱল যে মিছিং সকলেই এই বিহু উৎসৱত অংশ লয় এনে নহয়, ঢকুৱাখনাৰ আহোম, চুতীয়া, কৈৱৰ্ত আদি সকলো সম্প্ৰদায়ৰ মানুহেই আনন্দৰ এই বিহুৰ বলিয়া বানত নিজক উটুৱাই দিয়ে।”
ঢকুৱাখনাৰ অন্য এজন শিক্ষক ইণ্ডিবৰ বুঢ়াগোহাঁয়ে ১৯৮৫ চনতেই ‘প্ৰান্তিক’ আলোচনীত লিখিছিল, “ব’হাগ মাহৰ তিনিদিনৰ পাছত অঞ্চলটোৰ ডেকা-গাভৰুবোৰে চাৰিকড়ীয়া নৈৰ পাৰৰ চাপৰিলৈ দৌৰ দিছিল। কঁহুৱা-বিৰিণা বনৰ আঁৰে-আঁৰে, জৰী আঁহতৰ তলে-তলে জুম বান্ধি দল-দল হৈ সিহঁতে বিহু জুৰিছিল। এই বিহু একেলেথাৰিয়ে পোন্ধৰ দিনলৈকে হৈছিল। ইয়াত জাতি, বৰ্ণ, সম্প্ৰদায়ৰ কোনো বাছ-বিচাৰ নাছিল। দূৰ দূৰণিৰ পৰা আহি জনজাতীয় লোকসকলেও ফাটবিহুত যোগ দিছিল। আমাৰ দেউতাহঁতৰ দিনতো ফাটবিহু আছিল। আমাৰ দিনত অৱশ্যে কম হৈ আহিল। এই বিহুৰ অন্য এটা ডাঙৰ কথা হ’ল, ইয়াৰ কোনো সংগঠক নাছিল।” উল্লেখ্য যে, লেখক ইণ্ডিবৰ বুঢ়াগোহাঁয়ে এই কথাষাৰ ১৮৮৯ চনতে জন্মগ্ৰহণ কৰা এজন ককাৰ মত বুলিও লেখনিৰ প্ৰথমতে উল্লেখ কৰিছে।
ইতিহাসৰ পৃষ্ঠাত ১৯১৮ চনটো আছিল আমাৰ বাবে অতিকৈ দুখজনক বৰ্ষ। এই বৰ্ষতেই আহোম ৰজাসকলৰ ৰাজত্বৰ দিনৰে পৰা উদযাপিত হৈ অহা ফাটবিহুৱে হেৰুৱাই পেলাইছিল ইয়াৰ সোণালী ঐতিহ্য। ঐতিহাসিকসকলৰ মতে, ১৯১৭ চনৰ বিশ্ব ইতিহাসৰ পৰিৱৰ্তনকামী ৰুচ বিপ্লৱৰ প্ৰভাৱে অসমতো ইংৰাজ বিৰোধী ঢৌৰ জন্ম দিছিল। ফলত অবিৰতভাৱে উদযাপিত হৈ অহা এই ফাটবিহুৰ গতিত প্ৰায় ত্ৰিশ বছৰৰ কাৰণে যতি পৰিছিল; বিভিন্ন তথ্যসূত্ৰৰ পমখেদি যিটো ৰাজনৈতিক কাৰকক বিচাৰি পোৱা গৈছে।
এইক্ষেত্ৰত লেখক জগদীশ গগৈয়ে তেওঁৰ ‘ফাটবিহুৰ পম খেদি এখন চিঠি : ৰাইজলৈ’ শীৰ্ষক লেখাত ১৯১৮ চনত বন্ধ হোৱা ফাটবিহুৰ পুনৰ উত্তৰণ ঘটে ভাৰতবৰ্ষই স্বাধীনতা পোৱাৰ পাছৰপৰা বুলি উল্লেখ কৰিছে। তেখেতৰ মতে, “স্বাধীনতা লাভৰ বাতৰিটো ১৬ আগষ্টৰ আবেলি ভাগতহে জনা-জনি হৈছিল। আৰু তাৎক্ষণিকভাৱে প্ৰতিখন গাঁৱৰ ৰাইজে দবা-কাঁহ, শংখ-ঘণ্টা, ঢোল-খোল বজাই ঢকুৱাখনাৰ প্ৰধান-প্ৰধান ৰাস্তাত শোভাযাত্ৰা কৰিছিল। স্বাধীনতা লাভৰ আনন্দত আত্মহাৰা হৈ ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত সাংস্কৃতিক উৎসৱ ফাটবিহু পুনৰ অনুস্থিত কৰিবলৈ টঙালি বান্ধিলে কেইজনমান উদ্যোগী সংস্কৃতিপ্ৰেমী ব্যক্তিয়ে। স্বৰ্গীয় মহেন্দ্ৰ গগৈ, স্বৰ্গীয় জয়চন্দ্ৰ গগৈ, ডম্বৰুধৰ চেতিয়া, স্বৰ্গীয় লীলাকান্ত দাস, কবীন গগৈ, খগেশ্বৰ হাজৰিকা আদি লগ হৈ ১৯৪৮ চনত পোনপ্ৰথম বাৰৰ বাবে আনুষ্ঠানিক ফাটবিহু ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰে। ১৯৫০ চনৰ বৰ-ভূঁইকপ, ১৯৫৪ চনৰ বাৰে-চহৰীয়া সবাহ, ১৯৫৬ চনৰ কৃষক সভা, ১৯৫৭ চনৰ কৃষ্টি সভা আদি বিভিন্ন কাৰণত ফাটবিহু অনুষ্ঠিত হোৱা নাছিল। ১৯৫৮ চনত স্বৰ্গীয় জয়চন্দ্ৰ গগৈ, স্বৰ্গীয় কেঁহুৰাম গোঁহাই, স্বৰ্গীয় লীলাকান্ত দাস, স্বৰ্গীয় জগত চন্দ্ৰ দত্ত বৰা, স্বৰ্গীয় পদ্মেশ্বৰ দত্ত, স্বৰ্গীয় কেশীৰাম হাজৰিকা, স্বৰ্গীয় গজেন চমুৱা, মংগলা ফুকন, ডাঃ মুক্তি ফুকন, খগেশ্বৰ হাজৰিকা, কমল চন্দ্ৰ গগৈ, যতীন্দ্ৰ কুমাৰ বৰুৱা, ভোলানাথ তামুলী আদিৰ নেৰা-নেপেৰা চেষ্টাৰ ফলত খেৰ-বাঁহৰ চালিৰ তলে-তলে ফাটবিহু পতা হৈছিল।” পত্ৰলেখক জগদীশ গগৈৰ এই লেখাই বিংশ শতিকাত ফাটবিহুৰ বৈশিষ্ট্য, গতি, প্ৰগতি তথা এই বিহুৱে সন্মুখীন হোৱা বাধাসমূহৰ কথা খুব সুন্দৰকৈ আমাক কয়।
বহু ঐতিহ্য, ঘাত-প্ৰতিঘাত বহনকাৰী ঢকুৱাখনাৰ ফাটবিহুৱে পৰিৱৰ্তনৰ চাকনৈয়াত আজি বহু অতীত পৰম্পৰাক এৰাই চলিলেও বহুক্ষেত্ৰত আজিও এই বিহুৱে কেতবোৰ প্ৰাকৃতিক বৈশিষ্ট্য অক্ষুণ্ণ ৰাখিছে। ফাটবিহু হৈছে আজিও ঢকুৱাখনাবাসীৰ প্ৰাণৰো প্ৰাণৰ উৎসৱ। য’ত প্ৰতিবাৰেই আহোম, চুতীয়া, কৈৱৰ্ত, মিচিং, কছাৰী, কলিতা, দেউৰী, মুছলমান, কোঁচ, বামুণ, গোঁসাই আদি সকলো একেলগে সমবেত হৈ বিহু নাচে, গায় আৰু উপভোগ কৰে।
এই বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয় সাধন কৰাৰ বাবেই ফাটবিহুক লৈ আমি আজি অত্যন্ত গৌৰৱান্বিত। ফাটবিহু হওক বিভেদকামী শক্তিসমূহক প্ৰতিহতৰ সৰ্বশেষ হাথিয়াৰ, ফাটবিহু হওক ঐক্য, সম্প্ৰীতি আৰু সমন্বয়ৰ এনাজৰী; ফাটবিহু হওক দেশী-বিদেশী পৰ্যটকসকলৰ আকৰ্ষণৰো প্ৰধান এক আহিলা।
(লেখক ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ সহকাৰী অধ্যাপক, ফোন: ৯৯৫৪০০০২০০)
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)