• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, August 17, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

ইতিহাসপ্ৰসিদ্ধ দেওপাহাৰ

গৌতম শৰ্মা

by Anjan Sarma
May 8, 2023
in Heritage, Special Report, Tourism, Travel
Reading Time: 4 mins read
0
ইতিহাসপ্ৰসিদ্ধ দেওপাহাৰ
Share on FacebookShare on TwitterShare on LinkedIn

ইতিহাসপ্ৰসিদ্ধ দেওপাহাৰ

গৌতম শৰ্মা

Gautam Sarma
গৌতম শৰ্মা

ইতিহাসপ্ৰসিদ্ধ দেওপাহাৰ মূলতঃ এখন সংৰক্ষিত বনাঞ্চল যদিও ইয়াৰ ঐতিহ্য আৰু বিশেষত্ব বহু প্ৰাচীন।

প্ৰাচীন অসমৰ এখন অতি উল্লেখযোগ্য ঐতিহ্যক্ষেত্ৰ এই দেওপাহাৰ সম্প্ৰতি গোলাঘাট জিলাৰ নুমলীগড় তিনিআলিৰ পৰা প্ৰায় চাৰে-চাৰি কিলোমিটাৰ দূৰত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে অৱস্থিত।

জনশ্ৰুতি মতে, এই বিশেষ পাহাৰটোক ‘জৰাসন্ধ পাহাৰ’ বুলিও জনা যায়। সেই অনুসৰি, একালত মগধৰ ৰজা জৰাসন্ধই শ্ৰীকৃষ্ণৰ সৈতে যুদ্ধ কৰোঁতে এই পাহাৰতেই বাহৰ পাতিছিল।

আন এক জনশ্ৰুতি মতে, আহোম ৰাজত্বৰ সন্ধিক্ষণ কালত চুলিকফা তথা ল’ৰাৰজাৰ ভয়ত পলাই ফুৰোঁতে তুংখুঙীয়া ফৈদৰ কোঁৱৰ গদাপাণিয়ে এই পাহাৰতে অপৰূপা, সুশ্ৰী আৰু নৃত্য পতীয়সী নামৰ তিনিগৰাকী অপেশ্বৰীৰ নৃত্য উপভোগ কৰিছিল; যিকেইগৰাকী অপেশ্বৰী নাচি-নাচি দেওলগা ধৰণে শূণ্যত বিলীন হৈ পৰিছিল। যাৰফলত এই পাহাৰটোৰ নাম দেওপাহাৰ বুলি সকলোৱে কৈছিল।

প্ৰণিধানযোগ্য যে, দেওপাহাৰক লৈ প্ৰচলিত এনেবোৰ কল্পিত জনশ্ৰুতিক ভিত্তিহীনভাবে আমি কেতিয়াও সঁচা বুলি মানি ল’ব নোৱাৰোঁ। যি নহওক, কেতবোৰ আধুনিক পণ্ডিতৰ মতে, একালত এই অঞ্চলটোত বসবাস কৰা কাৰ্বি জনজাতিৰ লোকসকলেই সম্ভৱত এই পাহাৰটোক দেওপাহাৰ নামেৰে নামকৰণ কৰিছিল।

কিয়নো জনজাতীয় ভাষাত ‘দেও’ বা ‘দেৱ’ মানে শিৱক বুজায়। যিহেতু এই পাহাৰত শৈৱ উপাসনাৰ বহু ভগ্নাৱশেষ উদ্ধাৰ কৰা হৈছে সেয়েহে এই দিশৰপৰা ইয়াক আমি মানি লোৱাৰ যথেষ্ট থল আছে। অৱশ্যে এটা কথা ঠিক যে দেওপাহাৰক লৈ গৱেষণাত্মক দৃষ্টিভংগীৰে এতিয়াও বহুখিনি কাম কৰিবলৈ বাকী আছে।

দেওপাহাৰত উদ্ধাৰ হোৱা ভাস্কৰ্যসমূহত সামাজিক আৰু সাংস্কৃতিক জীৱনৰ চিত্ৰ, গছ-লতা, জীৱ-জন্তুৰ লগতে মানৱৰ ছবিসমূহত জীৱন্ত ৰূপ প্ৰকাশ পাইছে।

খনন কাৰ্যত উদ্ধাৰ হোৱা ভাস্কৰ্যসমূহৰ বৈশিষ্ট্য পৰ্যবেক্ষণ কৰি এটা কথা স্পষ্টৰূপত প্ৰমাণিত হৈছে যে দেওপাহাৰৰ এই সমগ্ৰ মন্দিৰটো শিলেৰে নিৰ্মাণ কৰা হৈছিল।

যিসমূহক বিশেষকৈ গ্ৰেনাইট শিলেৰে বনোৱা হৈছিল; আৰু এই শিলসমূহ দেওপাহাৰৰ কাষেদি বৈ যোৱা ৰাংচালি নদীৰ পৰা আহৰণ কৰা হৈছিল বুলি বহুলোকে ক’ব খোজে।

ইতিহাসপ্ৰসিদ্ধ দেওপাহাৰ

সম্প্ৰতি দেওপাহাৰটো প্ৰধান ঐতিহ্যক্ষেত্ৰ হিচাপে চিহ্নিত হোৱাৰ মূলতেই আছে ইয়াৰ সমতলৰপৰা প্ৰায় ৩০০ মিটাৰ উচ্চতাত থকা এটা অতি প্ৰাচীন মন্দিৰৰ ভগ্নাৱশেষ আৰু অলেখ শৈল ভাস্কৰ্য।

এককথাত এই দেওপাহাৰৰ চৌদিশে সিঁচৰতি হৈ থকা প্ৰাক আহোম তথা প্ৰাচীন অসমৰ কাৰুকাৰ্যখচিত ভাস্কৰ্যসমূহেই হৈছে আজিৰ দেওপাহাৰৰ সৌন্দৰ্য্য তথা ঐতিহাসিক গুৰুত্ব। বহুদিন ধৰি জনচক্ষুসৰ আঁৰতে থকা এই ভাস্কৰ্যৰ ভগ্নাৱশেষক পোনপ্ৰথমে ইয়াৰ স্থানীয় লোকসকলে প্ৰত্যক্ষ কৰিছিল।

পৰৱৰ্তী সময়ত এই ভাস্কৰ্যৰাজীসমূহক থমাছ গাৰ্ডথেই নামৰ এজন ইংৰাজ খেতিয়কৰ দৃষ্টিগোচৰ হয়; আৰু ইয়াৰ পিছৰ পৰাই এই ক্ষেত্ৰভূমি পণ্ডিত আৰু ঐতিহাসিকসকলৰ গৱেষণাৰ কেন্দ্ৰভূমি হিচাপে পৰিগণিত হৈ আহিছে।

ইয়াৰ সমান্তৰালকৈ উদ্ধাৰ হোৱাৰ দিন ধৰি এই পাহাৰটো অগণন আধুনিক ভক্তৰো সমবেত আৰু উপাসনা কেন্দ্ৰস্থল হিচাপেও পৰিগণিত হৈ আহিছে। দেওপাহাৰত উপলব্ধ শৈল ভাস্কৰ্যসমূহ কোনে, কেতিয়া, কিয় নিৰ্মাণ কৰিছিল তাৰ কোনো সঠিক তথ্য আজিকোপতি উদ্ধাৰ কৰিব পৰা হোৱা নাই।

ইতিহাসপ্ৰসিদ্ধ দেওপাহাৰ

কেতবোৰ ঐতিহাসিক আৰু প্ৰত্নতত্ববিদে এইসমূহক ভাৰতবৰ্ষৰ ইতিহাসৰ সোণালী যুগৰ দাবীদাৰ গুপ্তসকলৰ নতুবা পাল বংশীয় ৰজাসকলৰ দিনৰ বুলি কয়। বহু পণ্ডিতেই আকৌ ইয়াক প্ৰাচীন অসমৰ মূৰ্তি শিল্পৰ এক গুৰুত্বপূৰ্ণ থলী হিচাপেহে উল্লেখ কৰিছে।

১৮ শ শতিকাৰ সপ্তম দশকত ইংৰাজ বিষয়া মেজৰ গডুইন অষ্টিনে এই দেওপাহাৰৰ প্ৰত্নতাত্বিক সমলবোৰৰ ওপৰত এখন প্ৰতিবেদন প্ৰকাশ কৰিছিল।

১৯২৪-২৫ চনমানত টি.এন. ৰামচন্দনে ভাৰতৰ প্ৰত্নতাত্বিক জৰীপৰ বছেৰেকীয়া প্ৰতিবেদনত এই দেওপাহাৰৰ শৈল ভাস্কৰ্যৰ ওপৰত অন্য এখন প্ৰতিবেদন দাখিল কৰে।

ইয়াৰ পৰৱৰ্তী সময়ছোৱাত ক্ৰমে প্ৰতাপ চন্দ্ৰ চৌধুৰী, বিৰিঞ্চি কুমাৰ বৰুৱা, ৰবীন দেৱ চৌধুৰী, নিশিপদ দেৱ চৌধুৰী, হেমেন্দ্ৰ নাথ দত্ত, নিৰোদ বৰুৱা আদি ঐতিহাসিক, গৱেষকসকলে দেওপাহাৰৰ এই ভাস্কৰ্যশৈলীৰ ওপৰত উচ্চ গৱেষণা কৰি নানান তথ্য সদৰী কৰি আহিছে।

ইতিহাসপ্ৰসিদ্ধ দেওপাহাৰ

এই তথ্যসমূহত দেওপাহাৰত আৱিষ্কৃত এই ভাস্কৰ্যসমূহৰ সৈতে তেজপুৰৰ বিভিন্ন ঠাইত আৱিষ্কৃত ভাস্কৰ্যসমূহৰ সৈতে বহু মিল আছে বুলি কোৱা হৈছে আৰু লগতে এইসমূহ নিৰ্মাণৰ আনুমানিক সময় সপ্তম শতিকাৰ পৰা একাদশ শতিকাৰ ভিতৰৰ বুলি ঠাৱৰ কৰা হৈছে।

এনেবোৰ তথ্যসূত্ৰৰ পৰা এটা কথা নিৰ্ণয় কৰিব পাৰি যে সম্ভৱত দেওপাহাৰ এই ভাস্কৰ্যশৈলীসমূহ প্ৰাচীন অসমৰ *শালস্তম্ভ বংশৰ বিখ্যাত ৰজা হজৰবৰ্মন বা তেওঁৰ পৰৱৰ্তী কোনোবা ৰজাইহে নিৰ্মাণ কৰিছিল।

শেহতীয়াকৈ, অসম চৰকাৰৰ পুৰাতত্ব বিভাগে দেওপাহাৰটো সজাই পৰাই ‘দেওপৰ্বত প্ৰত্নতাত্বিক উদ্যান’ হিচাপে পৰ্যটকসকলৰ বাবে মুকলি কৰি  উলিওৱাৰ ফলত এই পাহাৰটো আজি প্ৰচুৰ এক সম্ভৱনাৰ থলীলৈ ৰূপান্তৰ হৈছে।

ইতিহাসপ্ৰসিদ্ধ দেওপাহাৰ

সমতলৰ পৰা দেওপাহাৰৰ ভগ্নাৱশেষ থকা ঠাইলৈ উঠি যোৱা দুটা পথ আছে। এই দুয়োটা পথৰ সংগমস্থলত এটা সংগ্ৰহালয় আছে। দেওপাহাৰৰ খনন কাৰ্যত উদ্ধাৰ হোৱা শিলৰ মূৰ্তি, টেৰাকোটাৰ মূৰ্তিবোৰ দর্শনাৰ্থীৰ বাবে এই সংগ্ৰহালয়ত ৰখোৱা হৈছে।

ইয়াৰ লগতে মূল মন্দিৰৰ গৰ্ভগৃহলৈ উঠি যোৱা পথটোৰ দুয়োকাষে বিভিন্ন শৈল ভাস্কৰ্যসমূহ সজাই ৰখোৱা আছে। যিসমূহে এই পাহাৰৰ সৌন্দৰ্য্যক দুগুণে উজ্বলাই তুলিছে।

এইখিনিতে এটা কথা বিশেষভাৱে মন কৰিবলগীয়া যে দেওপাহাৰত থকা ভাস্কৰ্যশৈলীসমূহ কেইবাটাও দিশৰপৰা অতি গুৰুত্বপূৰ্ণ। প্ৰথম দিশটো হৈছে, ইয়াৰ ভাস্কৰ্যসমূহত বৈষ্ণৱ, শৈৱ আৰু তান্ত্ৰিক বৌদ্ধধৰ্মৰ কিছু প্ৰভাৱ দেখা যায়।

ইতিহাসপ্ৰসিদ্ধ দেওপাহাৰ

দ্বিতীয়তে, এই ভাস্কৰ্যসমূহত হাতী, পদুম আৰু মানুহৰ আন্তঃসম্পৰ্কৰ এক সুন্দৰ ছবি পৰিস্ফুট হৈছে।

তৃতীয়তে, ইয়াৰ নিৰ্মাণ শৈলীত শিল্পীৰ সুনিপুনতা স্পষ্টৰূপত প্ৰকাশ পাইছে আৰু লগতে ইয়াত আঞ্চলিক শিল্পৰ বিশেষ প্ৰভাৱ পৰিছিল বুলি ভবাৰো বহু থল আছে।

দেওপাহাৰৰ ভাস্কৰ্যশৈলীত দেওপাহাৰৰ ঐতিহ্য বিৰাজমান। ঐতিহাসিকসকলৰ সূক্ষ্ম অধ্যয়নত পোৱা গৈছে যে দেওপাহাৰত অৱস্থিত মূল মন্দিৰৰ গৰ্ভগৃহৰ চৌদিশে শ-শ শিলাখণ্ড তথা স্থাপত্য-ভাস্কৰ্যৰ নিদৰ্শন পোৱা গৈছে।

মন্দিৰৰ গৰ্ভগৃহৰ পশ্চিম দিশত থকা দীঘে-পথালিয়ে প্ৰায় বাৰ ফুটমান এচটা ডাঙৰ শিলত পদুমৰ পৰিচক্ৰ খুব সুন্দৰকৈ খোদিত কৰা আছে; যিটো পদুম চক্ৰক ‘বিশ্ব পদ্ম’ বুলি জনা যায়।

ইতিহাসপ্ৰসিদ্ধ দেওপাহাৰ

এই পদুম চক্ৰৰ সমতলভাগত তিনিটা হাতীযুক্ত ভাস্কৰ্যশৈলী দেখা পোৱা যায়। মন্দিৰৰ পশ্চিমত থকা অন্য এটা দীঘলীয়া শিলাখণ্ডৰ প্ৰথমভাগত এটা সিংহ মূৰ্তি, দ্বিতীয়ভাগত হাতত ধনু লৈ শৰপহু মাৰিবলৈ সাজু হোৱা এক মানৱ মূৰ্তি, তৃতীয়ভাগত মৈথুনৰত এহাল মৃগ আৰু চতুৰ্থভাগত এজন ধ্যানমগ্ন ঋষিৰ মূৰ্তি খোদিত কৰা আছে।

অন্যহাতেদি কাষতে থকা অন্য এটা শিলতো এফালে এহাল নৰ-নাৰীয়ে হাতত ধৰাধৰিকৈ মুখামুখিকৈ ৰৈ থকা আৰু আনফালে পদ্মাসনত বহি থকা এগৰাকী নাৰী আৰু কাষত এজন পুৰুষে নাৰীগৰাকীৰ ফালে মুখ কৰি শংখধ্বনি দিয়াৰ ছবি খোদিত কৰা হৈছে।

মন্দিৰৰ দক্ষিণ দিশত পূৰ্বে উল্লেখ কৰি অহাৰ দৰে দুটা হাতী মুণ্ডযুক্ত ভাস্কৰ্য আছে। এই দিশটোৰ পৰা এটা কথা ভবাৰ থল আছে যে দেওপাহাৰৰ এই মন্দিৰৰ ভাষ্কর্যশৈলী ‘গজৰথ শৈলী’ৰ আছিল।

গজমুণ্ড মূৰ্তিৰ ঠিক ওপৰতেই এচটা শিলত অতি সুনিপুন কলা-কৌশলেৰে নিৰ্মিত লক্ষ্মী-বিষ্ণুৰ মূৰ্তি আছে, ইয়াৰ আনটো ফালে অন্য এটা শিলত অস্পষ্টৰূপত কোলাত কেঁচুৱা লৈ থকা এটা নাৰীমূৰ্তিও দৃষ্টিগোচৰ হৈছে।

দেওপাহাৰৰ ভাস্কৰ্যসমূহৰ ভিতৰত থকা উৰন্ত অপ্সৰা, বিদ্যাধৰ আৰু কীৰ্তিমুখ হৈছে সকলোতকৈ আকৰ্ষণীয়। উল্লেখ্য যে, কীৰ্তিমুখৰ শিল্পৰূপৰ সৈতে প্ৰাচীন ভাৰতৰ ভাৰহুতৰ বৌদ্ধস্তূপৰ তথা প্ৰাচীন ভাৰতীয় শিল্পকলাৰ সাদৃশ্য দেখা পোৱা যায়।

দেখাত চকু টেলেকা, জিভা ওলোৱা এক ভয়ংকৰ মানৱ মূৰ্তি এই কীৰ্তিমুখৰ ভাস্কৰ্যত পৰিস্ফুট। সাধাৰণতে এনে ধৰণৰ ভাস্কৰ্যশৈলী দক্ষিণ-পূব এছিয়াৰ জাভাৰ মন্দিৰসমূহৰ প্ৰৱেশদ্বাৰৰ ওপৰত থকা লিংটেলত খোদিত কৰা থাকে।

দেওপাহাৰৰ বাহিৰে অসমৰ প্ৰাচীন কোনো খনন কাৰ্যত এনে মূৰ্তি আজিলৈকে উদ্ধাৰ হোৱা নাই। এইসমূহ মূৰ্তিৰ উপৰিও এই দেওপাহাৰত অন্য বহুত শিলত কটা মূৰ্তি দেখিবলৈ পোৱা যায়।

Deopahar8

সেইবোৰৰ ভিতৰত ৰাৱণৰ দ্বাৰা সীতা হৰণ মূৰ্তি, জঁটায়ু পক্ষীৰ যুদ্ধ কৰা মূৰ্তি, ৰাম-লক্ষ্মণ আৰু সুগ্ৰীৱৰ মিলনৰ মূৰ্তি আদিয়েই প্ৰধান।

তদুপৰি ত্ৰিভংগ নাৰী মূৰ্তি, পদুম পাতত উঠি থকা এটা হাতীৰ মূৰ্তি আৰু ইয়াৰ ওপৰত নৃত্য কৰা দেৱ-দেৱীৰ মূৰ্তি, পদ্মা, দ্বাৰপাল, উৰন্ত গন্ধৰ্ব, মৎস্যকন্যা, একাপদ ভংগীত বহি থকা যোগী, মহিষ বাহনত থকা চতুৰ্ভুজৰূপী যমৰ মূৰ্তি, নটৰাজ মূৰ্তি, বৃদষভৰ মূৰ্তি, হনুমান আৰু সীতাৰ অশোক বনৰ মূৰ্তি, বিভিন্ন নৃত্য, গীত আৰু বাদ্যত মগ্ন নাৰী-পুৰুষৰ মূৰ্তি, যুদ্ধ-বিগ্ৰহ সম্পৰ্কীয় আদি মূৰ্তিসমূহেই প্ৰধান।

দেওপাহাৰৰ কাষতে থকা ‘বাবাথান’ নামৰ শিৱ মন্দিৰটো হৈছে ইয়াৰ বিশেষ আকৰ্ষণ। জানিব পৰা মতে, ঊনবিংশ শতিকাৰ শেষৰ ফালে নাৰায়ণ কন্দলি নামৰ এজন ব্ৰাহ্মণে এই থানখন প্ৰতিষ্ঠা কৰিছিল। এই থানত থকা শিৱলিংগক দেওপাহাৰৰ পৰাই আনি প্ৰতিষ্ঠা কৰা হৈছিল। এই থানত দৈনিক শিৱ পূজা চলে লগতে বছৰি শিৱৰাত্রি আৰু দুৰ্গাপূজা ইয়াত উলহমালহেৰে উদযাপন কৰা হয়।

লেখনিৰ প্ৰথমতেই উল্লেখ কৰি অহা হৈছে দেওপাহাৰ হৈছে মূলতঃ এখন সংৰক্ষিত বনাঞ্চল; এইদিশৰ পৰাও দেওপাহাৰৰ গুৰুত্ব যথেষ্ট আছে। ঐতিহাসিক সম্পদসমূহৰ লগতে দেওপাহাৰ বনাঞ্চলত পোৱা প্ৰাকৃতিক সম্পদসমূহেও ইয়াৰ সৌন্দৰ্য্য বৃদ্ধিত প্ৰবল অৰিহনা যোগাইছে।

দেওপাহাৰ বনাঞ্চলত পোৱা কেতবোৰ গুৰুত্বপূৰ্ণ বনজসম্পদ তথা গছ-গছনি হৈছে ভেলৌ, চাম, মেজাংকৰী, বন সুমথিৰা, কাঁক বাঁহ, বজাল বাঁহ, আংগল, সৰ্গগন্ধা, হাতীঢেকীয়া আদি। ইয়াৰ অনুৰূপধৰণে এই দেওপাহাৰ বনাঞ্চলত হলৌ বান্দৰ, লাজুকী বান্দৰ, জহামাল, বনৰৌ, লতামাকৰী, নাহৰফুটুকী, ঢেকীয়াপতীয়া, কেটেলা পহু, শহা, গুঁই, হুদু, কেঁকো সাপ আদি বন্যপ্ৰাণীসমূহো পোৱা যায়।

Deopahar9

দেওপাহাৰৰ বিশেষ অন্য এক আকৰ্ষণ হৈছে ইয়াত থকা ‘পখিলা কেন্দ্ৰ’টো; নুমলীগড় তেল শোধনাগাৰৰ পৃষ্ঠপোষকতাত নিৰ্মিত এই পখিলা কেন্দ্ৰটো এছিয়াৰ ভিতৰতে বৃহত্তম এক পখিলা কেন্দ্ৰ বুলি সৰ্বজনবিদিত। বৰমৌ হৈছে দেওপাহাৰৰ অন্য এক আকৰ্ষণীয় সম্পদ।

বিশেষকৈ দুজোপা ভেলেউ গছত প্ৰতিবছৰে অলেখ পৰিভ্ৰমী বৰমৌৱে দেওপাহাৰত বাহ লয়। যিখিনি বৰমৌৰ ওপৰত ইতিমধ্যে ৰাছিয়াৰ মস্কো বিশ্ববিদ্যালয়ৰ উদ্ভিদবিজ্ঞানী ডাঃ মাৰ্জিন ভলদামিৰ চাগিবিকে গৱেষণা চলাইছিল লগতে জাৰ্মানীৰ অন্য এটা গৱেষক দলেও ইয়াৰ ওপৰত এখন তথ্যচিত্ৰ নিৰ্মাণ কৰি উলিয়াইছে।

অতবোৰ সম্পদেৰে ভৰপূৰ দেওপাহাৰৰ খ্যাতি সেয়েহে আজি বিশ্ববিদিত ৰূপত জিলিকি উঠাৰ লগতে উত্তৰ-পূব তথা অসমৰ পৰ্যটনৰ সম্ভাৱনাময় এখন জাকতজিলিকা ঠাই ৰূপে পৰিগণিত হৈছে।

(লেখক ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ শিক্ষক। ফোন: +৯১৯৯৫৪০০০২০০)

[Images from different sources]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: ইতিহাসপ্ৰসিদ্ধ দেওপাহাৰ
Anjan Sarma

Anjan Sarma

Related Posts

Supreme Court Stands Firm Against Wealthy Silencing Media!
Special Report

India’s Judicial Transparency In the path of Transition

by Pradakshina Sarmah
August 15, 2026
0

India’s Judicial Transparency In the path of Transition PRADAKSHINA SARMAH Judicial Transparency refers to the openness, accessibility, and accountability of...

Read moreDetails
The River That Became a Drain: Bharalu and the Death of a Memory

The River That Became a Drain: Bharalu and the Death of a Memory

August 13, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

August 13, 2026
অসমৰ বানপানী আৰু গৰাখহনীয়া

অসমৰ বানপানী আৰু গৰাখহনীয়া

August 12, 2026
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

August 10, 2026
Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

August 6, 2026
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d