• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, September 17, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Literature History

ইতিহাসৰ জলঙাইদি গড়গাঁও

গৌতম শৰ্মা

by Anjan Sarma
April 4, 2023
in Special Report, History, Literature
Reading Time: 4 mins read
0
ইতিহাসৰ জলঙাইদি গড়গাঁও
Share on FacebookShare on TwitterShare on LinkedIn

ইতিহাসৰ জলঙাইদি গড়গাঁও

গৌতম শৰ্মা

Gautam Sarma
গৌতম শৰ্মা

“গড়গাঁও গড়গাঁও/কথা শুনি তল যাওঁ/বাট দেখি পিছলে যে পাৱ/দিখৌৰ সোঁতত যোৱা/ভটীয়নী বল পোৱা/উভতিব খোজে মাৰ-নাও/ওচৰতে দেখি গড়গাঁও.. ৷”  – ধ্বনি কবি বিনন্দ চন্দ্ৰ বৰুৱাৰ কলমত প্ৰাণৱন্ত হৈ পৰা ইতিহাসপ্ৰসিদ্ধ গড়গাঁৱৰ কথা কৈ গ’লে ওৰকে নপৰে ।

মধ্যযুগৰ অসমৰ ইতিহাসত কেইবাটাও দশক ধৰি সগৌৰৱে থিয় হৈ থকা গড়গাঁওখনি বৰ্তমান শিৱসাগৰ জিলাৰ এখন অতি উল্লেখযোগ্য ঐতিহাসিক স্থান ।

শিৱসাগৰ নগৰৰ মধ্যবিন্দুৰ পৰা পূবে মাত্ৰ ১৩ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই গড়গাঁৱৰ আছে এক বৰ্ণনাতীত অতীত ইতিহাস; যি ইতিহাসত জড়িত হৈ আছে প্ৰায় ছশ বছৰীয়া আহোম ৰাজত্বৰ অনেক ৰঙীন স্মৃতি । আহোম ৰাজত্বৰ তৃতীয়খন ৰাজধানী হিচাপে বিশ্ববিদিত; লোককথা, গীত-মাত, পদ্য-গদ্য সকলোতেই যেন সিঁচৰিত হৈ আছে গড়গাঁৱৰ ঐতিহ্যগাঁথা ।

আজিকোপতি এই গড়গাঁৱক কেন্দ্ৰ কৰিয়েই ‘গড়গঞা কাটাৰীৰ ডাবেও কাটে’, ‘ইয়াতে মাৰিলোঁ টিপা, গড়গাঁও পালেগৈ শিপা’, ‘গড়গাঁৱৰ বতৰা কোৱা’, ‘নগৈ গড়গাঁৱৰ বতৰা কোৱা’, ‘গড়গাঁৱৰ পিছল বাট, লৰাকো নিচিনি, বুঢ়াকো নিচিনি হাতে পতি লাখুটি পাত’, ‘গড়গঞা মিতিৰৰ ভাও মুখেদি থাক থাক, ভৰিয়ে খেলে নাও’ ইত্যাদি অনেক জনপ্ৰিয় লোককথাৰ অভিন্ন অংগ ফকৰা যোজনাবোৰৰো মানুহৰ মুখে-মুখে বহুলভাৱে প্ৰচলিত হৈ থকা কথাটোৱেও গড়গাঁও চহৰৰ প্ৰভাৱশালী সোণোৱালী ঐতিহ্যৰ কথাকেই বাৰে-বাৰে আমাক কৈ আহিছে ।

     গড়গাঁৱৰ সেউজ ইতিহাস উদ্ধাৰ কৰিবলৈ হ’লে আমি এতিয়াৰ পৰা মোটামুটি ৪৮০ বছৰ কাল পিছুৱাই যাব লাগিব । কিয়নো বুৰঞ্জীয়ে দিয়া তথ্য মতে, আহোম ৰজাসকলে বৰ্তমান অবিভক্ত শিৱসাগৰ আৰু যোৰহাট জিলাক কেন্দ্ৰ কৰি সৰ্বমুঠ পাঁচখন দীৰ্ঘকালীন স্থায়ী ৰাজধানী গঢ়ি তুলিছিল । সেইকেইখন আছিল ক্ৰমে চৰাইদেউ, চৰগুৱা, গড়গাঁও, ৰংপুৰ আৰু যোৰহাট; এইক্ষেত্ৰত গড়গাঁৱৰ স্থান আছিল তিনি নম্বৰ ।

আহোম ৰজা চুহুংমুং ওৰফে দিহিঙীয়া ৰজাৰ পুতেক স্বৰ্গদেউ চুক্লেনমুঙেই (১৫৩৯-১৫৫২) গড় বা দুৰ্গ সাজি ৰাজপ্ৰসাদ নিৰ্মাণ কৰি এই ঠাইত পোনপ্ৰথম ৰাজত্বৰ পাতনি মেলিছিল ।

চুক্লেনমুঙে ৰাজধানী হিচাপে গ্ৰহণ কৰা এই বিশেষ ঠাইখনেই পৰৱৰ্তী প্ৰায় আঢ়ৈশ তথা তিনি শতিকা ধৰি বহুকেইজন আহোম ৰজাৰ স্থায়ী ৰাজধানী হিচাপে বিবেচিত হৈ আছিল । চুক্লেনমুঙে ঠাইখনত ৰাজধানী পাতি গড়েৰে বেৰি ৰাজত্বৰ পাতনি মেলাৰ বাবেই অসমৰ ইতিহাসত তেওঁ গড়গঞা হিচাপে জনাজাত হৈছিল ।

ইতিহাসৰ জলঙাইদি গড়গাঁও

ইয়াৰ অনুৰূপ ধৰণে ঠাইখনৰো নাম গড়গাঁও হ’ল যদিও এই গড়গাঁও ঠাইখনৰো আছে আকৌ এক সুকীয়া ঐতিহ্য, পৰিচয় । চুক্লেনমুঙে ৰাজত্বৰ পাতনি মেলাৰ আগলৈকে গড়গাঁৱক হেমেনাবাৰী নামেৰেহে জনা গৈছিল । কিয়নো ৰাজধানী হোৱাৰ আগলৈকে ঠাইখনত হেমেনা নামৰ এজন লোকৰ মাটি-বাৰী আছিল ।

এই হেমেনা আৰু তেওঁৰ হেমেনাবাৰী সম্পৰ্কত বুৰঞ্জীবিদ হিতেশ্বৰ বৰবৰুৱাই তেওঁৰ ‘আহোমৰ দিন’ শীৰ্ষক গ্ৰন্থখনত এনেদৰে উল্লেখ কৰিছে – “দিখৌ কোষে সীমা পাট মালি ভিতৰ কৰি নগৰ মেৰাই গড় বান্ধি লৈ তাতে এঘৰ মানুহ গুচাব নোৱাৰিলে । তাক হেনো হেমেনা বুলি মাতে ।

সি কংঙ্গনাথাও মুঙ্গ নাতি, বাঁৰী বজা দুটা মানুহ, সি ৰজাকো বৰকথা মাতে । সি বোলে মোৰ আৰ কটা মাটি ৰজা কি ? এই নিমিত্তে নামফালে গড় কিছু খণ্ড হৈ থাকিল । সি মৰিলতহে গড় বান্ধিব পাৰিছিল । এতেকেহে হেমেনাবাৰী বোলে । এতিয়াও, ৰজাই নগৰ গড়গ্ৰাম নাম দিলে, চাৰিখন দুৱাৰ দিলে ।”

     আহোম ৰাজে ৰাজধানী হিচাপে গ্ৰহণ কৰাৰ পিছৰে পৰাই পূৰ্বৰ হেমেনাবাৰী আৰু বৰ্তমানৰ গড়গাঁৱৰ ছবি ক্ৰমাৎ বদলি হবলৈ ধৰে । কথিত আছে, চুক্লেনমুঙৰ পত্নী চাওচিঙে সমসাময়িক চীন দেশৰ শান ৰাজ্যৰ ৰজাৰ ৰাজপ্ৰসাদৰ আৰ্হিত এই নতুন ৰাজধানী চহৰখন নিৰ্মাণৰ এক নক্সা প্ৰস্তুত কৰি উলিয়াইছিল; আৰু এই নক্সাৰ অলমতেই গড়গাঁও ৰাজধানী চহৰখনৰ নিৰ্মাণৰ আঁচনি লৈ ইয়াক কাৰ্যক্ষেত্ৰত পৰিণত কৰা হৈছিল ।

সেই অনুসৰি ৰাজপ্ৰসাদৰ চৌপাশে কেইবাতৰপীয়া আয়তাকৃতিৰ গড় বন্ধোৱা হৈছিল । ইয়াৰে প্ৰথমটো গড় ত্ৰিশ ফুটমান বহলকৈ আৰু পোন্ধৰ-ষোল্ল ফুট পৰ্যন্ত ওখ কৰি বন্ধোৱা হৈছিল । গড়ৰ বাহিৰফালে দ-খাৱৈ খান্দি শত্ৰু প্ৰৱেশৰ পথবোৰ বন্ধ আৰু দুৰ্ভেদ্য কৰি গড়ৰ ওপৰত কোটোহা বাঁহ ৰোপণ কৰা হৈছিল ।

এই কোটোহা বাঁহবোৰ ইমানেই ঘনকৈ ৰোৱা হৈছিল যাতে ইয়াৰ ফাঁকেৰে ধনুৰ কাঁড়, বাটলু গুটি, বৰটোপ আদি একো গড়ৰ ভিতৰলৈ সৰকি যাব নোৱাৰে । কোটোহা বাঁহৰ অভেদ্য এই গড়কে বাঁহগড় বুলি জনা যায় । এই বাঁহগড়ৰ ভিতৰ দিশে আৰু এটা গড় সজোৱা হৈছিল; ৰাজপ্ৰসাদক আগুৰি একেবাৰে ভিতৰলৈ ইটাৰে আৰু এটা গড় নিৰ্মাণ কৰা হৈছিল ।

পৰৱৰ্তী আহোম ৰজা চুচেংফা ওৰফে প্ৰতাপসিংহৰ ৰাজত্বকালত নগৰখনৰ চৌদিশে পুনৰ বাঁহগড় বান্ধি শত্ৰু প্ৰৱেশৰ সকলো পথ বন্ধ কৰি দি গড়গাঁৱত দহখন দুৱাৰ আৰু কেইবাখনো সিংহদুৱাৰ নিৰ্মাণ কৰা হৈছিল ।

গড়গাঁও ৰাজধানী চহৰখনলৈ প্ৰৱেশ পথত থকা এই সিংহদুৱাৰ কেইখন আছিল এনেধৰণৰ – পূবে ৰাজগড়ৰ সিংহদুৱাৰ, পশ্চিমে চেৰেকাপাৰ সিংহদুৱাৰ, উত্তৰে নঙলামৰাৰ সিংহদুৱাৰ আৰু দক্ষিণে বগীদ’লৰ সিংহদুৱাৰ । প্ৰতাপসিংহৰ ৰাজত্বকালত নিৰ্মিত এই দুৰ্ভেদ্য সিংহদুৱাৰসমূহৰ নির্মাণত এজন বিশেষ লোক জড়িত আছিল ।

ইতিহাসৰ জলঙাইদি গড়গাঁও

আহোম প্ৰশাসনিক ব্যৱস্থাক সমৃদ্ধ কৰি নৱৰূপ দিয়া, পাইক আৰু প্ৰচা প্ৰথাৰ আদিৰ দৰে বহু গুৰুত্বপূৰ্ণ ব্যৱস্থাসমূহৰ জন্মদাতা তথা অসমৰ ইতিহাসৰ বীৰপুৰুষ শৰাইঘাটৰ ৰণৰ বিজেতা লাচিত বৰফুকনৰ দেউতাক শুকতি ওৰফে মোমাই তামুলী বৰবৰুৱাৰ তত্বাৱধানতেই এই সিংহদুৱাৰসমূহ নিৰ্মাণ কৰা হৈছিল বুলি জনা যায় ।

যি নহওক, নৱপ্ৰতিষ্ঠিত কেৱল গড়েৰে পূৰ্ণ এই গড়গাঁও ৰাজধানী চহৰৰ চাৰিসীমা আছিল ক্ৰমে – পূবে ৰাজগড়, পশ্চিমে বাঁহগড়, উত্তৰে বাঁহগড় আৰু পথালিগড় আৰু দক্ষিণে দিখৌ নদী । গড়গাঁৱক বেৰি ৰখোৱা দুৰ্ভেদ্য সিংহদুৱাৰ আৰু গড়ৰ ভিতৰত জিলিকি আছিল ৰজাৰ ৰাজপ্ৰসাদ তথা ৰাজকাৰেং । যিটোক প্ৰধান প্ৰশাসনিক ভৱন হিচাপে ব্যৱহাৰ কৰা হৈছিল ।

বাহিৰ গড়ৰ ভিতৰতেই আছিল ৰজাৰ ঘৰ, ভিতৰ গড় আৰু বাহিৰ গড়ৰ মাজৰ অংশত আছিল গোলাঘৰ আৰু ৰাজপৰিয়ালৰ ঘৰ । এই গোলাঘৰটো আছিল গোলা-বাৰুদৰ ঘৰ; য’ত গোলা-বাৰুদৰ দৰে অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰবোৰ ৰখোৱা হৈছিল । আকৌ বাহিৰ গড়ৰ পূবে পানীদুৱাৰ, পশ্চিমে নদুৱাৰ আৰু দক্ষিণে বৰদুৱাৰ নামৰ তিনিখন মূল সিংহদুৱাৰ আছিল ।

উত্তৰ দিশত বিশেষ সময়ত ব্যৱহাৰৰ হেতু এখন গুপ্তদুৱাৰ আছিল; যিখন দুৱাৰেদি ৰাজপ্ৰসাদৰ ভিতৰত ৰাজপৰিয়ালৰ কোনো লোকৰ মৃত্যু হলে তেওঁৰ মৃতদেহক নগৰৰ বাহিৰলৈ উলিয়াই নিবৰ বাবে ব্যৱহাৰ কৰা হৈছিল ।

     আগেয়ে উল্লেখ কৰি অহা হৈছে যে চুক্লেনমুঙে ৰাজধানী হিচাপে গড়গাঁও ঠাইখন গ্ৰহণ কৰাৰ পিছৰে পৰা ঠাইখনৰ ছবি ক্ৰমাৎ পৰিৱৰ্তন হবলৈ ধৰে । চুক্লেনমুঙৰ সময়ৰ পৰা প্ৰমত্তসিংহৰ ৰাজত্বৰ সময়ৰ লৈকে গড়গাঁও চহৰত অসংখ্য নিৰ্মাণকাৰ্য সাধন হৈছিল ।

প্ৰায় ২৩ বিঘামান মাটিকালিৰে আগুৰি থকা গড়গাঁও চহৰত এইছোৱা সময়তেই ভিতৰগড়ৰ ভিতৰত হোলোংঘৰ, পাটঘৰ, শিঙৰীঘৰ, বৰচ’চা, কুজিঘৰ, পালিঘৰ, গোলাঘৰ, টোপৰঘৰ, খাৰঘৰ, পালিঘৰ ইত্যাদি ঘৰ-দুৱাৰবোৰ নিৰ্মাণ কৰা হৈছিল । নিৰ্মিত সেই ঘৰবোৰৰ ভিতৰত গোলাঘৰটোৰ অস্তিত্বহে বৰ্তমান পোৱা যায় । নিৰ্মিত ইয়াৰে হোলোংঘৰটো আছিল ৰজাৰ বাসস্থান ।

কাঠ, বাঁহৰ প্ৰকাণ্ড দুমহলীয়া এই চাংঘৰসদৃশ হোলোংঘৰটোৰ ডাঙৰ ডাঙৰ খুঁটা, ইয়াৰ দুৱাৰ আৰু বেৰবিলাকক অপূৰ্ব কাৰুকাৰ্য আৰু ৰত্নই সুশোভিত কৰা হৈছিল ।

ৰজাৰ এই বাসস্থান তথা হোলোংঘৰ সম্পৰ্কে মিৰজুমলাৰ অসম আক্ৰমণ আৰু ৰাজধানী গড়গাঁও অধিকাৰৰ সময়ত তেওঁৰ লগত অসম তথা গড়গাঁৱলৈ অহা লেখক চিহাবুদ্দিন তালিছৰ টোকাত উল্লেখ পোৱা যায় । তালিছৰ বিৱৰণৰ হুবহু কথাখিনিক ছাৰ এডৱাৰ্ড গেইটে তেওঁৰ ‘এ হিষ্টি অফ আচ্ছাম’ত এনেদৰে উল্লেখ কৰিছে – “হোলোংঘৰ দীঘলে ১২০ হাত আৰু পথালিয়ে ৩০ হাত ।

ইতিহাসৰ জলঙাইদি গড়গাঁও

ইয়াৰ খুঁটা ৬৬ টা, প্ৰত্যেক খুঁটাৰ পৰিধি ৪ হাত হ’ব । এই প্ৰকাণ্ড খুঁটাবিলাক তেওঁলোকে এনেদৰে মিহি কৰি ৰাখিছে যে প্ৰথমে দেখিলে কুণ্ডত কটা যেন লাগে । এই হোলোংঘৰৰ কাঠৰ ওপৰত কটা আপুৰুগীয়া নমুনাৰ কাৰু-কাৰ্য  আৰু অন্য কলা বিদ্যাৰ বিৱৰণ দিবলৈ মোৰ কলম অপৰাগ । এই দেশৰ মানুহে কৰা কাঠৰ কাৰুকাৰ্যপূৰ্ণ ঘৰ সম্ভৱতঃ পৃথিৱীৰ কোনেও কৰিব পৰা নাই ।

হোলোংঘৰৰ ভিতৰে-বাহিৰে এনে সুন্দৰ মিহি চকচকীয়া পিতলৰ দাপোণ লগোৱা যে তাত সূৰ্যৰ কিৰণ পৰি প্ৰতিবিম্বিত হোৱা ৰশ্মিয়ে চকু ছাট মাৰি ধৰে । ১২,০০০ মানুহে এবছৰত এই ঘৰ নিৰ্মাণ কৰিছিল । হোলোংঘৰৰ এমূৰে মুখামুখিকৈ চাৰিটা খুঁটা আৰু প্ৰত্যেকটো খুঁটাতে ন ডালকৈ খাৰুৱা পিন্ধোৱা । ৰজাই এই ঘৰত প্ৰৱেশ কৰিলে এই চাৰি খুঁটাৰ মাজত এখন চন্দ্ৰতাপ আঁৰি দি ৰজাক সিংহাসনত অধিষ্ঠিত কৰা হৈছিল আৰু লগে লগে বাজি উঠিছিল ঢাক, ঢোল আৰু দান্দ ।”

তদুপৰি, মধ্যযুগত অসমলৈ অহা অন্য কেতবোৰ ভ্ৰমণকাৰীৰ লেখাৰ লগতে সেইসময়ত আহোম ৰজাসকলৰ পৃষ্ঠপোষকতাত লিখিত বুৰঞ্জী পুথিসমূহতো বহু কথাই গড়গাঁও সম্পৰ্কে জনা যায় ।

ফ্ৰান্সৰ বেপ্টিছ কেভেলিয়াৰে ১৭৫৩ চনৰ ৭ ফেব্ৰুৱাৰীত গড়গাঁৱলৈ আহি গড়গাঁও সম্পৰ্কে এক সুন্দৰ বিৱৰণ দি গৈছে । তেওঁৰ বিৱৰণৰ পৰাই এটা কথা ভালদৰে জনা যায় যে আহোম ৰজাই নিজৰ ৰাজধানীত কোনো বিদেশী লোকক সোমাবলৈ অনুমতি নিদিছিল, যদিও কোনোবা সোমাইছিল তেওঁক পুনৰ কেতিয়াও তাৰপৰা ওলাই যাবলৈ দিয়া নহৈছিল ।

ৰজাই কাৰো ওচৰত মূৰ নোদোঁৱাইছিল, ৰজাৰ ৰাজকাৰেঙৰ সন্মুখভাগত ৰজাৰ বাটচ’ৰা আছিল; য’ত ৰজা বহিবৰ বাবে নানান ৰত্ন তথা কাৰুকাৰ্যখচিত ৰাজসিংহাসন, সন্মুখত ডা-ডাঙৰীয়াসকল বহিবৰ বাবে সুন্দৰ ব্যৱস্থাসমূহ আছিল । এই গড়গাঁৱত অন্য এক উল্লেখযোগ্য নিৰ্মাণকাৰ্য হাতত লোৱা হৈছিল তুংখুঙীয়া ফৈদৰ দ্বিতীয়জন আহোম ৰজা ৰুদ্ৰসিংহৰ দিনত; ৰুদ্ৰসিংহৰ ৰাজত্বৰ সময়তেই ইটা ব্যৱহাৰ কৰি ইয়াৰ পকী গোবিন্দ দৌল আৰু পূজাঘৰকেইটা নিৰ্মাণ কৰা হৈছিল ৷

     বহু ইতিহাস বিজড়িত এই গড়গাঁৱৰ বৰ্তমান ৰূপটোৰ কথা ভাবিলেই আমাৰ মনলৈ অহা প্ৰথম তথা একমাত্ৰ ছবিখন হৈছে শিৱসাগৰ সোণাৰী বা শিৱসাগৰ-নাজিৰা সংযোগী পথৰ বাওঁ দাঁতিতে থকা বৰদুৱাৰ গেটেদি সোমাই প্ৰায় ৯০০ মিটাৰমান আগুৱাই গৈ পোৱা ইটাৰে নিৰ্মিত চাৰিমহলীয়া কাৰেংঘৰটো ।

ইতিহাসৰ জলঙাইদি গড়গাঁও

সম্প্ৰতি ‘ভাৰতীয় প্ৰত্নতাত্বিক জৰীপ’ ( Archeological Survey of India) বিভাগৰ অসম চাৰ্কুলৰ তত্বাৱধানত সংৰক্ষিত এই কাৰেংঘৰটোৱেই হৈছে বৰ্তমানৰ গড়গাঁৱৰ একমাত্ৰ আৰু অতি উল্লেখযোগ্য অৰ্ধজীৱিত সম্পদ । ইয়াক অৰ্ধজীৱিত বুলি এইকাৰণেই কোৱা হৈছে যে যিহেতু বৰ্তমান এই ঘৰটো পূৰ্বৰ দৰেই একেই থকা নাই ।

আহোম ৰজা চুৰেম্ফা ওৰফে ৰাজেশ্বৰ সিংহৰ (১৭৫১-১৭৬৯) দিনত নিৰ্মিত মুঠ সাতমহলীয়া  এই পকী ৰাজপ্ৰসাদটো অসম তথা উত্তৰ-পূবৰেই নহয় মধ্যযুগৰ সমগ্ৰ ভাৰতবৰ্ষৰেই এক অতি জাকতজিলিকা স্থাপত্যকলাৰ নিৰ্দশন । পূৰ্বে অৰ্থাৎ নিৰ্মাণনুসৰি এই ৰাজপ্ৰসাদটো সাতখলপীয়া বা সাতমহলীয়া ৰূপত সজা হৈছিল । ইয়াৰে দুটা মহল মাটিৰ তলত আৰু পাঁচটা মহল মাটিৰ ওপৰত আছিল । নানান কাৰণত ইয়াৰ ভূ-গৰ্ভস্থ মহল দুটা বন্ধ হৈ পৰিছিল ।

অন্যহাতে, ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী তথা ইংৰাজ শাসন কালত তলফালৰ পৰা ইয়াৰ তিনিনম্বৰ মহলটোকো মাটিৰে পুতি বন্ধ অৰ্থাৎ নিশ্চিহ্ন কৰি পেলোৱা হয় । সম্প্ৰতি কাৰেংঘৰৰ চাৰিটা মহলহে দৃশ্যমান হৈ আছে ।

বুৰঞ্জী আৰু লোককথাৰ আলমত এটা জানিব পৰা গৈছে যে গড়গাঁৱৰ এই ৰাজকাৰেং অৰ্থাৎ কাৰেংঘৰৰ এই তলৰ মহলাৰ পৰা দিখৌ নৈৰ পাৰৰ লৈকে অহা-যোৱাৰ এক গোপন সুৰংগ আছিল; যিটো সুৰংগ তথা গুপ্ত পথেৰে বিপদৰ সময়ত ৰজাই জীৱন ৰক্ষাৰ বাবে কোনেও গম নোপোৱাকৈ পলাই যাবলৈ সক্ষম হৈছিল ।

আকৌ পৰৱৰ্তী সময়ত গড়গাঁৱৰ সমান্তৰালকৈ ৰংপুৰ চহৰক পৰৱৰ্তী আহোম ৰজাসকলে প্ৰশাসনিক কাম-কাজৰ গুৰুত্বপূৰ্ণ স্থান হিচাপে গ্ৰহণ কৰাৰ বাবে গড়গাঁও আৰু ৰংপুৰবাসীয়ে এই সুৰংগ পথ ব্যৱহাৰ কৰি গোপন আহযাহ কৰিছিল বুলি বহুতে ক’ব খোজে ।

অৱশ্যে আহোম ৰাজত্বৰ ওৰ পৰাৰ লগে লগে যেন এই দুৰ্গম পথ কেইটাৰো ওৰ পৰিছিল । ইতিমধ্যে বন্ধ কৰি পেলোৱা  কাৰেংঘৰৰ সেই তিনিমহলৰ বিষয়ে সম্প্ৰতি জনাৰ একো অৱকাশ নাই । তথাপিও চালে চকুৰোৱা বৰ্তমানৰ চাৰিমহলীয়া কাৰেংঘৰটোৰ প্ৰতিটো মহলেই বৰ্গ আকৃতিৰ, প্ৰতিটো মহলতেই মুকিল মজিয়া আছে ।

ওপৰৰ মহলকেইটা ক্ৰমান্বয়ে সৰুকৈ সজা, প্ৰতিটো মহলৰ বাওঁফালে ওপৰলৈ উঠিব পৰাকৈ ঠেক, থিয় আৰু আন্ধাৰ খটখতি আছে । ইছলাম আৰু টাই-আহোমসকলৰ মিশ্ৰিত স্থাপত্যশৈলীৰ বিশেষত্ব পৰিস্ফুট গড়গাঁৱৰ এই কাৰেংঘৰটো সাজোঁতে প্ৰয়োজন হোৱা সামগ্ৰীৰ পৰিমাণ আৰু ইয়াৰ জোখ-মখ চাৰোং ফুকনৰ বুৰঞ্জীত উল্লেখ পোৱা যায় ।

একবিংশ শতিকাৰ দৃষ্টিভংগীয়ে যদিও এই কাৰেংঘৰটো আপোনাৰ-মোৰ বাবে এটা সাধাৰণ ঘৰ কিন্তু ষোল্ল বা সোতৰ শতিকাৰ দৃষ্টিভংগীয়ে ইয়াক কিন্তু আমি বহু উচ্চ আসনত ৰাখিবই লাগিব ।

যদিও এই কাৰেংঘৰ সাজোঁতে ব্যয় হোৱা শ্ৰম, অৰ্থ আৰু সময়ৰ কথা আমি আজিকোপতি সঠিককৈ জানিব পৰা নাই, যদিও এই কাৰেংঘৰৰ পৰিকল্পনা কৰোঁতা বা ইয়াৰ নক্সা প্ৰস্তুত কৰোঁতাজন আমাৰ আজিও অজ্ঞাত তথাপিও সেই সময়ৰ দৃষ্টিয়ে তাক যদি সঠিকৰূপত বিশ্লেষণ কৰিব পৰা যায় আমি সেইসময়ৰ অসমৰ আৰ্থ-সামাজিক, সাংস্কৃতিক, স্থাপত্য-ভাস্কৰ্য তথা সেই যুগৰ মানুহৰ চিন্তাৰ পৰিধি তথা অসাধাৰণ শক্তি আদিৰ বিষয়ে বহু তথ্যই উদঘাটন কৰিবলৈ সক্ষম হ’ম ।

     উল্লেখযোগ্য যে, জাতিৰ ঐতিহ্যৰ অলংকাৰেৰে আবৃত ইতিহাসে প্ৰতি যুগতেই জাতিৰ গতি-প্ৰগতি, উত্থান-পতনৰ বতৰা কঢ়িয়াই । ইতিহাস পুনৰাবৃত্তি হয় কিন্তু ইতিহাসক অৰ্থাৎ ইতিমধ্যে হৈ যোৱা ঘটনাপ্ৰবাহক কেতিয়াও, কোনেও সলনি বা ধ্বংস কৰিব নোৱাৰে ।

যেতিয়ালৈকে অসম আৰু অসমীয়া জাতি থাকিব, যেতিয়ালৈকে কাৰেংঘৰ জীয়াই থাকিব তেতিয়ালৈকে গড়গাঁৱে, তেতিয়ালৈকে মধুৰ স্মৃতিভৰা গড়গাঁৱৰ লোককথাবোৰে প্ৰতিটো ক্ষণতে প্ৰতিঅসমীয়াৰ মন-প্ৰাণ ভৰাই ৰাখিব । ইতিহাসপ্ৰসিদ্ধ, ছশ বছৰীয়া আহোম ৰাজত্বৰ জীৱন্ত সাক্ষী ৰাজকাৰেং কাৰেংঘৰৰ বুকুৰ পৰা সগৌৰৱে, সদম্ভে ইয়াকেই আজি আমি ঘোষণা কৰিছোঁ ৷

(লেখক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ গৱেষক লগতে হোজাইৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ সহকাৰী অধ্যাপক। ফোন: +৯১৯৯৫৪০০০২০০)

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: ইতিহাসৰ জলঙাইদি গড়গাঁও
Anjan Sarma

Anjan Sarma

Related Posts

Can Global Warming Trigger a Zombie Apocalypse Like ‘The Last of Us’?
Climate Change

Can Global Warming Trigger a Zombie Apocalypse Like ‘The Last of Us’?

by Kakali Das
September 16, 2026
0

Can Global Warming Trigger a Zombie Apocalypse Like ‘The Last of Us’? KAKALI DAS What do climate change and zombies...

Read moreDetails
Millets: Rediscovering the Super Food!

Millets: Rediscovering the Super Food!

September 15, 2026
The Debt Machine: How Your Future Became the World’s Most Profitable Product

The Debt Machine: How Your Future Became the World’s Most Profitable Product

September 14, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

September 14, 2026
ভাৰতৰ বুৰঞ্জী আমাৰ দেশৰ বুৰঞ্জী নহয়

চিলাৰায় ! চিলাৰায় নাছিল কি!!

September 13, 2026
ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

September 13, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
Zubeen Garg: The Voice of Climate Action

কপিল ঠাকুৰৰ “পিতৃৰ দৃষ্টিত জুবিন” : জুবিনৰ বিষয়ে বহুতো নজনা কথা 

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

September 16, 2026
From Montreal to Guwahati: Assam’s New Cooling Imperative

From Montreal to Guwahati: Assam’s New Cooling Imperative

September 16, 2026
Durga Puja and the Assamese “Story” Today, the “mark on the face…”

Opportunities in Rice Based System

September 16, 2026
Zubeen1

দ্য জুবিন গাৰ্গ ইফেক্টঃ এক সোণোৱালী স্মৃতি

September 16, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40999 shares
    Share 16399 Tweet 10250
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    19233 shares
    Share 7693 Tweet 4808
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4349 shares
    Share 1740 Tweet 1087
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    957 shares
    Share 383 Tweet 239
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    157 shares
    Share 63 Tweet 39
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4132 shares
    Share 1653 Tweet 1033
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    402 shares
    Share 161 Tweet 101
  • Attending RAI’S Class

    101 shares
    Share 40 Tweet 25
  • Arriving at the Kaziranga Buffer Zone, Scientifically

    95 shares
    Share 38 Tweet 24
  • Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d