• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, June 18, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Heritage

ইতিহাসৰ জলঙাইদি হাজো

গৌতম শৰ্মা

by Anjan Sarma
April 25, 2023
in Heritage, History, Tourism, Travel
Reading Time: 4 mins read
0
Share on FacebookShare on TwitterShare on LinkedIn

ইতিহাসৰ জলঙাইদি হাজো

গৌতম শৰ্মা

Gautam Sarma
গৌতম শৰ্মা

ইতিহাসৰ লগতে বহু ৰাজনৈতিক ঘটনাপ্ৰবাহৰ সাক্ষী হাজো হৈছে হিন্দু, ইছলাম আৰু বৌদ্ধ এই ত্ৰিধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ পুণ্যভূমি।

হাজোৰ চৌপাশে সিঁচৰতি হৈ থকা শিলালিপি, তাম্ৰলিপি, ৰাজপত্ৰ আৰু স্থাপত্য-ভাস্কৰ্যসমূহে হাজোৰ ঐতিহ্য আৰু ইয়াৰ ঐতিহাসিক গুৰুত্বক সদায় আমাক সোঁৱৰাই আছে।

হয়গ্ৰীৱ মাধৱ, কেদাৰ, কমলেশ্বৰ, কামেশ্বৰ আৰু গণেশ; এই পাঁচখন হিন্দু তীৰ্থস্থানৰ বাবে  অসমৰ ইতিহাসত হাজোক ‘পঞ্চতীৰ্থ নগৰী’ হিচাপে জনা যায়। হিন্দুসকলৰ লগতে বৌদ্ধ আৰু ইছলাম ধৰ্মীয় লোকসকলেও ক্ৰমে হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰটো আৰু পোৱামক্কাক পবিত্র স্থান বুলি গণ্য কৰে। 

ইতিহাসৰ পৃষ্ঠা খুচৰি চালে আমি দেখিবলৈ পাওঁ যে বিভিন্ন সময়ত বিভিন্ন ধৰ্মীয় আৰু ধৰ্ম-নিৰপেক্ষ সাহিত্যসমূহত হাজোক বিভিন্ন নামেৰে নামকৰণ কৰা হৈছিল। কালিকাপুৰাণ আৰু মাৰ্কেণ্ডেয় পুৰাণত হাজোক অপূৰ্ণভৱ, মণিকূট আৰু ৰবিক্ষেত্ৰ হিচাপে জনা গৈছিল। যোগিনীতন্ত্ৰত হাজোক বিষ্ণুপুস্কৰ, অপূৰ্ণভৱ আৰু সূৰ্যক্ষেত্ৰ নামেৰে; আৰু সূৰ্যখড়ী দৈৱজ্ঞই ৰচনা কৰা দৰং ৰাজবংশাৱলীত মণিকূট গ্ৰাম নামেৰে জনা গৈছে।

অন্যহাতেদি, বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে হাজোক ‘চাম-চো-ডাম’, মোগলসকলে ‘চুজাবাদ’ বুলি কৈছিল।

ইতিহাসৰ জলঙাইদি হাজো
Image: Anita Sarma

আকৌ স্থানীয় আহোম বুৰঞ্জী আৰু বৈষ্ণৱ চৰিত পুথিসমূহৰ লগতে বিভিন্ন কবিসকলৰ ৰচনাত হাজোক ‘হাজো’ নামেৰেই জনা গৈছিল। ভাষাতাত্বিক বাখ্যা অনুসৰি, ‘হাজো’ শব্দটো বড়োমূলীয়। ভাষাবিদ ড° বাণীকান্ত কাকতি, কেপ্তেইন ডল্টনকে প্ৰভৃতি কৰি বিভিন্ন পণ্ডিতসকলে  সদৰী কৰা বৰ্ণনা মতে ‘হা’ মানে ‘মাটি’ আৰু ‘জো’ মানে ‘ওখ; অৰ্থাৎ ‘হাজো’ শব্দৰ অৰ্থ হৈছে ‘ওখ ঠাই’ বা পাহাৰ।

হাজোৰ ঐতিহ্য আৰু গুৰুত্ব নিৰ্ভৰ কৰা প্ৰথম তথা মূল কেন্দ্ৰস্থল হৈছে হাজোৰ ‘হয়গ্ৰীৱ মাধৱ মন্দিৰ’টো।

এই মন্দিৰটো হৈছে প্ৰায় ৯২ মিটাৰ তথা ৩০০ ফুট ওখ উচ্চতাত হাজোৰ মণিকূট পাহাৰত অৱস্থিত প্ৰাচীন অসমৰ হিন্দু আৰু বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ বাবে চিৰপৰিচিত এখন পবিত্ৰ তীৰ্থস্থান। হিন্দু ধৰ্মীয় দৰ্শন অনুসৰি এই মন্দিৰটো হৈছে মূলত এটা বিষ্ণু মন্দিৰ। হয়গ্ৰীৱ মাধৱ হৈছে হিন্দু ধৰ্মীয় লোকসকলৰ বিশ্বাসৰ আধাৰত প্ৰতিস্থাপিত ভগৱান বিষ্ণুৰ ঘোঁৰা ৰূপত হোৱা এক অৱতাৰ।

উল্লেখ্য যে, এই ধৰ্মীয় দিশত কালিকাপুৰাণ গ্ৰন্থখনে হাজোৰ এই হয়গ্ৰীৱ মাধৱ মন্দিৰটোৰ বিষয়ে বিশ্বাস আৰু বিস্ময়েৰে ভৰা বহুখিনি বৰ্ণনা আগবঢ়াইছে।

ধৰ্মীয় দিশতকৈ বহু শ বছৰীয়া ঐতিহ্য বহনকাৰী হাজোৰ স্থাপত্য-ভাস্কৰ্যসমূহহে অতিশয় মনকৰিবলগীয়া। হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰটোৰ গৰ্ভগৃহত পাঁচটা বিশেষ বিগ্ৰহ বা মূৰ্তি আছে; যিকেইটা হৈছে- হয়গ্ৰীৱ মাধৱ, বুঢ়া মাধৱ, চলন্তা মাধৱ, বাসুদেৱ আৰু গড়ুৰ পক্ষী। বেদীৰ একেবাৰে সোঁমাজত শুভ্ৰ বসনা বুঢ়া মাধৱ, তেওঁৰ সোঁফালে চলন্তা মাধৱ, বাওঁফালে হয়গ্ৰীৱ মাধৱ; আকৌ হয়গ্ৰীৱ মাধৱৰ বাওঁফালে গড়ুৰ পক্ষী আৰু চলন্তা মাধৱৰ সোঁফালে বাসুদেৱৰ বিগ্ৰহ আছে।

ইয়াৰে চলন্তা মাধৱ বিগ্ৰহটো উৎসৱ-পাবৰ্ণ আদিত বাহিৰলৈ উলিওৱা অৰ্থাৎ চলাচল কৰোৱা হয়।

ইতিহাসৰ জলঙাইদি হাজো
Image: Anita Sarma

মন্দিৰৰ গৰ্ভগৃহলৈ সোমোৱা দুৱাৰমুখত দ্বাৰপাল হনুমানৰ মূৰ্তি আছে। মন্দিৰটোলৈ উঠি যাব পৰাকৈ পশ্চিম আৰু উত্তৰ দিশত দুখন শিলৰ খটখটিও আছে, উত্তৰ দিশে উঠি গৈ পোৱা দুৱাৰখনক সিংহদ্বাৰ বুলি কোৱা হয়। আকৌ এই মন্দিৰটোৰ গাত থকা শিলত কটা নৰসিংহৰ মূৰ্তিটো পাশ্বদেৱতাৰ বুলি গণ্য কৰা হয়।

কামাখ্যা মন্দিৰৰ দৰেই প্ৰতিষ্ঠা হোৱাৰ দিন ধৰি কোঁচ আৰু আহোমসকলৰ ৰাজত্ব কালৰলৈকে অনেকবাৰ হয়গ্ৰীৱ মাধৱ মন্দিৰটোকো পুনৰ নিৰ্মাণ কৰা হৈছিল বুলি ঐতিহাসিকসকলে ক’ব খোজে। বৰ্তমানে যিটো মন্দিৰ থিয় হৈ আছে সেইটো মন্দিৰৰ ওপৰৰ অংশটো ১৫৮৩ চনত কোঁচ ৰজা ৰঘুদেৱে পুনৰ নিৰ্মাণ কৰিছিল। অৱশ্যে মন্দিৰৰ তলৰ অংশটো আগৰ ধৰণেই আছিল।

আনুমানিক ষষ্ঠ শতিকা বা তাৰ আগতেই প্ৰাচীন অসমত ৰাজত্ব কৰা কোনোবা ৰাজবংশৰ ৰজাৰ পৃষ্ঠপোষকতাত এই মন্দিৰটো পোনপ্ৰথমে নিৰ্মাণ কৰা হৈছিল।

মন্দিৰটোৰ প্ৰথমাৱস্থাৰ ইতিহাস পাবলৈ নাই যদিও ইয়াৰ পৰৱৰ্তী নিৰ্মাণৰ ইতিহাস দৰং ৰাজবংশাৱলীত উল্লেখ আছে। সেই অনুসৰি, এবাৰ দৰং ৰজা ৰঘুদেৱে মৃগয়া কৰিবৰ কাৰণে এই ঠাইলৈ আহোঁতে অটব্য অৰণ্যৰ মাজত কেইটামান মন্দিৰৰ ধ্বংসস্তূপ দৃষ্টিগোচৰ হোৱাত ইয়াক পুনৰ নিৰ্মাণৰ বাবে বৰকাথ নামৰ বিষয়াজনক আদেশ দিছিল। আকৌ মন্দিৰৰ ভিতৰত পোৱা ৰঘুদেৱৰ শিলালিপিখনে কয় যে, হয়গ্ৰীৱ মাধৱ মন্দিৰৰ নিৰ্মাণৰ ভাৰ ৰজাই শ্ৰীধৰ নামৰ এজন লোককহে অৰ্পণ কৰিছিল।

মন্দিৰৰ ভিতৰত ৰঘুদেৱৰ লগতে আহোম ৰজা প্ৰমত্তসিংহ আৰু কমলেশ্বৰ সিংহৰো শিলালিপি পোৱা গৈছে। তাত উল্লেখ থকা তথ্য অনুসৰি প্ৰমত্তসিংহই এই মন্দিৰৰ প্ৰাংগণত থকা ফাকুৱা দ’লটো নিৰ্মাণ কৰোৱাইছিল। হয়গ্ৰীৱ মাধৱ মন্দিৰৰ স্থাপত্য-ভাস্কৰ্য শৈলীসমূহৰ বৈশিষ্ট্যগত দিশসমূহে এই মন্দিৰটোৰ নিৰ্মাণত বৌদ্ধ ধৰ্মীয় ভাস্কৰ্য শৈলীৰ প্ৰভাৱৰ কথাও কয়।

হয়তো সেইবাবেই তিব্বত, ভূটান আদি দেশসমূহৰ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে হয়গ্ৰীৱ মাধৱ মন্দিৰটোক পূণ্যস্থান হিচাপে জ্ঞান কৰি বছৰৰ একোটা নিৰ্দিষ্ট সময়ত মন্দিৰটো দৰ্শন কৰিবলৈ হাজোলৈ আহে। বিশেষকৈ তিৰ্বতৰ লামা সম্প্ৰদায়ৰ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে বুঢ়া মাধৱৰ বিগ্ৰহটোক মহামুনি বুদ্ধৰ মূৰ্তি বুলি বিবেচনা কৰে।

হয়গ্ৰীৱ মাধৱ মন্দিৰটোৰ গঠন প্ৰক্ৰিয়াত বিমান, অন্তৰাল, মণ্ডপ এই  তিনিটা প্ৰধান অংশ পৰিস্ফুট। প্ৰধানকৈ ইয়াক পঞ্চৰথ পদ্ধতিৰ নগৰ শৈলীৰে সজোৱা হৈছিল। মন্দিৰৰ বিমান আৰু মণ্ডপ প্ৰায় একে আকৃতিৰ। বিমান, ভেটি আৰু মস্তকৰলৈকে নিৰ্মাণত নাগৰ আৰ্হিৰ নিদৰ্শন পোৱা যায়; মন্দিৰৰ অন্তৰাল আৰু মণ্ডপৰ ওপৰত থকা চাল সম্পূৰ্ণ চেপেটা। ভেটি অংশত সৰু-ডাঙৰ চাৰিটা পটি আছে, এই পটিয়ে মন্দিটোৰ নিৰ্মাণত গজৰথ শৈলীৰ প্ৰভাৱৰ কথাও স্পষ্টকৈ কয়।

790596181
Image: Anita Sarma

কিয়নো, ইয়াৰ একেবাৰে তলৰ পটিটোত ১২৪ টা হাতীৰ এশাৰী মূৰ্তিয়ে মন্দিৰৰ সম্পূৰ্ণ ভৰ বহন কৰি থকাৰ দৰে ফুটাই তুলিবলৈ যত্ন কৰোৱা হৈছে। অন্যান্য তিনিটা পটিত ক্ৰমে বুটাৰ লগত ফুলপাহী, বাঁহৰ ঢাৰীৰ মূৰ আৰু এঢলীয়াকৈ কটা পদুমৰ পাহীৰ নক্সাসমূহ আছে। মন্দিৰৰ বাহিৰ ফালৰ বেৰত বিষ্ণুৰ দশৱতাৰ মূৰ্তিসহ অন্যান্য দেৱ-দেৱীসমূহৰ মূৰ্তিৰ ছবি খোদিত কৰা আছে।

বহু পণ্ডিতে এই ছবিসমূহক অষ্টম শতিকাত মধ্য ভাৰতত বিকশিত হোৱা ইলোৰাত নিৰ্মিত কৈলাশনাথ মন্দিৰত থকা ভাস্কৰ্যশৈলীৰ সৈতে মিল আছে বুলি কয়। আকৌ বহুতেই মন্দিৰৰ মণ্ডপ গঠনত বংগদেশীয় অৰ্থাৎ শেষ মধ্যযুগীয় ইছলামীক শৈলীৰ প্ৰভাৱৰ কথাও কৈছে।

কিয়নো মণ্ডপৰ স্তম্ভৰ জোঙাল আৰ্চত ইছলামীয় নক্সাৰ প্ৰভাৱ স্পষ্ট। সম্ভৱতঃ ৰঘুদেৱে ভগ্নপ্ৰায় হয়গ্ৰীৱ মাধৱ মন্দিৰটোৰ পুনৰ নিৰ্মাণৰ বাবে নিয়োগ কৰা স্থপতিবিদসকলক বংগৰ ইছলামীয় প্ৰভাৱৰ পৰা অনা হৈছিল। যিসকলৰ নিৰ্মাণ শৈলীত পৰম্পৰাগত তথা ইয়াৰ স্থানীয়  নিৰ্মাণ শৈলী আৰু বংগীয় ইছলামীয় শৈলীৰ দ্বৈত প্ৰভাৱ দেখিবলৈ পোৱা গৈছিল।

হয়গ্ৰীৱ মাধৱ মন্দিৰটোৰ নামনিত এটা বিশাল পুখুৰী আছে; যাক অপূৰ্ণকুম্ভ বুলি জনা যায়। ইয়াত এটি বহু শ বছৰীয়া বৰকাছৰ লগতে বহু মাছ পোৱা যায়; আৰু এই মাছ আৰু কাছক হয়গ্ৰীৱ মাধৱৰ ভক্তসকলে বিষ্ণুৰ দুটা বিশেষ অৱতাৰ মৎস আৰু কুৰ্মক প্ৰতিনিধিত্ব কৰে বুলি বিশ্বাস কৰে। এই পুখুৰীৰ পানীত ভৰি-হাত ধুই খটখটিয়েদি মন্দিৰলৈ উঠি যোৱাটো এটা অতি পুৰণি নিয়ম।

1559031953
Image: Anita Sarma

হাজোৰ অন্যান্য উল্লেখযোগ্য তীৰ্থস্থানসমূহ হৈছে, হয়গ্ৰীৱ মাধৱ মন্দিৰৰ পৰা প্ৰায় তিনি কিলোমিটাৰ পূবে মদনাচল পাহাৰত অৱস্থিত কেদাৰ, কামেশ্বৰ আৰু কমলেশ্বৰ নামৰ মন্দিৰকেইটা; এই তিনিওটা মন্দিৰেই মহাদেৱ শিৱৰ নামত উৎসৰ্গিত। কেদাৰত থকা শিৱলিংগটোক ‘অৰ্দ্ধনাৰীশ্বৰ’ বুলি কোৱা হয়, ইয়াৰ কাষতে ‘মদন পুস্কৰ’ নামৰ এটি সৰোবৰ আছে। মন্দিৰৰ ভিতৰত থকা এখন শিলালিপিৰ যোগেদি এই মন্দিৰটো আহোম ৰজা ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল বুলি জনা যায়।

কেদাৰ মন্দিৰত প্ৰতিবছৰে শিৱৰাত্রী বহু উলহ-মালহেৰে উদযাপন কৰা হয়। কেদাৰৰ পূবে কমলেশ্বৰ অৱস্থিত। য’ত প্ৰতিদিনে পূজা-অৰ্চনা আৰু ভোগ দিয়া হয়। অন্যহাতেদি, মদনাচল পাহাৰৰ পশ্চিমৰ নামনিত কামেশ্বৰ মন্দিৰটো আছে। ইয়াতে মদন কামদেৱৰ উপাসনাৰ থলী আছিল বুলি বিশ্বাস কৰা হয়। এই মন্দিৰ তিনিটাৰ চৌপাশে বহু সৰু-বৰ মূৰ্তি পোৱা গৈছে।

ইয়াতে পোৱা ৮ ফুট বহল আৰু ৪ ফুট দ শিলৰ বৃহৎ চৰিয়াটোক ভীমৰ পইতা ভাত খোৱা চৰিয়া বুলি বিশ্বাস কৰা হয়। কোনো-কোনোৱে আকৌ এইটো ভাং খুন্দা খুন্দনা বুলিও কয়। ইয়াত থকা শিলৰ দমৰা গৰুটোক শিৱৰ বাহন বৃষভ হিচাপে গণ্য কৰা হয়।

হয়গ্ৰীৱ মাধৱ মন্দিৰৰ পৰা প্ৰায় ২০০ মিটাৰ পূবে এটা গণেশ মন্দিৰো আছে; এই মন্দিৰতেই পঞ্চতীৰ্থ দেৱতাসকলৰ মিলন হয় বুলি বিশ্বাস কৰা হৈছিল। এই মন্দিৰৰ প্ৰৱেশদ্বাৰত আহোম ৰজা প্ৰমত্তসিংহ আৰু দুৱৰা ফুকনৰ শিলালিপি আছে।

সম্ভৱতঃ দশম-একাদশ শতিকামানতে নিৰ্মিত এই মন্দিৰটো আহোম ৰজা আৰু বিষয়াসকলৰ তত্বাৱধানত পুনৰ নিৰ্মাণ কৰা হৈছিল। আহোম ৰজা লক্ষ্মীসিংহই ১৭৭৪ চনত কমলেশ্বৰ মন্দিৰৰ দক্ষিণে ‘জয়দুৰ্গা’ নামেৰে এটি শাক্ত মন্দিৰো নিৰ্মাণ কৰিছিল।

অন্যহাতেদি এই হাজোৰ প্ৰৱেশদ্বাৰতেই মহাপুৰুষ মাধৱদেৱে এজোপা ধোপ গছৰ তলত স্থানীয় লোকসকলৰ সহযোগত ‘ধোপৰগুৰি’ সত্ৰখন প্ৰতিষ্ঠা কৰি ইয়াতেই পোনপ্ৰথমবাৰৰ কাৰণে মহাপুৰুষ শংকৰদেৱৰ ‘ৰুক্মিণী হৰণ’ অংকীয়া নাটখনি মঞ্চস্থ কৰিছিল বুলি জনা যায়। এই ধোপৰগুৰি সত্ৰৰ এচটা শিলত মাধৱদেৱৰ পদচিহ্ন এটিও সংৰক্ষিত কৰি ৰখোৱা হৈছে; শংকৰ জন্মোৎসৱৰ সময়ত ইয়াক দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হয়।

ইতিহাসৰ জলঙাইদি হাজো
Image: Anita Sarma

ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবেও হাজো হৈছে এখন মূল্যৱান ঠাই; কিয়নো এই হাজোৰ সকলোতকৈ ওখ টিলা গৰুড়াচলৰ শিখৰতেই আছে তেওঁলোকৰ পবিত্র তীৰ্থস্থান ‘পোৱামক্কা’। এই পোৱামক্কা প্ৰতিষ্ঠা আৰু নামকৰণত যিজন বিশেষ ব্যক্তিৰ নাম পোনপ্ৰথমে পোৱা যায় তেখেত আছিল গীয়াছুদ্দিন আওলীয়া।

গীয়াছুদ্দিন আওলীয়াই কামৰূপ-কমতাপুৰত পোনপ্ৰথমে মছজিদ বনাই নামাজ পঢ়াৰ পদ্ধতি শুভাৰম্ভ কৰিছিল বুলি বহু লোকে ক’ব খোজে। এই তীৰ্থস্থানখনৰ নামকৰণৰ ক্ষেত্ৰতো বহুবোৰ প্ৰবাদ প্ৰচলিত আছে। প্ৰচলিত এক প্ৰবাদ অনুসৰি এই তীৰ্থস্থানখন প্ৰতিষ্ঠাৰ সময়ত গীয়াছুদ্দিন আওলীয়াই ইয়াতে ৯০ টা মূৰ্তি উদ্ধাৰ কৰিছিল; আৰু সংখ্যাগত দিশত ইয়াৰ পৰিমাণ মক্কাত পোৱা মূৰ্তিৰ চাৰিভাগৰ এক অংশ আছিল।

আকৌ অন্য এক প্ৰবাদ মতে গীয়াছুদ্দিন আওলীয়াই এই তীৰ্থস্থানখন প্ৰতিষ্ঠা কৰাৰ বাবে মক্কাৰ কাবা শ্বৰীফৰ পৰা এপোৱা মানি আনি ইয়াত দিছিল। আকৌ প্ৰচলিত অন্য এক প্ৰবাদে কয় যে এই ঠাই ভ্ৰমণ কৰিলে মক্কা দৰ্শনৰ চাৰিভাগৰ এক অংশ পাপ খণ্ডন হয় বাবে ইয়াক পোৱামক্কা হিচাপে জনা যায়। উল্লেখযোগ্য যে, পোৱামক্কাৰ প্ৰতিষ্ঠাতা গীয়াছুদ্দিন আওলীয়াৰ পৰিচয় সম্পৰ্কেও যথেষ্ট কাহিনী আৰু বাদানুবাদ আছে ৷

এই পোৱামক্কাতেই গীয়াছুদ্দিন আওলীয়াৰ সমাধিক্ষেত্ৰ আৰু এটা পুৰণি মছজিদ আছে। যিটো মছজিদৰ বেৰত থকা পাৰ্ছী ভাষাত লিখা এখন ফলিত উল্লেখ আছে যে মোগল সম্ৰাট ছাহজাহানৰ ৰাজত্ব কালত তেওঁৰ পুত্ৰ চুজাই এই পোৱামক্কা নিৰ্মাণ কৰোৱাইছিল; আৰু ইয়াৰ নিৰ্মাণৰ দায়িত্বক অৰ্পণ কৰা হৈছিল মীৰ লুটফুল্লা-ই-চিৰাজক। ১০৫৭ হিজৰী অৰ্থাৎ ১৬৫৭ চনত ইয়াক নিৰ্মাণ কৰা হৈছিল।

উল্লেখ্য যে, ১৯৫৬ চনত এই মোগল বিষয়াজনে গীয়াছুদ্দিন আওলীয়াৰ দৰগাহলৈ বুলি মাটি দান কৰিছিল। আহোম ৰজা ৰুদ্ৰসিংহ, লক্ষ্মীসিংহ, কমলেশ্বৰ সিংহয়ো এই ধৰ্মীয় স্থানখনলৈ মাটি-বাৰী দান দিছিল। পুৰণি এই মছজিদটো ১৮৯৭ চনত হোৱা এটি বৰভূঁইকপৰ ফলত ক্ষতিগ্ৰস্ত হোৱাত পুনৰ বনোৱা হৈছিল; বৰ্তমানে যিটো মছজিদ থিয় হৈ আছে সেইটো ১৯৮৫ চনতহে নিৰ্মাণ কৰা হৈছিল।

পোৱামক্কাত প্ৰতিবছৰে মাঘ মাহত হিন্দু-মুছলমান সকলো একত্ৰিত্ব হৈ ’উৰুছ’ উৎসৱ পালন কৰে; এই ‘উৰুছ’ শব্দৰ অৰ্থ হৈছে ‘মিলন’ বা ‘দেখা কৰা’। এই উৎসৱ মাঘ মাহৰ দোমাহিৰ পৰা আৰম্ভ হৈ ফাগুন মাহৰলৈকে চলে। উল্লেখযোগ্য যে, মাঘী পূৰ্ণিমাৰ দিনা পূৰ্ণ উৰুছ পালন কৰা হয়; যিদিনা পোৱামক্কা হিন্দু আৰু ইছলামধৰ্মী লোকসকলৰ মহামিলনৰ মহাতীৰ্থ ভূমিলৈ পৰ্যবেসিত হয়।

তদুপৰি ত্ৰিধৰ্মীয় ঐতিহ্যৰে সমৃদ্ধ হাজো প্ৰাকৃতিক পৰিৱেশেৰে সজোৱা সৌন্দৰ্যও চালে চকু ৰোৱা। মণিকূট, গৰুড়াচল, মদনাচল পাহাৰৰ নৈসৰ্গিকতা, লখাইতৰা নৈৰ জলপ্ৰবাহ আৰু পানীখাইতি বিলৰ সৌন্দৰ্যই হাজোৰ ঐতিহ্যক দুগুণে উজ্বলাই তুলিছে। লগতে হাজোৰ কাঁহ-পিতল, মৃৎ, কাঠ, বাঁহ আৰু পুষ্প শিল্পয়ো ঠাইখনক আজি সুন্দৰ ৰূপত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।

ধৰ্মীয় আৰু সাংস্কৃতিক নগৰী হাজোৰ এই বিশেষত্বসমূহে স্থানীয় আৰু দেশী-বিদেশী পৰ্যটকসকলৰ লগতে ঐতিহ্য, সংস্কৃতি আৰু প্ৰকৃতিপ্ৰেমী আৰু পৰ্যটকসকলকো ব্যাপক ৰূপত আকৰ্ষণ কৰিব পৰা যথেষ্টখিনি সম্ভাৱনা লুকাই আছে।

(লেখক ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ সহকাৰী অধ্যাপক । ফোন : +৯১৯৯৫৪০০০২০০)

[Headline Image: Anita Sarma]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম
ASSAMESE SECTION

সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম

by Anjan Sarma
June 14, 2026
0

সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম অঞ্জন শৰ্মা  ফেব্ৰুৱাৰী মাহৰ সময়, ১৮২৪ চন। অসম বিধ্বস্ত মানৰ আক্ৰমণত ! চৌদিশে...

Read moreDetails
Brahmaputra -The never-ending metaphor as Media of the valley

Brahmaputra -The never-ending metaphor as Media of the valley

June 11, 2026
Why Hitler Hated Jews: Origins of the Holocaust

Why Hitler Hated Jews: Origins of the Holocaust

May 28, 2026
DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

May 16, 2026
Sikhna Jwhwlao Puts Assam Second in Protected Areas Race

Sikhna Jwhwlao Puts Assam Second in Protected Areas Race

April 21, 2026
CHARAIDEO

World Heritage Day: Preserving Culture, Protecting Identity

April 18, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
The Modern Odyssey: Cape Verde’s ‘Ulysses Spirit’ Rewrites World Cup History Against 2010 Champions

The Modern Odyssey: Cape Verde’s ‘Ulysses Spirit’ Rewrites World Cup History Against 2010 Champions

June 17, 2026
Childhood under Siege

Childhood under Siege

June 16, 2026
Indigenous Agrobiodiversity: A Climate Survival Opinion

Indigenous Agrobiodiversity: A Climate Survival Opinion

June 16, 2026
Geography and Geopolitics: How Location, Resources, Climate, and Trade Routes Shape Global Power

Geography and Geopolitics: How Location, Resources, Climate, and Trade Routes Shape Global Power

June 16, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    35069 shares
    Share 14027 Tweet 8767
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    15657 shares
    Share 6263 Tweet 3914
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    969 shares
    Share 388 Tweet 242
  • বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

    669 shares
    Share 268 Tweet 167
  • CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

    322 shares
    Share 129 Tweet 81
  • পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব 

    3523 shares
    Share 1409 Tweet 881
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    1065 shares
    Share 426 Tweet 266
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3847 shares
    Share 1539 Tweet 962
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6652 shares
    Share 2661 Tweet 1663
  • মাধৱদেৱৰ সাহিত্যকৃতি

    712 shares
    Share 285 Tweet 178
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d