ইতিহাসৰ পাটীগণিতৰ ‘ৰি-মিক্স’: পদ্মাৱতী,মাজু, পিজৌ আৰু ৰঙিলী
অঞ্জন শৰ্মা

পদ্মাৱতী:
বেঙেনাআটীয়া ভকতৰ জীয়ৰী পদ্মাৱতী, উৰ্বশী–ৰম্ভাকো বিচলিত কৰিব পৰাকৈ আছিল ৰূপৱতী!
পদ্মাৱতী, আ: কি যে কালান্তক আছিল পদ্মাৱতীৰ কুন্দত কটা ৰূপ, দেখিয়েই ৰোমাঞ্চিত হৈছিল অসমৰ ৰজা চন্দ্ৰকান্ত, ৰূপৱতী পদ্মাৱতী, স্বৰ্গদেউ উদ্বাউল, বাধা দিব কোনে ?
অসমৰ ৰাজসভাত চন্দ্ৰকান্তৰ কামোৰঞ্জনৰ বাবে প্ৰত্যক্ষ হৈছিল নাচনী হিচাপে পদ্মাৱতী, পদ্মাৱতীৰ নৃত্যৰ তালে তালে কামাতুৰ চন্দ্ৰকান্ত, নাচনী ‘নাচনী‘ হৈ নাথাকি হৈ পৰিছিল কাৰেঙৰ লিগিৰী, কাৰেঙৰ লিগিৰী পদ্মাৱতীৰ কোমল উমাল পৰশত ৰোমাঞ্চিত স্বৰ্গদেউ, ডা-ডাঙৰীয়া বুঢ়াগোহাঁই সকলোকে বজ্ৰাহত কৰি সকলোৰে পৰামৰ্শ নস্যাৎ কৰি লিগিৰীক পাতিছিল পৰ্বতীয়া কুৱঁৰী !
চন্দ্ৰকান্তৰ কলিজাৰ এফাল ৰূপৱতী পদ্মাৱতী হৈ পৰিছিল পৰ্বতীয়া কুৱঁৰী, অসমৰজাৰ পৰ্বতীয়া কুৱঁৰী পদ্মাৱতীয়ে সকলোৰে সেৱা গ্ৰহণ কৰি কৰি হৈ অহংকাৰী যেতিয়া নাপালে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ সেৱা ‘সামান্য ভকতৰ নাচনী ছোৱালী‘ বুলি, ক্ষুণ্ণ অভিমানী অহংকাৰী পদ্মাৱতী হৈ পৰিছিল ভয়ংকৰ নাগিনী!
ৰূপৱতীৰ দ্বাৰা প্ৰৰোচিত হৈছিল ৰজা, ৰজাৰ লগৰীয়া উপদেষ্টা সৎৰাম, ৰোপণ হৈছিল বিভেদ – ষড়যন্ত্ৰৰ বীজ, ইতিহাসৰ পৃষ্ঠাই পৃষ্ঠাই লিখা আছে তাৰে ভয়ংকৰ পৰিণাম, স্বাধীন অসমৰ যৱনিকাৰ আৰম্ভণিৰ আৰম্ভণি,……!!
মাজু আইদেউ:
স্বৰ্গদেউ চন্দ্ৰকান্তৰ ভনীয়েক পিজৌ আইদেউ, বিয়া দিছিল পূৰ্ণানন্দৰ পুত্ৰ প্ৰেমনাথলৈ, প্ৰেমনাথৰ প্ৰেমে সন্তুষ্ট কৰিব পৰা নাছিল আইদেউক, টিকা নাছিল সেই বিয়া, বিয়াৰ কিছুদিন পিছতেই হৈ মনৰ অমিল – মাজু আইদেৱে প্ৰেমনাথৰ ভায়েক ওৰেষানাথক কৰিছিল স্বামী বৰণ!
পিজৌ আইদেউ:
পিজৌ আইদেউ আছিল কুখ্যাত বদন বৰফুকনৰ একমাত্ৰ জীয়ৰী, ধুম-ধামকৈ অজস্ৰ সা-সম্পত্তি লগত দি পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ পুত্ৰ ওৰেষানাথলৈ পিজৌ আইদেউক বিয়া দিছিল বদনে, বদন বৰফুকনে, পিজৌ আইদেউ হৈ পৰিছিল মাজু আইদেউৰ সতিনী; বদন আৰু পূৰ্ণানন্দৰো পিছলৈ মতান্তৰ হৈ মনান্তৰ হোৱাত এদিন মহেশ্বৰ পৰ্বতীয়া ফুকনক প্ৰেৰণ কৰিছিল বদনক বন্দী কৰিবলৈ!
তেনে সময়তে মাজু আইদেৱে সতিনী পিজৌ আইদেউক কৈছিল-‘বাপেৰৰ জহত গৰ্ব নকৰিবি/বাপেৰক বন্দী কৰি পোতাশালত দিব’, পিতৃৰ সম্ভাব্য বিপদে বিচলিত কৰিছিল পিজৌক আৰু পৰ্বতীয়া ফুকনে বদনক বন্দী কৰাৰ পূৰ্বেই বদনৰ হাতত পৰাকৈ এখন চিঠি প্ৰেৰণ কৰিছিল পিজৌৱে, বদন পলাই গৈছিল , এদিন মানৰ দেশ পাইছিল বদনে, পিছৰখিনি ভয়ংকৰ মৰ্মন্তুদ ইতিহাস, অসমৰ স্বাধীনতা বেলি ডুবাৰ আৰম্ভণি, মানৰ দিনৰ আৰম্ভণি,…!!
ৰঙিলী কুৱঁৰী:
অগ্নিবৰ্ষী ৰূপেৰে ৰূপৱতী ৰঙিলী, আছিল ৰঙাচিলা দুৱৰা পৰিয়ালৰ বৰম বৰুৱাৰ আপোন পেহী, স্বৰ্গদেউ কমলেশ্বৰ বৰুৱাৰ সময়, মৰাণ-চিংফৌ একত্ৰিত হৈ কৰিছিল আহোমৰাজ্য আক্ৰমণ, বুঢ়াগোহাঁই পূৰ্ণানন্দই এছোৱা ৰাজ্য মৰাণক দি চিংফৌ বিছানঙ্গৰ লগত মিত্ৰতা কৰি ৰূপহী ৰঙিলীক আহোম ৰাজকুৱঁৰী বুলি আ-অলংকাৰেৰে ওপচাই বিছানঙ্গক উপহাৰ দিছিল !
বিছানঙ্গে আকৌ মানৰজাৰ অনুগ্ৰহ পাবলৈ ৰঙিলীক ‘অসমৰজাৰ কুৱঁৰী’ বুলি উপহাৰ দিছিল মানৰজাক, দুৱৰা পৰিয়ালৰ ৰঙিলী হৈ পৰিছিল মানৰজাৰ ৰাজমহিষী, কিন্তু ৰঙিলীৰ অন্তৰত একুৰা জুই জ্বলি আছিল, মাক-দেউতাকৰ বুকুৰ মাজৰ পৰা আজুৰি আনি, কাঢ়ি আনি চিংফৌ বিছানঙ্গক উপহাৰ দিয়া ঘটনাটোৰ তীব্ৰ মানসিক যন্ত্ৰণাৰ জুই, পূৰ্ণানন্দৰ প্ৰতি তীব্ৰ ঘৃণাৰ জুই,…..!!
মানদেশ:
প্ৰথম দৃশ্য
ইৰাৱতী নদীৰ বালিত বদনৰ শিৱিৰ, বদনৰ শিৱিৰৰ কাষেৰে পাৰ হৈ গৈছিল এজনী লিগিৰী, ৰাজমহিষী ৰঙিলীৰ এজনী অসমীয়া লিগিৰী, অসমীয়া মাত-কথা শুনি লিগিৰীয়ে লৈছিল বদনৰ সৱিশেষ, উভতি গৈ জনাইছিল ৰঙিলীক; আনন্দিত হৈছিল ৰঙিলী, বদনো আছিল ৰঙাচিলা দুৱৰাৰ ঘৰৰ ভিতৰুৱাল ফুকনৰ পুতেক, ৰঙিলীৰ সম্পৰ্কীয় ককায়েক!!
দ্বিতীয় দৃশ্য
বদনে ৰঙিলীক কৈ গৈছিল, অসমত ৰজা নাইকিয়া হ’ল, পূৰ্ণানন্দ বুঢ়াগোহাঁই ৰজা হ’ল, বুঢ়াগোহাঁইক আতৰাই ভাইৰজাৰ বংশৰ এজনক সিংহাসনত বহুৱাবলৈ সহায় লাগে; ৰঙিলীৰো জুইকুৰা জ্বলি উঠিছিল দাউ-দাউকৈ, পূৰ্ণানন্দক এশেকা দিবলৈ ৰঙিলীয়ে মানৰজাৰ ৰাজসভালৈ লৈ গৈছিল বদনক, আবদাৰ ধৰিছিল স্বামী মানৰজাক, মানৰজা সন্মত হৈছিল সহায় কৰিবলৈ,……তাৰ পিছৰখিনি অতি ভয়ংকৰ, মৰ্মন্তুদ ইতিহাস অসমদেশৰ, বদনে লৈ আহিছিল অসমলৈ মান, আৰম্ভ হৈছিল মানৰ দিন!!

# # # #
আজি এপিনে অসমীয়াৰ ৰঙালী বিহু ; কঙাল অসমীয়া ব্যস্ত সৰ্বসুখানন্দত- ‘কঙালী’ৰ পিনেও দৃষ্টি নাই,, দৃষ্টি নাই পশ্চিম-দক্ষিণৰ পিনেৰে নতুন ভেশেৰে আহি থকা ‘নতুন মান‘লৈ – তাৰেই পটভূমিত হঠাৎ ইতিহাসৰ উৱলি যোৱা পৃষ্ঠাবোৰত নীৰৱে শুই থকা পদ্মাৱতী, মাজু আইদেউ, পিজৌ আইদেউ, ৰঙিলী কুৱঁৰী, বদন বৰফুকনৰ নামবোৰ মনলৈ আহিল- মনলৈ আহিল অসমৰ বৰ্তমানৰ ৰাজনৈতিক নেতাসকলৰ লগতে বিভিন্নজনৰ বিভিন্ন সময়ৰ ছৱিবোৰ, বিবৃতিবোৰ!!
অসমলৈ আকৌ আহিছে মান, সাৱধান, সাৱধান!!■■
[লীলা গগৈৰ ‘বেলি মাৰ গ’ল’ৰ সহায়ত]
[Images from different sources]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)